জেঠৰ দুখ (মনজিৎ)

সিদিনা জেঠ আহিছিল মোৰ কাষলৈ
ঘামৰ লুণীয়া টোপালৰ বাটেৰে বৈ যোৱা দেওবৰীয়া দুপৰীয়া এটাৰ সোঁতত.
মুখত এমোকোৰা তপত অভিমান আৰু বুকুত টিক্ টিকিয়া ৰঙা ক্ষোভ
ভীষণ দুখী যেন দেখা পাই..মই সুধিলোঁ, “বোলো হ’ল কি??”
নাই নিৰুত্তৰ সি, বহু সময় নিশ্চুপ, মাথো চকুৱেদি বৰষিছিল জুই
মই উপায় নাপায় আকৌ সুধিলো “ যি আছে মনত খোলা খুলি কৈ দে, তেহে মন পাতলিব ”
তেতিয়া সি লাহে লাহে ক’ব ধৰিলে তপত ৰ’দত শুকাই কৰকৰিয়া দিয়া তাৰ দুখৰ বতৰা__

তাক লৈ হেনো কোনো সুখী নহয় ,
তাৰ আগমন হেনো কোনেও ভাল নাপায়
তাৰ গুন-গান হেনো কোনেও নাগায়
তাৰ দিন কেইটা হেনো নাযায় নুপুৱাই….
মই বোলো “তাতে কি হ’ল ?”
সি আৰু খঙাই উঠিল….
কি হ’ল মানে???
কোনোবাই যদি কুলি-কেতকীৰ মাতত ব’হাগক আদৰে
কোনোজনে প্রশংসা কৰে ধুলিয়ৰী বাটেৰে খোজ দিয়া মদাৰৰঙী ফাগুনক
কোনোবাই যদি সোণোৱালী আঘোণৰ সোণালী সপোন দেখে
তেন্তে কোনোজনে তুলিকাত ৰং বোলাই
আশাৰ গীত ৰচা বৰষুণজাকেৰে জীপাল সেউজীয়া শাওনৰ
আহিনৰ লানি নিছিগা উৎসৱৰ উজ্বল ৰং
কাতিও চর্চিত হয় লৈ কঙালীৰ খং
পুহৰ নিয়ৰ সনা দুৱৰি-শেৱালী,
কুঁৱলীৰ ফাঁকে ফাঁকে জোনাক সৰা সেমেকা শেতেলী
পুৱাৰ আমেজ সনা ৰ’দালীৰে ব্যাপ্ত, মাঘৰ মেজিৰ জুইত উম লোৱা চিনাকী ভোগালী
ভাদৰ নামঘৰত গুৰুজনাৰ কীর্ত্তন-দশম-ঘোষা আৰু বৰগীতৰ সুৰীয়া ৰাগ
আনকি চ’তকো সকলোৱেই সোধে বোলে ক’ত আছে ব’হাগ
কিন্তু এই সকলোবোৰত মই ক’ত???
মই কি অস্পৃশ্য???
মই কি মাহী আইৰ সন্তান???
মোৰ দোষ কি??
কিয় নাই কাৰো মোক লৈ হাবিয়াস
কিয় নিলিখে কোনেও মোক লৈ কবিতা
কিয় নেমেলে কোনেও মোৰ বুকুত যুগ্ম জীৱনৰ পাতনি
কিয় হওঁ মই সদায় নিৰুৎসাহৰ উৎস
কিয় কিয় কিয়???
নুবুজে কোনেও মোৰ বুকুত ৰৈ যোৱা বৰদৈচিলাৰ শেষ আলিংগনৰে উদং ৰভাঘৰৰ নিস্তব্ধতা
নুবুজে উলাহৰ ৰঙীন কোলাহলৰ সিপাৰে পৰি ৰোৱা বেদনাৰ ধ্বংসস্তুপৰ নীৰৱতা ।।
আৰে কেতিয়াবা আহৰি পালে মোলৈও চাবা
ব’হাগতে পাহি মেলা ৰাধাচূড়া-কৃষ্ণচূড়া আৰু সোণাৰু আজি ডাঙৰ হৈ
মোৰ আকাশত ৰঙা হালধীয়াৰ বৰণীয়া মেলা পাতিছে
ব’হাগতে মলিওৱা আম কঁঠাল আজি পুৰঠ হৈ জিভাৰ ভাঁজে ভাঁজে সোৱাদৰ পোহাৰ মেলিছে
মোৰ বুকুৰ পথাৰডৰা চহাই কেশৰাম দাইটিয়ে সিঁচি দিয়া সোণগুটিকেইটা
নিমজ সেউজীয়া দলিছা হৈ ধৰা দিয়াত, কঠিয়ানীখনলে’ চাই শাওনেও সন্তুষ্টিৰ হাঁহি মাৰিছে
নামঘৰত খোল তালৰ মায়াময় চন্দত প্রাণ পোৱা দুঃশাসনৰ ৰক্তপানে দিছে নিশাৰ বিনোদন
পিছে গৰম দেখি আমনি নাপাব,অশান্তও নহ’ব
সেয়াটো আঘোণৰ অনুশীলন..
মোৰ উষ্ণ দহনত নিমখীয়া মুকুতা হৈ সৰা এই টোপালবোৰ
এদিন ধৰণীৰ গোটেই দেহত জিলিকি উঠিব সোণোৱালী অলংকাৰ হৈ…
সেয়ে কৈছোঁ
মোক আকোৱালি লোৱা
মোকো কবিতাত ৰাখা
মোৰ ছবিও আঁকা
মোক লৈয়ো সপোন দেখা
মোৰ বকুতো নতুন আশাৰ পাতনি মেলা………
——-**——-

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments