জৈৱিক (ভৌতিক গল্প) – বি জে ৰঞ্জন

 বয়সৰ লগতে পাহৰা বেমাৰটো বেছি হৈ গৈ আছে। সিদিনাৰ কথাকে কৈছো। গধূলি সময়ত ফুৰিবলৈ ওলাওতেই শ্ৰীমতীয়ে কেঙকেঙাই উঠিল, বোলে- “আপোনাৰো বৰ তেল ফুটিছে যেন পাওঁ, অকলে অকলে কলৈ যায়? আজিকালি এনেয়ে মানুহ-দুনুহক বিশ্বাস কৰিব নোৱাৰা হৈছে, তাতে যিহে পাহৰা বেমাৰডাল লগ দিছে…” ইত্যাদি।

অনাই বনাই ফুৰোতে এন্ধাৰেই হ’ল। মোৰ স্বভাৱটোৱে এনে। ফুৰি ভাল পাওঁ। এপাকত চিনাকি যেন লগা চ’ক এটাত ৰৈ দেখিলো-হাৰে, এইটোচোন শহুৰহঁতৰ গাঁওৰ ঘৰলৈ যোৱা ৰাষ্টা। এহ্, ইয়াকো পাহৰিব লাগেনে। সঁচাকৈ ভাল বয়সে হৈছে মোৰ। বাৰু, আহিলো যেতিয়া অকণ আগুৱাই যাৱেইচোন।

গৈ গৈ শহুৰৰ ঘৰৰ পদূলিমুখ পালো। তেতিয়ালৈ ভালকৈ এন্ধাৰ হৈছিল। শহুৰহঁতৰ ঘৰখন একেবাৰে খালী। বহু বছৰৰ পৰাই ই পৰিত্যক্ত অৱস্থাত। ঘৰটো একেবাৰে নিৰিবিলি ঠাইত। ওচৰ চুবুৰীয়াৰ ঘৰবোৰ কমেও আধা কিলোমিটাৰ দূৰত। ঘৰৰ পিছপিনৰ ৱালখনৰ লগে লগেই বৃহৎ বাঁহনিডৰা আৰম্ভ হৈছে।

চোতালত ঠিয় হোৱাৰ লগে লগে মেকুৰীয়ে কন্দাৰ নিচিনা শব্দ ভাহি আহিল। ইমান নিৰ্জন, মেকুৰীনো ক’ৰ পৰা আহিল? গুৰুত্ব দিবলৈ এৰি অন্য চিন্তাই ভিৰ কৰিলে- এইখন চোতালতে এদিন ঘৰৰ ডাঙৰ ছোৱালীজনীৰ বিয়া হৈছিল, মই দৰা হৈ আহিছিলো। ব’ম ফুটিছিল, মানুহে নাচিছিল, ফুৰ্তি কৰিছিল, কিমান খানা-পিনা চলিছিল! কি সময় আছিল সেয়া, আৰু আজি!

কে-ৰ্-ৰ্-ৰ্-ৰ্।

অলপ হেচুকি দিয়াৰ লগে লগে শহুৰ থকা ৰুমৰ দৰ্জাখন অদ্ভূত মাতেৰে খোল খাই গ’ল। হঠাত ক’ৰ পৰানো এজাক চেঁচা বতাহ বলিবলৈ ধৰিলে। ঠাণ্ডা লগা নাছিল অৱশ্যে, কিন্তু শৰীৰটো কিবা পাতল লাগি গ’ল। মকৰাজালেৰে কোঠাটো ভৰ্তি। এইখিনিতে এখন বিচনা, ও আৰু সৌখিনিতে আছিল শাহুমাৰ ড্ৰেচিং আইনাখন। অ’ আছে-আছে, এতিয়াও আছে দেখোন। ভেন্টিলেটৰেৰে সোমাই অহা জোনৰ পোহৰত দেখিলো ৱালত বন্ধাই থোৱা ফ’টো কেইখন ধূলি-মাকতিৰে অস্পষ্ট।

ধুপ-ধুপ ধুপ-ধুপ। হঠাত্ বাৰাণ্ডাত শব্দ উঠিল। কিহৰ শব্দ? আশংকাত বুকুখন কঁপি উঠিল। নানা চিন্তাৰ মাজতো ভাৱ হ’ল-ভূত নহয়তো!

-কোন তই? মাত নহয়, গোঁজৰণিহে যেনিবা। দুৱাৰমুখত ক’লা ছায়ামূৰ্তি এটা। বুকুখন ধপধপাই উঠিল।
-তইনো কোন? চিঁচিয়া হৈ কোনোমতে মোৰ মাতটো বহিৰ হ’ল।
হঠাতে উজ্জল পোহৰে মোৰ চকু ছাঁট মাৰি ধৰিলে।
-হুহুহুহুহু! বিকৃত কণ্ঠ এটাই গোটেই ঘৰ-বাৰী চানি ধৰিলে।
মুখখন ভালকৈ চাবলৈ নাপাওঁতেই আগন্তুকে চিপৰাঙৰ দৰে দীঘল অস্ত্ৰ এপাত জোৰেৰে মাৰি পঠিয়ালে। মুহূৰ্ততে লোহাডাল মোৰ দেহৰ মাজৰে পাৰ হৈ পিছপিনৰ কাঠৰ দুৱাৰখনত সোমাই গৈ কঁপিবলৈ ধৰিলে। মূৰটো ঘুৰাই আনোতে আইনাত নিজকে দেখা পালো- মোৰ সমুখৰ দাঁত দুটা জোঙা হৈ এফুটমান দীঘল হৈ পৰিছে, গাঁতত সোমাই যোৱা চকু দুটা আঙঠাৰ দৰে জ্বলিবলৈ ধৰিছে, গোটেই গাটো ধোঁৱাৰ দৰে হৈ ৰছি এডালৰ দৰে ইপিনে-সিপিনে নাচিবলৈ ধৰিছে।

অকস্মাত কোঠাটো আগৰ দৰে এন্ধাৰে আগুৰি ধৰিলে।

চোতালেৰে দুপ-দুপাই দৌৰি যোৱা শব্দকেইটাৰ লগতে আৰ্তনাদ এটা কাণত পৰিল-“ভূউউউউত, পলা।”

মাথাটো ঠাণ্ডা হোৱাৰ পাছতহে চিন্তা কৰিলো- শ্ৰীমতীয়ে ঠিকেই কৈছিল, সঁচাকে মানুহৰ বিশ্বাস নাই। লোহাডাল মাৰিলে বুলিহে, জৰা সৰিয়হ এমুঠি মৰাহেঁতেন কমেও এমাহমান বিচনাত কেঁকাই-গেঠাই পৰি থাকিব লগা হ’লহেঁতেন। হে প্ৰভূ, আজিলৈ ভাল বচালা!

☆★☆

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments
কপি নকৰিব, অনুগ্ৰহ কৰি লিংকটো বিলাই দিয়ক