“জ্ঞান বিস্তাৰৰ বিশেষ দিশ এটাত নেতৃত্ব ল’ব কোনে?”-(পংকজ জ্যোতি মহন্ত)

কম্পিউটাৰ প্ৰগ্ৰেমিঙৰ শ্ৰেণী এটাত এজন ছাত্ৰই কোনো দিন প্ৰগ্ৰেম নকৰে; সি প্ৰায় একেৰাহে গুগুলত কোনো অভিনেত্ৰী বা মডেলৰ ফটোৰ সন্ধান কৰি চোৱাত ব্যস্ত থাকে। কেট্ৰিনা কাইফৰ নতুন অৰ্ধনগ্ন ফটোৰ সন্ধান কৰাটো আৰু কাষত থকা ছাত্ৰজন বা কেতিয়াবা ছাত্ৰীজনীক দেখুওৱাটো যেন তাৰ কৰ্তব্য। প্ৰগ্ৰেমিঙৰ সেই শ্ৰেণীসমূহত আন কোনো ছাত্ৰছাত্ৰীয়েই যে মেইল খোলা, বাতৰি পঢ়া, কিবা তথ্যবস্তুৰ সম্পৰ্কত পঢ়িবলৈ লোৱা আৰু কেতিয়াবা অভিনেতাঅভিনেত্ৰীখেলুৱৈৰ ফটো চোৱা আদি কাম একেবাৰে নকৰে এনে নহয়, কিন্তু সেই ৰাজনৰ কামটো ইমানেই দৃষ্টিকটু হৈ পৰে যে তাক সবেই হাক দিয়ে।
এদিন ময়ো তাক লো– “এনেকৈ চাই নাথাকিবা আকৌ, চাৰে দেখিলে কি ! তোমাক চাৰে কিবা কোৱাটোতকৈয়োএনেকৈ থকাটো দেখিলে চাৰক অপমান কৰা নিচিনা হয়।সি উত্তৰ দিলে– “এই, তুমি কি কোৱা হে? চাৰে মোক নেদেখেহি নহয়। তোমালোকে অকণো ৰিক্স নোৱাৰা।
হাইস্কুল উত্তীৰ্ণ হোৱাৰ পাছৰ পৰা সি সদায় নকল কৰিয়েই প্ৰথম শ্ৰেণী পাই আহিছে আৰু পাইয়ো থাকিব। গতিকে পঢ়াৰ প্ৰতি তাৰ কোনো চিন্তা নাই আৰুকোনেওতাক ধৰা পেলাবও নোৱাৰে। এবাৰ ধেমালীৰ চলেৰে সবেই তাক সুধিলে– “তই ইমানকৈ কেনেকৈ চুৰ কৰা কামবোৰ কৰিব পাৰ? নকল কৰিও কেতিয়াও যে ধৰা নপৰ?” বিভাগ এটাৰ আটাইতকৈ কাঢ়া শিক্ষকজন নিৰীক্ষক হৈ থাকোঁতেও সি আগৰটো বা পাছৰটো পৰিক্ষাৰ্থীৰ পৰা পৃষ্ঠা টানি নি চাই লিখি থৈ আহে। তাৰ পৰীক্ষা বহীত সদাই পাঁছটা মূৰৰ প্ৰভাৱ থাকেতাৰ আগৰ, পিছৰ, বাওঁকাষৰ, সোঁকাষৰ আৰু নিজৰ মূৰৰ প্ৰভাৱ। লগৰবোৰৰ প্ৰশ্নটো শুনি সি টপৰাই উত্তৰ দিলে– “মই কটনৰ প্ৰডাক্ট হয়!”

এনেধৰণৰ বহুতো ছাত্ৰছাত্ৰীয়েই ঐতিহ্যমণ্ডিত কটন মহাবিদ্যালয়ৰ মৰ্যাদা হানি কৰি আহি থাকিল। এইধৰণৰ ছাত্ৰছাত্ৰীবোৰক ভাল দিশৰ প্ৰতি উদ্বুদ্ধ কৰিবলৈ ব্যক্তিত্বশালী বা জ্ঞানপ্ৰাচুৰ্যৰ দ্যুতিৰ বাবে সন্মানীয় অধ্যাপকৰো অভাৱ পূৰ্ণ নোহোৱাকৈ থাকিল।

লগৰ কেইজনমানৰ আগত মই এদিনএখন ৱেব আলোচনী বনামবুলি কোৱাৰ লগে লগে সেই ৰাটোৱেৱেব আলোচনী বনাই বোলেবুলি ফেক্ ফেক্ কৈ হাঁহিবলৈ ধৰিলে। তেতিয়া প্ৰচণ্ড খঙেৰে মই তাক ধমকি দি উঠিলো– “কিয় হাঁহিছা তুমি? নিজে নজনাকে লোকক কিয় হাঁহিছা? হাঁহিছা কিয় তুমি? কোৱা কি কাৰণত হাঁহিলা?” সি সেমেনাসেমেনি কৰি তলমূৰ কৰাত লাহেকৈ লো– “আলোচনী বাদ দিয়া বাৰু, তুমিযে সদাই অভিনেত্ৰীৰ ফটোবোৰ গুগুলত বিচাৰি বিচাৰি চোৱা, সেইবোৰ তোমাক গুগুলে বনাই দিয়ে নেকি? তুমি ফটো এখন ডাঙৰ কৰি চোৱাৰ পাছত ফটোখনক্লকৰি দিবাচোন, তেতিয়া এটা ৱেবছাইট খোল খাব। তুমি চোৱা ফটোখন আচলতে সেই ৱেবছাইটটোত আছিল আৰু ৱেবছাইটটো অলপ খুচৰিলেই দেখিবা সেইটো বাতৰি ৱেবছাইট বা কোনো ফটোব্লগ পাৰে। সেইবোৰ বনোৱা বা চলোৱাৰ লগত সাধৰণতে তোমাৰ বয়সৰে ৰা বা ছোৱালীয়েই জড়িত হৈ আছে। লোকে কৰা কামবোৰকে কিমান উপভোগ কৰা! নিজে অভিনেতাঅভিনেত্ৰীৰ ফটো অলপকে গোটাই একেঠাইতে পোৱাকৈ ফটো ৱেবছাইট এটাকে বনোৱাচোন!”

অসমীয়া বাতৰি কাকতত দুবাৰমান কোনো ফটোৰ লগত দেখা মনত পৰে– ‘ফটো : গুগুলৰ পৰা সংগৃহীত টোকাটো দায় সৰা টুলুঙা মন্তব্য যেন লাগে।
এবাৰ এজনী ছোৱালীক কামৰ দায়িত্ব নিদিয়াৰ বাবে মোৰ ওপৰত বিৰূপ মন্তব্য কৰিছিল। তাই পেঞ্চিল আৰু ৰঙেৰে কিছু আঁকবাঁক কৰিব পাৰেগতিকে কেইটামান কাৰ্টুন আঁকিবলৈ মই তাইক দায়িত্ব দিব লাগিছিল, কিন্তু কাৰ্টুন বিচৰা হৈছিল সুমন্ত দা (সুমন্ত বৰুৱা) পৰা। তথাপি তাইৰ বিৰূপ মন্তব্য শুনাৰ পাছত মই ফোন কৰি কেইটামান কাৰ্টুন আঁকিবলৈ অনুৰোধ কৰিলো আৰু লগতে কামটো তাই সহজ পাবলৈ কেইটামান কাৰ্টুনৰ ধাৰণাও দিলো, কিন্তু মোৰ কথাখিনি তল পেলাই আচৰিত কৰি তাই মৰমেৰে মোক লে– “পংকজ, তুমি গুগুলতমেথ কাৰ্টুনমাৰি চাৰ্চ কৰিবাচোন, তেতিয়া ধেই কাৰ্টুন ওলাব, তাৰ পৰা তোমাৰ ভাল লগাকেইটা ডাউনল কৰি মোলৈ মেইল কৰি দিবা, মই তোমাক আঁকি দিম। সুমন্ত দাৰ কাৰ্টুন আৰু সেই লোকৰ কাৰ্টুন নকল কৰি তাই আঁকি দিয়া কাৰ্টুন! কেতিয়াবা গুগুলত চাৰ্চ কৰোঁতে সুমন্ত দাৰ কাৰ্টুনো ওলাব পাৰে, তাকে নকল কৰি যদি কোনোবাই আঁকি দিয়ে আপোনাৰ কেনেকুৱা লাগিব? সেই কাৰ্টুনবোৰৰ উৎসৰ সন্ধান কৰি দেখিলোকিছুমান গণিত সংক্ৰান্তীয় ৱেবছাইট বা ব্লগত সেইবোৰ সন্নিবিষ্ট হৈ আছে আৰু কেৱল বিজ্ঞান কাৰ্টুন আৰু গণিত কাৰ্টুনৰ ব্লগ এটাও বিচাৰি পালো।

বহুতে গুগুলত সন্ধান কৰি পোৱা ফটোবোৰ নিজৰ ইচ্ছা মতে সকলোতে ব্যৱহাৰ কৰিব পৰা অৱস্থাত থাকে বুলি ধৰি লয়। আনহাতে গুগুলত সন্ধান কৰিলে অসমীয়া ভাষাসাহিত্যঐতিহ্যৰ সম্পৰ্কে বা অসমীয়া ভাষাত কোনো তথ্য নাপালে সেইবোৰ গুগুলে অন্তৰ্ভুক্ত কৰা নাই বুলিয়েই বহুতে ধৰি লয়। যেন সেই তথ্যবোৰ সন্নিবিষ্ট কৰি ৰখাৰ দায়িত্ব কেৱল গুগুলৰ আৰু সেইবোৰ ব্যৱহাৰ কৰাটোহে আমাৰ কৰ্তব্য। অসমৰ কোনো ঠাই, সাসঁজুলি বা কোনো বিখ্যাত ব্যক্তিৰ ফটো আৰু অসমীয়া বিখ্যাত গল্প, কবিতা, প্ৰবন্ধ, কিতাপ আদিৰ কোনোবাখনৰ বিষয়ে গুগুলত বিচাৰিলে আপুনি আজিও একো তথ্য নাপাব পাৰে। ইয়াৰ অৰ্থ পৰ্যাপ্ত তথ্যবস্তুৰে গঢ়ি তোলা ৱেবছাইট আমাৰ মাজত এতিয়াও সীমিত হৈ আছে।

কেইবছৰমান আগতে সৰু সৰু দুটা পৃথক বাতৰিত এজন বিখ্যাত পণ্ডিতসমালোচকবিশ্লেষক আৰু এজন অসম সাহিত্য সভাৰ সভাপতিয়ে আক্ষেপেৰে কৰা মন্তব্য পঢ়িবলৈ পাইছিলো তেওঁলোকে কৈছিল– “ইণ্টাৰনেটৰ আগমনে যুৱকযুৱতীৰ (ছাত্ৰছাত্ৰীৰ) মাজত কিতাপ পঢ়াৰ আগ্ৰহ কমাই দিছে।কিন্তু নতুন প্ৰজন্মক যদি পৰ্যাপ্ত পৰিমানে উৎসৰ যোগান ধৰা নহয়, অধিক জ্ঞানাৰ্জনৰ আগ্ৰহ বাহিব কেনেকৈ? তেওঁলোকে আগ্ৰহ কৰা বস্তুবোৰৰ ৰিয়তেই জ্ঞানাৰ্জনৰ বিশাল উৎস একোটা সন্মুখত দাঙি ধৰিব লাগিব। কিন্তু সেই মন্তব্যৰ বিপৰীতে তেওঁলোকে ইন্টাৰনেটত লেখাবস্তু সন্নিবিষ্ট কৰাত সামান্যও গুৰুত্ব দিয়া দেখিছেনে? উত্তৰ নাই দেখা। তেওঁলোক পণ্ডিত, বিখ্যাত আৰু জনপ্ৰিয়, গতিকে সূৰ্যমুখী ফুলৰ দৰে বৃহৎ সংখ্যক লোকে কেৱল তেওঁলোকৰ পিনেই মুখ মেলি চাই থাকে। সেইগতিকে তেওঁলোকে মন দিলে বহুতো কাম সহজে পাৰে। সেই বিশ্লেষকগৰাকী বহুত ব্যস্ত, বিভিন্ন কামত জড়িত হৈ থকা দেখা যায়। কিন্তু সেই সাহিত্যিকগৰাকীৰ বিশেষ একো কাম নাই, তেৱোঁ কিন্তু এনে কামত কোনো আগভাগ লোৱা বা উৎসাহ জনাবলৈ অহা দেখা নাযায়; এইবোৰ কথাৰ সম্পৰ্কে হয়তো তেওঁ আন একো নাভাৱে, কেৱল বেয়া প্ৰভাৱ এটাৰ কথাহে উনুকিয়াব খোজে। সৰুতে ককাৰ বয়সৰ কেইজনমান মানুহে প্ৰায়ে মন্তব্য কৰা শুনিছিলো– “আগতে গুৰু দুজনাৰ বৰগীত, নাট, ভটিমা আদি কেৱল সাঁচিপাতত আছিল, সবেই যেতিয়াই তেতিয়াই চুব পৰা নাছিল। এতিয়া বৰগীতো বিদ্যালয়ৰ কিতাপলৈ আহিল, আজি বৰগীতৰ কিতাপ পঢ়ে
আবিয়ৈ ছোৱালীয়ে, চেঙেলীয়া ৰাই বাহী গাৰে ভটিমা পঢ়ে! ভৰিত লাগিলেও কিতাপ কোনে সেৱা কৰে? আমি গা ধুইহে বৰগীতৰ পুথিভাগত হাত লগাওঁ, সাঁচিপাতৰ পুথিখন গা ধুই ভাতমুঠি নোলোৱাকৈহে চুবলৈ যাওঁ। আজিৰ যুগত অপায়অমঙ্গল নহ কিয়? কলিকাল জোখতকৈ সোনকালেই শেষ চাব। পৃথিৱী ধ্বংশ বলৈ বেছিদিন নালাগে।” – সেই উদ্বিগ্নতাৰ বাবেই যদি কিতাপ প্ৰকাশ নকৰি সবেই সাঁচিপাতকে ধৰি থাকিলহেঁতেন কি লহেঁতেন! আজিও ইন্টাৰনেটৰ বাবে কিতাপ পঢ়া কমিছে বুলি কৈ থকি আৰু ইন্টাৰনেটত জ্ঞানউৎস বৃদ্ধিৰ দিশটোত সামান্যও গুৰুত্ব নিদিয়াকৈ থাকিলে জাতিটো বহুত পিছুৱাই যাব।
ইয়াৰ বাবে আজি কিছুসংখ্যক যুৱকযুৱতী ওলাই আহিছে যদিও আৰু সেইবোৰৰ বিষয়ে কাকতেপত্ৰই কিছু প্ৰচাৰ হৈছে যদিও সীমিত সংখ্যকৰ কামকাজে গোটেই জাতিটোৰ বৌদ্ধিক চাহিদা পূৰণ কৰিব নোৱাৰে। অৱশ্যে সেই সীমিত সংখ্যকৰ উদ্যম শলাগিবলগীয়া। আনহাতে এচামে আনক দেখি নিজেও কিছু কৰাৰ কথা ভাবিলেও আনে কৰা কামটোকেহে কৰি থাকিব বিচাৰে, বাকী থকা অভাৱবোৰ পূৰণ কৰাৰ ক্ষেত্ৰত তেওঁলোকে চিন্তাচৰ্চা নকৰে।

এটা কথা কল্পনা কৰকচোনঅসম সাহিত্য সভাই আন নালাগে সাহিত্য সভাৰে সভাপতিসকলৰ প্ৰতিজনৰে দহটাকৈ প্ৰবন্ধ, কবিতা বা গল্প সন্নবিষ্ট কৰি এটা ৱেবছাইট বনাইছে। লেখাসমূহ (ইউনিকডত) লিখিবলৈ যথেষ্ঠ ধন লাগিব বাবে প্ৰতিটো শাখা কাৰ্যালয়ৰ পৰা প্ৰতিজন সদস্যই দুটাকৈ নালাগে, মাথোঁ এটাকৈ লেখা ইউনিকডত লিখি দিছে। তথাপি যদি আৰু লেখা লিখিবলৈ বাকী ৰৈ গৈছে সেইসমূহ অসমৰ বৃহৎ ছাত্ৰসংগঠন দুটাৰ প্ৰতিজন সদস্যই এটাকৈ লিখি দিছে। তেনেকৈ এজনে এটাকৈ লেখা লিখি দিলেও কিমান কাম ভা‌ৱি চাওকচোন! আচৰিত যেন লাগিলেও এইটো এটা অলিক কল্পনা। এষাৰ প্ৰখ্যাত ধেমেলীয়া উক্তি ধাৰ কৰি আমি পাৰোঁ– “অসম সাহিত্য সভাই বা ছাত্ৰসংগঠনবোৰে এনেকুৱা কাম কৰিব পাৰে বুলি বিজ্ঞানীসকলে কয়, কিন্তু কৰিব পাৰিব বুলি মই বিশ্বাস নকৰোঁ।

 

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments