জ্ঞান-সংজ্ঞা-স্নায়ু-ক’মা ইত্যাদি – ড০ হিতেশ্বৰ শৰ্মা

জ্ঞান-সংজ্ঞা-স্নায়ু-ক’মা ইত্যাদি…..ড০ হিতেশ্বৰ শৰ্মা
১৯৯৭ চনৰ কথা৷ মই প্ৰথম MBBS পাছ কৰিছোঁ মাথোঁ৷ দ্বিতীয় MBBS ৰ আৰম্ভণিৰ পৰা আমি গুৱাহাটী মেডিকেল কলেজৰ হস্পিতালত clinical ক্লাছৰ বাবে ভেষজ, শল্য বা প্ৰসূতি বিভাগত উপস্থিত হব লাগে৷ য’ত আমাক শিকোৱা হয় কেনেকৈ ৰোগীৰ লগত কথা পাতি, পৰীক্ষা কৰি ৰোগৰ লক্ষণসমূহৰ দ্বাৰা ৰোগ নিৰ্ণয় কৰা হয়৷ হঠাতে এদিন এটা ডিপাৰ্টমেণ্টৰ ফলক এখনলৈ চকু গ’ল৷ লিখা আছিল “সংজ্ঞাহৰণ বিভাগ”৷ প্ৰথম বাৰৰ বাবে “এনাস্থেচিয়া” শব্দৰ অসমীয়া সমাৰ্থক শব্দটো পাই ভাল লাগিল৷ কিন্তু ৰোগীয়ে যেতিয়া সোধে তেতিয়া অলপ বেলেগকৈ সোধে৷ যেনে “ছাৰ অপাৰেচন কৰাৰ সময়ত মোক অজ্ঞান কৰি লব নেকি? ” বা কেতিয়াবা আমি নিজেও কওঁ “মানুহৰ জনক অজ্ঞান কৰি লৈ ছাৰ্জাৰি কৰা হব৷ “ এনে ক্ষেত্ৰত যদি “অজ্ঞান” শব্দটোক এনাস্থেচিয়া শব্দৰ সমাৰ্থক শব্দ হিচাপে ব্যৱহাৰ কৰা হয় তেন্তে অথন্তৰ হব৷ “সংজ্ঞাহৰণ” বিভাগটো “অজ্ঞান” বিভাগলৈ ৰূপান্তৰিত হব৷ দাৰ্শনিক দৃষ্টিত ভাষাত শব্দ এটাৰ প্ৰকৃত অৰ্থ আৰু ব্যবহৃত অৰ্থৰ মাজত তফাৎ আছে৷ শব্দ এটাৰ প্ৰকৃত অৰ্থত কৈ ব্যৱহাৰিক অৰ্থতহে ভাষাৰ সৌন্দৰ্য্য, ভাষাৰ লালিত্য ফুটি উঠে৷
সংজ্ঞা বা চেতনা কি বুলি প্ৰশ্ন কৰিলে এষাৰতেই উত্তৰ দিয়াটো অলপ কঠিন৷ বিজ্ঞানৰ ভাষাত ইন্দ্ৰিয়ানুভুতিৰ সহায়ত জৈব জগতৰ লগত থকা সামঞ্জস্যকেই চেতনা বুলিব পাৰি৷ যেতিয়াই জৈব জগতৰ লগত সম্পৰ্ক হেৰায় তেতিয়াই চেতনাহীন বা সংজ্ঞাহীন বুলি কোৱা হয়৷ এনেকুৱা চেতনাহীন বা সংজ্ঞাহীন অৱস্থা সাধাৰণতে তিনি প্ৰকাৰৰ৷ প্ৰথমতে, সংজ্ঞাহীন বা অজ্ঞান অৱস্থা ঔষধ প্ৰয়োগ কৰি পোৱা যায় যাক আমি সংজ্ঞাহৰণ কৰা বা এনাস্থেচিয়া দিয়া বুলি কওঁ৷ দ্বিতীয়তে বেছিভাগ ক্ষেত্ৰতে মগজুত হোৱা বিসংগতিৰ বাবে তেনেকুৱা অৱস্থা এটা পাওঁ৷ উদাহৰণ স্বৰূপে মুৰত আঘাত পালে নাইবা সংকটজনক অৱস্থাত সংকটকালীন বিভাগত (ICU) ভৰ্তি হৈ থকা ৰোগী এনেকুৱা অৱস্থাত থাকে৷ মুমূৰ্ষু সংজ্ঞাহীন অৱস্থাত থকা এনে ৰোগীক চিকিৎসকে সাধাৰণতে কমা (Coma) অৱস্থাত থকা বুলি কয়৷ তৃতীয়তে গভীৰ নিদ্ৰাতো আনকি তেনেকুৱা অৱস্থা এটা পাব পাৰি৷ ক’মাৰ বিষয়ে ভালকৈ জনাৰ আগতে অলপ মগজুৰ গঠন সম্পৰ্কে জনাৰ দৰকাৰ লগতে কিছু পৰিমাণে স্নায়ু কোষৰ বিষয়ে৷
মানুহৰ মগজুটো হ’ল গোটেই জীৱদেহৰ নিয়ন্ত্ৰণ কক্ষৰ দৰেই৷ অসংখ্য স্নায়ু কোষেৰে সজ্জিত৷ এটা স্নায়ু কোষ আকাৰ ০.১ মিলি মিটাৰ যদিও দীঘলে এক মিটাৰ মান হব পাৰে৷ এই দীঘলীয়া অংশটোক এক্সন (axon) বুলি কয়৷ আমি এনেকৈও কব পাৰো দীঘলীয়া axon ৰ এমূৰত স্নায়ুকোষটো থাকে৷ এই কোষটাৰ পৰা কিছুমান চুটি (axon ত কৈ) প্ৰশাখা ওলাই যাক ডেনড্ৰাইট্(dendrite) বুলি কওঁ৷ সহজ ভাষাত স্নায়ু কোষৰ কাম হ’ল উত্তেজনা এটা বা জৈৱিক সংকেত এটা ডেনড্ৰাইট এডালেৰে কোষটোৰ ভিতৰলৈ কঢ়িয়াই আনে৷ কোষটোৱে সেই উত্তেজনাটো পৰিৱৰ্তন কৰি বা অপৰিবৰ্তিত ভাবে আন এটা কোষলৈ এক্সনডালেৰে পঠিয়াই দিয়া৷ আমাৰ মগজুটো এনেকুৱা অসংখ্য স্নায়ু কোষৰ সমষ্টি লগতে এই এক্সন আৰু ডেনড্ৰাইট্ বোৰৰ অসংখ্য সংযোগৰ এক জ্যটিল জৈব বৰ্তনী (complex Bio electronic circuit)৷ মগজুটোৰ বেলেগ বেলেগ অংশই দেহৰ বেলেগ বেলেগ অংগতন্ত্ৰ বা অংশকস প্ৰতিনিধিত্ব বা নিয়ন্ত্ৰণ কৰে৷ উদাহৰণ স্বৰূপে পেৰালাইচিচ্ বা পক্ষঘাট ৰোগীক প্ৰায়ে এখন হাত বা ভৰি দুৰ্বল হয় কিন্তু প্ৰকৃততে মগজুৰ সেই হাত বা ভৰিৰ ঠাই খিনি নিয়ন্ত্ৰণ কৰা অংশটোত হে বেমাৰটো থাকে৷
Coma বা সংজ্ঞাহীন মুমূৰ্ষুু অৱস্থাৰ বিষয়ে ১৯৭৭ চনত আমেৰিকাৰ এজন চিকিৎসক লেখক ৰবীন কুকে তেওঁৰ উপন্যাস Coma ত সুন্দৰকৈ উল্লেখ কৰিছিল৷ সেই উপন্যাস খনত কেনেদৰে ৰোগীক ক’মা অৱস্থালৈ লৈ গৈ অবৈধ ভাবে মানব দেহৰ অংগৰ ব্যৱসায় চক্ৰ এটাৰ লগত জড়িত কৰিছিল তাৰ সুন্দৰ ব্যাখ্যা আছে৷ প্ৰকৃততে Coma অৱস্থা আৰু মৃত্যুৰ মাজত পাৰ্থক্য কিমান? ক’মা অৱস্থাৰ পৰা সংজ্ঞা ঘূৰাই পাইনে? ক’মা অৱস্থাটো চকুৰ আগত লৈ চিকিৎসক জন বা ৰোগীৰ অভিভাৱক জনে কিমান দিন বাট চাব? এইবোৰেই হল মনত হোৱা প্ৰশ্ন৷

মানুহৰ মগজুটো গোলাকৃতিৰ৷ তলৰ ফালে এটা ঠেঙুলিৰ দৰে নামি অহা অংশক spinal cord বোলে৷ এই ষ্পাইনেল কৰ্ড ডাল মগজুৰ যিটো অংশত লাগি আছে তাক কোৱা হয় brainstem বা মগজুৰ ঠাৰি৷ এই brainstem বা মগজুৰ ঠাৰি অংশত এটা গুৰুত্বপূৰ্ণ অংশ হ’ল ৰেটিকুলাৰ এৰিয়া (reticular area)৷ এই ৰেটিকুলাৰ অংশ কিছুমান বিশেষ ভাবে উত্তেজিত হব পৰা স্নায়ুকোষৰ সমষ্টি৷ এই বিশেষ ভাবে উত্তেজিত হব পৰা স্নায়ুকোষ বোৰে বিভিন্ন ধৰণৰ সক্ৰিয় সংকেত দেহৰ বিভিন্ন অংগৰ পৰা বিশেষকৈ আমাৰ পঞ্চ ইন্দ্ৰিয়ই প্ৰেৰণ কৰা সংকেত সমূহ মগজৰ ওপৰ পৃষ্ঠালৈ (cerebral cortex) আৰু তাৰ প্ৰত্যুত্তৰত অহা সংকেত বোৰ বিভিন্ন অংগ সমূহলৈ পঠিয়াই দিয়ে৷ অৰ্থাৎ মগজুক বহিঃ জগতৰ লগত সংযুক্ত কৰি ৰাখে৷ ঠিক তেনেদৰে যেতিয়া গভীৰ নিদ্ৰাতো মগজুৰ ভিতৰত সৃষ্টি হোৱা বহুতো সংকেত বা উদ্দীপনা দেহৰ বিভিন্ন স্থানলৈ প্ৰেৰণ কৰি সচেতন অৱস্থাত ৰাখে৷ সেয়েহে টোপনি অৱস্থাত থাকিলেও সপোন দেখি চিঞৰি উঠা, টোপনিত উঠি বহা আদি হব পাৰে৷ বহু কাৰণত এই সংকেত সমূহৰ আদান প্ৰদান যদি বন্ধ হয় বা ৰেটিকুলাৰ অংশই যদি উত্তেজনা বা সংকেতৰ প্ৰতি নিষ্ক্ৰিয় হয় তেন্তে মানুহ এজন অচেতন অৱস্থালৈ গুচি যায়৷ যদি মগজু আৰু ৰেটিকুলাৰ অংশ মাজত সংকেত বা উত্তেজনাৰ আদান প্ৰদান সুকলমে নহয় তেন্তে সেই অৱস্থটোক ক’মা(Coma) বুলি কওঁ৷ গভীৰ নিদ্ৰাত যদিও বহিঃ উত্তেজনা বা উদ্দীপনা এটাই মগজুৰ পৃষ্ঠাখন ঢুকি নাপায়গৈ কিন্তু ৰেটিকুলাৰ অংশৰ লগত মগজুৰ সংকেতৰ আদান প্ৰদান চলি থাকে আৰু এক সপোনৰ ৰাজ্যত বিচৰণ কৰাৰ নিচিনা এটা অৱস্থাত থাকে৷ এনে অৱস্থাত এটা শক্তিশালী বহিঃ উত্তেজনাই ৰেটিকুলাৰ অংশৰ যোগেদি মগজুক বহিঃ জগতৰ লগত সংযুক্ত কৰাই দিব পাৰে (মানে নিদ্ৰা ভংগ হ’ল)৷
দেখা গৈছে যে ক’মা অৱস্থাৰ পৰা সচেতন অৱস্থালৈ ঘূৰি আহিবলৈ এদিন, দুদিনৰ পৰা কেইবা বছৰো লাগিব পাৰে৷ ভাৰতৰ অৰুণা শানবাগ নামৰ ২৫ বছৰীয়া নাৰ্ছ এগৰাকী সৰ্বোচ্চ ৪২ বছৰ ক’মা অৱস্থাত জীয়াই আছিল৷ যেতিয়ালৈ হৃদপিণ্ড বন্ধ নহয় মৃত্যু বুলি ধৰা নাযায়৷ পাঁচ মিনিট যদি হৃদপিণ্ডৰ ধপ্ ধপনি বন্ধ হোৱা ECG ত দেখা যায় তেনেহলেহে মৃত্যু হোৱা বুলি নিশ্চিত হয়৷ এই ক’মা অৱস্থাত থকা ৰোগীক লৈয়ে প্ৰায়ে অভিযোগ শুনা যায় যে”মৰা মানুহক ICU ত সুমুৱাই দি ধন ঘটিছে “৷ বিদেশত deep brain stimulation দি ৬ বছৰৰ পিছত ক’মা অৱস্থাৰ পৰা সংজ্ঞা ঘূৰাই পোৱা ৰেকৰ্ড আছে কিন্তু সকলো ক্ষেত্ৰতে সফল পোৱা নাযায়৷ ক’মা অৱস্থাত ৰোগীজনৰ সম্ভাব্য কাৰণ সমূহৰ চিকিৎসা আৰু দেহৰ বাকী অংগৰ সাধাৰণ যত্ন সমূহ লোৱা হয়৷ সাধাৰণতে সম্ভাব্য কাৰক সমূহৰ চিকিৎসা কৰিলেই ৰোগী জনে জ্ঞান ঘূৰাই পায়৷ কিন্তু কেতিয়াবা কথাবোৰ ইমান সহজ নহবও পাৰে আৰু তেতিয়াই অথন্তৰ হয়৷ চিকিৎসা বিজ্ঞান এতিয়াও এই ক’মা অৱস্থাৰ বিষয়ে সম্পূৰ্ণ জ্ঞাত নহয়৷ বহুতো গবেষণা চলি আছে কিন্তু এতিয়াও কব পৰা হোৱা নাই কিমান দিনলৈ এই ক’মা অৱস্থাত থাকিব পাৰে বা কি কৰিলে সংজ্ঞা ঘূৰি আহিব৷ এনে ক্ষেত্ৰত চিকিৎসকৰ সিদ্ধান্ত লোৱা কঠিন হৈ পৰে আবেগিক অৱস্থাত ৰোগীৰ আত্মীয়ৰো একেই অৱস্থা হয়৷ কমাৰ সকলো কাৰণ বোৰৰ উপলব্ধ চিকিৎসা কৰাৰ পাছতো যদি চেতনা ঘূৰি নাহে তেতিয়া জীৱন আৰু মৃত্যুৰ মাজত পাৰ্থক্য কেৱল হৃদপিণ্ডৰ ধপ্ ধপনি৷ যদি আবেগক এফালে ৰখা যায় তেন্তে দুটা কথা চিন্তা কৰিব পাৰি৷ প্ৰথমটো হ’ল ইউথেনচিয়া বা ইচ্ছা মৃত্যু৷ ভাৰতত ইউথেনচিয়া আইন বিৰোধী কিন্তু অৰুণা শানবাগ ৰ ঘটনাই ভাৰতৰ উচ্চতম ন্যায়ালয়কো জোকাৰি গৈছিল৷ দ্বিতীয়তে অংগ দানৰ কথাটো বিবেচনা কৰিব পাৰি৷ হয়টো বিজ্ঞানে আকৌ এধাপ আগুৱাই গৈ অদূৰ ভৱিষ্যতে ক’মাৰ বিষয়ে সঠিকভাৱে তথ্য আহৰণ কৰি চিকিৎসাৰ দিশ সলাবলৈ সক্ষম হব৷

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments
কপি নকৰিব, অনুগ্ৰহ কৰি লিংকটো বিলাই দিয়ক