জ্যোতিপ্ৰসাদ আগৰৱালাদেৱৰ এটা কবিতা

সংগ্ৰহ: দিগন্ত শইকীয়া


ঊষাৰ কোলাত থৈ (চিৰবিদ্ৰোহী→১)

ঊষাৰ কোলাত থৈ
উচুপি বিনায়
পোহৰতে মাৰ যায়
জানো জানো তাৰ
গানো বিফলে নাযায়৷

ৰূপান্তৰ মই
যুগান্তৰ মই
ভাৰতৰ
জগতৰ
বিদ্ৰহী-বীৰ্য্য
বিপ্লৱে বিপ্লৱে
বিজুলী-বজ্ৰ হানি
সুঘোষিত কৰি যাওঁ অগ্নি-তুৰ্য্য৷

কালান্তৰ যি
ৰূপান্তৰ যি
যুগমীয়া সত্য
সিয়েহে গুপ্ত অনিত্য
সেই ব্যাপ্ত বিজুলীৰে
গঢ়ি লওঁ আগ্নেয় অস্ত্ৰ ;
অম্বৰ ফালি-চিৰি
দিগম্বৰ
যোগী মই
যুগে যুগে
পিন্ধো মাথোঁ উপযোগী
নৱ নৱ যুগ-বস্ত্ৰ৷

মহাকালে নাচে যি
সৃষ্টি-স্থিতি-প্ৰলয়ৰ
মধু মৃদু শান্ত প্ৰশান্ত
উৎকট তাণ্ডৱ ভঙ্গ,
সেই কাল-বাজনাৰ
প্ৰধান ময়েই ওজা
পৰিতাল ব্ৰহ্মতাল
ৰুদ্ৰতাল
তাল ৰূপ গন্ধ,
দ্ৰুত বিলম্বিত লয়ে
মাৰণ উছাটন
মন্ত্ৰ ফুকাৰি ময়ে
বাই যাওঁ বিশ্ব-মৃদঙ্গ৷

আৱৰ্ত্তন
বিৱৰ্ত্তন সংৱৰ্ত্তন
পৰিৱৰ্ত্তনৰ
ময়ে
দ্ৰুতগানী
কাল ৰথচক্ৰ,
পেষিত
নিষ্পেষিত
কৰি আগবাঢ়ি যাওঁ
আলোকৰ বাটে বাটে
সুসংযত
গতিৰে অবক্ৰ৷

নৱ নৱ প্ৰপঞ্চৰ
সনাতন ইচ্ছা মই
শুভেচ্ছাৰ পোহৰেৰে
জগত জ্বলাওঁ,
হুতাশনৰূপে মই
পুৰণি খাণ্ডৱ দহি
নৱ নৱ
সৃষ্টিৰ
পাতনি পেলাওঁ৷

ফুলতো কুমলীয়া
শিলতো কঠোৰ মোৰ
তপ্ত হৃদযন্ত্ৰ,
ৰূপান্তৰেহে মাথোঁ
জগত ধুনীয়া কৰে
এয়ে মোৰ
গায়ত্ৰী-মন্ত্ৰ৷

চিৰ উদাসীন মই
সংসাৰৰ ঘৰে ঘৰে
থাকোঁ হৈ
সকলোতে মত্ত,
কালৰ মন্ত্ৰ শুনি
নিমিষতে
ভাঙি ফালি
মোহ-মায়া ব্যূহ
হুহুঙ্কাৰে নাচোঁ মই
উলঙ্গ উন্মত্ত৷

আগ্নেয়গিৰি ফুটি
জ্বলন্ত জ্বালাময়
অগ্নিবৃষ্টিৰূপে পৰোঁ
জগতত;
বজাৰ কাৰেং উৰে
ভিকহুৰো ঘৰ পোৰে
লেলিহান জুই জ্বলে
মোৰ এই অগ্নি-নৃত্যত৷
অৰ্ব্বুদ নিযুত প্ৰাণী
জহি জহি
যায় গচকত
মোৰ দলদোপ খচকত৷

অখণ্ড যাত্ৰ সোঁত
শাশ্বত অগ্নি-প্ৰদীপ মূৰ্ত্তিমান
চিৰকল্যাণ৷
মোৰ তাপ-উমেৰেই
জীৱনৰ হাঁহিটি ফুলাওঁ
পোহৰৰে বাট দেখুৱাওঁ৷
নৱ সৃষ্টিৰ বাবে পুৰণিক ডেই-পুৰি যাওঁ
অতীতক আঁতৰাই ভৱিষ্যক গঢ়ো
ময়েই মহাশক্তিমান,
অনাদি অনন্ত ব্যাপি
ময়েই মাত্ৰ আছোঁ
চিৰবৰ্ত্তমান৷

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments
কপি নকৰিব, অনুগ্ৰহ কৰি লিংকটো বিলাই দিয়ক