টাইটানিক : দৈত্যকায় জাহাজখনৰ অপমৃত্যুৰ ৰহস্য -জীতেন্দ্ৰ জিতু শইকীয়া

১০ এপ্ৰিল, ১৯১২ চন। উত্তৰ আটলাণ্টিক মহাসাগৰৰ হিম শিতল জলৰাশিৰ বুকু ফালি উদ্ধত বক্ষৰে চাউথ এম্পটনৰ পৰা নিউয়ৰ্ক চিটি অভিমুখে আগবাঢ়িছে এখন জাহাজ। আৰ্কিটেক্ট থমাচ এন্ড্ৰিউচৰ আৰ্হিৰে “হাৰ্লেন এণ্ড ওল্ফ শ্বিপয়াৰ্ড” কোম্পানীয়ে সাঁজি উলিওৱা এইখনেই হ’ল সেইসময়ৰ পৃথিৱীৰ আটাইতকৈ বিশাল আৰু বিলাসবহুল জাহাজ। ৰদোজ্জল ৰাতিপুৱাটিত সীমাহীন নীলাৰ মাজত জিলিকি উঠিছে ২৬৯ মিটাৰ দ্ৰৈৰ্ঘ্য, ২৮.১৯ মিটাৰ প্ৰস্থ আৰু ৩২ মিটাৰ উচ্চতাৰে দৈত্যকায় টাইটানিক। ২২২৪ জন যাত্ৰীৰ বেছিভাগেই তেতিয়া মচগুল টাইটানিকে প্ৰদান কৰা সম্ভ্ৰান্তপূৰ্ণ বিলাসিতা উপভোগত। সেইসময়ৰ পৃথিৱীৰ আটাইতকৈ বিশাল আৰু বিলাসবহুল জাহাজখনৰ যাত্ৰী হ’বলৈ পায় তেওঁলোক গৌৰৱান্বিত। ৮৮৫ জন ক্ৰিউ মেম্বাৰেৰে সমৃদ্ধ দৈত্যকায় টাইটানিকৰ কেপ্টেইন এডৱাৰ্ড জন স্মিথৰ মুখত তেতিয়া মিচিকিয়া হাঁহি। তেওঁ সন্তুষ্ট, নিশ্চিন্ত। কাৰণ তেওঁ জানে, টাইটেনিক অপৰাজেয়। কোনো শক্তিয়ে ৰুদ্ধ কৰিব নোৱাৰিব ইয়াৰ দুৰ্দান্ত গতি। ১৪ এপ্ৰিল, ১৯১২ চন। নিশা ১১ মান বাজিছে। উত্তৰ আটলাণ্টিক মহাসাগৰৰ বিশাল বুকু ফালি দ্ৰুতগতিত আগবাঢ়িছে টাইটানিক। সীমাহীন অন্ধকাৰৰ মাজত আঁতৰৰ
পৰা এক চলন্ত পোহৰৰ উৎসৰ দৰে দেখা গৈছে জাহাজখনক। জলৰুদ্ধ বিলাসবহুত কেবিনত সকলো ভয়- সংশয়ৰ পৰা আঁতৰত বিলাসী যাত্ৰীসকল তেতিয়া নিদ্ৰাসুখত ব্যস্ত। বাহিৰত মাইনাচ দুই ডিগ্ৰী ছেলছিয়াছৰ হাঁড় কঁপোৱা শীতলতা। ডাঠ কুঁৱলিৰে আবৃত চৌদিশ। সন্মুখলৈ দৃষ্টি ৰখাৰ জাহাজৰ বিশেষ সঁজুলিৰেও ১০ মিটাৰৰতকৈ বেছি দূৰলৈ ভালদৰে দেখা নোপোৱা অৱস্থাত জাহাজৰ ডেকৰ পৰা সন্মুখলৈ দৃষ্টি ৰখাৰ দায়িত্বত থকা ফ্ৰেডেৰিক ফ্লিটে হঠাৎ লক্ষ্য কৰিলে টাইটানিকৰ গতিপথত এক বৃহৎ বৰফৰ টুকুৰা। ফ্লিটে অতি ক্ষিপ্ৰতাৰে এই ভয়ানক খবৰ জাহাজৰ প্ৰথম বিষয়া উইলিয়াম মাৰড’কক জনায়। মাৰড’কে জাহাজখনৰ গতি নিয়ন্ত্ৰণ কৰি বৰফৰ টুকুৰাটোৰ পৰা বচাব বিচাৰে যদিও তেতিয়ালৈ বহুত পলম হৈ গৈছিল। টাইটানিকৰ সোঁফালৰ সন্মুখভাগে বৰফৰ শৃংগটোত প্ৰচণ্ড জোৰেৰে খুন্দা মাৰে। ফলত জলপৃষ্ঠৰ সলান্তৰালকৈ থকা জাহাজখনৰ ৫টা কম্পাৰ্টমেণ্টত এক বৃহৎ ফাটৰ সৃষ্টি হয় আৰু এই ফাটেৰে পানী সুমাই টাইটানিকৰ সন্মুখভাগ ডুবিবলৈ ধৰে। কোনো পধ্যেই ডুবিব নোৱাৰে বুলি ভবা এই দৈত্যকায় জাহাজখনৰ এই আকস্মিক অঘটনে আনি দিয়া নিশ্চিত মৃত্যুৰ আশংকাই ইতিমধ্যে যাত্ৰীসকলৰ মাজত হাঁহাকাৰৰ সৃষ্টি কৰে। নিজকে মৃত্যুৰ পৰা বচাবলৈ সকলোৱে “লাইফ ব’ট” বোৰৰ ফালে ঢাপলি মেলে যদিও বৃটিছৰ “লেডিচ ফাৰ্ষ্ট” নীতিৰ বাবে প্ৰথমে মহিলা আৰু শিশু সকলকহে আগস্থান দিয়া হয়। আচৰিত কথা যে সেইসময়ৰ সকলোধৰণৰ আধুনিক সুবিধাৰে সজ্জিত টাইটানিকত কিন্তু যাত্ৰীৰ সংখ্যাৰ হিচাপত তিনি ভাগৰ এভাগহে “লাইফ ব’ট” মজুত আছিল। ফলত ২২২৪ জন যাত্ৰীৰ বেছিভাগেই জাহাজখনতে বন্দি হৈ ৰয়। এওঁলোকৰ বেছিভাগেই আছিল পুৰুষ। পানী সুমাই সন্মুখভাগ গধুৰ হৈ যোৱাৰ বাবে জাহাজখনৰ সন্মুখভাগ ডুবি যায় আৰু পাছৰ অংশ জলপৃষ্ঠৰ পৰা দাং খাই পৰে। ফলত জাহাজখন দুটুকুৰ হৈ পৰে আৰু দুৰ্ঘটনাৰ ঠিক ২ ঘণ্টা ৪০ মিনিট মানৰ ভিতৰত সম্পূৰ্ণ জাহাজখন মহাসমূদ্ৰৰ বুকুত বিলীন হয়। জাহাজখন ডুবাৰ বহু আগতেই “কাৰ্ডিয়াক এৰেষ্ট” বা তেনেধৰণৰে অতিপাত শীতৰ বাবে সৃষ্টি হোৱা শাৰীৰিক জটিলতাৰ বাবে ১৫ ৰ পৰা ৩০ মিনিটৰ ভিতৰতে বেছিভাগ যাত্ৰী মৃত্যুমুখত পৰে। হৃদয়বিদাৰক এই দুৰ্ঘটনাত ২২২৪ জন যাত্ৰীৰ ১৫০০ জনৰে মৃত্যু হয়। টাইটানিক সাগৰত বিলীন যোৱাৰ দুঘণ্টামানৰ পিছত RMS Carpathia নামৰ জাহাজখন ঘটনাস্থলিত উপস্থিত হয় আৰু সৰু সৰু “লাইফ ব’ট”ত ভয়ংকৰ শীতত মৃত্যুৰ সৈতে যুঁজি থকা ৭১০ জন যাত্ৰীক উদ্ধাৰ কৰে। টাইটানিক মহাসমূদ্ৰৰ বুকুত বিলীন যোৱাৰ প্ৰায় ৭০ বছৰৰ পিছত, ১৯৮৫ চনত সমুদ্ৰ গহ্বৰৰ ৩৭৮৪ মিটাৰ গভীৰতাত দুটা পৃথক পৃথক টুকুৰাত আৱিষ্কাৰ কৰা হয়।

# # টাইটানিকৰ পতনৰ কাৰণ ——–##
১) টাইটানিকৰ বিশালতাৰ বাবে কেপ্টেইন এডৱাৰ্ড জন স্মিথৰ “টাইটানিক অপৰাজেয়” বুলি ভবাৰ বেপৰোৱা মনোভাৱ। এনে মনোভাৱৰ বাবেই উত্তৰ আটলাণ্টিক মহাসাগৰৰ দৰে ভয়াবহ অঞ্চলতো তেওঁ জাহাজৰ গতি সৰ্বোচ্চ কৰি ৰাখিছিল।
২) টাইটানিকৰ ৰেডিঅ’ অপাৰেটৰ জেক ফিলিপচৰ অসাৱধানতা – তেওঁ আইচবাৰ্গৰ বিষয়ে সাৱধানবাণী কৰা ৰেডিঅ’ জাননীবোৰ আওকাণ কৰিছিল।
৩) জাহাজৰ ডেকৰ পৰা সন্মুখলৈ দৃষ্টি ৰখাৰ দায়িত্বত থকা ফ্ৰেডেৰিক ফ্লিটে বাইন’কুলাৰ ব্যৱহাৰ নকৰা। (অৱশ্যে কুঁৱলীৰে আবৃত তেনে পৰিৱেশত বাইন’কুলাৰে একো সহায় নকৰিলে হয় বুলিও বহুতে কয়।)
৪) আটাইতকৈ ঘাতক কাৰণটো হ’ল জাহাজখনৰ ষ্টিলৰ প্লেটবোৰ জোৰা লগাবলৈ ব্যৱহাৰ কৰা নিম্নমানৰ গজালবোৰ। আইচবাৰ্গত খুন্দা মৰাৰ ফলত এই গজালবোৰ চিঙি যোৱাৰ বাবেই দুৰ্ঘটনাটো ঘটিল।
৫) প্ৰয়োজন অনুসাৰে যথেষ্ট সংখ্যক “লাইফ ব’ট” নথকাটোও ইমানবোৰ মানুহৰ মৃত্যুৰ অন্যতম কাৰণ।

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments