জেনেটিকছ্ আৰু এপিজেনেটিকছৰ দৃষ্টিৰে পাপ-পূণ্যৰ বিচাৰ, তথা কেন্সাৰ ইত্যাদি প্ৰসংগ  – ড° পংকজ বৰা

  ডঃ হিমন্ত বিশ্ব শৰ্মাৰ ‘পাপ আৰু কেন্সাৰ’ বিষয়ৰ এক মন্তব্যই শেহতীয়াকৈ সংবাদ মাধ্যমত বিতৰ্কৰ সূচনা কৰিছে৷ বিষয়টোৰ সম্পৰ্কত বা নেতাগৰাকীৰ মন্তব্যৰ বিষয়ে মই সবিশেষ গম পোৱা নাছিলোঁ। বহুকেইজন ব্যক্তিয়ে এই বিষয়টো সন্দৰ্ভত মোৰ বক্তব্য কি জানিব বিচৰাতহে মই কিছুপৰিমানে বিষয়টো খুচৰি চোৱাত কিছু গম পালোঁ৷ যি বুজিলোঁ তেখেতে দিয়া মন্তব্যটোৰ উপস্থাপনশৈলী, স্থান, কাল, পাত্ৰ সঠিক নাছিল বুলিয়ে ক’ম৷ এই বিষয়ত তেখেতে নিজে ভুল স্বীকাৰ কৰা বুলিও জানিব পাৰিছোঁ৷ মই ৰাজনীতিৰ বা ধৰ্মৰ লগত জড়িত ব্যক্তি নহয় আৰু বিষয়টিক মই ৰাজনৈতিক বা ধৰ্মীয় দিশৰ পৰা পৰ্যবেক্ষণ কৰাৰ কোনো অৱকাশ নাই৷

      আণৱিক জীৱবিজ্ঞানৰ ছাত্ৰ, শিক্ষক আৰু গৱেষক হিচাপে মই এটা কথা জানো যে শৰীৰৰ কোষসমূহৰ নিয়মিত বিভাজনৰ সন্তুলিত প্ৰক্ৰিয়াটোত ব্যাঘাত জন্মি কোষসমূহে অনিয়ন্ত্ৰিত গতিত বিভাজিত হ’বলৈ আৰম্ভ কৰিলেই টেমুনাৰ সৃষ্টি হয় আৰু মেলিগনেন্ট টিউমাৰক কেন্সাৰ বুলি কোৱা হয়৷ কেন্সাৰ কোষবোৰে অমৰত্ব লাভ কৰে আৰু ইয়াক আদি অৱস্থাতে নিয়ন্ত্ৰণ কৰিব নোৱাৰিলে ৰোগীৰ শৰীৰৰ পৰা সকলো পুষ্টি কাঢ়ি লৈ অনিৰ্দিষ্টভাৱে বিভাজিত হৈ হৈ ৰোগীজনক তিল তিলকৈ মৃত্যুৰ মুখলৈ ঠেলি লৈ যায়৷ কেন্সাৰ ৰোগটোৰ কাৰণক অতি সাধাৰণীকৃত কৰি গাড়ী এখনৰ ‘ব্ৰেকিং আৰু এক্সিলাৰেছন ছিষ্টেম’ৰ লগত ৰিজাব পাৰি৷ এই দুয়োটা ছিষ্টেমৰে কোনোবা এটাত বা দুয়োটাতে বিসংগতি হ’লে দুৰ্ঘটনা সংঘটিত হ’ব পাৰে৷ সেইদৰে মানুহৰ কোষসমূহত ‘Oncogene’ আৰু ‘Tumor supressor gene’ নামৰ দুই ধৰণৰ কেন্সাৰৰ বাবে দায়ী জিন পোৱা যায়৷ ‘Oncogene’বোৰক যদি ‘এক্সিলাৰেছন ছিষ্টেম’ৰ ৰিজোৱা হয়, তেনেহ’লে ‘Tumor supressor gene’বোৰক ‘ব্ৰেকিং ছিষ্টেম’ৰ লগত ৰিজাব পাৰি৷ এই দুবিধ জিনৰ কোনো এবিধৰ বা দুইবিধৰে অস্বাভাৱিক আচৰণ ঘটিলে কেন্সাৰ ৰোগ হ’ব পাৰে৷ কেন্সাৰ নিৰ্দিষ্ট কোনো এবিধ বেমাৰ নহয়, ইয়াৰ বহু প্ৰকাৰ আছে, আৰু প্ৰতিবিধেই অতি জটিল৷ উদাহৰণস্বৰূপে বৃক্কৰ কেন্সাৰ ৰোগত আক্ৰান্ত এজন ৰোগীৰ ৰোগৰ প্ৰকাৰ, কাৰণ আৰু ভয়াবহতা আন এজন বৃক্কৰ ৰোগত ভোগা ৰোগীতকৈ বেলেগ হ’ব পাৰে৷

      সাধাৰণতে কেন্সাৰ ৰোগৰ বহু কাৰক আছে৷ তাৰে ভিতৰত দুটা মুখ্য হ’ল -জেনেটিক আৰু এপিজেনেটিক (epigenetic)৷ জেনেটিকভাৱে হোৱা কেন্সাৰ ৰোগৰ ক্ষেত্ৰত ৰোগীৰ ডিএনএ বা জিনৰ কেতবোৰ ঠাইত হোৱা উৎপৰিবৰ্তনৰ (mutation) বাবে জিনবোৰৰ প্ৰাকৃতিক গুণাগুণ ধ্বংস হৈ কেন্সাৰ ৰোগ সৃষ্টি কৰিব পাৰে৷ জেনেটিক কাৰণত হোৱা কেন্সাৰ বংশানুক্ৰমিকভাৱে পিতৃ-মাতৃৰ পৰা সন্তানলৈ প্ৰৱাহিত হ’ব পাৰে৷ আনহাতে, এপিজেনেটিক শব্দটিৰ ‘এপি’ শব্দাংশৰ অৰ্থ হ’ল ‘ওপৰত’৷ অৰ্থাৎ জেনেটিক কাৰক যেনে ডিএনএ বা জিন জড়িত নোহোৱাকৈ পৰিৱেশ, জীৱন-ধাৰণৰ পদ্ধতি আদিৰ প্ৰভাৱত হোৱা পৰিবৰ্তনবোৰক ‘এপিজেনেটিক’ বুলি কোৱা হয়৷ ‘এপিজেনেটিক’ কাৰকৰ ফলত হোৱা আণৱিক পৰিবৰ্তনবোৰো পিতৃ-মাতৃৰ পৰা সন্তানলৈ প্ৰৱাহিত হ’ব পাৰে বুলি আধুনিক গৱেষণাই ঠাৱৰ কৰিছে৷ Song Wu, Scott Powers, Wei Zhu & Yusuf A. Hannun নামৰ চাৰিজন গৱেষকে নেচাৰ গৱেষণা পত্ৰিকাত ২০১৬ চনৰ জানুৱাৰী মাহত প্ৰকাশ কৰা এখন গৱেষণা পত্ৰত উল্লেখ কৰিছে যে ৭০-৯০% কেন্সাৰৰ কাৰণ হ’ল প্ৰদুষিত পৰিৱেশ, মানুহৰ খাদ্যাভাষ আৰু জীৱন ধাৰণৰ পদ্ধতি [Substantial contribution of extrinsic risk factors to cancer development, Nature 529, 43–47,07 January 2016 ] ৷

      এতিয়া আমি ধৰ্ম আৰু পাপৰ প্ৰসংগলৈ আহোঁ৷ মই ধৰ্ম বিষয়ৰ বিশেষজ্ঞ নহয়৷ মোৰ ব্যক্তিগত ধাৰণাত অতীজ কালত ধৰ্ম আছিল প্ৰতক্ষ্য বা পৰোক্ষভাৱে এক ঐশ্বৰিক সত্বাৰ ভয় দেখুৱাই সুংশৃংখলিত পদ্ধতিৰে সমাজ পৰিচালনা কৰা তথা নৈতিকতাৰ মাজেৰে মানুহক নিৰোগী স্বাস্থ্যসন্মত জীৱনশৈলী মানি চলিবলৈ বান্ধি লোৱা কিছুমান নিয়ম কানুন৷ পৰৱৰ্তী সময়ত অৱশ্যে ধৰ্মৰ পৰিসৰ বহুধাবিভক্ত হৈ পৰিল৷ অনৈতিক কাম-কাজ, খাদ্যাভাষ বা জীৱন-ধাৰণৰ পদ্ধতিক ধৰ্মই পাপ বুলি আখ্যা দিয়ে৷ বিভিন্ন ধৰ্মত পাপৰ সংজ্ঞা, তাৰ ফলাফল সম্পৰ্কত বহু মিল আৰু বিভিন্নতাও আছে৷ একোটা ধৰ্মৰ পাপ বুলি কোৱা কোনো কাৰ্য্য আকৌ আন এক ধৰ্মৰ বাবে পূণ্যও হ’ব পাৰে৷ অৱশ্যে পাপ-পূণ্যৰ সংজ্ঞা সম্পূৰ্ণ আপেক্ষিক আৰু ইয়াৰ লগত সামাজিক, সাংস্কৃতিক, ভৌগোলিক আদি কাৰকৰো প্ৰভাৱ থাকিব পাৰে৷

নিগেটিভ চিন্তা, খং, ঘৃণা, আক্ৰোশ, শংকা আদি মানসিক পৰিস্থিতিবোৰে স্নায়ুজনিত কাৰকৰ দ্বাৰা মানুহৰ শৰীৰৰ হ’ৰ্মনৰ স্বাভাৱিক মাত্ৰাৰ পৰিৱৰ্তন (neuroendocrine response) কৰি অসাংক্ৰাম্যতা বা ৰোগ প্ৰতিৰোধী ক্ষমতা (immunity) কমাই তোলে৷ অসাংক্ৰাম্যতাৰ অৱক্ষয় কেঞ্চাৰৰ দৰে বহু ৰোগৰ বাবে অত্যন্ত ভয়াবহ৷ আমেৰিকা যুক্তৰাষ্ট্ৰৰ Centers for Disease Control and Prevention (CDC) নামৰ সংস্থাটোৰ তথ্য অনুসৰি ৮৫% কৈও অধিক বেমাৰৰ লগত আৱেগজনিত ৰিপুবোৰৰ প্ৰত্যক্ষ সমন্ধ আছে৷

      অনৈতিক কৰ্ম, বেয়া খাদ্যাভাষ আৰু অস্বাস্থ্যকৰ জীৱন-ধাৰণৰ পদ্ধতিৰ ফলত হোৱা কেতবোৰ এপিজেনেটিক পৰিৱৰ্তনৰ জৰিয়তে দুৰাৰোগ্য ৰোগৰ সৃষ্টি হ’ব পাৰে বুলি ভৱা ধাৰণাটো অমূলক নহয়৷ কিন্তু সেইবুলি সকলো দুৰাৰোগ্য ৰোগৰ কাৰক ‘এপিজেনেটিক’ বুলি ভৱাটো অমূলক৷ যিহেতু ‘এপিজেনেটিক’ কাৰকৰ হোৱা পৰিবৰ্তনবোৰো পিতৃ-মাতৃৰ পৰা সন্তানলৈ প্ৰৱাহিত হ’ব পাৰে বুলি প্ৰমাণিত হৈছে, সেয়েহে পিতৃ-মাতৃৰ কুকৰ্মৰ প্ৰভাৱ পৰৱৰ্তী প্ৰজন্মই পোৱাৰ সম্ভাবনাও উলাই কৰিব নোৱাৰি৷ এনেধৰণৰ আধুনিক বৈজ্ঞানিক তথ্যৰ ভিত্তিত বহু কেন্সাৰ ৰোগৰ কাৰণ ৰোগীৰ নিজৰ বা ৰ্পুবপুৰুষৰ খাদ্যাভাষ বা জীৱন-ধাৰণৰ পদ্ধতি বা অপকৰ্মৰ ফল বুলি কোৱাৰ থল নোহোৱা নহয়৷ অৱশ্যে মই ইয়াৰ জৰিয়তে পুনৰ কৈছোঁ যে ডঃ হিমন্ত বিশ্ব শৰ্মাৰ মন্তব্যক মই কোনোধৰণে সমৰ্থন কৰা বুলি ভাৱি লোৱাটো অমূলক৷

(এইখিনি লেখকৰ সম্পূৰ্ণ ব্যক্তিগত মতামত৷ এই মতামতৰ লগত লেখকৰ পদৱী তথা কৰ্মৰত প্ৰতিস্থানৰ কোনো সমন্ধ নাই৷)

☆★☆

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments
কপি নকৰিব, অনুগ্ৰহ কৰি লিংকটো বিলাই দিয়ক