জেং বিহুৰ সোঁৱৰণি (অঞ্জলি সোণোৱাল)

জেং বিহুৰ সোঁৱৰণি

অঞ্জলি সোণোৱাল


জেং বিহুৰ বিষয়ে বহু আলোচনা হয়। জেং বিহু শব্দটো ক’ৰ পৰা আহিল, অতীজতে ইয়াক কেনে দৰে উ‌‌‌‌‌‌‌‌দ্‌যাপন কৰা হৈছিল, কোনে কোনে, কেনেদৰে ইয়াত ভাগ লৈছিল, কি কি বাদ্য ব্যৱহাৰ কৰিছিল ইত্যাদি ইত্যাদি।
জেং বিহুৰ বিষয়ে কৰবাত পঢ়িবলৈ পালেই মনটো উৰা মাৰে সেই তাহানিৰ দিনলৈ। কিমান যে বিহু বলিয়া আছিলো মই। জেং বিহু মাৰিবলৈকে এসপ্তাহ ধৰি মই তিনিচুকিয়াৰ এখন গাৱঁলৈ ফুৰিবলৈ গৈছিলো।

সেয়া আছিল ১৯৬৫ মানৰ কথা। সেই গাৱঁৰ সমন্ধীয় মানুহ এঘৰত থাকি আমি জেং বিহুৰ আনন্দ লৈছিলো।

আমি গাওঁ খনৰ পথাৰ খনত থকা এজোপা চতিয়না গছৰ তল খন ভালদৰে চাফা কৰি তাত প্ৰায় বাৰ/তেৰ গৰাকী মানে বিহু মাৰিছিলো। আমি দুপৰিয়াৰ সাজ খোৱাৰ পিচত একেলগ হৈ সেই ঠাইত উপস্থিত হৈছিলো। কোনোবা কেইগৰাকী মানৰ অলপ পলমো হৈছিল।তেতিয়া আমি তেওঁলোকৰ বাদ্য বোৰ যেনে তকা, গগণা আদি আমাৰ লগত লৈ আনিছিলো। সুতুলি ব্যৱহাৰ কৰা নাছিলোঁ যদিও এগৰাকীয়ে বাঁহ পাত জাতীয় পাত এখিলা সৰু চেপেটা মাৰি দুদালৰ মাজত সুমুৱাই এক ধৰণৰ শব্দ এটা উলিওৱা মনত পৰিছে।

আমি পথাৰৰ একেবাৰে মাজত বিহু মৰা নছিলো আৰু কোনো বিশেষ আনুষ্ঠানিক কাৰ্য্যক্ৰমো আমাৰ নাছিল। মাত্ৰ গোলাকাৰ হৈ ঘূৰি ঘূৰি ঘোষা এফাঁকি গাই গছ জোপাক সেঁৱা এটা কৰি বিহু আৰম্ভ কৰিছিলো।

ইমানখিনি মনত আছে, আমি হেপাহ পলুৱাই নাছিছিলো। কোনে কিমান গীত জানিছিল উজাৰি দিছিল।

আমাৰ সময়ৰ টাউনীয়া বিহুনাচ আৰু সেই গাঁৱত দেখা বিহু নাচৰ মাজত পাৰ্থক্য দেখা পাইছিলো। আজিৰ দৰে বিহুনাচৰ কৰ্মশালাৰ কথাও শুনা নাছিলো। মোৰ যিমান দূৰ মনত আছে তেতিয়াৰ হুঁচৰিত ল’ৰাই হে বিহু নাচনিৰ সাজ পিন্ধিছিল।

মই নাচিছিলো কঁকালত হাত থৈ ককালৰ তলছোৱা দুয়োকাষ সোঁৱে বাঁৱে ভাঁজ দি আৰু সিহঁতে কঁকাল আগলৈ ভাঁজ কৰি একেবাৰে ৯০ ডিগ্ৰী হাওলি কঁকাল বা পিঠিৰ পাচ ফালে হাতৰ তলুৱা এখনৰ ওপৰত আনখন ৰাখি, বুকু ওপৰ তল কৰি, নাচি নাচি পাক এটা মাৰি আকৌ আগৰ অৱস্থালৈ ঘূৰি আহি নাচিছিল। তেওঁলোকে নচা নাচটোৱেই আজিকালিৰ বিহু নাচত দেখা পাওঁ। নাচটো, পাকটো মোৰ বৰ ভাল লাগিছিল। প্ৰথম বছৰ নাচটো দেখি পিছৰ বছৰৰ বিহুত ময়ো নাচিব পৰা হৈছিলোগৈ।

আমাৰ সেই জেং বিহুত মজাৰ মজাৰ ঘটনাও ঘটিছিল। যিহেতু বয়সীয়াল মহিলা সকল বিহু চাবলৈ পলম কৈ আহিছিল সেই সময় ছোৱাতেই থাউকতে গীত ৰচি ইজনীয়ে সিজনীক নামেৰে সৈতে জুৰি জুৰি গীতো গাইছিল।

আলহি খাবলৈ আহি মহিলা দুগৰাকী মানে আমাৰ দলৰেই এগৰাকীক ভায়েকৰ কাৰণে পচন্দেই কৰি থৈ গ’ল। তাইৰ নাম আছিল চিত্ৰা । তাই আনকি বাঁহী বজাবও পাৰিছিল। ঘূৰি বহাগ নাপালেহিয়েই আঘোনতেই তাই বিয়াহৈ আন গাওঁ পালেগৈ।

বয়সীয়া পুৰুষসকলে আমাৰ বিহু চাবলৈ অহা নাছিল যদিও ডেকা ল’ৰা কিছুমানে দূৰৈত থকা পথাৰৰ হাঁফলু বা জোপোহাৰ ছাঁ লৈ আমাৰ বিহু উপভোগ কৰিছিল।তাৰে এজনৰ লগত আমাৰ এগৰাকীৰ হিয়া দিয়া নিয়াও হৈছিলগৈ পিছত। পৰিণাম গম নাপালো ।

আমি নাচি থাকোঁতেই সেই গাৱঁৰে অলপ মাৰ্কা মৰা ল’ৰা ৰাজেনক বিচাৰি পুলিচ আহিছিল। সি বিহুতলীতেই থকাৰ পক্কা খবৰ পাইছিল পুলিচে গাৱঁৰ মানুহৰ পৰা। পুলিচে আহি তাকেই ৰাজেনৰ কথা সুধিলে। সিও কলে বোলে ককায়েক অলপ আগলৈকে তাৰ লগতেই আছিল আৰু এতিয়া ঘৰলৈ গৈছে। পুলিচেও ৰাজেনৰ ঘৰৰ ফালে খোজ ল’লে। বাকীখিনি নক’লেও হ’ব আৰু।

সাজ লগাৰ অলপ আগে আগে এদিন মহিলা দৰ্শকৰ সৰু দলটোৰ পৰা সেই গাৱঁৰে ৰাংঢালী আইতা এগৰাকী আহি গুচ্ গুচ্ তহঁত, মোক নাচিবলে দে বুলি নাচৰ পাক দুটামান মাৰি চাপৰি বজাই বজাই নাচিছিল। আমি কিৰিলি পাৰি আইতা গৰাকীক আৰু অলপ সময় নাচিবলৈ অনুৰোধ কৰিছিলোঁ যদিও ‘গুচ মৰতীহঁত আমনি নকৰ’ বুলি বিহুতলী এৰিছিল।

তিনি বছৰ জেং বিহুৰ আনন্দ উপভোগ কৰিলো। ১৯৭০ চনত কলেজ হোষ্টেলৰ পৰা জেং বিহু দেখুৱাবলৈ বুলি ঘূৰি অহাকৈ লগৰ এগৰাকীক লৈ সেই খন গাঁৱলৈ গৈছিলো, কিন্তু বিহু চোৱা নহ’ল বিহু খোৱাহে হ’ল। নিমাওমাও বিহুতলী খন দেখি কিবা এটা বেদনাহে অনুভৱ কৰিলোঁ। গাঁৱত কাৰো বিহু নাচৰ প্ৰতি উৎসাহ নেদেখিলোঁ। বিহুৱতীবোৰৰো কিছুমানৰ বিয়া হৈ গল। কোনোবা কেইগৰাকীমানক লগেই নাপালো। তিনি ঘৰ মান ফুৰি ভাত পানী খাই ৰিঙা ৰিঙা ভাৱেৰে উভতি আহিলো।

সেই জেং বিহুৰ সোঁৱৰণী আজিও মোৰ মনত সজীব হৈ আছে।

Subscribe
Notify of
1 Comment
Oldest
Newest Most Voted
Inline Feedbacks
View all comments
Anonymous
6 years ago

pohi val lagil