জয়ন্তীয়া পাহাৰৰ এখিলা পাতঃ উজ্জ্বল দিপ্লু গগৈ

 

আগৰাতি টোপনি খতি হৈছিল৷ গুৱাহাটী বিশ্ববিদ্যালয়ৰ মোৰ ৰূমমেটৰ বিয়া আছিল৷ সেইবাবে শুবলৈ যোৱাৰ আগত চিন্তা হৈছিল দুটা কাৰণত- প্ৰথমটো, ৰাতিপুৱা সাৰ পামনে? দ্বিতীয়টো, বন্ধু অংগীকাৰৰ ধমকটো, “হৈছে আৰু ইমান দেৰিলৈকে শুবলৈ হ’লে গৈ পাওঁতেই ৰাতি হ’বগৈ৷” ফুৰিবলৈ যোৱাৰ পৰিকল্পনাটো আমি কেইদিনমানৰ আগতেহে কৰিছিলোঁ৷ প্ৰস্তাৱটো দিছিল অংগীকাৰে৷ নৰ্থ চিকিমলৈ বাইক লৈ ফুৰিবলৈ যোৱা আমি তিনিজন অৰ্থাৎ অংগীকাৰ, দেৱাশীষ আৰু মই একেলগে বহুত দিন ক’লৈকো যোৱা নাছিলোঁ৷ সেয়েহে বন্ধ আৰু বিয়াৰ সময় মিলাই লৈ আমি জয়ন্তীয়া পাহাৰৰ বুকুত এটা দিন কটোৱাৰ পৰিকল্পনা কৰিছিলোঁ৷ ফুৰিবলৈ যাম বুলি ঠিক কৰিলে আমাৰ তিনিওৰে আগৰেপৰাই উৎসাহটো সাধাৰণ সময়তকৈ তিনিখোজ আগত ৰৈ থাকে৷ ব্যতিক্ৰম নঘটিল সেইদিনা ৰাতিপুৱাটোত৷ এলাৰ্মতকৈ প্ৰায় দহমিনিট আগত সাৰ পালোঁ৷ যোৰহাটৰপৰা আহি পোৱা দেৱাশীষো সাৰ পালে সোনকালে৷ অংগীকাৰক উঠাওঁ বুলি ফোন লগাব লওঁতেই সি ফোন কৰি চিঞৰিলে, “ৰেডী হ’লিনে নাই ? মই গৈ পাই আছোঁগৈ 6:45ত৷” লৰালৰিকৈ ফ্ৰেচআপ হৈ আমি দুয়ো সাজু হ’লোঁ‌৷ বাথৰুমৰ চাৱাৰৰ তলত পুৱাৰ চেঁচা পানীকণ গাত পৰাৰ লগে লগে টোপনিৰ ভাগৰ দৌৰ মাৰিছিল আৰু মনটোৱেও আগতীয়াকৈ গৈ জয়ন্তীয়া পাহাৰৰ পাইন গছৰ মাজৰ কোনোবা এডোখৰ সেউজীয়াভূমিৰ নিয়ঁৰৰ টোপালত মুকুতা যেন হৈ জিলিকিপৰা পুৱাৰ ৰ’দকণত এটা দীঘল এঙামুৰি দি আগৰাতিৰ অৱসাদখিনিৰপৰা মুক্তি লৈছিল৷

গতানুগতিকভাৱে আমি কৰা বাইক ভ্ৰমণৰ ঠাইত এইবাৰ আমি অংগীকাৰৰ গাড়ীতে যোৱাৰ পৰিকল্পনা কৰিছিলোঁ৷ তাৰ গাড়ী আহি ইতিমধ্যে গুৱাহাটীত মই থকা ফ্লেটৰ তল পাইছিলহি৷ চেকলিষ্টৰ মতে লগত নিবলগীয়া বস্তুবিলাক আকৌ এবাৰ চাই ল’লোঁ‌৷ যিহেতু বাইকৰ ভ্ৰমণ নাছিল, সেয়েহে নিবলগীয়া বস্তুৰ সংখ্যা কম আছিল; কেমেৰা, পাৱাৰবেঙ্ক, পানীৰ বটল, চকলেট, টুপী/হেট, ভিকচ বাম্, ৱেইষ্ট বেগ, আইডেণ্টিটি কাৰ্ড, ৱালেট ইত্যাদি৷ প্ৰায় সাতবজাত আমি বেলতলা এৰিছিলোঁ। ড্ৰাইভিং ছীটত অংগীকাৰ, আগৰ ছীটত দেৱাশীষ আৰু পাছৰ ছীটত মই বহিছিলোঁ৷ খানাপাৰা, যোৰাবাট পাৰ হৈ বৰ্ণিহাটৰ মাজেৰে আমাৰ গাড়ীখন গৈ থাকোঁতে পুৱাৰ ব্যস্ততাবোৰ লাহে লাহে বাঢ়ি আহিছিল৷ ইতিমধ্যে অসমৰ ৰেজিষ্ট্ৰেচন থকা কেইবাখনো গাড়ীয়ে আমাক পাৰ হৈ গৈছিল৷ এখন গাড়ীৰপৰা এজনে প্লাষ্টিকৰ বটল এটা ৰাস্তালৈ দলিয়াই থৈ গ’ল, বটলতো আমাৰ গাড়ীৰ চকাৰ তলত পৰি চেপেটা লাগিছিল৷ অংগীকাৰে খঙেৰে কৈ উঠিল, “আমাৰ so called cheap mentalityৰ অসমীয়া টুৰিষ্টচব, অকল মাত্ৰ ঠাইবোৰ নষ্ট কৰিবলৈ আহে৷” তাৰ কথাৰ মাজতে মই ক’লো, “এইবোৰ টুৰিষ্টৰ শাৰীতো নপৰে, ইহঁতৰ পিকনিক খাবলৈ যোৱাৰ বাহিৰে ঠাই এখন ভালদৰে ফুৰিবলৈ যোৱাৰো যোগ্যতা নাই৷” মেঘালয়খনৰ বাট-পথবোৰ সুগম হোৱাৰ লগে লগে অসম আৰু আন ৰাজ্যৰ মানুহৰ সমাগম বেছি হ’বলৈ ধৰিলে পৰ্যটনস্থলীবোৰত৷ আমাৰ মানুহৰনো আৰু কি…! মেঘালয় বুলি ক’লে অকল বৰাপানী, শ্বিলং, চেৰাপুঞ্জী আৰু ডাউকীখনকহে বেছিভাগে চিনি পায়৷ বন্ধৰ দিন পালেই ‘উফ গুৱাহাটীত বৰ গৰম, শ্বিলঙৰফালেই যাওঁ, ঠাণ্ডা হাৱা খাওঁ’ মানসিকতাৰে মেঘালয়লৈ যায় আৰু যিমান পাৰে সিমানলৈকে ঠাইবোৰত প্লাষ্টিকৰ আৰু কোলাহলৰ প্ৰদূষণ কৰি থৈ আহে৷ দেৱাশীষে আমাৰ গধুৰ গধুৰ আলোচনাবোৰ অলপ ঢিলা কৰি দিলে, “চাবিচোন, যিমান কেইখন গাড়ীয়ে আমাক পাৰ হৈ গৈছে তাৰে প্ৰায় আধাতকৈও বেছি গাড়ীৰ মানুহে ৰাস্তাত অলপ পাছত গাড়ী ৰখাই বমি কৰিবগৈ৷” তাৰ কথা মিছা নাছিল, নংপো পোৱাৰ বহু আগেয়েই কেইবাখনো গাড়ীৰ যাত্ৰীয়ে ৰাস্তাৰ কাষত ওৱাক ওৱাক কৰি আছিল৷ অংগীকাৰে কৈ উঠিল, “পাহাৰত ফুৰিবলৈ আহি ৰাতিপুৱাই ভাত খাই আহিলে বমি নহয় হ’ব কি?”

একবিংশ শতিকাৰ কথা কওঁ৷ ভ্ৰমণৰ কনচেপ্ত বিলাক আজি কিছু বছৰৰপৰা সঘনাই সলনি হৈ আহিছে৷ কিছুবছৰৰ আগলৈকে বেলেগ এটা ৰূপত থকা ভ্ৰমণৰ কনচেপ্ত কিছুমানত বাহ ল’লে চেলফি, হেছটেগ, ট্ৰেভেলিং ট্যু অমুক’জাতীয় কিছুমান ছচিয়েল মিডিয়াৰ কনচেপ্তে৷ কোনোৱে যদি বাইকৰ ৰেলী কৰিছে আন কোনোবাই গৈছে গাড়ীত, কিন্ত হেৰাই গৈ আছে ভ্ৰমণৰ মাদকতা৷ ভ্ৰমণৰ শিকনি ল’বলৈ মানুহে প্ৰায়েই এৰি পেলাইছে৷ কোনোবা এখন ঠাইলৈ মানুহবোৰ যায়, চেলফি এখন তোলে আৰু লগে লগে উৎপাত লগায় ছচিয়েল মিডিয়াত আপলোড কৰিবলৈ। লাইক-কমেণ্টৰ মাজত পাহৰি যায় যে সেই ঠাইখনৰ বিশেষত্ব কি? মাথোঁ মূৰটো গুজি সোমাই পৰে অবাস্তৱ পৃথিৱীৰ ক্ষণিক সুখৰ মাজত৷ তাৰমাজতে আমাৰ দৰে কিছুমানে সন্ধান কৰোঁ ভ্ৰমণৰ সেই চিৰস্থায়ী আনন্দৰ, য’ত স্থান পায় প্ৰকৃতিৰ পূজনে, মনৰ মাজত সজীৱ কৰি ৰাখিব পৰা কিছুমান অভিজ্ঞতাই, তাৎপৰ্য্য মিহলি হৈ থকা ঠাইখনিৰ সৌন্দৰ্য্যই৷ এইবোৰ ভাবি গৈ থাকোঁতেই কেতিয়ানো নংপো পাৰ হ’লো গমকে নাপালোঁ। অংগীকাৰে দেৱাশীষক- “ছাৰ, ইমান চুপচাপ ক্যিউ বেইঠা হ্যেই, ট্ৰেভেলিং ফিলিঙৱালা গানা লাগাইয়েনা”, বুলি কওঁতেহে সম্বিৎ ঘূৰাই পালোঁ৷ গ্লাছখন খুলি দি গানৰ সুৰৰ লগত তাল মিলাই সুহুৰি এটা মাৰিবলৈ চেষ্টা কৰিলোঁ ‘Ghumein Ghumein Banjarey, Ghumein Galliyan Yeh Bechare, Don’t Know Which Way To Go, Aage Hoga Kya, Hey ..Hey .. Hey..…৷

ব্ৰেকফাষ্ট নংপো পাৰ হৈ কৰিম বুলি ভাবি আহিছিলোঁ, কিন্তু হঠাৎ মনত পৰিল উমচ্নিং পোৱাৰ ৩ কিলোমিটাৰ আগত থকা হালাৰি অৰ্কিড ৰেষ্টুৰেণ্টখনৰ কথা৷ ভবামতেই আমি তালৈ পোনালোঁ৷ হালাৰি অৰ্কিডৰ পৰিৱেশে সদায়ে মোৰ মনত আনন্দ যোগায়৷ বিশেষকৈ কেম্পাচটোত সোমাইয়ে দেখা ফুলবোৰ, কাষতে কুলু কুলু শব্দৰে বৈ থকা সৰু জুৰিটো; চুৰট হুপি একান্তমনে বৰশী বাই থকা মানুহ কিছুমানক দেখি খুউব ভাল পাওঁ৷ গাড়ীখন পাৰ্কিঙত ৰখোৱাৰ পাছতেই নামি জুৰিটোৰ কাষত পাক এটা মাৰি আহিলোঁগৈ৷ সেইদিনা পিছে চুৰট হুপি বৰশী বোৱা মানুহকেইজন নাছিল, কিন্তু তাত কেইজনমান চেমনীয়াই ওলোটা খৰ মাৰি সাঁতুৰি আছিল৷ হালাৰিলৈ আহিলে ৰেষ্টুৰেণ্টখনৰ বাৰাণ্ডাতে বহোঁ৷ দুৱাৰৰ কাষত ৰৈ থকা ল’ৰা এজনে আমালৈ চাই ক’লে, “গুড মৰ্ণিং চাৰ, ৱেলকাম ট্যু হালাৰি অৰ্কিড ফেম্যিলি।” মেন্যু চাই অৰ্ডাৰ দিয়াৰ পাছতে আমাৰ মাজত পুৰণা কথাৰ সম্ভাৰ মেল খাইছিল৷ দেৱাশীষক কামোৰ দি জোকাবলৈ ভাল পায় সকলোৱে, অংগীকাৰ আৰু মই দুয়ো সেই কামকে কৰিলোঁ৷ সময়ত খোৱা বস্তু আহিছিল, আমিও পেটৰ ভোক পাতল কৰিছিলোঁ৷ বিল দি উঠি আমি গাড়ীৰ কাষলৈ আহোঁতে গাড়ীখনৰ ধূলিবোৰ দুজন লোকে মচি দি আছিল৷ প্ৰশংসা পাবলগীয়া মাৰ্কেটিং পলিচি৷ আমি ওলাই অহা দেখি আমাক তেওঁলোকে অভিবাদন কৰি ক’লৈ যাম ক’ৰপৰা আহিছোঁ সুধিলে৷ গাড়ীয়ে এইবাৰ আমাৰ গতি ল’লে উমিয়াম বাইপাছৰ দিশে৷

পশ্চিম জয়ন্তীয়া পাহাৰ জিলাখনৰ জোঁৱাই হৈ শিলচৰ নতুবা ডাউকী নতুবা কাৰ্বি আংলং/হাফলঙলৈ যাবলগীয়া গাড়ীবোৰ আগতে শ্বিলঙৰ মাজেৰে গৈছিল৷ বাইপাছটো হোৱাৰ পাছত গাড়ীবোৰে এইটো ৰাস্তা ল’লে; ফলত শ্বিলঙত হোৱা ভয়ংকৰ যান-যঁট আগতকৈ কমিল কিন্তু তাৎপৰ্য্যপূৰ্ণভাৱে নহয়৷ খোলা খিৰিকীৰে বাহিৰৰ বতাহ উপভোগ কৰি গৈ থাকিলোঁ। মাজে মাজে ট্ৰাকবিলাক পাওঁ, ক’লা ধোঁৱা এৰে, লগে লগে গ্লাছকেইখন উঠাই লওঁ; অলপ পাছত গ্লাছ খুলিলে আকৌ নিৰ্মল বতাহৰ সোৱাদ পাওঁ৷ নঙৰাহ পাৰ হৈ টোল গেটখন পোৱালৈকে সেইদিনা ট্ৰাকৰ ভীৰ কম আছিল৷ টোল গেটখন পাৰ হোৱাৰ পাছতেই ট্ৰাকৰ লানি কিছুমানৰ মাজে মাজে যাবলগা হ’ল৷ বেছিভাগেই আছিল কয়লা বোজাই কৰা ট্ৰাক৷ নিজৰ মাজতে আমি আলোচনা কৰিলোঁ ট্ৰাকবোৰৰ কথা, ট্ৰাক ড্ৰাইভাৰবিলাকে কৰা কষ্টৰ কথা। প্ৰকাণ্ড ট্ৰাকবিলাক একা-বেকাঁ ৰাস্তাৰে মসৃণভাৱে লৈ যোৱাৰ কথা, দৰমহাৰ কথা আৰু লগতে বাৰেবিংকৰা কথা ৷ মুডিম্মাই পোৱাৰ আগে আগে শাক-পাচলিৰ সৰু বজাৰ এখন পোৱা যায়৷ বহুতো মানুহক তাত ভীৰ কৰি থকা দেখা পালোঁ৷ অসমতকৈ শাক-পাচলিৰ দাম বিশেষকৈ স্কোৱাচ, গাজৰ, ৰঙালাউ, আলু আৰু বাঁহগাজৰ দাম মেঘালয়ত সস্তা হোৱাৰ বাবে মানুহে নিবলৈ খুবেই ইচ্ছা কৰে৷ মই কিন্তু মেঘালয়ৰ শাক-পাচলি নিবলৈ ইচ্ছা নকৰোঁ দুটা কাৰণত; প্ৰথমটো, মেঘালয়ৰ লগত অসমৰ জলবায়ুৰ পাৰ্থক্য থকাৰ বাবে দুদিনমানৰ পাছতেই অসমত বেছিভাগ পাচলি গেলি যায় আৰু দ্বিতীয় কাৰণটো হ’ল, মাটিৰ তলত হোৱা পাচলিবোৰত মেঘালয়ত গাহৰিৰ গোবৰ আৰু লেদেনা প্ৰয়োগ কৰে য’ৰপৰা ফিটাপেলু হোৱাৰ সম্ভাৱনা প্ৰবল হৈ পৰে৷ যি কি নহওঁক, মুডিম্মাই পাৰ হোৱাৰ পাছত আমি উম্মোলঙ নামৰ সৰু টাউনখন পালোঁগৈ৷ তাৰপৰা চিধা গ’লে জোঁৱাই টাউনখন পোৱা যায় আৰু উত্তৰ-পূব দিশলৈ নাৰ্টিয়াং হৈ গ’লে পুনৰ জোঁৱাইলৈ আহিব পাৰি নতুবা খান্দুলি আৰু হামৰেণ হৈ কাৰ্বি আংলঙৰ ডংকামুকামলৈও যাব পাৰি৷ আমাৰ প্ৰথম গন্তব্য স্থান আছিল ৱাহিআজাৰ মাছৰ অভয়াৰণ্য ৷ সেয়েহে আমি নাৰ্টিয়াং-খান্দুলী ৰাস্তালৈ আমাৰ গাড়ী ঘূৰাই ল’লোঁ‌৷

মেঘালয়ৰ বেছিভাগ ঠাইতে জনবসতি সেৰেঙা ৷ ৱাহিআজাৰ গাওঁখনো ব্যতিক্ৰম নাছিল ৷ সৰু সৰু ধুনীয়া ঘৰবোৰৰ আগফালে সৰু সৰু ফুলৰ বাগিচা আছিল৷ কিছুসংখ্যক ঘৰৰ আগফালে ফুলৰ টাব ওলমাই থোৱা আছিল৷ মই ৰগৰ কৰি লগৰ দুয়োকে সুধিলোঁ, “ক’চোন, মেঘালয়ৰ ঘৰবোৰ কিয় সৰু আৰু চাপৰ?” দেৱাশীষে তপৰাই উত্তৰ দিলে, “মানুহৰ চাইজ দেখা নাই নেকি কিমান চাপৰ ? ওখ ঘৰ বনাই কি কৰিব?” মোৰ বোধেৰেও উত্তৰটো সেয়াই আছিল, কিন্তু অংগীকাৰে ক’লে, “মেঘালয়খনত বছৰৰ প্ৰায় বাৰমাহে ঠাণ্ডা হোৱা হেতু মানুহবোৰে ঘৰবিলাক সৰুকৈ সাজি লয়, ফলত ঘৰৰ ভিতৰখন বাহিৰৰ তাপমান সহ্য কৰিব পৰাকৈ যথেষ্ট উমাল হৈ থাকে৷” অংগীকাৰে কৈ গ’ল, “এইটো কথা অৱশ্যে মেঘালয় বুলিয়েই নহয়, বেছিভাগ পাহাৰীয়া ঠাইৰ ক্ষেত্ৰতে দেখা যায়। তদুপৰি পাহাৰৰ মানুহৰ বাবে এঠাইৰপৰা আন এঠাইলৈ কাঠ-বাঁহ, শিল-বালি কঢ়িয়াই ফুৰাটোও কষ্টকৰ কাম, সেয়েহে ঘৰবোৰ কম বস্তুৰে ধুনীয়াকৈ সাজি লয়৷” কথা পাতি থকাৰ মাজতেই আমি গৈ মাছৰ অভয়াৰণ্যখন পাইছিলোঁগৈ৷ অংগীকাৰে গাড়ীখন ৰখালে। কেমেৰা সাজু কৰি গাড়ীৰপৰা নমাৰ পাছতেই মনলৈ কিবা এটা আচৰিত প্ৰশান্তি আহিছিল৷ দেৱাশীষে কৈ উঠিল, “ইমান ধুনীয়া ঠাইখনত দেখোন চকুমুদি ফটো তুলিলেও ভাল ফটো পাম৷” সচাঁকৈয়ে ঠাইখনৰ সৌন্দৰ্য্য ভাষাৰে প্ৰকাশ কৰিব নোৱাৰা ধৰণৰ আছিল৷ তদুপৰি বতৰটো অলপ গোমা হৈ আহিছিল আৰু দুই-এটোপাল বৰষুণ পৰিছিল৷ খটখটীৰে আমি নামি গৈছিলোঁ তললৈ৷ তিনিও তিনিঠাইত ৰৈ সৌন্দৰ্য্যৰ আকৰ পান কৰিবলৈ চেষ্টা কৰিছিলোঁ৷ বাকী দুয়োৰে কথা মই গম নাপাওঁ, কিন্তু মোৰ মনটোৱে সেইসময়ত শুনিছিল পাইন গছৰ মাজেৰে ভাহি অহা বতাহৰ মৃদু ধ্বনি, চকুযোৰে বাছি লৈছিল চাৰিওকাষৰ সেউজীয়াখিনিক আৰু বৰষুণৰ টোপাল পৰি থকা পানীখিনিক৷ মাছৰ অভয়াৰণ্যখনত আমি কোনো মাছ নতুবা মাছৰ পোনা দেখা নাপালোঁ, কিন্তু ভাগ্যৱান আছিলোঁ যে আমি তাত জীৱনৰ কিবাকিবিবোৰ ঘূৰাই পাইছিলোঁ৷ অলপ সময় কটাই তাৰপৰা আমি ঘূৰি আহিলোঁ গাড়ীলৈ৷ তাৰপৰা অলপ আগলৈ আহিলেই তিনিআলি এটা পোৱা যায়; খান্দুলীৰ ৰাস্তাটোৰে তিনিশ মিটাৰমান আগুৱাই গ’লেই নাৰ্টিয়াঙৰ আশ্চৰ্য্য মন’লিথচ (monoliths)বিলাক পোৱা যায় আৰু সোঁহাতে ঘূৰিলে জোঁৱাইলৈ যোৱা ৰাস্তাটো পোৱা যায়৷ তিনিআলিৰপৰা অলপমান ভিতৰলৈ গ’লে প্ৰায় পাঁচশ বছৰ পুৰণি দুৰ্গাদেৱীৰ এটি ঐতিহাসিক মন্দিৰ অৱস্থিত৷ প্ৰথমে আমি মন’লিথচৰ বাগিচাখনলৈ যোৱাটো ঠিক কৰিলোঁ৷ গুগলত মন’লিথচ বিলাকৰ কথা পঢ়িছিলোঁ‌ যদিও পুৰাতত্ব বিভাগৰ আঁৰি থোৱা ব’ৰ্ডকেইখনৰ ওচৰ চাপি গৈ আভাস ল’বলৈ চেষ্টা কৰিলোঁ৷ মন’লিথচ মানে হৈছে কিছুমান দীঘল আৰু পথালিকৈ থকা শিলৰ ভূ-তাত্বিক অৱয়ব৷ মেঘালয়ৰ খাচী আৰু জয়ন্তীয়া পাহাৰৰ বহু ঠাইত এইবিলাক পোৱা যায়৷ আশ্চৰ্য্যকৰ কথা হ’ল- প্ৰকাণ্ড শিলৰ টুকুৰাবোৰ তাহানিৰ সময়তে আনি এখন ঠাইত সুন্দৰকৈ স্থাপন কৰাটো৷ গেটৰ কাষত থকা ব’ৰ্ডখনত পঢ়িবলৈ পোৱা মতে মন’লিথচবিলাকক তাত দুটা ভাগত ভগোৱা হৈছে – ‘মেনহিৰচ’ অৰ্থাৎ থিয়কৈ থকাবোৰক স্থানীয় ভাষাত ‘মো চাইনৰাঙ’ আৰু ‘ডলমেনচ’ অৰ্থাৎ পথালিকৈ থকাবোৰক ‘মো কাইনথাই’ নামেৰে জনা যায়৷ মো চাইনৰাঙ মানে হৈছে পুৰুষ আৰু মো কাইনথাই মানে মহিলা৷ সকলোতকৈ ওখ মেনহিৰচটোৰ নাম হ’ল মো লঙ চিয়েম যিটোৰ উচ্চতা প্ৰায় ৮মিটাৰ৷ ইতিহাসৰ মতে এই মন’লিথচবিলাক যুদ্ধৰ বিজয় উদযাপন কৰিবলৈ জয়ন্তীয়া বীৰ মাৰ ফাল্যঙ্কি আৰু তেওঁৰ পৰৱৰ্তী পুৰুষসকলে স্থাপন কৰিছিল৷ স্থাপনৰ সময় আছিল প্ৰায় খ্ৰীষ্টাব্দ ১৫০০ৰপৰা ১৮৩৫ৰ মাজত৷ মন কৰিলোঁ ঠাইখন পৰ্য্যটকৰ বাবে যথেষ্ট আকৰ্ষণীয় আৰু ব্যৱসায়িক ৰূপ ল’বলৈ এতিয়াও বাকী৷ আমাৰ পাৰ্কিঙৰ ওচৰত ঘৰ এটা সাজি আছিল; দেখা পাইছিলোঁ যে ঘৰটোত ইটা আৰু শিলৰ ঠাইত সৰু আৰু মজবুত পাইন গছৰ কুণ্ডা আৰু চিমেণ্টৰ ব্যৱহাৰ কৰিছিল৷ ঘৰটোৰ বেৰ কেইখন আমি আঙুলিৰে টুকুৰিয়াই চাই লৈ এটাই আনটোতকৈ ওপৰত ধেমালিৰ সুৰত এক্সপাৰ্ট কমেণ্ট দি গাড়ীত বহিলোঁ‌৷ আমাৰ পৰৱৰ্তী গন্তব্যস্থান আছিল দুৰ্গাদেৱীৰ মন্দিৰ৷ দেৱী-মাৰ পুৰণি মন্দিৰটোৰ বিষয়ে বহুদিনৰেপৰা শুনি আছিলোঁ আৰু সেই শুনি থকা কথাবোৰেই পূৰ্ণ হাবিয়াসৰ জন্ম দিছিল দৰ্শন কৰিবৰ বাবে৷ চৰকাৰী অফিচ এটাৰ কাষতেই মন্দিৰটো আছে৷ সেইদিনাখন খুব সম্ভৱত তালৈ মেঘালয়ৰ কোনোবা মন্ত্ৰী-আমোলা আহিছিল, কাৰণ প্ৰায়ে নিৰ্জন হৈ থকা বুলি শুনা পোৱা মন্দিৰটোৰ আশে-পাশে অতি কমেও পঞ্চাশ জনমান মানুহৰ এটা ভীৰ আছিল লগতে বহুসংখ্যক জোৱানো তাত আছিল৷ সৰুৰেপৰা মায়ে শিকোৱা অভ্যাস; মন্দিৰৰ দ্বাৰখন দেখাৰ লগে লগেই হাত দুখনে নিজে নিজে বুকুৰ মাজলৈ আহি সেৱা এটা কৰিলে৷ মন্দিৰৰ মুখ্যদ্বাৰখনৰ ওচৰলৈ গ’লোঁ‌, দেখা পালোঁ সচৰাচৰ বন্ধ থকা দুৱাৰখন সেইদিনা খোলা আছিল৷ তাতে ৰৈ মনৰপৰা দেৱী-মাৰ ওচৰত কিছু সময়ৰ বাবে প্ৰাৰ্থনা কৰিলোঁ৷ বাৰাণ্ডাত বহুতো স্থানীয় মহিলা বহি নিজৰ মাজতে কিবা গভীৰ আলোচনাত ডুব গৈ আছিল৷ চৌপাশটো ঘূৰি পকি চালোঁ৷ মন্দিৰত ফলক এখন লগোৱা আছিল- ‘মা জয়ন্তী’; বুজি পালোঁ তেওঁলোকে দুৰ্গা দেৱীক জয়ন্তী দেৱীৰ ৰূপত আৰাধানা কৰে৷ হিন্দু উপাখ্যান মতে মন্দিৰটো ৫১খন শক্তি পীঠৰ এখন৷ শুনামতে দক্ষ যজ্ঞৰ পৰা ভগৱান শিৱই সতী দেৱীৰ মৃতদেহ কঢ়িয়াই লৈ ফুৰোঁতে দেৱীৰ ভৰিৰ এটি অংশ এই ঠাইত পৰি পূণ্য স্থলখনৰ সৃষ্টি হৈছিল৷ বুৰঞ্জীমতে ৰজা ধনমাণিকৰ গ্ৰীষ্মকালীন ৰাজধানী আছিল জয়ন্তীয়া পাহাৰ৷ তেনেকুৱা এটা গ্ৰীষ্মকালীন ৰাতি ৰজা শুই থাকোঁতে দুৰ্গাদেৱীয়ে তেখেতক সপোনত দেখা দি কৈছিল সেই ঠাইডোখৰৰ কথা আৰু তেনেদৰেই আবিষ্কৃত ঠাইটুকুৰাই প্ৰতিষ্ঠা লাভ কৰিছিল ৰজাৰ প্ৰচেষ্ঠাত৷ এইয়া আছিল আজিৰপৰা প্ৰায় ছশ বছৰ পুৰণি কথা৷ কেমেৰাটোৰে কেইবাখনো ফটো তুলিলোঁ৷ প্ৰথমে মই মন কৰা নাছিলোঁ, কিন্তু খন্তেক পাছতেই মন কৰিলোঁ ফটো তুলিবলৈ ল’লেই মানুহবোৰে মুখবোৰ ঘূৰাই দিয়ে৷ মই মাত্ৰ মন্দিৰৰ ফটো ল’বলৈ বিচাৰিছিলোঁ আৰু তেওঁলোকৰ ফটো ল’বলৈ কোনো ভাব অহা নাছিল মনলৈ৷ মনতে ভাবিলোঁ মানুহবিলাকে যদি তেওঁলোকৰ ফটো লৈ আছোঁ বুলি ভুলকৈ বুজে আৰু আমি তেওঁলোকক বুজাব নাজানো তেন্তে অসুবিধাৰ সৃষ্টি হ’ব পাৰে৷ সেয়েহে কেইখনমান ফটো তুলি কেমেৰা সামৰি গাড়ীত বহিলোগৈ৷ দেৱাশীষে হুমুনিয়াহ এটা এৰিলে, “আইঐ, আমাৰ অসমৰ মন্দিৰবোৰ ঐ…কিমান লুটপাত কৰে আৰু আমাৰ নিচিনাবোৰক…৷” আমাৰ তিনিওৰে মুখেৰে বহুতো হিচাপ বৈ গ’ল কোনটো মন্দিৰত পূজা কৰাৰ হিচাপ বাদ দি বাকী দান-দক্ষিণাৰ নামত কিমান খৰচ আজিলৈকে গৈছে৷ আমাৰ গাড়ীখনে এইবাৰ আমাৰ অন্তিম গন্তব্য স্থল জোঁৱাই আৰু ক্ৰাঙচুৰি জলপ্ৰপাতৰ অভিমুখে গতি ল’লে৷

জোঁৱাইলৈ গৈ থাকোঁ‌তে বতৰটো কেইবাবাৰো ডাৱৰীয়া যেন কৰিছিল৷ কিন্তু টাউনখন সোমোৱাৰ পাছতে বতৰটো প্ৰায় ফৰকাল পাইছিলোঁ৷ জোঁৱাই! মেঘালয়ৰ এখন অন্যতম নগৰ আৰু পশ্চিম জয়ন্তীয়া পাহাৰ জিলাৰ সদৰ ৷ কাষৰীয়া ঠাইবিলাকৰ লোকসকলে ঘৰ আৰু বাগিচাত খেতি কৰা শাক-পাচলি, মাংস আৰু ফল-মূলবিলাক লৈ বেচিবলৈ আহে৷ ফুটপাথবিলাকৰ বেছিভাগতেই বেপাৰীসকলক বস্তু লৈ বহি থকা দেখা পালোঁ৷ সৰহ সংখ্যকেই আছিল মহিলা৷ লগৰ দুয়োকে মই ক’লো – ভাৰতৰ আন আন ঠাইৰ মানুহবোৰক আনি নাৰী সৱলীকৰণৰ ওপৰত প্ৰেক্টিকেল শিক্ষা এইবোৰ ঠাইতে দিব লাগে৷ দেৱাশীষে ক’লে, “অ’, সকলোৰে কথা নকওঁ কিন্তু আমাৰ যে কিছুমানে পাব-বাৰ-ডিস্ক’ত গৈ মদ এগালমান খাই আৰু ছচিয়েল মিডিয়াত কথাৰ ফুলজাৰি মাৰি ফুৰে, তেওঁলোকক ফাৰ্ষ্ট কোটাত পঠিয়াব লাগে৷” অংগীকাৰৰ ধ্যান গাড়ী আৰু ৰাস্তাত আছিল৷ সৰু-সৰু টুৰিষ্ট কেব(বেছিভাগেই মাৰুতি কাৰ)বিলাকৰ বাবে যান-যঁটৰ সৃষ্টি হৈছিল৷ কিন্তু কোনো এখনে আনখনক অভাৰটেক কৰা নাছিল বৰঞ্চ এখনৰ পাছত আনখন লাহে লাহে গৈ আছিল৷ মাজে মাজে কোনোবা এখন কেব ৰৈ দিয়ে, লগে লগে ট্ৰেফিকৰ হুইছেল বাজি উঠে আৰু খুব বেছি ৫ৰ পৰা ১০ চেকেণ্ডৰ ভিতৰত মানুহ উঠা-নমা কৰি লয়৷ মেঘালয়লৈ গ’লেই এটা কথা চকুত পৰে- এখন সৰু গাড়ীতেই কেইবাজনো মানুহ উঠি যায়৷ অৱশ্যে এই কথাটোৱে সেইদিনা আমাক জোঁৱাইৰ ট্ৰেফিক জামখিনি পাৰ হওঁতে যথেষ্ট আমোদ যোগাইছিল৷ দেৱাশীষ আৰু মই প্ৰায় প্ৰতিখন গাড়ীত মানুহ কেইটা আছে হিচাপ কৰি গৈছিলোঁ৷ তেনেদৰেই আমি এখন মাৰুতি কাৰত সৰু ল’ৰা এটাক ধৰি লৈ মুঠ ৯জন মানুহ বহি যোৱা পাইছিলোঁ; আগফালে ৪জন আৰু পাছফালে ৫জন৷ সৰু বজাৰখন পাৰ হৈয়েই সোঁহাতেৰে গ’লেই জোঁৱাই-ডাউকীৰ ৰাস্তাটো পোৱা যায়৷ ৰাস্তাটো যথেষ্ট ঠেক আৰু সৰু কেঁকুৰিৰে ভৰ্তি৷ প্ৰতিটো কেঁকুৰিত গাড়ীৰ হৰ্ণ দি আগুৱাব লগা হৈছিল৷ কিন্তু স্থানীয় লোকসকলৰ বাবে সেই ৰাস্তাটো যেন নখদৰ্পণত৷ বিপৰীত ফালৰপৰা অহা গাড়ীবিলাকে হৰ্ণ নবজোৱাকৈয়ে খুব জোৰেৰে পাৰ হৈ গৈছিল সেয়েহে আমি খুব সাৱধানেৰে মন্থৰ গতিত গৈ থাকিলোঁ৷ টাউনখন পাৰ হৈ যোৱাৰ পাছতেই নদীত বৰশী বাই থকা বহুতো লোকক দেখিছিলোঁ৷ বন্ধৰ দিনত মেঘালয়ত বৰশী বোৱাৰ প্ৰতিযোগিতা প্ৰায়ে পাতে৷ দুপৰীয়াৰ আহাৰ খোৱাৰ সময় হৈছিল, ৰাস্তাৰ কাষত কিছুমান মানুহক খাই থকা দেখি আমাৰ ভোক আৰু বাঢ়িছিল৷ তিনিও কথা পাতিলোঁ যে ক্ৰাংচুৰি গৈ পোৱাৰ আগতেই ক’ৰবাত ৰৈ খাই লোৱাটোৱেই উত্তম হ’ব৷ কথা পাতি গৈ থাকোঁতেই আমি ৰাস্তাৰ কাষত সৰু ভাতৰ দোকান দুখনমান পাইছিলোঁ৷ তাতে গাড়ী ৰখাই আমি খোৱা বস্তুৰ বাবে অৰ্ডাৰ কৰিলোঁ, মাংস খোৱাৰ অলপো ইচ্ছা নাছিল সেয়েহে অমলেট, দালি-ভাত-ভাজি আৰু শুকান মাছৰ চাটনিকে খাম বুলি থিৰাং কৰিছিলোঁ৷ দোকানখন মাটিৰ টিলা কেইটামানৰ তলত আছিল৷ খোৱা বস্তু সাজু কৰে মানে আমি ৰাস্তাৰ কাষলৈ ওলাই আহিলোঁ৷ টিলাকেইটা মন কৰিলোঁ, মাটিবিলাক খান্দি খান্দি কিছুমান সুৰংগৰ সৃষ্টি কৰি ৰাখিছে৷ ওপৰলৈ উঠি গৈছিলোঁ সোমাই চাবলৈ কিন্তু কুকুৰ কেইটামান শুই আছিল আৰু আমাৰ অনাধিকাৰ প্ৰৱেশক স্বীকাৰ নকৰি ভুক্-ভুকাই উঠিল৷ সুহুৰি মাৰি বন্ধুত্ব স্থাপন কৰিব পাৰি নেকি চেষ্টা কৰি চাইছিলোঁ, কিন্তু লাভ নহ’ল৷ দেৱাশীষে ক’লে, “মাইকী কুকুৰ চাগৈ বুইছ, সুহুৰি শুনি জোকালি বুলি ভাবিছে, বাদ দে তললৈ ব’ল৷” ভাতৰ দোকানৰ মালিকে আমাক- “ৰাইচ ইজ ৰেডী”, বুলি তলৰপৰা মাত লগোৱাত নামি আহিলোঁ৷ তেখেতক সুধিছিলোঁ- সুৰংগৰ দৰে সেইবিলাক কিমান দিনৰ পুৰণি৷ আমালৈ এবাৰ কেৰাহিকৈ চাই ভেকাহিৰ সুৰত লাইমষ্টন কুৱেৰীচ বুলি কৈ চুৰট হুপাত লাগিছিল৷ ভাতৰ থালখন সৰু আছিল কিন্তু খুব যতনেৰে সজাই দিছিল; গৰম ভাত, ডাঠ দালি, পটল আৰু স্কোৱাচৰ মিহলি ভাজি এখন লগত অমলেট আৰু টুৰুমবাইৰ (শুকতি মাছ/শুকান মাছ) চাটনি৷ আমি খাই থকাৰ সময়ত অসমৰপৰা দুজন ল’ৰা এনফিল্ড এখন লৈ তাত ৰৈছিলহি৷ তেওঁলোকৰ কথোপকথন কাণত পৰিছিলহি; এজনে ফোনত কাৰোবাক কৈছিল, “নাই বুইছ, ৰাস্তাটো বৰ বেয়া, মালৰ পেগ দুটা মাৰি দিছিলোঁ কাৰণেহে বিন্দাচ আহিব পাৰিলোঁ, আকৌ ক্ৰাংচুৰিৰ পৰা ঘূৰাৰ সময়ত বিয়েৰ এটা এটা মাৰি ঘূৰি যামগৈ৷” আমি তিনিও এটাই আনটোৰ মুখলৈ চালোঁ- কি দৰ্কাৰত এই মানুহবোৰে মদ খাই বাইক চলাই ফুৰে, তাকো পাহাৰীয়া ৰাস্তাত? কিবাকৈ অঘটন হ’লে কোনে ৰিস্ক ল’ব?’ তেনেকুৱাতে আনজন ল’ৰাই দোকানীগৰাকীক সুধিলে ‘মছলী-ভাত হৌগা ক্যা?’ দোকানীগৰাকীয়ে সন্মতিসূচকভাৱে মূৰ জোকাৰি আছে বুলি কওঁতে ল’ৰাজনে আকৌ ক’লে, “মছলী কা টমাটৰ চে বনানেৱালা খাট্টা গ্ৰেভী মিলেগা?” অংগীকাৰে চৰ্চৰণি খালে সেইটো সময়তে আৰু আমাৰ দুটাৰো মুখৰপৰা হাঁহি ওলাই গ’ল৷ “হেৰৌ, মাছৰ টেঙা জোলকণ অসমতেই গৈ খাবিগে’চন।! পাহাৰৰ মাজত আহি সৰু ভাতৰ হোটেলৰ দোকানীক যদি মছলীত টমাটৰ দিয়া খাট্টা জোল বিচাৰিবলৈ যাওঁ, ক’ৰপৰানো তহঁতক উলিয়াই দিব?” এই কথাখিনি বাৰুকৈয়ে ক’বলৈ মন গৈছিল কিন্তু নক’লোঁ‌৷ আমি খোৱাৰ পইচা দি ওলাই আহিবৰ সময়ত শুনা পালোঁ দোকানীগৰাকীক ল’ৰা দুজনে ওজৰ-আপত্তি কৰি থকাৰ কথা- “ইতনা চোটা চোটা মছলী দিয়া হেই, হামলৌগোকা আচাম মেই বড়া বড়া মছলী মিলতা হেই৷”

দোকানখনৰপৰা ওলোৱাৰ পাছত আমি জাৰাইন পাইছিলোঁগৈ৷ প্ৰায় সমতল ঠাইখনৰ আৰম্ভণিতে আমাক আদৰণি জনাইছিল সেউজীয়া ধাননি পথাৰে৷ অসমৰ ধাননি পথাৰৰ লগত জাৰাইনৰ পথাৰৰ অলপ তফাৎ দেখিছিলোঁ৷ আমাৰ পথাৰবোৰ সমান হয় কিন্তু তাৰ পথাৰকেইখন খলপীয়া আছিল অৰ্থাৎ সৰু খাপ কাটি থোৱা আছিল৷ মুকলি ঠাই হোৱা বাবে তাত বতাহ জোৰেৰে বলি আছিল৷ গাড়ী ৰখাই লৈ পথাৰৰ ফটো কেইখনমান তুলিলোঁ৷ কেমেৰাৰ লেনচে ঢুকি পোৱালৈকে জুম কৰি চৌপাশটো চালোঁ; বহুদূৰৈত সৰু জুৰি এটা পাহাৰৰপৰা বৈ অহা যেন দেখা পালোঁ৷ জোঁৱাই-ডাউকী ৰাস্তাটো প্ৰায় বাংলাদেশৰ আন্ত:ৰাষ্ট্ৰীয় সীমান্তত অৱস্থিত হোৱাৰ বাবে কয়লা সৰবৰাহ কৰা বহুত ট্ৰাক আৰু ডাম্পাৰ জাৰাইনত ৰখাই থোৱা দেখা পাইছিলোঁ৷ পথাৰখন পাৰ হোৱাৰ পাছত ঠায়ে ঠায়ে কয়লা দমাই থোৱা দেখা পাইছিলোঁ৷ অলপ আগবঢ়াৰ পাছতেই আমাৰ চকুত পৰিছিল জাৰাইনৰ কলচী উদ্ভিদৰ পুখুৰীটো৷ প্ৰকাণ্ড পুখুৰী এটাৰ মাজত কলচী উদ্ভিদ এজোপা সংৰক্ষণ কৰি ৰাখিছে স্থানীয় প্ৰশাসনে৷ জাৰাইনৰ পাছতে আমলাৰেন নামৰ ঠাইখন পোৱা যায়৷ এই আমলাৰেনতেই ক্ৰাংচুৰি জলপ্ৰপাতটো অৱস্থিত৷ ক্ৰাংচুৰি জলপ্ৰপাতলৈ যাবলৈ মূখ্য ৰাস্তাৰপৰা দুটা ৰাস্তা আছে৷ ৰাস্তাৰ কাষতে চাইনবৰ্ড লগাই থোৱা আছে যাতে ভ্ৰমণকাৰীৰ বাবে কোনো অসুবিধা নহয়৷ দ্বিতীয় ৰাস্তাটো প্ৰথমটোৰপৰা প্ৰায় ৪-৫কিলোমিটাৰ আগলৈ আছে৷ প্ৰথমটো ৰাস্তা গাড়ী লৈ যাবলৈ যথেষ্ট বেয়া বুলি জানিছিলোঁ; সেইবাবে আমি দ্বিতীয়টো ৰাস্তালৈ বুলি বাট বুলিলোঁ৷ গাড়ী ৰখাই নিৰ্দিষ্ট পাৰ্কিং ফীজ দিয়াৰ পাছত আমি জলপ্ৰপাতটোলৈ যাবলৈ খোজ ল’লোঁ‌ ৷ পাহাৰৰ মাজত থকা ক্ৰাংচুৰিলৈ যাবলৈ বহুত তললৈকে খোজ কাঢ়িব লাগে৷ স্থানীয় লোকসকলে খটখটী বনাই থৈছে যদিও গছবিলাকৰ বাবে তাত ৰ’দ নপৰি খটখটীবিলাক যথেষ্ট চেচুঁকীয়া আৰু পিচল হৈ আছিল৷ জোতাৰ খোপনি পুতি আমি হয় এবাৰ দীঘল নতুবা চুটি চুটি খোজেৰে তললৈ নামি গ’লোঁ‌ ৷ ওপৰৰ পৰাই আমি ঝৰঝৰকৈ পানী পৰি থকা শব্দ শুনিবলৈ পাইছিলোঁ৷ অলপ দূৰ নমাৰ পাছতে ভ্যিউ পইণ্ট এটা পোৱা যায়, য’ৰপৰা ক্ৰাংচুৰি জলপ্ৰপাতটো ওপৰৰপৰা দেখা যায় আৰু সেই বাগৰি থকা নীলা পানীৰ নয়নাভিৰাম দৃশ্যটো হয়তো নেদেখাজনক ভাষাৰে প্ৰকাশ কৰিব পৰা নাযাব৷ প্ৰায় ২০মিনিটমান খোজ কঢ়াৰ পাছত আমি টিকেট কাউণ্টাৰ পাইছিলোঁগৈ৷ টিকেটৰ দাম মাত্ৰ ৪০ টকা; তদুপৰি পানীত সাতুঁৰিবৰ বাবে লাইফ জেকেট ভাড়াত পোৱা যায় মাত্ৰ ১০০ টকাৰ বিনিময়ত৷ কিন্তু ভাগৰুৱা হৈ থকাৰ বাবে লগতে সাঁ‌তো‌ৰৰ নুন্যতম জ্ঞানকণো নোহোৱাৰ বাবে আমি সেই পৰিকল্পনা বাদ দিলোঁ৷ টিকেট কাটি হোৱাৰ সময়তে আমি ভাত খোৱাৰ সময়ত লগ পোৱা ল’ৰা দুজনক দেখা পালোঁ৷ এজনে হাতত আংকল চিপচৰ পেকেট এটা লৈ টিকেট কাটিবলৈ আহিছিল আৰু আনজনে সৰু দোকানখনত সুধিছিল, “কেপি আছে নেকি?” দোকানীজনে – হুৱাট কেপি? বুলি কোৱাত আমাৰ ওস্তাদে বিতংভাৱে বুজাই কৈছিল, “কমলা পছন্দ।” যি কি নহওক, আমি তেওঁলোকৰ কথালৈ কাণ নকৰি ভিতৰলৈ সোমাই গ’লোঁ‌৷ ক্ৰাংচুৰি জলপ্ৰপাতটো মেঘালয়ৰ মানুহৰ বাহিৰে আন ঠাইৰ মানুহৰ মাজত আজি কেইবছৰমানৰ পৰাহে চৰ্চালৈ আহিছে৷ জলপ্ৰপাতটোৰ পানীখিনি যিখিনি ঠাইত পৰিছে সেই ঠাইখিনি এটা ঈষৎ নীলা পানীৰ প্ৰাকৃতিক চৌবাচ্চালৈ ৰূপান্তৰিত হৈছে৷ ৰ’দৰ পোহৰে কেতিয়াবা জলপ্ৰপাতৰ পানীত ৰামধেনুৰ সৃষ্টি কৰে ৷ স্ফটিক যেন পানীখিনিলৈ চাওঁতে নিজৰ প্ৰতিবিম্ব দেখা পালোঁ৷ ঝৰঝৰকৈ পৰি থকা পানীখিনিৰপৰা বতাহে চিটিকণি চিটিকণি কিছুমান উৰুৱাই আনিছিল৷ বাগৰি অহা পানীখিনিৰপৰা এটি সৰু শব্দ শুনা পাইছিলোঁ, শিলৰ ওপৰেৰে বাগৰি যোৱা কুলু কুলু শব্দটো৷ ইয়াহু! বুলি মৰা চিঞৰ এটা শুনা পাইছিলোঁ, ল’ৰাকেইজনমানে পানীৰ মাজত নিজৰ মাজতে ধেমালি কৰি আছিল; তাহাঁতক দেখি নিজৰ পঢ়ি থকা দিনবোৰলৈ চাট্কৈ মনত পৰিছিল৷ আমিও এনেদৰেই উৎপাত কৰিছিলোঁ সুযোগ পালেই লগৰীয়াৰ লগত৷ বহুতো মানুহক লাইফজেকেট পিন্ধি পানীত নমা দেখা পালোঁ৷ জলপ্ৰপাতটোৰ একেবাৰে কাষলৈ গৈ ওপৰলৈ চালোঁ; বুজি পালোঁ- ওপৰলৈ উঠাৰ সময়ত আমাৰ অৱস্থা কাহিল হ’ব৷ ক্ৰাংচুৰি বা তাৰ ওচৰে-পাজৰে ৰাতি থাকিবলৈ হোটেল অথবা গেষ্ট হাউচ নথকাৰ বাবে জলপ্ৰপাতটোৰ কাষতে কেম্পিং কৰিবলৈ সুবিধা কৰি ৰাখিছে যাতে তাত থকা মানুহে ক্ৰাংচুৰিৰ নিশাৰ সোৱাদ উপভোগ কৰিব পাৰে৷ তদুপৰি খোৱা-বোৱাৰ সুবিধাৰ বাবে তাত সৰু ৰেষ্টুৰেণ্ট এখনো আছে৷ যথেষ্টখিনি সময় কটোৱাৰ পাছত আমি গাড়ীলৈ ঘূৰি আহিবলৈ খোজ দিলোঁ; পাহাৰৰ ওপৰলৈ অৰ্থাৎ মাধ্যাকৰ্ষণ শক্তিৰ বিপৰীতে৷ ৰুটিন অফিচৰ কাম কৰি কৰি স্বাস্থ্যটো ব্ৰইলাৰ টাইপত ফোপোলা হৈছে বুলি বহুত দিনৰ পৰা অনুমান কৰিয়েই আছিলোঁ; পাহাৰৰ ওপৰলৈ খোজ লওঁতে তাৰ সত্যতা প্ৰমাণ হৈ গ’ল৷ অংগীকাৰৰ দীঘল খোজ, আমাক মাত্ৰ ক’লে, “পাহাৰৰ ওপৰলৈ খোজ কাঢ়োঁ‌তে মাত্ৰ সন্মুখৰ খোজটো ক’ত দিবি সেইটো চাই উঠি যাবি। ওপৰলৈ যিমানেই চাবি সিমানেই মানসিকভাৱে দুৰ্বল হ’বি; তাৰপাছত মুখত ৰূমাল এখন গুজি লৈ জপং জপংকৈ সি গৈ থাকিল৷ তাৰ উপদেশমতে আমি দুটাই সন্মুখলৈ চাই উঠি গৈ থাকিলোঁ৷ বহুখিনি উঠাৰ পাছত পানী খাবলৈ অলপ ৰ’লোঁ‌, অংগীকাৰে আমাক ক’লে, “তহঁতক চেৰাপুঞ্জীৰ ডাবল ডেক্কাৰ ৰূট ব্ৰিজ লৈ যাম ৰহ। ইয়াত ইমানখিনি ঠাইতে ভাগৰিলি তাত প্ৰায় ৩০০০তকৈ বেছি চিৰি আছে’৷ পুনৰ ওপৰলৈ খোজ কাঢ়িবলৈ লওঁতেই ল’ৰা-ছোৱালীৰ যোৰা দুটাক পাৰ হ’লোঁ‌।৷ এজনীয়ে ল’ৰা এজনৰ কান্ধত হাত থৈ কৈছিল, ‘ৱাওও! চোৱানা কি ধুনীয়া প্লেচ, আই কানট বিলিভ মাই আইজ৷’ দেৱাশীষে ভোৰভোৰাই কোৱা শুনা পালোঁ, ৱওপৰলৈ উঠি আহোঁতে চব ধুনীয়া আৰু প্ৰেম বাহিৰ হ’ব ৰহ তহঁতৰ৷’

ওপৰ পোৱাৰ পাছত গাড়ীখনৰ ওচৰতে থকা বেঞ্চ এখনত বহি পৰিলোঁ আটাইকেইটা৷ ভাগৰ বাৰুকৈয়ে লাগিছিল খোজ কঢ়াৰ ফলত৷ স্থানীয় বয়সিয়াল মানুহ এজনে আমাৰ সন্মুখত বহি নিজৰ মোনাটোত কিবা খুচৰি আছিল৷ লাহেকৈ তেওঁ মোনাৰপৰা ধপাতৰ টেমা এটা আৰু বাঁহৰপৰা বনোৱা চুঙা এটা উলিয়াই ল’লে৷ ধপাতখিনি চুঙাটোৰ আগফালেৰে ঠাহি ঠাহি সোমোৱাৰ পাছত পকেটৰপৰা জুইশলা বাকচ এটা উলিয়াই কাঠিৰে সেইটো জ্বলালে, কপাল বেয়া আছিল ধপাতখিনি ভালকৈ নজ্বলিল৷ বাঁহৰ চুঙাটো ওঁঠৰ এটা কোণত ৰাখি আমাৰফালে চাই হাতখন জোকাৰি জুইশলা আছে নেকি বুলি ইংগিতেৰে সুধিলে৷ নাইবুলি কওঁতেই ল’ৰা এজন আহি তেখেতক সংগ দিলেহি আৰু লগতে পকেটত থকা জুইশলাৰে বাঁহৰ প্ৰকাণ্ড ধোঁৱা খোৱা সজুঁলিটোৰ ভিতৰৰ ধপাতখিনি জ্বলাই হোপা মাৰি নাকে-মুখেৰে সমানেই ধোঁৱা এৰি দিলে৷ আমাৰ বাবে আচৰিত হোৱাৰ কথা এইকাৰণেই আছিল যে স্থানীয় লোকসকলে এনেকৈ ধপাত খোৱাৰ পাছতো পাহাৰবোৰত কেনেকৈ খোজ কাঢ়ি ফুৰিব পাৰে?

গুৱাহাটীলৈ বুলি আমাৰ ওভতনি যাত্ৰা আৰম্ভ কৰিলোঁ অহা বাটেৰেই৷ সময় প্ৰায় ৪:৩০মান বাজিছিল৷ আমি হিচাপ কৰি চাইছিলোঁ গুৱাহাটী প্ৰায় ৯:৩০ মান বজাত। পাই যামগৈ বুলি৷ শৰীৰ ভাগৰুৱা যেন লাগিছিল কিন্তু মনবিলাক তজবজীয়া হৈয়ে আছিল৷ অংগীকাৰে হঠাতে সুধিলে, “আচ্চা, ক’চোন তহঁতে খাচী ভাষাৰ কেইটা শব্দ জান’?’ দেৱাশীষে ক’লে মই অকল ‘কুৱাই’ মানে তামোল বুলি জানো, তাৰ বাহিৰে একো নাজানো৷ মই আৰু অংগীকাৰে হিচাপ কৰি চালোঁ, আমি কুৱাইৰ বাহিৰে আৰু চাৰিটা শব্দ জানোঁ, ‘কঙ মানে বাইদেউ, বা: মানে দাদা, খুবলেই মানে নমস্কাৰ আৰু উম মানে পানী৷’ অংগীকাৰৰ কিবা এটা মনত পৰাত ক’লে ‘আৰু এটা শব্দ কেইদিনমানৰ আগত শ্বিলঙত অনা-খাচী মানুহৰ স্থানীয় মানুহৰ কাজিয়া হওঁতে খুব শুনিছিলোঁ, দাখাৰ৷’ মোৰ মনত পৰিল বাতৰি কাকতত দাখাৰ শব্দটো পোৱাৰ কথা৷ মেঘালয়ৰ বাহিৰৰ মানুহক স্থানীয়সকলে ঘৃণাসূচকভাৱে চালে দাখাৰ বুলি কয়৷ আমাৰ ভাষাজ্ঞানৰ প্ৰতি দেৱাশীষে বৰ এটা কাণসাৰ দিয়া নাছিল, সেয়েহে চাগৈ সি কৈছিল, “সেইবোৰ বাদ দেচোন, মই বেলেগ এটা কথা মন কৰি আছোঁ অথনিৰেপৰা। ইয়াৰ মানুহবোৰে কিন্তু নিজে গা নুধুব পাৰে কিন্তু নিজৰ গাড়ীকেইখন যেতিয়াই য’তে পানী পায়, তাতেই ৰখাই লৈ খচি খচি ধুই চিকচিকিয়া কৰি ৰাখে৷’ কথাটো হয়; ইমানদিনে বহুবাৰ মেঘালয়লৈ অহাৰ পাছতো সদায় দেখি থকা কামটো আজিহে যেন দেৱাশীষৰ কথাত ভালকৈ মন কৰিলোঁ৷ মানুহবোৰৰ নিজৰ শৰীৰ অথবা কাপোৰ যিমান লেতেৰা নহ’লেও গাড়ীকেইখন কিন্তু ভালকৈয়ে চাফা কৰি ৰাখে৷ কথাখিনি কৈ দেৱাশীষে গাড়ীৰ ভিতৰত উৰি থকা মাখি এটা বাতৰি কাকত এখনেৰে মাৰিবলৈ চেষ্টা কৰিছিল৷ হঠাৎ সি বাতৰি কাকত মেলি ধৰি ক’লে, “ল’ৰাহঁত বেয়া কথা এটা হ’ল নহয়, এই নিউজ পেপাৰখন ৰাতিপুৱা আমি ব্ৰেকফাষ্ট কৰা হালাৰি অৰ্কিডৰপৰা ভুলতে হাতত গুচি আহিল, ঘূৰি যাওঁতে যেনেকৈ হ’লেও সোমাই দি যাম দে৷’
মেঘালয়লৈ মই যিমান বাৰেই ফুৰিবলৈ গৈছোঁ প্ৰত্যেকবাৰেই ৰামধেনু দেখিছোঁ আৰু হঠাৎ চানি ধৰা কুঁৱলীৰ বগা চাদৰৰ মুখামুখি হৈছোঁ৷ এইবাৰৰ যাত্ৰাটোত সেই সময়লৈকো আমি দুইটাৰ এটাৰো মুখামুখি হোৱা নাছিলোঁ৷ কিন্তু সেই ভাগ্য আমাৰপৰা বেছি দূৰৈত নাছিল৷ মেঘালয়ৰ বতৰটো বহুক্ষেত্ৰত অকল্পনীয়; জোঁৱাই বাইপাছেৰে আহি থকা সময়ত বেলি লহিয়াব হৈছিল, তেনেকুৱাতে খুউব জোৰেৰে বৰষুণৰ টোপাল কিছুমান পৰিল মাত্ৰ দুইমিনিটমানৰ বাবে৷ তাৰ অলপ পাছতেই দেৱাশীষে আকাশলৈ আঙুলিয়ালে ‘সৌৱা চা ৰামধেনু৷’ কিন্তু সেইয়া ৰামধেনু নাছিল, সেইয়া আছিল অৰোৰা৷ আকাশখনৰ বুকুত সূৰ্যৰ সাতোটা ৰঙৰ ৰশ্মিয়ে পোহৰৰ ঢৌৰ সৃষ্টি কৰি বাগৰি ফুৰিছিল৷ সেই দৃশ্যটো মন জুৰাই চাবলৈ আমি গাড়ী ৰখালোঁ।কিন্তু বেছি সময়ৰ সাক্ষী হ’ব নোৱাৰিলোঁ৷ ক্ষন্তেক সময়ৰ পাছতে অৰোৰা নাইকিয়া হৈছিল আৰু অঞ্চলটোলৈ আন্ধাৰ নামি আহিছিল৷ ৰাতি হ’লেই বাইপাছটোত ট্ৰাকবিলাকৰ চলাচল বাঢ়ি আহে৷ আমিও বহুত লাহে লাহে আহিবলগা হৈছিল৷ পাহাৰ আৰু ভৈয়ামৰ তাপমানৰ তাৰতম্য ঘটাৰ বাবে কুঁৱলীবিলাক মাজে মাজে তললৈ নামি আহিছিল আৰু আমাৰো কুঁৱলীৰ বগা চাদৰৰ লগত মুখামুখি হোৱাৰ মনোবাঞ্ছা পূৰণ হৈছিল৷ অৱশেষত আমি হালাৰি অৰ্কিড ৰিজৰ্টখন পাইছিলোঁহি৷ ৰাতিপুৱা আমাক লগ পোৱা তেওঁলোকৰ মনত আছিল সেয়েহে দেখাৰ লগে লগে যথেষ্ট উচ্ছাসিত মাতেৰে আমাক আকৌ আদৰণি জনালে৷ মেনেজাৰৰ হাতত বাতৰি কাকতখন ঘূৰাই দি ক’লো যে ভুলবশত: আমি কাকতখন লৈ গৈছিলোঁ আৰু সেইখন ঘূৰাই দিবলৈকে আমি পুনৰ সোমালোঁ৷ দুই চেকেণ্ডমান তবধ মানি তেওঁলোকে আমালৈ চাই থাকিল, তাৰপাছত পূৰ্বতকৈ দুগুণ উছাহেৰে আমাৰ লগত কৰমৰ্দন কৰি ধন্যবাদ জনাই ক’লে, “বাতৰি কাকতখন ডাঙৰ কথা নহয়, কিন্তু আপোনালোকে আমাক আজি আমাৰ গ্ৰাহকৰ প্ৰতি থকা শ্ৰদ্ধাক সন্মান জনাইছে তাৰ বাবে আপোনালোকক আমি বহুত ধন্যবাদ জনাইছোঁ৷” আমাক তেওঁলোকে কফি আৰু পকোৰা আনি দিছিল, পইচা ল’বলৈ বিচৰা নাছিল কিন্তু আমি জোৰ-জবৰদস্তি কৰাত খোৱাবস্তুৰ ৫০% দাম ৰাখি বাকীখিনি ঘূৰাই দিলে৷ তাৰপৰা বিদায় লৈ গুৱাহাটীলৈ শেষৰ ছোৱা যাত্ৰা আৰম্ভ কৰিলোঁ৷

এটি সুন্দৰ দিন পাৰ কৰাৰ পাছত ম’বাইলৰ নেটৱৰ্ক খুলিলোঁ৷ টুং-টাংকৈ মেচেজ, মেইলবিলাক আহিছিল৷ কিন্তু সেইয়া চাবলৈ যেন মন নাছিল আমাৰ৷ মনবিলাক টেকন’লজিকেল সুখবোৰৰপৰা আঁতৰি প্ৰকৃতিৰ কোলাত ভাহি আছিল৷ অনুভূতিবোৰ দৃঢ় আৰু অধিক গাঢ় হৈ পৰিছিল৷ খোলা খিৰিকীখনেৰে মূৰটো বাহিৰলৈ অলপ উলিয়াই দিছিলোঁ, বতাহবোৰ চেচাঁ আছিল। জয়ন্তীয়া পাহাৰৰ বুকুত কটোৱা এটা সম্পূৰ্ণ দিনৰ অভিজ্ঞতাই জীৱনৰ বাটত যে আমাক যথেষ্ট সঞ্জীৱনীৰ যোগান ধৰিছ

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments