জ্যোতিপ্ৰসাদ, বিষ্ণু ৰাভা আৰু প্ৰগতিশীল অসমীয়া জাতীয়তাবাদ – কমলনয়ন মিশ্ৰ

 জাতীয়তাবাদৰ আধুনিক ধাৰণাটোৰ বিকাশ ঘটিছিল ইউৰোপীয় নৱজাগৰণৰ পটভূমিত৷ জাতীয়তাবাদে এক মতাদৰ্শ হিচাপে বিকাশ লাভ কৰে বিংশ শতিকাত৷ ইউৰোপীয় জাতীয়তাবাদৰ মাজত বৰ্ণবৈষম্যবাদ বা ফেঁচীবাদৰ লেখীয়া ঋণাত্মক উপাদানসমূহেও মূৰ দাঙি উঠিছিল৷ ইয়াৰ বিপৰীতে কিন্তু ভাৰত তথা আফ্ৰিকাৰ দৰে ঔপনিবেশিকতাৰ কবলত থকা দেশসমূহৰ ক্ষেত্ৰত জাতীয়তাবাদে বিভিন্ন দিশত এক শুভ তথা ঐক্যমুখী শক্তিৰূপে পৰিগণিত হৈছিল৷ উদাহৰণস্বৰূপে অনৈক্যৰ মাজত ঐক্যৰ মহান ভাৰতীয় দৰ্শনে এক ৰাজনৈতিক মতবাদ ৰূপে বিকাশ লাভ কৰিছিল বৃটিছ বিৰোধী উমৈহতীয়া জাতীয় সংগ্ৰামৰ প্ৰেৰণাৰ মাজত৷ বিশাল ভাৰতীয় জাতীয় চেতনাৰ বিকাশৰ পৰ্বতেই আধুনিক অসমীয়া জাতীয়তাবাদেও ঠন ধৰি উঠিছিল৷ অসমৰ সৰু বৰ অনেক জনগোষ্ঠী তথা ধৰ্ম, বৰ্ণসমূহৰ মাজত সমন্বয় সাধনৰ দ্বাৰা এক সমন্বিত ভাষাকেন্দ্ৰিক জাতি গঠনৰ বীজ যেন অংকুৰিত হৈছিল মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ নৱবৈষ্ণৱ আন্দোলনৰ মাজেদি৷ সামন্তীয় জাতি ভেদ আৰু কৌলিনতাক নেওচি মধ্যযুগৰ ভক্তি আন্দোলনৰ পটভূমিত গঢ় লৈ উঠা নৱবৈষ্ণৱ আন্দোলনৰ গৰ্ভতেই প্ৰগতিশীল অসমীয়া জাতীয়তাবাদৰো অংকুৰণ হৈছিল বুলিলে নিশ্চয় অত্যুক্তি কৰা নহ’ব৷ বিংশ শতিকাৰ উষা লগ্নতেই হেমচন্দ্ৰ বৰুৱা, চন্দ্ৰ কুমাৰ আগৰৱালা আৰু লক্ষ্মীনাথ বেজবৰুৱাৰ মৌলিক অৱদানেৰে সমৃদ্ধ হৈ অসমীয়া ভাষা-সাহিত্যই যেন ইয়াৰ মূল প্ৰাণ ৰস আহৰণ কৰিছিল৷ চল্লিছৰ দশকত অসমীয়া জাতীয়তাবাদক উগ্ৰ প্ৰাদেশিকতা তথা তুচ্ছ সংকীৰ্ণতাৰ বন্ধনৰ পৰা মুক্ত কৰি সাম্ৰাজ্যবাদ বিৰোধী ৰূপান্তৰকামী চৰিত্ৰ প্ৰদান কৰাত অৰিহণা যোগাইছিল ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদে৷ তেওঁ আছিল প্ৰগতিশীল অসমীয়া জাতীয়তাবাদৰ মূল খনিকৰ, যি জাতীয়তাবাদী ধাৰাই পোখা মেলিছিল ঔপনিবেশিকতা বিৰোধী মুক্তি সংগ্ৰামৰ গৰ্ভত৷ সমকালীন ভাৰতীয় নৱজাগৰণ আন্দোলনৰ বহুতো মনিষীয়ে যি সময়ত অতীতমুখী ধৰ্মীয় ঐতিহ্য আৰু আধ্যাত্মিকতাৰ ওপৰত ভেজা দি ধৰ্মভিত্তিক জাতীয়তাবাদ নিৰ্মাণৰ দিশে অগ্ৰসৰ হৈছিল, সেই সময়তে জ্যোতিপ্ৰসাদে অসমৰ লোকসমাজৰ বিবিধ সমল, অসমীয়া নাৰীৰ জীৱন সংগ্ৰামৰ গাঁথা আদিক উপজীৱ্য হিচাপে লৈ বহুতো যুগজয়ী গীতি কবিতা তথা নাট ৰচনা কৰিছিল৷ তেওঁৰ এনে ৰচনাসমূহৰ মূল প্ৰেৰণা নিহিত হৈ আছিল প্ৰগতিশীল অসমীয়া জাতীয় চেতনাৰ গৰ্ভত, যি চেতনা বিকশিত হৈছিল অসমীয়া ভাষা, প্ৰৱহমান সংস্কৃতি আৰু শিল্পকলাৰ নৱউত্তৰণৰ প্ৰয়াসৰ মাজেদি যি জাতীয়তাবাদ আছিল নিপীড়িত জনৰ মুক্তিৰ কণ্ঠস্বৰ, ধনতান্ত্ৰিক সাম্ৰাজ্যবাদী দুষ্কৃতিৰ বিৰুদ্ধে এক সবল প্ৰতিবাদ, অথচ তাৰ দাৰ্শনিক ভিত্তি এক উদাৰ, প্ৰশস্ত, বিশ্বমুখী, মহাজাগতিক দৃষ্টিভংগীৰ দ্বাৰা আলোকিত৷ অসমীয়া স্থাপত্যৰ নৱৰূপ শীৰ্ষক ৰচনাত জ্যোতিপ্ৰসাদে লিখিছিল, “বিশ্ব বৈচিত্ৰ্য্য ৰক্ষা কৰিবলৈ আমি আমাৰ অসমীয়া সভ্যতা সংস্কৃতি ৰক্ষা কৰিবলৈ যি চিন্তা বা কৰ্ম কৰিম সি সংকীৰ্ণ প্ৰাদেশিকতা হ’ব নোৱাৰে৷ কিন্তু আমি যদি আমাৰ সভ্যতা সংস্কৃতি এই সাৰ্বভৌম আদৰ্শৰপৰা আঁতৰাই আমাৰ মনটোক কেৱল লুইতৰ বালিচাপৰিতেই এৰাল দি থওঁ তেন্তে আমাৰ মনটো অসমৰ গৰুৰ দৰেই টিলিকা হৈ থাকিব৷”
জাতীয় জীৱনৰ নৱনিৰ্মাণৰ বাটত অসমীয়া জাতিসত্ত্বাৰ ঐতিহাসিক ধৰ্মনিৰপেক্ষ চৰিত্ৰক লৈ জ্যোতিপ্ৰসাদৰ মনত দ্বিধা বা সংশয়ৰ স্থান নাছিল৷ ধৰ্মনিৰপেক্ষতাক তেওঁ পশ্চিমৰ পৰা আমদানিকৃত, ভাৰতীয় ঐতিহ্যৰ সৈতে খাপ নোখোৱা এক কৃত্ৰিম ভাবাদৰ্শ বুলি কাহানিও উলাই কৰা নাছিল৷ জ্যোতিপ্ৰসাদৰ ভাষাত, “আজি আমি প্ৰগতিবাদী ভাৰতীয়ই অসমীয়াই থিৰ কৰিছোঁ যে আমাৰ ৰাষ্ট্ৰ কোনো ধৰ্মৰ ওপৰত প্ৰতিষ্ঠিত হ’ব নালাগে, হ’ব লাগিব ধৰ্মনিৰপেক্ষ ৰাষ্ট্ৰ৷ আমাৰ জাতীয় স্থাপত্য নিশ্চয় ধৰ্মনিৰপেক্ষ হ’বই লাগিব৷”(অসমীয়া স্থাপত্যৰ নৱৰূপ)
ফৰাচী বিপ্লৱে বিধৌত কৰা গণতন্ত্ৰ আৰু জাতি ধৰ্ম গোষ্ঠী নিৰপেক্ষ নাগৰিকত্বৰ মতাদৰ্শৰ দ্বাৰাই আধুনিক ভাষিক আৰু সাংস্কৃতিক জাতি নিৰ্মাণ কৰাটো সম্ভৱ হ’ব বুলি পতিয়ন গৈছিল অসমীয়া নৱজাগৰণৰ প্ৰতিভূ এইগৰাকী যুগনায়ক৷ অথচ পৰিতাপৰ বিষয় যে স্বৰাজোত্তৰ যুগত অসমীয়া জাতীয়তাবাদৰ মাজত প্ৰগতিশীল উপাদানসমূহৰ মাত্ৰা ক্ৰমশঃ টুটি আহিবলৈ ধৰে৷ বিশেষকৈ মধ্য শ্ৰেণীৰ ক্ষমতালিপ্সা, অৰ্থনৈতিক সমস্যাসমূহৰ সমাধানৰ প্ৰতি অনীহা তথা ক্ষুদ্ৰ জনগোষ্ঠীসমূহৰ প্ৰতি অৱহেলাৰ মনোভাৱে ক্ৰমশঃ বিচ্ছিন্নতা আৰু নৃগোষ্ঠীয় উগ্ৰতাৰ জন্ম দিয়ে৷ আশীৰ দশকৰ মাজেৰে গঢ় লৈ উঠা তথাকথিত নব্য অসমীয়া জাতীয়তাবাদে অসমৰ নিঃস্ব জনগণে সন্মুখীন হোৱা অৰ্থনৈতিক সমস্যাৰাজিক মোকাবিলা কৰাৰ ক্ষেত্ৰত ইয়াৰ জন্মলগ্নতে সীমাৱদ্ধতাৰ বীজ কঢ়িয়াই আনিছিল৷ অসমৰ সম্পদসমূহৰ ওপৰত জনগণৰ অধিকাৰ নিশ্চিত কৰি এক উৎপাদনমুখী, স্বনিৰ্ভৰশীল জাতীয় অৰ্থনীতি গঢ়ি তোলাৰ পৰিৱৰ্তে এই জাতীয়তাবাদী ৰাজনীতিয়ে আধিপত্যকামী সৰ্বভাৰতীয় শাসক শ্ৰেণীৰ স্বাৰ্থৰক্ষাতহে নিয়োজিত হৈ পৰিল৷ এনে জাতীয়তাবাদৰ ব্যৰ্থতা আৰু আপোচৰ পৰিণতিস্বৰূপে বিভেদকামী শক্তিসমূহৰ দ্বাৰা অসমৰ বিদেশী সমস্যাক লৈ কুটিল চক্ৰান্তৰ খেল আৰম্ভ হৈছে৷ এফালে যদি দশক দশক জুৰি অসমৰ সীমান্ত অঞ্চলক উন্মুক্ত কৰি ৰখা হৈছে, তেন্তে আনফালে ধৰ্মৰ ভিত্তিত বিদেশী বিভাজনৰ ৰাজনীতিৰ দ্বাৰা সমস্যাটোক অন্তহীন জটিলতাৰ গৰ্ভলৈ ঠেলি দিয়া হৈছে৷
সৈনিক শিল্পী বিষ্ণু ৰাভাই অসমৰ অৱদমিত জনগোষ্ঠীসমূহৰ সম অধিকাৰ প্ৰতিষ্ঠা আৰু শোষিত, নিস্পেষিত কৃষক শ্ৰমিকৰ মুক্তিৰ প্ৰশ্নটোক সমস্বৰে তুলি ধৰিছিল৷ ‘তোৰ বাহুতে লুকাই আছে অসীম শক্তি বল’ বুলি কোৱা ৰাভাদেউৱে কৃষক বনুৱাক কেৱল পঞ্চায়তৰ হিতাধিকাৰীত অন্তৰ্ভুক্ত কৰি বিবেকহীন ভোট বেংকত পৰিণত কৰাৰ কথা কাহানিও কোৱা নাছিল৷ তেওঁ জনগণৰ চেতনাৰ ৰূপান্তৰৰ হকে বিপ্লৱী ৰাজনীতিৰহে পোষকতা কৰিছিল৷ অসমীয়া ভাষা সাহিত্যত অনাৰ্যমুখী, জনজাতীয় উপাদানসমূহৰ পুনৰাৱিষ্কাৰেৰে ৰাভাদেৱে অসমীয়া জাতিসত্ত্বাক এক নৱৰূপত চোৱাৰ প্ৰয়াস কৰিলে৷ ‘আজি মন্দিৰ দুৱাৰ খোলা, বহে মিলন মেলা’ৰ ধ্বনি দিয়া কলাগুৰু জনাই মন্দিৰ মছজিদক উগ্ৰ সাম্প্ৰদায়িক ৰাজনীতিৰ অন্ধ কুঠৰীত পৰিণত কৰাৰ বিপৰীতে সমন্বয়ৰ মিলনভূমিৰূপে গঢ়ি তোলাৰ কল্পনা কৰিলে৷ আন্তৰ্জাতিকতাবাদী বিপ্লৱী মননৰ বলতেই বিচ্ছিন্নতাকামী, উগ্ৰ জনগোষ্ঠীয় ভাৱাবেগক তেওঁ হেলাৰঙে অতিক্ৰম কৰিছিল৷ বিষ্ণু ৰাভাদেউৱে ‘অসমীয়া কৃষ্টিৰ চমু আভাস’ শীৰ্ষক ৰচনাত কৃষ্টি আৰু সংস্কৃতি সম্পৰ্কে এক ভাবোদ্দীপক উক্তি প্ৰকাশ কৰিছিল৷ তেওঁৰ ভাষাত, “কাব্য, গান, শিল্প, দৰ্শন, ধ্যান-ধাৰণাই নাইবা আচাৰ অনুষ্ঠান, ভদ্ৰতা-শিষ্টাচাৰ নীতি-নিয়মকেই সাধাৰণতঃ মানুহে বুজে কৃষ্টি বা কালচাৰ বুলি৷ কিন্তু দৰাচলতে বাস্তৱ প্ৰয়োজনত যাৰ জনম, মানুহৰ জীৱন সংগ্ৰামত যি শকতি, জীৱন যাত্ৰাৰ বাস্তৱ উদ্দেশ্য সিদ্ধিত যি মুকুতি, সেয়াহে আচল কৃষ্টি, প্ৰকৃত সংস্কৃতি, (Real) ৰিয়াল কালচাৰ৷” অথচ যোৱা দুটি দশকত জাতীয়তাবাদৰ নাম লৈ ভাৰতবৰ্ষৰ ঐক্য সংহতিৰ প্ৰতি ভাবুকি সৃষ্টি কৰা ধৰ্মভিত্তিক, জাতিগত, গোষ্ঠীগত হিংসাত্মক পুনৰুত্থানে কৃষক শ্ৰমিক তথা নিম্নবিত্ত অংশটোৰ জীৱন সংগ্ৰাম আৰু জীৱিকাৰ সৈতে জড়িত প্ৰশ্নসমূহক সমকালৰ ৰাজনৈতিক চেতনাৰ পৰাই অন্তৰ্হিত কৰাৰ প্ৰয়াস কৰিছে৷ শিৱাজীৰ গুণ গৰিমা প্ৰকাশ আৰু বীৰ পূজাৰে আত্মপ্ৰকাশ কৰা মাৰাঠা জাতীয়তাবাদে মহাৰাষ্ট্ৰৰ হেজাৰ হেজাৰ কৃষকৰ আত্মহত্যাৰ কোনো সাংস্কৃতিক কিম্বা আধ্যাত্মিক সমাধানসূত্ৰ উলিয়াব পৰা নাই৷ ৰাষ্ট্ৰ আৰু জনতাৰ ভাগ্যক বজাৰবাদী শক্তিসমূহৰ কৃপাত এৰি দি ঐতিহাসিক চৰিত্ৰসমূহ তথা ইতিহাস ব্যাখ্যাৰ একোটা সংকীৰ্ণ বাগ্ ধাৰাকেই ৰাজনৈতিক অভ্যুত্থানৰ হাথিয়াৰত পৰিণত কৰা এনে জাতীয়তাবাদে ভাৰতৰ সংখ্যাগৰিষ্ঠ জনগণক আত্মিকভাৱে শক্তিশালী কৰি তুলিব বোলা কথাষাৰ এক আত্মপ্ৰতাৰণা আৰু বিশ্বাসঘাতকতাৰ দলিলত পৰিণত হোৱা নাইনে? প্ৰগতিশীল জাতীয়তাবাদৰ প্ৰাসংগিকতাও সেইখিনিতেই৷ প্ৰতিটো ভাষিক জনগোষ্ঠীৰে নিজস্ব ভাষা আৰু সংস্কৃতিৰ বিকাশ সাধন তথা এক উমৈহতীয়া জনগণতান্ত্ৰিক কৰ্মসূচীৰে বিকল্প অৰ্থনৈতিক বুনিয়াদ গঢ়ি তোলাৰ কাৰ্যক্ৰমণিকাৰ দ্বাৰা যুক্তৰাষ্ট্ৰীয়, গণতান্ত্ৰিক ভাৰতবৰ্ষৰ নৱনিৰ্মাণ সম্ভৱপৰ হৈ উঠিব পাৰে৷ এক অনিশ্চিত আৰু শংকাময় ভৱিষ্যতৰ সন্ধিক্ষণত উপনীত অসমীয়া জাতিৰ ক্ষেত্ৰত সেয়েহে জ্যোতিপ্ৰসাদ, বিষ্ণু ৰাভা আৰু ভূপেন হাজৰিকাদেৱে প্ৰতিনিধিত্ব কৰা প্ৰগতিশীল অসমীয়া জাতীয়তাবাদী ধাৰাৰ সবল বিকাশ আৰু উত্তৰণৰ ওপৰতেই নিৰ্ভৰ কৰিছে অসম আৰু অসমীয়াৰো ভৱিষ্যত৷

☆★☆

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments
কপি নকৰিব, অনুগ্ৰহ কৰি লিংকটো বিলাই দিয়ক