টাইম মেচিন -পিনাকপাণি বৰুৱা

সকলো শেষ হৈ গ’ল৷ অ’তবোৰ আশা, অতবোৰ সপোন ধূলিস্যাৎ হৈ এটা বিকল যন্ত্ৰৰ ৰূপত পৰি আছিল চকুৰ সন্মুখত৷ যোৱা বিশ বছৰে দিন ৰাতি একাকাৰ কৰি কৰা গৱেষণাৰ অন্তত আজি হাৰ মানিলে পদাৰ্থ বিজ্ঞানী ড° অনিমেষ বৰাই৷ কেৱল এই গৱেষণাটোৰ বাবেই কি কি ঘটা নাছিল যোৱা কেইবছৰত তেওঁৰ সৈতে – পাগল বুলি তেওঁক বিশ্ববিদ্যালয়ৰ চাকৰিৰ পৰা খেদি দিয়া হ’ল, পুত্ৰ সন্তানটি লগত লৈ পত্নীও গুচি গ’ল তেওঁক এৰি থৈ৷ কিন্তু ব্যক্তিগত জীৱনৰ সকলো সমস্যাকে আওকাণ কৰি তেওঁ কেৱল মনোনিৱেশ কৰি গৈছিল নিজৰ গৱেষণাৰ কামত৷ ড° বৰাই সদায় বিশ্বাস কৰিছিল যে তেওঁক পাগল বুলি আখ্যা দিয়া প্ৰত্যেকজন মানুহেই এদিন তেওঁক সন্মানৰ চকুৰে চাব৷ কিন্তু ড° বৰাৰ সেই বিশ্বাসো আজি ভাঙি চুৰমাৰ হ’ল৷ মানুহবোৰে ঠিকেই কৈছিল, তেওঁ সঁচাকৈয়ে এটা পাগল৷

স্কুলত পঢ়ি থকাৰ সময়তে ড° বৰাই এইচ্ জি ৱেলচ্‌ৰ ‘দ’ টাইম মেচিন’ নামৰ কিতাপখন পঢ়ি অনুপ্ৰাণিত হৈছিল, সৰুৰে পৰাই পদাৰ্থ বিজ্ঞানৰ প্ৰতি ৰাপ থকা বৰাৰ মনত তেতিয়াই জন্ম হৈছিল এটা টাইম মেচিনৰ কল্পনা৷ যাৰ জৰিয়তে সময় নিয়ন্ত্ৰণ কৰিব পৰা যাব, যাৰ আৱিষ্কাৰৰ পাছত অতীত, বৰ্তমান আৰু ভৱিষ্যতৰ মাজত কোনো পাৰ্থক্য নাথাকিব, ইচ্ছা কৰিলেই অতীতলৈ ঘূৰি গৈ সলনি কৰিব পৰা যাব বৰ্তমান নাইবা আগতীয়াকৈ পোৱা যাব ভৱিষ্যতৰ জাননী৷ এনে এটা যন্ত্ৰ যি পোহৰতকৈও অধিক বেগত ঠেলি দিব পাৰিব যি কোনো বস্তুক, প্ৰত্যাহ্বানিত হ’ব আইনষ্টাইনৰ E=mc2 সূত্ৰ৷ এনেবোৰ উচ্চাকাংক্ষা মনত লৈয়ে ড° বৰাই প্ৰবেশ কৰিছিল পদাৰ্থ বিজ্ঞানৰ জগতখনত৷ ডক্টৰেট ডিগ্ৰী লাভ কৰাৰ পাছত নিজৰ আধা সম্পত্তি বিক্ৰী কৰি ঘৰৰ লগতে সাজি লৈছিল বিশাল এক গৱেষণাগাৰ আৰু আৰম্ভ কৰিছিল তেওঁৰ সপোনক বাস্তব ৰূপ দিয়াৰ প্ৰচেষ্টা৷ পিছে আজি বিশ বছৰৰ গৱেষণাৰ পাছতো সপোনবোৰ সপোন হৈয়ে ৰৈ থকাত তেওঁ নিৰাশ হৈ পৰিছিল৷ তেওঁৰ সকলো পূৰ্বধাৰণাই ভুল যেন অনুভব হৈছিল৷ সময় নিৰন্তৰ গতিশীল, ই নিজ গতিতেই আগবাঢ়ি গৈ থাকিব৷ অৰ্থাৎ প্ৰতি এক ঘণ্টাত ঘড়ীৰ সৰু কাটাডাল এপাকেই ঘূৰিব আৰু সেই একে গতিতেই যাত্ৰা কৰিবলৈ মানুহবোৰো বাধ্য, সম্ভব নহয় তাতকৈ খৰকৈ বা লাহেকৈ গতি কৰাটো-অনুভব কৰিছিল বৰাই৷
অতি হতাশ মন এটা লৈ তেওঁ গৱেষণাগাৰটো ভালদৰে এবাৰ চাইছিল৷ সেই সৰু কোঠাটোতেই আবদ্ধ তেওঁৰ সৰু পৃথিবীখন, তাত পৰি ৰোৱা নিৰ্জীব যন্ত্ৰপাতিবোৰেই তেওঁৰ বন্ধু৷ মনত পৰিছিল তেওঁৰ পত্নীয়ে ঘৰখন এৰি যাবৰ সময়ত কান্দি কাটি কোৱা কথাষাৰ,
“এদিন ইয়াতে গেলি-পচি মৰি থাকিব আৰু বহু দিনলৈ কোনেও গমেই নাপাব৷ ”
এটা যেন প্ৰকাণ্ড ভুল তেওঁৰ জীবনটো- ড° বৰাই অনুভৱ কৰিলে৷ মনৰ হতাশাক বশ কৰি ড° বৰাই সেই মুহূৰ্ততে সংকল্প লৈছিল হেৰাই যোৱা সুখ-শান্তিবোৰ পুনৰ এবাৰ উদ্ধাৰৰ চেষ্টা চলাব বুলি৷ সকলোৰে দৰে সাধাৰণ জীবন এটাই পাৰ কৰিব তেওঁ; তেওঁৰ পত্নী আৰু পুত্ৰৰ লগতে৷ পিছে আহিবনে বাৰু নীৰা ঘূৰি? এই গৱেষণাটো চলি থকালৈকেতো কোনোপধ্যেই নাহিব৷ সেই ভাবিয়েই ড° বৰাই এটা প্ৰকাণ্ড তলা লগাই দিছিল সন্মুখৰ দুৱাৰত৷ সেই তলা কোনোদিনে নোখোলোঁ বুলি শপত খাই বৰা নিজৰ শোৱনী কোঠালৈ আহিল৷ কোঠাটোৰ ওপৰছোৱাত মকৰাই এখন সাম্ৰাজ্যৰ সৃষ্টি কৰিছিল, মজিয়াতো পৰি ৰৈছিল বিভিন্ন ধৰণৰ আবৰ্জনা৷ কাপোৰৰ দমৰ মাজত লুকাই থকা বিছনাখন পাৰ হৈ তেওঁ কাষ চাপিল চুকৰ দাপোনখনৰ৷ ডাঢ়ি-চুলিৰ মাজত লুকাই পৰিছিল প্ৰকৃত চেহেৰা৷ দাপোনৰ ওপৰতে লাগি থকা দীপাংকৰৰ ফটোখন এৰুৱাই আনি ধূলিৰ চামনি মোহাৰি দিছিল ড° বৰাই, মনত পৰিছিল পুতেকৰ সৈতে কটোৱা মুহূৰ্তবোৰৰ৷ ৰজা-ৰাণীৰ সাধুৰ বিপৰীতে ড° বৰাই পুতেকক শুনাইছিল বিজ্ঞানৰ সাধুহে, সিও অবশ্যে বৰ মন দি শুনিছিল গম্ভীৰ যেন লগা কথাবোৰো৷ দীপাংকৰে কথাবোৰ বুজি পোৱা হোৱাৰ পৰাই বিশ্বাস কৰিছিল দেউতাকে এদিন টাইম মেচিন এটা সঁচাকৈয়ে সাজি উলিয়াব বুলি৷
কাষৰ কোঠাটোৰ পৰা ঝাড়ু, চাবোন আদি আনি বৰাই ঘৰখনৰ লগতে নিজকো এক নতুন ৰূপ দিয়াৰ চেষ্টা চলালে৷ পিছে এই কামো যেন নতুন গৱেষণাৰ দৰেই জটিল আছিল৷ গোটেই দিনটো খৰচ কৰিও ঘৰটোক পূৰ্বৰ ৰূপ দিয়াত সম্পূৰ্ণৰূপে সফল নহ’ল তেওঁ৷ আবেলি প্ৰায় চাৰিমান বজাত সেই কাম সামৰি গা-পা ধুই চফা কাপোৰ এযোৰ পৰিধান কৰি তেওঁ ওলাই আহিছিল বাহিৰলৈ৷
ঘৰৰ সন্মুখৰ পাৰ্কখনৰ মাজত সৰু ল’ৰা এটাক দেউতাকৰ সৈতে খেলি থকা দেখি পুনৰ এবাৰ বাৰ-তেৰ বছৰৰ আগৰ স্মৃতিবোৰ ঘূৰি আহিছিল তেওঁৰ মনলৈ৷ দুবছৰ আগতে শেষবাৰ দীপাংকৰক লগ পাইছিল তাৰ এঘাৰতম জন্মদিনৰ দিনা, হাতত সৰু কেক এটা লৈ ৰাতিপুৱাই সি আহিছিল সেইদিনা ঘৰলৈ মোমায়েকৰ সৈতে৷ দিনটো একেলগে খেলা-ধূলা কৰাৰ পাছত গধূলি মোমায়েকে পুনৰ নিবলৈ আহোতে কান্দো কান্দো হৈ পৰিছিল ল’ৰাটো৷ সেমেকি পৰিছিল ড° বৰাৰ চকুহালো৷
দীপাংকৰ আৰু তাৰ মাকক ঘৰলৈ ওভতাই অনাৰ উদ্দেশ্যেৰে আগবাঢ়ি গৈছিল তেওঁ৷ কিন্তু কিছু খোজ দিয়াৰ পাছতে এনে অনুভব হৈছিল যেন কোনোবাই তেওঁক অনুসৰণ কৰি আছে৷ পিছফালে ঘূৰি চাই তেওঁ নিজৰ চকুক বিশ্বাস কৰিব পৰা নাছিল৷ হতভম্ব হৈ তেওঁ চাপি আহছিল তেওঁৰ চেহেৰাৰ সৈতে প্ৰায় একে চেহেৰাৰ মানুহজনৰ কাষলৈ৷
“কোন তুমি?”-চকু ডাঙৰ কৰি ড° বৰাই সুধিছিল৷
“দেউতা”- মানুহজনে উত্তৰ দিছিল৷
দীপাংকৰ? -মনতে চিঞৰি উঠিছিল ড° বৰা, কিন্তু দীপ ইমান ডাঙৰ কেনেকৈ হৈ যাব পাৰে দুবছৰতে৷ সন্মুখ ৰৈ থকা মানুহজনৰ বয়সটো চল্লিশৰ কম নহয়৷
“ইট্চ নট্ পচিবল৷ মোৰ ল’ৰা বহুত সৰু হৈ আছে৷ সঁচা কথা কোৱা, কোন তুমি?”
“মই দীপেই হয় দেউতা৷ মোৰ বয়স বৰ্তমান আঠচল্লিশ৷”
“কেনেকৈ?”-বৰাৰ চকুত তেতিয়াও আছিল আশ্চৰ্য্যৰ ভাব৷
“আহা মোৰ লগত৷”-বুলি প্ৰায় সমবয়সীয়া দীপাংকৰে দেউতাকক লৈ গ’ল জোপোহাৰ আঁৰলৈ৷ পুনৰ এবাৰ আচম্বিত হৈ উঠিল ড° বৰা, সেই স্থানত যে তেওঁ দেখা পাইছিল অতদিনে গৱেষণাগাৰত তৈয়াৰ কৰি থকা ধৰণৰে এখন বাহন৷
“এইখনচোন মই বনাই থকা ….”
“ঠিকেই ধৰিছা৷ এইখন তুমি নিৰ্মাণ কৰি থকা বাহনখনেই৷ তোমাৰ মৃত্যুৰ পাছৰে পৰাই আইনষ্টাইনৰ বিশেষ আপেক্ষিকতাবাদৰ ওপৰত তুমি কৰা গৱেষণাবোৰ মই আগুৱাই নিছিলোঁ৷ পোহৰতকৈ অধিক গতিবেগত আগবঢ়া যান এখন সৃষ্টি কৰাটো প্ৰথম অবস্থাত প্ৰায় অসম্ভব যেনেই লাগিছিল৷ বহুতো নতুন নতুন ইঞ্জিন ডিজাইন কৰিছিলো কিন্তু ৩০০০০০ মিটাৰ/ চেকেণ্ডতকৈ অধিক গতি লাভ কৰিবলৈ সফল হ’ব পৰা নাছিলোঁ৷ বহুত ৰিস্ক লৈ সহায় লৈছিলোঁ পাৰমাণবিক শক্তিৰো, কিন্তু ১০০০০০০ মিটাৰ/ চেকেণ্ডতকৈ অধিক গতি সম্ভব হোৱা নাছিল৷ কিন্তু এদিন এই পাৰ্কতে বহি মই মানুহ এজনক নিজৰ কণমানি পুতেকৰ সৈতে খেলি থাকোতেই বিচাৰি পাইছিলোঁ অসম্ভবকো সম্ভব কৰিব পৰা বুদ্ধিটো৷ মানুহজনে ল’ৰাটোক দাঙি ঘূৰাই আছিল বতাহতে এটা বৃত্তৰ সৃষ্টি কৰি, হাঁহি হাঁহি ঘূৰি থকা ল’ৰাটোৰ হাতত থকা টেনিছ বলটো এটা সময়ত সি দলিয়াই দিছিল গাৰ জোৰেৰে৷ বহুত দূৰৈত গৈ পৰা বলটোয়ে মোক বাৰুকৈয়ে আকৰ্ষিত কৰিছিল৷ দেউতাকে ঘূৰাই নথকা হ’লে ল’ৰাটোয়ে ইমান দূৰলৈ কেতিয়াও দলিয়াব নোৱাৰে বলটো৷ লগে লগেই মই দৌৰিছিলোঁ আমাৰ গৱেষণাগাৰটোৰ দিশত আৰু আৰম্ভ কৰিছিলোঁ এনে এটা তীব্ৰবেগী গোলক সৃষ্টিৰ কাম যাৰ বাহিৰত লাগি থাকিব অসংখ্য পিষ্টন-চিলিণ্ডাৰৰ যোৰা৷ পাৰমাণবিক শক্তিত চালিত হ’বলগীয়া এই পিষ্টনবোৰে অতিৰিক্তভাবে লাভ কৰিব ঘূৰি থকা গোলকটোয়ে প্ৰদান কৰা অপকেন্দ্ৰিক বলো৷ ফলত সৃষ্টি হ’ব সেই অপৰীসীম শক্তিৰ যি যানখনক দিব পোহৰতকৈও অধিক গতি৷
আৰু সেইদৰেই বহু কষ্ট, বহু বিফলতাৰ পাছত অবশেষত মই সফল হ’লোঁ পোহৰতকৈও অধিক গতিবেগত যাত্ৰা কৰা এই যানখন নিৰ্মাণ কৰি উলিয়াবলৈ৷ দেউতা, মই সফল হ’লোঁ তোমাক ঘূৰাই আনিবলৈ মোৰ কাষলৈ৷ কোনোবাই ঠিকেই কৈছিল, মনৰ পৰা অতি গভীৰভাবে কিবা এটা বিচাৰিলে সি এদিন নহয় এদিন তোমাৰ কাষ চাপি আহিবয়ে৷ ”
“কিন্তু মোৰ মৃত্যুৰ পাছত মানে?”
দীপাংকৰে এক হুমুনিয়াহ কাঢ়ি কৈ গৈছিল,
“তুমি বহুত বুজোৱাৰ পাছতো মা মান্তি নহয় তোমাৰ সৈতে ঘূৰি অহিবলৈ আজি৷ ফলত নিৰাশ মনেৰে তুমি উভতি আহিবা ঘৰলৈ আৰু নিজকে পুনৰ এবাৰ আবদ্ধ কৰি ল’বা ঘৰৰ ভিতৰত৷ লাহে লাহে ঘৰৰ ভিতৰত নিসংগে কোনো কাম নকৰাকৈ থাকি থাকি তোমাৰ দেহাও বেয়াৰ ফালে ঢাল খাব৷ আৰু এদিন … জীয়াই থকাৰ ইচ্ছা পৰিহাৰ্ কৰি তুমি বাচি ল’বা জীৱনটো শেষ কৰি পেলোৱাৰ সিদ্ধান্তক”৷
“মই আত্মহত্যা কৰিম? ”-আচৰিত হোৱাৰ দৰে হৈ বৰাই সুধিছিল৷
“অ’, এইখন তুমি শেষ মুহূৰ্তত লিখা চিঠিখন৷”-অতি পুৰণি কাগজ এখন জেপৰ পৰৰ উলিয়াই দীপে দেউতাকক দিলে৷
ড° বৰাই চিঠিখন লৈ যানখনৰ কাষতেই বহিছিল আৰু পঢ়িছিল নিজৰ অন্তিম সময়ত লিখা কথাবোৰ৷
‘মোৰ চিন্তা, মোৰ ধাৰণা মোৰ পূৰ্বানুমান সকলো ভুল৷ গোটেই জীৱনটোয়ে মোৰ অৰ্থহীন৷ জীয়াই থকাৰো যে আৰু অৰ্থ নাই৷ অবাস্তব বস্তুৰ পিছত অত দিনে দৌৰি নাথাকি মই যদি নিজৰ ঘৰ-সংসাৰৰ প্ৰতি অলপ ধ্যান দিলোঁহেঁতেন, এবাৰলৈও যদি শুনিলোঁহেঁতেন নীৰাৰ কথা৷ আজি এই অবস্থা নহ’লহেঁতেন মোৰ৷’
শেষ বাক্যটি পঢ়ি চলচলিয়া হৈ পৰা চকুহাল লৈ এবাৰ হাত বুলাই চাইছিল তেওঁ যানখন৷ অতবছৰে মনত সাঁচি ৰখা চিন্তাবোৰ অনৰ্থক আছিল বুলি ভাবিয়ে প্ৰাণ ত্যাগ কৰিছিল তেওঁ৷ কিন্তু সেই মুহূৰ্তত নিজকে শুদ্ধ বুলি জানি বাধাহীনভাবে বৈ আহিছিল আনন্দৰ চকুলো, চিঞৰি চিঞৰি তেওঁৰ ক’ব মন গৈছিল, মই পাগল নহয়, মই পাগল নহয়৷
অবশ্যে আনন্দৰ মাজতো মনত টুকুৰিয়াই থকা এটা প্ৰশ্নক অবজ্ঞা কৰিবলৈ তেওঁ সক্ষম হোৱা নাছিল,
“পোহৰতকৈ অধিক বেগত গৈ ভবিষ্যত চোৱাটো সম্ভব, কিন্তু অতীতলৈ ঘূৰি অহাটো?”
চিন্তাৰ ৰেখা কপালত আঁকি বৰাই সুধিছিল৷
“তোমাৰ একমাত্ৰ সেই ধাৰণাটোয়ে ভুল আছিল দেউতা, বাস্তবত তাৰ বিপৰীতটোহে হয়৷”
“কিন্তু কেনেকৈ?”
“আহা, দেখাই আছো৷”-বুলি দীপাংকৰে দেউতাকৰ হাতত ধৰি লৈ গ’ল পাৰ্কৰ মাজত থকা ডাঙৰ বৰ গছজোপাৰ কাষলৈ৷
“ধৰি লোৱা তুমি দৌৰি আছা গছজোপাৰ চৌদিশে নিজৰ গতিত, এতিয়া যদি তোমাৰ গতি বঢ়াই পোহৰতকৈ অধিক কৰি দিয়া হয় তেন্তে কি হ’ব?”-দীপাংকৰে দেউতাকক ভাবিবলৈ বাধ্য কৰি সুধিলে৷
“মই ঘূৰি আহি নিজৰে পিঠিটো দেখা পামহি কাৰণ মোৰ গাত প্ৰতিফলিত হৈ আগবঢ়া পোহৰ মোতকৈ পিছতহে থাকিব৷”-অলপ পৰ ভাবি বৰাই উত্তৰ দিলে৷
“ঠিক, তাৰমানে কি? তুমি নিজৰ অতীতটো দেখা নাপালাহি জানো ঘূৰি আহি৷”
“বুজিছোঁ, যিমানেই পোহৰতকৈ অধিক বেগত মই গতি কৰি থাকিম সিমানেই পূৰ্বে ঘটিত পৰিঘটনাবোৰ আহি থাকিব মোৰ চকুৰ আগলৈ৷ কিন্তু উভতিম কেনেকৈ? ভবিষ্যতলৈ কেনেকৈ যাম?”
একো নামাতি কাষতে মনে মনে বহি আছিল দীপ৷
“কোৱা দীপ, ভবিষ্যতলৈ কি দৰে যাব পাৰি? তুমি কেনেকৈ ঘূৰি যাবা?”
“মই আৰু ঘূৰি যাব নোৱাৰোঁ দেউতা৷ মোৰ সন্মুখ অতীতৰ দিশৰ বাটহে আছে, ভবিষ্যত নাই৷ তোমাক মাৰ ওচৰলৈ নি সকলো কথা বুজাবলৈহে মই আহিছোঁ যে তুমি পাগল নহয়, তোমাৰ চিন্তাবোৰ অনৰ্থক নহয়৷ গতিকে ব’লাচোন যাওঁ মাৰ ওচৰলৈ৷”-দীপে চিন্তাৰ ৰেখা স্থায়ী কৰি দেউতাকক লৈ আগবাঢ়িল৷
“যানখন ইয়াত থাকক নে?”-বৰাই সুধিলে৷
“থাকক, মই কাষত নাথাকিলে ইয়াৰ ল’ক কোনোপধ্যে খোল নাখায়৷”
“গুড”-বুলি কৈ বৰাই দীপৰ খোজৰ লগত খোজ মিলালে৷
মাকে একে চেহেৰাৰ দুটা মানুহৰ কথাবোৰ বিশ্বাস কৰিবলৈ প্ৰথম অবস্থাত টান পাইছিল যদিও দীপে কেৱল সি আৰু মাকে জনা বহুতো কথা ব্যক্ত কৰাত তেওঁ মান্তি হ’ল, তেওঁ মান্তি হ’ল যে তেওঁৰ গিৰিয়েকৰ চেষ্টাবোৰ অবান্তৰ নাছিল, তেওঁ মান্তি হ’ল যে তেওঁ ভুল আছিল, তেওঁ মান্তি হ’ল যে এদিন বিয়া কৰাই লৈ যোৱা মানুহজন পাগল নহয়৷
“মই পাগল নহয় নীৰা, মই পাগল নহয়৷”
“অ’ অ’ তুমি পাগল নহয়”-সাৱটি ধৰি নীৰাই কৈছিল, “আমি আকৌ আগৰ দৰে থাকিম, সুখত, আনন্দত৷ কিন্তু…”
“কিন্তু কি?”
“তুমি কথা দিয়া তুমি পুনৰ গৱেষণাৰ কামত ব্যস্ত হৈ ঘৰ-সংসাৰৰ কথা পাহৰি নোযোৱা বুলি!”
“নাযাওঁ, তেনে হোৱাৰ প্ৰশ্নই নাহে৷ মই অতদিনে কপালৰ ঘাম মাটিত পেলাই যি প্ৰমাণ কৰিব বিচাৰি আছিলোঁ সেয়াটো মোৰ পুত্ৰই প্ৰমাণ কৰিয়ে দিলে৷ মন মোৰ শান্ত আজিৰ পৰা, নিজকে সঁচা বুলি প্ৰমাণ কৰিবৰ আৰু প্ৰয়োজন নাই মোৰ৷”-বহুত দিনৰ মূৰত হাঁহিটো মুখত জিলিকিছিল তেওঁৰ৷ লগে লগে তেওঁ ঘূৰি চাইছিল পিছফালে,
“অত বছৰৰ মূৰত তোমালোকক পুনৰ একেলগে দেখা পাই বহুত ভাল লাগিছে আজি৷ মোৰ ইমান দিনৰ কষ্ট সাৰ্থক হ’ল৷ পিছে মই পলম নকৰোঁ, অন্য কোনোবাই দেখিলে বহুত প্ৰশ্নৰ সৃষ্টি হ’ব পাৰে৷ মই গৈ থাকোঁ, অবশ্যে যোৱাৰ আগতে মোৰ কণমানি ৰূপটোক চাই যাওঁ এবাৰ৷”-বুলি কৈ ভবিষ্যতৰ দীপে জুমি চাইছিল ভিতৰৰ ফালে য’ত শুই আছিল বৰ্তমানৰ কণমানি দীপ৷
ক্ষন্তেক পিছতে ভবিষ্যতৰ দীপে বিদায় মাগি গুচি গৈছিল অতীতৰ কোনো হেৰুৱা স্মৃতি বিচাৰি৷

প্ৰায় একমাহ পিছৰ কথা৷ নীৰাই মিঠাইৰ পেকেটটো লৈ সোমাই গৈছিল তেজপুৰৰ লোকপ্ৰিয় গোপীনাথ বৰদলৈ মানসিক চিকিৎসালয়ৰ ডাক্টৰ ৰাকেশ শৰ্মাৰ চেম্বাৰৰ ভিতৰলৈ৷
“কেনে আছে এতিয়া বৰা?”-ৰীমাক দেখি ডা: শৰ্মাই অতি আশাৰে সুধিলে৷
“একদম ভাল এতিয়া, কোনেও ক’বই নোৱাৰিব তেওঁ যে অত বছৰ ধৰি পাগলখানাত সোমাই আছিল৷ আপুনি কিন্তু সাক্ষাৎ ভগবান ৰূপেই আহিছে দেই আমাৰ জীবনলৈ৷ ইমানখিনি কষ্ট কোনেনো কৰে নহ’লে মাত্ৰ এজন ৰোগীক ঠিক কৰিবলৈকে?”
“মই মাত্ৰ মোৰ কৰ্তব্যটোহে পালন কৰিছোঁ দিয়ক৷ আৰু ধন্যবাদ সেই ওপৰত থকা প্ৰকৃত ভগৱানক দিয়ক যি মোক লগ কৰাই দিছিল আপোনাৰ পতিৰ সৈতে দেখাত হুবহু একে ব্যক্তিজনৰ সৈতে৷ তাতে তেওঁ আকৌ ইমান ভাল অভিনয়ও কৰিব পাৰিলে৷”
“সঁচায়ে, তেওঁক যিমান ফীজ দিয়া হ’ল তাতকৈ তেওঁ বহুত গুণ বেছি মূল্যৰ কাম কৰি গ’ল৷ পিছে মেইন ক্ৰেডিট মই আপোনাকে দিম, ইমানখিনি অধয়্যন কৰি ইমান সুন্দৰভাবে পৰিকল্পনা ৰচি সফল ৰূপ দিয়াটো সহজ কথা নাছিল৷ তাতে কি সঠিকভাবে আপুনি সাজু কৰিছিল অভিনেতাজনক, সেয়াও প্ৰশংসনীয়৷ এওঁৰ সকলো প্ৰশ্নৰে উত্তৰ আছিল অভিনেতাজনৰ মুখত৷”
“আচলতে বিজ্ঞানৰে মানুহ বাবে এইবোৰ বিষয়ত অধ্যয়ন কৰি ভালেই পাওঁ৷ তথাপি বৰাৰ দৰে ইমান চোকা মানুহ এজনক পাগলা ফাটেকত দেখি মোৰো বেয়া লাগিছিল৷ তেওঁৰ গৱেষণাৰ সময়ত ব্যবহৃত কাগজ-পত্ৰবোৰ চাই ময়ো অনুপ্ৰাণিত হৈছিলোঁ৷ আচলতে মন তেতিয়াই বান্ধি লৈছিলোঁ এই হাৰ মানিব নোখোজা মানুহজনক মই সুস্থ কৰিহে এৰিম বুলি আৰু তেওঁৰ সেই কাগজসমূহত পোৱা তথ্যবোৰেই সহজ কৰি তুলিছিল স্ক্ৰীপ্টখন লিখাত৷” -ডা: শৰ্মাই চছমাযোৰ খুলি গৰ্বৰ হাঁহিটো মাৰি কৈছিল৷
“এতিয়া পিছে সকলো আগৰ দৰে হৈ পৰিল, যাৰ বাবে চিৰ জীৱন কৃতজ্ঞ হৈ ৰ’ম মই আপোনাৰ৷ পিছে অভিনেতাজনকহে ভালদৰে ধন্যবাদ কোৱা নহ’ল৷ তেওঁৰ ফ’ন নাম্বাৰ আছে নেকি আপোনাৰ লগত বাৰু?”
“ফ’ন নাম্বাৰ আছে কিন্তু লাভ নাই৷ ফ’ন কৰিলে নাম্বাৰটোৰ বৰ্তমান অস্তিত্বই নাই বুলি কয়৷ তেওঁ কাম কৰা নাটকখনৰ পৰিচালকৰ লগতো কথা পাতিছিলোঁ৷ পৰিচালকজনে কোৱা মতে মানুহজন কেইদিনমানৰ বাবেহে আছিল জড়িত হৈ, ইয়াৰ পৰা যোৱাৰ পিছত পুনৰ তেওঁ যোগদান কৰাই নাছিলগৈ নাট্যগোষ্ঠীৰ লগত৷”
“অ’, তেওঁ আকৌ ক’ত হেৰালগৈ৷”-নীৰাই কৈছিল, “যি কি নহওক, কেতিয়াবা খবৰ পালে জনাব মোকো৷”-বুলি কৈ মানুহজনীয়ে বিদায় মাগিছিল৷
সাতবছৰ পূৰ্বে সম্পূৰ্ণৰূপে মানসিক ভাৰসাম্যতা হেৰাই পেলোৱা বৰাক আনি পগলাফাটেকত ভৰ্তি কৰোৱাৰ পাছত পগলা ফাটেকৰ চুকৰ ভঙা-চিঙা ঘৰটোকে নিজৰ ঘৰৰ গৱেষণাগাৰটো বুলি ধাৰণা কৰি লৈছিল তেওঁ৷ আশে-পাশে থকা ভগা লোহাৰ-লক্কৰবোৰ গোটাই তেওঁ ইফাল-সিফাল কৰি পুনৰ চেষ্টা কৰিছিল টাইম মেছিন গঢ়াৰ৷ পিছে সফলতা নাপাই নিৰাশ হৈ পৰিছিল মানুহটো৷ পিছলৈ এইবোৰ কাম বাদ দি চুক এটাত অনবৰতে বহি থকা দেখি ডা: শৰ্মাই বৰাক ঘৰলৈ পঠাই দিয়াটোয়েই উচিত বুলি ভাবিছিল, ভাবিছিল মানুহজনৰ মূৰৰ পৰা গৱেষণাৰ ভূতটো আঁতৰিল বুলি৷ ভাবিছিল পৰিয়ালটো পুনৰ লগ পালে মানুহজন আগৰ অৱস্থালৈ ঘূৰি আহিব বুলি৷ সেই ভাবিয়ে তেওঁক প্ৰেৰণ কৰা হৈছিল ঘৰলৈ৷ পিছে দুদিনমান মন মাৰি থকাৰ পিছত পুনৰ আৰম্ভ হৈছিল তেওঁৰ পাগলামি৷ খোৱা-বোৱা বাদ দি দিন-ৰাতি গৱেষণাগাৰতে ঘটং-মটং কৰি থাকি অশান্তিৰ সৃষ্টি কৰিছিল নিজৰ পৰিয়ালৰ লগতে আশে-পাশে থকা মানুহবোৰৰো৷ ফলত অনিচ্ছা সত্বেও তেওঁক পুনৰ আনি ভৰ্তি কৰা হৈছিল ফাটেকত আৰু তেতিয়াৰ পৰা তেওঁ তাতে আছিল৷ পগলাফাটেকৰ চুকত থকা ঘৰটোকে নিজৰ গৱেষণাগাৰ বুলি ভাবি৷
বৰাক সুস্থ কৰাৰ উপায় বিচাৰি থকা ডা: শৰ্মাই আশা দেখিছিল দুমাহ পূৰ্বে গুৱাহাটীৰ ৰবীন্দ্ৰ ভৱনত অনুস্থিত এখন নাটক চাবলৈ যাওতে৷ বৰাৰ সৈতে দেখাত হুবহু একে অভিনেতাজনক দেখিয়েই ডা: শৰ্মাৰ মনত ৰচিত হৈছিল এক নিখুঁট পৰিকল্পনাৰ যাৰ সফল ৰূপায়নে পুনৰ ঘূৰাই আনিছিল হতাশাই কাঢ়ি নিয়া ডা° বৰাৰ সুস্থ মানসিক অবস্থাক৷

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments
কপি নকৰিব, অনুগ্ৰহ কৰি লিংকটো বিলাই দিয়ক