জেমছ ৱেব স্পেচ টেলিস্কোপ: – ভাৰ্গৱ বৰঠাকুৰ

জেমছ ৱেব স্পেচ টেলিস্কোপ: মহাকাশ বিজ্ঞানত নতুন সংযোজন

বিশ্বব্ৰহ্মাণ্ডত আমাৰ সৃষ্টিৰ ৰহস্য ক’ত? বিশ্বব্ৰহ্মাণ্ডখন কিয় সৃষ্টি হৈছিল? পৃথিৱীৰ দৰে জীৱ থকা গ্ৰহ বিশ্বব্ৰহ্মাণ্ড আৰু আছে নে? এনেবোৰ প্ৰশ্নৰ উত্তৰ বিচাৰি বিজ্ঞানীসকলে নিৰলস অধ্যয়ন চলাই আহিছে৷ এনেধৰণৰ অধ্যয়নৰ বাবেই সময়ে সময়ে বিজ্ঞানীসকলক প্ৰয়োজন হৈছে নিত্য নতুন বৈজ্ঞানিক যন্ত্ৰ-পাতি তথা নতুন প্ৰযুক্তিৰ৷ মহাকাশ বিজ্ঞানীসকলৰ অবিচ্ছিন্ন অংগস্বৰূপ তেনে এক অত্যধুনিক প্ৰযুক্তিৰ নাম ‘হাবল স্পেচ টেলিস্কোপ’ (Hubble Space Telescope)৷ বিগত ২৮ বছৰে বিশ্বব্ৰহ্মাণ্ডৰ সম্পৰ্কত ‘হাবল স্পেচ টেলিস্কোপ’ৰ পৰা আমি বহু তথ্য জানিবলৈ সক্ষম হ’লোঁ৷ ‘হাবল স্পেচ টেলিস্কোপ’ৰ পৰাই বিজ্ঞানীসকলে আমাৰ দৃশ্যমান বিশ্বব্ৰহ্মাণ্ডৰ বয়স কিমান, আৰম্ভণিৰ বিশ্বব্ৰহ্মাণ্ডখন দেখাত কেনেকুৱা আছিল, আমাৰ সৌৰজগতখন কেনেকৈ সৃষ্টি হৈছিল ইত্যাদি বহু গুৰুত্বপূৰ্ণ তথ্যৰ সন্ধান কৰাত সফল হৈছে৷ নিসন্দেহে মানৱসৃষ্ট বৈজ্ঞানিক সঁজুলিসমূহৰ ভিতৰত অন্যতম চমৎকাৰী আৱিষ্কাৰ হ’ল ‘হাবল স্পেচ টেলিস্কোপ’! কিন্তু বৰ্তমানেও এনেকুৱা কিছুমান প্ৰশ্ন আছে যাৰ উত্তৰ দিবলৈ ‘হাবল স্পেচ টেলিস্কোপ’ সক্ষম নহয়৷ যেনে – মহাবিশ্বৰ প্ৰথমটো তাৰকাৰাজ্য বা তৰাৰ সৃষ্টি কেনেকৈ হৈছিল, বিশ্বব্ৰহ্মাণ্ডখন উৎপত্তিৰ কিছুসময়ৰ পাছত দেখিবলৈ কেনেকুৱা আছিল, কৃষ্ণ পদাৰ্থ আৰু কৃষ্ণশক্তি আচলতে কি? তথা ইয়াৰ ৰহস্য কি? এনেধৰণৰ বহু প্ৰশ্নৰ উত্তৰ সন্ধান কৰিবলৈ ‘হাবল স্পেচ টেলিস্কোপ’তকৈ অধিক শক্তিশালী টেলিস্কোপৰ প্ৰয়োজন হ’ব৷ তদুপৰি আমাক এটা নতুন টেলিস্কোপ লাগে কাৰণ প্ৰত্যেক বস্তুৰে এটা নিৰ্দিষ্ট কাৰ্যক্ষম সময় থাকে যাৰ পাছত ইয়াৰ স্বাভাৱিক কাৰ্যক্ষমতা কমি আহে৷ এই সকলোবোৰ দিশ চালি-জাৰি চাই ‘ইউৰোপীয়ান স্পেচ এঞ্জেছি’ আৰু ’কেনেডিয়ান স্পেচ এঞ্জেছি’ৰ সহযোগত নাছাই এটা উচ্চ ক্ষমতাসম্পন্ন ‘টেলিস্কোপ’ সাঁজি উলিয়াইছে, যাৰ নাম ৰখা হৈছে “James Webb Space Telescope (JWST)”৷ যাৰ দ্বাৰা ‘হাবল স্পেচ টেলিস্কোপ’ৰ সীমাবদ্ধতাৰ পাৰ ভাঙি বিশ্বব্ৰহ্মাণ্ড সম্পৰ্কত বহু নতুন বৈজ্ঞানিক তথ্যৰ সংগ্ৰহ কৰিব পৰা হ’ব৷ এই অত্যাধুনিক “টেলিস্কোপ”টোৰ নাম নাছাৰ অৱসৰপ্ৰাপ্ত প্ৰশাসনিক বিষয়া তথা মহাকাশ বিজ্ঞানী-অভিযন্তা James Edwin Webbৰ সন্মানৰ্থে ৰখা হৈছে৷ ১৯৯৬ চনতেই পৰিকল্পনা আৰম্ভ কৰা এই ব্যয়বহুল ’জেমছ ৱেব স্পেচ টেলিস্কোপ’টোৰ উৎক্ষেপনৰ সময়সূচীও বিভিন্ন কাৰণবশতঃ পিছুৱাই থকা দেখা গৈছে৷ নাছাৰ শেহতীয়া তথ্য মতে টেলিস্কোপটো অহা ২০২১ চনৰ ৩০ মাৰ্চত উৎক্ষেপন কৰা হ’ব৷
১৯৯০ চনৰ পৰাই ‘হাবল স্পেচ টেলিস্কোপে’ যোগান ধৰা অহৰহ তথ্যৰ পৰাই আমাৰ বিশ্বব্ৰহ্মাণ্ডৰ সম্প্ৰসাৰিত স্বৰূপ তথা সম্প্ৰসাৰিত গতিৰ বিষয়ে বুজা গৈছিল৷ ‘হাবল টেলিস্কোপৰ’ৰ পৰাই আমি গ’ম পাইছিলোঁ যে আমাৰ বিশ্বব্ৰহ্মাণ্ডখন আজিৰ পৰা ১৩.৮ বিলিয়ন বছৰ আগতেই সৃষ্টি হৈছিল৷ এনেধৰণৰ বহু তথ্য আছে যিবোৰ ‘হাবল টেলিস্কোপ’ অবিহনে হয়তো আমি গম নাপালোঁহেতেন৷ আজি আমি যিমানবোৰ বিশ্বব্ৰহ্মাণ্ডৰ ছবি দেখিবলৈ সক্ষম হৈছোঁ অধিকাংশই হাবল স্পেচ টেলিস্কোপৰ পৰা লোৱা৷ আৱশ্যে আমি দেখা ৰঙীণ ছবিবোৰ আৰু বিজ্ঞানীসকলে সংগ্ৰহ কৰা ছবিবোৰৰ মাজত পাৰ্থক্য আছে৷ চুপাৰন’ভা, ব্লেকহ’ল, নীহাৰিকা আদিৰ যিবোৰ ৰঙীণ ছবি আমি দেখিবলৈ পাওঁ সেইবোৰ আচলতে ‘মহাকাশ সংস্থাই’ প্ৰকাশ কৰা Artistic illustrationহে৷ কিন্তু মহাকাশ সংস্থাসমূহে টেলিস্কোপেৰে তোলা অশোধিত (Raw) ফুটেজবোৰ চিধাচিধি প্ৰকাশ নকৰি ‘Artistic Illustration’ কৰাৰ প্ৰয়োজনেইবা কি? আচলতে স্পেচ টেলিস্কোপবোৰে তোলা প্ৰায়বোৰ ছবিতেই কিছুমান অতি জটিল তথ্য সংযোজন হৈ থাকে৷ তদুপৰি স্পেচ টেলিস্কোপৰ ফটোবোৰত লক্ষ্যবস্তুৰ আকাৰো একেবাৰে সৰুকৈ দেখিবলৈ পোৱা যায়, যিবোৰ সাধাৰণ মানুহৰ সহজে বোধগম্য নহয়৷ গতিকে স্পেচ টেলিস্কোপৰ দ্বাৰা সংগ্ৰহ কৰা তথ্যৰ আধাৰতেই, অতি সাৱধানতাৰে ‘আৰ্টিছ’ এজনে কম্পিউটাৰত সাধাৰণ মানুহে বুজি পোৱাকৈ সেই ছবিবোৰক আকৰ্ষণীয় ৰঙীণ ছবিলৈ পৰিণত কৰি দিয়ে৷ বৈজ্ঞানিক তথ্যৰ মতে গ্ৰহটো যদি বৰফৰে আবৃত হয় তেন্তে artistic illustrationত গ্ৰহটোত বগা ৰঙেৰে দেখুৱা হয়৷ ঠিক তেনেদৰে গ্ৰহটো যদি পানীৰ সন্ধান পোৱা হৈছে তেন্তে Artistic Illustrationত গ্ৰহটো নীলা ৰঙেৰে দেখুৱা হয়৷ অৰ্থাৎ মহাকাশ সংস্থাই প্ৰকাশ কৰা ফটোবোৰ সম্পূৰ্ণৰূপে বৈজ্ঞানিক তথ্যৰ ওপৰত প্ৰতিষ্ঠিত৷ আৰ্টিছ এজনে ফটোবোৰত নিজৰ মতেই যিকোনো গঠন দিব বা ৰং সানিব নোৱাৰে৷
আমাৰ বিশাল বিশ্বব্ৰহ্মাণ্ডৰ এনে কিছুমান ঠাই আছে য’ত ‘হাবল’ৰ দৰে টেলিস্কোপৰ দ্বাৰা তথ্য সংগ্ৰহ কৰাত অসুবিধা আহি পৰে৷ উদাহৰণস্বৰূপে মহাবিশ্বৰ প্ৰচুৰ ধূলিময় স্থানৰ পিছফালে অৱস্থান কৰা তৰাবোৰৰ ছবি ই সংগ্ৰহ কৰিব নোৱাৰে৷ এনেধৰণৰ বহু অসুবিধাৰ বাবেই বিজ্ঞানীসকলৰ “JWST” ৰ দৰে অতি শক্তিশালী টেলিস্কোপৰ চিন্তা মনলৈ আহিল৷ JWST আকাৰত হাবল টেলিস্কোপতকৈ বহুগুণে ডাঙৰ৷ হাবল টেলিস্কোপৰ মুখ্য দাপোণৰ দৈঘ্য ২.৪ মিটাৰ, কিন্তু JWSTৰ মুখ্য দাপোণৰ দৈঘ্য ৬.৫ মিটাৰ৷ হাবল টেলিস্কোপক এনেভাৱে সজোৱা হৈছে যে মহাকাশ অভিযন্তাই মহাকাশতেই গৈ যাতে ইয়াৰ যন্ত্ৰ-পাতিৰ মেৰামতি কৰিব পাৰে৷ বৰ্তমানলৈকে পাঁচটা মহাকাশ অভিযানেৰে ইয়াৰ কম্পিউটাৰ, লেন্স, মাইক্ৰ’চিপ তথা অনান্য বৈজ্ঞানিক যন্ত্ৰপাতিৰ ‘আপগ্ৰেড’ কৰা হৈছে৷ কিন্তু JWSTত তেনেধৰণৰ সুবিধা নাই অৰ্থাৎ মহাকাশত এৰি দিয়াৰ পাছত ই নিজৰ চোৱাচিতা নিজেই কৰিব লাগিব৷ এনেধৰণে নিৰ্মাণ কৰাৰ মূল দিশটো হ’ল; ‘JWST’ক এক বিশেষ প্ৰকাৰৰ পোহৰক ধৰি ৰাখিবলৈ সজা হৈছে৷ হাবল স্পেচ টেলিস্কোপক ‘অল্ট্ৰা ভায়’লেট(UV)’, দৃশ্যমান পোহৰ তথা কিছু পৰিমাণৰ Infra Red (IR) পোহৰক সংগ্ৰহ কৰিবলৈ নিৰ্মাণ কৰা হৈছিল৷ কিন্তু JWSTক কেৱল infrared(IR) পোহৰক সংগ্ৰহ কৰিবলৈহে সজা হৈছে৷ অৰ্থাৎ ই এটা অত্যন্ত ঠাণ্ডা টেলিস্কোপ হ’ব, যিয়ে প্ৰায় -২৩০ ডিগ্ৰী চেণ্ট্ৰীগ্ৰেডত (°C) কাম কৰিব লাগিব৷ যিহেতু আমি জানো গৰম বস্তুৱে IR তাপ বিকিৰণ কৰে, গতিকে IR টেলিস্কোপটোৰ সংবেদনশীলতা (sensitivity)ক সঠিক কৰি ৰাখিবলৈ টেলিস্কোপটোকে ঠাণ্ডা কৰি ৰাখিব লাগিব৷ নহ’লে ই নিজৰ তাপৰ বাবেই ইমান উজ্জ্বলহৈ পৰিব যে বেলেগ বস্তুৰ পৰা অহা পোহৰ ধৰি ৰাখিব নোৱাৰিব৷ যাৰ বাবে বিজ্ঞানী-অভিযন্তাসকলে ইয়াৰ সংসূচক (detector)বোৰক ঠাণ্ডা কৰি ৰাখিবলৈ cryogenics নামৰ বিশেষ প্ৰযুক্তিৰ প্ৰয়োগ কৰা হৈছে৷ JWST ইঞ্জিনীয়াৰিং এটা অপূৰ্ব উদাহৰণ হৈ ৰ’ব৷ যিহেতু ইয়াক সাধাৰণ উষ্ণতাত নিৰ্মাণ কৰা হৈছে কিন্তু ই কাম কৰিব লাগিব অত্যন্ত ঠাণ্ডা পৰিবেশত৷


JWSTক এনে ভাৱে সজোৱা হৈছে যে ইয়াৰ দ্বাৰা বিশ্বব্ৰহ্মাণ্ডৰ অতীতৰ সময়ক পৰ্যবেক্ষণ কৰিব পৰা হ’ব৷ কিন্তু বহুতৰে মনত প্ৰশ্ন জাগিব পাৰে বিশ্বব্ৰহ্মাণ্ডৰ অতীতক আকৌ আমি কেনেকৈ জানিম? ইয়াৰ উত্তৰ হ’ব পোহৰৰ সহায়ত৷ হয় পোহৰৰ সহায়ত৷ সহজ ভাষাত কথাটো এনেধৰণৰ৷ ধৰাহ’ল এখন তাৰকাৰাজ্য আছিল৷ যাৰ জন্ম হৈছিল ১৩ কোটি বছৰৰ আগত৷ সেই তাৰকাৰাজ্যৰ পোহৰ সেই সময়ৰ পৰাই এতিয়ালৈকে বিশ্বব্ৰহ্মাণ্ডত বিয়পি আছে৷ আমি সেই ১৩কোটি বছৰৰ আগৰ তাৰকাৰাজ্যৰ পোহৰ যদি আমাৰ বৰ্তমানত ধৰি ৰাখিব পাৰোঁ তেন্তে আমি সেই ১৩ কোটি বছৰৰ আগৰ তাৰকাৰাজ্যখনক দেখিবলৈ সক্ষম হ’ম৷ অৰ্থাৎ কথাটো এনেকুৱা ধৰণৰ ২০০ মিলিয়ন বছৰৰ আগতে পৃথিৱীৰ পৰা যোৱা পোহৰক যদি আমি ধৰি ৰাখিব পাৰিলোঁহেঁতেন তেন্তে ডাইন’ছৰৰ পৃথিৱীখন কেনেকুৱা আছিল তাকো চাব পাৰিলোঁহেঁতেন! যিহেতু আমাৰ বিশ্বব্ৰহ্মাণ্ডৰ সম্প্ৰসাৰণ হৈ আছে, প্ৰতিখন তাৰকাৰাজ্য, প্ৰতিটো তৰকাপুজ্ঞকে মুখ্য কৰি প্ৰতিটো ব্ৰহ্মাণ্ডীয় বস্তু ইটোৰ পৰা সিটো ক্ৰমে দূৰলৈ আঁতৰি গৈ আছে৷ যিদৰে আমাৰ কাষৰ পৰা আঁতৰি যোৱা ৰেলগাড়ীৰ শব্দ ক্ৰমে আমাৰ পৰা কমি যায় ঠিক সেইদৰে আমাৰ পৰা আঁতৰি যোৱা প্ৰাচীন তাৰকাৰাজ্য বা তৰাৰ পোহৰো আমালৈ আহোঁতে আহোঁতে ধূসৰ হৈ শেষত IR ত পৰিণত হয়৷ যাক বৈজ্ঞানিক ভাষাত ৰঙা সৰণ (Red shifted object) বুলি কোৱা হয়৷ এনেধৰণৰ তৰা বা তাৰকাৰাজ্যবোৰক সাধাৰণ টেলিস্কোপেৰে চাব পৰা কঠিন হৈ পৰে৷ কিন্তু IR সংসূচকযুক্ত শক্তিশালী টেলিস্কোপে ইয়াক সহজে চিনিব পাৰে৷ যিহেতু JWST এটা IR টেলিস্কোপ যাৰ দ্বাৰা সহজতেই প্ৰাচীন তৰা, তাৰকাৰাজ্য ইত্যাদিক চিনিব পৰা যাব৷ আশা কৰামতে JWSTৰ দ্বাৰা হাবল টেলিস্কোপতকৈ ১০০ মিলিয়ন বছৰ পিছৰ প্ৰাচীন বিশ্বব্ৰহ্মাণ্ডখনক অতি সহজে চিনাক্ত কৰিব পৰা হ’ব৷
যিহেতু JWST অতি ঠাণ্ডা পৰিবেশত কাম কৰাৰ বাবে সজোৱা হৈছে গতিকে ইয়াক হাবল টেলিস্কোপতকৈ বহু দূৰৈত উৎক্ষেপন কৰা হ’ব৷ অৰ্থাৎ পৃথিৱীৰ পৰা ১.৫ মিলিয়ন কিলোমিটাৰ দূৰত্বত JWSTক উৎক্ষেপন কৰা হ’ব৷ সূৰ্যৰ তাপ তথা মহাকাশ আৱৰ্জনাৰ পৰা হাত সাৰিবলৈ JWSTত পাঁচটা ফলক যুক্ত এখন টেনিছ ক’ৰ্টৰ সমান “sun shield” সংস্থাপন কৰা হৈছে৷ উল্লেখযোগ্য যে JWST উৎক্ষেপনৰ কেইবাবছৰৰ পাছতো হাবল টেলিস্কোপো মহাকাশত সক্ৰিয় হৈ থাকিব৷ বিজ্ঞানীসকলে হাবল আৰু JWST দুয়োটাৰ সহায়ত একেলগে মহাবিশ্বৰ বহুতো ৰহস্যৰ সন্ধান কৰাৰ চেষ্টা কৰিব৷ নিসন্দেহে JWSTৰ উৎক্ষেপনে মহাকাশ বিজ্ঞানত এক নতুন দিগন্তৰ সূচনা কৰিব!

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments