জোনাকী -কৌশিক দাস

 

: “বেলেগ এখন চাওকচোন…’’
: “নাই দাদা, মোৰ হাতত এইখনেই আছে!’’
: “আমাৰো উপায় নাই এই নোটবোৰ বেংকেও জমা নাৰাখে৷’’
জোনাকীৰ পিনে আগুৱাই আহি থকা হাতখন হঠাৎ থমকি ৰ’ল৷
“ৰং লগা নোটখন মোৰ তাতহে জাপিব পালেনে! এতিয়াতো নিজৰ অমনোযোগিতাক শত-সহস্ৰবাৰ ধিক্কাৰ উজাৰিও একো লাভ নাই!’’ এইমাত্ৰ আহাৰ গ্ৰহণ কৰি উঠা হোটেলখনৰ পৰা ওলাই অহাক লৈহে তাই বৰ বিমোৰত পৰি গ’ল৷
মূৰত লৈ ফুৰোৱা হেজাৰটা বোজাৰ স্পৰ্শত যেন ধূসৰ হৈ পৰিছিল ক্ষণটো৷ ভূঁতৰ ওপৰত দানহ পৰাদি কিছুমান কথাই এনেকৈয়ো মানুহক মহা দুৰ্গতি শোধায়৷ জোনাকীয়ে মনত পেলাবলৈ……গোৱালপাৰাৰ পৰা আৰম্ভ কৰিলে… দুখন বাছ, মেডিকেলৰ ভিতৰৰ ফাৰ্মাচী আৰু কেণ্টিনখনত দুবাৰৰ লেনদেন৷
“আৰুতো ক’তো সোমোৱা নাই! হয়, খাটাং এয়া তাৰে যিকোনো এখনৰ কাম হ’ব! কিন্তু সোধে কাক! উভতি ধৰিলে জানো কোনোবাই এতিয়া নোটখনৰ দায়িত্ব ল’ব? ঘৰ গৈ নাপামেই নেকি?’’ দুঃচিন্তাৰ প্ৰসাৰে মনৰ ভিতৰখন গ্ৰাস কৰি গৈ আছিল………
: “আপুনি খুব ভাগি পৰিছে যে!’’
হোটেলৰ মালিক প্ৰশান্তৰ বিনয়ী সুৰত যেন তাইৰ দীঘলীয়া সময়ধৰি স্তব্ধ হৈ থকা উশাহলৈ তত উভতি আহিল………
: “ হয়৷ যোৱা দুদিন দৌৰি থাকোতেই পাৰ হ’ল৷ মানুহজনৰ গ’লব্লাডাৰত পাথৰ ওলাইছে… তেজৰ পৰীক্ষাবোৰ ঠিকে থাকিলে কাইলৈ অপাৰেচন কৰাৰ কথা৷ আধাঘণ্টা আগতে তেওঁক মেডিকেলতে এৰি ওলাই আহিলোঁ…৷ টকা যোগাৰৰ বাবে যেনে-তেনে আজি ঘৰ গৈ পাবই লাগে…’’
২৩-২৪ বছৰীয়া মানুহজনীৰ শাৰীৰিক অৱয়বটোলৈ লক্ষ্য কৰি প্ৰশান্তই ঠিকেই অনুমান কৰি লৈছিল৷ কিন্তু তেনে এটা মুহুৰ্তত বিষয়টো সি আৰু টানিব নুখুজি মাথো সুধিলে………
: “ৰোগীৰ লগত এতিয়া কোন আছে?’’
: “ঘৰৰ মানুহ কোনো নাই৷ কিবা এটা দিয়াৰ আশ্বাসেৰে গাঁৱৰ ল’ৰা এজনক মতাই আনিলোঁ৷’’
: “ আপুনি এনে এটা অৱস্থাৰে……” আবেগত ওলাই অহা কথাষাৰৰ শেষৰখিনি সম্পূৰ্ণ নকৰাকৈয়ে প্ৰশান্তই তাইৰ মুখখনলৈ চাই ৰ’ল…
জোনাকীয়ে অকনো অসহজবোধ নকৰাকৈয়ে কৈ উঠিল………
“অকলশৰীয়া মানুহৰ জীৱন এনেকুৱাই! থাকোঁতেতো দেওৰ, বৰজনা সকলো আছে……কিন্তু সকলোবোৰ নিজৰ বাবে, নিজৰ মাজত একোটা ক্ষুদ্ৰ দ্বীপত বিভক্ত…ময়ো তেনে এটা দ্বীপতেই নিৰ্বাসিত এগৰাকী অসহায় যোদ্ধা……এৰক বাৰু সেইবোৰ…’’ চলচলীয়া চকুৰে মৌন হৈ পৰিল মানুহজনী!
“ কি হ’ল! না-না-না-নাকান্দিবচোন……
জোনাকীক বাধা দিব গৈ… প্ৰশান্ত নিজেও সেমেকি উঠিল! হোটেল খনত থকা দুই এজন গ্ৰাহকৰ স্বভাৱগত কৌতুহলৰ মাজতে তাইৰ জীৱন কাহিনী পুনৰ আৰম্ভ হয়……… ……
সুদীৰ্ঘ সময়ৰ অন্তত জোনাকীয়ে এজন ‘মানুহ’ৰ লগত কথা পতাৰ সুযোগ পাইছে!
জাহানাৰাৰ পৰা জোনাকীলৈকে মানুহজনীৰ এটা সম্পুৰ্ণ আলোকিত অধ্যায় …৷ ২০১৫ খ্ৰীষ্টাব্দৰ শেষৰ পিনে নিজ পত্নীৰ ইহসংসাৰ ত্যাগৰ পিছত হৃষিকেশে এনে এগৰাকী উপযুক্ত পাত্ৰী বিচাৰি আছিল …… যিয়ে তেওঁৰ পত্নীৰ ভূমিকা লোৱাৰ লগতে ল’ৰাটোকো আপোন মাতৃসুলভ মমতাৰে আৱৰি ৰাখিব পাৰে৷ বহুতকে চালে৷ কিন্তু তেওঁৰ দৃষ্টিত জাহানাৰাৰ বাহিৰে কোনোগৰাকীয়েই মাতৃ হিচাপে উপযোগী প্ৰতিপন্ন নহ’ল৷
“ দুজন মানুহৰ (স্বামী হৃষিকেশ আৰু তেওঁৰ প্ৰথমা পত্নীৰ একমাত্ৰ সন্তান তন্ময় ) বাবেই জীয়াই আছো৷ ইছলাম ধৰ্মাৱলম্বী ছোৱালী তেওঁলোকে কোনোপধ্যেই গ্ৰহণ নকৰে৷ তাইৰ পৰিবৰ্তে লাগিলে সিহঁতৰ স্বধৰ্মীয় যিকোনো এজনীয়ে আহক…’’ ঘৰখনৰ এনে স্থিতিৰ বিপৰীতে গৈ হৃষিৰ তিনিজনীয়া পৰিয়ালটোৱে পৈতৃক ভেটিৰ ওপৰত থকা অধিকাৰ চিৰদিনৰ বাবে হেৰুৱাই পেলাইছিল৷ কিন্তু গিৰীয়েক আৰু তেওঁৰ আগৰ পত্নী গৰাকীৰ ল’ৰাটোৱে কাহানিও তাইৰ মৰমৰ পৰা বঞ্চিত হ’ব লগা হোৱা নাছিল৷
“ আমাৰ মাইনাও তোমাৰ দৰেই হ’ব ন মা!’’ সমাজ স্বীকৃত মাহীমাকৰ পেটটোত মূৰ গুজি ল’ৰাটোৱে কৈ উঠা কথাষাৰ মনত পৰিলেই মমতাৰ সম্প্ৰসাৰিত গৌৰৱবোধত ওফন্দি উঠে ছমাহৰ অন্ত: সত্ত্বা মানুহজনী ……৷ কালি তাক দেউতাকৰ বন্ধু এজনৰ ঘৰত এৰি আহিছিল৷ “ কি বা কৰিছে ল’ৰাটোৱে!’’ জোনাকীৰ চিন্তাৰ কেন্দ্ৰবিন্দুলৈ সিও সোমাই আহিছে৷
“ নোটখন পাৰে যদি ৰাখি থওক, দাদা! পলম হ’লে আকৌ গোৱালপাৰাৰ পৰা আমাৰ গাঁৱলৈ যোৱা ট্ৰেকাৰখন ধৰিবই নোৱাৰিম……’’
: “ভনী বুলি অনুৰোধ কৰিছো ……গ্ৰহণ কৰক’’ এইবুলি… প্ৰশান্তই ৰং লগা পাঁচশ টকীয়াখনৰ সৈতে তিনিখন এশটকীয়া নোট জোনাকীৰ হাতত তুলি দিলে৷ অচিনাকি মানুহজনৰ এনে উদাৰ মনোভাবৰ আঁৰত বিপদৰ বন্ধুত্ব ৰক্ষাৰ দায়িত্বৰ বাহিৰে অইন একো স্বাৰ্থ যে নাছিল সেয়া তেওঁৰ দুচকুৰ বোৱতি ভাষাৰেই বুজি উঠিছিল! !
: “ৱাৰ্ড নম্বৰটো কৈ যাবচোন, মই ডাক্তৰক এবাৰ লগ কৰিম৷ আৰু শুনক……কাইলৈ আহিলে সোমাই যাব’’
: “ নিশ্চয় আহিম৷ আপোনাক জানো কেতিয়াবা পাহৰিব পাৰিম!’’
…………নিৰ্জন দ্বীপত যুঁজি থকা জোনাকী আকৌ এবাৰ সাহসী হৈ উঠিল৷ হৃষিকেশক সুস্থ কৰি তোলাৰ পিছতেই তাইৰ পাল পৰিব……৷ মানুহজনী নিজেও আগবাঢ়িছে ল’ৰাটোৰ সেই আশাৰে “ আমাৰ মাইনাও তোমাৰ দৰেই হ’ব ন মা!’’

Subscribe
Notify of
1 Comment
Oldest
Newest Most Voted
Inline Feedbacks
View all comments
সঞ্জীৱ
3 years ago

ধুনীয়া কৌশিক।

কপি নকৰিব, অনুগ্ৰহ কৰি লিংকটো বিলাই দিয়ক