টাইৱানৰ চিঠি – কেণ্টিঙ চহৰ, প্ৰশান্ত মহাসাগৰ, জোনাক ইত্যাদি (খণ্ড-২) : মনোজ মন কলিতা

পিছদিনাখন কাহিলী পুৱাতেই আমি আটাইবোৰে শেতেলী এৰিলো | নিশাৰ প্ৰচণ্ড সাগৰীয় বতাহে চলোৱা তাণ্ডৱ পুৱালৈ কিছু শাম কাটিছিল যদিও ওৰেটো নিশা মনত কিছু হ’লেও ভয়ে দোলা দি থাকিল, ফলত শান্তিৰে শুবলৈ নোৱাৰিলো আৰু পুৱা অলস অলস ভাৱেৰে বাহিৰলৈ ওলাই আহিলো | পুৱাৰ কেঁচা ৰ’দজাক যেন মোৰ বাবেই ৰৈ আছিল, কোঠাৰ কাষতেই দুজোপা গছত আটোমটোকাৰিকৈ বান্ধি থোৱা দোলনা-বিছনাখনত নিজকে এৰি দিলো | কোমল ৰ’দজাকৰ সৈতে বলি থকা শীতল বতাহজাকে মুহূৰ্ততে সকলো অলসভাৱ আঁতৰাই লৈ গ’ল | কিছুপৰ আপোনপাহৰা হৈ পৰাৰ পাছত বন্ধু কেইজনৰ মাতত নিজকে ওভতাই পাওঁ | খন্তেকতে গা-পা ধুই আজৰি হৈ ল’লো আৰু আমাৰ পৰৱৰ্তি যাত্ৰাৰ বাবে আটাইবোৰ সাঁজো হ’লো | কথামতে সময়ত মিচেছ ৱাঙ নিজৰ গাড়ীৰে সৈতে উপস্থিত হ’ল আহি আৰু আমিও গাড়ীত উঠি পৰিলো | এইবাৰ আমাৰ গন্তব্যস্থান কেণ্টিঙ ৰাষ্ট্ৰীয় উদ্যানৰ আন এটা ভাগ | এই ভাগ বিখ্যাত ইয়াৰ প্ৰৱাল বলয় অথবা ক’ৰাল ৰিফৰ বাবে | কিছুদূৰ যাত্ৰাৰ অন্তত গন্তব্যস্থানত উপস্থিত হ’লো আৰু নামমাত্ৰ মূল্যৰ বিনিময়ত উদ্যানৰ ভিতৰত প্ৰৱেশ কৰিলো | সেউজীয়া মুকলি পথাৰ আৰু মাজে মাজে ঘন অৰণ্যৰ সমাহাৰ এই অংশত | অৱশেষত ঢৌৰ প্ৰচণ্ড গৰ্জনে সোৱঁৰাই দিলে সাগৰ নিচেই কাষত | ঘন অৰণ্য পাৰ হৈয়ে চকুত পৰিল প্ৰৱালৰ পাৰ | শিলৰ দৰে কঠিন হৈ পৰা প্ৰৱালৰ ওখোৰা-মোখোৰা পৃষ্ঠ-সমূহত খোজ কঢ়াতো বৰ এটা সুবিধাজনক নহয় | এই প্ৰৱালসমূতেই মাজে মাজে কিছুমান সৰু-বৰ গহ্বৰ আছে য’ত পানী জমা হৈ বহু সৰু-সুৰা সাগৰীয় উদ্ভীদ তথা প্ৰাণীৰ বাস্থান হৈ পৰিছে | আকাশী-নীলা এই সাগৰৰ পানী দেখি মন আপ্লুত হৈ পৰিল, ইমান দিনে টেলিভিছনৰ পৰ্দাতহে দেখি আহিছিলো এনে প্ৰৱাল আৰু ইয়াৰ আকাশী-নীলা পানী | কিছুপৰ সাগৰৰ কোলাহলত নিজকে বিলাই দি আমিবোৰ আগবাঢ়িলো সাগৰীয় জাহাজক দিশ দেখুওৱা আৰলুৱানবি অথবা ইলুৱান পাই অথবা ইলুৱানবি লাইটহাউছ চাবলৈ | ১৮৬০ ৰ দশকত বহু জাপানী আৰু মাৰ্কিন জাহজ দূৰ্ঘটনাত পতিত হোৱাৰ পৰিপেক্ষিতত দুইখন দেশৰ চৰকাৰৰ নেৰা-নেপেৰা অনুৰোধৰ বাবে চীনা চৰকাৰে এই লাইটহাউছটো ১৮৮৩ চনত নিৰ্মাণ সম্পূৰ্ণ কৰি উলিয়াইছিল | নিৰ্মাণৰ এই দিঘলীয়া সময়ৰ আঁৰত আছিল এই অঞ্চলৰ আদিবাসী লোকসকলৰ পৰা পোৱা প্ৰচণ্ড বাধা তথা হিংসাত্মক আক্ৰমণ | ইয়াৰ ফলস্বৰূপে চীনা চৰকাৰে এই লাইটহাউছৰ চাৰিওকাষে বৰতোপৰ সৈতে ওখ ওখ দেৱালৰ এক প্ৰাচীৰ দিবলগীয়া হৈছিল | বৰ্তমান সময়ত আদিবাসীসকলৰ পৰা কোনো ভয় নাই যদিও সেই দেৱাল আজিও বিৰাজমান আৰু ইয়াৰ বাবেই এই লাইটহাউছ পৃথিৱীবিখ্যাত | সমগ্ৰ পৃথিৱীত দেৱালেৰে আৱৰা লাইটহাউছ বিৰল | ইয়াত থিয় হ’লে দূৰ-দূৰলৈ মাথো সাগৰ আৰু সাগৰহে দেখিবলৈ পোৱা যায় |
কিছুসময় ইয়াৰ সৌন্দৰ্য্য উপভোগ কৰাৰ পাছত পুনৰ আমি গাড়ীলৈ বুলি আগবাঢ়িলো| এইবাৰ আমাৰ গন্তব্যস্থান “ৰাষ্ট্ৰীয় জীৱ-বিজ্ঞান সংগ্ৰাহালয় আৰু জলজীৱালয়” অৰ্থাত্‍ “নেচনেল মিউজিয়াম অৱ মেৰাইন বায়ল’জি এণ্ড একুৱাৰিয়াম” | এই সংগ্ৰাহালয়ৰ পৰিকল্পনা ১৯৯১ চনতেই কৰা হৈছিল কিন্তু ইয়াক দৰ্শকৰ বাবে মুকলি কৰি দিয়া হয় ২০০০ চনত | এই সংগ্ৰাহালয়ক আৱৰি থকা জল-উদ্যাদনখন টাইৱানৰ ভিতৰতেই আকাৰত সৰ্ববৃহত | উদ্যানখনৰ মুঠ মাটিকালি ৯৬.৮১ হেক্টৰ আৰু কেৱল মাথো সংগ্ৰাহালয়ৰেই আকাৰ ৩৫.৮১ হেক্টৰ | সংগ্ৰাহালয়খন তিনিটাভাগত বিভক্ত, (ক) টাইৱান জলৰাশি (ৱাটাৰ অৱ টাইৱান), (খ) প্ৰৱাল সাম্ৰাজ্যৰ দৰ্শনী ( ক’ৰেল কিংদম পেভিলিয়ন) আৰু (গ) বিশ্ব-জলৰাশি দৰ্শনী ( ৱৰ্লড ৱাতাৰ পেভিলিয়ন) | ইয়াতেই আছে সমগ্ৰ এছিয়া মহাদেশৰ ভিতৰতেই দীৰ্ঘতম জলপৃষ্ঠৰ তলেৰে যোৱা ৮১ মিটাৰ দৈৰ্ঘ্যৰ সুৰংগ | এই সুৰংগৰ মাজেৰে পাৰ হৈ গ’লে অনুভৱ কৰিব পাৰি সাগৰ পৃষ্ঠৰ তলৰ সৌন্দৰ্য্য | এই উদ্যানতেই আমি পূৰ্ব-পৰিকল্পনা মতে জুতি বাইদেউ, দিগন্ত ভিনদেউ আৰু বৰ্মা (দিগন্ত ভিনদেউৰ মাতৃ) ৰ সৈতে মিলিত হ’লো আৰু আটায়ে মিলি উদ্যান তথা সংগ্ৰাহালয় উপভোগ কৰাত ব্যস্ত হৈ পৰিলো | ইয়াতেই দেখিবলৈ পালো বৃহত তিমি চাৰ্ক, জেলি মাছ, ইল মাছকে ধৰি সাগৰৰ অতল গহ্বৰত থকা সাধাৰণতে দেখিবলৈ নোপোৱা আচৰিত আচৰিত কিছুমান জীৱ তথা উদ্ভিদ | মাজতে এবাৰ দেখিবলৈ পালো এক প্ৰদৰ্শনী য’ত এজন লোকে পানীৰ তললৈ নামি গৈ মাছ সমূহক খাদ্যৰ যোগান ধৰে | মাছ সমূহৰ বাবেও যেন তেওঁ এজন বিশ্বাসযোগ্য বন্ধু | কোনো সময়ত মাছ সমূহে তেওঁক আৱৰি পেলায় | খুব উত্‍সাহেৰে সকলোৱে উপভোগ কৰিলো এই দৃষ্টিনন্দন দৃশ্যসমূহ | অনুভৱ হ’ল ম‍ই যেন জুলছ ভাৰ্ণৰ উপন্যাস ’সাগৰৰ তলিয়েদি কুৰি হাজাৰ লিগ’ৰ জাহাজ ’নটিলাচ’ৰ নাবিক ’কেপ্টেইন নিমো’ আৰু উপভোগ কৰি আছো এখন কেতিয়াও নেদেখা পৃথিৱী | এইদৰে আগুৱাই গৈ থাকোতে দেখিলো এক ৩-ৰেখীয় (৩-ডি) চলচিত্ৰ য’ত দেখুৱাই থকা হৈছে কেইবাকৌটি বছৰৰ আগৰ জল-পৃষ্ঠৰ তলৰ পৃথিৱীখন | বিশেষ চশমা এযোৰকৈ পিন্ধি আমিও বহি পৰিলো ইয়াক উপভোগ কৰিবলৈ | বহু উন্নত মানৰ আৰু তথ্য সমৃদ্ধ আছিল এই চলচিত্ৰ | জ্ঞানৰ সৈতে দৰ্শকক আচৰিত কৰাৰো ব্যৱস্থা কৰিছিল ইয়াত, মাজে মাজে একো একোটা প্ৰকাণ্ড জীৱ আৱিৰ্ভাৱ হয় পৰ্দাত বিকট একোটা শব্দ কৰি আৰু থিক তেনেতেই সকলোৱে চিঞঁৰি উঠে শিহৰণত | জুতি বাইদেউ আৰু বৰ্মাৰ চিঞঁৰ কেইটাই আমাক বাৰুকৈয়ে আমোদ দিলে, তেওঁলোকক দেখি অনুভৱ হ’ল কিমান গভীৰ ভাৱে উপভোগ কৰিছে তেওঁলোকে এই দৃশ্য | কোনো কোনো সময়ত ময়ো তেওঁলোকৰ সৈতে চিঞঁৰত যোগদান কৰিলো, যেন আকৌ এবাৰ শৈশৱলৈ উভতি গ’লো আমি |
ইয়াৰ পাছত আমি আগুৱালো পেংগুইন ৰখা ঘৰলৈ বুলি | তাত দেখিবলৈ পালো বিভিন্ন প্ৰজাতিৰ পেংগুইন | পেংগুইনৰ বিষয়ে মোৰ বৰ এটা জ্ঞান নাছিল, ইয়াত দেখিহে জানিলো যে বিভিন্ন প্ৰজাতিৰ পেংগুইন আছে এই পৃথিৱীত যি বিভিন্ন জলৱায়ুত থাকি ভাল পায় | কোনোটো প্ৰজাতি ওখ, কোনোটো প্ৰজাতি চাপৰ ইত্যাদি ইত্যাদি | বিভিন্ন প্ৰজাতি অনুসৰি কৃত্ৰিমভাৱে বিভিন্ন জলবায়ুৰ ব্যৱস্থা কৰা হৈছে এই সংগ্ৰহালয়ত | এই সংগ্ৰহালয়ৰ ভিতৰচৰা ভীষণভাৱে শীতল, অনুভৱ হ’লে যেন সুমেৰু বা কুমেৰুত হে আমি সহাৱস্থান কৰিছো পেংগুইনৰ সৈতে; সংগ্ৰাহালয়ৰ এই অংশটো ইমান ধুনীয়াকৈ সজাইছে যে অনুভৱ নকৰি নোৱাৰি |
সংগ্ৰাহালয় বন্ধ হোৱাৰ ঠিক আগে আগে আমিও ইয়াৰ পৰা ওলাই আহিলো এক বুজাব নোৱাৰা আনন্দ বুকুত সাৱটি | গাড়ীত উঠি দিলো আমাৰ ক’টেজলৈ বুলি আৰু এইবাৰ যাত্ৰাত আমাৰ সৈতে জুতি বাইদেউ আৰু তেওঁৰ পৰিয়ালেও যোগ দিলে | তেওঁলোকৰ বাবেও সেই ক’টেজত নিশা যাপনৰ ব্যৱস্থা ক’ৰা হৈছিল | ক’টেজ আহি পাই সকলোৱে মুখ হাত ধুই আজৰি হৈ ল’লো সেই নিশাৰ বিশেষ আয়োজন ’বাৰ্বিকিউ’ৰ বাবে | পূৰ্ব নিৰ্ধাৰিত মতে ক’টেজৰলোকে আমাৰ বাবে সকলো ব্যৱস্থা কৰিয়েই থৈছিল, আমিও পলম নকৰি আৰম্ভ কৰি দিলো বাৰ্বিকিউ পাৰ্টি | কিন্তু সিদিনাখন উষ্ণতা প্ৰায় ৪-৫ ডিগ্ৰী মান হোৱা হেতুকে ঠেটুৱৈ ল’গা জাৰে আমাক আগুৰি ধৰিলেহি | তথাপি বাৰ্বিকিউৰ বাবে জ্বলোৱা জুইৰ চাৰিওকাষে নিজকে থিতাপি লগাই আমি কিছু সকাহ ল’বলৈ যত্ন কৰিলো, লাহে লাহে নিশা গভীৰ হৈ অহাহেতুকে শীতৰ প্ৰকোপো অধিক হ’বলৈ ধৰিলে, ইয়াৰ লগতে ভূতৰ ওপৰত দানহ প্ৰচণ্ড সাগৰীয় বতাহ আছেই | ততাতৈয়াকৈ আমি আমাৰ নৈশভোজ সামৰি নিজ নিজ কোঠাত সোমাই পৰিলো জাৰৰ পৰা বাচিবলৈ | কাহিলী পুৱাতেই পুনৰ টাইপেই অভিমুখী হোৱাৰ তাগিদাত সোমাই পৰিলো উমাল বিচনাৰ মাজত |

 

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments