জেওৰা (নয়নজ্যোতি শইকীয়া)

জেওৰা (নয়নজ্যোতি শইকীয়া)
তাৰ জীর্ণ দেহৰ জটিল বিন্যাসে,
ভ্ৰূক্ষেপহীনতাৰ শপতেৰে আঁকোৱালি লোৱা-
আৰোপিত নিৰপেক্ষতাৰ বুকুৱেদি
কোঁ-কোৱাই বলে সময়ৰ বা ,
পাৰ হয় প্ৰতিক্ৰিয়া পিপাসী জাক জাক সমদল – ৰ’দ,বৰষুণৰ ;
তাৰ দধীছিয় বদান্যতাৰ সুৰুঙাৰে
অবাধ আহ-যাহ সুযোগ-সন্ধানী হাজাৰ স্বাপদৰ ।
নিস্পৃহতাক জোকাবলে’ সেউজীয়াৰ সৰীসৃপ আলিঙ্গন ।
দুয়োপাৰে বাজি ৰয় নেপথ্যীয় তিক্ততা-অবিশ্বাসৰ আৰোহী সুৰ ।
প্ৰতিসৰণৰ নিত্য-নতুন অনিয়মেৰে তাৰ গাৰে পাৰ হৈ
কান্দোনবোৰ হাঁহি হয়,
হাঁহিবোৰ ইতিকিং হয়,
তুমিবোৰ তই হয়,
বিশ্বাসবোৰ অবিশ্বাস হয়,
আৰু মৰমবোৰ…
মৰমবোৰে ঠেকা খোৱাৰ আগেয়ে থমকি ৰয়
ইমান সহজেযে মৰমবোৰ ঘৃণা নহয়,
আৰোপিত নিৰপেক্ষতাৰ শিথিল গাঁঠনিৰে
জেওৰাখন থিয় দি ৰয় ,
সিও নাজানে ,কিমান বহল হ’লে
জলঙাৰে সৰকে হৃদয় ।
:white�Stw�t�� mal’>প্ৰেমত সময় থাকিলহেঁতেন
আৰু থাকিলহেঁতেন
যেতিয়াই মন যায়
ব্ৰেক মাৰি ৰৈ যোৱা মৰমৰ আব্দাৰ ।
চাইকেলৰ চকাৰ স্পোকত নালাগে
সভ্যতাৰ এলান্ধু,
পেডেলত নাথাকে
প্ৰকৃতিক ভেদ কৰি আগুৱাই যোৱাৰ
পুঁজিবাদী মোহ ।
চাইকেল সেয়েহে আধুনিক মানুহৰ
সম্প্ৰীতিৰ অসম্পূৰ্ণ ৰূপ ।
যদি চাইকেলে হ’লহেঁতেন
মোৰ আৰু সকলোৰে
ইফাল সিফাল কৰা
ইতিহাসৰ মাথোঁ একমাত্ৰ বাহন,
মানুহৰ আদিম প্ৰেম জীপাল হ’লহেঁতেন
আৰু আমাক আমুৱাব নোৱাৰিলহেঁতেন
আভিজাত্যৰ আৰামে ।
অভাৱী ঈশ্বৰে মন্দিৰ-মছজিদ-গীৰ্জা এৰি
মাটিত পৰিলহেঁতেন হাইঠাৰ দৰে,
আৰু উভতি নগ’লহেঁতেন
পংকিল আলিৰ বুকুত চাইকেলৰ চকাই
এৰি যোৱা কোমল ভিজা চিনবোৰৰ দৰে ।
 

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments