টাইৱানৰ চিঠি – ৮ (মনোজ মন কলিতা)

 

চানফ্ৰাঞ্চিষ্ক যাত্ৰা : কিছু নতুন অভিজ্ঞতা – ৩

 

(ইতিমধ্যে)
….. নিখীল আৰু ভিক্টৰক বিদায় দি মই আৰু মেং-হানে আমাৰ হোষ্টেললৈ বুলি বাট পোনালো। বাটত আহোঁতে লক্ষ্য কৰিলো দুই-এজনে নিচাযুক্ত দ্ৰব্য সেৱন কৰি মাতাল হৈ পৰিছে আৰু প্ৰলাপ বকি আছে। সেইবোৰ আমি আওকাণ কৰিলো যদিও ৰাজপথত এক দুৰ্গন্ধই অস্বস্তিকৰ পৰিৱেশৰ সৃষ্টি কৰিছিল আৰু ই মোক বহুত আমনি দিছিল, অনুমান কৰিলো সেয়া কোনো নিচাযুক্ত দ্ৰব্য সেৱনৰ ফলত উদ্ভৱ হৈছিল। এইবোৰ পাৰ হৈ আহি আমি আমাৰ কোঠাত সোমাই পৰিলো আৰু পিছদিনাখন ৰাতিপুৱা ৮:৩০ বজাতেই সন্মিলনী অনুষ্ঠিত হ
’বলগীয়া ‘মস্কন চেণ্টাৰ’ৰ ঠিকনা বিচৰাত ব্যস্ত হৈ পৰিলো।…..

 

 

(যোৱা সংখ্যাৰ পাছৰ পৰা)

পুৱা শুই উঠিয়েই মেং-হান আৰু মই লৰালৰিকৈ গা-পা ধুই মস্কন চেণ্টাৰলৈ বুলি বাট ল’লো। প্ৰথম দিন হিচাপে বিশেষ আলোচনা নাছিল। বায়ফিজিকেল চচাইটিৰ নতুন সদস্য সকলৰ বাবে জলপানৰ ব্যৱস্থা কৰা হৈছিল। আমিও নিৰ্ধাৰিত স্থানলৈ গৈ নিজ নিজ আসন গ্ৰহণ কৰিলো। স্বাভাৱিক আমেৰিকান জলপানেৰে আৰম্ভ হ’ল এই পৰ্ব। খোৱা-লোৱা পৰ্ব চলি থকাৰ মাজতে মঞ্চলৈ আগবাঢ়ি আহিল বায়ফিজিকেল চচাইটিৰ সভাপতি ড° ফ্ৰেঙ্কচিচ বেজানিলা। তেখেতে নতুন সদস্যসকলক আদৰণি জনালে আৰু চচাইটিৰ উদ্দেশ্য বাখ্যা কৰিলে। কিছু সময়ৰ পাছত তেওঁ ভাষণ সামৰি আমি বহি থকা টেবুলখনতেই আসন গ্ৰহণ কৰিলে। আমাৰো বহুত ভাল লাগিল, তেওঁ এপিনৰ পৰা আমাৰ সৈতে চিনাকী হ’বলৈ ধৰিলে আৰু আমি কৰি থকা গৱেষণাৰ বিষয়ে আগ্ৰহ প্ৰকাশ কৰিলে। তেখেতেও নিজৰ বিষয়ে জনালে আৰু তাত থকা সময়খিনিত চহৰখন ভালকৈ দৰ্শন কৰিবলৈও পৰামৰ্শ দিলে।

জলপানৰ পাছত বেলেগে বেলেগে বিষয় অনুসৰি কিছু সভা অনুষ্ঠিত হ’ল আৰু আমিও নিজৰ পচন্দৰ বিষয় বাচি লৈ সেই বিষয়ৰ সভাত উপস্থিত থাকিলো। মাজতে আমি আমাৰ পোষ্টাৰসমূহ নিজ নিজ ঠাইত আৰি দিলো। পোষ্টাৰ লগাবলৈ দিয়া হলটো এক বৃহৎ হল আছিল, য’ত একেবাৰতে প্ৰায় ১০০০ পোষ্টাৰ লগাব পাৰি আৰু তাৰ এটা অংশত প্ৰায় ৭০-৮০ খন বিভিন্ন কোম্পানী তথা বিশ্ববিদ্যালয়ৰ বিপণী আছিল। বহুলোকে ভাবিব পাৰে যে পোষ্টাৰসমূহত কি থাকিব পাৰে! আচলতে এনে আলোচনা চক্ৰবোৰত নিজ নিজ গৱেষণাৰ বিষয়ে বক্তৃতা দিবলৈ খুব কম সংখ্যক লোকেহে সুবিধা পায় সীমিত সময়ৰ বাবে। আনসকলে নিজ নিজ গৱেষণাৰ বিষয়ে চিনেমাৰ পোষ্টাৰৰ দৰে এখন পোষ্টাৰত ছবি আৰু আখৰেৰে বিৱৰণ লিখিব পাৰে আৰু কোনো লোক আগ্ৰহী হ’লে আপুনি নিজৰ গৱেষণাৰ বিষয়ে বুজাই দিব পাৰে। কেতিয়াবা এনে পোষ্টাৰ প্ৰদৰ্শনৰ পৰা বহু লাভৱানো হোৱা যায়। আমি নিজৰ নিজৰ পোষ্টাৰসমূহ আৰি দিলো নিজ নিজ স্থানত। এই পোষ্টাৰ প্ৰদৰ্শনী তিনি দিনৰ বাবে আছিল আৰু প্ৰতিদিনে প্ৰায় ১০০০ জন ছাত্ৰ তথা বিজ্ঞানীয়ে নিজৰ গৱেষণা প্ৰদৰ্শন কৰিব। প্ৰথম প্ৰদৰ্শনী সভাৰ দ্বিতীয় দিনৰ পৰা আৰম্ভ হ’ব আৰু সেইদিনাই মোৰ পোষ্টাৰ প্ৰদৰ্শনৰ দিন হোৱা হেতুকে মই আগদিনাখনেই পোষ্টাৰ লগোৱাৰ সুবিধা পালো। কিন্তু দ্বিতীয় প্ৰদৰ্শনীৰ বাবে প্ৰথম প্ৰদৰ্শনীৰ সকলে নিজ নিজ পোষ্টাৰসমূহ আঁতৰাই দিব লাগিব।

ঠিক এইদৰে তিনিদিনৰ প্ৰদৰ্শনীত প্ৰায় ৩০০০ জন গৱেষকে নিজৰ গৱেষণা প্ৰদৰ্শন কৰিছিল। মোৰ প্ৰদৰ্শনীৰ দিনাখন মই গৈ পোৱাৰ আগতেই কেইজনমান গৱেষক আৰু জাৰ্নেলৰ সম্পাদকে মোৰ গৱেষণাৰ বিষয়ে পোষ্টাৰত পঢ়ি মোৰ বাবে অপেক্ষা কৰি আছিল। আচলতে প্ৰথম দিনাখনেই সকলোকে একোখন সহায়িকা পুঠি দিয়া হৈছিল য’ত প্ৰতিখন পোষ্টাৰ আৰু প্ৰতিটো বক্তৃতাৰ বিষয়ে সাৰাংশ লিখা আছিল। সেই পুঠিখনৰ সহায়তেই মোৰ গৱেষণাৰ বিষয় কি আৰু মোৰ পোষ্টাৰ নম্বৰ কিমান সেয়া সকলোৱে চাব পাৰে। গতিকে মোৰ গৱেষণাৰ বিষয়ৰ সৈতে জড়িত কেইবাজনো গৱেষকে মোৰ বাবে আগৰে পৰাই অপেক্ষা কৰি আছিল মোৰ পোষ্টাৰৰ ওচৰত নিজৰ নিজৰ প্ৰশ্নৰ উত্তৰ বিচাৰি। আচলতে মোৰ গৱেষণা আমেৰিকাৰ বস্তন চহৰৰ হাভাৰ্ড মেডিকেল বিশ্ববিদ্যালয়ৰ সৈতে একেলগে কৰি আছো। তেওঁলোকে যোৱাবছৰ (২০১৩) যকৃতৰ কৰ্কট ৰোগৰ ভাইৰাচ HCV (হেপাটাইটিচ চি ভাইৰাচ) ৰ এটা অংশ আৱিষ্কাৰ কৰিছিল আৰু এই বিষয়ে Nature নামৰ এক জাৰ্ণেলত প্ৰকাশ কৰিছিল। প্ৰায়বোৰ গৱেষকৰেই এই জাৰ্ণেলত নিজৰ গৱেষণা প্ৰকাশ কৰাৰ এক সপোন থাকে, আৰু কিছুসংখ্যকেহে এই সপোন পূৰণ কৰিব পাৰে। যি কি নহওঁক, ভাইৰাচটোৰ সেই অংশটোৰ ওপৰত বহুবছৰ ধৰি গৱেষণা হৈ আছে যদিও এতিয়ালৈকে তেওঁলোকৰ দৰে সফলতা লাভ কৰিবলৈ সক্ষম হোৱা নাছিল। কোনো কোনো গৱেষকে কিছু সফলতা পালেও সেয়া আংশিক হে, সম্পূৰ্ণ অংশটোৰ বিষয়ে বহু লোকে বিভিন্ন ধাৰণাহে দি আছিল এতিয়ালৈকে। তথাপি বহুলোকে হাভাৰ্ডৰ গৱেষণাৰ ফলাফল মানি ল’ব বিচৰা নাই আৰু এই বিষয়ে বহু আলোচনাও হৈ গৈছে। গতিকে স্বাভাৱিকতে তেনে এক বহু চৰ্চিত গৱেষণাৰ সৈতে মোৰ গৱেষণা জড়িত হৈ থকা বাবে মোৰ গৱেষণাও তেওঁলোকৰ আলোচনাৰ কেন্দ্ৰ বিন্দু হৈ পৰিল। আমোদজনক ভাৱে একেটা সময়তে ইংলেণ্ডৰ ৱেষ্ট য়ৰ্কশ্বয়াৰত থকা লিডছ বিশ্ববিদ্যালয়তো তেনে এক গৱেষণা হৈছিল আৰু তেওঁলোকে নিজৰ গৱেষণা Nature ত প্ৰকাশৰ বাবে দিছিল। কিন্তু হাভাৰ্ডৰ গৱেষণাৰ প্ৰভাৱ ইমানেই বেছি আছিল যে লিডছৰ গৱেষণাক Nature এ নাকচ কৰি হাভাৰ্ডৰ গৱেষণাক প্ৰকাশ কৰিছিল ২০১৩ চনত। উপায়ন্তৰ হৈ তেওঁলোকে নিজৰ গৱেষণা Nature ত কৈ অলপ কম প্ৰভাৱশালী জাৰ্নেলত প্ৰকাশ কৰিছিল পাছলৈ। এই দুয়ো বিশ্ববিদ্যালয়ৰ সৈতে মোৰ গৱেষণাগাৰৰ সু-সম্পৰ্ক থকা হেতুকে তেওঁলোকে আমাৰ সৈতে এই বিষয়ে আৰু অধিক গৱেষণা কৰিবলৈ ইচ্ছা প্ৰকাশ কৰিলে। এইখিনিতে মোৰ গৱেষণাৰ বিষয়ে ক’ব লাগিব, ময়ো সেই ভাইৰাচটোৰ সেই বিশেষ অংশটোৰ আৱিষ্কাৰৰ বাবে গৱেষণা কৰি আছো। কিন্তু মোৰ কাম হৈছে সম্পূৰ্ণ অত্যাধুনিক কম্পিউটাৰ প্ৰযুক্তিবিদ্যাৰ প্ৰয়োগ। মোৰ গৱেষণাত অত্যাধুনিক চুপাৰ কম্পিউটাৰৰ ব্যৱহাৰৰ সহায়ত ভাৰ্চুৱেল জগতত প্ৰকৃতিক হুবহু নকল কৰাৰ প্ৰয়াস কৰো। যেনে, কোনো এটা কোষত যদি কোনো এক ভাইৰাচৰ প্ৰৱেশ ঘটে তেন্তে তাত কি কি পৰিঘটনা ঘটিব তাক আমি প্ৰযুক্তিবিদ্যা তথা পদাৰ্থ বিজ্ঞান, জীৱবিজ্ঞান, ৰসায়ন বিজ্ঞান আৰু গণিতৰ প্ৰয়োগেৰে নিৰ্ধাৰণ কৰিবলৈ চেষ্টা কৰো। এনে গৱেষণাৰেই এটা অংশক চিমুলেচন বুলি কোৱা হয়। আজিকালি সকলোৱে টেলিভিচন অথবা চিনেমা গৃহত দেখি কাৰ্টুন বোলছবি সমূহক জীৱন্ত ৰূপ দিবলৈও চিমুলেচনৰ প্ৰয়োগ কৰা হয়। কম্পিউটাৰৰ সহায়ত কৰা গৱেষণা আজিকালি বহুল ভাৱে চৰ্চিত এক বিষয়। আগতে যদি কোনো এক গৱেষণাৰ ফলাফল পাবলৈ ১৫-২০ বছৰ বা তাতোকৈ বেছি সময় লাগিছিল আজিকালি কম্পিউটাৰ বিজ্ঞানে ইয়াক ৫-৭ বছৰলৈ কমাই দিছে, ইয়াৰ ফলত সময় তথা অৰ্থৰ ৰাহি হৈছে। সেয়ে বহু কোম্পানী তথা গৱেষণাগাৰে আজিকালি কম্পিউটাৰ বিজ্ঞানৰ সহায় লয়। কম্পিউটাৰ বিজ্ঞানে কোনো গৱেষণাত প্ৰায় ক্ষেত্ৰতেই পুৰ্বানুমান কৰি সঠিক বাট দেখুৱায় আৰু আন গৱেষকসকলে সোনকালেই গৱেষণাৰ ফলাফল লাভ কৰে। আনকি মাহাকাশৰ বিষয়ে অধ্যয়ন কৰিবলৈও কম্পিউটাৰ বিজ্ঞানৰ সহায় লোৱা হয় আজিকালি, এই বিষয়ে পাছলৈ লিখিবলৈ চেষ্টা কৰিম।

 

 

লিডছ আৰু হাভাৰ্ড ৰ গৱেষণাৰ ফলাফল প্ৰকাশ হোৱাৰ প্ৰায় ঠিক পাছতেই ময়ো ভাইৰাছৰ সেই অংশটোৰ বিষয়ে তথ্য দিবলৈ সক্ষম হ’লো। সেয়ে এই দুয়োখন বিশ্ববিদ্যালয় আগবাঢ়ি আহিল কম্পিউটাৰ বিজ্ঞানৰ সহায়ত এই অংশকেইটাৰ ওপৰত আৰু অধিক গৱেষণা কৰিবলৈ, আৰু তাৰ দ্বায়িত্ব পৰিল মোৰ ওপৰত। ইতিমধ্যে সেই গৱেষণাৰ ফলাফল প্ৰকাশৰ পথত। গতিকে মোৰ গৱেষণাৰ ফলাফলৰ বিষয়ে বহু কেইজন গৱেষকে নিজৰ ইচ্ছা প্ৰকাশ কৰিছিল সেইদিনা আৰু লগতে মোক উৎসাহিতও কৰিছিল। সেয়া মোৰ বাবে এক বিৰল অভিজ্ঞতা, কিয়নো যিসকল গৱেষকৰ গৱেষণাৰ বিষয়ে পঢ়ি পঢ়ি মই মোৰ গৱেষণাৰ পথত আগবাঢ়ি গৈ আছো তেনে বিজ্ঞানীসকলক নিজৰ সন্মুখত দেখি আৰু তেওঁলোকৰ পৰা উৎসাহ তথা পৰামৰ্শ লাভ কৰিব পৰাতো মোৰ বাবে ভাগ্যৰ কথা আছিল। যি কি নহওক, নিশা প্ৰায় ৯ বজালৈ চলিল এই প্ৰদৰ্শনী, শেষলৈ মোৰ শৰীৰে কেঁকাবলৈ আৰম্ভ কৰিছিল পুৱা প্ৰায় ৯ মান বজাৰ পৰা নিশা ৯ বজালৈ অনৰ্গল বক্তৃতা দি থকাৰ বাবে। শেষত মেং-হান, ভিক্টৰ, নিখীল আৰু মই ওলাই আহিলো নিশাৰ সাজ গ্ৰহণৰ ববে। বিদেশত স্বদেশৰ খাদ্যৰ সোৱাদেই বেলেগ, সেয়ে আমি ৪ জন ভাৰতীয় ৰেষ্টোৰালৈ খোজ ল’লো। মস্কন চেণ্টাৰৰ পৰা প্ৰায় ওচৰতেই এখন ভাৰতীয় ৰেষ্টোৰা আছে আৰু আমি তাতেই গৈ প্ৰৱেশ কৰিলো আৰু তাৰ আৰামী চকীত প্ৰথমে নিজৰ ভাগৰুৱা দেহাটো এৰি দিলো। তন্দুৰী ৰুটি, চিকেন মছালা, লেম্ব কাৰী, পোলাও, লাল-মোহন, লচ্চি ইত্যাদিৰে উদৰ পুৰাই খাই আমি আমাৰ হোষ্টেললৈ বুলি খোজ ল’লো পুনৰ পিচদিনা পুৱা সন্মলনীত উপস্থিত থকাৰ পৰিকল্পনাৰে।

(আগলৈ)

১ম ছবি: ড° ফ্ৰেঙ্কচিচ বেজানিলাৰ সৈতে মই
২য় ছবি: ভাষণৰত ড° ফ্ৰেঙ্কচিচ বেজানিলা
৩য় ছবি: মস্কন চেণ্টাৰৰ সন্মুখত
৪থ ৫ম আৰু৬ঠ ছবি: মস্কন চেণ্টাৰৰ ভিতৰ চ’ৰা।

 

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments
কপি নকৰিব, অনুগ্ৰহ কৰি লিংকটো বিলাই দিয়ক