জোৰোণ হৃদয়ৰ (মল্লিকা শৰ্মা বৰদলৈ)

প্ৰবালে কোৱা ধৰণেই বিদিশা যাবলৈ ওলাল। প্ৰবাল, তাইৰ প্ৰেম তাইৰ সপোন প্ৰবাল। সি তাইক বুজিছিল , কৈছিল , বিচাৰিলেই মোক পাবা। মই সদায় তোমাৰেই হৈ থাকিম। কিমান গভীৰ হ’ব পাৰে এই ভালপোৱা । তাই ৰখাব খোজোতেও চকুপানীবোৰ বৈ আহিছিল সেইদিনা । প্ৰবালে কান্ধখন পাতি দিছিল, অপৰাধী ভাব এটাৰে চাই অসহায়ভাৱে আঁতৰি আহিছিল তাই।

সপোনবোৰ গচকি নিজৰ অমতত বিয়া হৈ আহিছিল সেই ভাল নলগা মানুহজনৰ সৈতে । নতুন সম্পৰ্ক, নতুন ঘৰ, নতুন ঠাই। কিন্তু মনেৰে গ্ৰহণ কৰিব পৰা নাছিল একোকেই। আৰু মানুহজন! দেখিলেই খং উঠি যোৱা সেই মানুহজনৰ লগত কেনেকৈ সংসাৰ কৰিব পাৰিব তাই কল্পনাও কৰিব পৰা নাছিল । এদিন দুদিনকৈ দুবছৰেই পাৰ হ’ল । পৰিয়ালৰ বাকীবোৰৰ আশা বাঢ়ি আহিল। যিটো তাইৰ বাবে অসম্ভৱপ্ৰায় । এই মানুহজনৰ সকলো কথাই অসহ্য তাইৰ। মানুহজনে তাইৰ পৰা একো নিবিচাৰিলেও তাই সুখী হ’ব নোৱাৰে….

প্ৰবালে বুজাই দিয়াৰ দৰে টিকট কাটি বাছখনত উঠিল বিদিশা । কলৈ যাব ঠিক কৰা নাই । প্ৰথমতে এই চহৰখন এৰিব তাৰ পিছত সি যলৈকে নিয়ে তাই যাব । আৰু আধা ঘন্টা পিছত বাছখনৰ যাত্ৰা আৰম্ভ হ’ব লগতে তাইৰো নতুন অধ্যায়ৰ। মৃদু হাঁহি এটাই ওঁঠযুৰি চুই গ’ল তাইৰ।

আধা ঘণ্টাৰ মূৰে মূৰে প্ৰবালে ফোন কৰি আছে। ইমান যে চিন্তা তাইক লৈ। সন্তুষ্টিৰে চকু মুদি বাছৰ চিটটোত গাটো এৰি দিছে তাই। প্ৰবালৰ সতে কটোৱা অতীতৰ কথাবোৰ সুঁৱৰিবলৈ মন গৈছে।

হঠাতে তাইৰ প্ৰায়ে উঠা কাহটো উঠিল। সেইদিনা ভাত খাই থাকোতেও উঠিছিল । দৌৰি আহি যে পিঠিখন পিহি দি মানুহজনে পানীগিলাচ নিজে খুৱাই দিব খুজিছিল …। বিয়াৰ পিছত যে এবাৰ টান জ্বৰ হৈছিল ,সেই মানুহজনে কেনেকৈ যে গোটেই ৰাতিটো বহি বহিয়েই পাৰ কৰি দিছিল। কি যে অদ্ভুত মানুহজন। মানুহজনে দেখোন আজিলৈকে তাইক না, নহয়, নোৱাৰো একোৱেই কৈ নাপালে । হেই, কি যে কথাবোৰ ভাবি আছে তাই…।

ফোনটো বাজি উঠিল। মানুহজনৰ ফোন, সদায়ে কৰে কামৰ মাজতে । বিশেষ একো নকয়, তথাপি কৰে। ফোনটো ৰিচিভ কৰিলে তাই। কি কৰিছা, ভাত খালানে, ৰেষ্ট লবা, ভালকে থাকিবা …সদায় কোৱা কথাকেইটা কৈ তেঁও ঠিক ফোনটো ৰাখো বুলি কোৱাৰ আগতেই কি ভাবি জানো তাই ক’লে, “মই ওলাই আহিলো, আপুনিও ভালকে থাকিব”। কিছুসময় দুয়োফালে মৌনতা… ‘সোনকালে আহিবা’, কৈ তেঁও ফোনটো কাটি দিলে।

“সোনকালে আহিবা”, কথাষাৰ কাণত বাজি থাকিল । সমুখৰ চিটতোত এহাল বৃদ্ধ পতি-পত্নী । মানুগৰাকীয়ে গিৰীয়েকক কিবা দৰব খাবলৈ কৈছে। তাইৰ মানুহজনো কিছুদিন ধৰি উচ্চৰক্তচাপত ভুগি আছে । তাই দৰবটো পানীগিলাচৰ লগত নিদিলে খাবলৈকে পাহৰে। আজি বাৰু কামৰ পৰা উভতি আহি তেওঁ তাই নিদিলেও দৰবটো খাবনে? নাখালে যে …..। এই মানুহজন, মানুহজনে তাই ৰান্ধি দিয়া ভাতখিনি ভাল নহলেও ইমান যে আগ্ৰহেৰে খায়। তাই নাথাকিলে যে ভাত নোখোৱাকৈয়ে ৰাতিও শুই যায়। তাই অবিহনে ভালকৈয়ে থাকিব নে তেওঁ….? “সোনকালে আহিবা” আকৌ এবাৰ কোনোবাই কোৱা যেন লাগিল । সেই চিনাকী মাততো। ভাল নোপোৱা মানুহজনৰ মাতটো আকৌ এবাৰ শুনিব পোৱা হ’লে…..

মনটো পাতল লাগিব লাগিছিল, কিন্তু নালাগিল । কিছু মূহুৰ্তৰ পিছতে তাই লগ পাব তাইৰ প্ৰিয় পুৰুষজন, সপোনবোৰ দিঠক হোৱাৰ পথত। অথচ তাই নিশ্চিন্ত হৈ হাঁহিব পৰা নাই কিয়? বুকুত সামান্য বিষ এটাই আমনি কৰিছে । কিবা এটা যেন আঁতৰি গৈছে ক্ৰমান্বয়ে । সেই যে সৰুতে তাইৰ মৰমৰ পুতলাটো কুৱাত পৰি গৈছিল । সেই যে চেনেহৰ আইতাকজনী বিচাৰি নোপোৱাকৈ হেৰাই গৈছিল। সেই যে বিয়াৰ আগদিনা প্ৰবালৰ বুকুত সোমাই কান্দিব পৰা নাছিল । ঠিক তেনেকুৱাই কিবা এটা হেৰুৱাৰ বেদনাই হেঁচি ধৰিছে আকৌ । অসহ্য বিষ বুকুৰ কোনোবাখিনিত …

বাচখন চলিবলৈ মাত্ৰ কিছুসময় বাকী। বুকুৰ ধপধপনি ইমান বাঢ়িছে, এই যেন ওলাই আহিব কান্দোন। মানুহজন..তাইৰ মানুহজন। হঠাৎ কিবা ভাবি তাই বাচৰ পৰা নামি দিলে। প্ৰবাললৈ এটা মেচেজ কৰিলে–“ধন্যবাদ মোক সঠিক পথ বিচৰাত সহায় কৰাৰ বাবে। তুমি সদায়ে মোৰ বন্ধু হৈ থাকিবা, ভাল হওক তোমাৰ “। লগে লগে এটা হাঁহিৰ ইমজী আহিল সেইফালৰ পৰা । আজিহে তাই জীৱনৰ সঠিক সিদ্ধান্তত উপনীত হ’ব পাৰিছে । এয়া অতিকে চিনাকী ঠাইখন অভিমুখে তাইৰ ওভতনি যাত্ৰা । ভাল নলগা মানুহজনক আকৌ এবাৰ কাষতে পোৱাৰ হেঁপাহেৰে……..।।

Subscribe
Notify of
1 Comment
Oldest
Newest Most Voted
Inline Feedbacks
View all comments
Luku Sarmah
4 years ago

সুন্দৰ গল্প ৷ ভাল লাগিল পঢ়ী