টাইৱানৰ চিঠি– ৬: মনোজ মন কলিতা

টাইৱানৰ চিঠি– ৬

মনোজ মন কলিতা

হুৱালিয়েন চহৰলৈ গৈছিলোঁ – খণ্ড ১

সময় পুৱা ৭ বাজি ৩০ মিনিট, ২ এপ্ৰিল ২০১২। বিশ্ববিদ্যালয় বন্ধ থকা হেতুকে টাইৱানৰ বাহিৰৰ চীনা ছাত্ৰ-ছাত্ৰীসকল (যাক কোৱা হয় অভাৰচিজ চাইনিজ ষ্টুডেণ্ট) আৰু আন্তৰাষ্ট্ৰীয় ছাত্ৰ-ছাত্ৰীসকল একত্ৰিত হৈ পূৰ্বৰ পৰিকল্পনা মতে হুৱালিয়ান নামৰ চহৰ এখনলৈ যোৱাৰ বাবে সাজু হ’লোঁ।

টাইৱানৰ পূব দিশত অৱস্থিত হুৱালিয়ান চহৰ আৰু মোৰ বাসস্থান টাইপেই চহৰৰ পৰা প্ৰায় ৭ ঘণ্টা মান সময়ৰ বাট। দূৰণিবটীয়া যাত্ৰা হোৱা বাবে পৰ্যটকৰ বাবে বিশেষভাৱে থকা দুখন বাছ লোৱা হ’ল। এই বাছসমূহ দুখলপীয়া, তলৰ অংশত বয়-বস্তু ৰখাৰ সুবিধা থকাৰ উপৰিও শৌচাগাৰৰো সুবিধা থাকে। ওপৰৰ মহলাত যাত্ৰীৰ বাবে আসন। যাত্ৰীসকলৰ মনোৰঞ্জনৰ বাবে টেলিভিচনৰ ব্যৱস্থাৰ লগতে মাইক্ৰফোনৰো ব্যৱস্থা আছে আৰু তাৰোপৰি বাছখন সম্পূৰ্ণ ৰূপে শীত-তাপ নিয়ন্ত্ৰিত। এক কথাত ক’বলৈ গ’লে “কিচ-কিচিয়া ক’লা একোডাল সাপৰ দৰে পৰি থকা পথেৰে” এনে বিলাসী গাড়ীত ভ্ৰমণৰ ৰং দুগুণে চৰে। বাছ চলিবলৈ আৰম্ভ কৰাৰ কিছু পাছৰ পৰাই উত্‍সৱ মুখৰ পৰিবেশৰ সৃষ্টি হ’ল বাছখনৰ ভিতৰচোৱাত। কোনোৱে যদি গান গাইছে তেন্তে কোনোৱে কৌতুক কৰিছে, অথবা টেলিভিচনৰ পৰ্দাত ভাঁহি আহি আছে সুৰীয়া টাইৱানিজ গীত। অৰ্থ বুজি নাপালেও ইয়াৰ সুৰে মন মুহি নিলে। আমিও এই আনন্দত ভাগ ল’লোঁ। টাইপেই চহৰ পৰা বাহিৰ হোৱাৰ ল’গে ল’গেই পাৰাপাৰ নেদেখা সেউজীয়াৰ মাজত সোমাই পৰিলো আমি। এপিনে যদি পাহাৰ তেন্তে আনপিনে পথাৰ আৰু মাজত ক’লা মসৃণ পথ। আপোন পাহৰা হৈ পৰিলো এনে পৰিবেশত নিজকে আৱিষ্কাৰ কৰি। কিছু সময়ৰ অন্তৰে অন্তৰে আমাৰ বাছখন সৰু বৰ সুৰংগৰ মাজেৰে পাৰ হৈ যাবলৈ ধৰিলে । ইয়াৰ মাজৰে এটা সুৰংগৰ দূৰত্ব লেখত ল’বলগীয়া আছিল। সেই সুৰংগৰ মাজেৰে পাৰ হৈ যাবলৈ আমাক প্ৰয়োজন হ’ল প্ৰায় ২০ মিনিট মান সময়ৰ।

 

এই দৰে কিছু সময় যোৱাৰ পাছত যাত্ৰীসকলক সতেজ হোৱাৰ সুবিধা কৰি দিবৰ বাবে বাছখন কিছুসময়ৰ বাবে এঠাইত ৰ’ল। ইয়াত এনেবোৰ সময়ৰ বাবেও সুকীয়া ঠাই আছে, পৰিৱেশ পৰিষ্কাৰ কৰি ৰখাৰ এয়া এক জ্বলন্ত উদাহৰণ। ভিতৰলৈ সোমাই গ’লোঁ, দেখিলোঁ কি এক পৰিষ্কাৰ পৰিৱেশ! বিভিন্ন ৰঙ-বিৰঙৰ সামগ্ৰীৰে পৰিপূৰ্ণ দোকানসমূহে পৰিৱেশটো আৰু অধিক ৰঙীন কৰি তুলিছে। সকলোবোৰ দোকানতে থলুৱা ভাৱে উত্‍পাদিত খাদ্য-সামগ্ৰী তথা বস্ত্ৰ ইত্যাদিৰ সমাহাৰ । ভালদৰে গমি-পিতি চাই বুজি পালোঁ এয়াও এক ব্যৱসায়ীক উত্তৰণ অৰ্থাৎ “বিজনেচ প্ৰমোচন”। এনেবোৰ ঠাইলৈ যাত্ৰীসকলক সতেজ হ’বলৈ লৈ অনা হয় আৰু উত্‍সুক পৰ্য্যটকসকলে ভ্ৰমণৰ চিহ্ন-স্বৰূপে বয়-বস্তু ক্ৰয় কৰে। অৱশ্যে বয়-বস্তুসমূহৰ মূল্য পৰি-মৰা বিধৰ নহয় আৰু ই স্বাভাৱিক। ১৫ মিনিট মানৰ পাছত আমি আকৌ যাত্ৰা আৰম্ভ কৰিলোঁ সেই একেই সেউজীয়াৰ মাজেৰে। কিছু দূৰ যোৱাৰ পাছত বাছৰ খিড়িকিৰে চাই দেখা পালোঁ মাথোঁ নীলা আৰু নীলা। বুজি উঠিলোঁ এতিয়াহে আচল ৰোমাঞ্চকৰ যাত্ৰা আৰম্ভ হ’ল। এই নীলাই হ’ল বিখ্যাত প্ৰশান্ত মহাসাগৰ। আনন্দত চকু মুদি দিলোঁ, অনুভৱ কৰিবলৈ চেষ্টা কৰিলোঁ সপোন সপোন লগা এই সময়খিনি। এতিয়া মোৰ যাত্ৰা সাগৰৰ পাৰে পাৰে। সোঁহাতে সুউচ্চ সেউজীয়া পাহাৰ আৰু বাওঁপিনে নীলাভ প্ৰশান্ত মহাসাগৰ। এই নীলাৰ বুকুতেই দেখিবলৈ পালোঁ উপঙি থকা বহু পাল তৰা নাও আৰু সৰু বৰ বহু মাছমৰীয়া নাও। এটা সপোন দিঠক হোৱাৰ সন্ধিক্ষণত শিহৰিত হৈ পৰিলোঁ ম‍ই। ধীৰ গতিৰে পাহাৰৰ কাষে কাষে শাৰী পাতি গাড়ীসমূহ পাৰ হৈ যাবলৈ ধৰিলে। ইমান সময়ে গান গাই, নাচি-বাগি ভাগৰি পৰা সকলো বহি পৰিল নিজ নিজ আসনত। ক্ষন্তেকতে নিটাল মাৰিলে সমগ্ৰ পৰিৱেশটোৱে, হয়তো প্ৰকৃতিৰ এই ৰূপত নিজকে হেৰুৱাই পেলোৱাৰ উন্মাদনা প্ৰগাঢ় হৈ উঠিছে সকলোৰে অন্তৰত!

 

ক্ৰমান্বয়ে আমি অতিক্ৰম কৰি গৈ আছোঁ ঘণ্টাৰ পাছত ঘণ্টা, কিন্তু এতিয়া সকলোৰে মনত যেন এটাই আশা, এই যাত্ৰা যেন কেতিয়াও শেষ নহওক। কিন্তু সময় বাগৰাৰ লগে লগে পেটৰ ভোকটোৱে উকাবলৈ ধৰিলে আৰু অৱশেষত এখন ধুনীয়া ৰেষ্টোৰাঁৰ সন্মুখত বাছখন ৰখাই দিয়া হ’ল। আমিষ আৰু নিৰামিষভোজী সকলক পৃথক পৃথককৈ বহিবলৈ দিয়া হ’ল। স্বভাৱজাত আমিষভোজী হিচাপে ম‍ইও আমিষভোজীসকলৰ বাবে থকা আসনলৈ পোনাই দিলোঁ। টাইৱানত আহি এনে সমূহীয়া ভোজনত দেখিবলৈ পাইছোঁ যে খাদ্যৰ অপচয়ৰ নোহোৱাৰ ওপৰত ইয়াত বিশেষভাৱে গুৰুত্ব দিয়া হয় । একোখন মেজত ৬ ৰ পৰা ৮ জনমান লোকে একেলগে খাদ্য গ্ৰহণ কৰিব পাৰে, আৰু সকলোৰে মাজত খাদ্যসম্ভাৰ পৰিবেশন কৰা হয়। সকলোৰে বাবে একোখন প্লেট আৰু একোটা বাটি থাকে, আৰু সেই খাদ্যসমূহৰপৰা নিজৰ সামৰ্থ্য অনুপাতে সকলোৱে খাদ্য নিজ নিজ প্লেট সমূহত চপাই লয়। সকলোৱে আহাৰ গ্ৰহণ কৰি শেষ হোৱাৰ পাছতো যদি খাদ্য সামগ্ৰী ৰৈ যায় তেন্তে সেয়া আপুনি মোনাত ভৰাই লৈ আনিব পাৰে, আৰু ই একো লাজৰ বিষয় নহয়। আপোনাৰ সুবিধাৰ্থে ৰেষ্টোৰাৰ লোকসমূহে খাদ্যসমূহ সুকীয়া মোনাত ভালকৈ বান্ধি দিব। কিছুপৰ ৰোৱাৰ পাছত লাহে লাহে খাদ্যসামগ্ৰীসমূহেৰে মেজখন পূৰ্ণ হ’বলৈ ধৰিলে। সাগৰীয় মাছৰ ভজা, গাহৰিৰ ঠেঙৰ জোল, মূৰ্গীৰ মাংসৰ জোল, গাহৰিৰ মাংস ভজা, সিজোৱা লাউৰ আগৰ সৈতে এবিধ শাক, মূৰ্গীৰ চুপ ইত্যাদি লোভনীয় খাদ্যৰে প্ৰথম পৰ্ব সামৰিলোঁ। দ্বিতীয় পৰ্বত আহিল ফল-মূল আৰু মিঠাই; তৰমুজ, কল, আনাৰস, তিনি বিধমান মিঠাইৰে এই পৰ্বটোও সমাপ্ত কৰিলোঁ। ইমানসমূহ লোভনীয় খাদ্য উদৰস্থ কৰাৰ পাছতো শৰীৰটো তেতিয়াও সতেজ হৈয়ে ৰ’ল, দেহত অকণো অলসভাৱ অহা নাই। এনে ধৰণৰ খাদ্যভ্যাসে স্বাস্থ্য তথা খাদ্য সচেতন টাইৱানীজ সকলৰ সুস্বাস্থ্য অটুট ৰখাত অৰিহণা যোগায়।

খাদ্যপৰ্ব সমাপ্ত হোৱাৰ পাছত আমি আমাৰ যাত্ৰা পুনৰ আৰম্ভ কৰিলোঁ। কিছুসময়ৰ পাছত আমি “হুৱালিয়ান” চহৰৰ “ফংলিন” টাউনচিপত থকা “লিনটিয়ানচান ফৰেষ্ট্ৰী কালচাৰ” উদ্যানলৈ গ’লোঁ। এই উদ্যানখন জাপানীসকলে টাইৱানত তেওঁলোকৰ ৰাজত্বৰ ১৮৯৫ ৰ পৰা ১৯৪৫ চনৰ মাজৰ এই সময়ছোৱাত সাজি উলিয়াইছিল। ইয়াৰ মূল উদ্দেশ্য আছিল এই অঞ্চলত থকা “টাইৱান ৰেদ চাইপ্ৰেছ”, “ফৰ্মোচান চাইপ্ৰেচ” আদিকে ধৰি বিভিন্ন প্ৰজাতিৰ গছৰ বিশাল ভাণ্ডাৰ উপভোগ কৰা আৰু সেই উদ্দেশ্য সন্মুখত ৰাখিয়েই জাপানীসকলে এক কাৰখানা সাজি উলিয়াইছিল। এই উদ্যানত প্ৰৱেশ কৰাৰ পাছত ইয়াত সংৰক্ষণ কৰি ৰখা সেই তাহানিৰ দিনৰ কাৰখানা, কাঠ কঢ়িওৱা ৰেলগাড়ী ইত্যাদি দেখিবলৈ পালোঁ। অকণো ক্ষয়-ক্ষতি নোহোৱাকৈ যে এই সম্পদসমূহ সংৰক্ষণ কৰি ৰখা হৈছে সেয়া লক্ষণীয় ।
লিনটিয়ানচান উদ্যানত কিছু পৰ থকাৰ পাছত পুনৰ আৰম্ভ হ’ল বাছৰ যাত্ৰা। এইবাৰ আমাৰ গন্তব্য স্থান এক সৰোবৰ। ইয়াৰ নাম হৈছে “মঙ-হোৱান” সৰোবৰ। ইয়াত উপস্থিত হৈ আন এক সৌন্দৰ্য দেখিবলৈ পালোঁ, সৰোবৰৰ পাৰত পৰ্যটকৰ বাবে আটোম-টোকাৰিকৈ ৰখা দুটা দুমহলীয়া ঘৰ। ঠিক যেন হিন্দী ৰোমান্তিক দৃশ্যত দেখুৱাৰ দৰে “চুইজাৰলেণ্ড”ৰ কোনো সৰোবৰ এয়া!

এই সৰোবৰৰ পাৰত কিছুসময় কটোৱাৰ পাছত আমি ৰাওনা হ’লোঁ আন এক স্থানলৈ। এইবাৰ মোৰ লগতে আন সকলোৰে মন ৰোমাঞ্চিত হৈ উঠিল, কাৰণ এইবাৰ আমাৰ লক্ষ্যস্থান হৈছে প্ৰশান্ত মহাসাগৰৰ পাৰ। কিছুদূৰ যাত্ৰাৰ পাছত আমি উপস্থিত হ’লো হিয়া জুৰ পেলোৱা প্ৰশান্ত মহাসাগৰৰ “চিশ্বীংটান” পাৰ। বাছৰ পৰা নামিয়েই আৰু ৰৈ থাকিব নোৱাৰিলোঁ, ভৰিৰ জোতা-চেণ্ডেল গাড়ীতেই ৰাখি নামি দিলোঁ সাগৰৰ শীতল পানীত। নীলা জলৰাশীৰ এই ৰূপ দুবাহু মেলি উপভোগ কৰিলো। প্ৰশান্ত মহাসাগৰৰ “চিশ্বীংটান” পাৰৰ বৈশিষ্ট এয়ে যে ই বালিৰ পৰিবৰ্তে সৰু সৰু বিভিন্ন শিলেৰে পৰিপূৰ্ণ। বেলি লহিওৱাৰ সময়ত আমি উপস্থিত হৈছিলোঁ যদিও বতৰ ফৰকাল নথকা হেতুকে সূৰ্য্যাস্তৰ মনোৰম দৃশ্য উপভোগ কৰাৰ ভাগ্য আমাৰ নহ’ল। সন্ধ্যা লগাৰ পৰত আমি সাগৰৰ পাৰৰ পৰা উভতিলোঁ। এইবাৰ আমাৰ গন্তব্য স্থান বিখ্যাত হুৱালিয়ান “নৈশ বজাৰ”ত নিশাৰ সাজ গ্ৰহণ কৰা। এইখিনিতে উনুকিয়াই থওঁ যে টাইৱানত এই “নৈশ বজাৰ” অথবা “নাইট মাৰ্কেট” বহুল প্ৰচলিত। সন্ধিয়াৰ পৰা আৰম্ভ হোৱা এই বজাৰ নিশা ১০-১১ বজাৰলৈ খোলা থাকে আৰু আপোনাৰ মনৰ পচণ্ডৰ খাদ্য-সম্ভাৰৰ পৰা আৰম্ভ কৰি কাপোৰ, ঘৰুৱা প্ৰয়োজনীয় সামগ্ৰী, প্ৰসাধন সামগ্ৰী, থলুৱাভাৱে উত্‍পাদিত সামগ্ৰী ইত্যাদি পোৱা যায়। ঠাই বিশেষে এই বজাৰসমূহৰ প্ৰসাৰতা কম-বেছি। ম‍ই থকা টাইপেই চহৰত থকা “শ্বিলীন নাইট মাৰ্কেট” বহু বিখ্যাত। এনে ধৰণৰ বজাৰসমূহত বয়-বস্তুৰ মূল্যও তুলনামূলকভাৱে কম আৰু ইয়াত জনসমাগমো অধিক হয়। যান-জঁটৰ সমস্যাৰ পৰা হাত সাৰিবলৈ সাধাৰণতে মূল পথৰ পৰা আঁতৰত এনে ধৰণৰ বজাৰসমূহৰ স্থান নিৰ্বাচন কৰা হয়।

নিশাৰ সাঁজো উদৰ পুৰাই খাই নিশা যাপনৰ বাবে পূৰ্বৰে পৰা নিৰ্ধাৰিত হোটেলখনলৈ বুলি পুনৰ বাছত উঠিলোঁ। সাগৰৰ পাৰতেই অৱস্থিত এই হোটেলত পাৰ কৰিবলগীয়া আগন্তুক ৰোমাঞ্চকৰ নিশাটোৰ কথা ভাবি মনটো আকৌ এবাৰ শিহৰিত হৈ উঠিল। কিছুসময়ৰ পাছত আমি হোটেলত উপস্থিত হ’লোঁ আৰু ছাবিসমূহ গোটাই লৈ নিজ নিজ কোঠা অভিমুখে ৰাওনা হ’লোঁ। সমগ্ৰ দিনটোৰ বাছ যাত্ৰাৰ পাছত হেঁপাহ পলুৱাই “চাৱাৰ”ৰ তলত নিজকে এৰি দিলোঁ। কিছু সতেজ হৈ হাতত চাহৰ কাপটো লৈ মোৰ কোঠাৰ পৰ্দাখন আঁতৰাই দিলোঁ। কাষৰ কোঠাবোৰত তেতিয়া প্ৰায়বোৰলোকেই শুই পৰিছিল বা শুবলৈ যো-জা চলাই আছিল। খিড়িকিৰে চাই পঠিওৱাত দেখিলোঁ সাগৰৰ পানীত পোহৰৰ একা-বেকা ৰেখা টানি মাছমৰীয়া জাহাজবোৰ এপিনৰ পৰা আনপিনলৈ গতি কৰি আছে, মাজে মাজে লৰি আছে দুই এখন পাল-তৰা নাৱৰ পৰা ভাহি অহা ঢিমিক-ঢামাক পোহৰবোৰ। কোনোবাই দূৰৈত বজাই থকা বাঁহীৰ সুৰৰ সৈতে কোঠাৰ পৰা ভাঁহি অহা ৰঙীন লাইটৰ নিষ্প্ৰভ পোহৰ মিহলি হৈ মোক লৈ গ’ল কোনোবা এখন নেদেখা দেশৰ আনটো পাৰলৈ।

 

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments
কপি নকৰিব, অনুগ্ৰহ কৰি লিংকটো বিলাই দিয়ক