জেৰেঙা কেনে আছ তই ! -(ৰ’দালি সপোন বুঢ়াগোহাঞি)

জেৰেঙা কেনে আছ তই !
-ৰ’দালি সপোন বুঢ়াগোহাঞি
 
জেৰেঙা
কেনে আছ তই
কেঁচা তেজবোৰ শুকাল নেকি
জেৰেঙা
উচুপি উচুপি জোনটো আহিছিল
এখুজি দুখুজিকৈ
চেঁচা পৰি আহিছিল এটি সোণবৰণীয়া দেহা
মকুতাবোৰ দুবৰিত সৰি পৰিছিল
কঁপি উঠিছিল মাথো ওঁঠযুৰি
চকুত মাথো এটি আশা
পূৰ হ’বনে ?
জেৰেঙা
সেইদিনা নগাপাহাৰত
কঁপিছিল এখনি বুকু
হাহাকাৰ কৰি উঠিছিল
কোনেও দেখা নাছিল,
শুনা নাছিল,বুজা নাছিল…
ক’লা হৈ যোৱা কলিজাৰ বেথা
ঢপলিয়াই আহিছিল
শুনিবলৈ পাব জানো সেই মৌসনা মাতষাৰি ‘বঙহৰদেউ’ বুলি
দেখা পাবনে তেওঁক?
জেৰেঙা ঐ
তই শুনিছনে
বুকত আছিল সীমাহীন ভালপোৱা
এয়ে যে শেষ দেখা দুটি জীৱনৰ
“বঙহৰদেউ তুমি যোৱাগৈ
দেশৰ বাবে দহৰ বাবে”
জেৰেঙা
সোঁৱৰণী পাতখিলা বুটলি থ’বি
ভালে থাকিবি
 

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments