জ্ঞানপীঠ বঁটা বিজয়িনী ড০ মামণি ৰয়ছম গোস্বামীৰ জীৱন আৰু কৃতিত এভুমুকি (লক্ষেশ্বৰ হাজৰিকা)

 

এটি যেন অতি অপ্ৰত্যাশিত আৰু নিদাৰুণ খবৰ। ২৯ নৱেম্বৰ ২০১১ ৰ ৰাতিপুৱা কপালৰ ডগমগীয়া ফোঁট হৈ উদয়াচলত দিনমণিয়ে হেমন্তৰ পাতল কুঁৱলীৰ ওৰণিৰ তলেদি ভুমুকি মাৰিছিল যদিও বেলিটি পূৰঠ নৌহওঁতেই শোকৰ তৰঙ্গই বৰ্ণিল আকাশ খনৰ ৰং নিমিষতে ম্লান কৰি পেলালে। অসমৰ সাহিত্যাকাশৰ এটি যেন উজ্জ্বল নক্ষত্ৰ খহি পৰিল। কোনোদিনে ভাগৰি নপৰা কোনো দিনে ক্লান্ত নোহোৱা,অপৰাজেয় শক্তিৰ অধিকাৰিণী,’অপৰাজিতা’,জ্ঞানপীঠ বঁটা বিজয়িনী সাহিত্য সম্ৰাজ্ঞী ড০ মামণি ৰয়ছম গোস্বামীয়ে জীৱন মৃত্যুৰ যুজঁত অৱশেষত হাৰ মানিলে। হাজাৰ হাজাৰ গুণমুগ্ধ,ব্যক্তি সংগঠনৰ কাতৰ প্ৰাৰ্থনা হয়তো ভগৱানে মঞ্জুৰ নকৰিলে। এই জীৱনৰ মায়া এৰি গুচি গ’ল অগনণ জনতাৰ মৰমৰ শ্ৰদ্ধাৰ মামণি বাইদেউৰ প্ৰাণপখী। ডগমগীয়া ৰঙা ফোঁটটো নোহোৱা হ’ল। মাথোঁ সোঁৱৰণী হৈ পৰিল প্ৰজ্ঞা আৰু বিৰল সৃজনী প্ৰতিভাৰ অক্ষয় ভাণ্ডাৰ ড০ ইন্দিৰা গোস্বামী অথবা ড০ মামণি ৰয়ছম গোস্বামী আৰু সকলোৰে প্ৰিয় মামনি বাইদেউ।

 

এইগৰাকী ক্ষণজন্মা মমতাময়ী মহীয়সী নাৰীৰ জন্ম হৈছিল ১৯৪২ চনৰ ১৪ নৱেম্বৰত গুৱাহাটীত। তেওঁৰ পিতৃ আছিল সেই সময়ৰ অতি বিদ্বান ব্যক্তি উমাকান্ত গোস্বামী আৰু মাতৃ আছিল এটি উদাৰ মানৱতাবাদী মহিলা অম্বিকা দেৱী। গুৱাহাটীতে শৈশৱৰ সোণালী সময় কটোৱা মামণি ৰয়ছমে প্ৰথমে লতাশিল প্ৰাইমেৰী বিদ্যালয়ত প্ৰাৰ্থমিক শিক্ষা আৰু পিচত শ্বিলঙৰ পাইন মাউণ্ট স্কুলত ইংৰাজী মাধ্যমত মাধ্যমিক শিক্ষা গ্ৰহণ কৰে। ইয়াৰ পিচত পুনৰ গুৱাহাটীলৈ আহি ১৯৫৭ চনত অসমীয়া মাধ্যমত তাৰিণীচৰণ বালিকা বিদ্যালয়ৰ পৰা প্ৰৱেশিকা পৰীক্ষাত উত্তীৰ্ণ হৈ স্থানীয় সন্দিকৈ ছোৱালী মহাবিদ্যালয়ত উচ্চ মাধ্যমিক শ্ৰেণীত নামভৰ্ত্তি কৰে। স্কুলত পঢ়ি থকা সময়তে অসমীয়া বিষয়ৰ ঘৰুৱা শিক্ষক তথা তেতিয়াৰ ‘নতুন অসমীয়া’ৰ সম্পাদক স্বৰ্গীয় কীৰ্তিনাথ হাজৰিকা দেৱৰ অনুপ্ৰেৰণাত নিজৰ ঘৰৰ হাতীটোৰ বিষয়ে লিখা ৰচনাৰে আৰম্ভ কৰে মামণি ৰয়ছম গোস্বামীয়ে লেখক জীৱন ; যিটো হাতীৰ চৰিত্ৰক মুখ্য কৰি তেওঁ পৰৱৰ্তী সময়ত ৰচনা কৰিছিল “দঁতাল হাতীৰ উঁয়ে খোৱা হাওদা”ৰ। ১৯৬০ চনত কটন কলেজৰ পৰা স্নাতক ডিগ্ৰী লাভ কৰে। ১৯৬২ চনত প্ৰকাশ পালে তেওঁৰ প্ৰথম গ্ৰন্থ তথা প্ৰথমখন গল্প সংকলন ‘চিনাকি মৰম’। ১৯৬৩ চনত তেওঁ গুৱাহাটী বিশ্ববিদ্যালয়ৰ পৰা অসমীয়া বিষয়ত স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰে। তাৰ পিচত বহু প্ৰত্যাশা প্ৰতীক্ষাৰ অন্তত ‘হিন্দুস্তান কনষ্ট্ৰাকচন্ কোম্পানী’ৰ অভিযন্তা মাধৱেন ৰয়ছম আয়েংগাৰৰ সৈতে ১৯৬৫ চনত তেওঁ বিবাহ পাশত আৱদ্ধ হয়। ইয়াৰ মাজতেই ১৯৬৬ চনত প্ৰকাশ পায় তেওঁৰ দ্বিতীয়খন গল্প সংকলন ‘কইনা’। বৈবাহিক জীৱনৰ সেন্দূৰীয়া আলিত খোজ পেলাই তেওঁৰ জীৱনক অনন্যৰূপ দিবলৈ লওঁতেই ১৯৬৭ চনত জম্মুত কাৰ্য নিৰ্বাহ কৰি থকা কৰ্মস্থলীত সংঘটিত এক মটৰ দুৰ্ঘটনাত ইহ সংসাৰ ত্যাগ কৰে মামণি ৰয়ছমৰ প্ৰিয়তম ‘মাধু’ অৰ্থাৎ মাধৱেন ৰয়ছমে। ইয়াৰ পিচতেই স্বামীহাৰা মামণি ৰয়ছমৰ আৰম্ভ হয় আন এক কণ্টকময় জীৱন। অসীম ধৈৰ্য আৰু মনোবল সম্বল কৰি স্বামীৰ স্মৃতি বুকুত বান্ধিয়েই তেওঁ ১৯৬৮ চনত গোৱালপাৰাৰ সৈনিক স্কুলত শিক্ষয়িত্ৰী হিচাপে নতুন পথ এটাত খোজ পেলালে।  ১৯৬৯ চনত বৃন্দাবনৰ ‘ইনষ্টিটিউট অৱ্ অৰিযেণ্টেল ফিল’শ্বফী’ত শিক্ষাবিদ উপেন চন্দ্ৰ লেখাৰুৰ অধীনত গৱেষণা আৰম্ভ কৰে। ১৯৭১ চনত দিল্লী বিশ্ববিদ্যালয়ত ‘আধুনিক ভাৰতীয় ভাষা-সাহিত্য অধ্যয়ন’ বিভাগত অসমীয়া বিষয়ৰ অধ্যাপিকা হিচাপে যোগদান কৰি অৱসৰৰ মুহূৰ্তলৈকে তাত সেৱা আগবঢ়ায়। চাকৰীৰ সমান্তৰালভাৱে তেওঁ সাহিত্য সৃষ্টিৰ কামতো সমানে আগবাঢ়ি গৈছিল। ১৯৭২ চনত তেওঁৰ প্ৰথমখন উপন্যাস ‘চেনাবৰ স্ৰোত’ প্ৰকাশ পায়। ১৯৭৩ চনত ‘মাধৱ কন্দলিৰ অসমীয়া ৰামায়ণ আৰু তুলসী দাসৰ ৰামচৰিত মাৱসৰ তুলনামূলক অধ্যয়ন’ শীৰ্ষক বিষয়ত গুৱাহাটী বিশ্ববিদ্যালয়ৰ পৰা পি এইচ ডি ডিগ্ৰী লাভ কৰে।

 

১৯৭৬ চনত মামণি ৰয়ছম গোস্বামী জাপান আৰু দক্ষিণ এছিয়া ভ্ৰমণ কৰে। সেই বৰ্ষতেই তেওঁৰ এখন অনবদ্য উপন্যাস ‘নীলকণ্ঠী ব্ৰজ’ প্ৰকাশ পায়। ১৯৮০ চনত প্ৰকাশ পায় আন এখন উপন্যাস ‘অহিৰণ’ আৰু ‘মামৰে ধৰা তৰোৱাল আৰু দুখন উপন্যাস’ শীৰ্ষক তিনিখন উপন্যাস সংকলন। এই তিনিখন উপন্যাস সংকলনৰ বাবে তেওঁ ১৯৮২ চনত সাহিত্য অকাডেমী বঁটা লাভ কৰে। ১৯৮৬ চনত ‘নীলকণ্ঠী ব্ৰজ’ৰ ইংৰাজী অনুবাদ ‘দা শ্বেড’ অব্ দা ডাৰ্ক গড এণ্ড দা চিন’ প্ৰকাশ পায়। ১৯৮৮ চনত প্ৰকাশ পায় তেওঁৰ নৱতম উপন্যাস ‘দঁতাল হাতীৰ উঁয়ে খোৱা হাওদা’ – যি খন উপন্যাসে সেই একে বছৰতে লাভ কৰে অসম সাহিত্য সভা বঁটা। সেই বছৰতে প্ৰকাশ পায় তেওঁৰ আত্মজীৱনীমূলক গ্ৰন্থ ‘আধালেখা দস্তাবেজ’। ১৯৮৯ চনত প্ৰকাশিত ‘সংস্কাৰ, উদয়ভানুৰ চৰিত্ৰ ইত্যাদি’ নামৰ তিনিখন উপন্যাসৰ সংকলনৰ বাবে তেওঁ লাভ কৰে ভাৰত নিৰ্মান ৰাষ্ট্ৰীয় বঁটা। ১৯৯২ চনত ইণ্ডোনেছিয়াত অনুষ্ঠিত নৱম আন্তৰ্জাতিক ৰামায়ণ সন্মিলনত যোগদান কৰে। সেই বৰ্ষতেই লক্ষ্ণৌৰ উত্তৰ প্ৰদেশ হিন্দী সংস্থাৰ পৰা তেওঁ সৌহাৰ্দ্য বঁটা লাভ কৰে। ১৯৯৩ চনত লাভ কৰে ‘কথা সাহিত্য বঁটা’ । সেই একেটা বৰ্ষতে ‘দঁতাল হাতীৰ উঁয়ে খোৱা হাওদা’ৰ ইংৰাজী অনুবাদ ‘ছগা অৱ ছাউথ কামৰূপ’ প্ৰকাশ পায়। ১৯৯৬ চনত মামণি ৰয়ছমে সাহিত্য ক্ষেত্ৰৰ জীৱনজোৰা কৃতিৰ বাবে ‘কমল কুমাৰী বঁটা’ লাভ কৰে। ১৯৯৭ চনত মামণি ৰয়ছম গোস্বামীৰ ‘দঁতাল হাতীৰ উঁয়ে খোৱা হাওদা’ৰ আধাৰত ডা০ সান্ত্বনা বৰদলৈয়ে নিৰ্মাণ কৰা ‘অদাহ্য’ ছবিখনে ‘আন্তৰ্জাতিক জুৰী বঁটা’ লাভ কৰে। ১৯৯৮ চনত তেওঁ স্পেইনত অনুষ্ঠিত ৰামায়ণী সাহিত্য সম্পৰ্কীয় আলোচনা চক্ৰত সঞ্চালক হিচাপে অংশ গ্ৰহণ কৰে। ১৯৯৯ চনত ‘ৰামায়ণাঃ ফ্ৰম গংগা টু ব্ৰহ্মপুত্ৰ’ শীৰ্ষক গৱেষণা গ্ৰন্থৰ বাবে আমেৰিকাৰ ফ্লৰিদা বিশ্ববিদ্যালয়ে আয়োজন কৰা ‘তুলসী দাস আৰু তেওঁৰ সাহিত্যকৰ্ম’ শীৰ্ষক সন্মিলনত ‘আন্তৰ্জাতিক তুলসী বঁটা’ লাভ কৰে। ২০০০ চনত মামণি ৰয়ছম গোস্বামীয়ে ভাৰতৰ সৰ্বোচ্চ সাহিত্য সন্মান ‘জ্ঞানপীঠ বঁটা’ লাভ কৰে।

 

২০০২ চনত ভাৰত চৰকাৰে মামণি ৰয়ছমলৈ আগবঢ়ায় সন্মানীয় ‘পদ্মশ্ৰী’ সন্মান। কিন্ত্ত এই বঁটা তেওঁ সবিনয়ে প্ৰত্যাখ্যান কৰে। একেটা বৰ্ষতে পশ্চিম বঙ্গৰ ৰবীন্দ্ৰ ভাৰতী বিশ্ববিদ্যালয়ে তেওঁক প্ৰদান কৰে সন্মানীয় ডি লিট উপাধি। আনহাতে অসমত আহোম সভাই তেওঁলৈ আগবঢ়ায় ‘মহীয়সী জয়মতী বঁটা’ । ২০০৬ চনত লাভ কৰে কোৰিয়াৰ বিশ্বশান্তি বঁটা। ২০০৮ চনত তেওঁ লাভ কৰে নেদাৰলেণ্ডৰ ‘প্ৰিন্স ক্লজ বঁটা’ । এই বঁটা ইউৰোপৰ শীৰ্ষস্থানৰ সাহিত্য বঁটা সমূহৰ ভিতৰত অন্যতম।, য’ত আছে ৬৫ লাখ টকা নগদ ধন। এই বঁটাৰ সমস্ত ধন মামণি ৰয়ছম গোস্বমীয়ে গাঁৱত স্থাপিত হোৱা এখন হাস্পতালৰ নামত দান দিছিল। সেই বছৰতে কলকাতাৰ এছিয়াটিক চ’চাইটিৰ দ্বাৰা ‘ঈশ্বৰ চন্দ্ৰ বিদ্যাসাগৰ বঁটা’ লাভ কৰে। ইয়াৰোপৰি দেশ-বিদেশৰ বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠানে তেওঁলৈ আগবঢ়াইছে যথোচিত সন্মান,পুৰস্কাৰ আৰু বঁটা।

 

ৰামায়ণী সাহিত্যৰ গৱেষণা অন্বেষণৰ লগতে অসমীয়া সাহিত্যৰ বিশ্বব্যাপী প্ৰসিদ্ধি লাভ কৰা প্ৰথিতযশা সাহিত্যিক গৰাকীৰ ‘চিনাকি মৰম’,’কইনা’,’মামণি ৰয়ছমৰ নিৰ্বাচিত গল্প’,  ‘মামণি ৰয়ছমৰ প্ৰিয় গল্প’, ‘হৃদয় এক নদীৰ নাম’, আদি কবিতা সংকলন ; ‘চেনাবৰ স্ৰোত’,  ‘নীলকণ্ঠী ব্ৰজ’, ‘অহিৰণ’, ‘ঈশ্বৰী জখমী যাত্ৰী ইত্যাদি’, ‘তেজ আৰু ধূলিৰে ধূসৰিত পৃষ্ঠা’, ‘মামণি ৰয়ছম গোস্বামীৰ উপন্যাস সমগ্ৰ’,  ‘দাশৰথিৰ খোজ’,  ‘ছিন্নমস্তাৰ মানুহটো’, ‘মামৰে ধৰা তৰোৱাল আৰু দুখন উপন্যাস’, ‘দঁতাল হাতীৰ উঁয়ে খোৱা হাওদা’ আৰু  ‘থেংফাখ্ৰী তহচিলদাৰৰ তামৰ তৰোৱাল’ উপন্যাসৰ উপৰি জীৱনীমূলক গ্ৰন্থ ‘মহীয়সী কমলা’, ‘মা’ ; অনুবাদ গ্ৰন্থ ‘প্ৰেমচান্দৰ চুটি গল্প’, ‘আধাঘণ্টা সময়’, ‘জাতক কথা’,  ‘কলম’ আৰু ‘আহ্নিক’ প্ৰকাশ পায়। ১৯৯৬ চনত মামণি ৰয়ছম গোস্বামীৰ বৃহৎ  আকাৰৰ গৱেষণা গ্ৰন্থ (Thesis) “ৰামায়ণাঃ ফ্ৰম গংগা টু ব্ৰহ্মপুত্ৰ” (Ramayana : from Ganga to Brahmaputra) প্ৰকাশ পায়। ১৯৯৩ চনত ড০ মলয়া খাউণ্ডৰ সৈতে যৌথভাৱে সম্পাদনা কৰা গ্ৰন্থ ‘এৰি অহা দিনবোৰ’ আৰু ‘ইণ্ডিয়ান ফকল’ৰ’ ৰ প্ৰকাশ পায়। ২০০৭ চনত প্ৰকাশ পায় ‘দস্তাবেজৰ নতুন পৃষ্ঠা’ আৰু ‘অপ্সৰা গৃহ’ । আনহাতে মামণি ৰয়ছম গোস্বামীৰ ‘ছিলেকটেড ৱৰ্কছ অৱ ইন্দিৰা গোস্বামী’ ‘আই এণ্ড মাই ৰাইটিং’. ‘পেছেজ ষ্টেইনড্ উইথ ব্লাড’কে ধৰি কেইবাখনো ইংৰাজী গ্ৰন্থও প্ৰকাশ পায়।

 

অসমীয়া সাহিত্যৰ এক উচ্চ আসনত অধিষ্ঠিত প্ৰসিদ্ধ কথা শিল্পী গৰাকীৰ গল্প,উপন্যাস, প্ৰৱন্ধকে ধৰি ৰচনা সমূহ ইংৰাজীৰ উপৰি হিন্দী,নেপালী,তেলুগু,কানাড়া,বাঙালী আৰু মাৰাঠী ভাষালৈও অনুদিত হৈছে।  আনহাতে তেওঁৰ বিভিন্ন ৰচনা পৃথিৱীৰ বিভিন্ন দেশৰ উল্লেখযোগ্য পত্ৰিকাত প্ৰকাশ পোৱাৰ লগতে তেওঁৰ কেইবাখনো গৱেষণা পত্ৰও দেশ-বিদেশৰ উল্লেখনীয় পত্ৰিকাত প্ৰকাশ পাইছে। তেওঁ বুলগেৰিয়া,থাইলেণ্ড,বেলজিয়াম,চীন,স্পেইন,মালয়েছিয়া,নতুন দিল্লী,হাৰিয়ানা আদি ঠাইকে ধৰি দেশ-বিদেশৰ অৰ্ধশতাধিক ৰাষ্ট্ৰীয়-আন্তৰাষ্ট্ৰীয় আলোচনা চক্ৰতো ভাগ লৈ অসমলৈ কঢ়িয়াই আনে অভূতপূৰ্ব সন্মান আৰু গৌৰৱ। এইগৰাকী প্ৰথিতযশা সাহিত্যিকে বিভিন্ন সময়ত সাহিত্য অকাডেমীকে ধৰি বিভিন্ন অনুষ্ঠান-প্ৰতিষ্ঠানৰ সন্মানীয় সদস্য পদ অলংকৃত কৰিছিল। তেখেতে এটা সময়ত আলফা সমস্যা সমাধানৰ বাবে আলফা আৰু চৰকাৰৰ মাজত শান্তি আলোচনা অনুষ্ঠিত কৰাৰ বাবেও আগভাগ লৈছিল। তেওঁৰ এই সদিচ্ছা আৰু সপোন ফলৱৰ্ত্তী হোৱা হ’লে হয়তো ‘শান্তিৰ নোবেল বঁটা’ও পালেহেঁতেন।

মুখত সোণ-ৰূপৰ চামুচ লৈ জন্ম গ্ৰহণ কৰিলেও অনন্য প্ৰতিভাসম্পন্ন বিৰল ব্যক্তিত্বৰ অধিকাৰিণী ড০ মামণি ৰয়ছম গোস্বামীৰ ব্যক্তিগত জীৱনটো সুখৰ নাছিল। নানা ঘাত-প্ৰতিঘাত-সংঘাতৰ মাজেদি আগবাঢ়িছিল তেওঁৰ জীৱন । তেওঁ সৰুৰে পৰাই সাংঘাতিক হতাশা (Depression)ত ভুগিছিল। খুউৱ অকলশৰীয়া অনুভৱ কৰিছিল। আনকি আত্মহত্যাৰ প্ৰৱণতাই তেওঁৰ অন্তৰত থিতাপি লৈছিল। তেওঁ ‘আধালেখা দস্তাবেজ’ত নিজেই উল্লেখ কৰিছে যে দেউতাক আৰু খুড়াকৰ মৃত্যুৰ পিচত তেওঁ একাধিকবাৰ আত্মহত্যাৰ প্ৰচেষ্টা চলাই ব্যৰ্থ হৈছিল। তেওঁৰ বিয়াক কেন্দ্ৰ কৰিও পৰিয়ালৰ হেঁচা আৰু অন্যান্য কিছুমান কাৰকে ব্যতিব্যস্ত কৰি তুলিছিল। অৱশেষত মাধৱেন ৰয়ছম আয়েংগাৰৰ লগত যুগ্ম জীৱনৰ পাতনি মোলিও সুখৰ কাৰেং গঢ়িব নোৱাৰিলে। ভগৱানে তেওঁৰ সুখৰ সংসাৰ গঢ়িব নিদিলে। বৈৱাহিক জীৱনৰ আমেজভৰা সোণসেৰীয়া মাথোঁ দুটা বছৰ নৌহওঁতেই নিয়তিয়ে তেওঁৰ ওচৰৰ পৰা স্বামীক চিৰদিনৰ বাবে আঁতৰাই লৈ গ’ল। ইয়াতে তেওঁ পুনৰ ভাগি পৰি দিক্ বিদিক হেৰুৱাই পেলায়। তথাপি বুকুত অসীম সাহস আৰু ধৈৰ্য্যৰে জীয়াই থাকিবলৈ আৰু বাস্তৱ জীৱনৰ মুখামুখি হ’বলৈ হাতত কলম তুলি ল’লে। জীৱনৰ ঘাত-প্ৰতিঘাত,দুখ-দুৰ্দশা,হাঁহি-কান্দোনৰ মাজতে বিচাৰি পালে জীয়াই থকাৰ সম্বল। তেওঁ সাহিত্য কৰ্মৰ মাজেদি জীৱনক নতুনকৈ গঢ় দিয়ে ; তেওঁৰ নিৰৱধী কলমে সৃষ্টি কৰি গ’ল ইখনৰ পিচত সিখন গ্ৰন্থ। এই গৰাকী মানৱতাবাদী সাহিত্যিকে নিজে উল্লেখ কৰিছে –  “Writing is my blood, in my veins, If I  stop I will die of suffocation. Without my pen I will die.”

 

নিচেই কম বয়সৰ পৰাই মামণি ৰয়ছম গোস্বামীয়ে দলিত,বঞ্চিত,বিধৱা,নিৰ্যাতিতা, শ্ৰমিক-কৰ্মচাৰী,খেতিয়ক-বনুৱা আৰু সৰু সৰু মানুহৰ বিষয়ে লিখি ভালপোৱা এগৰাকী দৰদী মানৱতাবাদী লেখিকা হিচাপে সুদীৰ্ঘ পাঁচটা দশকৰো অধিক কাল ধৰি অসমীয়া সাহিত্য জগতত সৃষ্টি কৰি গৈছে এক অনন্য বিপ্লৱ। তেওঁৰ উপন্যাস ‘চেনাবৰ স্ৰোত’ত যেনেকৈ বনুৱা শ্ৰমিক সকলৰ দুখ-দুৰ্দশাগ্ৰস্ত অৱস্থা প্ৰতিফলিত হৈছে, তেনেকৈ ‘নীলকণ্ঠী ব্ৰজ’ত বৃন্দাবনত থকা বিধৱা সকলৰ দুখলগা অৱস্থা প্ৰতিফলিত হৈছে। আনহাতে ‘দঁতাল হাতীৰ উঁয়ে খোৱা হাওদা’ত সত্ৰৰ বিধৱা সকলৰ দুখ-যাতনাৰ লগতে সমাজৰ কু-সংস্কাৰৰ কথা প্ৰতিফলিত হৈছে। ঠিক তেনেকৈ ‘ছিন্নমস্তাৰ মানুহটো’ত তেওঁ বলি বিধানৰ বিৰুদ্ধে মাত মাতিছে। জীৱনৰ অন্তিম সময়ত এইগৰাকী মহীয়সী লেখিকাই মনোনিবেশ কৰিব বিচাৰিছিল কবিতা আৰু বুৰঞ্জী সমৃদ্ধ উপন্যাস ৰচনাত। বিশেষকৈ অৱহেলিত হৈ অহা নামনি অসমৰ কোচ ৰাজবংশী,বড়ো,ৰাভা সকলৰ ঐতিহ্যক তেওঁ উপন্যাসৰ মাজেৰে প্ৰকাশ কৰিবলৈ আঁচনি গ্ৰহণ কৰিছিল। তেওঁৰ সেই আশা পূৰ্ণ নহ’ল। দস্তাৱেজৰ নতুন পৃষ্ঠা সামৰিয়ে সাহিত্য জগতত এক অপূৰণীয় শূন্যতাৰ সৃষ্টি কৰি সকলোৰে দ্ৰষ্টা,জ্ঞান মন্দাকিনী মৰমৰ মামণি বাইদেউৱে ৭০ সংখ্যক জন্ম দিৱস পালনৰ মাত্ৰ এপষেক পিচতে নৰনাট সামৰি চিৰদিনৰ বাবে বিদায় মাগিলে স্মৃতিৰ এটি এলবাম হৈ।

 

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments