জ্যোতিপ্ৰসাদ আগৰৱালাৰ নাটক: এটি চমু আভাষ ( মৌচুমী গোস্বামী বৰঠাকুৰ )

উনবিংশ শতিকাৰ শেষছোৱাৰ পৰা অসমৰ বিভিন্ন চহৰ আৰু গাঁৱত মঞ্চ গঢ়াৰ খদমদম লাগিল৷ লগে লগে নাট মেলাৰো আয়োজন চলিল৷ কিন্তু অসমীয়া ভাষাত নাট আৰম্ভ কৰিলে হেমচন্দ্ৰ বৰুৱাই আৰু গুণাভিৰাম বৰুৱাই তাতে হাত উজান দিলে৷ লক্ষ্মীনাথ বেজবৰুৱা আৰু পদ্মনাথ গোহাঞিবৰুৱাই কলম ধৰিলে৷ ৰজনীকান্ত বৰদলৈ, কনকলাল বৰুৱায়ো গা তুলিলে৷ কিন্তু শিল্পীসকলৰ মনৰ আৰু মঞ্চৰ চাহিদা পূৰাব নোৱাৰিলে৷ ফলত অনুবাদৰ ধলপানীয়ে মৌলিক সৃষ্টিক উটুৱাই নিয়াৰ উপক্ৰম কৰিলে৷

এই প্ৰতিচ্ছবিখনে সেই সময়ৰ সাহিত্য-সংস্কৃতিৰ গুৰিয়ালসকলক মৰ্মাহত কৰিছিল আৰু নতুনচামক উত্তেজিত কৰিছিল৷ ১৯১৭ চনলৈ অনুবাদৰ ধল প্ৰৱল৷ সেই বছৰতে চৈধ্য/পোন্ধৰ বছৰীয়া জ্যোতিপ্ৰসাদে পৌৰাণিক কাহিনী এটাক অৱলম্বন কৰি ‘শোণিত কুঁৱৰী’ লিখিলে৷ ভেটিটো বন্ধাহে ডাঙৰ কাম৷ তাৰ ওপৰতে পিছত অট্টালিকা সাজিব পাৰি৷

কেৱল প্ৰতিপাদ্য বিষয়ক চিনাকি কৰি দিবলৈকে লিখকে অসমৰ লোক-জীৱনৰ গীত-মাত, নৃত্যৰে নাটকখন সাৰ্থক কৰি তুলিছে৷ নাট্যকাৰে ‘শোণিত কুঁৱৰী’ক অসমীয়া সংগীত জগতৰ এখিলা লাগতিয়াল পাত বুলি দৃঢ়তাৰে কৈছে৷ প্ৰচলিত প্ৰথা অনুযায়ী উপযুক্ত পাত্ৰ নোপোৱাৰ বাবে বানৰজাই ঊষাক অগ্নিগড়ত আৱদ্ধ কৰি ৰাখিছে৷ সেই কঠোৰ বন্দী সমাজৰ নিয়মৰ মাজতো প্ৰাণৰ সখী চিত্ৰলেখাৰ সহযোগত অনিৰুদ্ধৰ সৈতে ঊষাৰ গোপন প্ৰণয়ৰ বাতৰি পাই বানৰজাই যুদ্ধ কৰিবলৈ উদ্যত হৈছে৷ এয়া পৌৰাণিক সমাজৰ যথাৰ্থ চিত্ৰ৷

‘কাৰেঙৰ লিগিৰী’ কাল্পনিক নাট৷ সমাজখন সামন্তযুগীয়া সমাজ, য’ত ৰজাৰ ইচ্ছাই আইন৷ শেৱালি, অনংগ নিস্পেষিত জনৰ প্ৰতিনিধি৷ ৰাজমুকুটৰ মৰ্য্যদাইহে সমস্ত ঘটনা নিয়ন্ত্ৰণ কৰিছে৷

‘ৰূপালীম’ৰ সমাজখনো কঠোৰ সংস্কাৰাচ্ছন্ন সমাজ৷ দেশৰ প্ৰজা পিতৃ-প্ৰেমিকৰ বাবে জীৱন পাত কৰা ৰূপালীমে নিজৰ সতীত্ব বিসৰ্জন দিয়াৰ ‘অপৰাধ’ত তাইক দেশ মাতৃকাৰ ধ্বনিৰে অগ্নিত বিসৰ্জন দিছে৷ ৰূপালীমৰ মায়বৰ প্ৰতি থকা প্ৰেম শেহান্তৰত স্বদেশ প্ৰেমলৈ ৰূপান্তৰিত হৈছে৷

‘লভিতা’ জ্যোতিপ্ৰসাদৰ নাট্য পৰিক্ৰমাৰ শ্ৰেষ্ঠতম কীৰ্তি৷ নাটখন বৃহৎ অসমীয়া সমাজৰ দ্বিতীয় বিশ্বযুদ্ধকালীন সময়ৰ এখনি বাস্তৱ চিত্ৰ৷ য’ত নায়ক গোটেই অসমীয়া সমাজখনেই৷ জনতাৰ শক্তিৰ ওপৰত আগৰৱালা দেৱৰ প্ৰৱল বিশ্বাস আছিল৷ লেখকে তেওঁৰ সমাজ সচেতনতাৰ পৰিচয় দাঙি ধৰিছে, যেতিয়া প্ৰগতিশীল লভিতাই গোলাপক কৈছে- “আজিকালিৰ ডেকা ল’ৰা৷ আজিকালি উপজিছা, সেই বুলিয়েই নে? তোমাৰ মনটো আজিৰ দিনতো দুকৰি বছৰ আগৰদৰে৷ যি কথাটো সত্য বুলি ভাবা তাক সমাজৰ ভয়ত ক’বলৈ সাহ নাই৷ কৰিবলৈ সাহ নাই৷ তুমি নক’বা আজিৰ দিনৰ ডেকা বুলি।” এই সংলাপখিনিৰ সত্যতা এতিয়াৰ দিনতো আছে৷

জ্যোতিপ্ৰসাদৰ নাট্য পৰিক্ৰমাত এটা গতিশীলতা লক্ষ্য কৰা যায়৷ সেই গতিশীলতা বিষয়বস্তু, কাহিনী, চৰিত্ৰ, সংলাপ, সংঘাত সকলোতে৷

‘নিমাতী কইনা’খন ৰূপক ধৰ্মী নাটক হ’লেও নিমাতী মুখফুটাই মত ব্যক্ত কৰিব নোৱাৰা জনতাৰ প্ৰতীক৷ নাটখনিত শিল্পীৰ স্থান তথা ভূমিকা প্ৰতিষ্ঠা কৰাৰ প্ৰয়াস কৰা হৈছে৷

 অইন এখন নাট কনকলতা ভাৰতৰ স্বাধীনতা সংগ্ৰামৰ পটভূমিত ৰচিত এক অসমাপ্ত দলিল৷

তেখেতৰ জ্বলন্ত সমস্যাৰ নাট ৰচনাৰ প্ৰতিয়েই আছিল প্ৰত্যক্ষ অভিজ্ঞতা৷ অভূতপূৰ্বলৈ গতি কৰাৰ অবিৰাম যাত্ৰা জ্যোতিপ্ৰসাদৰ নাটসমূহত পৰিলক্ষিত হয়৷ সেয়ে হয়তো সেই নাটসমূহ আজিও জনপ্ৰিয়৷

 

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments