জয় শ্ৰী কৃষ্ণ: ঈশান জ্যোতি বৰা

জয় শ্ৰী কৃষ্ণ

ঈশান জ্যোতি বৰা

(উচৰ্গা:মোৰ নিম্নমানৰ লেখাবোৰক সদায় উচ্চ প্ৰশংসা কৰি মোৰ মন ভাল লগাই অহা সুস্মিতা বা, ইন্দ্ৰনীল দা আৰু ভাষ্কৰজ্যোতিদাৰ হাতত)

:ভীম ব্ৰ’, আপোনাৰ এই প্ৰেমৰ কথা দ্ৰৌপদীয়ে যদি গম পায়,তেন্তে পৰিণাম কেনে ভয়াবহ হ’ব আপুনি ভাবি চাইছেনে?-পৰম তৃপ্তিৰে বিড়ি হুপি বটগছৰ ডালত বহি থকা অৰ্জুনে গছৰ ছাঁত বহি হিৰিম্বালৈ চিঠি লিখি থকা ভীমলৈ চালে৷

:গম পালে পাব৷ হু কেয়াৰছ! পুৰুষ-স্বাধীনতা বুলিয়ো কথা এষাৰ আছে৷ নাৰীয়ে কেৱল নিজৰ স্বাধীনতা বিচাৰিলেই নহ’বতো৷ তদুপৰি তই সমীকৰণটো চাইছনে নাই? পাঁচটা বান্দৰ আৰু এটা কল৷ এনেকৈ মানুহ জীয়াই থাকিব পাৰি নেকি?ধুৰৰ! থৈ দে তোৰ ভয়াবহ পৰিণাম৷ মই এইবোৰ কেয়াৰ-ফেয়াৰ নকৰোঁ-ভীমে গপচত ক’লে৷ হুপি শেষ হোৱা বিড়িটো কাষৰ হাবিয়নি ডৰালৈ নিক্ষেপ কৰি অৰ্জুন গছৰ পৰা নামি আহিল৷

:মই বুজিছো যে কেয়াৰ-ফেয়াৰ বোলা বস্তুদুটা আপোনাৰ অভিধানত নাই,কিন্তু যদি কেনেবাকে যুধিষ্ঠিৰ ভ্ৰাতাই কথাটোৰ উমান পায়,তেতিয়া কি হ’ব! ভাবি চাইছেনে? আপোনাৰতো জিনা একদম হাৰাম হৈ যাব৷-ভীমৰ কাষত বহি লৈ অৰ্জুনে ভীমে লিখি থকা চিঠিখনলৈ চালে৷ কি লিখিছে একো মনিব পৰা নাই৷

:একো কৰিব নোৱাৰে সি৷ এনে সত্যবাদীতো ওলাইছে দেখা নাই! ব’ম ধুৰ্ত সি এটা৷সাপ হৈ খুটে আৰু বেজ হৈ জাৰে৷কালি কি হ’ল শুন৷ দ্ৰৌপদী আৰু মই দুপৰীয়া ভাত খাই এনেই পালেংখনত বাগৰ দি আছোঁ৷ ঘৰত তেতিয়া কোনো নাই৷ তহঁত সকলো চিকাৰলৈ গৈছিলি৷ কালি তাই মূৰত নাৰিকলৰ পানী সানিছিল হ’বলা৷ইমান ধুনীয়া গোন্ধাইছিল বাপৰে! আৰু সোণত সুঁৱগা চৰাই তাই একেবাৰে মোৰ গাতে গা ঘঁহাই আছিল৷ আৰু ভাই চা,ময়ো মানুহৰে পোৱালি৷ তেনে ৰোমান্টিক মূহুৰ্তত কিবা-কিবি অদ্ভুত অনুভৱ অহাটো একো অস্বাভাৱিক নহয়৷ তাইক জোৰেৰে সাৱটি চুমা কেইটামান খাবলৈ ধৰিছিলোহে,তেনেতে ওলালহি নহয় তোৰ কুলক্ষণীয়া ককায়েৰটো৷ আহিছেও আহিছে,এনে বেয়া সময়ত আহিছে..

:তাৰ পিছত কি হ’ল?চুমা খালানে নাই?-উৎসুক হৈ অৰ্জুনে সুধিলে৷

:শুন না৷ সি আৰু কথা নাই বতৰা নাই , আমাৰ কাষলৈ আহি দ্ৰৌপদীলৈ চাই ক’লেহি:জান,তোমালৈ মই হৰিণৰ শিঙেৰে বনোৱা নেকলেচ আনিছো ৷ চাই যোৱাহি আহা৷

:তাৰপিছত?

:তাৰপিছত আৰু কি হ’ব!নাৰীবোৰৰ কথা জানই দেখোন৷মোৰ মেলা মুখ মেলাতেই থাকিল৷ বিচনাৰ পৰা জাঁপ মাৰি তাই একেকোবে তাৰ কোলাত উঠিলগৈ৷ সিয়ো মোলৈ চকুৰ টিপ এটা মাৰি আঁতৰি গ’ল৷দেখিলি তোৰ ককায়েৰে কেনেকৈ আমাৰ লগত চোৰ-পুলিচ খেলি আছে?

:অ’হ মাই গ’ড!ইমানবোৰ কথাতো মই গমেই পোৱা নাছিলো৷

:মেইন কথাটো তই গমেই পোৱা নাই৷ এইবোৰ সব মেৰেজ-ফিক্সিং৷ কথাটো মই স্বয়ম্বৰৰ দিনাই মন কৰিছিলো৷ তই যেতিয়া পুৰা এইম কৰি পানীত মাছ বিচাৰি ফুৰিছিলি,তেতিয়া তোৰ মৰমৰ ককায়েৰে ঘনে ঘনে দ্ৰৌপদীলৈ চাই সাংঘাটিক হাঁহি মাৰি আছিল৷ মোৰ মাঠা গৰম হৈ গ’ল যেতিয়া মই দেখিলো দ্ৰৌপদীয়ে তালৈ এটা ফ্লায়িং কিছ দলিয়াই দিছে৷ সব দুই-নম্বৰী বুজিছ! তই বহুত সৰু হৈ আছ৷ বুজি নাপাবি৷সব দুই-নম্বৰী এইবোৰ৷

:ছিট!ছিট!!ছিট!!!তুমি ইমানবোৰ কথা গম পোৱা অথচ,মোক তেতিয়াই কিয় ইংগিত দি নিদিলা?মই তেতিয়াই ধনু-কাড় এৰি গুচি আহিলোহেতেন!

:ভুল হ’ল ব্ৰাডাৰ৷ ভুল হ’ল৷ কথাটো মই বৰ কেছুৱেলি লৈছিলো৷মিছামিছি তোৰ কষ্ট হ’ল৷ আৰু তোৰ কষ্টৰ ফল তয়েই এতিয়া ভোগ কৰিবলৈ নাপালি৷ দেখিছ,দেখিছনে কাৰবাৰটো! কষ্ট কৰিলে ফল পায় বুলি তোৰ সেই কথাচহকী মাৰে এনেই কৈ থাকে৷ তোৰ কষ্টৰ ফল এতিয়া উপভোগ কৰি আছে যুধিষ্ঠিৰে৷ দিজ ইজ টুটেল আইফেয়াৰ!!

:নেহি!!!!এইছা নেহি হ’ ছকটা৷ কোৱা,কি কৰোঁ এতিয়া মই৷ কি কৰোঁ?মোক তুমিয়েই উদ্ধাৰ কৰা৷-অৰ্জুনৰ চকুত চকুপানী৷ক্ৰমাৎ বৈ আহি মাটিৰ লগত মিহলি হৈ গৈছে৷

:চা,চা৷ইমান টেনচন লৈ লাভ নাই৷ যি হৈ গ’ল,সেইয়া হৈ গ’ল৷ ডিপ্ৰেচড্ নহ’বি৷ কৃষ্ণলৈ মিছকল এটা দে৷ তোৰ ভাল বন্ধু৷ নিশ্চয় হেল্প কৰিব৷-ভীমে সান্ত্বনা দিলে৷

:কি হ’ল হে ডেকাল’ৰা!ইমান কান্দিছা কিয়!
আকাশত উৰি ফুৰা গৰুড় পক্ষীটো কোনমুহূৰ্তত আহি বটগছজোপাৰ সমুখতে নামিলহি দুয়ো তৰ্কিবই নোৱাৰিলে৷ সিহঁত দুয়োটাকে আচৰিত কৰি গৰুড় পক্ষীৰ আসনৰ পৰা হাতত কফিৰ মাগ লৈ কৃষ্ণ নামি আহিল৷অৰ্জুনৰ কাষ পায়েই কৃষ্ণই ফেলেকা-ফেলেককে হাঁহিব ধৰিলে৷

:কি হ’ল সুধিছা?কি হোৱা নাই সেইয়া সোধা৷ দ্ৰৌপদীয়ে কেলেংকাৰি কৰি ফুৰিছে যুধিষ্ঠিৰৰ লগত৷ আমাক পাত্তাই নিদিয়ে এতিয়া তাই৷ ধনুত কাড় থৈ মাছ মাৰিলো মই,এতিয়া পৰম আনন্দেৰে দিনে-ৰাতিয়ে মাছ খাইছে যুধিষ্ঠিৰে৷ তাকো ধনু-কাড় নোহোৱাকৈ৷-হতাশাগ্ৰস্ত হৈ অৰ্জুনে ক’লে৷

:হা:হা:হা: জাষ্ট চিল ব্ৰ’৷ সকলো কথা ইতিমধ্যে মই গম পাইছো৷ বাৰু অৰ্জুন কোৱাচোন,মোৰ পত্নী কেইজনী?-কৃষ্ণই হাঁহি-হাঁহি সুধিলে৷

:লিগেল তিনিজনী৷ আৰু ইলিগেল ষোল্লহাজাৰ কোটি৷-আঙুলিত লেখি লেখি অৰ্জুনে ক’লে৷ ভীমেও হয়ভৰ দিলে৷

:একদম কাৰেক্ট৷ আৰু মহাদেৱ শিৱৰ কেইজনী?

:হমম,এজনী৷-ভীমে তপৰাই ক’লে এইবাৰ৷কৃষ্ণই ৰস পাই এটা খোলা হাঁহি মাৰিলে৷

:এতিয়া কোৱা,এই দুজনৰ ভিতৰত কোনজন আটাইতকৈ সুখী?কোনজন বেছি পপুলাৰ? আৰু কোনজনে চৌবিশ ঘণ্টাই হাঁহি থাকে?

:আপুনি প্ৰভু৷ আপুনি-এইবাৰ অৰ্জুনে ক’লে৷

:গতিকে,তুমি ইয়াৰ পৰা কি শিকিলা?

:যি মানুহৰ বেছি পত্নী থাকে,সেইজন মানুহ সদায় সুখী হয়৷-বিজ্ঞৰ দৰে ভীমে ক’লে৷ মুখত এমোকোৰা হাঁহি৷

: ইউ আৰ পাৰছিয়েলি কাৰেক্ট৷ ভীম আৰু অৰ্জুন,পৃথিৱীত চলি থকা সেই দুচকীয়া বাহনটোলৈ চোৱাচোন৷ – এইবুলি কৈ কৃষ্ণই মাটিত বাঁহীৰ আগটোৰে কিবা এটা আঁক মাৰি দিলে৷ লগে লগে ঠাইখণ্ড সলনি হ’ল এখন বিশাল স্ক্ৰীণলৈ৷ দেখা গ’ল এটা ব্যস্ত ৰাজপথ৷ পথত অলেখ মানুহৰ অহা-যোৱা৷ অহা আহিছে,যোৱা গৈছে৷ ভীম আৰু অৰ্জুনে আচৰিত হৈ চাবলৈ ধৰিলে৷

:দেখিছা নে নাই?-কৃষ্ণই আকৌ সুধিলে৷

:অ’ অ’ দেখিছো৷ সেই যে ৰঙা চোলা পিন্ধা মানুহটো! দুচকীয়া বাহনৰ ওপৰত!

:ভালকৈ লক্ষ্য কৰা৷ তাৰ পিছফালে এটা এক্সট্ৰা চকা আছে৷ দেখিছা?

:দেখিছোঁ৷দেখিছোঁ৷

:কিয় আছে বাৰু?

:নাজানো দেই৷

কৃষ্ণই হাঁহি এটা মাৰি স্ক্ৰীণৰ সেই বিশেষ স্কুটাৰ-আৰোহীজনলৈ চাই মুখেৰে ভোৰভোৰাই কিবা এটা মাতিলে৷লগে লগে এটা আচৰিত ঘটনা ঘটিল৷ বাহন চলাই গৈ থকা মানুহজনে হঠাতে বাহনখন ৰখালে৷ আৰু পিছচকাটোক দুটামান প্ৰচণ্ড গোৰ সোধাই কেইটামান অশ্লীল গালি-গালাজ পাৰিলে৷ গুৱালগালি পাৰি শেষ হোৱাৰ পিচত পলম নকৰি যন্ত্ৰ-পাতি কিছুমান উলিয়াই পিচচকাটো খুলি স্পেয়াৰ-চকাটো তাত লগাই দিলে৷ তাৰপিছত ফুটা চকাটো পুনৰ এক বিশেষ স্থানত থৈ দিলে৷ এইবাৰ হাতদুখন মচি বাহনত উঠি মানুহজনে নিজৰ গন্তব্যস্থান অভিমুখে গতি কৰিলে৷ এইখিনিলৈকে দেখুৱাই কৃষ্ণই স্ক্ৰীণখন অদৃশ্য কৰি পেলালে৷

:এতিয়া কোৱা,কি বুজিলা এই সমগ্ৰ ঘটনাক্ৰম চাই?

:বিপদৰ পৰা বাচিবলৈ প্ৰতিজন মানুহেই নিজৰ লগত স্পেয়াৰ পাৰ্ট ৰাখিব লাগে৷ লাগিলে সেইয়া স্কুটাৰৰ চকাই হওক বা আন কিবায়েই হওক৷-বুদ্ধিমত্তাৰ পৰিচয় দি ভীমে কৈ উঠিল৷ অৰ্জুন আচৰিত হ’ল৷ কথাবোৰ ভালকৈ বুজি পোৱা নাই এতিয়ালৈকে সি৷

: একচিলেন্ট ভীম! আই এম প্ৰাউড অৱ ইউ! বাৰু,তুমি বুজিলা নে কিবা ?-কৃষ্ণই এইবাৰ অৰ্জুনলৈ চালে৷

:অলপ অলপহে বুজিছো- কনচেপ্ট ইজ ন’ট ক্লিয়েৰ-অৰ্জুন নিৰাশ ৷

:শুনা,তোমালোক চাৰিটাই যে এজনী পত্নীক লৈ হেতা-ওপৰা কৰি মৰি আছা,আৰু তাৰপৰা যে কোনো লাভ হোৱা নাই৷ অথচ লাভ হৈছে তোমালোকৰ ককায়েৰৰহে৷ কষ্ট কৰি তুমি সম্পদটো ঘটিলা,আৰু তাক উপভোগ কৰিছে যুধিষ্ঠিৰে৷ক’বলৈ গ’লে এইয়া তোমাৰ চৰম বিপদ৷ এই বিপদৰ সময়ত তুমি কি কৰিবা? সিহঁতৰ প্ৰেম-লীলা চোৱাৰ বাহিৰে তুমি আন কি কৰিবা! মৰ্ত্যৰ সেই মানুহজনলৈ চোৱা৷ বিপদৰ সময়ত কেনেকৈ বুদ্ধিমত্তাৰ পৰিচয় দি বিপদৰ পৰা ৰক্ষা পৰিল দেখিলা?বিপদৰ পৰা বাচিল এইকাৰণেই যে তেওঁ আগতীয়াকৈ এটা স্পেয়াৰ চকা ৰাখি থৈছিল৷ যাতে পুৰণি চকাটো ফুটিলে নতুন চকাটোৰে কাম চলাব পাৰে৷ এতিয়া কোৱা,তোমাৰ জানো,স্পেয়াৰ চকা আছে?

:মানে?-বিপাঙত পৰা অৰ্জুনে সুধিলে৷

:মানে স্পেয়াৰ পত্নী আছে জানো?-কৃষ্ণই কথাবোৰ পৰিষ্কাৰ কৰি দিলে৷

:নাই৷

:তেন্তে তোমাৰ বিপদ নহৈ কাৰ হ’ব?বিপদৰ সময়ত এনেকৈ কান্দি নাথাকি যদি তুমি মোক এজ এ চ’ৰ্চ অৱ ইন্সপাইৰেশ্যন লৈ নতুন স্পেয়াৰৰ যা-যোগাৰ কৰিলাহেতেন,মোৰ ভাল লাগিলহেতেন৷ কিন্তু তুমিতো বাচ্চাৰ দৰে পেনপেনাব লাগিছা৷তুমি মৰ্দ নে না-মৰ্দ-হাঁহিমুখীয়া কৃষ্ণ ক্ৰমাৎ খঙাল হৈ পৰিল৷

: একদম ঠিক কথা ক’লে দাদা৷ সি আকৌ মোকহে লেছন দিয়ে হিৰিম্বালৈ চিঠি লিখি থকা বাবে৷ ই এটা কাপুৰুষ বুজিছে ,’কা’ যোগ ‘পুৰুষ’=কাপুৰুষ-এইবাৰ ভীমে উভটি ধৰিলে৷

:তেনেকৈ উপলুঙা নকৰিবা দেই৷ তোমালোক আটাইকেইটাৰ ভিতৰত ময়েই আটাইতকৈ হেণ্ডছাম ৷ মোৰ বাবে এই দুনীয়াত ষ্পেয়াৰ-পাৰ্ট নোলাবনে!নিশ্চয় ওলাব৷ –হেৰোৱা আত্মবিশ্বাস পুনৰ ঘূৰাই আনি অৰ্জুন ক’লে৷

:ডেটছ্ দ্যা স্পিৰিট!!মোৰ শুভেচ্ছ থাকিল৷যোৱা,নিজৰ কৰ্মত সফল হোৱা৷-কৃষ্ণই কফি এঢোকা গিলিলে৷

:এইখিনিতে এটা প্ৰশ্ন৷ মহাপ্ৰভু!অদূৰ ভৱিষ্যতে আমাৰ দৰে কোনো হতভগীয়াৰ এই একেই সমস্যা হ’ব পাৰে,তেতিয়া সেই বিপদৰ পৰা পৰিত্ৰাণ পাবনে?কাৰণ এইবোৰ হৈছে- এভাৰলাষ্টিং সমস্যা৷ ক’বতো নোৱাৰি কোন,কেতিয়া ক’ত বিপদত পৰে৷তুমি তেতিয়া কি কৰিবা?তেওঁক বিপদৰ সময়ত এৰি থৈ আহিবা?-দুৰদৰ্শী অৰ্জুনে কৃষ্ণৰ ওচৰ চাপি সুধিলে৷

:কদাপি নাহো৷ কিন্তু অৰ্জুন, তোমালোকৰ দৰে সকলো ভাগ্যৱান নহয়৷ অদূৰ ভৱিষ্যতে নাৰীসমাজ অতি শক্তিশালী হৈ উঠিব৷ পুৰুষক দমন কৰিব৷ তেতিয়া কথাবোৰ ওলোটা হ’ব৷ এণ্ড এট ডেট ছিটুৱেশ্যন,আই এম হেল্পলেছ৷

:কৃষ্ণ!! ইমান পাৱাৰফুল হ’ব সিহঁতমখা!

:অকল ইয়াকেই নহয়৷ কেইটামান পুৰুষটো হেণ্ডপেকড্ হৈ যাব৷-কৃষ্ণই ভাবি ভাবি ক’লে৷

:সেইটো কি আকৌ?-ভীমে সুধিলে৷অৰ্জুনৰ চকুত আশ্চৰ্য৷

:পত্নী বা প্ৰেমিকাই হাঁহৰ দৰে পেকপেকাই থাকিলে চকু-কাণ মেলি শুনি থাকিব লাগিব,যি কয় তাকে কৰিব লাগিব৷ উঠ বুলিলে উঠ আৰু বহ বুলিলে বহ৷ মাজে মাজে মাৰ খাবও লাগিব৷ এই ধৰা,হেতাৰ কোব,চেন্দেলৰ চৰ,পেটত ভুকু৷ মানে অকথ্য নিৰ্যাতন৷ ইহঁত এটা নিৰ্লজ প্ৰজাতি৷ আই মিন, এই হেণ্ডপেকড্ জাতিটো৷ ইয়াৰ দৰে দ্বিতীয় এটা জাতি এই দুনীয়াত নাথাকিব,সেইয়াও জানিবা৷ ইহঁত পুৰুষৰ নামত কলংক৷তোমালোক কিন্তু তেনেকুৱা নহ’বা৷

কৃষ্ণৰ বচনসমূহ একান্তমনে শুনি দুয়ো তধা লাগিল৷

:প্লিজ,এটা কাম কৰানা! আমাৰ সেই যুধিষ্ঠিৰ ডালকো তেনেকুৱা বনাই দিয়ানা৷ সি খুব প্ৰিন্সিপালৰ
কথা কৈ থাকে নহয়! এথিক্সৰ কথা কয়৷ পাওক মজাটো সি !-
কিছুপৰ আকাশ-পাতাল ভাবি ভীম আৰু অৰ্জুনে কৃষ্ণক ক’লে৷ তাতেই ক্ষান্ত নাথাকি দুয়ো ফেঁকুৰি ফেঁকুৰি তাৰপিছত কৃষ্ণৰ ভৰিত পৰিলগৈ৷

:তোমালোকৰ পৰা নহ’ব আৰু!উঠা,উঠা৷-কৃষ্ণই দুয়োটাকে উঠাই দিলে৷

:প্লিজ,কৰি দিয়ানা৷ কৰি দিয়ানা৷-দুয়োটায়ে কাকূতি কৰিবলৈ ধৰিলে৷ সিহঁতোএৰি দিয়া ভকত নহয় ৷

:অ’কে বাব অ’কে! তোমালোকৰ ইচ্ছা পূৰণ হওক৷ তথাস্তু!!!

দুৰ্দান্ত প্ৰাচীন হাঁহিটো মাৰি কৃষ্ণই ভীম আৰু অৰ্জুনক অৱশেষত আৰ্শীবাদ দিলে৷ কৃষ্ণৰ পৰা আশ্বাসবাণী লৈ ভীম আৰু অৰ্জুনে বান্দৰে জপিওৱাৰ দৰে জপিয়াবলৈ ধৰিলে৷ আৰ্শীবাদ দি উঠি মুখত মিচিকীয়া হাঁহি লৈ তিনি লোকৰ অধিপতি কৃষ্ণ গৰুড় পক্ষীত উঠিছিলগৈহে৷ তেনেতে কুন্তীদেৱীৰ পাকঘৰৰ দিশৰ পৰা উফৰি অহা এটা প্ৰকাণ্ড কেৰাহীয়ে কৃষ্ণক পুনৰাই মাটিত বগৰাই দিলে৷ কৃষ্ণই একো তৰ্কিবই নোৱাৰিলে৷ ভেলেকা লাগি ইফালে চাইছে,সিফালে চাইছে৷
পিছে,কৃষ্ণৰ এই দুৰ্দশা দেখি ভীম আৰু অৰ্জুনে হাঁহি ৰখাব নোৱাৰিলে৷ দুয়োৰে জোৰদাৰ হাঁহিত গছৰ পাত সৰো সৰো হ’ল৷

বিশাল পাখিকেইখন জোকাৰি সিফালে গৰুড় পক্ষীয়েও গলগলীয়া কণ্ঠেৰে বচন মাতিলে- ” দ্ৰৌপদীৰ কেৰাহীৰ কোবত আক্ৰান্ত হৈয়া ত্ৰিলোকৰ মহাপ্ৰভু কৃষ্ণ মাটিত বাগৰি পৰিলহ৷ তাকে সবে মিলি দেখহ,শুনহ,তথা নিৰন্তৰে হৰি বোল হৰি!!!জয় শ্ৰী কৃষ্ণ!!

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments