জ্বলন্ত চহৰখন (অনুবাদ : প্ৰশান্ত কুমাৰ বৰা)

মূল : ঝালমাৰ ছ’ডাৰবাৰ্গ

( লেখক পৰিচিতি : খ্যাতনামা ছুইডিছ ঔপন্যাসিক, নাট্যকাৰ, কবি আৰু সাংবাদিক ঝালমাৰ এমিল ফ্ৰেডৰিক ছ’ডাৰবাৰ্গৰ জন্ম হৈছিল ১৮৬৯ চনৰ ২ জুলাইত আৰু পৰলোকপ্ৰাপ্তি ঘটিছিল ১৯৪১ চনৰ ১৪ অক্টোবৰত৷ ষ্টকহোম চহৰৰ সন্তান এইগৰাকী লেখকে প্ৰথমতে এগৰাকী চৰকাৰী কেৰাণী হিচাপে কাম কৰিছিল আৰু পিছলৈ লেখা-মেলাকে সৰ্বস্ব কৰি লৈছিল৷ জীৱনৰ শেষৰফালে তেওঁৰ মন ধৰ্ম-বিষয়ক অধ্যয়নৰ ফালে ঢাল খাইছিল৷ সাংবাদিক হিচাপেও সেৱা আগবঢ়োৱা ছ’ডাৰবাৰ্গ নাজীবাদৰ এজন উগ্ৰ সমালোচক আছিল৷ অসংখ্য ছুটিগল্পৰো ৰচয়িতা এইগৰাকী লেখকৰ সৰ্বোৎকৃষ্ট ৰচনাৰাজিৰ ভিতৰত উল্লেখযোগ্য হ’ল ‘মাৰ্টিন বিৰ্কছ ইউথ’ নামৰ উপন্যাসখন আৰু তেওঁৰ প্ৰথমখন ছুটিগল্প সংকলন ‘লিটল হিষ্টৰিজ’৷)
উজ্জ্বল বৰণৰ জালীকটা পৰ্দাৰ ফাঁকেৰে শীতকালৰ পুৱাৰ কোমল ৰ’দচেৰেঙা খিৰিকী দুখনৰেদি সোমাই আহে আৰু কোঠাটোৰ সেউজৰঙী কোমল দলিচাত ই দুটা এঢলীয়া আয়তাকাৰ ক্ষেত্ৰ অংকন কৰে৷ এই উমাল ঠাইখিনিতে ৰৌদ্ৰস্নান কৰি এটা কণমানি ল’ৰাই আপোনমনে জঁপিয়ায় আৰু নাচে৷ এই বয়সলৈকে বিশ্ব-জগতৰ বিষয়ে নিচেই কম কথাহে সি জানে৷ সি জানে যে সি এতিয়া সৰু আৰু এদিন সি ডাঙৰ হ’ব, কিন্তু সি এই কথা নাজানে যে এদিন তাৰ জন্ম হৈছিল অথবা এসময়ত তাৰ মৃত্যুও হ’ব৷ সি জানে যে সি এতিয়া চাৰিবছৰীয়া আৰু খুউব সোনকালেই পাঁচ বছৰীয়া হ’ব, কিন্তু ‘এটা বছৰ’ মানেনো কি বুজা যায় সেয়া সি নাজানে৷ সি এতিয়াও সময়ক কালি, আজি আৰু কাইলৈ – এই হিচাপেৰেই জোখে৷
‘দে’তা,’ যি হঠাতে দেউতাকৰ গাত ধৰি উলমি দিয়ে৷ তাৰ দেউতাক, যি এইমাত্ৰ পুৱাৰ জলপান খাই উঠি দিনটোৰ প্ৰথমটো চিগাৰেট জ্বলাইছে। তেওঁ আকৌ এনে এজন মানুহ, যি সময়ক চিগাৰেটৰ হিচাপেৰে জোখে৷ দেউতাকৰ গাত উলমি সি কয়, ‘দে’তা, কালি ৰাতি সপোনত মই ঢেৰ বস্তু দেখিলো৷ সপোনত মই গোটেই কোঠাটোৰ বস্তু দেখিলো৷ মই সপোনত চকীবিলাক দেখিলো আৰু সেউজীয়া দলিচাখন দেখিলো আৰু আইনাখন দেখিলো আৰু ঘড়ীটো দেখিলো আৰু চুলাটো দেখিলো আৰু দুৱাৰৰ জাপবোৰ দেখিলো আৰু আলমাৰিটোও দেখিলো৷’
এইবুলি কৈ সি জুইৰ শিখাবোৰ জিকমিকাই জ্বলি থকা চুলাটোৰ ফালে জঁপিয়াই যায় আৰু তাৰ ওচৰতে এটা খৰবাগৰ মাৰে৷ চুলাটো আৰু ইয়াৰ সন্মুখৰ ঠাইখিনিক সি কোঠাটোৰ ভিতৰতে আটাইতকৈ দৰকাৰী আৰু সন্মানজনক বস্তু বুলি ভাবে৷
কণমানিটোৰ কথা শুনি দেউতাকে মূৰ দুপিয়ায় আৰু পঢ়ি থকা কাকতখনৰ চুকটো হাওলাই তালৈ চাই হাঁহে৷ তাকে দেখি ল’ৰাটোৱেও হাঁহে, বাগৰি বাগৰি হাঁহে৷ এই বয়সত তাৰ কাৰণে ‘হাঁহি’ বোলা বস্তুটো মাথোঁ আনন্দৰ শেষ পৰিণামহে, কোনো হাস্যকৰ কথাৰ প্ৰতি প্ৰশংসাৰ প্ৰতীক নহয়৷ কেইদিনমানৰ আগতে যেতিয়া সি খিৰিকীখনৰ চিকবোৰত উঠি জোনটোলৈ চাই হাঁহিছিল, তাৰ কাৰণ এইটো নাছিল যে জোনটোক সি এটা অদ্ভুত বা হাস্যকৰ বস্তুৰূপে আৱিষ্কাৰ কৰিছিল, সি এইবাবেই হাঁহিছিল কিয়নো জোনটোৰ উজ্জ্বল গোলাকাৰ মুখখনে তাক আনন্দ দিছিল৷
হাঁহি হাঁহি ভাগৰ লগাত সি চকী এখনৰ ওপৰত বহুৱা বাই উঠে আৰু বেৰৰ ছবি এখনলৈ আঙুলিয়াই দেউতাকক কয়, ‘আৰু মই সপোনত সেই ছবিখনকে বেছিকৈ দেখিছিলোঁ৷’
ছবিখন আছিল ‘এখন জ্বলন্ত চহৰ’ নামৰ এখন পুৰণি ডাচ্চ পেইণ্টিঙ৷
‘বাৰু, কোৱাচোন সপোনত তুমি আৰু কি কি দেখিলা?’, দেউতাকে সোধে৷
‘মই নাজানো৷’
‘মনত পেলোৱাচোন৷’
‘অ’, মনত পৰিছে৷ মই সপোনত দেখিলো যে ছবিখন জ্বলি আছিল আৰু মই এটা কুকুৰ পুহিছিলো৷’
‘কিন্তু তুমিচোন কুকুৰলৈ ভয় কৰা!’
‘হয়, কিন্তু ছবিত মই সিহঁতক পুহিব পাৰোঁ৷’
তাৰ পাছত সি হাঁহে, জঁপিয়ায় আৰু নাচে৷
অৱশেষত সি দেউতাকৰ কাষ চাপে আৰু কয়, ‘দে’তা, ছবিখন নমাই আনাচোন৷ কালি যেনেকৈ দেখুৱাইছিলা আজিও এবাৰ তেনেকৈ মোক ছবিখন দেখুওৱাই দিয়ানা দে’তা৷’
ছবিখন একেবাৰে নতুন আছিল, মাত্ৰ এদিনৰ আগেয়েহে ছবিখন কোঠাটোৰ বেৰত অঁৰা হৈছিল৷ বেৰখনৰ অ’ত-ত’ত আঁৰি থোৱা বাকীবোৰ ছবিৰ সৈতে কণমানিটোৰ বেচ আগেয়েই চিনা-জনা হৈ গৈছিল৷ সি পৰিচিত হোৱা ছবিকেইখনৰ চৰিত্ৰবোৰ আছিল আংকল ষ্ট্ৰিণ্ডবাৰ্গ আৰু আংকল স্ক’প’ৰ (অন্যাৰ্থত স্ক’পেনহৱাৰ), আংকল নেপোলিয়ন, বিভৎস চেহেৰাৰ বৃদ্ধ গ্যেটে আৰু গাভৰু কালতে উঠা আইতাকৰ ফটো৷ কিন্তু ‘জ্বলন্ত চহৰ’ ছবিখন সম্পূৰ্ণ নতুন আৰু বেৰৰ আনবোৰ ছবিতকৈ ই বহু বেছি কৌতুহলোদ্দীপক৷ কণমানিটোৰ মন ভাল লগাবৰ বাবে দেউতাকে বেৰৰ পৰা ছবিখন নমাই আনে আৰু দুয়ো একেলগে ছবিখন উপভোগ কৰে৷ সমুদ্ৰ অভিমুখে বহমান এক বিস্তৃত মোহনা পালতৰা নাও আৰু বাইচা নাৱেৰে ভৰি আছে আৰু তাৰ ওপৰত আছে এক সুৰক্ষিত দুৰ্গৰে সৈতে এখন ধেনুভিৰীয়া দলং৷ বাওঁফালৰ উপকূলত আছে জ্বলন্ত চহৰখন : জোঙা টুপ আৰু ওখ মূধচৰ সৈতে শাৰী শাৰী পঁজাঘৰ, গীৰ্জা আৰু দুৰ্গবোৰ, আগ-পাছ নুগুনি দৌৰাদৌৰি কৰা এজুম মানুহ, জুই আৰু ফিৰিঙতিৰ এখন সমুদ্ৰ, ধোঁৱাৰ মেঘ, দেৱালত আঁউজাই থোৱা জখলাবোৰ, পিঠিত বোজাই কৰা মাল-বস্তুবোৰ আচাৰি চেকুৰ মেলা ঘোঁৰাবোৰ, বয়-বস্তু আৰু নানা তৰহৰ লাংখা-লিংখি সামগ্ৰীৰে ভৰপূৰ পোতাশ্ৰয়টো, নদীৰ মাজত এগালমান মানুহৰ হেঁচা-ঠেলা আৰু ভৰত প্ৰায় লুটি খাওঁ লুটি খাওঁ অৱস্থাত থকা এখন নাও, দলঙৰ আনটো পাৰলৈ প্ৰাণৰ মমতাত দৌৰা মানুহবোৰ, আনহাতে অদূৰত পৰস্পৰে শুঙা-শুঙি কৰি ৰৈ থকা দুটা কুকুৰ – এইবোৰক ছবিখনৰ সন্মুখ অংশত দেখা গৈছে৷ কিন্তু পশ্চাদপটত, কিছু দূৰলৈ, য’ত সমূদ্ৰত মিলিত হ’বৰ বাবে মোহনাৰ মুখখন বহল হৈ পৰিছে, ঠিক তাৰ ওপৰতে বিবৰ্ণ মেঘৰ কুহেলিকাৰ ফাঁকেৰে দৃশ্যমান হৈছে দিগন্তত বহি ৰোৱা এটা এধানমানি জোনবাই যি এই শোকাৱহ অৱস্থাটো যেন অৱসভাৱে আৰু দুঃখেৰে জুমিহে আছে৷
‘দে’তা’, ল’ৰাটোৱে দেউতাকক সোধে, ‘চহৰখন কিয় জ্বলি আছে?’
‘জুই লৈ কোনোবা অসাৱধান আছিল ছাগে’,’ দেউতাকে কয়৷
‘কোন অসাৱধান আছিল, দে’তা?’
‘আৰে বাবা, ইমান দিনৰ আগৰ কথা কোনেও খাটাংকৈ ক’ব নোৱাৰে৷’
‘কিমান দিনৰ আগৰ কথা?’
‘চহৰখন যেতিয়া জ্বলিছিল তাৰ পাছতো আজিলৈ কেইবাশও বছৰ পাৰ হৈ গ’ল৷’
সৰু ল’ৰাটোৰ বাবে এই হিচাপটো অলপ গোলমলীয়া, এই কথা দেউতাকে ভালেকৈয়ে বুজে৷ কিন্তু তেওঁতো কিবা এটা উত্তৰ নিদিলে নহ’ব৷ ল’ৰাটো কিছু সময় নিৰৱে ৰয় আৰু ভাব সাগৰত ডুব মাৰে৷ বস্তুবোৰৰ বিষয়ে নতুন নতুন চিন্তা আৰু ধাৰণাই তাৰ কণমান মগজুটি আলোড়িত কৰে আৰু পুৰণা চিন্তাবোৰৰ সৈতে জোঁট-পোত লাগে৷ এধানমানি আঙুলিটোৰে সি জ্বলন্ত চহৰখনৰ ওপৰৰ কাঁচখনলৈ দেখুৱায় আৰু কয় :
‘সেইটো ঠিক আছে বাৰু, কিন্তু চহৰখন কালিও জ্বলি আছিল আৰু আজিও, এতিয়াও যে জ্বলি আছে!’
ছবি আৰু বাস্তৱৰ মাজৰ পাৰ্থক্যৰ বিষয়ে এক সহজবোধ্য ব্যাখ্যা বিচাৰি দেউতাকে হাবাথুৰি খায়৷ ‘সেইখন এখন আচল চহৰ নহয়, সোণটো,’ তেওঁ কয়, ‘সেইখন মাথোঁ এখন ছবিহে৷ আচল চহৰখন বহু যুগৰ আগেয়েই জ্বলি ছাই হ’ল৷ সেইখন আৰু নাই৷ হাত দাঙি দাঙি দৌৰি থকা মানুহবোৰ যে দেখিছা, সিহঁত চব মৰিল, এতিয়া আৰু কোনো নাই৷ ঘৰবোৰ জ্বলি ছাই হ’ল, দুৰ্গবোৰ খহি পৰিল৷ আনকি সেই দলঙখনো এতিয়া নাই৷’
‘দুৰ্গবোৰ জ্বলি গ’ল নে বাগৰি পৰিল?’ ল’ৰাটোৱে সোধে৷
‘সেইবোৰ জ্বলিও গ’ল, বাগৰিও পৰিল৷’
‘সেই ভাপ নাওবোৰো মৰিল নেকি?’
‘বহুদিনৰ আগেয়েই সেইবোৰো ধ্বংস হ’ল,’ দেউতাকে উত্তৰ দিয়ে, ‘কিন্তু সেইবিলাক ভাপ নাও নহয়, সেইবোৰ পালতৰা নাওহে৷ সেই সময়ত ভাপ নাও নাছিলেই৷’
দেউতাকৰ উত্তৰত সন্তুষ্ট নহৈ সি অসন্তুষ্টিৰ বহিঃপ্ৰকাশেৰে তলৰ ওঁঠটো কামুৰি ধৰে৷
‘কিন্তু মইচোন দেখিছো, সেইবিলাক ভাপ নাৱেই হয়৷’ সি কয়, ‘দেউতা, সেই ভাপনাওখনৰ নামটো কি বাৰু?’
তেওঁৰ দৰে ল’ৰাটোৰো এটা নিজস্ব মন আছে৷ কণমানটোৰ প্ৰশ্নৰ উত্তৰ দি দি তেওঁ ভাগৰি পৰে আৰু মনে মনে থাকে৷ ল’ৰাটোৱে বৃদ্ধ ডাচ্চ বণিকজনৰ ছবিলৈ আঙুলিয়াই নিজকে নিজে কৈ থাকে : ‘সেই ভাপ নাওখনৰ নাম ব্ৰে’জ আৰু সেইখনৰ নাম হিলাৰছি আৰু সেইখন প্ৰিন্সেছ ইনজব’ৰ্গ৷’
‘দে’তা!’ সি হঠাতে চিঞৰি উঠে, ‘জোনটোও এতিয়া নাই নেকি?’
‘নহয় সোণটো, জোনটো এতিয়াও আছে৷ ছবিখনত থকা বস্তুবোৰৰ ভিতৰত জোনটোৱেই একমাত্ৰ বস্তু, যিটো এতিয়াও আছে৷ পুলিবাৰী ডৰাৰ ফালৰ খিৰিকীয়েদি চাই সেইদিনা তুমি যিটো জোনলৈ চাই হাঁহিছিলা, এইটো সেই একেটাই জোন৷’
ল’ৰাটো আকৌ এবাৰ শান্তভাৱে বহি পৰে আৰু চিন্তাত মগ্ন হয়৷ তেনেতে তাৰ মনলৈ অন্য এটা প্ৰশ্ন আহেঃ
‘দে’তা, চহৰখনত জুই লগা বহুত বেছি দিন হ’ল নেকি? আমি যে প্ৰিন্সেছ ইনজব’ৰ্গত উঠি ফুৰিবলৈ গৈছিলো, সিমান বেছি দিন হ’ল নেকি?’
‘এয়া তাৰো বহু বেছি দিনৰ আগৰ ঘটনা অ’,’ দেউতাকে উত্তৰ দিয়ে৷ ‘যেতিয়া চহৰখন জ্বলিছিল, তুমিতো বাদেই, মই, তোমাৰ মা, আইতা কোনোৱেই নাছিলো৷’
ল’ৰাটোৰ মুখখন এইবাৰ হঠাতে বৰ কৰুণ হৈ পৰে৷ তাক এইবাৰ সঁচাকৈয়ে বিপদত পৰা যেন দেখা যায়৷ বহু সময় ধৰি সি মনে মনে ৰৈ চিন্তাত ডুবি থাকে৷ কিন্তু এনেকুৱা লাগে যেন কথাবোৰ ভাবি-গুণি সি একোৱেই আৰ-পাৰ পোৱা নাই৷
‘দে’তা, মোক কোৱাচোন,’ সি অৱশেষত সোধে, ‘চহৰখনত জুই লগাৰ সময়ত মই ক’ত আছিলো বাৰু? মাৰ লগত মই যেতিয়া গ্ৰেনাত আছিলো তেতিয়াই চহৰত জুই লাগিছিল নেকি?’
‘নহয়, মোৰ সোণটো,’ দেউতাকে উত্তৰ দিয়ে, ‘চহৰখনত জুই লগাৰ সময়ত তোমাৰ কোনো অস্তিত্বই নাছিল৷’
ল’ৰাটোৱে পুনৰবাৰ নিজৰ তল ওঁঠটো কামুৰি ধৰে এই ভংগীত, যেন সি ক’ব খোজে : নহয়, মই অন্ততঃ তোমাৰ এইটো কথা মানি ল’ব নোৱাৰোঁ৷ তাৰ পাছত সি আকৌ পেঘেনিয়ায় –
‘ঠিক আছে বাৰু, কিন্তু তেতিয়ানো মই আছিলো ক’ত?’
দেউতাকে উত্তৰ দিয়ে ‘তুমি সমূলি নাছিলাই অ’৷’
ল’ৰাটোৱে অবাক চাৱনিৰে দেউতাকলৈ চায়৷ হঠাতে তাৰ সৰু মুখখন উজ্বলি উঠে৷ সি দেউতাকৰ কাষৰ পৰা আঁতৰি যায় আৰু সেউজ দলিচাৰ সেই ৰ’দ পৰা উমাল ঠাইডোখৰলৈ গৈ পুনৰ জঁপিয়াবলৈ আৰু নাচিবলৈ ধৰে; কিন্তু বুকুৰ একোণত উচুপি উচুপি সি বিৰ বিৰাই থাকে :
‘অ’ হয়, ময়ো ঠিক একেটা কামেই কৰিছিলো৷ মই ক’ৰবাত আছিলো, মই ক’ৰবাত আছিলোৱেই!’
সি ভাবে যে দেউতাকে তাৰ লগত মাথো ধেমালিহে কৰি আছিল৷ এনে এটা ধাৰণা সঁচাকৈয়ে অতিপাত হাস্যকৰ! ঘৰৰ লিগিৰীবোৰে কেতিয়াবা তাক ধেমালিতে কিছুমান অৰ্থহীন কথা কৈ থাকে৷ সি ভাবে দেউতাকেও তাৰ লগত চাগে’ ঠিক একেধৰণৰ ধেমালিয়েই কৰিছিল৷
সেয়েহে সি আকৌ ৰ’দলৈ যায়, জঁপিয়ায় আৰু নাচে৷

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments
কপি নকৰিব, অনুগ্ৰহ কৰি লিংকটো বিলাই দিয়ক