জয়ন্ত চলিহাৰ সংসাৰ : প্ৰতিভূ দত্ত

জয়ন্ত চলিহাৰ সংসাৰ

প্ৰতিভূ দত্ত

(১)

(জয়ন্ত চলিহা এজন চাকৰিয়াল ৷ গুৱাহাটীতে থাকে ৷ বিবাহিত ৷ তেওঁ মাজে মাজে, সুবিধা পালে মোৰ লগত বহি আড্ডা মাৰে ৷ মোক কয়, ‘‘হেৰা লিখিবা হে !’’
এইয়া চলিহাৰে কাহিনী, চলিহাৰ মুখেৰে )

এদিন সন্ধিয়া, ভাগৰুৱা শৰীৰ এটা লৈ অফিছৰ পৰা আহি ঘৰ সোমাইছো ৷
‘‘আহিলা ?’’
‘‘ওঁ’’

অকনমান সময় নিৰলে বহি চিন্তা কৰি ল’লো, ‘‘চাল্লা এনেকুৱা চাকৰি আৰু নকৰো ৷ নিকিনা গোলাম পাইছে ? কুত্তা চালা বছ দেখুৱাব আহিছে ? মোক তাৰ শহুৰেকৰ ঘৰৰ গোলাম পাইছে ?’’

‘‘আফিছতো বহি থাকিবা, ঘৰতো আহি বহি থাকিবা ! তুমি যাবা নে নোযোৱা কোৱা ? নহ’লে মই অকলেই যাওঁ ৷’’
চিন্তা কৰিলো ক’লৈ বা যোৱাৰ কথা আছিল ৷ মাহ শেষ হ’বৰ হৈছে ৷ গতিকে Shopping কৰিবলৈ যাম বুলি কোৱা যে নাই সেই কথাটোত মই নিশ্চিত ৷ কিন্তু তেনেহ’লে ক’লৈ বা যোৱাৰ কথা আছিল জানো ? একো মনত পৰা নাই ৷ বুজিলো কানত তুলা ভৰাব লাগিব ৷
‘‘হেৰা ক’লৈ যোৱাৰ কথা আছিল ?’’
‘‘মই জানোৱে ! তুমি এনেকুৱাই কৰিবা ! কিমান দিনৰ পৰা কৈ আছো ৷ মই তাই কি কৈছিল বাদ দিয়া হে ফোনো কৰিছে, তোমাকেই কৰিছে ৷ আৰু তুমি ………….’’
মনতে ভাবিলো কৈ দিওঁ নেকি, ‘মই কি কৰিলো নো ? আৰে ভাই পাহৰি গ’লো আৰু ৷ বুঢ়া হৈছো ৷ কি কৰিম এতিয়া ?’’ নক’লো তেনেকৈ ৷ হিচাব কৰি পালো আৰু অকনমান সময় মনে মনে ৰৈ থাকিলে তেওঁৰ মুখেৰেই গম পাম কথাটো নো কি ৷

ছোফাখনৰ পৰা উঠি শোৱণি কোঠাৰ ফালে গ’লো ৷ ক’ৰবালৈ যে যাব লাগিব সেই কথাটো গম পাইছো ৷ গা-পা ধুই লোৱাই ভাল হ’ব বুলি ভাবিলো ৷
‘‘হেৰা গা ধুই লওঁ ৰ’বা ৷ দহ মিনিট লাগিব ৷’’
‘‘মোৰ বাইদেউৰ মেৰেজ এনিভাৰছেৰী পাহৰি যাবা আৰু ফেছবুকত পাতি লোৱা বাইদেউৰ বাৰ্থডে নাপাহৰা ৷ আজি কৈ দিম মামুবাক তুমি কেনেকুৱা ৷’’
‘কি কেনেকুৱা মই ? কেনেকুৱা হে ? আৰু ফেছবুকত বাৰ্থডে কোনোবাই মনত ৰাখে নেকি ? নটিফিকেচন আহে, মনত নাৰাখো ৷ তোমাৰ মামু বায়েৰা হৈছে বেকৱাৰ্ড ৷ Designer Saree পিন্ধিলে কি হ’ব আজিলৈকে এটা ফেছবুক একাউন্টেই নাই ৷’ মনতেহে ভাবিলো ৷

গা ধুই আহি দৌৰা-দৌৰি কৈ পেন্ট ছাৰ্ট পিন্ধি ল’লো ৷ মনতে ভাবিলো অলপ খৰ-খেদা কৰি দিলে মনটো ভাল হ’ব ছাগৈ ৷ এওঁকো অলপ দৌৰা-দৌৰি কৰা দেখিলো ৷
‘‘হেৰা তোমাৰ নহ’ব বুজিছা ?’’
মনতে ভাবিলো এইবাৰ বা কি কৰিলো ?
‘‘এইখন কি ? কি এইখন ?’’
ভালকৈ চাই দেখিলো সেইখন টাৱেল ৷ গতিকে ভাবি চিন্তি উত্তৰ দিলো, ‘‘বম্বে ডায়িঙৰ টাৱেল ৷’’
‘‘এই তিতি থকা টাৱেলখন বিচনাত কিয় ৰাখিলা ?’’
‘‘অহ্ ছৰী ! ভুল হৈ গ’ল ৷’’
‘‘তুমি নিজে একো এটা কাম নক’ৰা ৷ মই ঘৰটো এফালৰ পৰা চিজিল কৰিম আৰু তুমি এফালৰ পৰা লেতেৰা কৰিবা ৷ নোৱাৰো আৰু মই ৷ যাম গৈ মাৰ ঘৰ ৷’’
টাৱেলখন লৈ শ্ৰীমতী পাছফালৰ বাৰান্ডাৰ ফাললৈ গ’ল ৷
ইতিমধ্যে মই মামুবাৰ ঘৰলৈ যাবলৈ সাজু হ’লো ৷ মাত দিলো, ‘‘ব’লা ৷’’

মুখেৰে একো মাত নিদিয়াকৈ গাড়ীত বহিল ৷ চিন্তা কৰিলো ৰুক্মিনিগাওঁৰ পৰা চান্দমাৰীলৈ প্ৰায় ৭/৮ কিলমিটাৰমান বাট ৷ গাড়ী যদি ১৪০ কিলমিটাৰ/ঘন্টামানত চলাই দিব পালো তেনেহ’লে ছাগৈ এওঁ মুখ মেলাৰ আগতেই পায় যাম মামুবাৰ ঘৰ ৷ পাছে জি.এছ. ৰোডত গাড়ী উঠাৰ লগে লগে আকৌ আৰম্ভ হ’ল, ‘‘নোৱাৰিছো আৰু তোমাক লৈ ৷ কোৱাচোন টাৱেলখন কিয় বিচনাত থৈছিলা ?’’
‘‘ভুল হৈছিল ৷ আজিৰ পৰা নকৰো তেনেকুৱা ৷ গড প্ৰমিজ !’’
‘‘সদায়ে তেনেকৈ কোৱা ৷’’

মই গাড়ী পেন্টালুনছৰ সন্মুখত ৰখালো ৷
‘‘নোৱাৰা ছিগাৰেট খাব ৷ মামুবাৰ ঘৰলৈ যাম ৷’’
‘‘নহয় মানে ভাবিছিলো মামুবাই ডিজাইনাৰ ড্ৰেছ পিন্ধি ভাল পায়, গতিকে পেন্টালু….’’
‘‘অ ব’লা তেনেহ’লে ৷’’
এওঁ বায়েকৰ কাৰনে ময়ুৰপক্ষীৰ পাখিৰ দৰে ৰঙ-বিৰঙৰ কাপোৰ এজোৰ পচন্ড কৰিলে ৷ তাৰ পাছত তেওঁ বেলেগ কাপোৰ দুজোৰমান বৰ লিৰিকি-বিদাৰি থকা দেখিলো ৷ মই মনতে ভাবিলো তিতা টাৱেল শুকুৱাবলৈ সুযোগ এটা পালো ৷
‘‘হেৰা সেই সেউজীয়া ড্ৰেছজোৰ ভাল লাগিছে ৷ লৈ লোৱা ৷’’
‘‘নালাগে মোক ’’ বুলি কৈয়ে ওচৰতে ৰৈ থকা ছেলছ গাৰ্ল গৰাকীক সুধিলে, ‘‘কিমান অ’ফ আছে ?’’

মই কেছ কাউন্টৰাট বিল দিলো, এওঁ হাঁহি মুখে পেকেটকেইটা ল’লে ৷ পেন্টালুনছৰ পৰা গাড়ীলৈকে হাঁহি মুখেই আহিলে ৷ মামুবাৰ ঘৰৰ পাৰ্টীৰ মেনু কি, তেজপুৰ পৰা কোন কোন আহিব আদিৰ খবৰ দিলে ৷
মোৰ মুখতো হাঁহি বিৰিঙিল, হওঁক তেওঁ টকা অলপ খৰছ হ’ল যদিও টাৱেল শুকালে ৷

বৰকৈ মন গৈছিল যদিও ছিগাৰেটটো নজ্বলালো, আজি শ্ৰীমতীকে সন্তুষ্ট কৰি ৰাখোচোন বাৰু ৷

গাড়ীত উঠি এওঁ প্ৰিয় এলবামটোৰ গান বজাই দিলো ৷

মোৰ ফালে চাই শ্ৰীমতীয়ে কৈ উঠিল, ‘‘তোমালোক তেনেকুৱাই ! কোৱাচোন তিতা টাৱেলখন কিয় বিচনাত থৈছিলা ?’’

মোৰ গাড়ীৰ স্পীড’মিটাৰৰ কাটা আৰু মোৰ মস্তিস্কৰ পাৰা দুয়ো উৰ্ধগামী হ’বলৈ ধৰিলে ৷

====================

(২)

মোৰ কাৰনে মাহৰ প্ৰতিটো দিনেই মাহৰ শেষ যেন হৈ থাকে ৷
ষষ্ঠ বেতন আয়োগৰ মতেই বেতন পাওঁ, তথাপিও দেখোন নোজোৰে গৈ ৷

ঘৰৰ বজাৰ সমাৰ, হোটেলত খোৱা, ফুৰা-চকা আদিৰ লগতে গাড়ীৰ ল’ন, ফ্লেটৰ ল’ন, জীবন বীমা,
বেংকত জমা, পোষ্ট অফিছত জমা এইবোৰতো টকা খৰছ কৰিব লাগে ৷ মাজে মাজে ভাব হয় বিজনেছ কৰা হ’লেই ভাল আছিল ৷
অফিছৰ পৰা আহি ঘৰ সোমাইছো ৷

‘‘আহিলা ?’’
‘‘ওঁ’’
‘‘বজাৰলৈ যাব লাগিছিল ৷’’
‘‘হেৰা গোটেই মাহৰ বজাৰ কৰি থৈছো দেখোন ! আৰু কি বাকী থাকিল নো ? নেকি কাপোৰৰ বজাৰ ?’’
‘‘তোমাৰ খালি ঠাট্টা ! মইহে যেন কাপোৰ কিনো ! মামুবাৰে ভাল ৷ ভিনদেৱে সপ্তাহে সপ্তাহে এজোৰকৈ কাপোৰ দিয়ে ৷ আৰু মই দুমাহত এজোৰ কাপোৰ কিনিলেও ইমান কথা শুনিব লাগে ৷ নালেগে মোক একো ৷ যাম গৈ মই মাৰ ঘৰলৈ ……..৷’’
আৰম্ভ হৈ গ’ল শ্ৰীমতীৰ কান্দোন ৷
মই ধৰিব পৰা নাই কেতিয়ানো মই কি কথা ক’লো যাৰ বাবে এওঁ কান্দিব লগা হ’ল ৷
‘‘হেৰা শুনাচোন ৷ কি নো কথাই কথাই কান্দি থাকা হে ? আৰু ভিনিৰ কথা বেলেগ ৷ তেওঁৰ দৰে যদি মোৰো ব্যৱসায় থাকিল হয় সপ্তাহে সপ্তাহে কিয় মই তোমাক দৈনিক এজোৰ এজোৰ কাপোৰ দিলো হয় ৷ কিন্তু মই নামতহে হ’লো ভাৰত চৰকাৰৰ অফিছাৰ কামত এজন সাধাৰন মুলাজিম ৷’’
কথাষাৰ কৈ মই শেষ কৰিব পালো কি নাপালো এওঁ আগতকৈয়ো জোৰে জোৰে কান্দিবলৈ ধৰিলে, ‘‘ অ অ তুমি সদায় মোৰ ভিনদেউক বেয়া বুলি কৈ থাকা ৷ তেওঁ তোমাৰ খাইছে নেকি কিবা ? ভিনদেউৰ টকা আছে কাৰনে সকলোৱে হিংসা কৰে মানুহটোক ৷ কৈ দিছো ভিনদেউৰ কথা বেয়া কৈ নক’বা ৷’’
‘‘হ’ব বাৰু দিয়া আজিৰ পৰা মনত ৰাখিব ৷ কি বজাৰ কৰা কৰিবা ৷ যোৱা ৰেডী হৈ আহা গৈ ৷’’
‘‘শুনা কাপোৰৰ বজাৰ নাই দিয়া, পাকঘৰৰ বজাৰহে অকনমান আছে ৷’’

হাহিমেই নে কান্দিমেই ধৰিব পৰা নাই ৷ ‘যদি আটা-মৈদাৰ বজাৰেই আছিল ইমানখন কন্দা-কটা কৰিলা কিয় ?’, ভাবিলোহে মনতে দেই ৷
মুখ ফুটাই ক’লো, ‘‘অ অ ময়ো ভাবিয়ে আছিলো ৷ লিষ্টখন লৈছা নে লিখি ?’’
‘‘লৈছো লৈছো ৷’’
‘‘শুনা তাতে আৰু দুটামান লিখি লোৱাচোন ৷ কেলগছৰ কৰ্নফ্লেকছ্, আছাৰ, পাপৰ, তোমাৰ নতুন টুথব্ৰাছ আৰু…. ৷ ব’লা মেধিৰ তাত বহি বহি মনত পেলাম ৷’’
‘‘মেধি ? মেধিৰ তালৈ কিয় যাম আকৌ ?’’
‘‘আৰে পাকঘৰৰ বজাৰ মেধিৰ তাত নক’ৰি ক’ত কৰিবা ? আজি অতবছৰে দেখোন তাতেই বজাৰ কৰো !’’
‘‘তোমাৰ খালি মেধি মেধি মেধি !! অকনমানো মডাৰ্ন নহ’লা ! নকৰো মেধিৰ তাত বজাৰ ৷’’
মই মনে মনে ৰ’লো ৷ মেধিৰ দোকানত মোৰ খাটা চলে ৷ খাটা চলে মানে মেধিৰ কাৰনেই মোৰ ঘৰ চলি আছে ৷ মই মেধি মেধি নকৰি কি কৰিম ?
‘‘মেধিৰ তাত নক’ৰা যদি ক’ত কৰিবা ?’’
‘‘দেখা নাই ওলায়ে পেন্টালুনছখন ? তাত কৰিম ?’’
মোৰ সন্দেহ হ’ল এওঁ পাঙিছে কি ? পেন্টালুনছ আৰু পাকঘৰৰ বজাৰ ? তাত কাপোৰ পায় বুলিহে জানো মই ৷ মুখৰ পৰা ওলাই গ’ল, ‘‘তাত পাকঘৰৰ বজাৰ কৰিব পাৰি নেকি ?’’
‘‘তুমি বুজিছা সেইযে পানীকৰা গাওঁৰ গাৱলীয়া হৈয়ে থাকিবা ৷ আমাৰ মামুবাহঁতে সদায়ে তাত বজাৰ কৰে ৷ গ্ৰীণ কাৰ্ডো আছে ৷’’
‘‘হেৰা এই গ্ৰীণ কাৰ্ডনো কি বস্তু ? আমেৰিকাত বহুত বছৰ থাকিলে পায় হেনো !’’
‘‘আমাৰ মামুবাই আমেৰিকা নোযোৱাকৈয়ে পেন্টালুনছতে পালে গ্ৰীণ কাৰ্ড ৷’’

পালো গৈ দুয়ো পেন্টালুনছ ৷ মই গাড়ীৰ পৰা নামতো দুহাতে দুটা বজাৰ কৰা মোনা লৈ নামিলো ৷ এওঁ জেক জেকাই উঠিল, ‘‘এই বজাৰ কৰা মোনা দুটা আকৌ কিয় লৈছা ?’’
ক’ব খুজিছিলো, ‘বজাৰ কৰিবলৈ আহিছো সেয়ে আনিছো’ পাছে ক’লো, ‘‘নাই নাই ক’ত আনিছো ? মই এইকেইটা গাড়ীৰ আগৰ পৰা পাছলৈ নিব থ’ব খুজিছো ৷’’

বজাৰ কৰিলো পেন্টালুনছত ৷ বজাৰ কৰিলো মানে বাছিল, এভকেড’, অৰিগেন’, মই নাম নজনা বটলৰ ভিতৰত থকা দুবিধমান ৰস ৷ ইমানেই বজাৰ ৷ মনতে ভাবিলো, ‘ভাল সাৰিলো ৷’

নামি আহি থাকোতে এওঁ এপাকত ক’লে, ‘‘ব’লাচোন তোমাৰ কাৰনে পেন্ট এটা লওঁ ৷’’
মই সুধিম বুলিও নুসুধিলো, ‘‘পেন্ট এটা লওঁ বুলি যে কৈছা বিল কোনে দিব ? তুমি নে মই ?’’

সোমালো মোৰ পেন্ট চাবলৈ ৷ শ্ৰীমতীয়েই পচন্ড কৰি দিলে এটা পেন্ট ৷
‘‘তোমাক এই কৰ্ডৰ পেন্টত ভাল দেখিব ৷’’
‘‘অ অ বেছ ভাল লাগিছে ৷ থেংক ইয়ু দেই ৷’’
‘‘মেনচন নট ৷ ৰ’বাচোন মই কিবা এটা চাই লওঁ ৷’’
মনতে ভাবিলো, ‘এইটোৱে বাকী আছিল ৷’
এফালৰ পৰা চাই গৈছে ৷ কি চাইছে , কি মিলাইছে মই নালাগে ওচৰতে ভগৱান থকা হ’লেও ছাগৈ বুজি নাপালে হয় ৷
এপাকত মই গৈ ক’লো, ‘‘তুমি আৰামত চাই লোৱা, মই বিল কাউন্টাৰৰ ওচৰতে ৰৈ আছো ৷ আৰু শুনা কিবা দৰকাৰ হ’লে মিছকল এটা দি দিবা ৷’’
‘‘হ’ব হ’ব, মোক মাত্ৰ ফিফটিন মিনিটছ লাগিব ৷’’

কেইবাটাও ‘ফিফটিন মিনিটছ’ পাছত এদম কাপোৰ লৈ এওঁ ওলাল গৈ বিল কাউন্টাৰ ৷ আহোতে মুখখন ফুলাই আহিছে ৷ মই মনতে অকনমান শান্তি পালো, অকনমান আশাৰ বেঙণি দেখিলো, ‘মুখ ফুলি অহাৰ মানে এনেকুৱাও হ’ব পাৰে যে তেওঁ আহি ক’ব – চোৱা ইমানবোৰ কাপোৰ চালো এজোৰো পচন্ড নহ’ল ৷ ব’লা যাওঁ ’ ৷তেওঁ পাছে ক’লে, ‘‘মই দুজোৰমান কাপোৰ লৈছো মানে ল’ব খুজিছো ৷ যদি প্ৰব্লেম হয় তেনেহ’লে ….’’
‘‘ধেই তুমি কি প্ৰব্লেমৰ কথা কৈছা ৷ একো নাই লোৱা না !’’

বিল তৈয়াৰ কৰা ছোৱালীজনীয়ে মোক ক’লে, ‘‘চাৰ আপোনাৰ বিল ৫০০০ৰ ওপৰত হৈছে ৷ গতিকে আপুনি এটা অফাৰ পাইছে ৷ মাথো ১৯৯ টকা দিলেই আপুনি পাব এটা ২৩ পিছ্ ডিনাৰ ছেট ৷’’
এওঁৰ ফালে নোচোৱাকৈয়ে মি ক’লো, ‘‘হ’ব দি দিয়া ৷’’
এওঁ মাত দিলে, ‘‘নালাগে নালাগে দেই ৷ এনেয়ে ১৯৯ টকা খৰছ কৰিব নালাগে ৷ আৰু ঘৰত দুটা নে তিনিটা ছেট এনেয়ে পৰি আছে ৷’’
মই বিল তৈয়াৰ কৰা ছোৱালীজনীক ক’লো, ‘‘নালাগে দিয়া ডিনাৰ ছেট ৷ এনেয়ে বিল বনোৱা ৷’’
বিল পৰিশোধ কৰি পাকঘৰৰ বস্তু, মোৰ এটা পেন্ট, এওঁৰ কেইজোৰমান কাপোৰলৈ গাড়ী পালো ৷

ঘৰলৈ আহি আছো ৷
এওঁ মাত দিলে, ‘‘তোমাৰ কাম নাই, এনেই এনেই জিনাৰ ছেটটো কিয় ল’ব খুজিছিলা ?’’
মই যুক্তি দৰ্শাবলৈ যত্ন কৰিলো, ‘‘তুমি দেখোন ছুমৰ বিয়াত ডিনাৰ ছেট দিম বুলি কৈছিলা ৷ ফেঞ্চিবজাৰত এইটো ডিনাৰ ছেট ২৫০০ বা ৩০০০ মান ক’লে হয় ৷ সেইকাৰনে মই ভাবিছিলো ১৯৯ টকাত পাইছো লৈ লওঁ ৷ আজিৰ পৰা নকওঁ দিয়া তেনেকৈ ৷’’
‘‘তোমাৰ এই স্বভাবটো নগ’ল ৷ তেতিয়াই বুজাই ক’ব নোৱাৰিলা ? ঘুৰোৱা গাড়ী এতিয়া ৷’’

=================
(৩)

১০ বছৰমান আগৰ কথা ৷ চলিহা প্ৰথমবাৰ বাবে সপত্নীক দিল্লীলৈ গৈছিল ৷ জয়ন্তৰেই কাহিনী ৷

“বুজিছা প্ৰতিভূ দিল্লীত বিহু দেখি গ’লো ৷”
সি আচলতে কি কৈছে মই বুজা নাই ভালকৈ ৷ গতিকে ক’লো, ‘‘অ’ হে ! ময়ো এবাৰ দেখিছিলো ৷ গুৰগাওঁ, নয়ডাৰ ফালে বহুত অসমীয়া আছেতো, পাতে তেওঁলোকে ৷’’
সি মোৰ ফালে এনেকৈ চালে যেনে ভস্মহে কৰি দিব ৷
ছিগাৰেট এটা জ্বলাই সুধিলো, ‘‘কিয় কি হ’ল ?’’
‘‘এহ্ নক’বা আৰু ! এওঁ পগলা কৰি দিলে ৷ ৰাতিপুৱা চাৰে ন বজাত জনপথত আৰম্ভ কৰিছো ৰাতি ন বজাত হোটেল পালো গৈ ৷’’
‘‘জনপথত আকৌ কি চাইট ছিয়িং কৰিলা ?’’
‘‘ধেই ক’ত চাইট ছিয়িং কৰিম আকৌ ৷ প্ৰথমে জনপথ তাৰ পাছত লাজপট নগৰ, তাৰ পাছত আৰু কি কি ! বিহু দেখি গ’লো বুজিছা৷ ’’
মই মনতে ভাবিলো, ‘গোটেই দিল্লীখনতে বিহু দেখিলে দেখোন ?’

মই মনে মনে থকা দেখি জয়ন্তই আৰম্ভ কৰিলে ৷
‘‘দহ বছৰমান আগৰ কথা ৷ বিয়াৰ পাছত এওঁক লৈ ফুৰিবলৈ গৈছিলো বুজিছা ৷ হনিমুন বুলিয়ে ক’বা পাৰি ৷ নৈনিতাল, আলমোৰা, ৰানীখেট, কছৌনি, পিন্ডাৰী প্লেছিয়াৰ ফুৰাই আনিলো ৷’’
মই মাত লগালো, ‘‘হেৰা হনিমুনত শ্ৰীমতীক গ্লেছিয়াৰ দেখুৱালা ? তুমি মানুহ মাৰি দিবা দেখোন !’’
জয়ন্তই গহীন ভাবে ক’লে, ‘‘হনিমুনত গ্লেচিয়াৰ নেদেখুৱাই বুলি কোনে কৈছে ? আৰু আচলতে সেইটো হনিমুন নাছিল ৷ আচল হনিমুনত আমি ট্ৰাকত উঠি শ্বিলঙলৈ গৈছিলো ৷ এতিয়া শুনিবা নে দিল্লীৰ কথা ?’’
‘‘কোৱা কোৱা ৷ মই মনে মনে আছো ৷’’

জয়ন্তই দিল্লীৰ ঘটনাৱলীৰ বৰ্ননা কৰি গ’লো ৷
জয়ন্ত চলিহাৰ কাহিনী জয়ন্ত চলিহাৰ মুখেৰে )

পোন্ধৰদিন মান ঘুৰি ফুৰি আমি দিল্লীলৈ ঘুৰি আহিলো ৷ তাত দুৰাতি কটাই গুৱাহাটীলৈ ঘুৰি অহাৰ আহিম ৷ শ্ৰীমতী বৰ হাঁহি মুখে আছে ৷ গতিকে মই মনতে ভাবিলো দুৰাতি হোটেলত জিৰণি ল’ব পাৰিম ৷ প্ৰথম ৰাতি ভালে ভালেই পাৰ হ’ল ৷

পাছ দিনা পুৱাৰ কথা ৷

‘‘হেৰা কিমান আৰু কুম্ভকৰ্ণৰ দৰে শোৱা হে ? উঠা ন বজাৰ আগতেই যাম কিন্তু ৷’’
মই খকমকাই উঠিলো ৷
‘‘হেৰা ন বজাতে ক’লৈ যোৱাহে ? ইমান সোনকালে ক’ত কি কৰিবা গৈ ?’’
‘‘মামু বাইদেৱে কৈছে ন বজামানতে জনপথ পাব গৈ লাগিব ৷ প্ৰথমে গৈ নাপালে একো লাভ নাই হেনো ৷’’
মোৰ উশাহ-নিশাহ বন্ধ হ’বৰ উপক্ৰম হ’ল ৷ মামুবাই ন বজাত জনপথ পাবলৈ কৈছে, তাকো প্ৰথমে পাবলৈ কৈছে ? মই জনপথ মানে মেডামৰ ঘৰৰ কথাই জানো ৷ মামুবাৰ আকৌ মেডামৰ সৈতে কি সম্পৰ্ক ? ভিনিহি ব্যৱসায়ী মানুহ ৷ ভিনিহি তেওঁলোকৰ ওচৰৰ পুজা আৰু বিহু কমিটিৰ সভাপতি ৷ সেই বুলি যে মেডামৰ সৈতে দৰহম-মৰহম আছে মই ভবা নাছিলো ৷

কোবা-কুবিকৈ ওলাই, অট’ এখনলৈ পালোগৈ জনপথ ৷ এওঁ PCO এটালৈ যাব খুজিছে ৷ উদ্দেশ্য মামুবালৈ ফোন এটা কৰি গন্তব্যস্থান ঠিকনা বিচাৰিব হেনো ৷
‘‘হেৰা সেইটো কাৰনে নালাগে দিয়া ফোন কৰিব ৷ মই জানো ঠিকনা, ১০ জনপথ ৷’’
শ্ৰীমতীয়ে মোৰ কথা কিমান বুজিলে, কিমান বিশ্বাস কৰিলে নাজানো ৷ সোমাই গ’ল PCO এটাৰ ভিতৰলৈ ৷ তাৰ পৰা ওলাই আহি মোক ক’লে, ‘‘নাজানা যদি এনেয়ে কিয় মাতষাৰ মাতি দিয়া ? ১০ জনপথ বুলি কোনে ক’লে তোমাক ? ব’লা এইফালে ৷’’
মই শ্ৰীমতীৰ পাছে পাছে খোজ ল’লো ৷ মনতে ভাবিলো, ‘‘মেডামে ঘৰ সলনি কৰিলে, নেচনেল মিডিয়াই খবৰ নাই পোৱা ৷ অথচ মামুবাৰ জহত এতিয়া মই জানো ৷ India Todayৰ অফিছ ওচৰতে আছে ৷ সোমাই গৈ দি দিওঁ নেকি স্কুপ এটা ?’’

এওঁ ৰৈ দিলে সৰু দোকান এখনৰ সন্মুখত ৷ মোৰ ফালে চাই এটা ঈষৎ হাঁহি মাৰিলে ৷ মই ক’লো, ‘‘ব’লা আকৌ ৷ ৰৈ দিলা যে ?’’ মেডামক লগ পাবলৈ মোৰো মন গৈছে ৷
এওঁ মোক আচৰিত কৰি ক’লে, ‘‘আমি এইখন দোকানলৈকে আহিছো ৷’’
মই তেতিয়াহে দোকানখনলৈ মন কৰিলো ৷ তেনেই সাধাৰন দোকান ৷ মনোহাৰী সামগ্ৰী, বিভিন্ন ধৰনৰ ‘ইমিটেছন জুৱেলাৰী’, ৰাজস্থানী পাথৰৰ গহনা আৰু তেনে ধৰনৰ বস্তু সজাই ৰাখিছে ৷
মনতে ভাবিলো, ‘‘এইখন মেডামৰ দোকান ? তেওঁ ইয়াত থাকে ? কি আচৰিত !’’
‘‘ইয়াত কি কৰিবা আকৌ ?’’
‘‘কি কৰিম মানে বজাৰ কৰিম আকৌ ! মামুবাই কৈছে ৰাতিপুৱাই ইয়ালৈ আহিলে বস্তু আধা দামতে পোৱা যায় ৷ বহনিৰ সময়ত এনেয়ে দি দিয়ে ৷’’
তেতিয়াহে বুজিলো মামুবাৰ সৈতে এওঁ কিহৰ আলোচনা কৰিলে ৷
জনপথত বজাৰ কৰোতে কৰোতে এঘাৰমান বাজিল ৷ টোপোলাৰ ভিতৰত সোমাল ‘ইমিটেছন জুৱেলাৰী’, ৰাজস্থানী পাথৰৰ গহনা, ৰাজস্থানী ডিজাইনৰ কুশ্বন ক’ভাৰ আৰু কিবা কিবি ৷ পাছে মানিব লাগিব বস্তুবোৰ কম দামতে পোৱা যেন অনুমান হ’ল ৷

বজাৰ কৰি হোৱাৰ পাছ দুয়ো এগিলাছ এগিলাছ কুহিয়াৰৰ ৰস পান কৰিলো ৷ মনতে ভাবিলো, ‘এতিয়া হোটেলত ভালকৈ শুম ৷ আবেলি ইন্ডিয়া ওলাই আহিম ৷ ৰাতি কনাট প্লেছ দেখুৱাম ৷ বছ হৈ যাব দিল্লী দৰ্শন ৷’
এওঁ মাত লগালে, ‘‘এতিয়া আমি লাজপট নগৰ যাম ৷’’
মই উচপ খোৱাৰ দৰেই সুধিলো, ‘‘লাজপট নগৰ ? কোন থাকে তাত ?’’
উচপ খোৱাৰে কথা ৷ এওঁ যে দিল্লীত এখন লাজপট নগৰ আছে বুলি জানে মোৰ ভাব হোৱা নাছিল ৷
‘‘তাত আকৌ কোন থাকিব ? তুমি এইবোৰ একো নাজানা ৷ তাত কাপোৰ কম দামত পায় ৷’’
‘হমমম… ৷ বুজিলো কোনে খবৰ দিলে’, মনতে ভাবিলো ৷

লাজপট নগৰত বজাৰ আৰম্ভ হ’ল ৷ কিমান টি-ছাৰ্ট, পেন্ট, ছুৰিদাৰ-কামিজ কিনিলো হিচাব নাই ৷ এপাক খুদুৱণি মাৰিবলৈকে সুধিলো, ‘‘আৰু দুখনমান বজাৰ আছে ৷ যাবা নে তালৈ ?’’
‘‘কিয় নাযাম আকৌ ? মামুবাই কৈছে সৰোজিনীতো ভাল বজাৰ আছে ৷ তাৰ পৰা চাইথ এক্স যাম ৷ তাৰ পৰা কেৰল বাগ ৷ একেবাৰে শেষত পালিকা বজাৰ ৷’’
অকনমান ৰৈ কান্দো কান্দো ৰূপ এটা লৈ জয়ন্তই কৈ গ’ল, ‘‘কানত ধৰিছো আৰু জীৱন দিল্লীত বজাৰ নকৰো ৷ ১২ ঘন্টা বজাৰে বজাৰে তলৌ-তলৌকৈ ঘুৰি ফুলিলো ৷ শেষত বজাৰ কৰা বস্তু ভৰাবলৈ তেৰশ টকা খৰছ কৰি দুটা কাপোৰৰ এয়াৰ বেগ কিনিহে ৰক্ষা পৰিলো ৷’’

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments