টাইৱানৰ চিঠি ৩ – পৰ্য্যটন তথা পৰিবেশ সজাগ এখন দেশ (মনোজ মন কলিতা)

টাইৱানৰ চিঠি

পৰ্য্যটন তথা পৰিবেশ সজাগ এখন দেশ
মনোজ মন কলিতা

টাইৱানত ভৰি দিয়া দিন ধৰি ইয়াৰ সেউজীয়াত নিজকে হেৰুৱাই পেলাইছোঁ। চাৰিওদিশে পানীৰে আৱৰা এক দ্বীপ হৈছে টাইৱান। সঁচা কথা ক’বলৈ গ’লে ২০০৯ চন মানলৈ ম‍ই জনা নাছিলোঁ যে টাইৱান নামৰ এখন দেশ আছে এই পৃথিৱীত। বহু দেশে টাইৱানক লেখত লবলগীয়া দেশ বুলি গণ্য কৰা নাই আজিৰ তাৰিখলৈ; ইয়াৰ ভিতৰত ভাৰতৰ নামো অন্যতম। কিন্তু এইখন দেশত ভৰি থোৱাৰ দিনাখন বুজি পালোঁ আমি কি কি কথা শিকিবলগীয়া আছে ইয়াৰ লোকসকলৰ পৰা। বেংককৰ “সুবৰ্ণভূমি” বিমানবন্দৰৰ পৰা উৰা মাৰি টাইৱানৰ টাওয়ান বিমান বন্দৰত অৱবতৰণ কৰিছিলোঁ থাই-এয়াৰৱেজৰ বিমানেৰে। বিমানবন্দৰৰ পৰা ওলাই দেখিবলৈ পালোঁ সেউজীয়া পাহাৰবোৰ। গাড়ীৰে বিশ্ববিদ্যালয়লৈ আহি থাকোঁতে বাটত দেখি আহিলোঁ সেউজীয়া আৰু মাথোঁ সেউজীয়া। নিজকে পাহৰি পেলালোঁ প্ৰকৃতিৰ এই ৰূপ দেখি। মনত দোলা দি গ’ল গুৱাহাটীৰ পৰা যোৰহাটলৈ অহা-যোৱা কৰোঁতে কাজিৰঙাৰ সমীপৱৰ্ত্তী অঞ্চলৰ সেই নৈসৰ্গিক দৃশ্যলৈ। যদি সমগ্ৰ অসমখনেই সেউজীয়া হৈ পৰিলহেতেন!

বিশ্ববিদ্যালয় প্ৰতি শনিবাৰ আৰু ৰবিবাৰে বন্ধ থাকে। সেয়ে টাইৱান আহি পোৱাৰ কেইদিনমান পাছতেই আমি কেইজনমান ওলালোঁ “মাকং-গণ্ডলা” নামৰ ঠাই এডোখৰলৈ বুলি। আমাৰ উদ্দেশ্য সেই ঠাইৰ নৈসৰ্গিক দৃশ্য উপভোগ কৰা। টাইপেই চহৰ(টাইৱানৰ ৰাজধানী)তেই অৱস্থিত আমাৰ গন্তব্য স্থান। টাইপেই চহৰত চলাচল কৰিবলৈ যাতায়াতৰ সুব্যৱস্থা আছে; ইয়াৰে ভিতৰত “মেট্ৰ’ সেৱা”ই হৈছে সকলোতকৈ সুলভ। প্ৰায় এঘণ্টামানৰ ’মেট্ৰ যাত্ৰা’ ৰ অন্তত আমি “মাকং-গণ্ডলা”ত উপস্থিত হৈছিলোঁ। ইয়াতেই অৱস্থিত টাইপেই-চিৰিয়াখনা; কিন্তু সম্পূৰ্ণ এটা দিন হাতত লৈ আহিলেহে চিৰিখনাখন আদিৰ পৰা গুৰিলৈ উপভোগ কৰিব পাৰি। বহু উন্নত হেনো এই চিৰিয়াখনা। কিন্তু সেইদিনা আমি চিৰিয়াখনালৈ বুলি নহয় “ৰ’প- ৱে”ৰে মাকংৰ সৌন্দৰ্য্য উপভোগ কৰিম বুলি হে ওলাইছিলোঁ। টিকট সংগ্ৰহ কৰি নিৰ্ধাৰিত আসনত বহিলোঁগৈ। ধীৰ গতিৰে চলিবলৈ ধৰিলে ৬ জনীয়া বুগীবোৰ। বুগীবোৰৰ মজিয়াখন আইনাৰ, তলৰ দৄশ্য উপভোগ কৰিব পৰাকৈ স্বচ্ছ। এইদৰে গৈ গৈ পাহাৰৰ টিঙত নামিলোঁগৈ সকলোবোৰ। সেই পাহাৰতেই অৱস্থিত এক চাহ সংগ্ৰহালয়। কৌতুহ’লী মন লৈ তাত প্ৰবেশ কৰিলোঁ; কি এক পৰিপাটী আৰু শৃংখলাবদ্ধ পৰিৱেশ! তাত আমি অসমৰ চাহৰ বিষয়েও পঢ়িবলৈ আৰু ছৱি উপভোগ কৰিবলৈ পালোঁ। মনটো ভাল লাগি গ’ল, অসমৰ পৰা হাজাৰ-হাজাৰ কিলোমিটাৰ আঁতৰত থাকিও অসমৰ নাম দেখিবলৈ পাই গৌৰৱ অনুভৱ কৰিলোঁ। কিন্তু এটা কথা ভাবি আচৰিত হ’লোঁ যে, যি “অসমৰ চাহ”ৰ আদৰ আমি অসমীয়াই কৰিব পৰা নাই সেই চাহ ইয়াত সকলোৰে প্ৰিয় হৈ উঠিছে। অসমৰ এক সুকীয়া চিনাকি আছে টাইৱানত। বিশ্বাস কৰক টাইৱানত যদি কেতিয়াবা আপুনি নিজৰ চিনাকী দিব বিচাৰে তেন্তে এষাৰেই ক’ব “মোৰ ঘৰ অসমত”। তেতিয়া হয়তো আপোনাৰ হাতত তুলি দিয়া হ’ব এটা চাহৰ পেকেট; য’ত লিখা থাকিব “অসমৰ চাহ”। অসম কিহৰ বাবে বিখ্যাত ইয়াত দুনাই কোৱাৰ হয়তো প্ৰয়োজন ন’হব আপোনাৰ। বিভিন্ন দোকানৰ ধুনীয়া ধুনীয়া বাকচবোৰত সুমুৱাই ৰখা পেকেটবোৰত যেতিয়া অসমৰ নাম দেখোঁ অন্তৰ শাঁত পৰি যায়। এটা অপ্ৰিয় সত্য যে অসমৰ গৱেষণাগাৰত চাহৰ ওপৰত যি গৱেষণা চলি আছে বিগত কেইবাটাও দশকজুৰি সেই গৱেষণাৰ পৰা আশা কৰা ফল ইয়াত সহজলভ্য। ইয়ালৈ আহি দোকানে দোকানে গ্ৰীণ টি, অসম ব্লেক টি, অসম মিল্ক টি, উলং টি ইত্যাদিৰ পেকেট দেখিবলৈ পোৱা যায়। কিন্তু অসমত এতিয়াও পৰীক্ষামূলক অৱস্থাতেই আছে চাহৰ এই গৱেষণা। এনে শামুকীয়া গতিৰ বাবেই হয়তো আমি হেৰুৱাবলগীয়া হৈছে বহু ৰাজহ। যদি সময়ত আমাৰ এই গৱেষণাই সঠিক দিশ পালেহেঁতেন তেন্তে আজি হয়তো আমি চাহৰ পৰা উত্‍পাদিত বিভিন্ন সামগ্ৰী বহিঃৰাজ্য তথা পৃথিৱীৰ বিভিন্ন দেশলৈ ৰপ্তানি কৰিব পাৰিলোঁহেঁতেন!

এদিন ফৰকাল বতৰ দেখি আমি সকলো ওলালোঁ “টাম-চুৱাই” নদীৰ পাৰলৈ। “টাম-চুৱাই”ৰ অৰ্থ হৈছে “বিশুদ্ধ-পানী”। টাম-চুৱাই বন্দৰ সূৰ্য্যাস্ত উপভোগৰ বাবে বিখ্যাত। কিন্তু উদ্যোগীকৰণৰ লগে লগে টাম-চুৱাই নদীৰ পানী প্ৰদূষিত হ’বলৈ আৰম্ভ কৰে। এই টাম-চুৱাই নদীৰ পানী বৈ “টাইৱান-স্ত্ৰেইত” অথবা “টাইৱান-প্ৰণালী”ত পৰেগৈ। “টাইৱান-স্ত্ৰেইত” ৰ আন নাম সমূহ হ’ল “ফৰ্মোচা-স্ত্ৰেইত” অথবা “ব্লেক-দিত্স”; ই “টাইৱান” আৰু “চীন” দেশক দুভাগ কৰিছে। এই জলভাগ “দক্ষিণ চীন সাগৰ”ৰ অংশ আৰু “পূব চীন সাগৰ”ক “উত্তৰ-পূব টাইৱান”ৰ সৈতে সংযোগ কৰিছে; বহলে এই প্ৰণালী প্ৰায় ১৮০ কি.মি. জুৰি বিয়পি আছে আৰু ইয়াৰ আটাইতকৈ ঠেক-ভাগটো বহলে প্ৰায় ১৩০ কি.মি. | এই টাইৱান-প্ৰণালীয়ে ১৯৪৯ চনৰ “চাইনিজ সামৰিক সংঘৰ্ষ”ৰ পাছত চীনা আৰু টাইৱানিজ সৈন্যৰ বহু সংঘৰ্ষৰ স্মৃতি বহন কৰি আছে। “বেইটাও জিলা” ৰ পৰা “টাম-চুৱাই”লৈ যাবলৈ মেট্ৰৰ সুবিধা আছে; তাৰ পৰা “টাম-চুৱা”ই বন্দৰত সূৰ্য্যাস্ত উপভোগ কৰি জাহাজেৰে “লাভাৰ্চ-প‍ইণ্ট”লৈ যোৱাৰ সুবিধা আছে। এই “লাভাৰ্চ-প‍ইণ্ট”তেই আছে এখন অতি মনোৰম “লাভাৰ্চ-ব্ৰিজ”। এই দলংত সন্ধিয়া সময়ত খোজ কাঢ়িবলৈ বহু লোকৰ সমাগম হয়। “টাইৱান-প্ৰণালীত” চলি থকা সৰু-সৰু যেন লগা জাহাজবোৰৰ পৰা অহা পোহৰ আৰু সেই পোহৰ পানীত পৰি হোৱা প্ৰতিবিম্ব উপভোগ কৰিব পাৰি এই “লাভাৰ্চ-ব্ৰিজ”ৰ পৰাই; ই এক মনোৰম দৃশ্য। টাইৱানলৈ আহি এটা কথা উপলব্ধি কৰিছোঁ যে, ইয়াত সকলো বস্তুৰ উপস্থাপন খুব শৃংখলাবদ্ধ ভাবে হয়। এই দলংখনৰ উদাহৰণেই আমি মন কৰিব পাৰোঁ। দলঙৰ পৰা দূৰৈৰ জাহাজ দেখা যায় বাবেই ইয়াক অতি মনোৰমকৈ সজাই-পৰাই ৰাখিছে পৰ্য্যটকৰ বাবে।

পৰ্য্যটন সজাগতাৰ আন এক উদাহৰণ দেখিবলৈ পালো “ইলান” নামৰ আন এক চহৰ ভ্ৰমণ কৰি। বিশ্ববিদ্যালয়ৰ তৰফৰ পৰা আন্তৰাষ্ট্ৰীয় ছাত্ৰ-ছাত্ৰীসকলক ভ্ৰমণলৈ লৈ যোৱা হয় প্ৰায়ে। এইবাৰ আমাৰ লক্ষ্যস্থান আছিল “ইলান” চহৰ। টাইপেই চহৰৰ পৰা প্ৰায় ১:৪৫ ঘণ্টাৰ দূৰত্বত অৱস্থিত এই চহৰ। প্ৰথমেই লৈ যোৱা হ’ল “টাইৱান ফ’ক কালচাৰ আৰু চাইনিজ কেম্প”লৈ। তাত আমি দেখিবলৈ পালোঁ বিভিন্ন প্ৰজাতিৰ মনোৰম ফুল আৰু বনচাই। আমি প্ৰকৃতিৰ এই ৰূপ মৰ্মে মৰ্মে উপলব্ধি কৰিব পৰাকৈ তেনে “বনচাই” সমূহ নিজ হাতে সজোৱাৰ সুবিধা কৰি দিয়া হ’ল; পাছত প্ৰত্যেকেই নিজ হাতে সজোৱা “বনচাই” সমূহেই উপহাৰ স্বৰূপে লাভ কৰিলোঁ। এই কেম্পৰ পৰা আমাক লৈ যোৱা হ’ল “কাভালান” নামৰ এক সুৰাৰ কাৰখানলৈ। ১৯৫৬ চনত স্থাপন হোৱা “কিং কাৰ গ্ৰুপ”ৰ মালিকানধীন এই “কাভালান”ৰ স্থাপন হৈছিল ২০০৬ চনত আৰু ইয়াৰ পৰা উত্‍পাদিত সুৰা প্ৰথম বজাৰত মুকলি কৰি দিয়া হৈছিল ২০০৮ চনত; আৰু ই টাইৱানৰ একমাত্ৰ সুৰা-পৰিশোধন কাৰখানা। ইয়াৰ উপৰিও “কিং কাৰ গ্ৰুপ”ৰ অন্য ব্যৱসায় সমূহৰ ভিতৰত শীতল-পানীয়, খাদ্য সামগ্ৰী তথা চাহ-কফিৰ ব্যৱসায় অন্যতম। “মিষ্টাৰ ব্ৰাউন” হৈছে এই ব্যৱসায়ীক গোষ্ঠীৰ বহুল জনপ্ৰিয় কফি; ইয়াৰ জনপ্ৰিয়তা সুদূৰ ইউৰোপ পৰ্য্যন্ত বিয়পি আছে। ইয়াত আমি তেওঁলোকৰ কাৰখানাত কিদৰে বিভিন্ন ধৰণৰ সুৰাৰ উত্‍পাদন কৰা হয় সেয়া দেখিবলৈ পোৱাৰ লগতে জুতি লব’লৈ নাপাহৰিলোঁ। মনত ভাৱ হ’ল যে সঁচাকৈ কিমান আগবঢ়া এই দেশখন। কোনো কামক হেয় জ্ঞান নকৰা এইসকল লোক! আমাৰ দেশত অত্যাধিক সুৰাপানৰ ফলত সংঘতিত বিভিন্ন ঘটনা-দুৰ্ঘটনা, নিত্য-নৈমিত্তিক কথা। আমি এই সামগ্ৰীসমূহৰ বেয়া দিশটো আদৰি লোৱাৰ বিপৰীতে ইয়াত সুৰাৰ ধণাত্মক দিশটো আদৰি লৈছে ; যুৱক-যুবতী, বয়োজেষ্ঠ্য সকলোৱে হাঁহি-মাতি ইয়াৰ জুতি লৈছে ইয়াক অতি তাকৰ ভাৱে গ্ৰহণ কৰি আৰু এই কাৰখানাক পৰ্য্যটনথলীলৈ ৰূপান্তৰিত কৰি টাইৱান চৰকাৰক বহু ৰাজহ সংগ্ৰহ কৰাত সহায় কৰিছে। এয়াই হৈছে উন্নত দেশৰ উন্নত চিন্তাধাৰা। সাধাৰণৰো সাধাৰণ বস্তু একোটাক নিজৰ বুদ্ধিমত্তাৰে অতি আকৰ্ষণীয় কৰি পেলোৱা গুণৰ বাবেই অন্ততঃ পৰ্য্যটনৰ দিশত আজি টাইৱান ভাৰততকৈ বহু উন্নত। আবাসস্থল তৈয়াৰ কৰাৰ নামত যধে-মধে পাহাৰ-পৰ্বত মোকলাই পৰিবেশ বিনষ্ট নকৰা আৰু ন-পুৰণি সকলো পৰ্য্যটনথলী সংৰক্ষণ কৰা গুণ আমি টাইৱানিজ সকলৰ পৰা শিকা উচিত। সময় পাৰ হৈ গৈ আছে, যদি আজিৰ পৰাই আমি হাতে কামে নালাগোঁ তেন্তে কিছু বছৰ পাছত কাগজে-পত্ৰ‍‍ইহে ভাৰতবৰ্ষ এখন উন্নত দেশ বুলি বিবেচিত হ’ব। দেশ এখন উন্নত কৰিবলৈ চৰকাৰ গঠন কৰিলেই নহ’ব, পোন প্ৰথমে প্ৰতিজন নাগৰিক সৎ-সাহসী তথা ভদ্ৰ আৰু জ্ঞানী হোৱা উচিত। সকলোৱে যদি নিজক শোধন কৰে তেন্তে দেশ এখন উন্নতিৰ পথত আগুৱাত সহজ হৈ পৰে। আমি ধনী নহৈ জ্ঞানী তথা ভদ্ৰ হ’বলৈ শিকা উচিত।

আগলৈ ………

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments