জোনাকী আইতা (বৰ্ণালী বৰুৱা)

জোনাকী আইতাৰ অসুখ। বতাহত বিয়পিলে খবৰটো। গাঁৱৰ মানুহবোৰৰ সোঁত ব’লে। উকা পাটৰ মেখেলা , শুধ বগা চাদৰখন , ক’লা ফ্ৰেমৰ চচমাযোৰেৰে নিয়মীয়া ওখ , বগীকৈ আইতাজনী বৰ সাদৰী। নামঘৰৰ ঘাই নামতী। গাঁৱৰ ৰাইজৰ বৰ আদৰৰ।

আইতাই বিচনা ল’লে যি ল’লেই। লাহে লাহে , মানুহৰ সোঁত শীৰ্ণ জুৰি হ’ল। চহৰত থকা পো-বোৱাৰী ঘূৰি গ’ল। গাঁৱৰ ঘৰত থকা বোৱাৰীজনীয়ে অকলেই সকলো চম্ভালিব লগা হ’ল।

জোনাকী আইতাৰ টান !!
ভাদমহীয়া । নামঘৰৰ পৰাই মানুহবোৰ চাপি-কুচি আহিল। চহৰৰ পো-বোৱাৰী আকৌ আহিলে। সন্ধিয়া সন্ধিয়া ভাগৱত পাঠ। মিঠাতেলৰ চাকিগছি ঢিমিকি জ্বলিলে। দুদিনমান গাঁৱৰ মানুহে পৰ দিলে। এসপ্তাহ মান তেনেকৈয়ে গ’ল। মানুহ পাতলি আহিল।

এই টান হ’ল ! এই কমিলে !
বেছি হ’ল ! কমি গ’ল !
এদিন তুলসী তল পোৱালেগৈ।
পুনৰ ভিতৰ সুমুৱালে।

ঘোলা চকুহালেৰে , অসহায়তাৰ পকনীয়া বুকুত সামৰি জোনাকী আইতা থৰ হৈ ৰ’ল।

দুদিনমান পাছত গোট খালে সকলো।

” নামঘৰত শৰাই এভাগকে দিয়া ভাল “।

জোনাকী আইতাৰ মন ভৰি গ’ল। অথৰ্ব শৰীৰটোলৈকে ইহঁতবোৰৰ কিমান যে হেঁপাহ। তৃপ্তিৰ হাঁহি এটা ওঁঠত ফুলি উঠিল। পাছৰ কথাখিনিলৈ হেঁপাহেৰে কাণ পাতি ৰ’ল।

” তাকেহে। কিবা দোষ হে লাগি আছে হ’বলা। তুলসী তলৰ পৰাও ঘূৰি আহে !!”

” কিবা আশা আছেনেকি ”

” ভালপোৱা বস্তুবোৰ খুৱাইছনে ”

” সোণকালে দে শৰাইভাগ । মুক্তি পাব লাগে আৰু “।
……………….!!!……………….

” দুগ্ধ দি পূজিলোঁহেঁতেন দামুৰীয়ে পিলে
পুষ্প দি পূজিলোঁহেঁতেন ভোমোৰাই চুহিলে ! ”

নামঘৰৰ ঘাই নামতী জোনাকী আইতা !

” যি বস্তু দিওঁ প্ৰভু সেই বস্তু চুৱা
তোমাৰ নামে তোমাক পূজিম গধূলি পুৱা ! ”

নামঘৰৰ গোপিনীক গোঁসাই নাম মনত ৰাখিবলৈ তাগিদা দিয়া জোনাকী আইতা !

জোনাকী আইতা ঢুকাল !
শৰাইৰ ফলাহাৰ মাটিতে পৰি ৰ’ল !
শৰাই দিয়াৰ প্ৰয়োজন নহ’ল !!!

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments