টাইৱানৰ চিঠি ৫- (মনোজ মন কলিতা)

টাইৱানৰ চিঠি ৫
-(মনোজ মন কলিতা)

সততা আৰু সৌজন্যতাৰ সমাহাৰ:

ইতিমধ্যে টাইৱানৰ বিষয়ে ভালেই হওক বা বেয়াই হওক যথেষ্টখিনি কথা জানিলো বা শুনিলো| এইবাৰ টাইৱানৰ লোকসকলৰ আন এক দিশৰ বিষয়ে ক’বলৈ ওলাইছো| আমি সৰুতে পঢ়াশালীত শিকিছিলো অগ্ৰজসকলক কিদৰে সন্মান কৰিব লাগে, অনুজসকলক কিদৰে মৰম কৰিব লাগে ইত্যাদি| কিন্তু এটা অপ্ৰিয় সত্য যে আমি কিমানজনে এই শিক্ষা কাৰ্য্যক্ষেত্ৰত প্ৰয়োগ কৰিছো সেইটো নিৰ্ধাৰণ কৰাতো বৰ কঠিন, প্ৰায়বোৰেই সেই জ্ঞান পঢ়াশালীতেই এৰিলে| কিন্তু আমি লোৱা সেই শিক্ষা যেন টাইৱানিজসকলে আখৰে আখৰে পালন কৰে| ইয়াৰ লোকসকলৰ সৌজন্যতা দেখিলে মন আপ্লুত হৈ উঠে, কিন্তু ইয়াৰ অৰ্থ এয়াই নহয় যে ইয়াত সকলোৰে পৰা সৌজন্যতামূলক ব্যৱহাৰেই পোৱা যায়, তথাপি অসজ আচৰণ ইয়াত দুৰ্লভ| কেইটামান সৰু সৰু ঘটনাৰ কথা ইয়াত উদাহৰণস্বৰূপে ক’ব পাৰি:

ঘটনা এক – স্থান বিশ্ববিদ্যালয়ৰ বাছৰ ভিতৰচৰা| টাইৱানখন তেতিয়া মোৰ বাবে একেবাৰেই নতুন আছিল| এদিন বন্ধবাৰ এটাত ভ্ৰমণলৈ ওলালো আনসকল ভাৰতীয় তথা অসমীয়া বন্ধুৰ সৈতে| ইয়াত যাতায়তৰ বাবে তেতিয়ালৈকে এম. আৰ. টি.য়েই ব্যৱহাৰ কৰি পাইছো| মই থকা বিশ্ববিদ্যালয়খনলৈ আহিবলৈ “চিপাই” এম. আৰ. টি. আস্থানৰ পৰা বাছৰ সুব্যৱস্থা আছে| সাধাৰণতে আমি খোজ কাঢ়িয়েই অহা-যোৱা কৰো এম. আৰ. টি.ৰ পৰা| এদিন মন গ’ল বাছৰ ব্যৱস্থা আছে যিহেতু ব্যৱহাৰ কৰা যাওঁক| ভবামতেই কাম, উঠি দিলো বাছত, আৰু কিছু সময় যাত্ৰাৰ অন্তত মোৰ আবাসৰ সন্মুখৰ বাছ আস্থান পালোহি| হাতে হাতে “মেট্ৰ কাৰ্ড” একোখন লৈ সকলোৱে “পাঞ্চিং মেচিন” ত নিজৰ নিজৰ কাৰ্ড সমূহ লগাই শাৰি পাতি নামি গ’ল আৰু নমাৰ সময়ত চালকজনক “ধন্যবাদ” জনাবলৈ নাপাহৰিলে| মই তবধ মানিলো ছাত্ৰ-ছাত্ৰী সকলৰ সততা আৰু ভদ্ৰতাত| সততা এই বাবেই যে যদি কোনোবাই নিজৰ কাৰ্ড নলগায় তেন্তে তেওঁ বিনা ভাড়াই যাতায়ত কৰিব পাৰে, অথচ বাছত কোনো “পৰিচালক”ও নাই এই কথা নিৰিক্ষণ কৰিবলৈ কিন্তু সকলোৱে নিজৰ কাম নিজেই নিয়াৰিকৈ কৰি গৈছে; আৰু ভদ্ৰ এইবাবেই যে কেতিয়াও আমি বাছ-চালক এজনক “ধন্যবাদ” বুলি মাত এষাৰ নিদিওঁ বা দিয়া দেখা নাই, ইয়াৰ বিপৰীতে কাণ-মূৰ গৰম হৈ যোৱা দুটামান শব্দেৰে কথাৰ আদান-প্ৰদান হে কৰো কেতিয়াবা| সেইদিনাখনৰ পৰা মই প্ৰায়েই বাছত অহা যোৱা কৰা আৰম্ভ কৰিলো আৰু এতিয়া মইও কাৰ্ড নলগোৱা বা “ধন্যবাদ” নজনোৱা ধৰণৰ কথা ভাবিলে আচৰিত হওঁ; হয়তো এতিয়া মোৰ এইটো এটা ভাল অভ্যাস গঢ় লৈ উঠিল যে সকলো ব্যক্তিকেই (সৰুৱেই হওক অথবা ডাঙৰেই হওক) তেওঁৰ পৰা পোৱা প্ৰ্তিটো সৰু-বৰ সহায়ৰ বিনিময়ত এটা “ধন্যবাদ” জনাবলৈ নাপাহৰো|

ঘটনা দুই – স্থান শ্বপিং-ম’ল| এইতো ঘটনা টাইৱানলৈ অহাৰ কেইমাহমানৰ পাছৰ| গৱেষণাৰ মেৰপাকত পৰিবলৈ আৰম্ভ কৰিছো মাথো| এদিন সন্ধিয়া সময়ত কামৰ হেঁচা থকা বাবে প্ৰয়োজনীয় বস্তু কেইটামান কিনিবলৈ খুব লৰা-লৰিকৈ গৱেষণাগাৰৰ পৰা ওচৰতে থকা শ্বপিং-ম’ল এটালৈ গ’লো| যাওঁতে বাটতে শাক-পাচলি কেইবিধমানৰ সৈতে কেইবিধমান আন আন বস্তু কিনিলো আৰু পোনেই গৈ সেই টোপোলাটো ম’লটোৰ বাহিৰতে থকা বাকচ এটাত ৰাখিলো| খৰ-খেদাকৈ প্ৰয়োজনীয় বস্তু কেইবিধ কিনি মই আকৌ গৱেষণাগাৰ পালোহি অতি জৰুৰীকৈ কৰিবলগীয়া কাম এটাৰ বাবে| নিশা প্ৰায় দহ মান বজাত যেতিয়া মই মোৰ আবসস্থলীলৈ যাবলৈ সাজু হ’লো তেতিয়া হঠাত বিজুলীৰ চমকনিৰ দৰে কথাটো মনলৈ আহিল যে মোৰ হাতত নিয়ম মতে আৰু এটা টোপোলা থাকিব লাগে| কথাটো ভবাৰ লগে লগেই হতাশ হৈ পৰিলো প্ৰায় তিনিশ মান ডলাৰ (টাইৱানিজ) পানীত পৰাৰ কথা ভাবি আৰু সামগ্ৰীৰ টোপোলাটো বিচাৰি পোৱাৰ আশা খীণ দেখি! ইমান ব্যস্ত সেই শ্বপিং ম’লটোত কোনে বাৰু ইমান সহজে এৰিব ইমানবোৰ সামগ্ৰী থকা গৰাকীবিহীন টোপোলাটো! গ্ৰাহক নহ’লেও দোকানৰ কৰ্মচাৰীয়েই সেইটো হৰলুকি কৰিব| তথাপি মনত এটা খীণ আশা লৈ পুনৰ খোজ পেলালো শ্বপিং ম’লটোলৈ বুলি| তাত উপস্থিত হৈ যেতিয়া বাকচটোৰ ওচৰলৈ গ’লো নিজৰ চকুকেই বিশ্বাস কৰিবলৈ টান লাগিল| ই কি! মোৰ টোপোলা সেই একে ঠাইতেই অক্ষত অৱস্থাত আছে| সাধাৰণ বস্তু এপদো কোনেও লৰচৰ নকৰিলে ইমান সময়ে! টাইৱানিজ সকলৰ সৰলতাত মোৰ মন শ্ৰদ্ধাত দোঁ খাই গ’ল| মনতে ভাব হ’ল আমাৰ অসমত হোৱাহেতেন কিমান শতাংশ সম্ভাৱনা আছিল মোৰ এই সামগ্ৰীসমূহ সমুদায় উভতাই পোৱাতো! যদিও কোনেও নিনিলেহেতেন তথাপি গৰাকীবিহীন টোপোলা দেখি বোমাতংকত ইতিমধ্যে সকলো ৰাইজ ফৰিং চিটিকা দিলেহেতেন| এয়াই অসম, য’ত সাধাৰণ ৰাইজৰ জীৱনৰ কোনো মূল্য নাই; পদে পদে মৃত্যু-শংকাত ভোগো আমি| স্বাধীনতাৰ নামত হাতত বন্দুক লোৱা কেইজনৰ পৰাই আমাৰ আটাইতকৈ বেছি ভয় আৰু দ্বিতীয় ভয়ৰ কাৰণ আমাৰ শাসকসকল| কেতিয়া ৰাজনীতিৰ মেৰপাকত সোমাই সম্পত্তি বুলিবলৈ থকা একমাত্ৰ জীৱনটোকেই হেৰুৱাই পেলাওঁ তাৰ কোনো নিশ্চয়তা নাই| তাৰ বিপৰীতে টাইৱানৰ জনাসাধাৰণে দেখুওৱা এই নিদৰ্শন সঁচাই প্ৰশংসনীয়| এয়া কেৱল মোৰেই ভাষ্য নহয়, এই কথাষাৰ টাইৱানলৈ অহা প্ৰায়বোৰ বিদেশী পৰ্য্যটকৰ ভাষ্য|

ঘটনা তিনি- স্থান দৈনিক বজাৰ আস্থান| দ্বিতীয় ঘটনাটোৰ ঠিক কেইদিনমান পাছতেই এদিন আকৌ মই সন্ধিয়া সময়ত শাক-পাচলি কিনাৰ উদ্দ্যেশেৰে সদায় যোৱা দোকানখনলৈ গ’লো| ইয়াত আমাৰ ভাৰতত পোৱাৰ দৰে পনীৰৰ সৈতে সাদৃশ্য থকা (দেখিবলৈ হে সাদৃশ্য আছে, সোৱাদত নাই) এক গাখীৰেৰে তৈয়াৰী খাদ্য-সামগ্ৰী পোৱা যায় আৰু ইয়াক “টৌ-ফু” বুলি কোৱা হয়| অইন দিনা লোৱাৰ দৰে তাৰেই এটা টোপোলা কিনিলো আৰু কিছু শাক-পাচলিৰে ঘৰমুৱা হ’লো| ঘৰলৈ আহি সামগ্ৰীসমূহ “ফ্ৰিজ”ত সুমুৱাই থ’লো| ভাত ৰান্ধিবৰ সময়ত “ফ্ৰিজ” খুলি সামগ্ৰীসমূহ যেতিয়া এপদ এপদ কৈ উলিয়াবলৈ ধৰিলো তেতিয়া মন কৰিলো যে “টৌ-ফু”ৰ টোপোলা দুটা আছে, কিন্তু মোৰ যিমান দূৰ মনত পৰে মই এটাহে লৈছিলো| মোৰ আন আন বন্ধুসকলক সুধিলো যে সেই টোপোলাটো তেওঁলোকৰ নেকি! সকলোৱে যেতিয়া সেইটো তেওঁলোকৰ নহয় বুলি ঘোষণা কৰিলে তেতিয়া মোৰ মনটো কোঁচ খাই গ’ল| ভাবিলো কি এক অপৰাধ কৰিলো মই! এটাৰ মূল্যত দুটা টোপোলা লৈ আনিলো ভুলবশতঃ| অজানিতে কৰা এই ভুলটোৰ বাবে ওৰেটো নিশা অশান্তিত থাকিলো আৰু পিছদিনাখনৰ সন্ধিয়াটো অহালৈ উত্কণ্ঠাৰে বাট চাই ৰ’লো| পিছদিনাখন মই সেই টোপোলাটো লৈ নিৰ্ধাৰিত দোকানখনলৈ গ’লো আৰু বহু কষ্টেৰে আকাৰে-ইংগিতেৰে বুজালো (যিহেতু তেওঁ ইংৰাজী বুজি নাপায়) যে যোৱাকালি ভুলবশতঃ এটাৰ ঠাইত দুটা টোপোলা লৈ গৈছিলো, কিন্তু এই টোপোলাটো আজি মই উভতাই নিদিও বৰঞ্চ তাৰ বিনিময়ত মই দ্বিতীয় টোপোলাটোৰ মূল্য (৫০ টাইৱানিজ ডলাৰ) পৰিশোধ কৰিম| তেওঁ হয়তো মোৰ কথা বুজি পালে, আৰু হাঁহি মুখে মোৰ পৰা ধনখিনি গ্ৰহণ কৰিলে| মোৰো মনটো পাতল হৈ গ’ল, এনে লাগিল যে এক বহুত ডাঙৰ বোজা মনৰ পৰা আঁতৰি গ’ল| সাধাৰণ দৃষ্টিত কাৰোবাৰ বাবে এইটো এটা লেখত ল’বলগীয়া ঘটনা নহ’ব পাৰে কিন্তু সেইদিনাখন মই বাৰুকৈয়ে অপৰাধবোধ কৰিছিলো; ইয়াৰ মূল কাৰণ হয়তো মই পূৰ্বতে উল্লেখ কৰা ঘটনাটো| সেইটো ঘটনাই হয়তো মোক বহুত নীতিশিক্ষা দি গ’ল| গতিকে এই তৃতীয় ঘটনাটোৰ সাৰমৰ্ম এয়েই যে যদি আপুনি নিজেই সত্পথত থাকে আৰু সততাৰ নিদৰ্শন সমাজৰ আগত তুলি ধৰে তেন্তে আপোনাৰ সেই সতাতৰ পৰা আন দহজনে সত্পথত চলিবলৈ প্ৰেৰণা পাব| কোনো এখন দেশেই সম্পূৰ্ণ নিকা নহয়, কিন্তু দেশ এখন নিকা হয় তাত থকা জন-সাধাৰণৰ পৰা| এখন চৰকাৰে দেশ এখন নিকা কৰিব নোৱাৰে, নিকা হ’ব লাগিব চৰকাৰ গঠন কৰা লোকসকল; তেতিয়া আপুনি দেখিব যে আন সকলো লোকো লাহে লাহে সত্পথলৈ উভতি আহিব|

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments
কপি নকৰিব, অনুগ্ৰহ কৰি লিংকটো বিলাই দিয়ক