জোলা গাঁও

(সম্পাদকৰ টোকা -ক্ৰমান্বয়ে হেৰাই যাব ধৰা জোলা গাঁৱৰ সম্পৰ্কে অকবৰ মজিয়াত হোৱা আলোচনাৰ নিৰ্বাচিত মতামত সমূহ..)

দেৱব্ৰত গগৈঃ  জোলা গাঁও নামটো শুনিছেনে? অসমৰ এছোৱা ইতিহাস এই শব্দটোৰ লগত লাগ খাই আছে এসময়ত জোলা গাওঁত কোনবোৰ সম্প্ৰদায়ৰ মানুহে বাস কৰিছিল জানেনে? অসমীয়া সমাজত বৰ্তি থকা সাতাম-পুৰুষীয়া সাম্প্ৰদায়িক সম্প্ৰীতিৰ নিৰ্দশন এই জোলা গাওঁ জানেনে জোলা গাওঁৰ বিষয়ে?

 

ভাস্কৰজ্যোতি দাসঃ জোলা গাঁও শিৱসাগৰৰ মেটেকা গাঁৱৰ সমীপৰ এখন গাঁও ( আমগুৰি ঘাট আৰু মেটেকাঘাটৰ মাজৰ) কিন্তু ইয়াৰ বুৰঞ্জীৰ বিষয়ে একো নাজানো। দত্ত উপাধিধাৰী ভালেকেইঘৰ লোক সেই গাওঁখনৰ মুখতেই আছে।

দেৱব্ৰত গগৈঃ আহোম শাসিত অসমৰ প্ৰায়বোৰ অঞ্চলতেই জোলা গাঁও আছে। মোগলৰ অসম আক্ৰমণৰ সময়ত বহুতো লোক অসমত থাকি গ’ল। সেই খিনি মানুহৰে একাংশই মাছ মাৰিবলৈ জাল গুঁঠিছিল আৰু তেওঁলোকে থকা গাওঁখনক জোলা গাওঁ বুলি কৈছিল। অতীতত জোলো গাওঁ মানেই গৰীয়া অৰ্থাত মুছলমান সম্প্ৰদায়ৰ মানুহৰ গাওঁ আছিল। কালক্ৰমত সেই মুছলমান সকলে আন ঠাইলৈ গুচি যোৱাত বেলেগ মানুহ তাত বহিলগৈ। সেয়ে এতিয়াও যিবোৰ অঞ্চলত জোলা গাওঁ আছে সেই অঞ্চলবোৰ আগতে মুছলমান বা গৰীয়া অধ্যূষিত অঞ্চলহে আছিল।

এই মানুহখিনিক গৰীয়া বুলি মতাৰ আন এটা কাৰণ আছে। আচলতে পিঠাগুৰি চালোতে চালনিত ৰৈ যোৱা সৰু সৰু টান গোটা ক্ষুদ্ৰ ক্ষুদ্ৰ অংশবোৰক গৰীয়া পৰা বোলে। মোগলসকলৰ সৈন্য বাহিনীবোৰৰ এক ক্ষুদ্ৰ অংশ অসমত থাকি যোৱাৰ বাবেই তেওঁলোকক গৰীয়া বুলি কোৱা হয়। এই শব্দটো অসমীয়া মুছলমানসকলৰ এটা হেঁপাহৰ শব্দ।

অঞ্জলি সোণোৱালঃ মোৰ এটা ভুল ধাৰণা আছিল যে গৰমা কুঁৱৰীৰ লগত অহা মানুহ খিনিক গৰীয়া বুলি কোৱা হয় বা গৌৰ দেশৰ পৰা অহাৰ বাবেহে গৰীয়া বুলি কোৱা হৈছিল… ভুল ভাঙিল। ধন্যবাদ।

সুৰজিত নেওগঃ “এই শব্দটো অসমীয়া মুছলমানসকলৰ এটা হেঁপাহৰ শব্দ।” হলেও দেখোন বহু মুছলমান (মই খাটি অসমীয়া খিনিৰ কথাহে কৈছোঁ) লোকে গৰীয়া বুলি ক’লে বেয়াও পায়। কিবা নিচ্চ্যাত্মক বা তুচ্চ্যাত্মক অৰ্থত ব্যৱহাৰ কৰা বুলি তেখেতসকলে ধাৰণা কৰে যেন পাওঁ।

দেৱব্ৰত গগৈঃ তুচ্ছাৰ্থত হোৱা হলে ” সদৌ অসম গৰীয়া-মৰীয়া দেশী পৰিষদ ” বুলি অনুষ্ঠান নাথাকিলে হয়।

ময়ুৰী দত্তঃ নজনা কথা এটা জানি ভাল লাগিল।

ৰঞ্জিত কুমাৰ বৰাঃ জোলাগাঁৱৰ ইতিহাস, গৰীয়াৰ ইতিহাস জানিলো। মৰীয়াৰো কিবা ইতিহাস আছে নেকি?

বিটুপন গগৈঃ আমাৰ গাঁৱৰ কাষতে এখন জোলা গাঁও আছে।

ভাস্কৰ জ্যোতি দাসঃ ৰঞ্জিত কুমাৰ বৰা ডাঙৰীয়া, মই জনা মতে মৰিয়া সকল আহোম ৰাজত্ব কালৰ কাঁহ-পিতলৰ শালত কাম কৰা লোক। কাঁহ-পিতলবোৰ গলোৱাৰ পাচত এইবোৰ সাঁচত বহুৱাই মৰিওৱা কামত এওঁলোকক নিয়োগ কৰা হৈছিল বাবে এওঁলোকক মৰিয়া নামেৰে জনা যায় আৰু মৰিয়াসকল মুলত: উত্তৰ বঙ্গৰ লোক।

ৰঞ্জিত কুমাৰ বৰাঃ ভাস্কৰ জ্যোতি দাস, সদৌ অসম গৰীয়া-মৰীয়া দেশী পৰিষদৰ নাম শুনো। গৰীয়া, মৰীয়াৰ ইতিহাস আজি জানিলো। মৰীয়াসকলৰ কথাখিনি জনাই মোক উপকৃত কৰিলে। আপোনাক ধন্যবাদ।

ভাস্কৰ জ্যোতি দাসঃ মই মৰিয়া সকলৰ বিষয়ে ইমানেই জানো। এওঁলোক ইছলাম ধৰ্মাৱলম্বী হোৱাৰ লগতে গৰীয়া সকলৰ দৰে সাধাৰণ শ্ৰেণীত নপৰে। আৰ্থিকভাৱে এতিয়াও পিচপৰা হোৱাৰ বাবে এওঁলোকক MOBC ৰ শ্ৰেণীত ধৰা হয়।

দেৱব্ৰত গগৈঃ দিহিঙ্গীয়া বা চুহুংমুং ৰজাৰ দিনত তুৰ্বকে যেতিয়া অসম আক্ৰমণ কৰিছিল তেতিয়া তুৰ্বকৰ লগত অহা সৈন্যবোৰ কিছুমান আহোম সেনাৰ হাতত বন্দী হৈছিল। ৰজাই প্ৰথমে তেওঁলোকক হাতী চোৱাৰ কামত লগাইছিল, কিন্তু আগতে হাতী নেদেখা সেইসকল লোকে হাতীক পিছফালে ঘাঁহ খুৱাইছিল, তাৰ পাছত ৰজাই শালি খেতিত লগাই দিয়ে, কিন্তু ভূঁইবোৰ ওলোটাকৈ ৰুলে, তেতিয়া ৰজাই কি কাম জানে বুলি সুধিলত, মৰিয়াব পাৰো বুলি ক’লে। তেতিয়া ৰজাই পুৰণা পিতলবোৰ মৰিয়াই পোনাবলৈ লগাই দিলে আৰু শেষত তেওঁলোকে মৰিয়াই মৰিয়াই কাঁহ – পিতলৰ বাচন সাজিবলৈ ধৰিলে আৰু তেওঁলোকে মৰীয়া নাম পালে।

অসমীয়া জাতিৰ অন্যতম সংখ্যালঘু সম্প্ৰদায় এই মৰীয়া লোকসকল। বৰ্তমানে এওঁলোকৰ বংশপৰিয়ালে জাঁজী নৈৰ পাৰত বাস কৰে। এওঁলোকৰ অসমীয়া কথন ভংগী সামান্য বেলেগ।

মৰীয়া গাভৰুসকল অসমৰ অন্যতম সুন্দৰী গাভৰুসকলৰ ভিতৰত পৰে ( এইয়া পিছে মোৰ নিজা অভিজ্ঞতা )

ময়ুৰী দত্তঃ যোৰহাটৰ কাকজানৰ ওচৰত মৰীয়াসকলৰ গাঁও আছে বুলি জানো, কিন্তু এওঁলোকে নিজকে মৰীয়া বুলি চিনাকি দিবলৈ কুণ্ঠাবোধ কৰিছিল। প্ৰায় ১০বছৰমানৰ আগলৈকে,বিশ্ববিদ্যালয়ৰ শেষৰ ষাণ্মাসিকত লোকসংস্কৃতিৰ লগত জড়িত এটা বিষয়ত আমি dissertation (গৱেষণা পত্ৰৰ ক্ষুদ্ৰ সংস্কৰণৰ দৰে, অসমীয়া শব্দটো বিচাৰি পোৱা নাই ) দাখিল কৰিবলগীয়া হৈছিল। মৰীয়াসকলৰ বিষয়ে কিছু কথা পঢি তেওঁলোকৰ সামাজিক অৰ্থনৈতিক স্থানৰ বিষয়ে যুগুত কৰিবলৈ মন কৰিছিলোঁ। এনে কামৰ বাবে ক্ষেত্ৰ অধ্যয়ন কৰি তথ্যপাতি সংগ্ৰহ কৰা প্ৰয়োজন হয়। মোৰ গাইদে মোক বাৰণ কৰিছিল এইবুলি যে সেই মানুহখিনিয়ে এই সম্পৰ্কে প্ৰশ্ন কৰিলে ক্ষুণ্ণ হয়। কাকজানতে থকা মামাক কথাটো কওঁতে নিৰুৎসাহ কৰিলে। ” সদৌ অসম গৰীয়া-মৰীয়া দেশী পৰিষদ ” গঠন হৈছে হয়তো অধিকাৰৰ দাবীৰ বাবে। এতিয়া হয়তো পৰিস্থিতি বেলেগ হৈছে। মৰীয়াসকলৰ বিষয়ে এখন কিতাপ থকা যেন মনত পৰে।

অভিজিত কলিতাঃ মোৰ ঘৰ কাকজানতে। এইখিনি মানুহক সৰুৰে পৰা দেখি আহিছোঁ। শুনামতে প্ৰমত্ত সিংহ স্বৰ্গদেউৱে কিছু কাৰিকৰী কাম জনা লোকক এই অঞ্চলত প্ৰতিষ্ঠা কৰিছিল। ইয়াত সোণাৰী গাঁও বুলি গাঁও এখন আছে, ইয়াৰ সকলো লোকৰে বৃত্তি আছিল সোণৰ কাম কৰা। আমি সৰু কালত দেখিছিলোঁ, প্ৰায়বোৰ ঘৰতে সোণাৰী শাল। কিন্তু আজিকালি নতুন আৰ্হিৰ কম সোণৰ গহনাৰ লগত ফেৰ মাৰিব নোৱাৰি প্ৰায় সকলোৱেই এই কাম বাদ দিলে। এই মৰীয়া সকলেও কাঁহ পিতলৰ কাম কৰিছিল বুলি শুনিছিলোঁ, কিন্তু সকলোৱে খেতি বাতি, সৰু সুৰা ব্যৱসায় আদি কৰাহে নিজে দেখিছিলোঁ। অৰ্থনৈতিক আৰু শৈক্ষিক দিশৰ পৰা এই লোকসকল এসময়ত বাকী লোকসকলতকৈ অলপ পিচপৰা আছিল, আৰু সামাজিক স্বীকৃতিৰ দিশতো তেওঁলোকক আনসকলে অলপ হেয় জ্ঞান কৰা যেন অনুমান হৈছিল সেই সময়ত। সহজ সৰল এই লোকসকলে, কিন্তু, ময়ুৰী দত্তই কোৱাৰ দৰে মৰীয়া শব্দটোলৈ আপত্তি কৰা বুলি গম পাইছিলোঁ।

শান্তিছায়া শইকীয়াঃ কাকজানত মৰীয়া গাঁও এখন আছে। সেই গাঁৱৰ বহু লোক মাজুলী লহকৰ গাঁৱৰ পৰা আহি থিতাপি লোৱা বুলিহে মই জানো। কাৰণ মোৰ মামাৰ ঘৰ মাজুলী লহকৰ গাঁৱত। সেই গাঁৱৰ লোক এই কাকজানত থকাটো জানো। এইসকলে এলুমিনিয়াম,পিতল আদিৰ কাম কৰি বেপাৰ কৰে। কাৰণ আমাৰ ঘৰত তেওঁলোকে তৈয়াৰ কৰা তেনে বাচন-বৰ্তন এতিয়াও আছে। সোণাৰী গাঁও আছে।

টুৱাৰাম দত্তঃ যোৰহাটৰ পতিয়া গাওঁ অঞ্চলত এখন মৰিয়া গাওঁ আছে যেন পাওঁ ৷

 

 

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments
কপি নকৰিব, অনুগ্ৰহ কৰি লিংকটো বিলাই দিয়ক