টাৱাং, এনফিল্ড ইত্যাদি… (উজ্জ্বল দিপ্লু গগৈ)

ফেচবুকৰ পেজত প্ৰকাশ পাইছিল, Bulls of Assam Motor Cycle Clubৰ ষষ্ঠবাৰ্ষিক টাৱাং এক্সপেডিচনৰ বিষয়ে৷ সহাঁৰিও আহিছিল বহুত লোকৰ৷ মটৰচাইকেল এডভেঞ্চাৰ বহুলোকৰে হেপাঁহৰ বস্তু৷ অসমৰ পঞ্জীয়নকৃত মটৰচাইকেল ক্লাবসমূহৰ ভিতৰৰ অন্যতম ক্লাব Bulls of Assam Motor Cycle Clubয়ে প্ৰতিষ্ঠাকালৰেপৰা প্ৰতিটো বছৰতে নিয়মিতভাৱে টাৱাং আৰু খাৰডুংলা, লাডাখলৈ এডভেঞ্চাৰ বাইকিং কৰি আহিছে৷ স্বাভাৱিকভাৱে আকৰ্ষিত হৈ ক্লাবত যোগদান কৰিছিলোঁ আৰু তাৰ কেইমাহমান পাছতেই টাৱাংলৈ যাবলৈ এই সুযোগটি আহিছিল৷ যাত্ৰাটোত ক্লাবক প্ৰতিনিধিত্ব কৰিবলৈ আমি তিনিজন সদস্য ওলাইছিলোঁ; দিশান ভাগৱতী, আইচেং থাওমুং আৰু লেখক নিজে৷ ইতিমধ্যে ক্লাবৰ টাৱাং বাইকিংৰ বিষয়ে জানিব পাৰি তেজপুৰ, গুৱাহাটী আৰু দুধনৈৰ বহুকেইজনে নিজৰ ইচ্ছা প্ৰকাশ কৰিছিল৷ ক্লাবৰ সভাপতি অবিনাশ টায়ে, সম্পাদক ভাস্কৰ গগৈ আৰু টাৱাং ৰাইডৰ গ্ৰুপ লীডাৰ দিশান ভাগৱতীৰ লগত কৰা যোগাযোগমৰ্মে অতিথি ৰাইডাৰ সকলৰ নাম চুড়ান্ত হৈছিল; তেওঁলোক আছিল তেজপুৰৰ দলজিত বৰা, দুধনৈৰ ৰাজীৱ ৰাভা, পুলক ৰাভা, ৰাকেশ মণ্ডল, হিমদীপ্ত কাকতি আৰু জ্যোতিৰ্ময় শৰ্মা আৰু গুৱাহাটীৰ মানস প্ৰতিম শৰ্মা, ধ্ৰুৱজ্যোতি বৈশ্য, মনীষ বৰুৱা, মনোৰঞ্জন কলিতা, ৰণিত চক্ৰৱৰ্তী, ৰাজু দাস, বৰ্ণালী ডেকা, কুমাৰ প্ৰেম আৰু শশাংক ডেকা৷ যাবলগীয়া আটাইকেইজনৰে নামবিলাক চুড়ান্ত হোৱাৰ পাছতেই জা-যোগাৰৰ কামবিলাক আহি পৰিছিল৷ আগতীয়াকৈ বহুতো বস্তু সাজু কৰিবলগা হৈছিল; বাইকবিলাক চাৰ্ভিচিং কৰাৰেপৰা, দৰৱ-পাতি, বাইকৰ টুুলকিট, টিউব, ইঞ্জিন অইল, গৰম কাপোৰ, ৰেইনকোট, কেমেৰা ইত্যাদি সকলোবিলাক৷ ক্লাবৰ আমি যাবলগীয়া সদস্য তিনিওজনেই যাৱতীয় কামবিলাক কৰাত লাগিলোঁ; আমাৰ মনলৈ অহা প্ৰথম কথাখিনিয়েই আছিল যাতে অতিথি ৰাইডাৰসকলে ক’তো অলপো অসুবিধা অনুভৱ নকৰে৷
অৰুণাচললৈ যাবলৈ ইনাৰ লাইন পাৰ্মিট উলিয়াব লাগে৷ আইচেং আৰু দলজিতে তেজপুৰত উলিয়াই ৰাখিছিল৷ বাকী সকলোৰে ILP উলিয়াবলৈ আমি গুৱাহাটীৰ ৰুক্মিনীগাওঁস্থিত অৰুণাচল চৰকাৰৰ অফিচ পাইছিলোঁগৈ৷ একেলগে ইমানকেইজন মানুহৰ ILP দিবলৈ তেওঁলোকে অস্বীকাৰ কৰিছিল কিন্তুু বাৰম্বাৰ কৰা অনুৰোধৰ ওচৰত তেওঁলোকে হাৰ মানি আমাৰ ILPবিলাক বনাই দিছিল৷ সেইদিনা ৰাতিলৈ ক্লাবত যাবলগীয়া প্ৰায় সকলো ৰাইডাৰ লগ হৈছিলোঁ৷ আগৰ অভিজ্ঞতাপুষ্ট ৰাইডাৰসকলে টিপচ কিছুমান শিকাইছিল; বোকাত সোমালে কিদৰে চলাব লাগে, বৰফৰ ওপৰত কিদৰে চলালে সহজ হয়, পৰিম বুলি গম পালে কিদৰে জপিয়াই দিব লাগে, ব্ৰেক নধৰাকৈ পাহাৰৰ ৰাস্তাত চলালে কেনেধৰণৰ সুবিধা হয় ইত্যাদি ইত্যাদি৷ ক্লাবৰপৰা প্ৰতিবছৰে নিয়মিত ৰাইড হয় বাবে সমগ্ৰ ৰাস্তাটোৰ বিষয়ে ছিনিয়ৰসকলৰ যথেষ্ট অভিজ্ঞতা আছিল; তদুপৰি গ্ৰুপ কেপ্তেইন দিশান ভাগৱতীৰ বাবে এইয়া তৃতীয় টাৱাং এক্সপেডিচন আছিল৷ সেয়েহে আমাৰ যথেষ্টখিনি সুবিধা হৈছিল, বিশেষকৈ আমাৰ ৰাতিৰ থকাৰ ব্যৱস্থা আগতীয়াকৈ ক্লাবৰপৰাই কৰি দিছিল আৰু টাৱাংত আমাৰ বাবে তাৰেই স্থানীয় যুৱক ল’বচাংৰ সৈতে যোগাযোগ কৰাই দিছিল৷ উগুল-থুগুল মনেৰে ঘৰলৈ ঘূৰি আহি সকলো বস্তু ভালদৰে পেকিং কৰা হ’লনে চকু ফুৰাই গ’লো; জেকেট, গৰম কাপোৰ, স্লীপিং বেগ, কেমেৰা, ম’বাইল চাৰ্জাৰ, জোতা, অতিৰিক্ত মোজা ৬যোৰ, হাত মোজা, প্ৰটেকটিভচ্, গাৰ্ডচবিলাক, বাইকৰ সা-সৰঞ্জামবিলাক৷ মনৰ সন্তুষ্টিৰ জোখাৰে সকলো চোৱাৰ পাছত শুবলৈ গ’লো৷ টোপনি অহাৰ আশা কৰা নাছিলোঁ আৰু শেষত গৈ বিছনাতে বহুত দেৰি বাগৰ সলাই আহি থকা সপ্তাহটোৰ বিষয়ে ভাবি থাকিলোঁ৷ কালাকটাং, ব’মডিলা, চেলা পাচ, টাৱাং, ব’মলা পাছ এখন এখনকৈ ঠাইৰ কথা মনলৈ ভাহি আহি থাকিল৷


পুৱা ৫মান বাজিছিল; হঠাৎ সাৰ পাই খপজপকৈ উঠি ঘড়ীটোলৈ চালোঁ৷ এলাৰ্ম বাজিবলৈ তেতিয়াও ১০মিনিটমান বাকী আছিল৷ উঠি গৈ খিৰিকীখন খুলি চালোঁ, বতৰ ডাৱৰীয়া কৰিছিল৷ মনতে জুকিয়ালোঁ, ক্লাবৰ ছিনিয়ৰসকলে আগদিনা কোৱা কথাখিনি ’যিকোনো পৰিস্থিতিৰ কাৰণে সাৱধান থাকিবি, ৰ’দ-বৰষুণ, বোকা-বৰফ, ধূলি, পানী, পাত্থৰ চবৰে মাজেৰে বাইক চলাব লাগিব’৷ সদায়ে ক’ৰবালৈ যোৱাৰ আগত সৰুতেই মায়ে শিকোৱা নিয়মমতে গাটো তিয়াই লৈ থাপনাত মূৰটো দোৱাই ল’লো৷ বাইকখন গেৰেজৰ বাহিৰলৈ উলিয়াই লৈ লাডাখী কেৰিয়াৰখনত পেকিং কৰি থোৱা চেডল বেগটো বাঞ্জী ৰছীকেইডালেৰে বান্ধি সাজু কৰিলোঁ আৰু তাৰ লগে লগে Bulls of Assam মটৰচাইকেল ক্লাবৰ পতাকাখন বাইকৰ পাছফালে থকা ফ্লেগষ্টিকডালত ওলোমাই দিলোঁ৷ পাতল বতাহ বলি আছিল, পতাকাখন উৰিবলৈ ধৰিলে; মনৰ সাহটো আৰু ডাঠ হ’ল৷
ৰাইডিং গিয়েৰচ, ৰাইডাৰ জেকেট আৰু জোতা পিন্ধাৰ পাছত হেলমেটৰ ওপৰত GoPro কেমেৰাটো লগাই সাজু কৰি ল’লো৷ ঘৰৰপৰা বিদায় লৈ মোৰ ৰয়েল এনফিল্ড থাণ্ডাৰবাৰ্ড 350খনত কিক্ কৰিলোঁ; ৰাজকীয় শব্দেৰে গৰগৰাই উঠিল বাইকখন৷ ক্লাবত সকলো গোট হৈ তাৰপৰা যাত্ৰা আৰম্ভ কৰা আমাৰ নিয়ম সেয়েহে গুৱাহাটী গীতানগৰত থকা ক্লাবৰ অফিচ লিলিজ ৰেষ্টুৰেণ্টলৈ ধাপলি মেলিলোঁ৷ এজন-দুজনকৈ সকলো ৰাইডাৰ আহি পাইছিলহি লগতে আমাক শুভেচ্ছা জনাবলৈ ক্লাবৰ আন বহু সদস্য গোট খাইছিল৷ তেতিয়াও ল’বলৈ বাকী থকা বস্তু কিছুমান ক্লাবৰপৰা লৈ বাইকত বান্ধি ল’লো৷ চিপচিপীয়া বৰষুণ আকৌ আৰম্ভ হৈছিল৷ বেগবিলাক ৰেইন কভাৰেৰে ঢাকি ল’লো৷ ক্লাবৰ সভাপতি আৰু সম্পাদকে আমাক একগোট কৰি অতিথি ৰাইডাৰকেইজনক ক্লাবৰ নিয়মবিলাক বুজাই দি সেইয়া সঠিকভাৱে মানি চলিবলৈ নিৰ্দেশ দিলে; গ্ৰুপ কেপ্তেইন সকলোৰে আগত যাব, থাৰ্ডমেন আৰু লাষ্টমেনৰ লগত কিদৰে সকলোৱে সংযোগ ৰাখিব, মাৰ্শ্বালৰ মাৰ্শ্বেলিংক কিয় সকলোৱে মানি চলিব লাগিব, হেডলাইট কিয় জ্বলাই যাব লাগিব, কাৰোবাৰ কিবা দিগদাৰ হ’লে চিগনেল লাইটেৰে কিদৰে গোটেই গ্ৰুপটোক ৰখাব লাগিব, কিধৰণৰ হৰ্ণে কি কথা বুজাব ইত্যাদিবোৰ৷ সকলোতকৈ দৰ্কাৰী উপদেশটো আছিল No to Speed & Overtake৷
১৭খন এনফিল্ডৰ শব্দই গীতানগৰৰ ৰাতিপুৱাটো গৰগৰাই তুলিলে; তেতিয়া পুৱা ৮: ৩০ বাজিছিল৷ ভাস্কৰ গগৈ দাই ফেচবুক লাইভ ষ্টাৰ্ট কৰিলে; কেপ্তেইন দিশান ভাগৱতী দাদা আছিল সকলোৰে আগত আৰু আইচেং আৰু এই লেখকৰ স্থান আছিল সকলোৰে শেষত৷ মাজত বাকীসকলক লৈ আমি যাত্ৰা আৰম্ভ কৰিছিলোঁ৷ কুমাৰ প্ৰেমক মাৰ্শ্বালৰ দায়িত্ব দিয়া হৈছিল৷ এখন এখনকৈ শাৰী পাতি আটাইকেইখন বাইক ওলাই গ’ল৷ ১৭খন এনফিল্ডেৰে শাৰীটো প্ৰায় ৫০০মিটাৰমান দীঘল হৈছিল৷ চানমাৰী হৈ আমি আগবাঢ়িলোঁ৷ শিলপুখুৰী, পাণবজাৰ, ভৰলু, কামাখ্যাগেট পাৰ হৈ জালুকবাৰীলৈকে গোটেই বাটচোৱাত বিভিন্নজনে হাতবাউল দিছিল আৰু বহুতে ম’বাইলেৰে ফটো তুলিছিল৷ মাৰ্শ্বাল কুমাৰ প্ৰেমে অগা-পিচা কৰি গাড়ীবোৰ ঠায়ে ঠায়ে ৰখাই আমি আৰামেৰে আগুৱাই যোৱাত সুবিধা কৰি দিছিল৷ গুৱাহাটীৰ ৰাতিপুৱাৰ যান-যটঁ পাৰ হোৱাৰ পাছতহে বাইকত স্পীড দিব পাৰিছিলোঁ৷ শৰাইঘাট দলং পোৱাৰ আগে আগে মই শেষৰপৰা একেবাৰে আগলৈ আগুৱাই গ’লো৷ GoPro ভিডিঅ’ কেমেৰাটো অন্ কৰি গোটেই ৰেলীটোৰ ভিডিঅ’ ল’লো৷ গুমগুমনিৰে সৈতে বাইকবিলাক গৈ থাকিল৷ ৰ’বলগীয়া আমাৰ প্ৰথম গন্তব্যস্থান আছিল ৰৌতা৷ এইখিনিতে সকলোৰে জ্ঞাতাৰ্থে জনাও যে অসমৰপৰা ব’মডিলালৈকে যাবলৈ দুটা মুখ্য পথ আছে; এটা তেজপুৰ, ভালুকপুং, টেঙ্গা হৈ আৰু আনটো হৈছে ভৈৰৱকুণ্ড, কালাকটাং, ৰূপা হৈ৷ আমাৰ যাত্ৰাটোৰ লক্ষ্য আছিল আটাইকেইটা পথ সম্পূৰ্ণ কৰা, সেয়েহে আমি প্ৰথমে ভৈৰৱকুণ্ড হৈ যাবলৈকে ঠিক কৰিছিলোঁ৷ মংগলদৈ, খাৰুপেটীয়া পাৰ হৈ ৰৌতা পোৱাৰ পাছত আমি টাউনৰ হোটেলত কিবা এটা খাবলৈ ৰ’লো কাৰণ আমাক কোৱা আছিল যে কালাকটাংৰ আগত ক’তো খাবলৈ পোৱা নাযাব৷ ইতিমধ্যে ১২বাজি পাৰ হৈছিল, ৰৌতাৰপৰা কালাকটাংৰ দূৰত্ব প্ৰায় ৮৫কি মি আকৌ কালাকটাংৰপৰা ব’মডিলালৈ প্ৰায় ৯০কি মি৷ পাহাৰীয়া ৰাস্তা তাতে বৰষুণৰ বতৰ; সময়ৰ হিচাব কৰিলোঁ, ব’মডিলা গৈ পোৱালৈকে আমাৰ ৰাতি ৮মান বাজিবগৈ৷ বহুত ধৰণৰ ৰিস্কৰ কথা আহি যায় ৰাতি পাহাৰীয়া ৰাস্তাত বাইক চলাবলৈ কিন্তুু যিহেতু এডভেঞ্চাৰ ৰাইড কৰিবলৈ গৈছোঁ তেন্তে পৰিস্থিতি যিমানেই গভীৰ নহওক কিয় সেইয়া চম্ভালিব পাৰিবই লাগিব৷ ৰেইনকোটবিলাক পিন্ধি লৈ ভৈৰৱকুণ্ড অভিমুখে বাইক ষ্টাৰ্ট দিলোঁ৷
শাৰী-পাতি গৈ থকা বাইককেইখনলৈ সকলোৱে বৰ কৌতূহলেৰে চাইছিল৷ মনতে ভাবিলোঁ আমিওটো নিজৰ বাইক নাথাকোঁতে একেই কৌতূহলেৰে বাইক ৰেলীবিলাক চাইছিলোঁ; তেতিয়াটো আমাৰো জানিবলৈ মন গৈছিল কোনবা তেওঁলোক, ক’ৰপৰানো আহিছে ইত্যাদিবোৰ৷ অজানিতে মুখেৰে সুহুৰি এটা ওলাই আহিছিল৷ ভৈৰৱকুণ্ড পোৱাৰ আগে আগে পাহাৰবিলাক দূৰৈৰপৰা দৃশ্যমান হ’বলৈ ধৰিছিল৷ অসম, অৰুণাচল আৰু ভূটানৰ সীমান্তত থকা ভৈৰৱকুণ্ডখন সচাঁকৈয়ে প্ৰকৃতিৰ উপহাৰ৷ অৰুণাচলত সোমোৱাৰ আগে আগে চেকপষ্টত আমাক ৰখাইছিল আৰু ILPবিলাক পৰীক্ষা কৰিছিল৷ আকাশখনলৈ চাইছিলোঁ, ক’লা কৰি আনিছিল ডাৱৰে৷ গম পালোঁ কলহৰ কাণে ঢালিব৷ বেগৰ চাইড পকেটত থকা পেকেট দুটা উলিয়াই ল’লো৷ আন দুই-এজন ৰাইডাৰক সুধিলোঁ কনদম আৰু হুইচপাৰ নেপকিন লাগিব নেকি? তেওঁলোকেও হয়তো পেকেট দুটা দেখি শ্বকড হৈছিল সেয়েহে নালাগে বুলিয়েই ক’লে৷ ময়ো পেকেটৰপৰা কনদম উলিয়াই লৈ ম’বাইল ফোনটো আৰু ৱালেটতো তাৰ ভিতৰত সুমুৱাই গাঁঠি লগালোঁ; সম্পূৰ্ণভাৱে ৱাটাৰপ্ৰুফ হৈছিল৷ তাৰপাছত আৰু দুটা কনদম বেলুনৰ দৰে ফুলাই লৈ মোজাৰ ওপৰত পিন্ধি ল’লো৷ এইবাৰৰ হুইচপাৰ নেপকিনৰপৰা দুটা পেড উলিয়াই লৈ জোতাৰ তলত সুমুৱাই ল’লো বৰষুণৰ পানী শুহিব পৰাকৈ৷
ইতিমধ্যে চেকপষ্টৰপৰা আমাক যাবলৈ দিছিল৷ মাজে মাজে থকা বোকা আৰু পানীৰ বাহিৰে ৰাস্তাটো প্ৰায় ভালেই আছিল৷ মাজে মাজে প্ৰকৃতিৰ আহ্বানক নেওঁচা দিব নোৱাৰি অথবা ভাগৰ মাৰিবলৈকে অথবা ফটো মাৰিবলৈকে এক দুইঠাইত ৰৈছিলোঁ; তাৰ মাজতেই কোনোবাই পানী খাইছিল, কোনোবাই চিগাৰেট আন কোনোবাই চকলেট, ৰজনীগন্ধা৷ সকলো ঠিকেই গৈ আছিল কিন্তুু হঠাৎ এঠাইত ৰ’বলগা হ’ল৷ গ্ৰুপলীডাৰ দিশান দাৰ বাইকৰ চেইনে প্ৰব্লেম দিছিল৷ অলপসময় ঠিক কৰাৰ পাছত আকৌ যাবলৈ আৰম্ভ কৰিছিলোঁ৷ আমি আটাইকেইজনৰ চিনাকিবিলাক নতুন আছিল যদিও ৰাইডাৰৰ চেণ্টিমেণ্টে খুব সোণকালে এজনক আনজনৰ আপোন কৰি পেলাইছিল আৰু তাৰ প্ৰমাণ বাইকখন বেয়া হওঁতেই গম পোৱা গৈছিল৷
বৰষুণ কমাৰ কোনো লক্ষণ নাছিল, ক্ৰমাৎ ডাঙৰহে হৈ আহিছিল৷ পানীৰ বাবে চকুৰে ৰাস্তা মনাত অসুবিধা হৈছিল আনকি বৰষুণ ইমানেই ঘন আছিল যে আমি আগৰ বাইকখন দেখিবলৈকো অসুবিধা পাইছিলোঁ৷ সেয়েহে গ্ৰুপ কেপ্তেইনে সোঁহাতৰ ইণ্ডিকেটৰ লাইট জ্বলাই দিছিল আৰু আমি প্ৰত্যেকেই চিগনেলটো অনুসৰণ কৰি ইণ্ডিকেটৰ লাইট জ্বলাই ৩০-৪০কি মি/ঘণ্টা স্পীডত গৈ থাকিলোঁ৷ অৰুণাচলৰ হাড়ঁ কপোৱা ঠাণ্ডাই জেকেট পিন্ধাৰ পাছতো বাৰুকৈয়ে কপাঁই তুলিছিল৷ তেতিয়া ৫মান বাজিছিল আৰু আমিও প্ৰায় কালাকটাং পাবৰ হৈছিলগৈ৷ জনপ্ৰাণীহীন ৰাস্তাটো সম্পূৰ্ণৰূপে আন্ধাৰত পোত গৈছিল৷ ঠাণ্ডাৰ প্ৰকোপত বাইক চলাব নোৱাৰি আমি ৰ’ব লগা হৈছিল৷ দিশান দাই আগৰপৰা চিঞৰি উঠিল ’ঐ চবেই হেণ্ড গ্লভচৰ সৈতে হাতবিলাক ইঞ্জিনত লগা জলদি জলদিকৈ’৷ সকলোৱে ইঞ্জিন আৰু চাইলেঞ্চাৰচ হাতবিলাক হেঁচি ধৰিলোঁ৷ ৰেইন বাইট হৈ জথৰ হোৱা হাতবিলাক লাহে লাহে গৰম হৈ আহিল৷
অলপ সতেজ হোৱাৰ পাছত যাত্ৰা পুনৰ আৰম্ভ হ’ল৷ কালাকটাংৰপৰা শ্বেৰগাঁৱলৈকে ৰাস্তা আগতকৈ বেয়া আৰু যথেষ্ট ঠেক আছিল, সেয়েহে আমাৰ বাইকবোৰ লাহে লাহে আগবাঢ়িল৷ দুই-এবাৰ ক্ষন্তেক ৰোৱাৰ বাহিৰে এইবাৰ আমি বেছি ৰোৱা নাছিলোঁ৷ এছিয়াৰ সকলোতকৈ ডাঙৰ আপেলৰ বাগিচাৰ ঠাই শ্বেৰগাওঁ প্ৰায় সোমাবৰ হৈছিল; কিবা এটা কাৰণত আইচেং আৰু মই অলপ পাছ পৰিছিলোঁ৷ থিয় পাহাৰ এটাৰপৰা তললৈ নামি গৈ আছিলোঁ; হঠাৎ মোৰ বাইকখনত খাটাককৈ শব্দ এটা হ’ল, ব্ৰেক মাৰিলোঁ কিন্তুু পাছব্ৰেকডাল একেবাৰেই নধৰা হ’ল৷ বোকামাটিৰ পিছল সেই থিয় পাহাৰটোৰপৰা কিবা কৰি নপৰাকৈ তলত ৰ’লোহি৷ দুয়ো বাইকৰপৰা নামি ব্ৰেকলৈ চালোঁ, মোৰ পাছব্ৰেকৰ ব্ৰেকচো দুটা ভাঙি টুকুৰা হৈ পৰিছিল৷ গ্ৰুপটো বহুত দূৰ আগবাঢ়ি গৈছিল, ম’বাইলত নেটৱৰ্ক নাছিল; ইফালে সিফালে চাই ওচৰত এটা সৰু ঘৰৰ বাহিৰে একো নেদেখিলোঁ৷ শ্বেৰগাঁৱৰ ওচৰৰ কোনোবা এটুকুৰা ঠাইত আন্ধাৰত আমি ৰৈ গ’লো গোমা কৰি ৰখা আকাশখনলৈ চাই৷
টাৱাং, এনফিল্ড ইত্যাদি…(৩য় খণ্ড)

ঘোপ মৰা আন্ধাৰৰ মাজত কাষলৈ চাওঁতেহে গম পালোঁ সেইখিনিতে এটা ঘৰ আছে কিন্তুু কোনোধৰণৰ শব্দ নুশুনিলোঁ ঘৰটোৰপৰা৷ আইচেঙে ক’লে ইয়াত কোনো মানুহৰ সহায় পাম বুলি ৰৈ থকাটো মূৰ্খামীহে হ’ব তাতকৈ নিজে হাতে কামে ধৰাটোহে ভাল হ’ব৷ বৰষুণৰ মাজতে বেগ খুলি টুল কিটতো উলিয়ালোঁ৷ ব্ৰেকপেড কেইটুকুৰালৈ চালোঁ, এটুকুৰা ভাঙি ওলমি আছে আনটুকুৰা চকা আৰু ড্ৰামৰ মাজত ফচি ধৰি আছে আৰু সেইবাবে বাইকখন পাছৰ চকাটো লৰচৰ কৰিব নোৱাৰাকৈ ৰৈ গৈছিল৷ ৰেঞ্চ, স্ক্ৰু-ডাইভাৰ ইত্যাদি সকলো বস্তুৰে সৈতে চেষ্টা কৰিলোঁ ব্ৰেকটো খুলি পেলাবলৈ৷ কিন্তুু একো লাভ নহ’ল৷ তাৰপাছত দুয়ো লগ-লাগি চকাটো খোলাৰ কথা ভাবি কামত লাগিলোঁ কিন্তুু সেইয়াও লাভ নহ’ল৷ ম’বাইলটো উলিয়াই বাৰেপতি চাওঁ নেটৱৰ্ক আছে নেকি…নেটৱৰ্ক নীল৷ দুই-এখন সৰু গাড়ী পাৰ হৈ গৈছিল, হাতবাউল দি ৰখাই তেওঁলোকক কৈছিলোঁ আগত বাইকৰ গ্ৰুপ এটা গৈ আছে যদি লগপাই তেন্তে বাইক বেয়া হোৱাৰ খবৰটো জনাব৷ তেনেতে সৰু পোহৰ এটা আমাৰফালে আহি থকা যেন পালোঁ, ওচৰলৈ অহাত দেখা পালোঁ বুঢ়া মানুহ এজন৷ কৰ্কশ মাতেৰে গলখেকাৰি মাৰি আমাক সুধিলে ’ক্যা হুৱা আপলোগোকা? ঘৰ কা আগে বাইক ক্যো ৰোকায়া হ্যেই? ’ খুব সম্ভৱত তেখেতে আমাক ডকাইতজাতীয় কিবা বুলি ভাবিছিল চাগৈ৷ কথাখিনি বুজাই কোৱাত তেখেতে আমাক কামত লাগিবলৈ কৈ ঘৰটোৰ ভিতৰলৈ সোমাই গ’ল৷ দুয়ো আকৌ কামত লাগিলোঁ আৰু শেষত ভাগৰত ঘৰটোৰ বাৰাণ্ডাতে বহি পৰিলোঁ৷ আইচেঙে ক’লে আমি এতিয়া কৰিবপৰা অকল দুটা কামেই আছে হয় আমি স্লিপিং বেগ উলিয়াই লৈ ঘৰটোৰ বাৰাণ্ডাতে ৰাতিটো পৰি থাকিব লাগিব নহ’লে গ্ৰুপৰ মানুহকেইটা ঘূৰি অহালৈ ৰ’ব লাগিব৷ আইচেংলৈ চালোঁ, সৰু সৰু শিলৰ ওপৰত বহি কাম কৰি থকাৰ বাবে তাৰ ৰেইনকোট ফাটিছিল, মনটো বেয়া লাগিল মোৰ বাবেই তাৰো কষ্ট হ’ল৷ প্ৰেচাৰ কুকাৰৰ মাত শুনিলোঁ ঘৰটোৰপৰা, দুয়ো এজনে আনজনলৈ চাই হাঁহিলো ’ভাতৰ যোগাৰটো যেনিবা হৈ যাব এনেকৈয়ে আজি’৷ ঠিক তেনেতে আইচেঙে জাঁপ মাৰি উঠি লৈ ক’লে ’এক মিনিট ৰখ, ট্ৰাইবেল মাথাত লোকেল বুদ্ধি এটা আহিছে’৷ সেইবুলি সি কৈ বাইকখন পাছলৈ টানিবলৈ ধৰিলে৷ খটককৈ হ’ব এটা হ’ল, দেখা পালোঁ ব্ৰেকৰ জামটো খোল খাই ভগা ব্ৰেকপেড কেইটা ওলমি পৰিল৷ ফূৰ্তিত চিঞৰি দিলো দুয়ো; আইচেঙে ক’লে তাৰ ট্ৰাইবেল মাথাত হেনো পাছলৈ টানি দিয়াৰ আইডিয়াটো চাইকেলৰ পাছফালে চেইন পৰিলে উঠোৱাৰ কামটোৰপৰা খেলাইছিল৷ বেগত মৰাপাটৰ ৰছী লৈ গৈছিলোঁ, ব্ৰেকপেড দুটা যাতে আকৌ চকাত ফচি নাযায় তেনেধৰণৰে বান্ধি লৈ আমি লৰালৰিকৈ আমাৰ বস্তুবোৰ সামৰি ল’লো৷ ঘড়ীলৈ চালোঁ প্ৰায় ৮বাজিছিল৷
ভয়ংকৰ অভিজ্ঞতা এটা লৈ শ্বেৰগাওঁ এৰিলোঁ৷ অলপ আগলৈ গৈ ভাল ৰাস্তা পালোঁ, নিমজ আৰু আগতকৈ বহল৷ আইচেঙে মোক তাৰ আগে আগে যাবলৈ দি বাইকৰ স্পীড ২০কিমি/ঘণ্টাতকৈ নিদিবলৈ ক’লে৷ দুয়ো লাহে লাহে আগবাঢ়িলো৷ অলপ দূৰ যোৱাৰ পাছতেই আমি ৰণিত আৰু প্ৰেমক লগ পালোঁ ৷ তেওঁলোকে জনালে যে আমাৰ গ্ৰুপটো বহুত আগবাঢ়ি গ’ল আৰু আমাক বিচাৰি গ্ৰুপলীডাৰ দিশান দা আন এটা ৰাস্তাত গ’ল আৰু তেওঁলোকক আমি আহি থকা ৰাস্তাটোত বিচাৰিবলৈ পঠাই দিলে৷ ৰাইডিং ক্লাব বিলাকত এটা শব্দৰ বাৰুকৈয়ে ব্যৱহৃত হয় ’Brotherhood ভ্ৰাতৃত্ববোধ’৷ পুনৰবাৰ ভ্ৰাতৃত্ববোধৰ অৰিহণা বুজি পালোঁ৷ আকাশখন অলপ মুকলি যেন কৰিছিল৷ ডাৱৰৰ ফাঁকে ফাঁকে মাজে মাজে জোনে ভূমুকি মাৰিছিল৷ ৰাস্তাৰ কাষৰ হাবিত জিলিৰ চে চেঁকৈ মতা মাত শুনা পালোঁ৷ মনতে ভাবিলোঁ ৰ’দটো ওলাব চাগৈ কাইলৈ৷
পাহাৰীয়া ৰাস্তাবোৰত বৰষুণ এৰাৰ পাছত সদায়েই ভূমিস্খলনৰ ভয় থাকে৷ আমাৰ বেলিকাও সেয়াই হ’ল৷ চাৰিওজন শাৰী পাতি একেবাৰে লাহে লাহে গৈ আছিলোঁ, হঠাৎ পাহাৰৰপৰা এটা শিল বাগৰি আহিল৷ প্ৰেমৰ বাইকখনত নলগাকৈ অলপ আগেৰে পাৰ হৈ গ’ল৷ আইচেঙে পাছৰপৰা চিঞৰিলে ’জলদি পাৰ হ’ চব জলদি জলদি…আৰু বাগৰিব শিল৷ ’ আমি সেইসময়ত পাহাৰটোৰ এনেকুৱা এটা অংশত গৈ পাইছিলোঁ যে আমি ৰৈ দিবলৈও নোৱাৰোঁ আনকি পাছলৈ ঘূৰিবলৈও নোৱাৰোঁ, আইচেঙে সেয়েহে উপস্থিত বুদ্ধি খটুৱাই সোণকালে আমাক পাৰ কৰাই লৈ গ’ল৷ পাৰ হোৱাৰ মুহূৰ্তৰ পাছতেই ধাৰামকৈ শব্দ এটা শুনিলোঁ, পাছলৈ চাই দেখোঁ যে এগালমাল বোকা মাটিৰ সৈতে ঢেৰ শিল ওপৰৰপৰা বাগৰি পৰিছে৷ ’ৰাখে হৰি মাৰে কোনে’; ব্ৰেক নথকাৰ কথা বাদ দিলোঁ, আটাইকেইটাই যিমান পাৰোঁ সিমান বেগেৰে তাৰপৰা ওলাবলৈ চেষ্টা কৰিলোঁ৷ ক্লাবত শিকোৱা ব্ৰেক নাথাকিলেও ক্লাচৰ ওপৰত ভৰসা কৰি চলাব পৰা শিকনিখিনি কামত আহিল৷ বহুদূৰ অহাৰ পাছত আমি পাহাৰৰ তলত টাউন এখনৰ লাইটবিলাক দেখা পালোঁ; ৰূপা টাউন পালোঁগৈ৷ বাকীসকল অধীৰভাৱে ৰৈ আছিল, আমি গৈ পোৱাৰ অলপ পাছতেই দিশান দাও ঘূৰি আহি পাইছিলহি৷ ম’বাইলটো ৰিষ্টাৰ্ট কৰাৰ পাছতেই নেটৱৰ্ক পাইছিলোঁ, ঘৰলৈ ফোন কৰিলোঁ; মাৰপৰা গালি এখিনি শুনিলোঁ লগে লগে সকীয়নি ’আৰু যাবলৈ নোৱাৰ এইবোৰ জেগালৈ’৷
৯বাজিছিল, ৰূপাৰপৰা ব’মডিলালৈ বেছি দূৰ নহয়, মাত্ৰ ১৭কিমি৷ কিন্তুু আমাৰ ৰাস্তা ভুল হ’ল৷ ৰূপাত থকা টেংগা নদীৰ দলংখন পাৰ হৈ ব’মডিলালৈ আমি যাব লাগিছিল সোঁহাতেৰে কিন্তুু ভুলতে গ’লোগৈ বাওঁহাতেৰে৷ স্বাভাৱিকতে আইচেং, মই আৰু প্ৰেম পাছ পৰি দিছিলোঁ ব্ৰেকৰ প্ৰব্লেম থকাৰ বাবে৷ বাকীবোৰ আকৌ আগবাঢ়িল৷ অলপ দূৰ যোৱাৰ পাছতেই জোৱান দুজনে আমাক ৰখাই সুধিলে ’ক্যাহা য্যা ৰেহ্যে হ্যৌ আপলৌগ? ’ ব’মডিলা বুলি কোৱাৰ লগে লগে তেওঁলোকে হাঁহি দি ক’লে ’গলত ৰাস্ত্যে চে্ আ্ গ্যেয়ে আপলৌগ, ব্ৰিজ কা ডায়নে চাইড ম্যে য্যানা থা ব’মডিলা কে লিয়্যে৷ ’ আইচেঙ আৰু মই লগে লগে প্ৰেমলৈ চালোঁ; পাহাৰীয়া ৰাস্তাত বাইক চলোৱাত প্ৰেমৰ বিশেষ দখল আছে৷ গোটেই টীমটোক ঘূৰাই আনিবলৈ প্ৰেমক পঠাই দিলোঁ৷ ইতিমধ্যে লেঙেৰা ঘোঁৰা হৈ পৰা মোৰ বাইকখন লৈ আমি দুয়ো লাহে লাহে ঘূৰি আহিলোঁ৷ ৰূপাৰ জোৱানৰ চাউনী পাৰ হৈ আহি আমি দুয়ো এঠাইত ৰৈ পুনৰ আনবিলাকলৈ অপেক্ষা কৰিলোঁ৷ তেনেসময়তে এটা ফোন আহিছিল; ফোনটো আছিল মোৰ কৰ্মস্থানৰ বিষয়া লোকেল কুংফু খ্যাত অমৰ সিং দেউৰী ছাৰৰ৷ তেখেতো সেইদিনা ব’মডিলালৈ আহিছিল গাড়ী লৈ৷ তেখেতেই আমাক জনালে যে চেলাপাছত বৰফ পৰাৰ বাবে সাংঘাতিক বেয়াকৈ ৰোড ব্লক হৈছে, বৈশাখীৰ আগলৈ গাড়ীবোৰ যাব পৰা নাই৷ চিন্তাত পৰিছিলোঁ যদিও মন ডাঠ কৰি ৰাখিলোঁ আগদিনালৈ ৰ’দ ওলাব আৰু ৰ’দ ওলালেই বৰফ গলি ৰাস্তা খোল খাব, সেই আশাৰে৷ গ্ৰুপটো আহি পোৱাৰ পাছত গম পালোঁ আমাৰ গ্ৰুপৰে এজন বাইক ঘূৰাওঁতে পাহাৰত পৰিল; ভাগ্য প্ৰসন্ন থকাৰ বাবে কোনো ধৰণৰ অসুবিধা নহ’ল৷ ব’মডিলা, টেংগা আৰ ৰূপাৰ জাংচনটো পোৱাৰ পাছত সেইখিনি ঠাইৰপৰা ব’মডিলালৈ প্ৰায় থিয় ৰাস্তাত উঠিব লাগে৷ ৰাস্তাটো ভাল যদিও মাজে মাজে কিছুমান ঠাইত সাংঘাতিক বেয়াকৈ বোকা আছিল৷ ৰয়েল এনফিল্ড যদি এনেকুৱা ৰাস্তাত চলাবলৈ নহয় তেন্তে সমতলত ঢেৰঢেৰীয়া শব্দ কৰি চলাই ফুৰিবলৈও নহয়; বোকালৈ নাচাই বাইক ওপৰলৈ উঠাব ধৰিলোঁ৷ মাত্ৰ বোকাৰ ঠাইবিলাকত ক্লাচ, ব্ৰেক একো নধৰাকৈ বাইকবোৰ উলিয়াই নিলোঁ৷ তেনেতে এটা হেয়াৰপিন কেকুঁৰিত আমাৰ এজনে বাইকখন কণ্ট্ৰল কৰিব নোৱাৰি পৰিব লৈছিল; কিন্তুু তেওঁ নপৰিল৷ তেওঁক পৰিব লোৱা দেখি বচাম বুলি ভাবি তেওঁলৈ চোৱা আন এজনহে বাইকৰপৰা পৰিল৷ বোকা আছিল বাবে তেওঁ লুতুৰি পুতুৰি হ’ল যদিও দুখ নাপালে৷
১০বাজিছিল; ব’মডিলা টাউনৰ মাজমজিয়া এনফিল্ডৰ শব্দত কঁপি উঠিছিল৷ কলেজীয়া ল’ৰাই কৰা কামৰ দৰে আমি বাইকৰ এক্সেলবেলেগ পকাই শব্দ অলপ বেছিকৈ উলিয়াইছিলোঁ, ’যেন চবেই চা, আমি আহিছোঁ’৷ হোটেল নামব্ৰ’গত মেনেজাৰ আৰু কৰ্মচাৰীকেইজন কলমটিয়াই বহি আছিল৷ আমি গৈ পোৱাৰ পাছতেই আমাৰ নিৰ্দ্দিষ্ট ৰূমবিলাক আমাক গটাই দিলে, বেগবোৰ বাইকৰপৰা খুলি নি ৰূম পোৱালোগৈ৷ কাপোৰবোৰলৈ চালোঁ, বোকা লাগি লেতেৰা হৈ পৰিছিল৷ ভিতৰৰ গৰম কাপোৰবোৰ নুখুলিলোঁ, বাহিৰৰ কাপোৰবোৰ তেনেকৈয়ে চকী এখনত থোৱাৰ পাছতে ক্লাব আৰু ঘৰলৈ ব’মডিলা আহি পোৱাৰ খবৰ দিলোঁ৷ ভাত খাবলৈ মাতিছিল হোটেলৰ ডাইনিংত; চেচাঁ ভাত-চবজিকে অমৃত যেন লাগিছিল৷ ৰূমলৈ ঘূৰি আহিলোঁ, স্লিপিং বেগটো খোলোঁতেই ৰূমমেট এজনে বেগৰপৰা XXXৰামৰ বটল এটা উলিয়াই আনিলে৷ ঠাণ্ডা বহুত আছিল, কিন্তুু লাহে লাহে গাবোৰ গৰম হৈ আহিল৷
স্কুলৰ বেল বজা যেন শুনিলোঁ, ততভত্ হেৰুৱাই সাৰ পাই বহিলোঁ৷ কাষলৈ চালোঁ, দিশান দা আৰু আইচেং শুই আছে; ঘড়ীটোলৈ চকু গ’ল ৮বাজি গৈছে৷ ভাগৰ সম্পূৰ্ণৰূপে মাৰ গৈছিল৷ কৰিডৰলৈ ওলাই আহি তললৈ চালোঁ, স্কুল এখন আছে হোটেলখনৰ তলতে আৰু তাৰেই শব্দ শুনি সাৰ পাইছিলোঁ৷ কেইবাদিনৰো বৰষুণৰ অন্তত ৰ’দ ওলাইছিল; হোটেলৰ সন্মুখৰ পাহাৰটোৰ তলৰছোৱাত ৰ’দ নপৰি ভালকৈ পোহৰ দেখা নগৈছিল কিন্তুু পাহাৰৰ ওপৰৰ অংশটো ৰ’দ পৰি সুন্দৰকৈ জিলিকি আছিল৷ পাহাৰটোৰ জিলিকি থকা অংশটো চাই চাই এটা জেগাত চকু থৰ হৈ ৰ’ল, ’বৌদ্ধ মঠ এটা সেই পোহৰত জিকমিকাই আছিল’৷ সকলোবোৰ সাৰ পাই উঠি আহিছিল তেতিয়ালৈকে৷ দিশান দাই সকলোকে সোণকালে সাজু হৈ বাইকবোৰত পেট্ৰল ভৰাই ল’বলৈ ক’লে৷ কাৰণ আমি সেইদিনাই ব’মডিলাৰ পৰা চে-লা পাৰ হৈ টাৱাং যোৱাৰ কথা৷ ক্লাবৰ চেক্ৰেটেৰী ভাস্কৰ গগৈ দাদাই ফোন কৰিলে সেই সময়তে; ডাঁৰৰ বাতৰি ডাঁৰে লৈ থকা তেওঁ ফোনটো ৰিচিভ কৰাৰ লগে লগেই বিশেষ কথাৰ অৱতাৰণা নকৰি চিধা ক’লে দেৰি কৰি নাথাকিবি, তহঁতৰ বেয়া হোৱা বাইককেইখন সোণকালে মেকানিকৰ ওচৰত দেখাই ল’ আৰু ব’মডিলাৰ পৰা চে-লা পাৰ হগৈ জলদি৷ তেখেতে কোৱাৰ কথাও সঠিক, কাৰণ চে-লা পাৰ হোৱাটো টাৱাং ৰাস্তাৰ সকলোতকৈ ডাঙৰ চেলেঞ্জ আৰু ৰ’দ দিয়াৰ লগে লগে বৰফ গলিবলৈ আৰম্ভ হয়, গতিকে সেই সময়তে চে-লা পাৰ হোৱাৰ সুবিধাকণ ল’ব পৰাটো আমাৰ যোগাত্মক দিশ আছিল৷
বাকীবোৰ বাইকৰ সৰু-সুৰা অসুবিধাবিলাক নধৰিলে ডাঙৰ অসুবিধা হৈছিল দিশান দা আৰু মোৰ বাইকৰ৷ দিশান দাৰ চেইন স্পকেট আৰু মোৰ ব্ৰেক ফেইলৰ ইচ্চু৷ দেওবাৰ আছিল বাবে ব’মডিলাৰ দোকানবোৰ বন্ধ আছিল৷ বিচাৰি বিচাৰি অৱশেষত এজন মেকানিকক পালোঁগৈ৷ আমি কথাখিনি কোৱাৰ পাছতেই তেখেতে আজি কাম নকৰোঁ বুলি গহীন হৈ ৰৈ দিলে৷ বুজি পালোঁ, তেখেতক ডাবল ৰেট দিলেহে সেই গহীনতা ভাঙিব৷ খোচামুদি কৰিলে মহান মহান পুৰুষ সকলো গলি যায়, পইচা অলপ বেছিকৈ দিম বুলি কোৱাৰ লগে লগে মেকানিকৰ গহীনতা খন্তেকৰ ভিতৰতে তৰল হৈ পৰিল৷ আমাক অলপ ৰ’বলৈ কৈ তেখেতে নিজ হাতেৰে চাহ বনাই খোৱালে আৰু তাৰপাছত নিজৰ মেকানিকগিৰিৰ বুৰঞ্জী আৰু তেখেতৰ বংশাৱলী গাবলৈ ল’লে; ’ব’মডিলাত মেকানিক কাকু বুলি ক’লেই যে সকলোৱে তেখেতক চিনি পাই সেইয়া আমাক বুজোৱাৰ পাছত তেখেতে কাম কৰা বাইকবোৰৰ বিষয়েও ক’বলৈ আৰম্ভ কৰিলে’৷ সময়ৰ প্ৰতি লক্ষ্য ৰাখি আমি অশান্তি পাইছিলোঁ, দিশান দাই তেওঁক এইবাৰ অলপ ডাঙৰ মাতেৰেই কাম আৰম্ভ কৰিবলৈ কোৱাৰ পাছতেই তেওঁ কামত ধৰিলে৷ কিন্তুু প্ৰথম অসুবিধা হ’ল কামটো আৰম্ভ হওঁতেই, তেখেতৰ ওচৰত এনফিল্ডৰ কোনোধৰণৰ পাৰ্টচ নাছিল৷ তেওঁ আমাক জনালে যে পাৰ্টচ তেজপুৰৰপৰা অনাব লাগিব নহ’লে কাম নহ’ব৷ চিন্তাত পৰিলোঁ, কিন্তুু হঠাৎ মনত পৰিল পুৰণি ব্ৰেক শ্বো এযোৰ লাগি যাব পাৰে বুলি মই লৈ আনিছিলোঁ; বেগৰপৰা ওলিয়াই সেইযোৰকে লগাবলৈ দিলোঁ৷ তেখেতে লগোৱাৰ পাছত বাইকখন চলাই চালোঁ কিন্তুু সেইয়া অলপো লাভজনক নাছিল৷ পাছ ব্ৰেকে কাম নকৰিলে৷ সেই সময়খিনিতে গেৰেজটোত দুজন স্থানীয় ল’ৰা আহি ৰৈছিল৷ মোৰ বাইকৰ অসুবিধাখিনি দেখি তেওঁলোকে ঠাট্টাৰ সুৰত মোক ক’লে ’য়হা পে তহ্ হামলোগ ব্ৰেক ইউজ কৰতা হি ন্যেহী, আপ তহ্ ডৰ গয়ে হ্যৌ ’৷ কথাখিনিৰপৰা কিবা এটা সাহস পালোঁ, মনতে ভাবিলোঁ এনেকেই চলাম বাপ্পেকে৷ আইচেঙেও ক’লে ’চিন্তা নকৰিবি, আমি দুয়ো লাহে লাহে যাম’৷ এইবাৰ মেকানিক কাকু দিশান দাৰ বাইকলৈ আগবাঢ়িল৷ পৰীক্ষা কৰাৰ পাছত দেখা গ’ল আগৰ চেইন স্পকেটতো বেয়া হৈছিল আৰু সেইয়া তেজপুৰৰপৰা আনি সলনি কৰাৰ বাহিৰে আমাৰ হাতত বেলেগ উপায় নাছিল৷ মেকানিক কাকুৱেই উপায় দিলে, বাইকখন তেওঁৰ ওচৰত ৰাখি যাবলৈ, কথা দিলে আমি টাৱাংৰপৰা ঘূৰি আহোঁ মানে বাইকখন তেওঁ ভাল কৰি ৰাখিব৷ সিদ্ধান্ত লোৱা হ’ল, দিশান দাই কোনোবা এখন বাইক চলাব আৰু সেইখন বাইকৰ আৰোহীজন পিলিয়ন হৈ বহিব৷
আমি হোটেললৈ ঘূৰি আহিলোঁ৷ আহিয়েই আমি দুটা কথাৰ মুখা-মুখি হ’লো; প্ৰথমটো ৰাইডাৰ পুলক ৰাভাই হাতত দুখ পাই বাইক চলাব পৰা অৱস্থাত নাছিল আৰু দ্বিতীয়টো ৰাজু দাস আৰু বৰ্ণালী ডেকাই কিবা বিশেষ কাৰণত টাৱাং ৰাইড আধাতে সামৰি গুৱাহাটীলৈ ঘূৰি আহিব বিচাৰিছিল৷ পুলক ৰাভাৰ অসুবিধাৰ সমাধান আছিলেই আমাৰ হাতত; দিশান দাৰ পাছফালে বহি যাবলৈ তেওঁ সাজু হৈছিল৷ ৰাজু আৰু বৰ্ণালীক আমি তেনেকৈ ঘূৰি যাবলৈ দিবলৈ শলঠেকত পৰিছিলোঁ কাৰণ সেইয়া আছিল ক্লাবৰ নিয়মৰ পৰিপন্থী আৰু ইমান দূৰৰ ৰাস্তাত অকলে ল’ৰা-ছোৱালীহালক এৰি দিবলৈ আমাৰ মনে নকৈছিল৷ বহুত বুজোৱাৰ পাছতো শেষলৈকে যেতিয়া ৰাজু টাৱাংলৈ যাবলৈ মান্তি নহ’ল তেতিয়া উপায়হীন হৈ আমি তেওঁলোকক গুৱাহাটী ঘূৰি যাবলৈ বাট এৰি দিলোঁ৷ তেতিয়া প্ৰায় ১১: ৩০ বাজিছিল৷ চে-লা পাৰ হৈ টাৱাংলৈ যোৱাৰ সময় প্ৰায় উকলি গৈছিল৷ দিশান দাই সকলোকে ক’লে এইটো পৰিস্থিতিত বৰফৰ মাজেৰে চে-লা পাৰ হ’বলৈ কমেও ৩-৪ ঘণ্টা লাগিব আৰু যদিহে কিবা বিপদত পৰোঁ আমি ৰাতিটো চে-লাৰ বৰফৰ মাজত ফচিব লাগিব যিটো মাৰাত্মক কথা হ’ব৷ সকলোৱে কিবাকৈ পাৰ হৈ যাম বুলিয়েই মত-পোষণ কৰিলে৷ আলোচনা কৰাৰ পাছতেই ব’মডিলাৰ হোটেল এৰিলোঁ৷
ব’মডিলাৰপৰা চে-লা লৈকে যোৱা ৰাস্তাত সৰু সৰু গাওঁ কিছুমানৰ বাহিৰে জনবসতিপূৰ্ণ চহৰ বুলি ক’বলৈ ডিৰাংখনহে আছে৷ তাৰ বাদে ডিৰমে, চেংগেই, বৈশাখী ইত্যাদি সৰু সৰু ঠাই কিছুমান আছে৷ আমাৰ টীমটোৱে ক’তো নোৰোৱাৰ লক্ষ্য লৈ আগবাঢ়িলোঁ চে-লা অভিমুখে৷ ব’মডিলাৰ টাউনৰপৰা ওলোৱাৰ পাছত ১০কিমি মান ৰাস্তা অতিপাত বেয়া, ঠাইয়ে ঠাইয়ে ডাঙৰ শিল, পানীৰ ডোঙা ইত্যাদিবিলাক আছে৷ চলাই থাকোঁতে ঘপহকৰে কোনোবা ঠাইত বাইকখন গাঁতত সোমাই, মনটো বেয়া লাগি আহে বাইকখনে দুখ পালে বুলি৷ আইচেং আৰু মই শেষত লাহে লাহে গৈ থকাৰ বাবে এটা কথাত ভাল হৈছিল৷ মাজে মাজে কাৰোবাৰ বাইকৰ অসুবিধা ওলালে ৰৈ গৈছিল আৰু আমাক দুজনক লগ পাইছিল৷ ৰাইডাৰ শশাংকৰ বাইকখনে দিগদাৰ দিবলৈ আৰম্ভ কৰিছিল, কেইবাবাৰো আমি লগ পাইছিলোঁ; বাইকৰ ওপৰত থকা সামান্য জ্ঞানেৰে আমি ঠিকঠাক কৰি আগুৱাইছিলোঁ৷ ডিৰাং পোৱাৰ ২০কিমি মান আগৰপৰা ভাল ৰাস্তা পাইছিলোঁ৷ মিটাৰৰ কাটাঁ ওপৰলৈ তুলিছিলোঁ, সৰু সৰু গাওঁবিলাক পাওঁতে স্পীড কম কৰিছিলোঁ৷ ৰাস্তাৰ কাষত ৰৈ থকা সৰু সৰু ল’ৰা-ছোৱালী কিছুমানে হাতখন মেলি আমাৰ হাতখন চুব বিচাৰিছিল আৰু আন কিছুমানে বাই বাই বাই বাই বুলি চিঞৰি বাইকৰ পাছে পাছে অলপ দূৰলৈকে দৌৰি আহিছিল৷ তেনে এটি সৰু ল’ৰাই হাতখন মেলি ৰাখিছিল, ময়ো তাৰ হাতখনত চুই যাবলৈ মোৰ বাওঁহাতখন আগুৱাই দিছিলোঁ কিন্তুু বদমাছে লগে লগে ঘোচা এটা মোৰ হাতখনত মাৰি আঁতৰলৈ দৌৰ দিলে৷ খঙ উঠিছিল আৰু লগতে হাঁহিও তাৰ বদমাচিৰ সীমা দেখি৷ বসন্তৰ প্ৰথম পৰশ অৰুণাচলত পৰিছিল৷ ৰাস্তাৰ কাষবিলাক আৰু পাহাৰবিলাকলৈ চাই পঠাওঁ বাইক চলোৱাৰ মাজে মাজে৷ ৰাস্তাবিলাক গুলপীয়া আৰু হালধীয়া ফুলবোৰেৰে ৰঙীন হৈ আছিল৷ তেনেধৰণৰ গছবিলাকৰ তলতে সৰু সৰু ঘৰ কিছুমান, খুব কম সংখ্যক ঘৰৰ বাহিৰে বেছিভাগ ঘৰৰে চৌপাশবোৰ বহুত চাফ-চিকুণ আছিল৷ ঘৰবিলাকৰ আগফালে কেইবাগৰাকী মহিলা লগ হৈ কথা পাতি থকা দেখিছিলোঁ, অলপ আঁতৰত থকা কাঠৰ কুণ্ডাবিলাকত বহি পুৰুষসকলে কথা পাতি পাতি বিড়ি শুপিছিল৷ পাহাৰবিলাক সৰলজাতীয় গছেৰে ভৰ্তি আছিল৷ সেউজীয়া হৈ থকা পাহাৰবিলাকৰ মাজে মাজে আমাৰ বাইক আগবাঢ়িল৷ হঠাৎ দেখিলোঁ, ৰাইডাৰ শশাংক বাইকখন লৈ ৰৈ আছে; আকৌ বেয়া হৈছিল বাইকখন৷ আইচেঙ আৰু শশাংক বাইক ভাল কৰাত লাগিল৷ মই হেলমেটৰ ওপৰত লাগি থকা GOPRO কেমেৰাটো অন্ কৰি ওচৰতে হেতালি খেলি থকা ল’ৰা-ছোৱালীকেইটাৰ ওচৰলৈ গ’লো৷ ডাঙৰ ছোৱালী দুজনী ৰৈ আছিল, মোক আগবাঢ়ি যোৱা দেখি নিজৰ মাজতে ফিচফিচাঁই হাঁহি ভিতৰলৈ দৌৰ মাৰিল৷ অকমাণিকেইটাক ভিডিঅ’ত বন্দী কৰিলোঁ; তাৰে এটাই ভঙা ভঙা হিন্দীৰে মোক সুধিলে ’এই ৰে মাথা ম্যে কিয়া হ্যে! ’ কেমেৰা বুলি কওঁতে চাগৈ তাহাঁতি আশ্বস্ত নহ’ল৷ আটাইকেইটা থিয় হৈ মুখ ভেঙুচাই দেখুৱালে মোক আৰু লগে লগে আঁতৰলৈ দৌৰ মাৰি মোক নিৰীক্ষণ কৰি থাকিলে৷
ইতিমধ্যে বাইক ভাল হৈছিল৷ ৰাইডাৰ প্ৰেমে আমাক বিচাৰি ঘূৰি পাইছিলহি৷ আমি আকৌ ধাপলি মেলিলোঁ৷ ডিৰাং পাৰ হ’লো, চীনা যুদ্ধৰ সাক্ষী ডিৰাং৷ আমি তাত বাইক নৰখালোঁ৷ যথেষ্টখিনি যোৱাৰ পাছত পদ্মাজ নামৰ ঠাইত থকা ভাতৰ হোটেলত আমি ৰ’লোগৈ৷ ভোকৰ ভাত আৰু অমাতৰ মাত একেই কথা; গাহৰি আৰু মুৰ্গীৰ মঙহেৰে ডবনি পিটি আমি আটাইকেইজনে ভাত খালোঁ৷ সম্পূৰ্ণ ঘৰৰ ভাত সাঁজৰ জুতি জিভাত লাগিছিল আৰু তাৰ প্ৰমাণস্বৰূপে খাই উঠাৰ পাছত অহা উগাৰকেইটা আছিল৷ সেইসময়তে দিশান দাই চবকে কাষলৈ মাতি সেই ঠাইৰপৰা দেখিবলৈ পোৱা দূৰৈৰ বৰফৰ পৰ্বত এটা দেখুৱাই ক’লে ’সৌৱা চে-লা, এতিয়া টাইম চা, ২ বাজি গৈছে, পাৰ হ’ব পাৰিবি নাই ক’, নহ’লে কিন্তুু আমি ক’ৰবাত থাকাৰ যোগাৰ কৰিবই লাগিব৷ ’ সকলোতকৈ আগতে ৰাইডাৰ দলজিত আৰু ৰাইডাৰ মানসে মাত দিলে ’যাম পাৰিমেই বুলি৷ ’ গম পাইছিলোঁ, তেওঁলোকৰ মাতত সাহস আছিল আৰু বাকীসকলেও লগে লগে তেওঁলোকৰ কথাক সহমত দিলে৷ দেৰি নকৰি বাইকবোৰ ষ্টাৰ্ট কৰি আগবাঢ়িলোঁ৷ সেইখিনি ঠাইৰপৰা ৰাস্তাটো ঠেক আৰু উলম্ব আছিল৷ সন্তপৰ্ণে আগবাঢ়িলোঁ৷ অস্তগামী সূৰ্য্যৰ কিৰণবিলাক দূৰৈৰ বৰফৰ পৰ্বতত পৰি জিলিকি উঠিছিল৷ পৰ্বতৰ কেকুঁৰিবোৰ পাৰ কৰাৰ পাছত কোনোবাটোত আন্ধাৰ পাইছিলোঁ, কোনোবাটোত পোহৰ আকৌ আন কোনোবা এটুকুৰাত জোৰেৰে বতাহ বলি আছিল৷ চেংগে পাৰ হোৱাৰ পাছতেই হঠাৎ মন কৰিলোঁ হেলমেটৰ গ্লাচখন লাহে লাহে বগা হৈ পৰিছে; সেইয়া আছিল বতাহত উৰি অহা বৰফৰ চিটিকণি৷ চেংগেৰ পাছতেই বৈশাখীৰ মিলিটাৰী কেম্পকেইটা আহে৷ সুৰক্ষাজনিত কাৰণত তাত ৰ’বলৈ নিদিয়ে, বৈশাখীৰ ওপৰলৈ গৈ থাকোঁতে এটুকুৰা ঠাইৰপৰা মন কৰিলোঁ তলত থাকি অহা পৰ্বতকেইটা এডাল দীঘলীয়া লাইনত এক হৈ পৰা দেখা গৈছিল৷
চে-লা পাৰ হৈ ব’মডিলাৰ দিশলৈ অহা গাড়ী আমি ৰাস্তাত বহুত কম পাইছিলোঁ৷ বৈশাখীৰ ওপৰলৈ উঠি যোৱাৰ পাছতেই আমাক কেইজনমান ল’ৰাই হাতবাউল দি ৰখালে৷ মন কৰিলোঁ, অসমীয়া ল’ৰা৷ দিশান দাক তেওঁলোকে ক’লে তাহাঁতে চে-লা পাৰ হ’বলৈ দুপৰীয়াৰ পৰা ৰৈ আছে কিন্তুু জোৱানবিলাকে বৰফ পৰি থকাৰ বাবে যাবলৈ দিয়া নাই৷ তেনেতে চে-লা পাৰ হৈ অহা দুই-এখন গাড়ী লগ পালোঁ৷ গাড়ীবিলাক বৰফ লাগি পোত খাই আহিছিল৷ গাড়ীৰ মানুহবোৰে আমাক পোনপটীয়াকৈ যাবলৈ মানা কৰিলে আৰু জনালে যে চে-লাত বহুত গাড়ী আৰু বাইক চিৰিয়াচ ধৰণে ফঁচি আছে গতিকে তেনে অৱস্থাত আমি চে-লা পাৰ হোৱাৰ মূৰ্খামী নকৰাই ভাল৷ ইতিমধ্যে গাড়ীবোৰত লাগি অহা বৰফবোৰ হাতত লৈ আমাৰ প্ৰায়কেইজনে এটাই আনটোৰ গালৈ দলিয়াবলৈ ধৰিলে ৷ ফূৰ্তি কৰাৰ ধৰণ দেখি কোনো এজনকে ভাগৰুৱা যেন নালাগিল৷ দিশান দা, মই আৰু আইচেঙে আলোচনা কৰিলোঁ কি কৰিলে ভাল হয়৷ শেষত, ঠিক কৰিলোঁ পাৰ হ’বতো নোৱাৰিম গতিকে ঘূৰি গৈ ৰাস্তাত য’তে হোটেল পাওঁ তাতেই ৰাতিটো কটোৱা ভাল হ’ব আৰু যদিহে ক’তো নাপাওঁ তেন্তে ’বেক টু ডিৰাং’৷ বেক টু ডিৰাং বুলি শুনি চবৰে মুখত এটা কথাই ওলাইছিল ’আকৌ ইমান দূৰ বেক কৰিম? ’ কিন্তুু আমাৰ বাবে ভাগ্য সুপ্ৰসন্ন আছিল, বৈশাখীৰ পৰা ঘূৰি আহি চেংগে পাওঁতেই ৰাস্তাৰ কাষতে থকা PWD IB এটা দেখা পালোঁ৷ মনতে আমি ঠিক কৰিলোঁ যি হ’লেও আজি আমি ইয়াতেই

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments
কপি নকৰিব, অনুগ্ৰহ কৰি লিংকটো বিলাই দিয়ক