জোনাক যেন মধুৰ সেই সোঁৱৰণী (মিতালী ডেকা)

 

 

 

ফাগুনৰ বতাহে সৰাপাত উৰুৱাই থকা আবেলি এটা । কিয় জানো ! বহুত মনত পৰিব ধৰিছে আজি ল’ৰালিৰ কথাবোৰ…আইতাৰ সতে কটোৱা পল বোৰ…সৰুতে প্রায়েই আইতাৰ ওচৰত বহি আইতাৰ হাতখনৰ ছালবোৰ পিটিকি চোৱা মনত পৰে । সোতোৰা-সোতোৰ ছালবোৰ অলপ টানি দিলেই ওপৰলৈ উঠি আহে আৰু মইও প্রায়েই তাৰ আমেজ লওঁ । আইতাই খুন্দনাটোত তামোল খুন্দে, মইও পাওঁ তাৰে ভাগ এটা । কথাবোৰ পুৰণি…অতীতৰ । এতিয়া মোৰ সেই বয়সো নাই, সেইজনী সাদৰী আইতাও নাই । তথাপি কিজানি হৃদয়ৰ কোনোবা এচুকত এই কথাবোৰ অতিকৈ স্পষ্টভাৱে সজীৱ হৈ থাকে । হয়তো আইতাৰ লগত ধেমালি কৰি থাকোঁতে, তেওঁৰ, মোৰ কথা-বতৰাবোৰ ও মনত পৰে । আইতাই নিজৰ শৰীৰটোলৈ চায়, হাতখনলৈ চায় আৰু মোৰ হাতখন বুকুৰ মাজলৈ টানি নি মোকেই কৈছিল নে নিজকেই কৈছিল নাজানো… “আমাৰো এনে এখন হাত, এটি দেহা আছিল, তহঁতৰ দৰে আমিও এদিন সৰু আছিলোঁ ।” হয়তো নিজৰ অতীতত আইতা গৈ সোমাই পৰিছিল…যি অতীত মোৰ অতীততকৈও দূৰৰ আছিল ।

 

আইতাৰ কথাবোৰ শুনি থাকিবলৈহে ভাল লগা আছিল, বুজি পাবৰ বয়স হোৱা নাছিল তেতিয়াই । কিবা সাধু কথাৰ দৰেই আচৰিত যেন লাগিছিল সকলোবোৰ । তথাপি ঢৌতেই গুছি অহাদি আইতাৰ পৰা আঁতৰি অহাৰ পিছতো কিন্তু সেই অবুজ অবুজ কথাবোৰে অকণমানি মগজুটোত খুন্দা মাৰিয়েই থাকিছিল । আইতাৰ ল’ৰালি কাল কল্পনা কৰিব নোৱাৰিছিলোঁ । আইতা যেন জন্ম হ’বৰ পৰাই মোৰ আইতা…সেই একেই হাত, একেই চুলি, একেই কথা, একেই মৰমিয়াল ।

 

সৰুকালৰ কথাবোৰেই বেলেগ আছিল। সৰু মনটো সৰু সৰু কথাবোৰেৰে ওপচি থাকিছিল । সৰু সৰু আশা, সৰু সৰু সপোন….সৰু সৰু হাত ভৰিৰে মইজনী সদাই অহা-যোৱা কৰা ৰাস্তাটোক বিশাল যেন, নামঘৰৰ চোতালখন আৰু সেই ধূপ গছডাল বৃহৎ আৰু প্ৰকাণ্ড যেন অনুভব কৰিছিলোঁ । অকণমানি দেহাটোক লুকা-চুৰিৰ সময়ত সেই প্রকাণ্ড ধূপডালে আঁৰ কৰিব পৰাৰ অসীম ক্ষমতা দেখিয়েই হয়তো গছডালকেই গাঁওখনৰ, পৃথিৱীখনৰ (!) প্রকাণ্ড গছ বুলি আমাৰ সৰু সৰু অন্তৰ কেইখনে অভিহিত কৰিছিল। তেতিয়া আমাৰ প্রতিটো খোজতেই উলাহে ওপচি থাকিছিল, প্রতিটো ক্ষণতেই ধেমেলীয়া মন এটিৰ গৰাকী আছিলোঁ ।

 

গাঁওৰ বাট-পথবোৰ যথাস্থানতেই আছে, নামঘৰৰ সন্মুখৰ চোতালখনো। আগতে সদায় উমলি থকা সেই চোতালখনলৈ কাচিৎ কেতিয়াবা ফুৰিবলৈ গ’লে অনুভৱ কৰো- চোতালখন বহুত সৰু হৈ গ’ল। ধূপ গছডালক এতিয়া কোনে কি ক’লোহেতেন নাজানো, কিন্তু গছডাল এতিয়া নাই, কোনোবা বছৰত কাটি পেলোৱা হৈছে হেনো। সৰুকালৰ স্মৃতি জড়িত সেই গছডালক বহুত হেৰুৱাও যদিও প্রবোধ দিও মনত- হয়তো ভালেই হৈছে, বৃহৎ গছ বুলি মনত ঠাই দিয়া সেইডাল গছকো এতিয়া সৰু যেন দেখিলে হয়তো মনটো বেয়া লাগিলহেতেন বেছিকৈ ।

 

গছবোৰ, চোতালখন, ৰাষ্টাবোৰ একেই আছে। মাথো সেই কণ কণ হাত ভৰিৰ অধিকাৰী আমিবোৰহে ডাঙৰ হৈছোঁ , আৰু সৰু যেন দেখিছোঁ বাকীবোৰ…। এতিয়াও কেতিয়াবা খুউব মন যায়…সেই যে তাহানিতেই কৰাৰ দৰে দল বান্ধি লোকৰ বাৰীয়ে বাৰীয়ে টকৌ, লিচু, বেতৰ গুটি খাই ফুৰিছিলোঁ । দেউতাৰ চাইকেলৰ পিছত উঠি থুনুক্-থানাক্ কৈ মাতিব পৰা হোৱাৰে পৰা কবিতা আবৃত্তি, কুইজ, ৰচনা লিখা প্ৰতিযোগিতা দিবলৈ যোৱা, প্ৰাইমাৰী স্কুলতেই “ফুটুকাৰ ফেন” নাটকত কৈকেয়ী আৰু সীতা ৰ অভিনয় কৰা, সৰু দেহাটোতেই সেউজীয়া মেখেলা চাদৰ ওলোমাই লৈ নাম গাবলৈ যোৱা, বিহু নাচিবলৈ যোৱা…সেই সকলোবোৰ কথাই বৰকৈ মনত পৰে, সেই দিনবোৰকেই আকৌ এবাৰ পাবলৈ মন যায়..কিবা এটা কাম কৰাৰ আগতে একো নভবাকৈ কৰি দিয়া সেই দিনবোৰক আকৌ এবাৰ জীৱলৈ মন যায় ।

 

খাল সিঁচা, মাছ ধৰা দৃশ্যবোৰ জুমি জুমি চাবলৈ আকৌ এবাৰ মন যায় । মনটোৱে যি কয় তাকেই কৰিছিলোঁ আগতে ।এতিয়াও মন যায়…পিছে….মাথো মন যায় । সৰুতেতো সকলোবোৰ কামতেই আনন্দ নিজে নিজেই পাইছিলোঁ । এতিয়া কিবা এটা কাম কৰিলে কাম কৰাৰ আনন্দ নিজেই বিচাৰি উলিয়াই ল’ব লগা হয় । সৰু সৰু সপোনবোৰেৰে ভৰি থকা হৃদয়খনত কিবা এটা সপোন পূৰণ হ’লেই অসীমৰ প্ৰাপ্তিয়ে চুই যোৱা যেন অনুভৱ হৈছিল….।

মোৰ বাহঁতে পঢ়া ৰুমটো মোৰ কাৰণে এটা বিশেষ আকৰ্ষণৰ কেন্দ্র আছিল । সৰু ৰুমটোৰ চাৰিওফাল কিতাপ, ছবিৰে ভৰি থাকিছিল । ৰুমটোত কিতাপ পঢ়ি থকাটোৱেই এটা মজাৰ কথা আছিল বুলি মই ভাবিছিলোঁ । ৰাতি কেতিয়াবা সিহঁত পঢ়ি থকা সময়ত সেইটো ৰুমত এবাৰ মাত্র সোমোৱাৰ আজ্ঞা পালেই মোৰ গোটেই ৰাতিটো সফল হোৱা যেন লাগিছিল । মইয়ে সকলোতকৈ সৰু হোৱাৰ বাবেই হ’বলা, সিহঁতক পঢ়াৰ মাজত আমনি কৰিম বুলিয়েই মোৰ কাৰণেই বিশেষকৈ সেই নিষেধাজ্ঞা আছিল। কিমান সৰু সৰু কথাই যে হাঁহিৰ সমল আছিল তেতিয়া !

 

এতিয়া কথাবোৰ মনত পৰিলে ভাল লাগে । কথাবোৰ ভাবিলে ভাল লাগে..। হোষ্টেলৰ নি:সংগতাৰ মাজত কেতিয়াবা এই সোঁৱৰণেই সৰ্বতোপৰি সংগী হৈ পৰে । এইটো কথাতেই পুনৰাই সুখী হওঁ যে এটি সুন্দৰ ল’ৰালি কাল পাৰ কৰি আহিছিলোঁ মই..যিয়ে মোৰ গোটেই জীৱনটোৰ আৰম্ভণি ডোখৰ পোহৰ কৰিছে। মোৰ সৰু কালটো হাঁহিৰ, সুখৰ, অভিমানৰ…। ভাল লগা টুকুৰাবোৰেৰেই সজাই তোলাৰ কাৰণেও সেই অদৃশ্য সৰ্বশক্তিমানক মনে মনেই সজ অন্তৰেৰে ধন্যবাদ জনাওঁ ।

 

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments