জোনাকী পৰুৱা (গাৰ্গী দাস)


(১)
শণিবাৰ-দেওবাৰৰ আবেলি দুটাত আমাক বৰগীত আৰু সত্ৰীয়া নৃত্যৰ তালিম দিবলৈ ঘৰলৈ শিক্ষক এজন আহিছিল। আমি মানে বাইদেউ আৰু মই। আমাৰ ৰেৱাজ আৰম্ভ হ’লে সেই ল’ৰাজনো আহে। মাজে-মাজে খোল আৰু হাৰমনিয়ামটো বজায়। ৰেৱাজ কৰোঁতে প্ৰায়ে কিছুমান কথাত বাৰে-বাৰে মোৰ ভুল হৈছিল। এসপ্তাহৰ আগত শিকা কথাবোৰ পিছৰ সপ্তাহত পাহৰি গৈছিলোঁ। নাচৰ মুদ্ৰাবোৰ কোনোবাখিনিত পাহৰি যাওঁ, বৰগীতৰ ৰাগ গাওঁতে কোনোবাটো স্বৰ ওপৰলৈ নিব নোৱাৰো, কেতিয়াবা মাতটো কঁপে ইত্যাদি ইত্যাদি। ফলত চাৰৰ গালি খাইছিলোঁ প্ৰায়ে। গালি শুনি মোৰ খং উঠে আৰু মোৰ খং দেখি ল’ৰাটোৱে মিচিকি মিচিকি হাঁহে। খং দুগুণে চৰে। চাৰ যোৱাৰ পিছত তাক কওঁ—
: মই তোমাতকৈ বহুত ডাঙৰ। কমেও এবছৰৰ ডাঙৰ। ডাঙৰ মানুহক হাঁহিব নাপায়। আজিৰ পৰা যদি হাঁহা, ছমহীয়া পৰীক্ষাত যে বিজ্ঞানত এশৰ ভিতৰত একত্ৰিছ নম্বৰ পাইছা কথাটো ঘৰত কৈ দিম।
: হ’ব টিউব লাইট। বিতচকু এযোৰ পিন্ধি ল’বা। যোগ চিনৰ ঠাইত যে বিয়োগ চিন দি অঙ্ক ভুলকৈ পাতা বহীত আৰু ক্লাচৰ মাজত যে টিফিন খাই ধৰা পৰি বেঞ্চৰ ওপৰত কাণত ধৰি উঠি থাকা সেই কথাটোও মই চবকে কৈ দিম। ক্লাচ টেনত পঢ়া ছোৱালীয়েও বেঞ্চৰ ওপৰত উঠে। হিঃ হিঃ হিঃ।
: ঐ হাঁহিৰাম, লাগেনে তোক! (তুমিটো তই হয়গৈ খঙতে)
তাক দেখিলেই খং এটা নাকতে লৈ ফুৰিবলৈ মন যায়। আগদিনাৰ খঙটো পিছদিনা পুৱা স্কুললৈ যোৱালৈকে লৈ থাকোঁ। মা, মই আৰু বা সদায় একেলগে স্কুললৈ গৈছিলোঁ। আগে আগে মা আৰু বা। মাজত মই আৰু পিছত সি। খোজকঢ়াত তাক পিছপেলাই সদায় খৰখেদাকৈ যাব খোজো। পিছফালৰ পৰা উফৰি অহা মাতষাৰ শুনো— “স্কুলখন কৰবালৈ ফুৰিবলৈ নাযায় নহয়। বেছি খৰখেদা কৰিলে চাদৰ-মেখেলাৰে সৈতে তুমিহে কৰবাত উজুটি খাই পৰিবা। লাহে-ধীৰে গ’লেও স্কুলখন থাকিব।” মনতে ভোৰভোৰাই উঠোঁ – অ’ স্কুলখন থাকিব। আৰু এই স্কুল-কলেজ শেষ নোহোৱালৈকে এই পাতৰ লগত মুখামুখিও হৈ থাকিব। উফ্! ভাগ্যেহে মোতকৈ এক ক্লাছ তলত পঢ়ে। নহ’লে যে মোৰ ‘জীনা হাৰাম’ কৰিলে হয়!!
(২)
স্কুলীয়া জীৱন শেষ হয়। কলেজীয়া জীৱনত লাহে-লাহে সোমাই পৰোঁ। মই কলা শাখাত। সি বিজ্ঞান শাখাত। পূৰ্ণগতিত গৈ থাকে জীৱনৰ দিন-কাল। ইতিমধ্যে মোৰ বৰগীতৰ আনুষ্ঠানিক শিক্ষা শেষ হৈছিল। আৰু তাৰ পিছত আবৃত্তিৰ স্কুল এখনত আবৃত্তি শিকিবলৈ লৈছিলোঁ। সময় উলিয়াই মাজে-মাজে সিয়ো স্কুললৈ আহিছিল।
”একোকে নেখাওঁ আজি একেবাৰে ভোক নাই। আছে যদি আধা সেৰ
চিৰা দিবি ভাল চাই…”
‘লঘোণ’ কবিতাটো সৰু ল’ৰা-ছোৱালীখিনিক মাতি শুনাওঁ মানে সিও ভুটুংকৈ কৰবাৰ পৰা ওলাই মাতিব ধৰে— একোকে নাজানো মই
একেবাৰে পঢ়া নাই
কিতাপখন মেলি লই
লিখি আহিম চাই-চাই…
ঠিকছে মজা এপালি দিবলৈ মন যায়। মই ছবি আঁকি ভাল পাওঁ। সেই কথা জানে। গতিকে প্ৰেক্টিকেলৰ গোটেই বহীবোৰ লৈ আহে মোৰ ওচৰলৈ, ছবি আঁকি দিবলৈ। বায়’লজিৰ বহীত মস্ত এটা পেটুলা ভেকুলী আঁকি ভেকুলীৰ পেটটোত লিখি দিওঁ—
”কলেজত ক্লাছ নকৰি অলৌ-টলৌকৈ ঘূৰি ছোৱালী চাই ফুৰিলে মই ছবি আঁকি নিদিওঁ, চেনিৰাম!” উত্তৰ হিচাপে স্কুলৰ ব’ৰ্ডত লিখি থোৱা বাক্যকেইটা পাওঁ—
গুৰু-গম্ভীৰ খোজেৰে ফুৰা ঘূৰি
মাতিবলৈ মন যায় ডালিমী বুলি
পোৱা নেকি বেয়া মোক মাতিবলৈ তুমি??
(৩)
 
কথাবোৰ মনত পৰিলে মাজে-মাজে মোৰ হাঁহি উঠে। বন্ধু আছিলোনে আমি? নে আন কিবা? মোৰ খং বিলাকৰো যে কোনো ভিত্তি নাছিল। আৰু মোক অতিষ্ঠ কৰি তোলা তাৰ অতপালি বিলাকৰো যে কোনোদিনে অন্তও নাছিল। অৱশ্যে মই দিয়া চেনিৰাম নামটোৱে কিন্তু বেছ পপুলাৰিটি আৰ্জিছিল।
: ইমানবোৰ ছোৱালীক একে সময়তে কেনেকৈ ভালপোৱা? চেনিৰাম?
: মোৰ পৰা কিয় পলাই ফুৰা ডালিমী?
: ডালিমী? উফ্! ডালিমী নহয়, বাইদেউ বুলিবা মোক।
(৪)
সময়বোৰ দ্ৰুতগতিত পাৰ হৈ গৈছিল। আমাৰ মাজত কথা-বতৰাতকৈ কাজিয়া-পেচাল, চুপতা-চুপতি বিলাকে আগস্থান পাইছিল যদিও তাৰ পৰা ছিটিকি অহা ৰঙবোৰে বন্ধুত্বৰ এখন নিভাজ ছবি গঢ়ি তুলিছিল। মোৰ পিছে-পিছে স্কুললৈ আহি থকা ল’ৰাটো লাহে-লাহে ডাঙৰ হৈছিল। গহীন-গম্ভীৰ ভাৱৰ চাদৰ এখনে আমাক দুয়োকে লাহে-লাহে ঢাকিবলৈ আৰম্ভ কৰিছিল।
ঠিক তেনে সময়তেই এক ভয়ংকৰ দুৰ্যোগে ঘেৰি ধৰিছিল জীৱনৰ আকাশ-বতাহ। দুৰাৰোগ্য অসুখটোৱে পৃথিৱীৰ আটাইতকৈ কোমল মনৰ মানুহজনকে যেন লক্ষ্য কৰি লৈছিল। সি জানিছিল তাৰ অসুখৰ কথা। কিন্তু মুখ ফালি কোনোদিনেই মোক একো কোৱা নাছিল। তাৰ মাজতো কবিতা মাতিছিল, ভূপেন হাজৰিকাৰ গান গাইছিল, গজলৰ সংগ্ৰহবোৰ কেছেটত ভৰাই দিছিল আৰু জন্মদিনত উপহাৰ দিছিল সি নিজে তৈয়াৰ কৰা কাজল। চাকিত কলপাত দি কাজল গোটাইছিল মোলৈ।
কাজলৰ সাজটো মোলৈ আগবঢ়াই দি হাঁহি-হাঁহি কৈছিল— ”অ’ চৰাইজনী, অকণমানি! ৰৈ যোৱা। বিচনীৰে বা দিম। সোণৰ পালেঙতে শুৱ দিম। ৰৈ যোৱা… ৰৈ যোৱা।” সাগৰৰ গভীৰ বুকুৰ পৰা যেন সেই মাতশাৰী উঠি আহিছিল। মোৰ সন্মুখত এহালি চকু আছিল। এটা শেষ নোহোৱা কাহিনী আছিল। কইনা খোজ দিয়া ছোৱালীজনী থমকি ৰৈছিল। পৰম কৰুণাময়ী সেই চকুহালি মই গোটেই জীৱন বুকুত কঢ়িয়াই ফুৰিছিলোঁ।
(৫)
হাঁহি-ধেমালি, জোকোৱা-জোকোয়িতে দিনবোৰ শেষ হৈছিল। আমি কোনোদিনেই নিজৰ কথা পতা নাছিলোঁ। তথাপিও জানিছিলোঁ কাজল উপহাৰ দিয়া ল’ৰাটোৱে মোক গোটেই জীৱন ছাঁয়া দি আছিল। হাজাৰ দিন-ৰাতি নীৰৱে পাৰ হৈছিল। মাথোঁ এটি সন্ধিয়া মোৰ ডায়েৰীৰ পাতত ৰৈ গৈছিল।
: কিবা এটা খুজিম। দিবানে?
: কি খুজিবা? কি দিম তোমাক?
: তুমি যে সন্ধিয়া প্ৰাৰ্থনা গোৱা… সেইটো এবাৰ গোৱা। চাবা কিন্তু ভুল হ’লে বহুত গালি খাবা।
: কিমতে ভকতি কৰিবো তোমাত হৰি এ
মই মূঢ়মতি নজানো তাৰ উপায় ৰাম ৰাম…
মোৰ মাতটো কঁপি উঠিছিল। অজান এক ভাগৰে হেঁচি ধৰিছিল। মোৰ ভয় লাগিবলৈ ধৰিছিল। জীৱনত প্ৰথমবাৰ তাৰ সন্মুখত চকুপানীৰ ঢল নামিছিল। মোৰ চকুপানীৰে, কঁপি থকা হাতৰ আঙুলিৰে তাৰ ডায়েৰীখনৰ শেষখিলা পাতত লিখিছিলোঁ— তুমি শক্তিৰ উৎস। পোহৰৰো। জীৱনৰো। যেতিয়া এই কথা জানিলোঁ, যেতিয়া এই কথা বুজিলোঁ, মায়া-অমায়াৰ চেনেহজৰীৰে তোমাক বান্ধিবই খুজিলোঁ।
শব্দৰ সীমাহীন সৌন্দৰ্যত
অৰ্থৰ সীমাহীন ঐশ্বৰ্যত
বিশাল বিস্তৃতিৰে
জীৱনৰ গভীৰ সাগৰত শক্তিৰ উৎস হৈ তুমি আছা।
প্ৰাণ-সূৰ্য,
তুমি আছা…
প্ৰাৰ্থনাৰ পৱিত্ৰ স্বৰ হৈ
দুচকুত পোহৰৰ অঞ্জন হৈ
সেউজীয়া ঢৌ হৈ …।
 

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments
কপি নকৰিব, অনুগ্ৰহ কৰি লিংকটো বিলাই দিয়ক