জেলেপি- অশোক নাথ

প্ৰত্যেক বছৰে দুৰ্গাপূজা আৰম্ভ হোৱাৰ দিনাই অমল শইকীয়াৰ ঘৰত এই কাজিয়াখন আৰম্ভ হয় আৰু পূজা শেষ হোৱাৰ লগে লগে কাজিয়াখনো শাম কাটে৷ কাজিয়াখন এখন যুদ্ধ নহ’লেও পূজাৰ কেইদিন যে শইকীয়াৰ ঘৰত এক মৃদু অশান্তিৰ সৃষ্টি হয় সেই কথা নিশ্চিতভাৱে ক’ব পাৰি৷

কাজিয়াখনৰ মূল বিষয়টো হ’ল – জেলেপি!
দুৰ্গাপূজাৰ আজি সপ্তমী৷ অমল শইকীয়াই আবেলি গৈ জেলেপি ডেৰ কেজি কিনি আনি ঘৰ পোৱাৰ লগে লগে কাজিয়াখন আকৌ আৰম্ভ হ’ল৷ শইকীয়াৰ ঘৈণীয়েক প্ৰতিভাই উগ্ৰমূৰ্তি ধাৰণ কৰিলে — “আপোনাক কিমানবাৰ ক’লোঁ, জেলেপি আনিব নালাগে – ক’ত মানিব আপুনি মোৰ কথা?“
“হেৰা, বাদ দিয়াহে! মোৰ ডায়েবেটিচ থাকিল বুলিয়েই পূজা বুলিও তোমালোকে জেলেপি এখন নাখাবা নেকি? আৰু ’গৃহস্থ ধৰ্মসম আন ধৰ্ম নাই৷’ মই মোৰ গৃহস্থ ধৰ্ম পালন কৰিছোঁ৷ তোমালোকে প্ৰত্যেকেই জেলেপি হেঁপাহ পলুৱাই খাব লাগিব — নহ’লে মোক পাপে চুব বুইছা!“
গোটেই কথাখিনি অমল শইকীয়াই একে উশাহে কৈ শেষ কৰিলে আৰু জীয়েক-পুতেকক উদ্দেশ্যি ডাঙৰকৈ মাতটো উলিয়াই দিলে – “মাজনী-বাবু! ক’ত আছ? আহ আহ, গৰম জেলেপি খাব লাগে!“

গৰম জেলেপিৰ নাম শুনিয়েই মাজনীয়েতো একপ্ৰকাৰ চিঞৰ এটাই মাৰি দিলে আৰু একেজাঁপে আহি দেউতাকৰ ওচৰ পালেহি৷ ধেমালি নেকি! যোৱা বছৰ পূজাতে জেলেপি খোৱা; সম্পূৰ্ণ এটা বছৰৰ পাছত আকৌ গৰম জেলেপি! এই দিনকেইটাৰ বাবেই সিহঁতৰ যে কত অপেক্ষা!
মাজনী আৰু বাবুয়ে জেলেপি খোৱা আৰম্ভই কৰি দিলে!
“হেৰা লোৱাচোন, তুমিও এখন খোৱা৷“ – শইকীয়াই হাতত এখন জেলেপি লৈ পৰম আগ্ৰহেৰে ঘৈণীয়েকেলৈ আগবঢ়াই দিলে৷
“মই নাখাওঁ৷“ — প্ৰতিভাৰ মুখখন ওফন্দি উঠিল৷
“হেৰা, খং উঠিছে কিয় তোমাৰ? সিহঁতে ইমান হেঁপাহেৰে জেলেপি খোৱা দেখি তোমাৰ ভাল লগা নাই?“
“ভাল লাগিছে, কিন্তু আমি তিনিওটাই জেলেপি খোৱা দেখিলে আপোনাৰো খাবলৈ মন যাব৷ ডাক্তৰে আপোনাক মিঠা খোৱা একেবাৰে মানা কৰি থৈছে৷“
“নাই নাই, মই কেতিয়াও জেলেপি নাখাওঁ৷ মোৰ ওপৰত তোমাৰ বিশ্বাস নাই?“
“আছে৷ আপোনাৰ ওপৰত মোৰ পূৰা বিশ্বাস আছে৷ কিন্তু আপোনাৰ জিভাখনৰ ওপৰত মোৰ অকণো বিশ্বাস নাই৷“
“হা? মোক ইনছাল্ট্! পুৰুষৰ জিভাক ইনছাল্ট্? মাজনী, মই অপমানিত হ’লোঁ৷“ — আহত কপৌৰ দৰে শইকীয়াই ছটফটাবলৈ ধৰিলে৷

মাজনী আৰু বাবুয়ে জেলেপি খাই-খাই হাঁহি-হাঁহি মাক-দেউতাকৰ এই খণ্ডযুদ্ধখন উপভোগ কৰিলে৷
হঠাৎ শইকীয়া শান্ত হৈ পৰিল৷ টেবুলৰ ওপৰত থকা জেলেপিৰ টোপোলাটোলৈ তেওঁ থৰ লাগি চাই ৰ’ল৷ কেইটামান মুহূৰ্ত বেচ নীৰৱতাৰে পাৰ হৈ গ’ল৷ ঘৈণীয়েকলৈ নোচোৱাকৈয়ে তেওঁ লাহেকৈ ক’লে – “পূজা বুলি তুমি যদি জেলেপি এখন নোখোৱা, মই মনত বৰ দুখ পাম৷“ – কথাখিনি কৈয়েই অমল শইকীয়াই মুখখন এনেকৈ ওফন্দাই দিলে যে পিছত তেওঁ নিজে গম পালে – মুখখন তেওঁ জোখতকৈ বেছি ফুলাই থৈছে!

দেউতাকে মনটো মাৰি পেলোৱা দেখি মাজনী আৰু বাবুয়ে মাকক ইমান জোৰ কৰিলে যে প্ৰতিভাই হাতত এখন জেলেপি ল’বলৈ বাধ্য হ’ল৷
“হ’ব হ’ব, মুখ ওফন্দাব নালাগে – খাইছোঁ৷“

ঘৈণীয়েকে জেলেপি খোৱা দেখি অমল শইকীয়াৰ মুখখন উজ্জ্বল হৈ পৰিল৷ প্ৰতিভাই কিছু সময়ৰ পাছত জেলেপিখন শেষ কৰাৰ লগে লগে শইকীয়াই আৰু এখন জেলেপি তাইলৈ আগবঢ়াই দিলে – “এইখনো খোৱাচোন, গৰম জেলেপি, ভাল পাবা৷“

গিৰিয়েকৰ মৰমতে তাই সকলো খং-অভিমান পাহৰি গ’ল৷ গিৰিয়েকে দিয়া জেলেপিখনো তাই খাই শেষ কৰিলে৷ জোৰ কৰি শইকীয়াই প্ৰতিভাৰ হাতত তৃতীয়খন জেলেপি তুলি দিলে৷ প্ৰতিভাই তৃতীয়খন জেলেপি খাই শেষ কৰি মাজনী আৰু বাবুৰ কাৰণে পাকঘৰলৈ পানী আনিবলৈ গ’ল৷

পাকঘৰৰ পৰাই প্ৰতিভাই শুনিলে – গিৰিয়েকে ডাঙৰকৈ এটা হাঁহি মাৰিছে আৰু একে ষ্টাইলতে মাজনী-বাবুয়েও দুটা-তিনিটা হাঁহি মাৰি দিছে৷ তাৰ পিছত ৰূমটোত হাঁহিৰ ৰগৰ উঠিল, যেন হাঁহিৰ আখৰাহে চলিছে!

প্ৰতিভাই খৰ-খেদাকৈ পানী লৈ গৈ হতবাক-বিস্ময়ত গিৰিয়েকৰ ফালে থৰ লাগি চাই ৰ’ল — অমল শইকীয়াই হাতত এখন জেলেপি লৈ নিৰ্ভয়ে আৰু পৰম আনন্দেৰে এনেকৈ খাই আছে যেন তেওঁ এইমাত্ৰ ভাৰতৰ হৈ চেঞ্চুৰী কোবাই আহি ভজা চিকেনৰ টুকুৰাহে কামুৰিছে!

মাকে দুৱাৰমুখতে থৰ লগা দেখি মাজনীয়ে ফিচিক্-ফাচাক্ হাহি মাৰি মাকৰ হাতৰ পৰা পানীৰ গিলাচ দুটা লৈ আহিল৷
“হেৰা! বছৰৰ মূৰত এবাৰ পূজা আহে; আৰু পূজাত যদি এখন জেলেপি নাখাওঁ, সেইটো কিবা জীৱন হ’ল নেকি? এইবিলাকেই হৈছে – ’আৰ্ট অব্ লিভিং’ বুইছা! জীয়াই থাকিলেই নহ’ব, পৰিপূৰ্ণভাৱে জীয়াই থকাৰ কৌশল আয়ত্ত কৰিবও পাৰিব লাগিব৷“

“মাজনী-বাবু! তহঁতে মোৰ কথাবোৰ মন দি শুনি আছনে?“
মাজনীয়ে টপৰাই উত্তৰ দিলে – “পূৰা শুনিছোঁ দেউতা! তোমাৰ মুখত কিন্তু আজি সৰস্বতী লম্ভিছে! কিয় বা?“

মাজনী-বাবুৱে একেদৰেই ফিচিক্-ফাচাককৈ হাঁহি থাকিল৷
অমল শইকীয়াই এইবাৰ উঠি গৈ প্ৰতিভাক টানি আনি ওচৰতে বহুৱাই ল’লে আৰু দ্বিতীয়খন জেলেপি হাতত তুলি লৈ ঘৈণীয়েকক উদ্দেশ্যি ক’বলৈ ধৰিলে – “চোৱা প্ৰতিভা, তোমাৰ দৃষ্টিত এইখন এখন সাধাৰণ জেলেপি হ’ব পাৰে, কিন্তু মোৰ দৃষ্টিত ই এখন সাধাৰণ জেলেপি নহয়৷ ইয়াৰ ৰূপ-ৰস-গন্ধে বহু মানুহক খন্তেক সময়ৰ বাবে হ’লেও পাহৰাই ৰাখিব পাৰে জীৱনৰ যন্ত্ৰণাবোৰ৷ সম্পূৰ্ণ এবছৰৰ পাছত এই জেলেপিখন যেতিয়া হাতত তুলি লওঁ, মনটোত এটা নতুন উদ্যম পাওঁ বুইছা! যেন কাইলৈৰ পৰা ডায়েবেটিচ ৰোগটোক প্ৰতিৰোধ কৰিবলৈ আৰু বেছি ভালকৈ প্ৰাণায়াম কৰিম! আৰু তুমি চিন্তা নকৰিবা বুইছা — “ৰাখে হৰি মাৰে কোনে? এখন বা দুখন জেলেপি খালে ডায়েবেটিচে গমেই নাপাব কি খালোঁ! হেঃ হেঃ হেঃ! হেৰা, একো নামাতা হ’লা যে? মুখলৈ অকণমান হাঁহিৰ ভাবটো আনাচোন আৰু মোক জেলেপিখন শান্তিৰে খাবলৈ দিয়া!“

গিৰিয়েকে ইখনৰ পিছত সিখনকৈ জেলেপি খোৱা দেখি প্ৰতিভাৰ বুকুখন কঁপি উঠিল৷ কি কৰিব তাই একো ধৰিব নোৱাৰিলে৷ চকুৱেদি তাইৰ ভমককৈ খংটো ওলাই আহিল – “আপুনিচোন যোৱাবাৰ পূজাতে প্ৰতিজ্ঞা কৰিছিল যে আপুনি হেনো আৰু কেতিয়াও জেলেপি নাখায়৷ তাৰ পিছতো?“

“থোৱা হে প্ৰতিজ্ঞা! মোৰ মতে কোনো জ্ঞানী মানুহেই প্ৰতিজ্ঞা নকৰে৷ জ্ঞানী মানুহ প্ৰতিজ্ঞা, বৰ, অভিশাপ আদিৰ পৰা দূৰত থাকে বুইছা৷ বালিৰ পুতেক অংগদে শ্ৰীৰামচন্দ্ৰৰ পৰা বৰ নোপোৱা হ’লে ব্যাধৰ শৰৰ বলি নহ’লহেঁতেন শ্ৰীকৃষ্ণ৷ প্ৰতিজ্ঞা-অভিশাপৰ বীভৎস ফলশ্ৰুতিতেই আমি অকালতে হেৰুৱাইছিলোঁ বীৰ অভিমন্যুক, দাতা কৰ্ণক৷ কি ঠিক, কিজানি কুৰুক্ষেত্ৰ সমৰৰ বাবে দায়ী আছিল ভীষ্মৰ শিলৰ ৰেখাৰ দৰে দৃঢ় প্ৰতিজ্ঞাবোৰ!“

খংটো শেষ হৈ এইবাৰ প্ৰতিভাৰ মুখখন অভিমানেৰে ভৰি পৰিল৷ জেলেপি খোৱাৰ আনন্দতে অমল শইকীয়াৰ মুখখন আখৈ ফুটাৰ দৰে ফুটিবলৈ ধৰিলে৷ মাজনী আৰু বাবু হাত-মুখ ধুবলৈ বুলি উঠি গ’ল৷

“হেৰা! কলেজত তুমি মোক প্ৰথমবাৰ ন’ কওঁতে, অৰ্থাৎ প্ৰথমবাৰতেই মই তোমাৰ পৰা বেয়াকৈ লাঠটো খাওঁতে ময়োচোন প্ৰতিজ্ঞা কৰিছিলোঁ — আজিৰ পৰা প্ৰতিভাৰ ছাঁটোকো নাচাওঁ বুলি! পিছত ক’তা? প্ৰতিজ্ঞা ফুচ্-ফাচ্! তোমাক মই বিয়াও কৰালোঁ৷ বিয়া কৰালোঁ কৰালোঁৱেই – আজি আমাৰ ল’ৰা-ছোৱালীও দুটা৷ মই প্ৰতিজ্ঞাটোতেই লাগি থকা হ’লে আজি আমাৰ এই সুখৰ সংসাৰখন হ’লহেঁতেননে বাৰু? হেৰা! প্ৰতিজ্ঞা কৰিলেই নহ’ব বুইছা, সময় আৰু প্ৰয়োজনসাপেক্ষে প্ৰতিজ্ঞা ভংগ কৰিবও পাৰিব লাগিব৷ অঁ, যোৱা বছৰ কিছু অজ্ঞানী আছিলোঁ বাবে জেলেপি নাখাওঁ বুলি প্ৰতিজ্ঞা কৰিছিলোঁ; এই বছৰ কিছু জ্ঞানী হৈছোঁ বাবে প্ৰয়োজনসাপেক্ষে সেই প্ৰতিজ্ঞা ভংগ কৰিছোঁ! জেমি টেইলৰে কি কৈছিল — ’যিজনে নিজৰ মত কেতিয়াও সলনি কৰিবলৈ নিবিচাৰে, তেওঁৰ মনটো এটা বন্ধ পিতনিৰ দৰে, য’ত কেৱল সাপৰহে বংশবৃদ্ধি হয়৷’ — বুইছা?“

এইবাৰ প্ৰতিভাই মাত মাতিলে — “হ’ব দিয়ক, আপুনি ইমান কথা ক’ব নালাগে৷ মই আপোনাৰ ভালৰ বাবেহে কৈছোঁ৷ আপোনাৰ লগত জড়িত হৈ আছে আমাৰ সংসাৰখনৰ সুখ আৰু ভৱিষ্যত৷ সদায় কথাবোৰ আপুনি ধেমালি কৰি উৰুৱাই দিয়ে৷ ডাক্তৰে আপোনাক মিঠা খাবলৈ একেবাৰে মানা কৰি থৈছে, তথাপি আপুনি —“

প্ৰতিভাৰ মনটো একেবাৰে মৰি গ’ল৷ শইকীয়াই তাইক শান্ত্বনা দিলে — “হ’ব দিয়া, তুমি ইমান চিন্তা নকৰিবা৷ মোৰ গাটো অকণো বেয়া নহয়৷ কিবা অসুবিধা হ’লে ডাঃ বেজবৰুৱাচোন হাতেৰে ঢুকি পোৱাতে আছে! আৰু ভগৱানতকৈ ডাঙৰ ডাক্তৰ নাইহে বুইছা!“

সন্ধিয়া হৈ আহিল৷ মনটো তেনেই মাৰি, মুখেৰে আৰু এটাও শব্দ উচ্চাৰণ নকৰাকৈ প্ৰতিভা গিৰিয়েকৰ কাষৰ পৰা উঠি গ’ল৷ গাটো তিয়াই সন্ধিয়া-সেৱা কৰিবৰ বাবে তাই অঙঠা দুটামান যোগাৰ কৰিলে৷ ধূনামলাটো লৈ তাই যেতিয়া আহি গিৰিয়েকৰ ভৰি দুটা চুইছিলহি, শইকীয়াই মন কৰিছিল – প্ৰতিভাই যেন তেওঁৰ ভৰি দুটা বেছি জোৰেৰে সাৱটি ধৰিছিল৷

গোসাঁইঘৰৰ পৰা ওলাই আনদিনাৰ দৰে আজি প্ৰতিভা গিৰিয়েকৰ কাষত নবহিল৷ পোনে পোনে ভাত ৰান্ধিবলৈ বুলি তাই সোনকালেই পাকঘৰত সোমাল৷ পাকঘৰত তাই কামত একেবাৰে মন বহুৱাব নোৱাৰিলে৷ অবাঞ্ছিত ভয় আৰু বিষাদ এটাই তাইক হেঁচা মাৰি ধৰি থাকিল৷

ৰাতি ভাত-পানী খাই উঠাৰ পিছতো প্ৰতিভাৰ মনটো একেদৰেই থাকিল৷ শোৱাৰ সময়ত গিৰিয়েকক আঁঠুৱাখন তৰি দি থাকোতে শইকীয়াই প্ৰতিভাক হাত এখনত আলফুলকৈ ধৰি টানি আনি ওচৰতে বহুৱাই ক’লে — “চোৱা প্ৰতিভা, মই তোমাক কথা দিলোঁ — আজিৰ পৰা আৰু মই কেতিয়াও জেলেপি নাখাওঁ৷ ভুলতো(!) চেনি দিয়া চাহ নাখাওঁ৷ প্লীজ, তুমি মনটো মাৰি নাথাকিবাচোন৷“

প্ৰতিভাই এটা শব্দও উচ্চাৰণ নকৰিলে৷ মাথোঁ তাইৰ চকু দুটা চলচলীয়া হৈ পৰিল৷

আনদিনাৰ দৰে প্ৰতিভা আৰু মাজনী ডাঙৰ ৰূমটোতে শুলে৷ বাবু তাৰ নিজৰ কোঠাত অকলে৷ শইকীয়া এই মাজৰ ৰূমটোতে শোৱে৷ বিছনাখনত গাটো দীঘলাই দি জীৱনত হাজাৰবাৰ ভবাৰ দৰে তেওঁ আজিও ভাবিলে — হে নাৰী, দেৱতায়ো তোমাক নুবুজিলে! বোলোতে অমুকা কোন কুটা!

ৰাতি একমান বজাত শইকীয়াই সাৰ পালে৷ গাটো কিবা অকণমান বেয়া বেয়া লাগিছে৷ হঠাতে তেওঁৰ মনত পৰিল — ৰাতি ভাত খাই তেওঁ ডায়েবেটিচৰ টেবলেট খাবলৈ পাহৰিছে৷ লাহেকৈ লাইটটো অন্ কৰি নিঃশব্দে তেওঁ পাকঘৰৰ ফালে যাবলৈ ধৰিলে৷ ডাইনিং ৰূমৰ বেৰ এখনত আঁৰি থোৱা পলিথিন এটাতে শইকীয়াই টেবলেটবোৰ ৰাখে, যাতে ভাত খায়ে মনত পৰে৷ শইকীয়াই তাৰ পৰা টেবলেট এটা উলিয়াই ল’লে৷ টেবলেটটো খোৱাৰ আগতে তেওঁ ছুগাৰ-ফ্ৰী বিস্কুট এটা খোৱাৰ কথা ভাবিলে৷ ছুগাৰ-ফ্ৰী বিস্কুটৰ টেমাটো বিচাৰোতে হঠাতে তেওঁৰ চকুত পৰিল এটা টোপোলা৷ খুলি চাই দেখে – তেওঁলোক আটায়ে খোৱাৰ পিছতো ৰৈ যোৱা জেলেপি কেইখনমান৷ শইকীয়াই আপোনপাহৰা হৈ জেলেপি এখন হাতত তুলি ল’লে আৰু লাহে-লাহে খাবলৈ আৰম্ভ কৰিলে৷ জেলেপিখন খাই শেষ কৰি টোপোলাটো আকৌ আগৰ ঠাইত থৈ হাততে থকা টেবলেটটো সাউৎকৰে পানী অকণমানৰ সৈতে গিলি ৰূমলৈ বুলি ঘূৰোঁতেই তেওঁ দেখিলে পাকঘৰৰ দুৱাৰমুখত ইতিমধ্যে গোটেই দৃশ্য প্ৰত্যক্ষ কৰি থকা প্ৰতিভাক৷ তাইৰ দুগালেৰে কেৱল চকুপানী বৈ আছিল৷

অমল শইকীয়াই সকলো সহ্য কৰিব৷ কোনোবাই কোবাই তেওঁৰ ভৰি দুখন ভাঙি দিয়ক – তাকো তেওঁ সহ্য কৰিব৷ কিন্তু জীৱনত যিটো বস্তু তেওঁ কেতিয়াও সহ্য কৰিব নোৱাৰে, সেইটো হ’ল নাৰীৰ চকুৰ চকুপানী৷ শইকীয়াই গভীৰভাৱে উপলব্ধি কৰিলে — খন্তেক আগতে যিখন জেলেপি তেওঁ খালে, সেইখনেই আছিল তেওঁৰ জীৱনৰ শেষৰখন জেলেপি৷

কেতিয়াবা কিবা কাৰণত প্ৰতিভাৰ চকুত চকুপানী দেখিলে তৎক্ষণাৎ দৌৰি গৈ মচি দিয়া অমল শইকীয়াৰ আজি প্ৰতিভাৰ চকুপানীখিনি মচি দিবলৈ আগবাঢ়িবলৈ ভয় লাগিল৷ এক অচিনাকি ভয়, যিটো ভয় আগতে তেওঁ কেতিয়াও অনুভৱ কৰা নাছিল৷ ’চকুৰ পানীৰে পূৰ অনন্ত-নীৰৱ’ — নাৰীৰ এই অনন্য ৰূপটোক অমল শইকীয়াই কিয়, পৃথিৱীৰ প্ৰত্যেকজন পুৰুষেই ভয় কৰে৷ তেতিয়া ৰাতি এক বাজি কুৰি মিনিট গৈছিল৷ দুয়ো দুয়োলৈ নিৰ্বাক হৈ চাই থাকিল৷

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments