জোলেটেৰীয়ান- ডঃ পাৰ্থ সাৰথি ভূঞা

আজিকালি মানুহবিলাক খোৱা বোৱাৰ ক্ষেত্ৰত বহুত সাৱধান৷ ঘৰত কিবা পাতিলে বা কোনোবা পাৰ্টিলৈ গ’লে কথাটো গম পোৱা যায়৷ ভাল কথা সচেতন হোৱাটো৷ কোনোবাই চাহ নাখায়, কোনোবাই লাল বা গ্ৰীণ টি হে খায়৷ বহুতে চাহত চেনি নাখায়, কিন্তু “কালাকানটো খাম বাৰু, চাহত হে চেনিটো বাদ দিছোঁ” বুলি কয়৷
সেইদৰে, আজিকালি বহুত মানুহ ভেজিটেৰিয়ান৷ মাছ, মাংস আৰু কণী নাখায়, কিছুমান আকৌ ভেজিটেৰীয়ান কিন্তু কণী খায়, আকৌ কিছুমানে কণীও নাখায়, কিন্তু “কণী থকা কেকটো বাৰু চলি যায়” বুলি কয়৷ অকল কণী খোৱা বিলাকক বোলে ‘এগিটেৰীয়ান’ বুলি কয়৷ গতিকে পাৰ্টি বিলাকত আগৰ দৰে যি বনাইছে দি গ’লে নহ’ব, এতিয়া সুধি সুধি খাবলৈ বস্তু দিব লগা হয়৷
মোৰ দেউতা খোৱাৰ ক্ষেত্ৰত আগৰ পৰাই যথেষ্ট সচেতন আৰু সেয়ে হয়তো ভগৱানৰ কৃপাত এতিয়াও কোনো বেমাৰ আজাৰে অসুবিধা কৰা নাই আৰু আজিও প্ৰেক্টিছ কৰি আছে৷ যোৱা কিছুবছৰৰ পৰা দেউতাৰ খাদ্যাভ্যাস লক্ষ্য কৰি মই দেউতাৰ নাম দিছোঁ ‘জোলেটেৰীয়ান’, মানে মাছ মাংস নাখায় কিন্তু মাছ মাংসৰ জোল খায়!

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments
কপি নকৰিব, অনুগ্ৰহ কৰি লিংকটো বিলাই দিয়ক