জ্বৰ (জয়দীপ চক্ৰৱৰ্তী)

চৈধ্য পুৰুষৰ পৰা আমাৰ তপা বংশ,

মোৰো ধুনীয়া চুলি কোঁচা হ’ব নেকি ধ্বংস।

 

অন্তৰৰ দুখৰ কথা শ্ৰীমতীক ক’লো খুলি,

শ্ৰীমতীয়ে উপায় দিলে জেতুকা দিয়া বুলি।

 

জাৰত কঁপি জেতুকা মূৰত বহি ৰ’লো দিনভৰ,

কালি ৰাতিৰে পৰা মোৰো উঠি থাকিল জ্বৰ।

 

মনৰ দুখত ফেচবুকতে “জ্বৰ” বুলি আপদেট দিলোঁ,

ভালে কেইগৰাকী বন্ধুৰ পৰা বিনামূলীয়া উপদেশ পালোঁ।

 

এজনে ক’লে কবিতা লিখি খালেহে কমিব জ্বৰ,

দেশৰ তামাম ডাক্তৰবোৰ এতিয়া দিন-হাজিৰা কৰি মৰ।

 

দুপৰীয়াৰ ভাত-পানী খাই এটা পেৰাচিটামল খালোঁ,

জ্বৰ মহাশয় পলাব বুলি বিছনাতে বাগৰি ৰ’লোঁ।

 

দুঘণ্টাত টোপনি ভাঙিলে অকণো পোৱা নাই ভাল,

এতিয়াহে গম পালোঁ ” পেৰাচিটামল” টো আছিলে NRHMৰ ফ্ৰী মাল।।

 

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments
কপি নকৰিব, অনুগ্ৰহ কৰি লিংকটো বিলাই দিয়ক