টাও কাহিনী – অসীম শইকীয়া

এখন সৰু ৰাজ্যত এজন ৰজা আছিল৷ ৰাজ্যখনত দুটাহে মাত্ৰ গভীৰ কুঁৱা আছিল, এটাৰ পৰা ৰজাঘৰীয়াই পানী খাইছিল, সেইটো কুঁৱা ৰাজমহলৰ ওচৰতে আছিল, আনটো কুঁৱা অলপ দূৰত আছিল য’ৰ পৰা ৰাজ্যবাসীলৈ পানী যোগান ধৰা হৈছিল৷

এদিন এজন যাদুকৰে ৰাইজে পানী খোৱা কুঁৱাটোত মন্ত্ৰ মাৰি কিবা এটা কুঁৱাটোলৈ পেলাই দিলে আৰু ক’লে যে এতিয়াৰ পৰা যিয়েই এই কুঁৱাৰ পানী খাব সিয়েই পাগল হ’ব৷
ৰাইজৰ উপায় নোহোৱা হ’ল, যি হয় হব বুলি ভাবি কুঁৱাটোৰ পানী খাবলৈ ধৰিলে আৰু সকলো পাগল হৈ পৰিল৷ ৰজাই কথাটো জানি বহুত দুখ পালেও অলপ প্ৰসন্ন হল যে ৰজাৰ কুঁৱাটোত যাদুকৰে একো নকৰিলে৷
সন্ধিয়া সময়লৈকে ৰাজ্যত এক অৰাজক পৰিস্থিতিৰ সৃষ্টি হ’ল, আনহাতে ৰজাৰ সৈন্য সামন্ত আদিও পাগল হৈ পৰিল কিন্তু এটা উৰাবাতৰিয়ে পৰিস্থিতি আৰু ভয়াবহ কৰিলে যে ৰাজ্যৰ ৰজা পাগল হ’ল৷ লাহে লাহে এক আন্দোলনৰ ৰূপ ল’লে, ৰাজ্যৰ সকলো মানুহ একেঠাইতে গোট খালেহি আৰু ৰাজমহলৰ ফালে হুংকাৰ দি আগবাঢ়ি গ’ল৷ চিঞৰি চিঞৰি ক’বলৈ ধৰিলে আমাৰ ৰজা সলাব লাগে, পাগল ৰজা নালাগে৷
চিঞৰ বাখৰ শুনি ৰজা ৰাজমহলৰ ছাদৰ ওপৰলৈ উঠি আহিল, তেওঁ মন্ত্ৰীক সুধিলে “এতিয়া কি কৰো?“

মন্ত্ৰীয়ে ক’লে “এটাই পথ আছে , আমিও সেই কুঁৱাটোৰ পানী খাই দিও, এতিয়াতো ৰাইজ পাগল হৈ পৰিল, কোনে বুজাব ইহঁতক, সিহঁতে আমাক এতিয়া পাগল বুলি ভাবিছে, কিন্তু আমি জানো আমি পাগল নহয়, আমাৰ বুজনিয়ে ৰাইজৰ ওপৰত একো প্ৰভাৱ নেপেলায়, এতিয়া আৰু দেৰি নকৰিব, আপুনি মানুহ খিনি চম্ভালক মই মনে মনে কুঁৱাটোৰ পৰা পানী লৈ আহো৷
মন্ত্ৰীয়ে পানী লৈ আহিল, দুয়োয়ে সেই পানী খাই পাগল হৈ পৰিল৷ সেই দিনা ৰাতিলৈ ৰাজ্যত এক বৃহৎ উৎসৱৰ আয়োজন হ’ল৷ সকলোৱে ক’বলৈ ধৰিলে আমি ৰজাক মিছাতে পাগল বুলি ভাবিছিলো, আমাৰ মন্ত্ৰী আৰু ৰজাৰ বুদ্ধি একেবাৰে সঠিক আছে, ভগৱানক অশেষ ধন্যবাদ৷
(মূল: টাও উপনিষদ)

■■■

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments
কপি নকৰিব, অনুগ্ৰহ কৰি লিংকটো বিলাই দিয়ক