জৈৱিক খেতিৰ অৰ্থনীতি আৰু ৰাজনীতি: গুচিবনে ভোকাতুৰৰ পেটৰ ভোক? (ড° পংকজ বৰা)

———————–
প্ৰাকৃতিক ভাবে উৰ্বৰ ভূমি আৰু সম্পদৰ অধিকাৰী উত্তৰ-পূৱ ভাৰতক স্বাধীনোত্তৰ কালৰে পৰা প্ৰতিখন চৰকাৰেই মাহী আইৰ দৃষ্টিৰে চাই অহা বুলি সততেই হুমুনিয়াহ কাঢ়ি থকা হয়৷ ব্ৰহ্মপুত্ৰ, বৰাককে ধৰি আন বহু নদী-উপনদীৰ পলসেৰে বিধৌত প্ৰাকৃতিকভাৱে উৰ্বৰ ভূ-খণ্ডক স্বামীনাথনৰ সেউজ-বিপ্লৱ বা কুৰিয়েণৰ শ্বেত-বিপ্লৱে স্পৰ্শই কৰিব নোৱাৰিলে৷ উত্তৰ-পূৱৰ ঔদ্যোগিক অনগ্ৰসৰতাৰ লগতে প্ৰচুৰ সম্ভাৱনময় কৃষিখণ্ডও দুখঃজনকভাৱে অবিকশিত হৈ ৰ’ল৷ ভাৰতৰ নতুন প্ৰধানমন্ত্ৰী শ্ৰীযুত নৰেন্দ্ৰ মোদী ডাঙৰীয়াই সংসদত দিয়া প্ৰথম ভাষণত উত্তৰ-পূৱ ভাৰতক জৈৱিক-কৃষিৰ কৰ্ষণ স্থলী হিচাপে গঢ়ি তুলি আন্তঃৰাষ্ট্ৰীয় পৰ্য্যায়ত তুলি ধৰাৰ কথা ঘোষণা কৰাত অসমৰ লগতে উত্তৰ-পূৱৰ কেউখন ৰাজ্যতে এই বিষয়ে ব্যাপক চৰ্চা আৰম্ভ হৈছে৷ বিজেপি চৰকাৰৰ প্ৰথমখন বাজেটত উত্তৰ-পূৱত জৈৱিক খেতিৰ বিকাশৰ বাবে ১০০ কোটি টকাৰ বিশেষ ধনৰাশি অনুমোদন কৰিছে৷ প্ৰথম দৃষ্টিত ইয়াক এক ধনাত্মক পদক্ষেপ বুলিয়েই ক’ব লাগিব, যদিও জৈৱিক খেতিৰ লগত জড়িত কিছু ভিতৰুৱা কথা নিৰ্মোহ আলোচনাৰ প্ৰয়োজন৷ তাৰেই এক সাধাৰণ পদক্ষেপ হিচাপে এই চমু লিখনিৰ জড়িয়তে কিছু চালি-জাৰি চোৱাৰ প্ৰয়াস কৰা হৈছে৷ এই লিখনিৰ যোগেদি লেখকে জৈৱিক কৃষিজাত সামগ্ৰীৰ সমৰ্থন বা বিৰোধিতা কৰা বুলি ধৰাটো নিষ্প্ৰয়োজন৷

জৈৱিক খেতিনো কি?
জৈৱিকখেতিবুলি ক’লেসাধাৰণতেকৃত্ৰিমসাৰ, কীটনাশকঔষধ আদিব্যৱহাৰৰনকৰাকৈ প্ৰাকৃতিক সমলেৰেখাদ্য-শস্যউৎপাদনকৰাকৃষিপদ্ধতিকবুজোৱা হয়।জৈৱিক খেতি পদ্ধতিতমাটিৰউৰ্বৰাশক্তিবৃদ্ধিকৰিবলৈকৃত্ৰিম সাৰৰ পৰিৱৰ্তেসেউজসাৰ, পচনসাৰ, কেঁচুসাৰআদিৰ লগতে শস্যাৱৰ্তন আদি প্ৰাকৃতিক পদ্ধতিৰ ব্যৱহাৰকৰাহয়। খেতিডৰাক পোক-পতংগ, ভেঁকুৰ, বেক্টেৰিয়া বা ভাইৰাছ আদি পৰা ৰক্ষা কৰিবৰ বাবেৰাসায়নিকভাৱে সাংশ্লেষিক পদাৰ্থৰ সলনিপ্ৰাকৃতিকভাৱেবিভিন্নগছ-লতাৰপৰাপ্ৰস্তুত বা আহৰণকৰাঔষধপ্ৰয়োগকৰাহয়।শস্যাৱৰ্তনপদ্ধতিয়েও প্ৰাকৃতিকভাৱে জৈৱ-নিয়ন্ত্ৰণত সহায় কৰে৷জৈৱিক কৃষিপদ্ধতিতউৎপাদনৰ বৃদ্ধি কৰিবৰবাবেবৰ্ণ-সংকৰনাইবাজিনীয়পৰিবৰ্তনঘটাইউদ্ভাৱনকৰাজাত ব্যৱহাৰ কৰিব নোৱাৰে৷ জৈৱিক খেতিয়ে কেৱল উদ্ভিদজাত কৃষিক্ষেত্ৰকেই নহয়, বৰং মীনপালন, পশুপালন, মৌ-পালন বা আন আন আনুসংগিক ক্ষেত্ৰসমূহকো সাঙুৰি লৈছে৷ গতিকে জৈৱিক কৃষিৰ অন্তৰ্গত সংশ্লিষ্ট এইক্ষেত্ৰসমূহটো কৃত্ৰিম কৰ্ষণ পদ্ধতি, বৰ্ণসংকৰ সঁচ, এন্টিবায়’টিক, সাংশ্লেষিক হ’ৰ্মন, আন ৰাসায়নিক দৰৱ, আৰু সাংশ্লেষিক কৃত্ৰিম খাদ্য আদি প্ৰয়োগ কৰা নহয়৷ প্ৰকৃতাৰ্থত আমাৰ অসমৰ গাঁৱে-ভূঞে এতিয়াও চলি থকা ধানখেতিৰ বেছিভাগেই জৈৱিক কৃষিৰ পৰ্য্যায়তেই আছে৷ কিন্তু শাক-পাচলি, ফল-মূল আদিৰ খেতিত অনিয়ন্ত্ৰিত আৰু অবৈজ্ঞানিক ভাৱে যধে-মধে ৰাসায়নিক কীটনাশক, সাৰ আদিৰ প্ৰয়োগ কৰি জনস্বাস্থ্যৰ প্ৰতি বৃহৎ ভাবুকিৰ সৃষ্টি কৰিছে৷ শেহতীয়া ভাৱে এনে কীটনাশক দ্ৰৱ্য বা ৰাসায়নিক সাৰ প্ৰস্তুতকাৰী প্ৰতিষ্ঠান সকলে কৃষক সকলক ভুল পথেৰে পৰিচালিত কৰি অপ্ৰয়োজনীয় ভাৱে এই দ্ৰব্য সমূহ বজাৰত মেলি মুনাফা লুটাৰ ছবি খন জনপ্ৰিয় অভিনেতা আমিৰ খানে এটা টিভি চেনেলৰ যোগেদি সম্প্ৰচাৰিত তেখেতৰ শ্ব’ ‘সত্যমেৱ জয়তেৰ’ Poison on our plate শীৰ্ষক এটা খণ্ডত (http://www.satyamevjayate.in/toxic-food/toxic-food.aspx) সুন্দৰভাৱে দাঙি ধৰিছিল৷

যুদ্ধোত্তৰ কালৰ ইতিহাস: নৰসংহাৰী মাৰণাস্ত্ৰৰ পৰা কৃষি বিপ্লৱলৈ

১৯২০ চন মানলৈকে পৃথিৱীৰ প্ৰায়ভাগ কৃষিকাৰ্য্যই জৈৱিক পদ্ধতিৰে কৰা হৈছিল৷ দ্বিতীয় বিশ্বযুদ্ধৰ পিচৰে পৰা এক বৃহৎ পৰিৱৰ্তনৰ সূচনা হয়৷ যুদ্ধৰ সময়চোৱাত পশ্চিমৰ দেশসমূহৰ ৰাসায়নিক তথা যান্ত্ৰিক উদ্যোগসমূহতমাৰণাস্ত্ৰ প্ৰস্তুত কৰিবৰ বাবে বৃহৎ অংকৰ ধন বিনিয়োগ কৰা হৈছিল৷ যুদ্ধ শেষ হোৱাৰ পিচত এনে বহু উদ্যোগৰ কাম নোহোৱা হ’ল আৰু মৃত্যুৰ ক্ষণ গণিবলৈ ধৰিলে৷ তেতিয়া উদ্যোগসমূহত উৎপাদিত সামগ্ৰীসমূহ আন কামত কেনেকৈ ব্যৱহাৰ কৰিব পাৰি তাৰ অনুসন্ধান চলিবলৈ ধৰিলে৷ উদাহৰণ স্বৰূপে যুদ্ধত ব্যৱহৃত নৰসংহাৰী বিষাক্ত গেছ সমূহে কীট-পতংগকো নিৰ্মূল কৰিব পাৰে বুলি জানিব পৰা হোৱাত, সেইবোৰক খেতিৰ পথাৰত কীটনাশক হিচাপে ব্যৱহাৰৰ পৰীক্ষা কৰা হ’ল৷ যুদ্ধৰ বাবে অস্ত্ৰ-শস্ত্ৰ তৈয়াৰ কৰা উদ্যোগ সমূহে কৃষি-যান্ত্ৰিকীকৰণৰ সঁজুলি, গাড়ী-মটৰ আদি উদ্ভাৱনত নামিল৷ ১৯৩৯ চনত পাওল মুলাৰে ডিডিটি আৱিষ্কাৰ কৰে আৰু ইয়াক কীটনাশক হিচাপে বহুল ৰূপত ব্যৱহাৰ কৰা আৰম্ভ হয়৷ এইনতুন কৃষিপদ্ধতিৰঅংশহিচাপেমাটিচহকৰিবলৈইন্ধনচালিতট্ৰেক্টৰ, মাটিৰউৰ্বৰতাবৃদ্ধিকৰিবলৈৰাসায়নিকসাৰ, অধিকউৎপাদনৰবাবেবৰ্ণসংকৰবীজআৰুশস্যৰক্ষাৰবাবেৰাসায়নিকঔষধব্যৱহাৰহ’বলৈধৰে।ইয়াৰলগেলগেখাদ্য-শস্যৰউৎপাদনক্ৰমেবৃদ্ধিপাবলৈধৰে, আৰুএইনতুনধাৰাৰকৃষিকচমকপ্ৰদ পৰিৱৰ্তনক বিপ্লৱৰ লগত তুলনা কৰিসেউজবিপ্লৱ (Green revolution) নামেৰেনামকৰণকৰাহয়।উদ্যোগীকৰণৰ সেই ৰেঁনেছাৰ সময়ৰ পৰাই পৃথিৱীত যুগ-যুগ ধৰি চলি অহা জৈৱিক খেতি পদ্ধতিৰ আনুষ্ঠানিক পৰিসমাপ্তি ঘটা বুলি ধৰা হয়৷

জৈৱিক খেতিৰ পুনৰুত্থান:
যুদ্ধোত্তৰ যুগৰ সেউজবিপ্লৱৰচমকপ্ৰদপৰিবৰ্তনকএচামলোকেসহজভাৱেলোৱানাছিল। সমসাময়িক ভাৱে ইউৰোপত জৈৱিক কৃষিপদ্ধতিৰ বিষয়ে ব্যাপক সচেতনতাৰ আৰম্ভ হয়৷ ১৯৪০ চন মানত ইংলেণ্ডত এই সচেতনতাই বিশেষ ভাৱে প্ৰভাৱ বিস্তাৰ কৰে৷ সেউজ বিপ্লৱৰ আগ্ৰাসনক বিৰোধিতা কৰা অন্যতম আগৰণুৱা ব্যক্তি আছিলঅষ্ট্ৰিয়াৰদাৰ্শনিকৰ’ডল্ফষ্টেইনাৰ, যিএলানিবক্তৃতাৰ জড়িয়তেজনসাধাৰণক মাজতৰাসায়নিকসাৰৰকু-প্ৰভাৱৰবিষয়েসজাগকৰিবলৈপ্ৰয়াস কৰিছিল আৰু নিজে ‘বায়’ডায়নেমিক কৃষিপদ্ধতি’ বুলি একধৰণৰ জৈৱিক কৃষি পদ্ধতিৰ প্ৰচলন আৰম্ভ কৰে।তেখেতৰ এই বক্তৃতালানি আৰু ‘বায়’ডায়নেমিককৃষিপদ্ধতি’ৰ আন্দোলনেইংলেণ্ডৰঅক্সফৰ্ডবিশ্ববিদ্যালয়ৰকৃষিবিজ্ঞানৰস্নাতকলৰ্ডনৰ্থবৰ্ণ নামৰ এজন ব্যক্তিক প্ৰভুত ভাৱেপ্ৰভাৱিত কৰে আৰুতেখেতেনিজেএই প্ৰাকৃতিকধাৰাৰেখেতিকৰিবলৈআৰম্ভকৰেপাছলৈতেখেতেএইনতুনধাৰাৰকৃষি পদ্ধতিকপোনপ্ৰথমবাৰৰবাবে Organic Farming নামেৰেনামকৰণকৰি১৯৪০চনত “Look to the Land” শিৰোনামৰকিতাপখনপ্ৰকাশকৰে৷ ইয়াৰ পিচৰে পৰা জৈৱিককৃষিৰপ্ৰসাৰক্ৰমেবাঢ়িবলৈলয়। অবিভক্ত ভাৰত আৰু বংগদেশত কৰ্মৰত ব্ৰিটিছ উদ্ভিদ-বিজ্ঞানী চাৰ এলবাৰ্ট হোৱাৰ্ট আৰু তেখেতৰ পত্নী গ্ৰেবিয়েল্লে (তেখেতো উদ্ভিদ বিজ্ঞানী আছিল) ভাৰতৰ পৰম্পৰাগত কৃষি পদ্ধতিৰ ওপৰত বিস্তৃত অধ্যয়ন কৰি An Agricultural Testament নামৰ এখন কিতাপ প্ৰকাশ কৰে ১৯৪০ চনত৷ এই কিতাপখনে পশ্চিমৰ দেশসমূহত সমসাময়িক জৈৱিক খেতিৰ উদ্যোক্তা সকলক ভাৰতীয় পৰম্পৰাগত কৃষিপদ্ধতিৰ আধাৰত আধুনিক জৈৱিক কৃষিপদ্ধতি বিকাশ কৰিবৰ বাবে বিশেষ ভাৱে অনুপ্ৰাণিত কৰে৷

১৯৬২ চনত ৰাছেল কাৰ্ছন নামৰ লেখিকা এগৰাকীয়ে Silent Spring নামৰ এখন কিতাপ প্ৰকাশ কৰি নিয়ন্ত্ৰণবিহীনভাৱে ব্যৱহাৰ কৰিবলৈ লোৱা ৰাসায়নিক সাৰ, কীটনাশক, জৈৱনিয়ন্ত্ৰক আদিৰ তীব্ৰ সমালোচনা কৰে৷ কিতাপখনৰ শীৰ্ষকৰ যোগেদি অতিমাত্ৰা ডিডিটিৰ অপপ্ৰয়োগৰ ফলত গানগোৱা চৰাইৰ অপমৃত্যু হোৱাত নিস্তব্ধ হৈ পৰা বসন্ত কালৰ এখন প্ৰতিচ্ছবি তুলি ধৰা হৈছিল৷১৯৭২চনতআমেৰিকাতআধুনিককৃষিৰএকপ্ৰধানআহিলা ডিডিটিৰব্যৱহাৰনিষিদ্ধঘোষণা কৰা হয়। লাহে লাহে জৈৱিক খেতিৰ এই ধাৰণা আন আন দেশ সমূহলৈ বিয়পিবলৈ আৰম্ভ কৰে৷ ১৯৭২ চনত ফ্ৰান্সত International Federation of Organic Agriculture Movements বা চমুকৈ IFOAM প্ৰতিষ্ঠা কৰা হয়৷ বিশ্বৰ জৈৱিক কৃষি আন্দোলনৰ সমন্বয়ৰক্ষী সংস্থালৈ পৰিণত হোৱা IFOAM ৰ বৰ্তমানৰ মুখ্য-কাৰ্য্যালয় জাৰ্মানীৰ ব’ন চহৰত আৰু ইয়াৰ ১১৭ খন দেশ জুৰি প্ৰায় ৮০০ সদস্য আছে৷

বিশ্ব পৰিৱেশৰ অৱক্ষয়, জনসংখ্য বৃদ্ধি আৰু বিশ্বজনতাৰখাদ্য সুৰক্ষা:
পৃথিৱীৰ জনসংখ্যা দ্ৰুতগতিত বৃদ্ধি পাইছে আৰু ২০৫০ চন পৰ্য্যন্ত পৃথিৱীৰ জনসংখ্যা প্ৰায় ৯০০ কোটি (৯বিলিয়ন) হ’বগৈ বুলি অনুমান কৰা হৈছে৷কিন্তু পৃথিৱীৰ কৃষি উপযোগী ভূখণ্ডৰ উৰ্বৰতা দিনে দিনে কমি আহিছে৷ বিশেষকৈ বিশ্ব পৰিৱেশৰ দ্ৰুত অৱক্ষয়ে কৃষিৰ উৎপাদনশীলতাক ব্যাপক ভাৱে ক্ষতিগ্ৰস্ত কৰিছে৷ ল’বেল আৰু তেখেতৰ সহযোগী সকলে কৰা এক বিস্তৃত গৱেষণাত প্ৰকাশ পাইছে যে বিশ্ব পৰিৱেশৰ অৱক্ষয়ৰ ফলত ২০৩০ চনলৈ ধান, ঘেঁহু, গোমধান আদি প্ৰধান খাদ্যশস্যৰ উৎপাদন ৫০% পৰ্য্যন্ত কমি যাব৷ ১৭৯৮ চনতে থ’মাছ মালথুজ নামৰ বিজ্ঞানী এজনে An Essay on the Principle of Population শীৰ্ষক গ্ৰন্থত কৃষিৰ উৎপাদনশীলতা আৰু জনসংখ্য বৃদ্ধিৰ পাৰস্পিক নিৰ্ভৰশীলতাৰ পাৰিসাংখিক তুলনা কৰি ‘মালথুজিয়ান মহাপ্ৰলয়’ নামৰ এক সূত্ৰ প্ৰকাশ কৰিছিল৷ এই সূত্ৰ অনুসৰি জনসংখ্যাৰ বৃদ্ধি হয় সূচকীয় গতিত আৰু খাদ্যসম্ভাৰৰ বৃদ্ধি হয় জ্যামিতিক গতিত (চিত্ৰ ১)৷ গতিকে এটা সময়ত গৈ জনসংখ্যা বৃদ্ধিয়ে খাদ্যৰ উপলব্ধিৰ পৰিমাণক চেৰাই যাবগৈ, আৰু তেতিয়াই খাদ্যৰ অভাৱৰ বাবে মহাপ্ৰলয়ৰ সূচনা হ’ব; ভোকাতুৰ, দৰিদ্ৰ, ৰুগীয়া, পুষ্টিহীন লোকৰ সংখ্যা বৃদ্ধি হৈ মানৱ সভ্যতা বিপদাপন্ন হৈ পৰিব৷ লাহে লাহে পৃথিৱীয়ে সেই অনুমানিত মহাপ্ৰলয়ৰ দিশলৈ গতি কৰা যেন অনুভৱ হয়৷

বিৱৰ্তনীয় সূত্ৰ অনুসৰি প্ৰকৃতিৰ বহনশীলতা অতিক্ৰম কৰিলে প্ৰকৃতিয়ে নিজেই প্ৰতিযোগিতাৰ দ্বাৰা ‘যোগ্য ভোগ্য বসুন্ধৰা’ নীতিৰ আধাৰত সন্তুলন ৰক্ষাৰ চেষ্টা কৰে৷ জনসংখ্যাৰ অনুপাতে প্ৰয়োজনীয় খাদ্যসামগ্ৰীৰ যোগান কমি গ’লে ধনীক দেশৰ নাগৰিকে বা দুখীয়া দেশৰ ধনী শ্ৰেনীৰ নাগৰিকে উচ্চ মূল্য বহন কৰি হ’লেও ভোক নিবাৰণ কৰিবলৈ সক্ষম হ’ব৷ কিন্তু দুখীয়া জনতাৰ কি হ’ব? প্ৰকৃতিৰ ‘যোগ্য ভোগ্য বসুন্ধৰা’ নীতিৰ আধাৰাত ভোক নিৰাময় কৰিবলৈ অযোগ্য হোৱাৰ অপৰাধত দুখীয়া শ্ৰেণী তিল তিলকৈ মৃত্যুমুখত পৰিব নেকি? ইতিমধ্যে ৰাষ্ট্ৰসংঘৰ অধীনস্থ ‘খাদ্য আৰু কৃষি সংস্থা’ৰ ( Food and Agriculture Organisation বা চমুকৈ FAO) ২০১০ চনৰ তথ্য অনুসৰি পৃথিৱীৰ সৰ্বমুঠ জনসংখ্যাৰ ১৩-১ % লোক ভোকাতুৰ, অৰ্থাৎ পৃথিৱীৰ প্ৰতি ৭ জন লোকৰ বিপৰীতে এজন লোকে ৰাতি ভোকাতুৰ পেটলৈ নিদ্ৰাত পৰে৷অতি ভয়াবহ তথ্যটো হ’ল উন্নয়ন বা বিকশিত অৰ্থনীতিৰ ঢোল পিটি থকা ভাৰতবৰ্ষ এতিয়াও বিশ্বৰ ভোকাতুৰ জনতাৰ ৰাজধানী, য’ত প্ৰতি ৪ জন লোকৰ এজন ভোকাতুৰ৷ এক অভাৱনীয় চিত্ৰপট!

জৈৱিক খেতিয়ে পাৰিবনে ভোকাতুৰ জনতাৰ ক্ষুধা নিবাৰণ কৰিবলৈ?
পৰিৱৰ্তিত পৰিৱেশৰ প্ৰেক্ষাপটত ক্ৰমবৰ্ধমান জনসংখ্যাৰ বাবে খাদ্যৰ যোগান কিদৰে ধৰা হ’ব সেয়া মানৱজাতিৰ বাবে এক প্ৰত্যাহ্বান হৈ দেখা দিছে৷ বিশ্বজনতাৰ বাবে প্ৰয়োজনীয় খাদ্যৰ ক্ৰমবৰ্দ্ধমান চাহিদা পূৰণ কৰিবৰ বাবে আধুনিক কৃষিপদ্ধতি, কৃষিপ্ৰযুক্তি, জৈৱ-প্ৰযুক্তিয়ে কৃষিক্ষেত্ৰত উৎপাদন বঢ়াবৰ চেষ্টা কৰিছে৷ আনহাতেদি, জৈৱিক কৃষিৰ সমৰ্থক সকলে এনে নতুন প্ৰযুক্তি ব্যৱহাৰৰ বিৰোধিতা কৰিছে৷ দুয়োটাই সম্পূৰ্ণ বিপৰীতধৰ্মী পদক্ষেপ৷ কিন্তু গুৰুত্বপূৰ্ণ কথাটো হ’ল জৈৱিক কৃষিপদ্ধতিৰ উৎপাদন, আধুনিক কৃষিপদ্ধতিতকৈ বহুগুণে কম৷ শেহতীয়াভাৱে নেচাৰ আলোচনীত প্ৰকাশিত এক গৱেষণা পত্ৰই আধুনিক উন্নত কৃষিপদ্ধতি আৰু জৈৱিক কৃষিপদ্ধতিৰ উৎপাদন ক্ষমতাৰ তুলনামূলক অধ্যয়ন কৰি প্ৰমাণিত কৰিছে যে জৈৱিক কৃষিপদ্ধতিৰ উৎপাদন ক্ষমতা , আধুনিক উন্নত কৃষিপদ্ধতিৰ তুলনাত ২৫% কম৷ এনে প্ৰেক্ষাপটত ক্ৰমবৰ্দ্ধিত চাহিদাৰ বিপৰীতে জৈৱিক কৃষিৰ নিম্ন উৎপাদনশীলতাই বিশ্বজনতাৰ ভোক নিবাৰণ কৰিব পাৰিবনে, সেইয়া এক হাজাৰটকীয়া প্ৰশ্ন?

জৈৱিক খাদ্যৰ বজাৰ আৰু অৰ্থনীতি: এক চমু আভাস
জৈৱিক খাদ্যৰ চাহিদা আমেৰিকা আৰু ইউৰোপৰ বজাৰত যোৱা এটা দশকত যথেষ্ট বৃদ্ধি পাইছে৷ ২০১০ চনত আমেৰিকাৰ বজাৰত ৪% খাদ্যবস্তু জৈৱিক কৃষিজাত আছিল আৰু ২০১৮ চনলৈ ই প্ৰায় ১৪% হ’বগৈ বুলি ধাৰণা কৰা হৈছে৷ ইউৰোপত জৈৱিক কৃষিজাত সামগ্ৰীৰ বজাৰ খন ২০১২ চনলৈকে মুঠ খাদ্যবজাৰখনৰ ৫.৬ % আছিল৷ নিজা নিজা দেশত উৎপাদনৰ উপৰিও এই বজাৰবোৰলৈ খাদ্যৰ যোগান হৈ আছে এছিয়া, আৰু আফ্ৰিকাৰ পৰা৷ ২০১১ চনৰ তথ্য অনুসৰি বিশ্বজুৰি ১৮ লাখ জৈৱিক খেতিয়ক বা জৈৱিক খেতি কৰা ফাৰ্ম আছে৷ তাৰ ভিতৰত ৩৪% এছিয়াৰ, ৩০% আফ্ৰিকাৰ, ১৬% ইউৰোপৰ, বাকী খিনি আন আন দেশৰ৷ ইয়াৰ ভিতৰত ভাৰতবৰ্ষৰ স্থান প্ৰথম (৫.৫ লাখ খেতিয়ক), উগাণ্ডা দ্বিতীয় (১.৯ লাখ খেতিয়ক) , তৃতীয় স্থানত মেস্কিক’(১.৭ লাখ খেতিয়ক)৷পৃথিৱীৰ এক তৃতীয়াংশ কৃষিভূমি (১২০ লাখ হেক্টৰ) আৰু ৮০ % জৈৱিকখেতিয়কে পশ্চিমীয়া দেশৰ বজাৰৰ ভোক্তাৰ বাবে জৈৱিক খাদ্যৰ যোগান ধৰি আহিছে৷ ২০১১ চনত জৈৱিক খেতিৰ এই বজাৰখনৰ মূল্য আছিল ৬৩০০ কোটি আমেৰিকান ডলাৰ আৰু ২০০২ চনৰ পৰা ই ১৭০% বৃদ্ধি হোৱা বুলি ঠাৱৰ কৰা হৈছে৷ ২০১১ চনলৈকে বিশ্বৰ সৰ্ববৃহৎ জৈৱিক খাদ্যৰ বজাৰখন আছিল আমেৰিকা, তাৰ পিছতেই জনমূৰি হিচাপত জৈৱিক খাদ্যৰ ব্যৱহাৰৰ শীৰ্ষ তালিকাত আছিল চুইজাৰলেণ্ড, ডেনমাৰ্ক আৰু লুক্সেমবাৰ্গ৷ গতিকে উন্নয়নশীল বা দুখীয়া দেশসমূহ হ’ল উৎপাদনকৰ্তা আৰু চহকী দেশসমূহ হ’ল উপভোক্তা৷ সাধাৰণতে জৈৱিক পদ্ধতিৰে উৎপাদিত খাদ্যৰ মূল্য সাধাৰণ খাদ্যতকৈ ২ৰ পৰা ২০০%পৰ্য্যন্ত বেছি৷ গতিকে স্বাভাৱিকতেই উন্নয়নশীল বা দুখীয়া দেশসমূহৰ খেতিয়ক সকল জৈৱিক খেতিৰ প্ৰতি আগ্ৰহী হৈ পৰাটো স্বাভাবিক পৰিঘটনা৷ কিন্তু কথা হ’ল ধনী দেশৰ উপভোক্তাক তথাকথিত উচ্চমানদণ্ডৰ খাদ্যৰ যোগান ধৰা খেতিয়ক সকলে, নিজৰ দেশৰ দুখীয়া ভোকাতুৰ সকলৰ সংখ্যা দুগুণে নবঢ়াবনে?

জৈৱিক কৃষিৰ দ্বাৰা উৎপাদিত খাদ্যসামগ্ৰী সঁচাকৈয়ে অধিক গুণসম্পন্ননেকি?
জৈৱিক কৃষিৰ উদ্যোক্তা সকলে বা তেনে সামগ্ৰীক লৈ ব্যৱসায় কৰা সকলে বিভিন্ন ধৰণে প্ৰচাৰ চলাই আহিছে যে জৈৱিক কৃষিৰ যোগেদি উৎপাদিত খাদ্যসামগ্ৰীৰ গুণগত মান তথাকথিত আধুনিক কৃষিৰ যোগেদি উৎপাদিত খাদ্যসামগ্ৰীৰ মানতকৈ উত্তম৷ এটা কথা ঠিক যে অপ্ৰয়োজনীয় ভাৱে নিৰ্দিষ্ট মাত্ৰাতকৈ অধিক ৰাসায়নিক দ্ৰব্যৰ ব্যৱহাৰে জনস্বাস্থ্যত বিৰূপ প্ৰভাৱ পেলায়৷ কিন্তু বেছিভাগ ক্ষেত্ৰতেই কৃষিক্ষেত্ৰত এনে অতিমাত্ৰা ৰাসায়নিক দ্ৰব্যৰ ব্যৱহাৰ হয় কৃষকৰ অজ্ঞানতা কিম্বা ৰাসায়নিক দ্ৰব্যসমূহ প্ৰস্তুতকৰ্তা তথা ব্যৱসায় কৰা সকলৰ মিথ্যা প্ৰৰোচনাত৷ তলত আধুনিক কৃষিজাত দ্ৰব্য আৰু জৈৱিক কৃষিজাত দ্ৰব্যৰ প্ৰতি থকা জনসাধাৰণৰ বহু ভুল ধাৰণাৰ (myth) কেইটামান চমুকৈ উল্লেখ কৰা হ’ল৷

জৈৱিক কৃষিত কীটনাশক ব্যৱহাৰ নহয় নেকি?
জৈৱিককৃষিতকীটনাশক ব্যৱহাৰ নহয় বুলি ভবাটো ভুল ধাৰণা৷ আচলতে জৈৱিককৃষিত তথাকথিত ৰাসায়নিক ভাৱে সাংশ্লেষিককীটনাশক ব্যৱহাৰ কৰা নহয়, কিন্তু জৈৱিক কীটনাশক ব্যৱহাৰ কৰা হয়৷কিন্তু বিষাক্ত দ্ৰৱ্য মানেই বিষাক্ত, লাগিলে সি কৃত্ৰিম ভাৱে সংশ্লেষিতই হওক কিম্বা প্ৰাকৃতিক উৎসৰ পৰা সংগৃহীতই হওক৷ বহু বৈজ্ঞানিক অধ্যয়নত সাংশ্লেষিক আৰু প্ৰাকৃতিক কীটনাশক দ্ৰব্যৰ স্বাস্থ্যৰ ওপৰত বিৰূপ প্ৰভাৱৰ তুলনা কৰোঁতে বিশেষ প্ৰভাৱ দেখা পোৱা নহয় বুলি উল্লেখ কৰিছে৷ জৈৱিক কীটনাশক দ্ৰব্যইও নিগনিৰ দেহত কেঞ্চাৰ ৰোগ সৃষ্টি কৰা বুলি অধ্যয়নত প্ৰকাশ৷ শেহতীয়া ভাৱে ইউৰোপীয়ান ইউনিয়নে জৈৱিক খেতিৰ বাবে ব্যৱহাৰোপযোগী বুলি প্ৰস্তুত কৰা জৈৱিক কীটনাশক দ্ৰব্যৰ আধাতকৈও বেছিক নিষিদ্ধ ঘোষণা কৰিছে৷ গতিকে কীটনাশকৰ উৎপত্তিৰ উৎস নহয়, আচলতে ইয়াৰ ব্যৱহাৰৰ মাত্ৰাহে জনস্বাস্থ্যৰ প্ৰতি গুৰুত্বপূৰ্ণ৷

জৈৱিক কৃষিজাত দ্ৰব্যৰ পুষ্টিগত মানদণ্ড উন্নত নেকি?

নিৰ্দিষ্ট বিজ্ঞানসন্মত পদ্ধতিৰে কৰা আধুনিক কৃষিজাত দ্ৰব্য আৰু জৈৱিক কৃষিজাত দ্ৰব্যৰ পুষ্টিগুণগত মানদণ্ডৰ প্ৰাৰ্থক্য নাই বুলিয়েই বিভিন্ন সময়ত প্ৰকাশ পাই আহিছে৷ শেহতীয়া ভাৱে ১৯৫৮ চনৰ পৰা ২০০৮ চনলৈকে প্ৰকাশিত ১৬২খনগৱেষণাপত্ৰতআধুনিককৃষিজাতদ্ৰব্যআৰুজৈৱিককৃষিজাতদ্ৰব্যৰপুষ্টিগুণগতমানদণ্ডৰ তুলমূলক অধ্যয়ন কৰা ৩৫৫৮ টা প্ৰকল্পৰ একেলগ কৰি দেখা গ’ল যে খাদ্যসামগ্ৰীত থকা ১৫ বিধ পুষ্টিকৰ দ্ৰব্যৰ আধুনিককৃষিজাতদ্ৰব্যআৰুজৈৱিককৃষিজাত দ্ৰব্যৰ মাজত কোনো ভিন্নতা নাই৷ বহুক্ষেত্ৰত জৈৱিক ভাৱে প্ৰস্তু খাদ্যদ্ৰব্যত অপকাৰী চৰ্বীজাতীয় পদাৰ্থৰ পৰিমাণ বেছি থকা বুলিহে পোৱা গ’ল৷ গতিকে অধিক দাম দি কিনা জৈৱিককৃষিজাতদ্ৰব্যৰপুষ্টিগুণগতমানদণ্ড তুলনামূলক ভাৱে কমদামী আধুনিক কৃষিজাত দ্ৰব্যতকৈ কোনোগুণে বেছি নহয়৷ এইয়া জৈৱিক কৃষিজাত সামগ্ৰীৰ ব্যৱসায়ী সকলৰ বজাৰ দখলৰ বাবে কৰা প্ৰচাৰ এক কৌশলৰ বাদে আন একো নহয় ৷

জৈৱিক কৃষি পদ্ধতি প্ৰকৃতিৰ প্ৰতি কম ক্ষতিকাৰক নেকি?

জৈৱিকেই হওক বা আধুনিক কৃষিপদ্ধতিয়েই হওক, দুয়োটাই পৰিৱেশৰ প্ৰতি কিছুপৰিমাণে ক্ষতিকাৰক৷ কাৰণ কৃষিৰ বাবে জংঘল কাটি কৃষি ভূমি মোকোলাবই লাগিব, নদী, সাগৰ বা আন জলভূমিত কৃটিম পদ্ধতিৰ ব্যৱস্থা কৰিবই লাগিব, প্ৰাকৃতিক ভাৱে বিৱৰ্তনৰ বিপৰীতে উন্নত জাতৰ সঁচ নিৰ্বাচন কৰিবই লাগিব ইত্যাদি ইত্যাদি৷ আগতে উল্লেখ কৰি অহা হৈছেই যে ৰাসায়নিক কীটনাশক, সাৰ, বা জৈৱ-নিয়ন্ত্ৰকৰ অবৈজ্ঞানিক অতিমাত্ৰা প্ৰয়োগহে বেছি ভয়াবহ৷ বহুতেই জিনীয় প্ৰযুক্তিৰে অভিযন্ত্ৰিত খাদ্যৰ অপকাৰিতাৰ বিষয়ে সৰৱ হোৱা শুনা যায়৷ কিন্তু বহু বৈজ্ঞানিক গৱেষণাই এনে খাদ্যৰ অপকাৰিতাক নুই কৰিছে৷তাৰ বিপৰীতে জিনীয়প্ৰযুক্তিৰেঅভিযন্ত্ৰিত খাদ্যৰ পুষ্টিগত গুণ বিশেষভাৱে বৃদ্ধি কৰিব পাৰি, পৰিবৰ্তনশীল পৰিৱেশৰ লগত অভিযোজন কৰি বাচি থাকিবলৈ উন্নীতকৰণ কৰিব পাৰি, অধিক উৎপাদনক্ষম তথা ৰোগপ্ৰতিৰোধকাৰী সঁচ সৃষ্টি কৰিব পাৰি৷ সাধাৰণতে অনুমান কৰাৰ ধৰণেজিনীয়প্ৰযুক্তিৰেঅভিযন্ত্ৰিতখাদ্যৰ পৰা অপকাৰী জিন মানৱ দেহলৈ প্ৰৱাহিত আৰু সংস্থাপিত হোৱাৰ সম্ভাৱনা একেবাৰেই ক্ষীণ, অৱশ্যে মানুহৰ দেহৰ খাদ্যনলীৰ ভিতৰত থকা উপকাৰী অণুজীৱ সমূহলৈ প্ৰবাহিত হোৱাৰ কিছু সম্ভাৱনা থাকে৷ কিন্তু ইয়াৰ জিনীয়প্ৰযুক্তিৰেঅভিযন্ত্ৰিতখাদ্যৰ মানৱ শৰীৰৰ ওপৰত বিৰূপ প্ৰভাৱ নাথাকে বুলিয়েই বেছিভাগ বৈজ্ঞানিক অনুসন্ধানে প্ৰমাণ কৰি আহিছে৷ তদুপৰি জিনীয়প্ৰযুক্তিৰেঅভিযন্ত্ৰিতখাদ্য বজাৰলৈ অহাৰ আগতে পুংক্ষানুপুংক্ষ পৰীক্ষা-নিৰীক্ষাৰ অন্ততহে অনুমতি প্ৰদান কৰা হয়৷ তদুপৰি আধুনিক আণৱিক জীৱ-বিজ্ঞান, জিন’ম প্ৰযুক্তি আৰু তথ্য-প্ৰযুক্তিৰ অগ্ৰগতিৰ ফলশ্ৰুতিত সৃষ্টি হোৱা ‘চিষ্টেম বায়’লজী’ ৰ আন্তঃসমন্বিত ক্ষেত্ৰই জীৱজগতৰ বৃহত্তৰ পৰিৱেশ তন্ত্ৰ পৰ্য্যায়ৰ পৰা সূক্ষ্মাতি-সূক্ষ্ম জিন পৰ্য্যায়লৈকে বিতং অধ্যয়ন কৰিবলৈ সক্ষম হৈছে৷ এনে পৰিস্থিতিত জিনীয়প্ৰযুক্তিৰেঅভিযন্ত্ৰিত প্ৰযুক্তিৰ সুৰক্ষা অধিক বৃদ্ধি পাইছে৷ শেহতীয়াকৈ বিজ্ঞানী সকলে সম্পূৰ্ণ কৃত্ৰিম ভাৱে সাংশ্লেষিক জীৱ সৃষ্টিৰ দিশতো অগ্ৰসৰ হৈছে আৰু ‘Synthetic biology’ নামৰ একআন্তঃসমন্বিতক্ষেত্ৰ গঢ় লৈ উঠিছে৷ হয়টো আগন্তুক কিছু বছৰত এনেবোৰ প্ৰযুক্তিয়ে জৈৱ-প্ৰযুক্তিৰ জড়িয়তে কৃষি ক্ষেত্ৰতো যুগান্তকাৰী পৰিবৰ্তন আনিবলৈ সক্ষম হ’ব৷ তথাপিও জনস্বাস্থ্য আৰু Ethical বিষয়সমূহৰ ওপৰত বিশেষভাৱে গুৰুত্ব প্ৰদান কৰা খুবেই প্ৰয়োজনীয়৷

সামৰণি:
মানুহক জীয়াই থাকিবলৈ খাদ্য আৰু পানী, এই দুইটা হ’ল প্ৰধান উপাদান৷ প্ৰথমে পেটৰ ভোক, তাৰ পিচতহে আন চিন্তা৷ ধনী-দুখীয়া সকলোয়ে দুবেলা-দুমুঠি পুষ্টিকৰ আহাৰ খাই এই পৃথিৱীত জীয়াই থকাৰ সমান অধিকাৰ আছে৷ আগন্তুক সময়ত কেঞ্চাৰ বা এইডছৰ দৰে ভয়াবহ বেমাৰৰ প্ৰতিকাৰ বিজ্ঞানী সকলে উদ্ভাৱন কৰিব পাৰিলেও যদি কৃষি উৎপাদনশীলতা কমি যোৱাৰ ফলত ক্ৰমবৰ্দ্ধিত জনসংখ্যাৰ বাবে খাদ্যবস্তুৰ নাটনিৰ সৃষ্টি হয়, তেতিয়াহ’লে বেছিভাগ মানুহ দুৰাৰোগ্য বেমাৰত নহয়, পৰিপুষ্টিহীনতা বা পেটৰ ভোকতহে মৃত্যু হ’ব৷ আধুনিক কৃষিপদ্ধতিৰে উৎপাদিত খাদ্যবস্তু খোৱাটো যদি সমিচীন নহয়, তেন্তে বেমাৰ হ’লে আধুনিক প্ৰযুক্তিৰে উদ্ভাৱিত এন্টিবায়’টিক বা আন ঔষধ আৰু চিকিৎসা পদ্ধতি ব্যৱহাৰ কৰাও সমিচীন নহয়৷আধুনিক প্ৰযুক্তিৰে নিৰ্মিত বিলাসী জীৱন-ধাৰণৰ উপকৰণ সমূহো প্ৰাকৃতিক নহয়, সেইবুলি সেইসমূহো পৰিত্যাগ কৰাটো জানো সম্ভৱ?

গতিকে জৈৱিক কৃষিৰ প্ৰচাৰ-প্ৰসাৰ হওক, কিন্তু তাৰ লগতে বিশ্বজনতাৰ খাদ্যসুৰক্ষাৰ কথাও ভৱা হওক৷ভাৰতৰ খেতিয়কে, অসমৰ খেতিয়কে জৈৱিক খেতি কৰি দুপইচা অৰ্জন কৰক, অৰ্থনৈতিক ভাৱে সবল হওক সেইয়া আমাৰ সকলোৰে কাম্য৷ কিন্তু নিজৰ দেশৰ কৃষিভূমিত উৎপাদিত জৈৱিক খাদ্য বাহিৰৰ ধনীক দেশৰ ‘ডাইনিং টেবুল’ত তুলি দিয়াৰ সময়ত নিজৰ দেশৰ, ৰাজ্যৰ কোটি কোটি অনাহাৰী, অৰ্দ্ধাহাৰী জনতাৰ কথা ভৱাটোও সমানেই গুৰুত্বপূৰ্ণ৷ জৈৱিক কৃষিয়ে এচাম মুষ্টিমেয় কৃষকক বা ব্যৱসায়ীক অৰ্থনৈতিক ভাৱে লাভাৱান্বিত কৰিব পাৰিলেও বিশ্বৰ বৰ্দ্ধিত জনসংখ্যাক খাদ্যসুৰক্ষা দিয়াত কিমান সফল হ’ব সেইয়া আগন্তুক সময়ৰ বাবে বৃহৎ প্ৰশ্ন হৈ পৰিছে৷

(বি:দ্ৰ:- ব্ৰিটেইনৰ কেম্ব্ৰিজ বিশ্ববিদ্যালয় আৰু জ’ন ইন্নছ্ চেন্টাৰৰ দ্বাৰা যুটীয়া ভাৱে আয়োজিত ২য় আন্তৰ্জাতিক ‘Synthetic biology’ কৰ্মশালাত এই লেখকে প্ৰদান কৰিবলগীয়া এক পূৰ্ণ বক্তৃতাৰে কিছু অংশৰ সৰলীকৃত আৰু অনুবাদিত ৰূপ৷)

Subscribe
Notify of
1 Comment
Oldest
Newest Most Voted
Inline Feedbacks
View all comments
6 years ago

সমসাময়িক প্ৰাসংগিক আলোচনা। সুন্দৰ।

বৰ্তমান পৃথিৱীৰ প্ৰতি সাতজনৰ এজন (বা ভাৰতত প্ৰতি চাৰিজনৰ এজন) অনাহাৰে থাকিব লগা হোৱাৰ কাৰণ খাদ্য সামগ্ৰীৰ অভাৱ বুলি একাষাৰে ক’ব নোৱাৰি। সামগ্ৰীৰ অভাৱৰ উপৰিও এই ভোকাতুৰ সকলৰ প্ৰধান সমস্যা হৈছে ক্ৰয় ক্ষমতাৰ অভাৱ।

কৃষি সামগ্ৰীৰ উৎপাদনত যি ধন খৰচ হয় (লাভৰ আশাত বিনিয়োগ বা খেতিয়কৰ পথাৰৰ পৰা যি যোগান ব্যৱস্থাৰে আহি খাওঁতাৰ কাঁহী পায়হি সেইবোৰৰ কথা নকলোৱেই) সেই ধন খেতিয়কে ঘুৰাই পাব পৰা হাৰতো উৎপাদিত সামগ্ৰী কিনিব পৰা অৱস্থা বিশ্বৰ এক বুজন সংখ্যক লোকৰ নাই। কিছুবছৰৰ আগতে ভাৰতীয় খাদ্য নিগমৰ গুদামত মজুত খাদ্য সামগ্ৰী (উপযুক্ত মূল্যৰ) বজাৰৰ অভাৱত নষ্টহোৱাৰ খবৰ আহিছিল। কিন্তু দেশৰ প্ৰধান মন্ত্ৰীয়েই অৰ্থনৈতিক সাম্যৱস্থাৰ দোহাই দি খাদ্য ভোকাতুৰৰ মাজত বিনামূলীয়াকৈ বা সস্তা দৰত বজাৰত মেলি দিয়াৰ অসুবিধাৰ কথা উনুকিয়াইছিল। পৰৱৰ্তী সময়ত যেনিবা চৰকাৰী ‘খাদ্য সুৰক্ষা’ আঁচনিৰ যোগেৰে উৎপাদক আৰু বজাৰ ব্যৱস্থাক ধনৰ যোগান দি ‘ক্ৰয় ক্ষমতাহীন’ লোকৰ মাজত যোগান ধৰাৰ ব্যৱস্থা কৰা হৈছে।

খাদ্য সকলোৱে পাবলৈ খাদ্য সামগ্ৰীৰ উৎপাদন বৃদ্ধি হোৱাৰ লগতে খাদ্যৰ দামো সকলোৰে আয়ত্তত থাকিব লাগিব। কিন্তু উৎপাদন ব্যয় হ্ৰাস নাপালে কম দামত মানুহে খাদ্য পাব কেনেকৈ? বা সকলো মানুহৰে ক্ৰয় ক্ষমতাৰ বৃদ্ধি হ’ব লাগিব। সেইটোও জানো সমাধান (সম্ভৱো জানো, মুদ্ৰাস্ফীতিৰ কি হ’ব)?

কিছুমান দেশে কেৱল ক্ৰয় ক্ষমতাৰ জোৰতে অইন কিছুমান দেশত খাদ্য সমস্যাৰ সৃষ্টি কৰিছে। আমেৰিকাত মাজতে খাদ্য সামগ্ৰীৰ বজাৰত হোৱা কিছু অস্থিৰতাৰ কাৰণ হিচাপে চীনা আৰু ভাৰতীয় লোকৰ গড় ক্ৰয় ক্ষমতাৰ বৃদ্ধি বুলি আমেৰিকাৰ ৰাষ্ট্ৰপতিয়ে মতামত দি সংবাদ মাধ্যমত খলকনি তুলিছিল। ইফালে ক্ৰয় সক্ষম দেশবোৰতে খাদ্য সামগ্ৰীৰ অপচয়ো অতি বেছি বুলিও তথ্যপাতি ওলায়েই থাকে। ইয়াৰ সমাধানৰ বাবে ক’ৰবাত এটা সাম্যৱস্থা বিন্দু বিচাৰিবই লাগিব। নে সাম্যাৱস্থাটো এক গতিশীল সাম্যাৱস্থা? নে এই সাম্যাৱস্থা সম্ভৱ নহয় (the equilibrium does not exist) ?

কপি নকৰিব, অনুগ্ৰহ কৰি লিংকটো বিলাই দিয়ক