জ্যোতিপ্ৰসাদ আগৰৱালাৰ এটা কবিতাৰে নতুনক আদৰণি: শান্তিছায়া শইকীয়া

(পুৰণি নতুনৰ যিমানেই সংঘাত নহওক কিয় নতুনৰ আগমনে পুৰণি পৃথিৱীক নতুনকৈ চাবৰ বাবে অনুপ্ৰাণিত কৰেই । ই যুগধৰ্ম। সেয়ে সততে ৰূপান্তৰ বিচৰা কবি আগৰৱালাদেৱে ভাবে –‘ৰূপান্তৰেদি তোৰ সোণ পোহৰৰ বাট /হেৰ’ বিশ্ব বিজয়ী ৰূপকাৰ !/ তোৰ অৰুণ হাঁহিৰ জুই কালে- কালে /ভূৱনে -ভূৱনে পৰে /কৰে নিখিলৰ জাতিষ্কাৰ৷’)
“হে নতুন নমস্কাৰ!
যুগে যুগে আহ তই দেশে দেশে ভাহ তই
ভোঁহাৰি-বিদাৰি ফালি
পুৰণি সংস্কাৰ।’
ছৰৰ শেষত নতুন বছৰৰ শুভাগমন হয় আৰু এদিন সিও পুৰণি হয়, আকৌ নতুনৰ আগমন হয়। দিনৰ পাছত ৰাতি, ৰাতিৰ পাছত দিন, মাহৰ পাছত মাহ, বছৰৰ পাছত বছৰ আহে। একেদৰে নৱজাতক আহে লাহে লাহে আঁহ-পাঁহ মেলি সমৃদ্ধ হয় জীৱনৰ ব্যাপ্তি। শিশু-কৈশোৰ-যুৱক-পৌঢ়-বৃদ্ধ আৰু এদিন মৃত্যু। এনেকৈয়ে জীৱনে গতি লয়। বছৰ বাগৰে, ঋতুৰ পৰিৱৰ্তন হয়। গছে নতুন পাত, ফুলেৰে জাতিষ্কাৰ হয়। বসন্তৰ ফুলে জাতিষ্কাৰ কৰা গছবোৰৰ শীতকালত মৰ-সৰা পাতেৰে তল ওপচাই লঠঙা হয়। পুনৰ নৱ-কিশলয়ে গছবোৰ সুশোভিত কৰি তোলে । প্ৰকৃতিৰ এয়ে নিয়ম। সেয়ে কবিয়ে ভাবে – “নতুন তেজেৰে কৰ পুৰণি পৃথিৱীখন / আনি দিয় ভৱিষ্যতৰ সেউজী ধুনীয়া বাৰে বাৰ/ হৃদয়ে হৃদয়ে ফুল /য’ত ফুল য’ত কুঁহিপাত/ নতুন শিল্পীৰ /এই চিৰ পূজাৰীৰ/কথাকবি/ মৰ্মবেদনাত /মোৰ লবি প্ৰণিপাত /লবি প্ৰণিপাত। নতুনক কবিয়ে প্ৰণিপাত জনাই স্বাগতম জনাইছে সেইবাবেই। কাৰণ—‘মহা চক্ৰ ঘূৰে/ নতুনৰ অগ্নিবীজ দিশে দিশে উৰে/ নতুন পৃথিৱীখন উজলি উঠিছে দূৰে দুৰে/পুৰণিয়ে লৈছে বিদায় /বেজাৰেৰে ,ক্ষোভেৰে/ প্ৰতিক্ৰিয়া সংঘাতেৰে ওলগ জনাই/ নতুনৰ গানে সুৰে জগত জগায়/ আলোকৰ যাত্ৰীদলে নৱতম ছন্দত অব্যৰ্থ খোজেৰে সৌৱা –নদ-নদী পাৰ হৈ /পৰ্বতো ভাঙি-ছিঙি/প্ৰগতিৰ প্ৰদীপ জ্বলাই আগবাঢ়ে /আগবাঢ়ি যায়।’ পুৰণি আৰু নতুনৰ সংঘাত থাকে, হয়। নৱপ্ৰজন্মই পুৰণি মূল্যবোধ মানি চলিবলৈ বিৰোধিতা কৰে। ফলত বিপ্লৱ হয়। প্ৰজন্মৰ ব্যৱধানে সমাজত প্ৰভাৱ পেলায়, সেয়ে সদায় পুৰণি প্ৰজন্মই নিজৰ চিন্তা-চৰ্চাক অগ্ৰাধিকাৰ দি ব্যস্ত হয়। কিন্তু সময়ৰ লগে লগে মূল্যবোধ, জীৱনৰ মানদণ্ড আদি বিলাকৰ পৰিৱৰ্তন ঘটে। সকলোৱে সকলোবোৰ পুৰণি চিন্তাকে খামোচ মাৰি থাকিলে দেশ আগুৱাব নোৱাৰে। সেয়ে ৰক্ষণশীলতাৰ বিপৰীতে সংৰক্ষণ বিজ্ঞানসন্মতভাৱে কৰাৰ পোষকতা কৰি কবিয়ে আলোকৰ যাত্ৰীদলে যে বাধা-বিঘিনিকো নেওচি আগবাঢ়ি যায় বা যোৱাটো জৰুৰী এই কথা প্ৰতিপন্ন কৰিছে। যিহেতু নতুনক কোনেও অহাত বাধা দিব নোৱাৰে । ই এক চিৰন্তন প্ৰবাহমানতা। পুৰণি নতুনৰ যিমানেই সংঘাত নহওক কিয় নতুনৰ আগমনে পুৰণি পৃথিৱীক নতুনকৈ চাবৰ বাবে অনুপ্ৰাণিত কৰেই । ই যুগধৰ্ম। সেয়ে সততে ৰূপান্তৰ বিচৰা কবি আগৰৱালাদেৱে ভাবে –‘ৰূপান্তৰেদি তোৰ সোণ পোহৰৰ বাট /হেৰ’ বিশ্ব বিজয়ী ৰূপকাৰ !/ তোৰ অৰুণ হাঁহিৰ জুই কালে- কালে /ভূৱনে -ভূৱনে পৰে /কৰে নিখিলৰ জাতিষ্কাৰ৷’
নৱজাগৰণ হয়৷ মানুহৰ চিন্তাত নতুনত্ব আহে, পুৰণি সংস্কাৰবোধৰ ঠাই নতুনে লয় – যিদৰে নল মৰি গজাঁলি ওলায়। সেইবুলি সকলো পুৰণিক নিশ্চয় দলিয়াই দিব নোৱাৰি,পুৰণিৰ ভেটিতে নতুন সৃষ্টি হয়। সেয়ে ‘তোৰ সুৰৰ বিজুলী বয় /শিল্পীৰ তেজ হৈ/ হেৰ’ মৃত্যুসম সত্য তই /হেৰ’ দুৰ্নিবাৰ সনাতন বন্ধু/ নমস্কাৰ / বাৰে বাৰে কৰোঁ নমস্কাৰ।(নতুন)’
নতুনৰ আগমন কোনেও ৰোধ কৰিব নোৱাৰে । গতিকে আনন্দপূৰ্ণভাৱে নতুনক আদৰণি জনাই জীৱনক অৰ্থৱহ কৰি তুলিবলৈ প্ৰয়াস অব্যাহত ৰাখিব লাগে। নতুনৰ সৌন্দৰ্য উপলব্ধি কৰি জীৱনক নতুনভাৱেৰে গঢ়ি সমৃদ্ধিপূৰ্ণ জীৱনৰ অধিকাৰী হ’বলৈ প্ৰেৰণাদায়ক কবিৰ এই কবিতাৰে সকলোলৈকে নৱবৰ্ষৰ শুভাগমনে সমৃদ্ধিপূৰ্ণ জীৱনৰ অধিকাৰী কৰক এই শুভকামনা জনালো। কাৰণ…
“সুন্দৰ যে ফুলাৰ মন্ত্ৰ অহোৰাত্ৰি মাতে /সেয়েহে আজি ইমান ফুল প্ৰভাতে প্ৰভাতে।’
শেষত…
“মানুহ ফুলিব লাগিব বিকশি
কৰিব লাগিব পৃথিৱীখনকে
স্বৰ্গীয় সুৰভিময়
আনিব লাগিব এই পৃথিৱীলৈ
মহত্তৰ মহাজয়’  ( জ্যোতিপ্ৰসাদ আগৰৱালা)
 

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments
কপি নকৰিব, অনুগ্ৰহ কৰি লিংকটো বিলাই দিয়ক