জোনালী (হেমেন্দ্ৰ পাতৰ)

এখন হাতেৰে কান্ধত মোনাতো লৈ আনখন হাতত দাখন কৈ ৰমেন কামলৈ যাবলৈ ওলাইছে৷ এনেতে জোনালী আহি মাত লগালেহি৷
পিতাই আজি কলৈ যাবলৈ ওলাইছা? জোনালী ৰমেনৰ ডাঙৰজনী ছোৱালী৷ বৰ গুনী ছোৱালীজনী, কামে কাজে মাতে কথায়ে দহজনী ছোৱালীতকৈ চৰা৷ পিছে তাইৰ ৰুপ তোক লৈহে সমস্যা৷ ভগৱানে তাইক ৰুপটো নিদিলে, পিছে সৰুজনীৰ ক্ষেত্ৰত সেই সমস্যা নাই৷ তাইৰ ৰুপ আৰু গুণ দুয়োটায়ে ক্ষেত্ৰত আগবঢ়া৷ তাইৰ নাম ৰুপালী আৰু তাই ওচৰৰ হাইস্কুল খনতেই পঢ়ি আছে৷ জোনালী আকৌ পঢ়া শুনাত বৰ আগ্ৰহী তাই ইতিমধ্যে ভালকৈ প্ৰথম বিভাগত মেট্ৰিক পাছ কৰি দহ কিলোমিটাৰ আতৰৰ চহৰৰ কলেজত পঢ়ি আছে৷ এইবাৰ তাই হায়াৰচেকেন্দেৰী দ্বিতীয় বৰ্ষত৷ কব নোৱাৰাকৈ এটা হুমুনিয়াহ ওলাই আহিল তাৰ৷ অহা বছৰলৈ ৰুপালীৰ বিয়া, উপায় নাই সৰুজনীকেই আগতিয়াকৈ দিব লগা হৈছে কাৰণ জোনালীৰ কাৰণে প্ৰস্তাৱ অহাই নাই৷ সৰুজনীৰ ৰুপকণ আছে বাবেই ভাল লৰা এটাই ধৰাত নিদিওঁ বুলি কব নোৱাৰিলে৷ দুখীয়াৰ বয়স বা পঢ়া শুনা কৰাৰ বিলাসিতা নাথাকে৷
পিতাই আজি কোনফালে ওলাই যাবা? চহৰলৈনে? বুলিকৈ জোনালীয়ে দেওঁতাকৰ ভৰি চুই সেৱা কৰিলেহি৷ ঘটনাৰ আকস্মিকতাত ৰমেন কিছুপৰৰ বাবে হতভম্ব হল৷ পিছে কেই মূহূৰ্তমানহে, নিজক চম্ভালি লৈ জোনালিৰ মূৰ চুই হিয়াভৰা আৰ্শীবাদ দিলে৷ তাৰ পিচত কলে, বুজিছ মাজনী গাৱঁৰ অৱস্থাটো দেখিছই? সকলোৰে প্ৰায় একেই অৱস্থা গতিকে চহৰলৈয়ে যাব লাগিব কাম বিচাৰি৷ তই চিন্তা নকৰিবি তোৰ এডমিছন ফিজৰ টকাখিনি এইবাৰ যেনেতেনে যোগাৰ কৰিমেই৷ হব দে পিতাই তই ইমান চিন্তা নকৰিবিচোন, ভগবান আছে নহয় সকলো ঠিক হৈ যাব দে- জোনালীয়ে বাপেকৰ মনটো মুকলি কৰিবলৈ কলে৷ বাৰু মাজনী মই যাওঁ মাৰক অলপ চাবি৷ খৰধৰকৈ চহৰৰ বাছ ধৰিবলৈ ৰমেন উলাই গল৷
বা… এই অংকটো বুজাই দেহিচোন৷ ভিতৰৰ পৰা ৰুপালীয়ে মাতিলে৷ বৰ মৰম দুইজনীৰ মাজত৷ দুখীয়া হোৱাৰ বাবেই হয়তো সকলোকথাই দুয়োজনীয়েই ভালদৰে বুজি পায় আৰু অনুধাৱন কৰিব পাৰে৷ দুয়ো দুয়োকে এৰি এখন্তেকো থাকিব নোৱাৰে৷ স্কুল যোৱাৰ বাহিৰে দুয়োজনী একেলগেই থাকে৷
ৰুপলীৰ বায়েকৰ আগতে বিয়াহোৱাৰ মত একেবাৰেই নাছিল৷ কেইবাদিনো ভাত পানী এৰিছিল, পিচে বায়েকে ইমান বুজালে যে অৱশেষত তাই মান্তি হল৷ কাৰণ তাই বুজি পালে যে তাৰ গত্যন্তৰ নাই কাৰণ বাপেকৰ ইতিমধ্যে টেটুলৈকে ধাৰ৷ মাকৰ ভাল নোহোৱা অসুখটো চাওঁতে চাওঁতে, সিহঁতদুজনীক পঢ়াওঁতে হোৱা খৰচ মিলাব নোৱাৰি বিভিন্ন জনৰ পৰা সূদলৈ টকা আনি পিতাক একেবাৰে জুৰূলা হৈ পৰিছে৷ অনৱৰতে তেওঁলোকে সূদ আৰু মূলৰ তাগিদা দিয়েই থাকে৷ দেওঁতাক ভাগি পৰিছে, হাজিৰা কৰা টকাৰে সূদহে দিব নে ঘৰ চলাব নে স্কুলৰ ফিছহে দিব?
সেয়েহে পঢ়াশুনা কৰাৰ তীব্ৰ ইচছা থকা সত্বেওঁ বিয়াত বঢ়াৰ সন্মতি দিব লগা হল৷ ৰুপালী ভাতকেইটা খাই স্কুললৈ উলাল৷ আজিয়েই তাইৰ শেষ স্কুল, সকলোৰে পৰা বিদাই মাগি আহিব কাৰণ তাই আৰু স্কুল নাযাই৷ বায়েকে বৰ মৰমেৰে তাইক সজাই পৰাই দিলে আৰু কপালত চুমা এটা আঁকি তাইক ঘৰৰ পৰা উলিয়াই দিলে৷
তাৰ পিছত তাই ঘৰৰ সকলো কাম কাজ নিয়াৰিকৈ কৰি গা ধূই লৈ মাকৰ লগত ভাত খালে৷ খাই ধূই অটাই মাকক শুৱাই থৈ সেৱা এটা কৰি আনটো ৰুমত বাগৰ দিওঁ বুলি গল৷ স্কুলৰ পৰা ৰুপালী আহিছে, ৰাস্তাৰ পৰাই বা বা বুলি চিঞৰি আহিছে৷ ভিতৰ সোমাই কাৰো মাত নুশুনি বায়েকৰ কোঠালৈ সোমাই গল৷ বা আআআআ…. এটা তীব্ৰ চিঞৰ মাৰি তাই অচেতন হৈ গল৷ কাৰণ বায়েকজনী চালৰ বাহঁৰ খুটাত উলমি আছে৷ ওচৰ চুবুৰীয়া আহিল, পুলিচো আহিল আৰু মৰাশটো নমালেহি৷ প্ৰাৰম্ভিক অনুসন্ধানতেই এইয়া যে আত্মহত্যা সেয়া ওলাই পৰিল৷ কাৰণ তাইৰ বিছনাৰ ওপৰতে এখন চিঠি আছিল তাই লিখি থৈ যোৱা৷ চিঠিখন এনেধৰণৰ-

মৰমৰ দেউতা,
সেৱা গ্ৰহণ কৰিবা, মই জানো তুমি মোক বৰ মৰম কৰা৷ নিজক শেষ কৰি হলেওঁ তুমি আমাক সুখেৰে ৰাখিবলৈ চেষ্টা কৰা৷ পাৰিলে মোক ক্ষমা কৰিবা৷ মই আৰু তোমাৰ আৰু মাৰ দুখ চাই জীয়াই থাকিব নোৱাৰো৷ মই নোহোৱা হলে অন্তত তোমাৰ এটা চিন্তাতো কমিব, মোক বিয়া দিয়াৰ চিন্তা, পঢ়োৱাৰ চিন্তা৷ অন্তত ভণ্টীৰ বিয়াখনকেই ভালদৰে পাতিবা, তাইক কবা বায়েৰে আকাশৰ পৰাই তাইৰ বিয়াখন চাব গতিকে বেছি দুখ কৰিবলৈ মানা কৰিবা৷ মাক কবা মই এই পৃথিৱীৰ পৰা আতৰি গলেওঁ তোমালোকৰ কাষতেই থাকিম বুলি৷ ভগৱানক কমগৈ আকৌ যাতে তোমালোকৰ ঔৰষতে মোক জন্ম দিয়ে আৰু এইবাৰ আমাক দুখীয়া কৰি নপথায় যেন৷ দুখীয়াৰ জীৱনযে বৰ কষ্টৰ৷
মহাজন দেউতাসকলৰ প্ৰতি মই কৰযোৰে প্ৰাৰ্থনা জনাওঁ যে তোমালোকে দেউতাক তাগিদা দি আৰু জুলোম নকৰিবা৷ দেউতা বৰ সৎ আৰু বিশ্বাসী, তেওঁ তোমালোকৰ সকলো পইচা ওভতাই দিব মাত্ৰ ভণ্টীৰ বিয়াখন সুকলমে হৈ যাবলৈ দিয়া৷

শেহত সকলোলৈ বিদায় প্ৰাৰ্থনা মাগি-
জোনালী

 

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments