জ্যোতি দ্বিভাষিকৰ বুৰঞ্জী-এখন অগতানুগতিক গ্ৰন্থ-কৰবী দত্ত


বিগত প্ৰায় বিশ বছৰ ধৰি কেৱল পইচাৰ বাবেই ইংৰাজীৰ পৰা অসমীয়ালৈ অনুবাদৰ সৰু-সুৰা কাম কিছুমান কৰি আহিছো আৰু এই সময়চোৱাত মোৰ সাৰথি-স্বৰূপ হৈছে ডঃ প্ৰণৱজ্যোতি ডেকাৰ “জ্যোতি দ্বিভাষিক অভিধান” খন। এই অভিধানখনত প্ৰয়োজনীয় শব্দ বিচাৰি আজিলৈকে কোনোদিনেই নিৰাশ হোৱা নাই। এইখন নহ’লে হয়তো কেতিয়াও অনুবাদৰ কাম নিয়াৰিকৈ কৰিবই নোৱাৰিলোঁহেঁতেন। সঁচা কথা ক’বলৈ হ’লে, যিমানবাৰেই অনুবাদৰ বাবদ ধন লাভ কৰিছোঁ সিমানবাৰেই মনে মনে এই অভিধানৰ সংকলকক ধন্যবাদ দিছোঁ।

সেইবাবে ২০১০ চনৰ ৩০ অক্টোবৰ তাৰিখে সন্ধিয়া  “জ্যোতি দ্বিভাষিকৰ বুৰঞ্জী” গ্ৰন্থখন হাতত পৰাত মই আৰু ৰ’ব নোৱাৰিলোঁ। গোটেই নিশা উজাগৰে থাকি কিতাপখন পঢ়ি শেষ কৰোঁ মানে পূবে ঢলফাট দিছে, চৰাইবোৰ সাৰ পাই উঠিছে, এখন অভিনৱ গ্ৰন্থ পঠনৰ আনন্দত মনটোও ভৰি পৰিছে।

“জ্যোতি দ্বিভাষিকৰ বুৰঞ্জী” নামটোৱেই অগতানুগতিক। অভিধান এখন প্ৰস্তুত কৰাটো কিমান কঠিন কাম সেই কথা অনুমান কৰাটো সহজ নহয়। সেই কঠিন কালত সন্মুখীন হোৱা সকলো ঘটনাৰ খুটি-নাটি বৰ্ণনা কৰা গ্ৰন্থ অসমীয়াততো নায়েই, পৃথিৱীৰ আন কোনো ভাষাৰ  অভিধান সংকলকেও এনে কিবা গ্ৰন্থ ৰচনা কৰি থৈ যোৱাৰ বিষয়ে আমি জ্ঞাত নহয়। তেনেস্থলত প্ৰণৱজ্যোতি ডেকাইনো কিয় এই গ্ৰন্থ লিখিবলৈ সিদ্ধান্ত ল’লে? উত্তৰটো গ্ৰন্থখনৰ মুখপত্ৰত লেখকে নিজেই দিছে। “মই ব্যক্তিগতভাৱে কি পালো, কি হেৰুৱালো তাৰ বৰ্ণনাই “জ্যোতি দ্বিভাষিক অভিধানৰ বুৰঞ্জী” কিতাপখন।” এই অভিধানখন সংকলন কৰাৰ কালত প্ৰায় কুৰি বছৰ কাল লাভ কৰা বিভিন্ন অভিজ্ঞতাৰ সাৱলীল আৰু মুকলি বৰ্ণনা সম্বলিত কিতাপখন পঢ়াৰ পাছত নিশ্চয় প্ৰতিজন পঢ়ুৱৈয়ে এবাৰলৈ হ’লেও ভাবিবলৈ বাধ্য হ’ব- এইখন সঁচাকৈয়ে অগতানুগতিক কিতাপ, লেখকজন সঁচাকৈয়ে ব্যতিক্ৰমী।

অভিধান সংকলনৰ দৰে জটিল কামনো প্ৰণৱজ্যোতি ডেকাই কিয় হাতত লৈছিল?  তাৰ আঁৰৰ কাহিনী তেওঁ নিজেই ব্যক্ত কৰিছে গ্ৰন্থখনৰ “অনাদি-পাতন” শীৰ্ষক অধ্যায়ত। ১৯৭৯ চনত গুৱাহাটী বিশ্ববিদ্যালয়ে ভৱেন্দ্ৰ নাথ শইকীয়াৰ নেতৃত্বত প্ৰাক-বিশ্ববিদ্যালয়ৰ বাবে পাঠ্যপুথি প্ৰণয়নৰ কাম হাতত লৈছিল আৰু তাৰে অৰ্থনৈতিক ভূবিজ্ঞান খণ্ড লিখাৰ দায়িত্ব প্ৰণৱজ্যোতি ডেকাক দিয়া হৈছিল। বিজ্ঞান বিষয়ক পাঠ্যপুথি লিখিবলৈ লৈ পদে পদে উজুটি খাই তেওঁ এখন বহুল প্ৰচলিত ইংৰাজী-অসমীয়া অভিধান কিনি লৈছিল (যিখন লেখকৰ ভাষাত ”দ্বিতীয় শ্ৰেণীৰ স্কুলীয়া অভিধান”) আৰু সেইখনৰ অসংখ্য ভুলে তেওঁক হতাশ কৰিছিল। সেইখন ওভোটাই দিবলৈ গৈ তাৰ প্ৰকাশক, তেওঁৰ বাল্যবন্ধুৰ সৈতে অভিধানখনৰ মান সম্পৰ্কে তৰ্কযুদ্ধ কৰা ডেকাই অৱশেষত প্ৰকাশক বন্ধুৰ প্ৰত্যাহ্বান গ্ৰহণ কৰি অভিধান এখন সংকলন কৰি উলিয়াবলৈ ৰাজী হৈছিল। 

অভিধানখন সংকলন কৰাৰ কালত সন্মুখীন হোৱা সকলো বাধা-বিঘিনি, মুদ্ৰণ কালত ছপাশালৰ মালিকসকলে দিয়া অসুবিধা, প্ৰকাশকৰ পৰা পোৱা অসুবিধা, চৰকাৰী অনুদান লাভ কৰাৰ ক্ষেত্ৰত পোৱা অসুবিধা, অভিধানখন ছপা হৈ ওলোৱাৰ পাছত অনৰ্থক সমালোচনা আদিৰ সবিশেষ উল্লেখ লেখকে এই গ্ৰন্থখনত উল্লেখ কৰিছে। আনকি অভিধান প্ৰণয়নৰ কালত পৰিয়ালৰ একাংশ লোকে কিদৰে উপলুঙা আৰু অসহযোগিতাৰে অসুবিধা দিছিল তাকো তেওঁ স্পষ্টকৈ উল্লেখ কৰিছে। চৰকাৰী কিছুমান বিভাগৰ অনিয়ম, অৰাজকতা, একাংশ বিষয়া-কৰ্মচাৰীৰ পৰা বিভিন্ন পোৱা অসুবিধা আৰু সহায়, বিভিন্ন শুভাকাংক্ষীৰ সহায়-সহযোগিতাৰ কথা অতি মুকলিকৈ উল্লেখ কৰিছে।  একেখন গ্ৰন্থতে লেখকে নিজৰ জীৱনৰ ভালেমান ঘটনাও অতি জীৱন্ত আৰু আমোদজনকভাৱে বৰ্ণনা কৰিছে। “ভূমিষ্ঠ ভবন” অধ‍্যায়ত ৰাজআলিত বতাহে উৰুৱাই নিয়া ছপোৱা কাকতৰ পাত এখিলা এখিলাকৈ থুপুৰিওৱাৰ ঘটনাটোৰ বৰ্ণনা কৰিছে এনেদৰে, “পছোৱা বতাহত শুকান পাত উৰা দি মোৰ অভিধানৰ শেষৰ সাতোটা পাত উৰি গৈ ৰাজআলিত পৰিছে। এখন এখন গাড়ী পাৰ হয়, বুকুখন ঢিপঢিপাই উঠে। লৰি গৈ এখিলা পাত বুটলি আনি বাটৰ দাঁতিত শিলৰ চেপাত থওঁ, আকৌ লৰ মাৰো। সাতখিলা পাত, মোৰ বাবে সাত ৰজাৰ ধন। সোতৰ বছৰৰ প্ৰচেষ্টাৰ ফল বতাহত উৰিব ধৰিছে কাটি যোৱা চিলাৰ দৰে।” এনে ধৰণৰ ভালেমান জীৱন্ত বৰ্ণনাই কিতাপখন সুখপাঠ্য কৰি তুলিছে।

“জ্যোতি দ্বিভাষিকৰ বুৰঞ্জী”ৰ দৰে অগতানুগতিক গ্ৰন্থ এখন লিখিবলৈ আগবঢ়াৰ উদ্দেশ্যৰ বিষয়ে লিখকে গ্ৰন্থখনৰ ‘কৃতজ্ঞতা’ শীৰ্ষক দ্বাদশ অধ‍্যায়ত উল্লেখ কৰিছে এইবুলি  “বৰ্তমান পুথিখন লিখাৰ উদ্দেশ্য হ’ল পাঠকক সোঁৱৰাই দিয়াটো যে আমাৰ জগতখন কিমান বৈচিত্ৰপূৰ্ণ। ব্ৰহ্মাণ্ডৰ এই ক্ষুদ্ৰাতিক্ষুদ্ৰ পৃথিৱীৰ এটি অতি নিঃকিন কোণৰ এখন বিশেষ চাঞ্চল্য সৃষ্টি কৰিবলৈ অক্ষম, এখন সামান্য অভিধান, তাৰ প্ৰকাশন-মুদ্ৰণৰ আঁৰতো কিমান জটিল ঘটনা লুকাই থাকে। লুকাই থাকে বহু ক্ষুদ্ৰ ক্ষুদ্ৰ মনৰ ক্ষুদ্ৰ চক্ৰান্ত, থাকে মুষ্টিমেয় মহানুভৱ মনৰ সহৃদয়তা। তাৰেই এচামক ৰাইজৰ আগত দাঙি ধৰিবলৈ কলম হাতত তুলি লোৱা হৈছিল।”

গ্ৰন্থখনৰ পাতনিত উল্লেখ থকা মতে, জ্যোতি দ্বিভাষিক অভিধানৰ বুৰঞ্জী লিখাৰ পৰিকল্পনা কৰাৰ কথা শুনি বীৰেন্দ্ৰ নাথ দত্তই হেনো লেখকক উপদেশ দিছিল “It should reflect the socio-economic picture of book publishing in Assam at that period.” গ্ৰন্থখনত “অসমৰ পুস্তক প্ৰকাশন জগতৰ অৱস্থাৰ উপৰিও ১৯৮০ৰ পৰা এক দশকৰ অসমৰ ৰাজনৈতিক পৰিস্থিতি আৰু ঘাইকৈ গুৱাহাটীৰ বুদ্ধিজীৱী জগতৰ এখন থুলমূল চিত্ৰ”  প্ৰকাশ পাইছে। লগতে প্ৰকাশ পাইছে প্ৰণৱজ্যোতি ডেকাৰ লিখনিৰ সুকীয়া বৈশিষ্ট্য।

আনহাতে, ইংৰাজী প্ৰতিশব্দ নথকা শব্দ কিছুমান কিদৰে নিজে সৃষ্টি কৰিব লগীয়া হৈছিল সেই সম্পৰ্কে লেখকে “অনাদি-পাতন” শীৰ্ষক অধ্যায়ত কৈছে- “জ্যোতি দ্বিভাষিক অভিধানৰ ব্যৱহাৰ কৰ্তাসকলে জনাটো সম্ভৱ নহয়, অভিধানত থকা বহু শব্দ এই অধমে ৰাতি জাগি জাগি সৃষ্টি কৰা নতুন অসমীয়া শব্দ। ইয়াৰ কৃতিত্ব হ’ল, শব্দবোৰ এনেভাৱে সৃষ্ট, সিযে মৌলিক শব্দ নহয় ধৰাটো টান।” 

অসমীয়া ভাষাৰ অন্যতম শ্ৰেষ্ঠ গল্পকাৰ ডঃ প্ৰণৱজ্যোতি ডেকাক যিসকলে জানে, অথবা যিসকলে তেওঁৰ ব্যতিক্ৰমী আত্মজীৱনী “সোণৰ চামুচ মুখত লৈ”  পঢ়িছে তেখেতসকলে  নিশ্চয় “ৰজাক দেউ নোবোলা” এই লিখকজনৰ পৰিচয় ইতিমধ্যেই পাইছে। “জ্যোতি দ্বিভাষিকৰ বুৰঞ্জী” গ্ৰন্থখন পঢ়িবলৈ সেইসকল পাঠক নিশ্চয় আগ্ৰহাণ্বিত হ’ব। আনহাতে,  আগতে ডঃ ডেকাৰ কোনো কিতাপ নপঢ়াসকলেও এই কিতাপখন পঢ়াৰ পাছত তেওঁৰ আন কিতাপবোৰ বিচাৰি-খোচাৰি পঢ়িবলৈ ল’ব বুলি ন দি ক’ব পাৰি। 

“শব্দৰ খেলখনৰ প্ৰতি থকা দুৰ্বাৰ মোহ”ৰ বাবে এজন প্ৰখ্যাত ভূ-বিজ্ঞানীয়ে  অভিধান এখন প্ৰণয়নৰ বাবে চলোৱা দুঃসাহসিক অভিযানৰ বৰ্ণনা সম্বলিত এই গ্ৰন্থখনৰ পঠন-অভিজ্ঞতা প্ৰতিজন পাঠকৰ বাবেই নিশ্চয় ৰোমাঞ্চকৰ হ’ব।

গ্ৰন্থৰ নাম: জ্যোতি দ্বিভাষিকৰ বুৰঞ্জী

লেখক: ডঃ প্ৰণৱজ্যোতি ডেকা

প্ৰকাশক: অসম বুক ডিপো

প্ৰথম প্ৰকাশ: অক্টোবৰ, ২০১০

মূল্য: ৮০ টকা

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments
কপি নকৰিব, অনুগ্ৰহ কৰি লিংকটো বিলাই দিয়ক