জোতা— বৰ্ণিল বিকাশ বৰা

-জোতাৰ চখ আছেনে তোমাৰ?
-বহুত।
-মোৰো ভাল লাগে জোতা।
-মোৰ যে পচন্দৰ জোতা দেখিলেই কিনিবলৈ মন যায়। -মোৰ কথাত খিলখিলাই হাঁহি দিছিল অশ্লেষাই।

পুৰণি ফটোবোৰ চালে কেতিয়াবা মন কৰোঁ ভৰিত জোতা নাছিলেই। ৰঙা নীলা পুতলাৰ ছবি থকা চেণ্ডেলবোৰেই চলি যায়। জোতাৰ প্ৰতি মোৰ চখ সৰুৰে পৰাই। ভাল জোতা এযোৰ পিন্ধিবলৈ খুউব মন যায়। চতুৰ্থ শ্ৰেণীত পিতায়ে বজাৰৰ পৰা আনি দিয়া ক’লা জোতাযোৰেৰে ক’ত যে বিয়া সবাহ খালোঁ। সেই জোতাযোৰলৈ এতিয়াওঁ মনত পৰে। উচ্চতৰ মাধ্যমিক শেষ কৰি ভুৱনেশ্বৰলৈ গুচি যোৱাৰ পিছত জোতাৰ চখটোৱে মোক বেছিকৈ আমনি কৰিবলৈ ধৰিলে। ব্ৰেণ্ডেড জোতাৰ প্ৰতি বিৰাট মোহ। শাৰী শাৰী শ্ব’ৰুম জোতাৰ। এডিডাছ, নাইকি, পিউমা, উস! চাই থাকিলে চাই থাকিব মন যায়। হোষ্টেলৰ নীলিমহঁতৰ অৱস্থা বহুত ভাল। কেইবাযোৰো ব্ৰেণ্ডেড জোতা সিহঁতৰ। মোৰো মন যায়, তেনেকুৱা জোতা এযোৰ পিন্ধিবলৈ। তিনি-চাৰি হাজাৰ টকীয়া জোতা এযোৰ কিনিবলৈ মন থাকিলেও পৰা নাছিলোঁ। মোৰ লগতে শিৱসাগৰৰ ল’ৰা এটা আছিল তাৰো সাংঘাতিক জোতাৰ চখ। পেণ্ট ফাটি গ’লেওঁ জোতা কিন্তু ভাল লাগিবই। এদিন আমালৈ সুখৰ খবৰ আহিল। ভুৱনেশ্বৰলৈ ব্ৰেণ্ডেড জোতাৰ আউটলেট আহিল। জোতা কিনিম বুলি ঘৰৰ পৰা পইচা বিচাৰিলোঁ। হোষ্টেলৰ খৰচ মিলাই পইচা পঠিয়ালে পঁচিছশ৷ টকাকেইটা এ.টি.এমৰ পৰা উলিয়াই আবেলি বজাৰলৈ ওলালোঁ। লগত শিৱসাগৰৰ মলয়। এডিডাছৰ জোতা এযোৰ খুউব ভাল লাগিল। শ্বৰুমৰ দাম পাঁচ হাজাৰ, আউটলেটত দুই হাজাৰ চাৰিশ। জোতাযোৰ এৰিবলৈ মন নগ’ল। লৈ আহিলোঁ জীৱনৰ প্ৰথমযোৰ ব্ৰেণ্ডেড জোতা। বহুত দামী জোতা আমাৰ বাবে। জোতাৰ প্ৰতি মোৰ যি অদ্ভুত চখ সেইসময়ত চিন্তা কৰিবলৈয়েই নহ’ল যে মাহটো মই কেনেকৈ চলিম। কিবা খাবলৈ মন গ’লেও জোতাযোৰ পিন্ধি ওলাই গ’লেই পাহৰি যাওঁ, আন কিবা কিনিবলৈ মন গ’লেওঁ জোতাযোৰ পিন্ধি ৰৈ যাওঁ কিন্তু মেচৰ পইচা দিয়াৰ সময়ত জোতাযোৰে কামত নিদিলে। পিছৰ মাহত লেট ফাইন ভৰিব লগা হ’ল। ভুৱনেশ্বৰত থকাৰ সময়ছোৱাত এনেকৈয়ে চাৰিযোৰমান জোতা গোটালোঁ। কেতিয়াবা যদি জোতাৰ বাবে ভালবস্তু খোৱা এৰিছোঁ, কেতিয়াবা ফুৰা-চকা, অথবা নতুন কাপোৰ কিনা এৰিছোঁ। ঘৰলৈ আহিলে ঘৰৰ জোতা চেণ্ডেলবোৰৰ মাজত মোৰ জোতাকেইযোৰ জিলিকি থাকে। অলপ আঁতৰাইয়েই থওঁ। ইমান দামী জোতা পিন্ধাৰ সাহস ঘৰৰ মানুহৰ সন্মুখত মোৰ বাবে তেতিয়া নাছিল।
দিনবোৰ পাৰ হৈ গ’ল। জোতাৰ চখ একেই থাকিল। পঢ়া-শুনা সামৰি ঠিকাভিত্তিক চাকৰি কৰোঁতেও জোতা গোটালোঁ। প্ৰথম উপাৰ্জনেৰে পিতাইক উডলেণ্ডৰ ল’ফাৰ এজোৰ আনি দিলোঁ। পিতায়ে পিন্ধি সন্তোষ পোৱা যেন পালোঁ। খুউব মৰমত ৰাখে। দামটো কিন্তু আজিওঁ নক’লো। কাৰণ জোতাৰ চখত পকেট খালী কৰাৰ চখ সকলোৰে নাথাকে। স্থায়ী চাকৰি এটা যোগাৰ কৰাৰ পাছতো ভাল জোতা এযোৰ দেখিলেই ল’বলৈ মন যায়। আজিও লওঁ। দুই একে কেতিয়াবা কয় – ‘দৰমহা ইমান হে পোৱা, দামী জোতাবোৰ কেনেকৈ লোৱা। বাহিৰা পইছা আছে নিশ্চয়।‘ আচলতে বাহিৰা পইচা নাই। চলিব জানিলে সৎ পথেৰে উপাৰ্জন কৰা টকা কেইটাৰেই মানুহে নিজৰ সৰু সৰু চখবোৰ পূৰণ কৰিব পাৰে। নিজক সুখী কৰি ৰাখিব পাৰি, আনকো অকণমান সুখ দিব পাৰি। পিতাইৰ জোতাযোৰ দেখোঁ। জোতাৰ তলিখন এফালে ক্ষয় গৈছেগৈ। তথাপিওঁ দেউতাই জোতাযোৰ এৰা নাই। পিতাইৰ খোজবোৰৰ সংগী সেই জোতাযোৰ। মই কেতিয়াবা জোতাযোৰ হাতেৰে চুই চাওঁ। মোৰ জোতা কেইবাযোৰো গোট খালে কিন্তু মোৰ প্ৰথম উপাৰ্জনৰে কিনা দেউতাৰ সেই জোতাযোৰ মোৰ বাবে আজি দাম দি কিনিব নোৱাৰা এযোৰ জোতা হৈ ৰ’ল। নতুন জোতাৰ কথা পিতায়ে নুশুনে। -’এইযোৰ দেখোন ঠিকেই আছে, নতুন কিয়নো লাগে। ‘ হয়তো পিতায়েও জোতাযোৰৰ মোহ এৰিব পৰা নাই। যেনেকৈ মোৰ বাবে সেইযোৰেই মোৰ আটাইতকৈ ভাল লগা জোতা। .

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments