জ্যোতিপ্ৰসাদৰ জীৱন দৰ্শন আৰু সাম্প্ৰতিক প্ৰাসংগিকতা: অঞ্জল বৰা

(ইয়াৰ মাজতেই ফুটি উঠিছে জ্যোতিপ্ৰসাদে যুৱসমাজৰ বাবে দেখুৱাব খোজা মহান আদৰ্শ৷ যি আদৰ্শ সততে আন ক’তো দেখা পোৱা নাযায়৷ কিন্তু আজি বহু হাজাৰ মণিমুগ্ধৰ হাতত অনেক ৰূপালীম বলি হ’ব লগা হৈছে৷ নাৰী পুৰুষৰ কামনাৰ বলি হৈছে৷ কিন্তু কেইজনে উপলব্ধি কৰিব পাৰিছে জ্যোতিপ্ৰসাদৰ সেই আদৰ্শক যে নাৰীৰ প্ৰেম আৰু মন অবিহনে শৰীৰটো “মদিৰাবিহীন শূন্যপাত্ৰ পান কৰাৰ দৰেই অৰ্থহীন৷”)
অসমীয়া জাতীয় জীৱনত মহাপুৰুষ শংকৰদেৱে নিৰ্মাণ কৰা সংস্কৃতিৰ বৰভেটিৰ ওপৰত সাহিত্য-সংস্কৃতিৰ সৌধ প্ৰতিষ্ঠা কৰাসকলৰ ভিতৰত জ্যোতিপ্ৰসাদ অন্যতম৷ অতি চমু জীৱনকালতে (১৯০৩-১৯৫১) জ্যোতিপ্ৰসাদে অসমীয়া সাহিত্যৰ লগতে কৃষ্টি-সংস্কৃতিৰ ক্ষেত্ৰত বৃহৎ অৱদান আগবঢ়াই থৈ গৈছে৷ জ্যোতিপ্ৰসাদৰ বিপুল সাহিত্যৰাজি অধ্যয়ন কৰিলে এটা কথা স্পষ্ট ৰূপত দেখা যায় যে তেওঁৰ নাটক, কবিতা, গীত, প্ৰবন্ধ সকলোৰে মাজত প্ৰতিফলিত হৈ আছে তেওঁৰ গভীৰ জীৱনাদৰ্শ৷ তেওঁ আছিল মূলতঃ এজন বিপ্লৱী৷ সেয়েহে তেওঁৰ প্ৰতিটো সৃষ্টিৰ আঁৰত প্ৰতিফলিত হৈ উঠিল আধুনিক যুৱকসমাজক কেন্দ্ৰ কৰি গঢ়িব খোজা এখন সপোনৰ সমাজ৷ সাহিত্যক যদি আমি সমাজ সংস্কাৰৰ এটা মাধ্যম বুলি অনুধাৱন কৰিব পাৰোঁ তেন্তে এইটো অনস্বীকাৰ্য যে, অসমৰ বিপথগামী যুৱকসমাজক প্ৰকৃত পথ দেখুৱাবলৈ জ্যোতিপ্ৰসাদৰ বিপুল সাহিত্যৰাজিৰ অধ্যয়ন আৰু আলোচনাৰ প্ৰয়োজন আছে৷
বৰ্তমান ভোগবাদী, ধনতান্ত্ৰিক সমাজ ব্যৱস্থাই যুৱকসমাজক বিপথগামী কৰি তুলিছে৷ হিংসা, সন্ত্ৰাস, যৌনতাৰ বাধাহীন গতিয়ে সমাজ জীৱন বিপন্ন কৰিছে৷ ৰাজনৈতিক, ধাৰ্মিক অৰিয়াঅৰিৰ অশুভ শক্তিয়ে অসমক বধ্যভূমিত পৰিণত কৰিছে৷ এনে এটা পৰিস্থিতিতেই যুৱশক্তিৰ মাজত প্ৰয়োজন জ্যোতিপ্ৰসাদৰ আলোকময় জীৱনযাত্ৰাৰ প্ৰাসংগিকতা৷ জ্যোতিপ্ৰসাদৰ চিন্তা আৰু আদৰ্শই কেতিয়াও সংকীৰ্ণতা, মতান্ধতা, গোড়ামি নাইবা আনৰ প্ৰতি বিদ্বেষ ভাৱক প্ৰশ্ৰয় দিয়া নাছিল৷ দুষ্কৃতিৰ ৰংগভূমি মন আৰু হৃদয় বুলি দ্ব্যৰ্থহীনভাৱে ঘোষণা কৰা জ্যোতিপ্ৰসাদৰ অন্তৰ্সংস্কৃতিৰ চিন্তাৰ প্ৰাসংগিকতা উপলব্ধি কৰিব পাৰিলেহে জ্যোতিৰ আচল পূজা সাৰ্থক হ’ব৷
জ্যোতিপ্ৰসাদে সংস্কৃতিৰ ক্ষেত্ৰত দুটা দিশৰ কথা কৈছে- অন্তৰ্ভাগ আৰু আনটো বহিৰ্ভাগ৷ অন্তৰ্ভাগত প্ৰকাশ হয় আধ্যাত্মিক উপলব্ধি, মানসিক উৎকৰ্ষৰ জৰিয়তে মনৰ গুণবোৰৰ বিকাশ আৰু তাৰ পূৰ্ণতা হয় এই সকলোবোৰৰ মন্থনত পোৱা জ্ঞানত৷ আনহাতে বহিৰ্সংস্কৃতি প্ৰকাশ পায় বাস্তৱ জীৱনৰ চিন্তা আৰু কাৰ্যৰ যোগেদি, যাক আৱশ্যকীয় আৰু সৌন্দৰ্য সাধনাৰ ফালৰপৰা পাব পৰা যায়৷ মানুহৰ অন্তৰ্সংস্কৃতিৰ অভাৱৰ ফলতেই মানুহ পৰিণত হয় দুৰ্নীতিপৰায়ণ আৰু শোষণকাৰীত৷ গতিকে মানুহে বাহ্যিকভাৱে সুন্দৰ কৰ্ম চিন্তাৰ দ্বাৰা সংস্কৃতি জীয়াই ৰখাৰ লগতে নিজৰ মনৰ মাজত অন্তৰ্সংস্কৃতিৰ বাবে প্ৰয়োজনীয় আধ্যাত্মিক উপলব্ধিও সঞ্চয় কৰিব লাগিব৷ তেতিয়াহে এখন সমাজ সৰ্বাংগীণভাৱে সুন্দৰ হ’ব৷
জ্যোতিপ্ৰসাদ মূলতঃ আছিল বিপ্লৱী৷ কিন্তু তেওঁ বিপ্লৱ ঘোষণা কৰিছিল হিংসা আৰু দুষ্কৃতিৰ বিৰুদ্ধে৷ যি মানুহৰ মাজত বিভেদৰ সৃষ্টি কৰে, মানুহক মানুহৰ পৰা বৰ্বৰতাৰ ফাললৈ নমাই লৈ যায়, যি মানুহৰ জীৱনক দুখময়, ব্যাধিময়, দুৰ্নীতিময় কৰি নিৰানন্দ কৰি তোলে, মানুহক মানৱতাহীন কৰি পিশাচ কৰে, অসুৰ কৰে, যি মানুহৰ সুখ-শান্তি, আনন্দ শেষ কৰি মানুহক পৰিণত কৰে ভোগবাদী, স্বাৰ্থপৰ, হৃদয়হীন মানুহলৈ, সিয়েই জ্যোতিপ্ৰসাদৰ ভাষাত দুষ্কৃতি৷ আজি আমাৰ মাজতো এনে এটা প্ৰকৃত বিপ্লৱৰ প্ৰয়োজন আছে৷ কিন্তু ইয়াৰ বাবে জ্যোতিপ্ৰসাদে ৰূপান্তৰৰ প্ৰয়োজন অনুভৱ কৰি “ৰূপান্তৰেহে জগত ধুনীয়া কৰে” বুলি কৈছিল যদিও ৰূপান্তৰৰ ধাৰণা সম্পৰ্কে কোনো ধৰণৰ মতান্ধতাৰ পোষকতা কৰা নাছিল৷ কেৱল অহিংসাৰ মাজেদিয়েই জ্যোতিপ্ৰসাদে দুষ্কৃতিৰ বিনাশ কৰি সংস্কৃতি প্ৰতিষ্ঠা কৰাৰ কথাও কোৱা নাছিল৷ কিয়নো জ্যোতিপ্ৰসাদৰ মতে কেৱল ‘Non-killing’ৱেই অহিংসা নহয়৷ সমাজৰ মাজত চলি থকা শোষণ, পীড়ন, স্বাৰ্থবাদ, প্ৰভুত্ব, ক্ষমতালিপ্সা, দুৰ্নীতি-এই সকলোবোৰেই হিংসা আৰু এইবিলাক বিনাশ কৰিবৰ বাবে কোনো অস্ত্ৰৰ প্ৰয়োজন নাই৷ মানুহৰ মনত সংস্কৃতি আৰু অহিংসাৰ স্থিতি হ’লেই এই সকলোবোৰেই সংস্কৃতিৰ তলতীয়া হ’ব৷ জ্যোতিপ্ৰসাদে এষাৰ কথা কৈছিল যে “শাস্ত্ৰৰে আমাৰ নতুন সাংস্কৃতিক সংগঠন আৰু অস্ত্ৰৰে আমি দুষ্কৃতিক দমন কৰিবলৈ থিয় হ’বই লাগিব৷ পাত্ৰাপাত্ৰ চাই আমি সত্যাগ্ৰহৰ অস্ত্ৰাগাৰৰ পৰা অস্ত্ৰ আনিব লাগিব আৰু আৱশ্যক হ’লে আমি খাৰ-বাৰুদৰ কুঠৰীলৈকো যাব লাগিব৷” কিন্তু আজি এচাম যুৱকে যি বিপ্লৱৰ অগনি জ্বলাইছে সেয়া জ্যোতিপ্ৰসাদৰ কাম্য নাছিল৷ তেওঁৰ প্ৰথম চেষ্টা আছিল মানুহৰ মনত সংস্কৃতিৰ চেতনা জাগ্ৰত কৰি দুষ্কৃতিৰ বিনাশ কৰা আৰু সেইটোহে তেওঁ স্থায়ী পথ হিচাপে অনুধাৱন কৰিছিল৷
জ্যোতিপ্ৰসাদে তেওঁৰ বিপুল সাহিত্যৰাজিৰ মাজত তেওঁৰ কৰ্মপথৰ সুন্দৰ নিদৰ্শন দেখুৱাই গৈছে৷ নাটক, কবিতা, গীত সকলোৰে মাজতে তেওঁ এখন আদৰ্শ সমাজৰ চিত্ৰ দাঙি ধৰিছিল আৰু সেই আদৰ্শ সমাজখনেই আছিল জ্যোতিপ্ৰসাদৰ জীৱনৰ স্বপ্ন৷ জ্যোতিপ্ৰসাদৰ বাবে প্ৰেম আছিল মানুহৰ মাজত সংস্কৃতি প্ৰতিষ্ঠাৰ মূলমন্ত্ৰ৷ সেইবাবেই তেওঁ কাৰেঙৰ লিগিৰী, ৰূপালীম আদি নাটকৰ মাজেদি প্ৰেমৰ অস্তিত্বৰে মানুহৰ সংস্কৃতিক জাগ্ৰত কৰাৰ প্ৰয়াস কৰিছিল৷ তেওঁ ‘কাৰেঙৰ লিগিৰী’ৰ মাজেদি সামন্ত শ্ৰেণীৰ হৃদয়হীন আচৰণৰ প্ৰতি তীব্ৰ ঘৃণা প্ৰকাশ কৰি পৰোক্ষভাৱে বিপ্লৱ ঘোষণা কৰা দেখা যায়৷ আজি সেই সামন্ত যুগ নোহোৱা হ’ল যদিও আজিও সেই যুগৰ হৃদয়হীন আচৰণ শেষ হোৱা নাই৷ সুন্দৰ কোঁৱৰে শেৱালিক ভাল নাপাওঁ বুলি ক’লেও প্ৰকৃততে সুন্দৰ কোঁৱৰ আছিল মানসিকভাৱে কাপুৰুষ আৰু যাৰ বাবে তেওঁ পলায়নবাদী ভূমিকা গ্ৰহণ কৰিছিল৷ তেওঁ সমাজ পৰিৱৰ্তন বিচাৰে যদিও ৰক্ষণশীলতা আৰু আভিজাত্যৰ মোহে তেওঁক আচ্ছন্ন কৰি ৰখাৰ বাবেই তেওঁ তাৰ ঊৰ্দ্ধলৈ যোৱাৰ সাহস গোটাব পৰা নাই৷ কিন্তু শেৱালিৰ বাবেই এই শাশ্বত প্ৰেমে যে এখন সুন্দৰ সংস্কৃতিবান সমাজৰ সৃষ্টি কৰিব পাৰে সেই কথা ৰূপালীম নাটকৰ মাজেদি স্পষ্ট হৈ উঠিছে৷ ৰূপালীম আৰু মায়াবৰ মাজত থকা সহজ পবিত্ৰ প্ৰেমৰ পথত কণ্টক হিচাপে দেখা দিছে মণিমুগ্ধ নামৰ এজন জীৱন্ত, কামনাপ্ৰিয় ক্ষমতাৰ অন্ধ শাসকে৷ নাটকখনৰ বিষয়বস্তু কামনাসম্ভূত প্ৰেমৰ বিৰুদ্ধে এপাট তীক্ষ্ন অস্ত্ৰ বুলিব পাৰি৷ যি প্ৰেম নিস্বাৰ্থ, ত্যাগ আৰু কৰ্তব্যৰ মাজেদি আগবাঢ়ি যাব নোৱাৰে, ভোগ আৰু কামনাবৰ্জিত ত্যাগৰ আদৰ্শত যি প্ৰেমে জোবোৰা মাৰিব নোৱাৰে সেই প্ৰেমে স্থায়িত্ব লাভ কৰিব নোৱাৰে৷ মণিমুগ্ধই ৰূপালীমক অকলশৰে পাইও, কেৱল লালসা চৰিতাৰ্থৰ বাবেই অপহৰণ কৰি আনিলেও জ্যোতিপ্ৰসাদে মণিমুগ্ধৰ হতুৱাই ৰূপালীমক বলাৎকাৰ কৰোৱা নাই৷ ইয়াৰ মাজতেই ফুটি উঠিছে জ্যোতিপ্ৰসাদে যুৱসমাজৰ বাবে দেখুৱাব খোজা মহান আদৰ্শ৷ যি আদৰ্শ সততে আন ক’তো দেখা পোৱা নাযায়৷ কিন্তু আজি বহু হাজাৰ মণিমুগ্ধৰ হাতত অনেক ৰূপালীম বলি হ’ব লগা হৈছে৷ নাৰী পুৰুষৰ কামনাৰ বলি হৈছে৷ কিন্তু কেইজনে উপলব্ধি কৰিব পাৰিছে জ্যোতিপ্ৰসাদৰ সেই আদৰ্শক যে নাৰীৰ প্ৰেম আৰু মন অবিহনে শৰীৰটো “মদিৰাবিহীন শূন্যপাত্ৰ পান কৰাৰ দৰেই অৰ্থহীন৷” জ্যোতিপ্ৰসাদে শেষ সময়ত মণিমুগ্ধৰ মুখেদি “ৰূপালীম ক্ষমা কৰিবা, যোৱা তুমি মুক্ত…”, এই বচনফাকি প্ৰয়োগ কৰাই যেনেকৈ মণিমুগ্ধৰ অনুশোচনা প্ৰকাশ কৰিছে, সেইদৰে মানৱীয় উপলব্ধি আৰু অনুভূতিৰ মাজেদি মণিমুগ্ধৰ অন্তৰত নাৰী প্ৰেমৰ প্ৰতিও শ্ৰদ্ধা প্ৰকাশ কৰিছে৷
জ্যোতিপ্ৰসাদৰ কবিতা আৰু গীতসমূহৰ মাজেদিও শিল্পীগৰাকীৰ সামাজিক দায়বদ্ধতাৰ আভাস পাব পাৰি৷ জ্যোতিপ্ৰসাদৰ চিন্তা আৰু কৰ্ম দুয়োটাই পৰিচালিত হৈছিল ব্যক্তিগৰাকীৰ গভীৰ জীৱনবোধৰদ্বাৰা৷ সেয়েহে তেওঁৰ গীত আৰু কবিতাত ব্যক্তিজীৱন, সমাজ জীৱন, জাতীয় জীৱন আৰু সামগ্ৰিকভাৱে মানৱ জাতিক গতিশীলভাৱে সুন্দৰ আৰু মংগলময় কৰি তোলাৰ প্ৰচেষ্টা লক্ষ্য কৰা যায়৷ জ্যোতিপ্ৰসাদে চকুৰ পানীৰে যি জোনাকী সাধু লিখি থৈ গৈছিল তাৰ আলোকত গাঁৱৰ যুৱক-যুৱতীক কৰ্ম-সংস্কৃতিৰ সুৰ আৰু জ্ঞানৰ আলোকেৰে উদ্ভাসিত কৰি প্ৰকৃত পথত আগবঢ়াই নিবৰ বাবে ৰচনা কৰিছিল “গাঁৱৰ ল’ৰা গাঁৱে গাঁৱে বন্তি জ্বলাই যাওঁ আমি৷ গাঁৱলীয়া ছোৱালী শেৱালি মই নেৱালি”ৰ দৰে গীত৷ সেয়েহে ৰূপকোঁৱৰে “তোৰে মোৰে আলোকৰে যাত্ৰা… হওক অব্যৰ্থ” বুলি দেশৰ যুৱশক্তিক অবিৰতভাৱে জ্ঞানৰ অন্বেষণ আৰু কৰ্ম কৰি যাবলৈ আহ্বান জনাইছিল৷ জ্যোতিপ্ৰসাদে পৰ্বত-ভৈয়াম, হিন্দু-মুছলমান, জাতি-জনজাতিৰ মাজত ঐক্য সুদৃঢ় কৰি এটা গতিশীল জাতি গঢ়াৰ কামনাৰে যি অপূৰ্ব কবিতা ৰচনা কৰিছিল সেই আদৰ্শই অসমৰ জাতীয় ঐতিহ্য আৰু সংহতি ৰক্ষা কৰিব পাৰে৷ পৰিতাপৰ কথা যে আজি ৰাজনৈতিক আৰু দলীয় অৰিয়াঅৰিৰ কুচক্ৰান্তত আমাৰ বাৰে বৰণীয়া সংস্কৃতিৰ বৰঘৰৰ বৰভেটি থৰক-বৰক৷ জ্যোতিপ্ৰসাদে ‘নতুন দিনৰ কৃষ্টি’ৰ মাজেদি সকলো ব্যক্তিকে ৰাজনৈতিক, অৰ্থনৈতিক সকলো দিশৰ প্ৰতি চকু, কাণ মুকলি ৰাখিবলৈ পৰামৰ্শ দিছিল৷ কিয়নো তেওঁ অনুভৱ কৰিছিল সমাজত জাতিৰ বিচ্ছিন্নতাৰ মূল হ’ল ৰাজনীতিৰ অৰিয়াঅৰি৷ সমকালীন স্বাৰ্থান্বেষী ৰাজনীতিয়ে জাত-কূলৰ প্ৰাচীৰ ৰচনা কৰি, জাতিৰ ঐক্য বিনষ্ট কৰি হ’লেও ক্ষমতা লাভ কৰিব খোজে৷ এনে শ্ৰেণীটোৰ দানৱীয় ভোগ-তৃষ্ণাক খৰ্ব কৰিবলৈ সোৱণশিৰিৰ ডেকাৰ প্ৰতি আহ্বান জনাই কৈছিল – “ময়েই খাছিয়া৷ মই জয়ন্তীয়া৷ ডফলা আবৰ অকা/ময়ে চিংফৌ/ভৈয়ামৰ মিৰি/সোৱণশিৰিৰ ডেকা৷” আকৌ জাত-কূলৰ দৰে ধৰ্মৰ নামতো যাতে যুৱশক্তি বিনষ্ট নহয়, তাৰ বাবে সংকল্প কৰিছিল- “যি কি ধৰ্ম নহওক তোৰ/বামুণ শূদিৰ যিয়েই নহৱ/হিন্দু বা মুছলমান/বৌদ্ধ হৱ, খৃষ্টান হৱ/মনত ৰাখিবি তই অসমৰ ন-জোৱান৷” জোতিপ্ৰসাদৰ সেই আহ্বানৰ বাস্তৱ যুক্তিযুক্ততা তথা প্ৰাসংগিকতা বৰ্তমান অনুধাৱন কৰাৰ ওপৰতে জ্যোতিপ্ৰসাদৰ প্ৰাসংগিকতা নিৰ্ভৰ কৰে৷
জ্যোতিপ্ৰসাদৰ সমগ্ৰ ৰচনা আৰু জীৱনাদৰ্শক সামৰি কম কথাৰে প্ৰবন্ধ ৰচনা কৰা সম্ভৱ নহয়৷ এইটো অপ্ৰিয় সত্য কথা যে বৰ্তমান গোটেই সমাজ ব্যৱস্থাটোকে ৰাজনৈতিক দৃষ্টিভংগীৰে চাবলৈ যত্ন কৰা হৈছে৷ য’ত আদৰ্শ, মূল্যবোধ আদি কথাবোৰতকৈ ব্যক্তিস্বাৰ্থৰ প্ৰতি মানুহক আকৰ্ষণ কৰিবলৈ এচাম ৰাজনৈতিক নেতা আগবাঢ়ি আহে৷ সেইবাবেই আজিও অসমত শংকৰদেৱ, লক্ষ্মীনাথ বেজবৰুৱা, জ্যোতিপ্ৰসাদ, বিষ্ণুৰাভা, গোপীনাথ বৰদলৈৰ দৰে অসমীয়া জাতিৰ প্ৰতি নিস্বাৰ্থভাৱে ত্যাগ আগবঢ়াই যোৱা আৰু এটা আদৰ্শ সবল অসমীয়া জাতি গঢ়ি উঠিব পৰাকৈ কৰা চিন্তা-চৰ্চাবোৰ প্ৰায়ে এলাগী হৈ পৰিছে৷ কিন্তু সময় থাকোঁতেই আমি চিন্তা কৰিব হ’ল- কেৱল ৰাজনীতিয়ে জাতি এটাক ৰক্ষা কৰিব পাৰিব নে? এই মহান ব্যক্তিসকলৰ মহান আদৰ্শক সামান্যতমো উপলব্ধি নকৰাকৈ কেৱল জন্মজয়ন্তী, মৃত্যুবাৰ্ষিকী পালন কৰি এটা বিশেষ দিনত সোঁৱৰণ কৰিলেই প্ৰকৃত শ্ৰদ্ধা নিবেদন কৰা হয় নে?
 
আজি আমি দ’কৈ ভাবিবৰ হ’ল, আমাৰ এই আন্তৰিকতাৰ অভাৱে আমাক প্ৰকৃততে ক’লৈ নি আছে৷ সময় থাকোঁতেই আজি এই কথা নাভাবিলে বাহ্যিকভাৱে গোটেই অসমীয়া জাতিটো ৰংচঙীয়া হৈ উঠিলেও এটা সময়ত আদৰ্শ আৰু মূল্যবোধৰ অভাৱত মেৰুদণ্ডহীন জাতিত পৰিণত হৈ পৰিব৷ আজি জ্যোতিপ্ৰসাদৰ মৃত্যুৰ ৬৩ বছৰৰ পিছতো নিতৌ ন ন কিতাপ প্ৰকাশ পাইছে, নানান আলোচনা হৈছে। কিন্তু তেওঁৰ সাহিত্যৰ মাজত প্ৰকাশিত জীৱনবোধক অনুধাৱন কৰি তাৰ প্ৰাসংগিকতাক উপলব্ধি কৰিব পৰাকৈ আজিও অসমত তেনে পৰিবেশ গঢ়ি উঠিছে বুলিব নোৱাৰি৷
 

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments