জেছি – বৈষম্যতাৰ বিৰূদ্ধে এক বিজয়ী নায়কৰ নাম (উদ্দীপ তালুকদাৰ )

১৯১৩ চনৰ ১২ ছেপ্টেম্বৰ। আমেৰিকা যুক্তৰাষ্ট্ৰে এলাবামা ৰাজ্যৰ এখন সৰু চহৰত জন্ম লৈছিল শিশুটিৱে। পিতৃ হেন্‌ৰি ক্লিভলেণ্ড ওৱেন্‌ছ আৰু মাতৃ মেৰী এমা ফিটজেৰাল্ড আছিল কপাহ পামৰ কৰ্মচাৰী। কিন্তু দহটা সন্তানৰ পৰিয়ালটোক পৰ্যাপ্ত সকাহ দিবলৈ সক্ষম নাছিল হেন্‌ৰি ক্লিভেলণ্ড। সেয়ে সাত বছৰ বয়সতে শিশুটিয়েও পৰিয়ালটোক সহায় কৰিবলৈ কপাহ তোলাৰ কাম লৈছিল। দিনটোত এশ পাউণ্ড কপাহ তুলি দিয়াটো আছিল বাধ্যতামূলক।

পৃথিৱীৰ ভিতৰতে শক্তিশালী ৰাষ্ট্ৰখনৰ নাগৰিক হোৱা স্বত্বেও পৰিয়ালটোৰ আলাই-আথানিৰ অন্ত নাছিল। আৰ্থিক নিৰাপত্তাৰ অভাৱৰ বাহিৰেও পৰিয়ালটোৰ গাত আছিল এক অভিশাপ। তেওঁলোকৰ ছালৰ বৰণটো। অৱশ্যে সেয়া অকল এটা পৰিয়ালৰ দোষ নাছিল। হাজাৰ হাজাৰ কৃষ্ণাঙ্গ আমেৰিকানৰ দশা আছিল একেই। তেওঁলোকৰ দোষ আছিল–আফ্ৰিকাৰ অধিবাসী হৈ থাকোঁতেই তেওঁলোকৰ কোনোবা পূৰ্বপুৰুষক দাস বেপাৰীয়ে জাহাজত উঠাই আনি আমেৰিকাত বিক্ৰী কৰি দিছিল। ১৮৬৬ চনতেই আমেৰিকাৰ সংবিধানে আফ্ৰিকীয় মূলৰ নাগৰিকক শ্বেতাংগৰ সমানে অধিকাৰ দিছিল যদিও মানুহৰ মনত যেন তেতিয়াও ক’ৰবাত দ্বেষ সোমাই আছিল। স্বাস্থ্য, শিক্ষা, পৰিবহন, আমোদ-প্ৰমোদ সকলোতে দুই মূলৰ মাজত প্ৰভেদ ৰখা হৈছিল। একেখন ৰেস্তোৰাত সোমাই কৃষ্ণাংগ আৰু শ্বেতাংগ লোকে আহাৰ গ্ৰহণ নকৰিছিল। একেটা চিনেমা হলত ক’লা ছালৰ বাবে আছিল পৃথক প্ৰৱেশ আৰু প্ৰস্থান দুৱাৰ। চহৰত ক’লা আৰু বগা ছালৰ বাবে বেলেগ বেলেগ বাছ চলিছিল। সংবিধানত সম-অধিকাৰ প্ৰদান কৰা হ’লেও পৃথকীকৰণক দেশৰ আইনে বৈধ জ্ঞান কৰিছিল।

পৰিয়ালটোৰ বাবে আৰ্থিক নিৰাপত্তা বিচাৰি অৱশেষত হেন্‌ৰি ক্লিভলেণ্ডে আন ১.৬ নিযুত কৃষ্ণাংগ লোকৰ দৰেই অংশীদৰ হৈছিল ‘বিশাল প্ৰব্ৰজন’ৰ, আৰু আহি উপস্থিত হৈছিল অহায়ো ৰাজ্যৰ ক্লিভলেণ্ড চহৰত। যোগাৰ কৰি লৈছিল তীখা কাৰখানাত এটা চাকৰি। শিশুটিৰ তেতিয়া বয়স ন বছৰ। তাক স্কুলত ভৰ্তি কৰি দিয়া হৈছিল। ককায়েকহঁতে তীখা কাৰখানাত চাকৰি লৈছিল।

স্কুলত নাম-ভৰ্তিৰ সময়ত শিক্ষয়িত্ৰীয়ে নামটো সোধোঁতে, শিশুটিৱে কৈছিল জে. চি. ওৱেন্‌ছ। কিন্তু এলাবামাৰ কৃষ্ণাংগৰ ৰুক্ষ উচ্চাৰণ শিক্ষয়িত্ৰীয়ে ভালকৈ বুজিয়েই নাপালে। স্কুলৰ বহীত তেওঁ নাম লিখিলে, জেছি ওৱেন্‌ছ। জেম্‌ছ ক্লিভলেণ্ড ওৱেন্‌ছ-ৰ নামটো তেনেদৰেই চিৰদিনৰ বাবে সলনি হৈ গ’ল। শিক্ষয়িত্ৰীগৰাকীয়ে জানো জানিছিল যে তেওঁ ভুলকৈ প্ৰথম বাৰ লিখা নামটো ক্ৰীড়া ইতিহাসত সসম্ভ্ৰমেৰে যুগ-যুগান্তৰলৈ লিপিবদ্ধ হৈ থাকিব! জনাহেঁতেন, তেওঁ কিজানি আকৌ এবাৰ সুধি নামটো শুদ্ধকৈ লিখিলেহেঁতেন! কিন্তু, শিশু জেছিৰ নাম লৈ মূৰ ঘমোৱাৰ সময় কিজানি শিক্ষয়িত্ৰীগৰাকীৰ নাছিল। সংবিধানমতে কৃষ্ণাংগৰ বাবে একে সুবিধা থকা স্কুল স্থাপন কৰাটো বাধ্যতামূলক আছিল যদিও, প্ৰকৃততে কৃষ্ণাংগৰ বাবে থকা প্ৰতিটো অনুষ্ঠানকে শ্বেতাংগ অনুষ্ঠানতকৈ যথেষ্ট কম মঞ্জুৰী দিয়া হৈছিল। এপাল ল’ৰা-ছোৱালীক শিক্ষাদানৰ বাবে সমানুপাতীকভাৱে শিক্ষক নিযুক্তি দিয়া নহৈছিলেই।

পৰিয়ালটোৰ আৰ্থিক অৱস্থা আগতকৈ উন্নত হৈছিল যদিও অলপ ওপৰঞ্চি আয়ৰ প্ৰয়োজন সদায় থাকিছিলেই। সেয়ে, কিশোৰ জেছিয়ে পঢ়া-শুনাৰ মাজতে সময় উলিয়াই কেতিয়াবা জোতা মেৰামতি, কেতিয়াবা মাল টনা শ্ৰমিকৰ কাম কৰি দুপইচা উপাৰ্জন কৰিছিল। আন হাজাৰজন কৃষ্ণাংগ কিশোৰৰ ভীৰত তেতিয়া জেছিক চিনাৰ কোনো উপায় নাথাকিছিল।

কিন্তু স্কুলৰ খেলপথাৰত জেছি আছিল এটা চিনাকি নাম। স্কুলৰ ক্ৰীড়া প্ৰশিক্ষক চাৰ্লছ ৰেলীয়ে ঠিকেই চিনি পাইছিল জেছিৰ প্ৰতিভা। স্কুল ছুটীৰ পাছত জোতা মেৰামতি কামত ব্যস্ত থকাৰ বাবে জেছিয়ে সময় নোপোৱা দেখি তেওঁ জেছিক ৰাতিপুৱাৰ ভাগতে স্কুলৰ খেলপথাৰত প্ৰশিক্ষণৰ সুবিধা কৰি দিছিল। জেছিয়েও প্ৰশিক্ষকৰ আশাক পূৰ্ণ সন্মান দিছিল। বিভিন্ন আন্তৰাজ্যিক প্ৰতিযোগিতাত এথলেটিকছ্‌ত অংশ লৈ তেওঁ বিজয়ী হৈছিল। ক্ৰীড়ামোদীৰ মাজত তেওঁ জনপ্ৰিয় হৈ পৰিছিল ‘বাকআইড বুলেট’ নামেৰে। অহায়’ ৰাজ্যৰ বাসিন্দাক ৰাজ্যৰ চিনাকী বাকআই (buckeye) গছৰ নামেৰে বাকআইড্‌ বুলি কোৱা হৈছিল। বিভিন্ন এথ্‌লেটিক্‌ছ ক্ৰীড়াত অংশগ্ৰহণ কৰিলেও জেছিৰ প্ৰিয় আছিল দৌৰ। ক্ষীপ্ৰ গতিৰ বাবে জেছিৰ তুলনা কৰা হৈছিল বন্দুকৰ গুলীৰ সতে। হাইস্কুলীয়া কালতে জেছিয়ে ৰাষ্ট্ৰীয় হাইস্কুল প্ৰতিযোগিতা-ত ১০০ মিটাৰ দৌৰৰ বিশ্ব-ৰেকৰ্ডৰ সমতা স্থাপন কৰিছিল।

অতি প্ৰতিভাসম্পন্ন খেলুৱৈ হিচাপে অহায়’ বিশ্ববিদ্যালয়ত আসন পাবলৈ জেছিৰ বিশেষ অসুবিধা হোৱা নাছিল। ৰাষ্ট্ৰীয় কলেজ এথ্‌লেটিক্‌ছ খেল-ত জেছিয়ে ক্ৰমান্বয়ে দুটা বছৰত মুঠতে আঠোটা পদক লভি এক সুদীৰ্ঘ ৰেকৰ্ড স্থাপন কৰিছিল। এই ৰেকৰ্ড ২০০৬ চনতহে ভংগ হৈছিল।
জেছিৰ ক্ৰীড়া জীৱনৰ আটাইতকৈ সফল দিনটো আছিল ১৯৩৫ চনৰ ২৫ মে। মিচিগান ৰাজ্যৰ এন এৰ্বৰ-ত অনুষ্ঠিত ‘বিগ টেন’ ক্ৰীড়া অনুষ্ঠানত জেছিয়ে লাভ কৰিছিল চাৰিটা সোণৰ পদক। তাৰে তিনিটাই প্ৰতিস্থিত বিশ্ব ৰেকৰ্ড ভংগ কৰিছিল আৰু চতুৰ্থটোৱে বিশ্ব-ৰেকৰ্ড স্পৰ্শ কৰিছিল। লং জাম্প, ২২০ য়াৰ্ড দৌৰ, আৰু ২২০ য়াৰ্ড ল’ হাৰ্ডলছ দৌৰত জেছিয়ে বিশ্ব-ৰেকৰ্ড স্থাপন কৰিছিল। ১০০ য়াৰ্ড দৌৰত তেওঁ স্পৰ্শ কৰিছিল ইতিপূৰ্বে স্থাপিত ৰেকৰ্ড। এই সকলোখিনি জেছিয়ে কৰিছিল ৪৫ মিনিটৰ ভিতৰতে। এই্ ৪৫ মিনিট সময়ক এথ্‌লেটিক্‌ছৰ ইতিহাসৰ আটাইতকৈ আকৰ্ষণীয় সাফল্য বুলি অভিহিত কৰা হৈছে।

এথ্‌লেটিকছত তাৰকা পৰ্যায় লাভ কৰাৰ পাছতো কিন্তু জেছিৰ বাবে জীৱন সহজ নাছিল। তেওঁৰ ক’লাছালখনে বাৰে বাৰে তেওঁক সকিয়াই দিছিল তেওঁ দ্বিতীয় পৰ্যায়ৰ নাগৰিক। ক’লা ছালৰ হোৱা বাবেই তেওঁ অহায়’ বিশ্ববিদ্যালয়ৰ খেলৰ বৃত্তি পোৱা নাছিল। বিশ্ববিদ্যালয়ৰ পঢ়াৰ খৰচ তেওঁ দিন-হাজিৰা কৰি উলিয়াবলগীয়া হৈছিল। কিন্তু খেলৰ পথাৰত জেছি আছিল অনবদ্য। দলৰ কেপ্টেইন জেছিয়ে সকলো সময়তে দলৰ সকলো খেলুৱৈৰ সন্মান পাইছিল। খেলৰ জগতত যেন তেওঁৰ ক’লাছালখন কোনেও দেখাই নাপাইছিল। কিন্তু বাহিৰৰ দৈনন্দিন জীৱনত জেছিয়ে আন কৃষ্ণাংগৰ দৰেই পৃথকীকৰণৰ নিয়মবোৰ মানি চলিবলগীয়া হৈছিল।
বিগ টেনৰ সফলতাৰ পাছত ১৯৩৬ চনৰ বাৰ্লিক অলিম্পিকলৈ জেছিৰ নিৰ্বাচন আছিল প্ৰত্যাশিত। কিন্তু, ১৯৩৬ চনৰ বাৰ্লিন অলিম্পিক খেলক লৈ আৰম্ভ হৈছিল প্ৰতিক্ৰিয়া। জাৰ্মানী তেতিয়া হিটলাৰৰ শাসনৰ তলত। বাৰ্লিন অলিম্পিকক লৈ হিট্‌লাৰ আছিল অত্যন্ত উৎসাহী। কিন্তু সেয়া হিট্‌লাৰৰ ক্ৰীড়ানুগতা নাছিল। বৰং হিট্‌লাৰৰ আছিল অন্য মতলব। অত্যন্ত জাকজমকতাৰে বাৰ্লিন অলিম্পিক অনুষ্ঠিত কৰি হিট্‌লাৰে সমগ্ৰ পৃথিৱীক দেখুৱাই দিব বিচাৰিছিল জাৰ্মানীৰ ক্ষমতা আৰু প্ৰাচুৰ্যৰ দপদপনি। অলিম্পিকৰ মাজতে হিটলাৰে বিচাৰিছিল তেওঁ দেখুৱাই দিব বিশুদ্ধ আৰ্য্য শোণিতৰ শৌৰ্য-বীৰ্যৰ তিৰবিৰণি। তেওঁ বিচাৰিছিল জাৰ্মানীয়ে এথলেটিক্‌ছত সকলো পদক অৰ্জন কৰি দেখুৱাই দিয়ক আৰ্য তেজৰ উচ্চাত্মিকা। নীচ আফ্ৰিকান আৰু ইহুদীৰ বিজয় তেওঁ মুঠেই বিচৰা নাছিল। নাজী পত্ৰিকা ‘Völkischer Beobachter’-ত খোলাখুলিকৈয়ে কোৱা হৈছিল যে আফ্ৰিকান আৰু ইহুদীসকলক অলিম্পিকত ভাগ লোৱাৰ সুযোগ দিবই নালাগে।

হিটলাৰৰ এই মনোবৃত্তিক সংগত কাৰণতেই বহু দেশে মানি লোৱা নাছিল। খেলৰ মাজত ৰাজনীতিৰ প্ৰৱেশক সমৰ্থন কৰা নাছিল বহুতেই। আমেৰিকাতে উঠিছিল বাৰ্লিন অলিম্পিক বৰ্জনৰ আহ্বান। খোদ জেছিয়েও অলিম্পিক বৰ্জনৰ হকেহে মাত মাতিছিল। কিন্তু জেছিৰ প্ৰশিক্ষকে তেওঁক বুজাইছিল যে খেল খেলেই। ৰাজনীতিয়ে তাক কেতিয়াও কলুষিত কৰিব নোৱাৰে। সেয়ে, জেছিক নীৰৱে থাকিবলৈ তেওঁ বুজনি দিছিল। অৱশেষত আমেৰিকাই বাৰ্লিন অলিম্পিকত অংশ ল’বলৈ মান্তি হৈছিল।

বাৰ্লিনত উপস্থিত হৈ জেছিয়ে বুজিছিল যে অলিম্পিক বৰ্জনৰ সিদ্ধান্ত আছিল ভুল। হিটলাৰৰ মনোভাৱ যিয়েই নহওক, বাৰ্লিনৰ শত-সহস্ৰ ক্ৰীড়ানুগীয়ে কিন্তু অলিম্পিকক খেলৰ স্পিৰিটেৰেই লৈছিল। ‘বিগ টেন’ৰ তাৰকা জেছি ওৱেন্‌ছৰ খবৰ আহি বাৰ্লিন পাইছিল। ক্ৰীড়ামোদীৰ হৰ্ষোল্লাষৰ মাজতেই জেছিয়ে আহি অলিম্পিক ভিলেজত উপনীত হৈছিল। জেছিক চাবলৈ, অটোগ্ৰাফ ল’বলৈ, এবাৰ হাত মিলাবলৈ হেতা-ওপৰা লগাইছিল জাৰ্মানীৰ লগতে বিভিন্ন দেশৰপৰা অহা অগণন ক্ৰীড়াপ্ৰেমীয়ে। অনুৰাগীৰ উৎসাহ আৰু শুভকামনাৰ মাজেৰেই জেছিয়ে খোজ পেলাইছিল অলিম্পিক ষ্টেডিয়ামত।

দিনটো আছিল তিনি আগষ্ট ১৯৩৫ চন। ১০০ মিটাৰ দৌৰত ১০.৩ মিনিটেৰে প্ৰথমটো স্বৰ্ণ পদক লাভ কৰিছিল জেছিয়ে। ষ্টেডিয়ামৰ সকলোৱে সেইদিনা জেছিক থিয় হৈ অভিবাদন জনাইছিল। কিন্তু জাৰ্মানীৰ সৰ্বময় কৰ্তাক দেখা গৈছিল প্ৰচণ্ড বিৰক্তিত। হিটলাৰে নিজৰ অসন্তুষ্টি ঢাকিবলৈ কোনো চেষ্টা কৰা নাছিল। এজনো পদকবিজয়ীৰ লগত কৰমৰ্দন নকৰি তেওঁ ষ্টেডিয়ামৰপৰা ওলাই গৈছিল। অৱশ্যে অলিম্পিক খেলৰ প্ৰথম দিনা হিটলাৰে অকল জাৰ্মান লগতহে কৰমৰ্দন কৰিছিল। অলিম্পিক কমিটীয়ে তেওঁক বুজাইছিল যে তেনে কৰাতকৈ হিটলাৰে সকলোৰে লগত কৰমৰ্দন কৰক, বা কাকোৱেই নকৰক। হিটলাৰে কাৰো লগতেই কৰমৰ্দন নকৰোঁ বুলি বিষয়টো নিষ্পত্তি কৰিছিল।

মিত্ৰ শক্তিৰ বিশাল বাহিনীয়ে সাত বছৰৰ চেষ্টাৰ মূৰত হাৰ মনাবলৈ সক্ষম হোৱা হিটলাৰৰ আত্মভিমান আৰু উচ্চাত্মিকাত প্ৰচণ্ড আঘাট হানিছিল জেছিয়ে। এটোপাল ৰক্তপাত নোহোৱাকৈ, মাত্ৰ কপালৰ ঘাম, একাগ্ৰতা আৰু প্ৰচণ্ড আত্মবিশ্বাসেৰে জেছিয়ে সেইদিনা হিটলাৰক পৰাজিত কৰিবলৈ সক্ষম হৈছিল। কিন্তু এবাৰ-দুবাৰ নহয়, চাৰিটা দিনত চাৰিবাৰকৈ জেছিয়ে হিটলাৰৰ দম্ভ চূৰ্ণ কৰিছিল। চাৰি আগষ্টত ২৬ ফুট ৫ ইঞ্চিৰ সুদীৰ্ঘ জাঁপেৰে লং-জাম্পত জেছিয়ে সোণৰ পদক অৰ্জন কৰিছিল। পাঁচ আগষ্টত সোণৰ পদক পিন্ধিবলৈ জেছি আগবাঢ়ি গৈছিল ২০০ মিটাৰ দৌৰত বিজয়ী হৈ। ন আগষ্টৰ বিজয় আছিল আৰু ঘটনাপূৰ্ণ। ১x১০০ মিটাৰ ৰিলে দৌৰৰ বাবে আমেৰিকাৰ প্ৰথম নিৰ্বাচনৰ চাৰিগৰাকী খেলুৱৈৰ দুগৰাকী আছিল ইহুদী। জাৰ্মানীত বৈষম্যৰ চিকাৰ হোৱাৰ আশংকা কৰি দুয়োজন খেলুৱৈৰ সলনি শেষ মূহুৰ্তত প্ৰশিক্ষকে জেছি আৰু ৰাল্‌ফ মেটকাল্ফেৰে চাৰিজনীয়া দলটো গঠিত কৰিছিল। দলীয় ভাৱে জেছিয়ে লাভ কৰিছিল চতুৰ্থটো সোণৰ পদক।

একেখন অলিম্পিকত চাৰিটাকৈ সোণৰ পদক লাভ কৰা জেছি ওৱেন্‌ছৰ এই বিশ্ব-অভিলেখ খণ্ডন হোৱালৈ ৰ’ব লগীয়া হৈছিল ১৯৮৪ চনলৈ। লছ এঞ্জলেছ-ত কাৰ্ল লুইছে ১৯৮৪-ত চাৰিটা সোণৰ পদক লাভ কৰি জেছিৰ অভিলেখ স্পৰ্শ কৰিছিল।
বাৰ্লিন অলিম্পিকত বিশ্ব-ৰেকৰ্ড কৰিব নোৱাৰিলেও ৰেকৰ্ডৰ ক্ষেত্ৰত জেছি আছিল আগৰণুৱা। তেখেতৰ ১০.২ ছেকেণ্ডৰ ৰেকৰ্ড ১০০ মিটাৰ দৌৰৰ ৰেকৰ্ড কেবাগৰাকী খেলুৱৈয়ে স্পৰ্শ কৰিবলৈ সক্ষম হ’লেও সি ভংগ হয় ১৯৫৬ চনতহে। ১৯৩৫ চনত জেছিয়ে লং জাম্পত প্ৰতিষ্ঠা কৰা ২৬ ফুট ৮ ইঞ্চিৰ ৰেকৰ্ড অক্ষুণ্ণ থাকে ২৫ বছৰ। এথলেটিক্‌ছৰ ৰেকৰ্ড অক্ষুণ্ণ থকাৰ ক্ষেত্ৰত ইও এটা ৰেকৰ্ড। অলিম্পিকৰ ঠিক আগে আগে প্ৰখ্যাত খেল-সামগ্ৰী নিৰ্মাণ কোম্পানী এডিডাছ-ৰ মালিকে আহি জেছিক খেলৰ বাবে এডিডাছৰ জোতা পিন্ধিবলৈ সৈমান কৰিছিল। কৃষ্ণাংগ কোনো খেলুৱৈয়ে প্ৰথম স্পনছৰ লাভ কৰাৰ ৰেকৰ্ডো তেনেদৰে জেছিৰ নামতে আছে।

অলিম্পিকত লাভ কৰা সাফল্য আৰু ৰাইজৰ মৰমৰ মাজত অভিভূত হৈ থকা কেউটাদিন আছিল জেছিৰ বাবে অতি আনন্দৰ দিন। জেছিক পদক প্ৰদানৰ ঠিক আগে আগে হিটলাৰে নিজৰ আসন এৰি যোৱাৰ কথাটো লৈ তেতিয়া (এতিয়ালৈ) প্ৰতিক্ৰিয়া প্ৰকাশ হৈছিল যদিও জেছিয়ে কৈছিল, হিটলাৰে সদায় এক নিৰ্দিষ্ট সময়ৰ বাবেহে ষ্টেডিয়ামলৈ আহিছিল। পদক প্ৰদানৰ আগে আগে হিটলাৰ যোৱাৰ সময় হোৱা বাবেহে তেওঁ ওলাই গৈছিল। জেছিয়ে কৈছিল যে এবাৰ ষ্টেডিয়ামৰ দুৱাৰমুখত জেছিক দেখি হিটলাৰে দূৰৰপৰাই হাত জোঁকাৰি অভিনন্দন জনাইছিল। ছিফ্ৰিড মিছনাৰ নামৰ এগৰাকী জাৰ্মান সাংবাদিকে দাবী কৰা মতে হিটলাৰে পদক মঞ্চৰ পাছফালে জেছিক অভিনন্দন জনাই কৰমৰ্দন কৰিছিল। জেছিৰ হাতত সেই মূহুৰ্তৰ এখন ফটোগ্ৰাফো আছিল। জেছিয়ে নিজেই তেখেতক সেই ছবিখন দেখুৱাই প্ৰকৃত কথাটো পোহৰলৈ অনাৰ বাবে চেষ্টাও কৰিছিল। কিন্তু ১৯৬০-ৰ দশকৰ হিটলাৰ বিৰোধী প্ৰচণ্ড ঢৌৰ মাজত কোনো বাতৰি-কাকতে ফটোখন প্ৰকাশ কৰাত আগ্ৰহ দেখুওৱা নাছিল। এগৰাকী সন্মানীয় আমেৰিকান পাইলটেও পাছত হিটলাৰে জেছিক কৰমৰ্দন কৰা দেখা বুলি জনাইছিল। বাল্টিম’ৰ ছান কাকতত ১৯৩৬ চনত প্ৰকাশিত এক লেখাত হিটলাৰে জেছিলৈ সন্মানসূচকভাৱে নিজৰ ছবি এখন প্ৰেৰণ কৰাৰো বতৰা আছে। জেছিৰ অনবদ্য ক্ৰীড়া-শৈলীক হয়তো হিটলাৰৰ অহংকাৰী মনটোৱেও সন্মান জনাইছিল।

কিন্তু নিজ দেশত? স্বদেশত জেছিয়ে লাভ কৰিছিলনে নিজৰ প্ৰাপ্য সন্মান? কৃষ্ণ ছালখনৰ তলৰ তেখেতৰ আমেৰিকান আত্মাক চিনি পাইছিল নে আমেৰিকাবাসীয়ে?

কিন্তু নিজ দেশত? স্বদেশত জেছিয়ে লাভ কৰিছিলনে নিজৰ প্ৰাপ্য সন্মান? কৃষ্ণ ছালখনৰ তলৰ তেখেতৰ আমেৰিকান আত্মাক চিনি পাইছিল নে আমেৰিকাবাসীয়ে?

দুৰ্ভাগ্যজনকভাৱে জেছিয়ে নিজেই কৈ গৈছে, ‘মোক হিটলাৰে অৱজ্ঞা কৰা নাছিল। কৰিছিল আমাৰ ৰাষ্ট্ৰপতি ফ্ৰেডেৰিক ৰুজভেল্টেহে। পদক-বিজয়ী হিচাপে মোক হোৱাইট হাউছলৈ মতা হোৱা নাছিল। আনকি অভিনন্দন টেলিগ্ৰাম এখনো মই ৰাষ্ট্ৰপতিৰপৰা পোৱা নাছিলো।’ হয়তো, মজ্জাগত হৈ পৰা আমৰিকাৰ বৰ্ণ-বৈষম্য দূৰ কৰিবলৈ এগৰাকী জেছি ওৱেন্‌ছ যথেষ্ট নাছিল। কাৰণ, অলিম্পিকৰ ঠিক পাছতে অলিম্পিকৰ সকলো তাৰকা খেলুৱৈক লৈ আমেৰিকাৰ অলিম্পিক সমিতিয়ে ইউৰোপৰ বিভিন্ন স্থানত প্ৰদৰ্শনীমূলক ক্ৰীড়াত ভাগ লোৱাৰ পৰিকল্পনা কৰিছিল। উদ্দেশ্য আছিল, অলিম্পিকৰ প্ৰশিক্ষণ আৰু ভ্ৰমণত ব্যয় হোৱা ধন এনে প্ৰদৰ্শনীমূলক খেলৰপৰা অহা লাভেৰে উলিয়াই লোৱাটো। জেছিয়ে এনে খেলত অংশ ল’বলৈ অমান্তি হৈছিল। তেখেতে বিচাৰিছিল অলিম্পিকত লাভ কৰা জনপ্ৰিয়তাৰে নিজ দেশলৈ উভতি গৈ খেলত অংশ লৈ নিজৰ বাবে কিছু আৰ্থিক উপাৰ্জন কৰি লোৱাটো। অলিম্পিকৰ পদককেইটাৰ সন্মানেৰে ধনী হ’লেও আৰ্থিক ভাৱে জেছি আছিল তেতিয়াও তেনেই নি:কিন। পত্নী আৰু দুগৰাকী জীয়ৰীৰে তেখেতৰ সৰু সংসাৰখন নিয়াৰিকৈ চলোৱাটো আছিল অসম্ভৱ।

কিন্তু, অলিম্পিক সন্থাৰ অধীনত খেলিবলৈ অমান্তি হোৱাৰ দোষত আমেৰিকাৰ ক্ৰীড়া প্ৰাধিকৰণে জেছিৰ অপেচাদাৰী খেলুৱৈৰ অনুজ্ঞা পত্ৰ ৰদ কৰিছিল। ফলস্বৰূপে জেছিয়ে প্ৰতিদ্বন্দিতা কৰিব পৰা এথ্‌লেটিক্‌ছ ইভেণ্টৰ সংখ্যা প্ৰায় শূন্যলৈ নামিছিল। ৰদ হোৱা অনুজ্ঞা পত্ৰৰ বাবে জেছিৰ খেলুৱৈৰ জীৱনৰ তাতেই যতি পৰিছিল। অলিম্পিকৰ পাছত তেখেতলৈ অহা বিভিন্ন বিজ্ঞাপনৰ নিমন্ত্ৰণো খেলুৱৈ জীৱনৰ সমাপ্তিৰ বাবে নোহোৱা হৈ গৈছিল। পৰিয়ালৰ আৰ্থিক দীনতা দূৰ কৰিবলৈ জেছিয়ে বিভিন্ন আমোদ দৌৰত ভাগ ল’বলগীয়া হৈছিল। কোনো এখন ঠাইৰ দৌৰবিদ সকলৰ লগত তেওঁ ১০ গজ পিছত থাকি দৌৰিছিল প্ৰথম হৈছিল, কেতিয়াবা ঘোঁৰাৰ বিপৰীতে, বা কেতিয়াবা গাড়ীৰ বিপৰীতে দৌৰ প্ৰতিযোগিতাত অংশ লৈ জেছিয়ে পৰিয়াল চলাইছিল।

বাৰ্লিন অলিম্পিকৰ পদকে জেছিৰ সামাজিক অৱস্থাতো কোনো সলনি কৰিব পৰা নাছিল। আন কৃষ্ণাংগৰ দৰেই তেওঁৰ বাবে আছিল বেলেগ বাছ, বেলেগ প্ৰৱেশ দুৱাৰ, বেলেগ ৰেস্তোৰা। কিন্তু বাৰ্লিন অলিম্পিকত কৃষ্ণাংগ খেলুৱৈৰ বাবে পৃথক বাসস্থানৰ ব্যৱস্থা নাছিল। শ্বেতাংগ আৰু কৃষ্ণাংগ খেলুৱৈ একেখন হোটেলতে থাকিছিল, আহাৰ খাইছিল। আনকি অলিম্পিকৰপৰা উভতি অহা জেছিক অভিনন্দন জনাবলৈ ৰৈ থকা হাজাৰ অনুৰাগীক সম্ভাষণ জনোৱাৰ পাছত নিজত হোটেলত তেওঁ প্ৰৱেশ কৰিবলগীয়া হৈছিল মাল অনা-নিয়া কৰা লিফ্টখনেৰে। কাৰণ, কৃষ্ণাংগৰ বাবে মূল লিফ্‌টখন ব্যৱহাৰ কৰাৰ অনুমতি নাছিল।

বৰ্ণ-বৈষম্যতাই জেছিৰ অলিম্পিক পশ্চাৎ দীনতাৰ পৰোক্ষ কাৰণ আছিল। তেখেতৰ আগৰ অলিম্পিক বিজয়ীৰ বাবে বিজ্ঞাপন, চিনেমাত অভিনয়ৰ নিমন্ত্ৰণ আছিল স্বাভাৱিক। কিন্তু জেছিৰ বাবে তেনে কোনো নিমন্ত্ৰণী অহা নাছিল।

জেছিৰ মনৰ গভীৰত দ্বিতীয় নাগৰিক হোৱাৰ ক্ষোভ সোমাই আছিল। অৱশ্যে ব্যক্তিগত কথা-বতৰাত সেই ক্ষোভ কেতিয়াও প্ৰকাশ পোৱা নাছিল। আচাৰ-ব্যৱহাৰত তেওঁ সদায় আছিল অমায়িক আৰু নম্ৰ। প্ৰতিজন ব্যক্তিৰ লগতেই তেওঁ সন্মান সহকাৰে কথা পাতিছিল। ব্যক্তিগতভাৱে কৃষ্ণাংগ-শ্বেতাংগ সকলোৱেই জেছিক ভাল পাইছিল, সন্মান কৰিছিল। হয়তো তেওঁ বুজিছিল, শ্বেতাংগসকলৰপৰা নিজৰ প্ৰাপ্য সন্মান আদায়ৰ বাবে আটাইতকৈ ভাল পন্থা হৈছে নিজৰ কৰ্তব্য ঠিক মতে কৰি যোৱা। তেওঁ যেন প্ৰেম আৰু সন্মানেৰে শ্বেতাংগৰ সন্মান লাভ কৰিবলৈ বদ্ধ পৰিকৰ আছিল। কিন্তু কেতিয়াবা, মনৰ ক্ষোভে বাট বিচাৰি নোলোৱাও নহয়। অলিম্পিকৰপৰা উভতি আহি তেওঁ কৈছিল, ‘যি দেখিছোঁ এতিয়া সকলোৱেই মাথোঁ মোৰ পিঠিত চপৰিয়াই অভিনন্দন দিবলৈহে বিচাৰে, কিন্তু মোক চাকৰি এটা দিবলৈহে কোনোহে নিবিচাৰে।’ মুষ্টিবদ্ধ ক’লা হাতৰ প্ৰতীকেৰে সন্মান দেখুওৱা অলিম্পিক বিজয়ী টমী স্মিথ আৰু জন কাৰ্লোছক তেও্ঁ কৈছিল, ‘ক’লা হাতৰ এই মুষ্টিবদ্ধ প্ৰতীক অৰ্থহীন। মুঠিটো খুলি চোৱা, দেখিবা ভিতৰত একোৱেই নাই–মাত্ৰ কেইটামান খীণ, দুৰ্বল আঙুলি। ক’লাহাতৰ মুঠিটোৰ ভিতৰত যেতিয়ালৈ ধন নোসোমায়, তেতিয়ালৈ তাৰ অৰ্থ নাই। তাতেইহে শক্তি।’

১৯৭২ চনত লিখা তেখেতৰ গ্ৰন্থ ‘I have changed’-ত তেওঁ লিখিছে, ‘মই এতিয়াহে বুজিছোঁ যে ধনাত্মক অৰ্থত উগ্ৰবাদী শব্দটোয়েই কৃষ্ণাংগসকলৰ বাবে একমাত্ৰ পথ আছিল। সেই সময়ত যদি এজন কৃষ্ণবৰ্ণ ব্যক্তি উগ্ৰবাদী নাছিল তেন্তে তেওঁ আছিল হয় অন্ধ, নহয় কাপুৰুষ।’

অলিম্পিকৰ পাছৰ দহটা বছৰ জেছিয়ে এনেদৰে বিভিন্ন কাম কৰি নিজৰ আৰু পৰিয়ালৰ প্ৰৱৰ্তাব লাগিছিল। বিভিন্ন সৰু-বৰ কামৰ মাজত আছিল ড্ৰাই ক্লিনিঙৰ ব্যৱসায়, পেট্ৰ’ল (গেছ) ষ্টেচনত সহায়কাৰী ইত্যাদি। তেওঁ মাজতে কৃষ্ণাংগ খেলুৱৈৰে এটা বাস্কেট বল ফ্ৰেঞ্চাইছীও খুলিছিল যদিও দুমাহতে সেইটো বন্ধ হৈ যায়। তেখেতে এখন যৌন-শিক্ষা বিষয়ক চিনেমা (কিন্তু ছবিখনত যৌন শিক্ষাৰ নামত অশ্লীল দৃশ্যহে দেখুওৱা বুলি আপত্তি উঠিছিল) Mom and Dad-ৰ প্ৰচাৰক হিচাপেও কাম কৰিছিল। মাজতে কোনো অজ্ঞাত ব্যক্তিয়ে এখন সভাত জেছিৰ হাতত কাগজৰ মোনা এটাত ১০,০০০ ডলাৰ দি থৈ গৈছিল। জেছিয়ে ১৯৩৬ চনত ৰিপাব্লিকান পাৰ্টিত যোগদান কৰে, আৰু সেই পাৰ্টিৰ হৈ এল্‌ফ লণ্ডনৰ বাবে কৃষ্ণাংগসকলৰ মাজত প্ৰচাৰ চলায়। কিন্তু যেনেকৈয়ে নহওক, জেছিয়ে পৰিয়ালৰ আৰ্থিক প্ৰয়োজনীয়তা পূৰাব পৰা নাছিল। বাৰ্লিন অলিম্পিকত লাভ কৰা ধনৰ আয়কৰ দিবলৈও তেওঁ অসমৰ্থ হৈছিল, আৰু কৰ-ফাঁকিৰ গোচৰত পৰিবলগীয়া হয়। ১৯৩৯ চনত জেছিয়ে নিজকে দেউলীয়া ঘোষণা কৰে। ১৯৫৯ চনতো জেছিৰ ওপৰত কৰ-ফাঁকিৰ গোচৰ চলে।

পাছলৈ জেছিয়ে আফ্ৰিকান-আমেৰিকান যুৱ আৰু কিশোৰৰ শাৰীৰিক আৰু মানসিক শক্তি বৃদ্ধিৰ বাবে বিদ্যালয় আদিত বক্তৃতা দিবলৈ আৰম্ভ কৰে। পাছৰ জীৱনত জেছি ওৱেন্‌ছ-ৰ মূল জীৱিকা আছিল বক্তৃতা প্ৰদান। ১৯৬০ চনৰ বৰ্ণ-বৈষম্যতা আৰু পৃথকীকৰণ সম্পূৰ্ণৰূপে অবৈধ হোৱাৰ পাছত ওৱেন্‌ছে আমেৰিকান চৰকাৰৰ হৈ বিভিন্ন কোম্পানী, আৰু দেশত বৰ্ণ-বৈষম্যতাৰ বিৰূদ্ধে বক্তৃতা দিবলৈ যায়। তেখেতৰ জীৱনৰ শেষৰ কালচোৱা ভ্ৰমণ আৰু বক্তৃতাৰ মাজতে কাটে। বক্তা হিচাপে জেছি আছিল অসাধাৰণ। এগৰাকী ব্যক্তিয়ে পৰিৱেশ আৰু সমাজৰ বাধাৰ মাজতো কিদৰে নিজৰ লক্ষ্যত আগুৱাই যাব লাগে, কিদৰে সকলোকে সন্মান সহকাৰে আঁকোৱালি ল’ব লাগে আদিবোৰ বিষয়ৰ ওপৰত তেওঁ দিয়া বক্তৃতাই বিশেষ প্ৰভাৱ পেলাইছিল। তেখেতৰ নিজৰ জীৱনটোৱেই আছিল তেওঁ দিয়া বক্তৃতাৰ মূল আধাৰ, লগতে তেখেতৰ অমায়িক আৰু নম্ৰ স্বভাৱেও আকৰ্ষক হিচাপে কাম কৰিছিল। তেওঁৰ দৌৰাৰ কিটিপ কি বোলা সোধা প্ৰশ্নৰ উত্তৰত তেওঁ কৈছিল, ‘মোৰ দৌৰাৰ কিটিপ তেনেই সৰল। মই মাত্ৰ মাটিত ভৰিকেইখন যিমান পাৰো সিমান কম সময় ৰাখো। খৰকৈ মাটিলৈ নমাই আনি তাতোকৈ খৰকৈ মাটিৰপৰা উঠাবলৈ যত্ন কৰোঁ।’

জীৱনৰ শেষ বয়সত জেছি ওৱেন্‌ছে আমেৰিকান চৰকাৰৰ স্বীকৃতি লাভ কৰে। ১৯৭৬ চনত তেখেতক আমেৰিকাৰ সৰ্ব্বোচ্চ অসামৰিক সন্মান ‘ৰাষ্ট্ৰপতিৰ স্বাধীনতাৰ মেডেল’ প্ৰদান কৰা হয়। ১৯৯০ চনত তেখেতক মৰণোত্তৰভাৱে আমেৰিকাৰ আন এটা সৰ্ব্বোচ্চ অসামৰিক সন্মান ‘কংগ্ৰেছনেল গ’ল্ড মেডেল’ প্ৰদান কৰা হয়। ১৯৮১ চনৰপৰা আমেৰিকাৰ সৰ্বশ্ৰেষ্ঠ ট্ৰেক এণ্ড ফিল্ড খেলুৱৈক দিয়া সন্মানৰ নাম ৰখা হয় ‘জেছি অৱেনছ এৱাৰ্ড।’

১৯৭৯ চনৰ ৩১ মাৰ্চ তাৰিখে এৰিজ’নাৰ টাস্কান চহৰত হাওঁফাওঁৰ কৰ্কট ৰোগত ভূগি থকা জেছি ওৱেন্‌ছৰ মৃত্যু হয়। জেছি ওৱেন্‌ছে প্ৰায় ৩৬ বছৰ ধৰি নিয়মিত চিগাৰেট সেৱন কৰিছিল। মৃত্যুৰ সময়ত তেওঁ ৪৯ বছৰৰ দাম্পত্য সংগী, পত্নী মিনি ৰুথ ছ’ল’ম’ন আৰু তিনিগৰাকী জীয়ৰী এৰি থৈ যায়।

জেছি ওৱেন্‌ছ আছিল ‘আমেৰিকান ড্ৰীম’ৰ পূৰ্ণ প্ৰতিভূ। পুঁজিবাদী মানসিকতাত বিশ্বাসী আমেৰিকাবাসীৰ মানসিকতাত নিশ্চল আৰু অসুচল পৰিৱেশৰপৰা আহি নিজৰ প্ৰতিভা আৰু একাগ্ৰতাৰ জোৰত মান আৰু ধন আহৰণেৰে নিজক প্ৰতিষ্ঠা কৰাটো এক ডাঙৰ সাফল্য বুলি ধৰি লোৱা হয়। সেই দৃষ্টিৰে জেছিৰ আত্মাক পূৰ্ণৰূপে আমেৰিকান বুলিব পাৰি। দেৰীকৈ হ’লেও আমেৰিকাবাসীয়ে জেছি-ৰ আমেৰিকান আত্মাক ঠিকেই চিনি পাইছিল আৰু সন্মান দিয়াত কাৰ্পণ্য কৰা নাছিল। কিন্তু আমেৰিকাৰ বাহিৰৰ দেশৰ বাবেও জেছি প্ৰতিভা আৰু একাগ্ৰতাৰ প্ৰতীক। বৈষম্যতাৰ বিৰূদ্ধে নিজৰ প্ৰতিভাক, আৰু সহৃদয়তাক অস্ত্ৰ কৰি লৈ যুঁজ দিয়াৰ মানসিকতা দেখুৱাই যোৱা জেছিৰ জীৱন সকলো নিপীড়তজনৰে প্ৰেৰণা হ’ব পাৰে।

কিন্তু জেছিৰ খেল যিমান প্ৰতিদ্বন্দিতাৰে ভৰা আছিল তাতকৈ বেছি আছিল ক্ৰীড়াসুলভতা। ১৯৩৬ চনৰ বাৰ্লিন অলিম্পিকত লং-জাম্পৰ কোৱালাফাইং ৰাউণ্ডত তেওঁ দুবাৰকৈ ফাউল কৰিছিল। ক্ৰমাগত ভাৱে তৃত্বীয়বাৰ ফাউল কৰিলেই জেছি মূল প্ৰতিযোগিতাৰপৰা বাহিৰ হ’লহেঁতেন। তৃত্বীয়বাৰ জঁপা মৰাৰ আগে আগে জাৰ্মান খেলুৱৈ লুজ লঙে আহি জেছিক কৈছিল, ‘তুমি যিখিনিৰপৰা জাঁপটো লৈছা, তাতকৈ অলপ পিছুৱাই কৰা তেতিয়া আৰু ফাউল নহয়। আৰু এইখিনি দূৰত্ব কম হ’লেও কোৱালিফাই কৰাত কোনো অসুবিধা নহ’ব।’ লঙে নিজৰ টাৱেলখন জাঁপমৰাৰ দাগটোতকৈ চাৰি ইঞ্চিমান পাছত থৈ জেছিক তাৰপৰা জঁপিয়াবলৈ কৈছিল। লুঙৰ কথা মানি জেছিয়ে সেই জাঁপটো সঠিককৈ মাৰি কোৱালিফাই কৰিবলৈ সক্ষম হৈছিল।

পাছত জেছিয়ে একেটা ইভেণ্টতে যেতিয়া লুঙক দ্বিতীয় স্থানত ৰাখি স্বৰ্ণজয়ী জাঁপটো মাৰিছিল, তেতিয়া প্ৰথমেই আহি অভিনন্দন জনোৱা ব্যক্তিগৰাকী আছিল লুজ লং। হিটলাৰৰ চকুৰ সন্মুখতে আহি লুজ লঙে যিদৰে ওৱেন্‌ছক অভিনন্দন জনাইছিল, সেয়াও আছিল সাহসৰ কাম। লুজ লঙৰ এই উষ্ণ মানসিকতাৰ কথা জেছিৱে চিৰদিন সন্মানেৰে স্মৰণ কৰিছিল– ‘মই লাভ কৰা সকলো মেডেল গলাই ল’লেও লুজ লঙৰ প্ৰতি সেই সময়ত অনুভৱ কৰা ২৪ কেৰেটৰ বন্ধুত্বৰ ওপৰত লেপ দিবলৈও নাটিব।’ খেলপথাৰত বন্ধুত্বৰ বিষয়ে জেছিয়ে কৈছিল, ‘এথলেটিক্‌ছৰ তীব্ৰ প্ৰতিদ্বন্দিতাৰ মাজত যি বন্ধুত্বৰ জন্ম হয় সিয়েই হৈছে প্ৰতিযোগিতাৰ প্ৰকৃত সোণ। মেডেলবোৰ লাহে লাহে ক্ষয় যায়, কিন্তু বন্ধুত্বত মামৰে নধৰে।’

খেলৰ প্ৰতি জেছি ওৱেন্‌ছৰ যি সন্মান সেয়া তেখেতৰ এটা উক্তিত সুন্দৰকৈ বৰ্ণোৱা আছে, ‘মই ৰাজনীতিৰ অংশ হোৱাটো বিচৰা নাছিলো, আনকি মই বাৰ্লিনত কোনো এথলীটৰ লগত প্ৰতিযোগিতা কৰিবলৈও যোৱা নাছিলো। অলিম্পিকৰ উদ্দেশ্যই হৈছে নিজৰ সৰ্ব্বস্ব উজাৰি দিয়াটো। মই বহু আগতেই চাৰ্লচ ৰাইলীৰপৰা যিটো শিকিছিলো নিজকে পৰাজিত কৰিব পৰাটোহে প্ৰকৃত বিজয়।’

(জেছি ওৱেন্‌ছৰ মানসিক স্থিতি বা মতবাদ আদি ব্যক্ত কৰাৰ ক্ষেত্ৰত অলপমান স্বাধীনতা লোৱা হৈছে। সেইখিনি জেছিয়ে কৈ যোৱা কথাৰ ওপৰত লিখকে কৰা অনুমানহে। ইয়াৰ বাহিৰে চন-তাৰিখ, উক্তি, জীৱনৰ কথা আদিবোৰ বিভিন্ন উৎসৰপৰা আহৰিত।)

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments