টাইৱানৰ চিঠি-১ (মনোজ মন কলিতা)

(খেতিপথাৰ নেদেখা এখন দেশৰ কথা )

বহু দিনৰ প্ৰস্তুতিৰ অন্তত আৰু আপোনজনৰ চকুত চকু ৰাখি সেমেকা এক হৃদয়েৰে ২০১১ চনৰ ৩১ আগষ্ট  তাৰিখে লোকপ্ৰিয় গোপীনাথ বৰদলৈ বিমান বন্দৰৰ পৰা উৰা মাৰিলো কলিকতাৰ নেতাজী সুভাষ চন্দ্ৰ বসু বিমান বন্দৰলৈ | উদ্দেশ্য ২০১১ চনৰ ছেপ্তেম্বৰ মাহৰ ১ তাৰিখে নিৰ্ধাৰিত টাইৱান অভিমূখী বিমানত গন্তব্যস্থানলৈ উৰা মৰা |অবশেষত নিৰ্ধাৰিত সময়তকৈ আধা ঘন্টা পলমকৈ বিমান উৰা মাৰিলে |বুকুখন উদাস হৈ পৰিল, আপোনজনক আৰু হয়তো বহু দিন, বহু মাহৰ পাছত হে দেখিবলৈ পাম ! ১ চেপ্তেম্বৰৰ দিনা দিনৰ ১২ বজাত (স্থানীয় সময়) টাইৱান পালোহি |

জীৱনত প্ৰথমবাৰৰ বাবে আন্তঃৰাষ্ট্ৰীয় বিমান বন্দৰ দেখি অবাক হৈ গ’লো |কিমান পাৰ্থক্য !গুৱাহাটীৰ বিমান বন্দৰৰ পুতৌলগা অৱস্থাৰ কথা মনলৈ আহিল |কিমান শৃংখলাবদ্ধ ভাৱে সকলোৱে কাম কৰি আছে |বিমান বন্দৰৰ পৰা ওলায়েই গাড়ী এখন ভাড়ালৈ ল’লো আৰু বিশ্ববিদ্যালয়লৈ বুলি উঠি দিলো |গাড়ীখনলৈ চালো |অসমত ভাড়ালৈ পোৱা গাড়ী বুলিলে ভঙা-চিঙা কিবা এখনলৈ মনত পৰে, অৱশ্যে ধনবন্তসকলে বিলাসী গাড়ী ভাৰালৈ লয় বহু টকা ব্যয় কৰি | কিন্তু টাইৱানত প্ৰায় সকলো গাড়ীয়েই বিলাসী আৰু শীত-তাপ নিয়ন্ত্ৰিত |ম‍ই ভাড়ালৈ লোৱা গাড়ীখন “হোন্দা চিটী” জাতীয় আছিল |এইবোৰ দেশত সোঁহাতে চালকৰ আসন আৰু ৰাস্তাৰ চলাচল কৰাৰ নিয়মো অসমৰ বিপৰীত |বাটত এজনো আৰক্ষীৰ লোক নেদেখিলো , দেখিবলৈ পালো বিশাল বিশাল অট্টালিকা পথৰ দুয়োকাষে, কেতিয়াবা দেখিলো ধুনীয়া সেউজীয়া পাহাৰ, কেতিয়াবা দেখিলো এখনৰ ওপৰত আনএখন উৰণীয়া সেঁতু |কি এক মনোৰম দৄশ্য !কিন্তু খেতি-পথাৰ নেদেখি অলপ আচৰিত হ’লো |প্ৰায় এঘন্টাৰ অবিৰত যাত্ৰাৰ অন্তত বিশ্ববিদ্যালয় চৌহদ পালোহি |নিজৰে বিশ্বাস হোৱা নাছিল, এইখন সঁচাকৈ বিশ্ববিদ্যালয় নে !নে কোনোবা বহুজাতিক কোম্পানীৰ চৌহদ ! প্ৰায় সকলো অট্টালিকাৰ উচ্চতা ৯-১১ মহলা ! পাহাৰৰ ওপৰলৈ থকা মোৰ আবাসগৃহলৈ বুলি বাট বুলিলো |

আবাসগৃহলৈ উঠাৰ বাটত ১৫৩ টা শীলৰ খট-খটি পোৱা যায় |তাৰ পাছত আকৌ পাহাৰলৈ বগাব লাগে খোজ কাঢ়ি |বহুদিনৰ মূৰত ইমান খোজ কাঢ়ি মোৰ প্ৰাণবায়ু উৰি যোৱাৰ উপক্ৰম হ’ল |কিন্তু মোক অতিক্ৰমী পাৰ হৈ যোৱা স্থানীয়লোকসকলৰ মুখত লেশমানো ভাগৰৰ চাপ নেদেখি আচৰিত নহৈ নোৱাৰিলো |অৱশ্যে এইটো ক্ষেত্ৰত তেওঁলোকক মহান বুলি ক’বলৈ মনে নামানিলে |আমাৰ দেশতো আছে ইমান ওখ-ওখ পাহাৰ, আৰু সেইবোৰতো সকলোৱে এনেদৰেই পাৰ হৈ আছে |সন্ধিয়া সৰু-সুৰা বজাৰ কৰিবলৈ বুলি ওলাই আহিলো |বজাৰত ভৰি দিয়েই বয়-বস্তুৰ মূল্য দেখি এনে লাগিল যেন এক কিলো আলু কিনি বাটেৰে গৈ থাকিলে মোক কোনোবাই কোটিপটিৰ সন্তান বুলি ভুল কৰিব পাৰে | মূল্য মানে ..জুই চাই মূল্য |এক কিলো আলুৰ মূল্য ৩০০ টাইৱানিজ ডলাৰ (টা.ড.)(৪৮০ টকা), কুকুৰা এক কিলোৰ মূল্য ৫৬০-৭৮০ টা.ড.(১২৪৮ টকা) |বহু পৰ গমি-পিটি চাই দুটা আলু (১০০ গ্ৰাম) আৰু ১০০ গ্ৰাম কুকুৰা কিনি বীৰদৰ্পে উভটিলো |ভাবিলো এইখিনিৰে দুদিনমান বৰভোজ খাম |

মনত ভাৱ হ’ল আমাৰ দেশত মিছাতে আমি মূল্য বৃদ্ধি হৈছে বুলি হুলস্থুলখন কৰি আছো (অৱশ্যে প্ৰতিবাদ নকৰিলে আমাৰ দেশতো এদিন এনে অৱস্থা হোৱাৰ সম্ভাৱনা প্ৰায় ৯৫% খাটাং) |কথাবোৰ ভালদৰে ভাবি মনৰ খু-দুৱনি মাৰিবলৈ এদিন দুপৰীয়াৰ আহাৰ গ্ৰহণ কৰিবলৈ গৈ থকা অৱস্থাত গৱেষণাগাৰৰ সংগী মেং হানক সুধিলো ইয়াৰ কাৰণ (প্ৰতি দুপৰীয়া সকলোৱে মিলি ভাল ৰেষ্টোৰাত আহাৰ গ্ৰহণ কৰাৰ এক নিয়ম প্ৰচলিত হৈ আহিছে মোৰ গৱেষণাগাৰত)|তেতিয়া সি উত্তৰ দিলে যে এইখন দেশত নিজৰ উত্পাদন বুলিবলৈ একো নাই , প্ৰায় সকলো বস্তু আমাদানিকৃত | সেয়ে ইমান জুই চাই মূল্য |কেৱল মাথো প্ৰযুক্তিগত সামগ্ৰীৰ মূল্য কিছু কম (কিন্তু ম‍ই এনে সামগ্ৰীত ভাৰতীয় মূল্য আৰু টাইৱানৰ মূল্যৰ মাজত সিমান একো পাৰ্থক্য দেখা নাই এতিয়ালৈকে ) |ম‍ই তাক তেতিয়া বুকুখন দুই ইঞ্চি ফুলাই জনালো যে এইখন দেশতকৈ অন্তত কৃষিৰ ক্ষেত্ৰত আমাৰ দেশ বহু আগত |আমি প্ৰায়বোৰ বস্তু নিজেই উত্পাদন কৰো, বৰঞ্চ আমি পৃথিৱীৰ আন আন দেশলৈ কিছুমান বস্তুৰ ৰপ্তানি কৰো |এই কথা শুনি মেং হানৰ মুখ মেল খাই গ’ল | কি সুধিব ভাবি নাপাই মোক সি সুধিলে “তোমালোকে কলো (banana) নিজেই উত্পাদন কৰা নেকি বাৰু !” ; উত্তৰত ম‍ই ক’লো “অমি বাটেৰে গৈ থকা গৰুকো কল খুৱাই দিও, মানুহে খাই শেষ কৰিব নোৱাৰাকৈ কল আছে আমাৰ |(অৱশ্যে এই কথাষাৰ ম‍ই মোৰ ঘৰৰ অভিজ্ঞতাৰ পৰাহে কৈছো, কিছুমানে হয়তো আপত্তি কৰিবও পাৰে)” |মোৰ কথা শুনি আমাৰ সৈতে দুপৰিয়াৰ আহাৰ গ্ৰহণ কৰিবলৈ গৈ থকা মোৰ গুৰু ড০ ফিচাৰ, গৱেষণাগাৰৰ সংগী লি হুৱা লি, চিও লুং, ই ছিং, নেছা আৰু ৰোমানৰ মুখ মেল খাই গ’ল | তেওঁলোকৰৰ অৱস্থা দেখি ম‍‍ই গৌৰৱেৰে খোজ দিলো এখন স্থানীয় ৰেষ্টুৰালৈ |

 

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments