জয়া, পূৰ্ণিমা, জীৱন কাকতি.. (বি জে ৰঞ্জন)

জয়াই গা-পা ধুই আহি পাকঘৰত সোমাল৷ বাচনৰ পৰা আটা লৈ চালনিখনেৰে চালি চালি তেওঁ ভাবিলে-ৰুটিকেইখন মচমচীয়াকৈ সেকি নিমকিৰ নিচিনাকৈ কৰিব৷ গিৰিয়েকে তেনেকে বৰ ভাল পায়৷ লগত গিৰিয়েকৰ ভাললগা বুট আৰু ৰঙালাউৰ তৰকাৰীখনো ভালকৈ ৰান্ধিব লাগিব৷ জীৱন কাকতিৰ গা ধুই আহিয়ে খোৱা অভ্যাস৷
পূৰ্ণিমা চুচুক-চামাক কৈ পাকঘৰৰ দুৱাৰ মুখত ঠিয় দিলে৷
-“আহিলি৷ আহ, আলু আৰু ৰঙালাউডোখৰ কাটচোন তৰকাৰীৰ বাবে৷ ”
পূৰ্ণিমা ঘৰখনত অভ্যস্ত৷ তাই ভালকৈ জানে জয়া আৰু জীৱন কাকতিৰ ঘৰত কেতিয়া কাক কি লাগে, কোনে কি বিচাৰে৷ এইখন ঘৰত কাম কৰা তাইৰ আঠ বছৰ হৈ গ’ল৷ কিন্তুু আজি তাইক এক অদ্ভুত জড়তাই আৱৰি ধৰিছে৷ তাই নিঃশব্দে বঠীৰে আলু আৰু ৰঙালাউ চেলাব বহিল৷
জয়াৰ বাবে আজিৰ দিনটো বিশেষ৷ মুখত নেদেখুৱালেও এপাচি উৎকণ্ঠাই তেওঁক হেঁচা মাৰি ধৰি আছে৷ কাকতি অফিচলৈ ওলাই যোৱালৈ তেওঁ আগ্ৰহেৰে অপেক্ষা কৰিবলৈ ধৰিলে৷
পূৰ্ণিমাৰ মাক তাই সৰু থাকোতে ঢুকাইছিল৷ তাইৰ বাৰ বছৰ বয়সত বাপেকে আকৌ বিয়া কৰালে৷ তাৰ পিছত ঘৰত থকা দিনকেইটাত মাৰ, ঢকা আদি খাওঁতেই গ’ল তাইৰ৷ কেতিয়াবা যদি বাপেকে পিটে ভাত-আঞ্জা নৰন্ধাৰ বাবে, কেতিয়াবা কইনা-মাকজনীয়ে গটা লগাই দালি চখা হোৱা কাৰণে৷ এবাৰ মানুহ এজনে নি তাইক চহৰৰ কাকতিহঁতৰ ঘৰত থৈ গ’ল৷ তেতিয়া তাইৰ বয়স পোন্ধৰ কি ষোল্ল৷ কাকতিৰ ঘৰত তাইৰ যেন পুনৰ্জনম ঘটিল৷ খাবলৈ, পিন্ধিবলৈ একো অভাৱ নাই৷ কাকতি দম্পত্তীৰ মৰমৰ মাজত তাই ডুবি গ’ল৷
পূৰ্ণিমা ঘৰখনত অভ্যস্ত হৈ পৰিল৷ এতিয়া তাই ভালকৈ জানে ঘৰখনৰ কেতিয়া কাক কি লাগে, কোনে কেতিয়া কি বিচাৰিব পাৰে৷ কিন্তুু হঠাত এই ধৰণৰ কথা এটা বিচাৰিব পাৰে নে কোনোবাই? তাইৰতো এয়া সপোনৰো অগোচৰ! পূৰ্ণিমাই মানি লোৱা নাছিল প্ৰথমতে৷ এইটো নহয় যে ভবিষ্যত সম্পৰ্কে তাইৰ সুনিৰ্দিষ্ট আশা বা সপোন আছে৷ কিন্তুু প্ৰস্তাৱটোৱে যে কি ধৰণৰ! কথাটো শুনাৰে পৰাই তাইৰ নিজকে অপৰাধী অপৰাধী যেন লাগি গ’ল৷
জয়াই শেষ অস্ত্ৰপাত নিক্ষেপ কৰিছিল-“বুজিছোঁ নিমা, তই আমাক নিজৰ বুলি নাভাৱ৷ মোৰ চকুলৈ চাচোন৷ তই জানো আমাক ভাল নাপাৱ? ”
তাইৰ বুকুখনে হাহাকাৰ কৰি উঠিছিল৷ কান্দোনমূৱা হৈ পৰিল তাই-“পাওঁ বাইদেউ, বহুত ভাল পাওঁ আপোনালোকক৷ মোৰ একো আপত্তি নাই বাইদেউ৷ ”
জয়াই ৰুটি সেকিছে৷ কাষত পূৰ্ণিমাই তৰকাৰীখন লাৰি থাকিল৷ লাজতে তাইৰ মুৰ উলিয়াব নোৱাৰা অৱস্থা৷
কাকতি অফিচলৈ যোৱাৰ পিছতেই জয়াই তাইৰ হাতত ধৰি বাৰাণ্ডাৰ দুজনীয়া চকীখনত কাষতে বহুৱাই কথা আৰম্ভ কৰিলে৷
“কি কলি? একোৱেই নহ’ল? কেনেকুৱা মানুহ ও এইবোৰ? ” – জয়াৰ চকুকেইটা ডাঙৰ হৈ পৰিল৷
পূৰ্ণিমাই তলমূৰ কৰিলে৷ তাইৰ মৰোঁ মৰো লাগিছিল লাজতে৷
-“চাবি আজি যাতে এনে নহয়৷ মানুহজনক মই জানো৷ তয়েই আগভাগ ল’ব লাগিব নিমা৷ এইবোৰত কি লাজৰ কথা আছে৷ সকলোৱে জানে, যিটো মোৰ নাই নাই, ভগৱানে যিটো নিদিলে সেইটো কেনেকৈ পাম? নিমা, মোৰ আশা কিন্তুু এতিয়া তোৰ ওপৰতেই৷ ”
জয়াই তাইৰ মূৰত পিহি মৰম কৰিবলৈ ধৰিলে৷
পূৰ্ণিমাই জয়াক সাৱট মাৰি ধৰি থোকাথুকি মাতেৰে ক’লে-“আপোনাৰ দুখ লগা নাই বাইদেউ? নিজৰ মানুহজনক আনৰ হাতত কেনেকে গটাই দিব পাৰিলে আপুনি৷”
জয়াই হাঁহি মাৰি ক’লে-“আঁকৰী৷ দুখৰ কথা সুধিছ তই? দুখ কাক কয় মই জানো ও৷ বিয়াৰ বিশ বছৰ পাছতো সন্তানৰ মুখ নেদেখাৰ সমান আন কি দুখ থাকিব পাৰে কচোন৷ কিন্তুু মোৰ দুখৰ দিনবোৰ শেষ হ’ল, এতিয়া মই সুখৰ অপেক্ষাত৷ নিজক পৰ বুলি নাভাবিবি নিমা৷ পৰ হোৱাহেতেন মানুহজনৰ লগত ভগবানক সাক্ষী কৰি মন্দিৰত বিয়া কৰি আনিলোহেঁতেন নে তোক? এতিয়া তই মোৰ ভনী৷ নিজৰ মৰমৰ ভনী৷ এই ঘৰত মোৰ নিচিনা তোৰো সমান অধিকাৰ৷ তই মাথোঁ ঘৰখনৰ শূন্যতা দূৰ কৰ নিমা৷ এই শূন্যটো মোৰ বাবে দিনে দিনে বৰ অসহ্যকৰ হৈ উঠিছে৷ ”
*****
আআআ…এএএএএএ, মা-আআআআ- কণমানীজনীয়ে হাত দুখন আগবঢ়াই পূৰ্ণিমাৰ পৰা দি জয়াৰ কোচলৈ যাব ইচাত-বিচাত লগালে৷
-“আই ঔ, সোণজনী৷ আহা আহা মাজনীটো মোৰ৷ ” জয়াই এগাল চুমাৰে তাইৰ গাল-মূৰ ভৰাই পেলালে৷
কাকতিয়ে জয়াৰ অনুৰোধ ৰক্ষা কৰিলে৷ পূৰ্ণিমাইও জয়াৰ কথা ৰাখিলে৷ জয়া এতিয়া সুখী৷ কণমানীজনিক দিনৰ দিনটো ৰাখি থাকে তেওঁ৷ ছোৱালীজনীৰ নাম ৰাখিলে মামণি৷
“নিমা, মামণিৰ চোলাকেইটা ৰ’দত দে৷”, “নিমা, মামণিক মই খুৱাই আছোঁ ৷ তই তেখেতৰ ভাতখিনি বাঢ়ি দে৷” “নিমা, মামণিক লৈ মই ফুৰিব ওলাই যাওঁ ৰাস্তালৈ৷ তেখেতক চাহকাপ দিবি৷” সকলোতে পূৰ্ণিমাই হাঁহি মাৰি আহি কয়-“হ’ব বাইদেউ৷ ”
মামণিয়ে পূৰ্ণিমাক নিমা বুলি মতা কৰিলে৷ জয়াই মা বুলিবলৈ শিকাইছিল৷ মামণিয়ে জয়াকহে মা বুলি মতা কৰিলে৷ অকল ৰাতিটো তাই পূৰ্ণিমাৰ লগত থাকে৷ বাকী দিনটো সব সময়তে মা-মা বুলি জয়াৰ পিছে পিছে৷ পূৰ্ণিমাই বেয়া নাপায়৷ কণমাণিটোৰ মাতত জয়াৰ লগতে পূৰ্ণিমাকো এক গভীৰ সুখানুভূতিয়ে চুই যায়৷
মামণিৰ জ্বৰ আদি অসুখ হ’লে জয়াই তাইৰ কাষত দিনে-ৰাতিয়ে লাগি থাকে৷ পূৰ্ণিমাকো থাকিব নিদিয়ে তেওঁ৷
-“তোৰ টোপনি ক্ষতি হলে কাইলৈ ঘৰৰ কাম কৰিবি কেনেকৈ?”
-“ইস বাইদেউ, এনেকৈ কৈছে যেন আপুনি একো নকৰেই৷ আপুনি শুৱক বাইদেউ, মই আছোঁ নহয়৷ ”
-“ওহোঁ পূৰ্ণিমা, নালাগে তই থাকিব৷ যাচোন, এটা কাম কৰ৷ মানুহজনৰ খুব চৰ্দি লাগিছে৷ নহৰু দুফোট দি তেল অকণ গৰম কৰি নি তেখেতৰ পিঠিখন মালিচ কৰি দেগৈ৷”
অসুখ ভাল হোৱাৰ পিছদিনা মামণিৰ স্কুলৰ বেগটো পিঠিত লৈ পূৰ্ণিমাক কয়-“মই স্কুলৰ বাহিৰতে কিছু পৰ ৰখিম৷ অসুখীয়া ছোৱালী, পতকৈ এৰি থৈ নাহোঁ দে৷ অলপ দেৰী হব পাৰে মোৰ, তই চিন্তা নকৰিবি৷ ”
এদিন আবেলি জয়াই পূৰ্ণিমাক চোতাললৈ মাতিলে– “মামণি শুইছে৷ আহচোন নিমা, কথাকে পাতোঁ৷ ”
দুয়োজনীয়ে বাৰাণ্ডাৰ চিৰিত বহে৷ পূৰ্ণিমাই বায়েকৰ চুলিত ফণি আৰু হাত ফুৰাই যায়৷ জয়াই কয়-“মামণিৰ তিনি বছৰ হৈ গ’ল৷ মন কৰিছ নে? ”
-“ও৷ ”
-“আচ্ছা কচোন, তই মোক ভাল পাৱ নে নাই? ”
এইটো প্ৰশ্নৰ অৰ্থ পূৰ্ণিমাই এতিয়া বুজে৷ তাৰমানে বাইদেৱে কিবা বিছাৰিছে তাইৰ পৰা৷ তাইৰ মুখত হাঁহি বিৰিঙে৷
-“বাইদেউ, আপোনাক মই বহুত ভালপাওঁ৷ মোৰ মাক ভালকৈ মনত নাই৷ আপোনাক যে মোৰ নিজৰ মা যেন লাগে৷ ”
-“এটা অনুৰোধ ৰাখিব লাগিব তই৷ আৰু এটা পুতলা লাগে মোক৷ শুনিছ নে তই? ”
পূৰ্ণিমাৰ মুখত সলজ হাঁহি এটা বিয়পি পৰে৷
-“এটা কাম কৰচোন৷ ভিতৰৰ পৰা নিমু এটা চাৰিডোখৰ কৰি কাটি আনচোন৷ তোৰ পিঠিৰ ছালত চোম পৰা যেন লাগিছে৷ “
জয়াই পূৰ্ণিমাৰ পিঠিখনত নিমুৰ ৰস ঘঁহি দিয়ে৷ তাৰ পিছত নাৰিকলৰ তেল ঘঁহি দি কয়- “এই বয়সতে ছাল এনেকুৱা হ’ল নে তোৰ? ৰহ, কেইদিনমান সদায় এনেকে লগাই দিম৷ চাবি, দুদিনতে চিলচিলিয়া হৈ যাব৷”
আলমাৰি খুলি জয়াই পূৰ্ণিমাক মাতে-“নিমা, আহচোন৷ হেৰি নহয়৷ আগতে বৰ ৰংচঙীয়া শাৰীবোৰ পিন্ধিছিলোঁ ও৷ এতিয়া মোৰ পাতল ৰঙহে ভাল লাগে৷ চাচোন, উজ্জ্বল ৰঙৰ শাৰীকেইখনে তোক শুৱাব যেন লাগিছে৷ এনেয়ো তোৰ ছালৰ ৰঙটো বৰ ধুনীয়া৷ ”
*****
মামণিয়ে যোৱা বছৰ মেট্ৰিক পাছ কৰিলে৷ চাদৰ মেখেলা পিন্ধি এতিয়া তাই কলেজলৈ যায়৷ যোৱাৰ আগতে জয়াক কয়-“মা, ভাল চিনেমা এখন লগাইছে হ’লত৷ ব’লনা, আমিও চাবলৈ যাওঁ৷ ”
জয়াই কয়-“যাবি বাৰু৷ নিমা, ইহঁতদুটাক লৈ যাবি ও, দেউতাকো লগত যাব৷ ”
পূৰ্ণিমাই কয়-“নালাগে বাইদেউ, মামণিক লৈ আপুনি দেউতাকে যাওক৷ মই বাবুৰ লগত থাকিম৷ তাৰ পৰীক্ষা৷ সি যাব নালাগে৷ ”
মামণিয়ে কয়-“মুঠতে আজি চিনেমা চাব যামেই যাম৷ দেউতাক কবি কিন্তুু তহঁতে৷ নিমা, ভাত দে, কলেজ যোৱা দেৰিয়ে হ’ল আজি৷”
বাবুয়ে তাৰ কোঠাৰ পৰা চিঞৰে-“নিমা, ক্ৰিকেটৰ বগা পেণ্টটো ক’ত মোৰ? মা, ওমা আহচোন এইপিনে, এইটো বুজি পোৱা নাই মই৷”
জয়াই বাবুৰ পঢ়া দেখাই দিবলৈ আগবাঢ়ে৷ যাওঁতে পুৰ্ণিমাক কৈ যায়-“নিমা, মানুহজনৰ চাৰ্টটো ইষ্ট্ৰী কৰি দিবি৷ ”
*****
এমাহ ধৰি জয়া ৰুগীয়া দেহেৰে বিছনাত পৰি আছে৷ চিকিৎসা, দৰৱ আদিয়ে কাম দিয়া নাই৷ পুৰ্ণিমাই সকলো সময়তে লাগি আছে তেওঁৰ লগত৷
“নিমা, দেহাটো অৱশ হৈ পৰিছে ও, আৰু বেছি দিন নাথাকিম হ’বপায়৷ ইহঁত দুটা আৰু মানুহজনক তই চাবি৷”- জয়াৰ দুৰ্বল মাত৷
পূৰ্ণিমাই জয়াৰ আগত চকুপানী ধৰি ৰাখিব নোৱাৰে৷
-“বাইদেউ, নক’ব এনেকৈ৷ ”
-“ধেত্ আকৰী৷ অসুখ, মানুহৰ মৃত্যু এইবোৰ স্বাভাবিক প্ৰক্ৰিয়া৷ দুখ নকৰিবি৷ জাননে, তই মোৰ আটাইবোৰ ইচ্ছাই পূৰণ কৰিলি৷ কি পুণ্য কৰি তোৰ নিচিনা ভনী এজনী পাইছিলোঁ মই৷ চাওঁ, হাতখন দেচোন৷ ”
জয়াই দুয়োহাতৰ খাৰু দুপাত খুলি পূৰ্ণিমাৰ হাতত পিন্ধাই দিয়ে৷
কাষতে থকা মামণি আৰু বাবুক কয়-“অত’বাৰ ক’লো তহঁতক, নিমাক মা বুলি মাতিবি৷ নামাতিলি৷ হ’ব নামাতিলি নাই, ময়েই মা হৈ থাকিলোঁ তহঁতৰ৷ কিন্তুু নিমাক কেতিয়াও দুখ নিদিবি দেই তহঁতে৷ ”
মামণি আৰু বাবুয়ে একেলগে ৰাউচি জুৰে৷
কাষৰ ৰূমত জীৱন কাকতিয়ে কোনেও গম নোপোৱাকৈ নিঃশব্দে কান্দে৷
*****
জয়াৰ মৃত্যুৰ পিছত জীৱন কাকতিৰ স্বাস্থ্য ভাগি পৰিল৷ এবছৰ পিছত তেওঁৱো পূৰ্ণিমাক ল’ৰা-ছোৱালীহালৰ ওচৰত অকলে এৰি স্বৰ্গগামী হ’ল৷
দুখেই হওক বা সুখেই হওক, সময়ৰ লগে লগে দিনবোৰ আগবাঢ়িবলৈ নেৰে৷
কেতিয়াবা দুয়োটাই মাকক সাৱট মাৰি ধৰি সোধে-“নিমা, তোক নিমা বুলি মতা বাবে বেয়া পাৱ? ”
পূৰ্ণিমাই কয়-“ধেত্৷ কেলেই বেয়া পাম? সৰুৰ পৰাই দেখোন তহঁতে তেনেকে মাতিছ৷ ”
বাবুয়ে কয়-“নিমা, এবাৰ দেউতাই কি কৈছিল জান? নিমাতো মা থাকে হেনো৷ মা আৰু নিমা একেই কথা ন’ নিমা? ”
পূৰ্ণিমাই কয়-“যাকেই যি বুলি নামাত, মনৰ সম্পৰ্কতকৈ ডাঙৰ একো নাই৷ এতিয়া চা, মা বুলি কৈ যদি ভিতৰি মোক ভাল নাপাৱ, সেইটো কেনে কথা হ’ব? তাতকৈ একো বুলি নমতাই ভাল৷ ”
মামণিয়ে মাকক সাৱটি কয়-“তই আমাৰ সৰু মা- নিমা৷ কি ভাগ্য আমাৰ, দুজনীকৈ মা’ৰ মৰম পাইছোঁ আমি৷ ”
*****
মামণি আৰু বাবু দুয়োটাৰে বিয়া হৈ গ’ল এবছৰ অগা-পিছাকৈ৷
মামণিহঁত অসমৰ এমূৰত থাকে৷ গতিকে বছৰত সিহঁতৰ এবাৰ মানহে ঘৰলৈ অহা হয়৷ ইপিনে বাবু থাকে সপৰিবাৰে দিল্লীত৷ দুয়োটায়ে মাকক নিজৰ নিজৰ লগত নিব বিচাৰে৷ পূৰ্ণিমা নাযায়৷ এই ঘৰ-সংসাৰৰ দায়িত্ব তেওঁৰ ওপৰত এৰি থৈ গৈছিল কাকতি দম্পতীয়ে এদিন, সেয়ানো কেনেকৈ তেওঁ অমান্য কৰে৷
ঘৰ-বাৰী, বাৰাণ্ডা-চোতাল আদি যিমান পাৰে পূৰ্ণিমাই শুৱনি আৰু চিকুণকৈ ৰাখিব চেষ্টা কৰে৷ কাকতিৰ টেবুল, বায়েকৰ ড্ৰেচিংখন, চোফাচেট আদি সদায়ে ঘঁহি-মচি ৰাখে৷ সপ্তাহৰ বিশেষ দুটা দিনত বগা ফুলৰ মালা গাঁঠি তেওঁলোকৰ যুগ্ম ফটোখনত ওলোমায়৷
ৰাতিপুৱাই গা ধুই আহি কাকতি আৰু জয়াৰ ফ’টোৰ আগত সদায় ধূপ-চাকি জ্বলাই প্ৰাৰ্থনা কৰে-ভগৱান আছে নে নাই নাজানো৷ কেতিয়াও ভগৱানক দেখা নাই, কিন্তুু আপোনালোক মোৰ বাবে ভগৱানতকৈও বহুত বেছি৷ আশীৰ্বাদ কৰক- আপোনালোকৰ ল’ৰা-ছোৱালীহালৰ সংসাৰ যেন সুখৰ হয়৷ লগতে আশীৰ্বাদ কৰক, দুয়ো য’তেই আছে, আপোনালোকৰ সেৱা কৰিবলৈ পৰভুই যেন অতি সোণকালে মোকো তালৈকে পঠিয়াই৷
ফ’টোৰ পৰা চকুটো আঁতৰাই অনাৰ সময়ত পূৰ্ণিমাই জয়াৰ চকু দুটালৈ চায়, এনে লাগে বায়েকে যেন সেই চিনাকি প্ৰশ্নটো সুধিছে-মোক ভালপাৱ নে পূৰ্ণিমা তই?
চাদৰৰ আচলেৰে চকুযুৰি মোহাৰি পূৰ্ণিমাই উত্তৰ দিয়ে- বহুত ভাল পাওঁ বাইদেউ৷
বাইদেৱেকৰ চকুযুৰিয়ে এইবাৰ হাঁহে৷ পূৰ্ণিমালৈ চাই কয়-তেন্তে ইহঁতকেইটাক চাবি তই৷ বহুত দায়িত্ব আছে এতিয়াওঁ তোৰ৷
পূৰ্ণিমাই এইবাৰ উচুপে- চাম বাইদেউ, চাম৷ চিন্তা নকৰিব আপুনি৷
*****

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments