টাৱাং, এনফিল্ড ইত্যাদি… (শেষ খণ্ড) – উজ্জ্বল দিপ্লু গগৈ

চেলা পাছ পাৰ হোৱাৰ পাছতেই টাৱাঙ ভ্ৰমণৰ সামৰণি প্ৰায় চমু চাপি আহিছিল৷ মাজত মাত্ৰ এটা ৰাতি কটাম ব’মডিলাত৷ সকলোৱে বাইকবোৰ ষ্টাৰ্ট কৰি যাবলৈ ল’লে৷ অৰুণাচলৰ বতৰৰ কথা সকলোৱেই জানে ‘কোনো ধৰণেই বিশ্বাসত ল’ব নোৱাৰি’৷ হঠাৎ জানো কি হ’ল, গোটেই ঠাইখন কুঁৱলীৰে ঢাক খাই পৰিল৷ সন্মুখত শূন্য দূৰত্বলৈও নেদেখা অৱস্থা হৈ পৰিল৷ তাতে চেলা গেটৰ পৰা বৈশাখীলৈকে নামি যোৱা ৰাস্তাটো যথেষ্ট ঠেক আৰু বিপদসংকুল৷ বাইকৰ পৰা অলপ পিছল খোৱা মানেই চিধা তললৈ সৰি পৰিব লাগিব৷ দিশান দাই আইচেঙ আৰু মোক লাহে লাহে সকলোৰে শেষত আহিবলৈ ক’লে যাতে কোনো থাকি নাহে আৰু কাৰো একো বিপদ নহয়৷ হেলমেটৰ গ্লাছবিলাক বন্ধ কৰিব পৰা নাছিলোঁ, কাৰণ কৰাৰ লগে লগেই কুঁৱলীয়ে বগা কৰি পেলাইছিল৷ সেয়েহে গ্লাচ খুলিয়েই আগবাঢ়িলোঁ৷ অলপমান আহিছোঁহে দেখা পালোঁ ৰাইডাৰ মনীষ ৰৈ গৈছে; কুঁৱলীৰ বাবে চলাবলৈ সি অসুবিধা পাইছিল৷ আমাৰ গ্ৰুপটো বহুত আগবাঢ়ি গ’ল সেইটো সময়তে৷ আইচেঙ আৰু মই কথা পাতিলোঁ যে কুঁৱলী বেছি হৈছে যেতিয়া আমি ৰৈ নিদি লাহে লাহে গৈ থকাটোহে ভাল হ’ব৷ অৱশ্যে তাৰ কাৰণ আছিল; দুয়োটা দিশৰেপৰা গাড়ীবিলাক আহি থকাৰ বাবে ৰৈ দিয়াৰ লগে লগে নিজৰ বিপদ চপাই লোৱা হ’লহেঁতেন৷ কাৰণ ৰাস্তাটো ঠেক আৰু শূন্য দূৰত্বলৈ একো নেদেখাৰ বাবে যিকোনো গাড়ীয়ে আমাক খুন্দা মাৰিলহেঁতেন৷ আইচেঙৰ বাইকত ফগ লাইট আছিল সেয়েহে সি ফগ লাইট জ্বলাই আগলৈ গ’ল আৰু মনীষক মাজত লৈ মই শেষত ৰ’লোঁ৷ তিনিওটাই হাজাৰ্ড লাইটবিলাক জ্বলাই লাহে লাহে নামি আহিলোঁ৷ কিমান দূৰ লাহে লাহে নামি আছিলোঁ মন কৰা নাছিলোঁ ৷ বহুসময়ৰ পাছত কুঁৱলী আঁতৰি যোৱাৰ লগে লগে আমি তিনিও সন্মুখত বৈশাখীৰ এয়াৰ ফিল্ডখন দেখা পালোঁ৷ অলপ সময় তাতেই ৰৈ গ্লভচৰ সৈতে হাতখন ইঞ্জিনত চুই থাকিলোঁ৷ ঠৰঙা লগা হাতখন গৰম হৈ পৰিছিল৷

 

সেই ঠাইখনৰ পৰা চেংগে পাবলৈ বেছি দূৰ নাছিল৷ অলপ সময় অহাৰ পাছতেই ওপৰৰপৰা দেখিলোঁ গ্ৰুপৰ বাকীসকল চেংগেত আমি যোৱাৰ সময়ত ৰাতিটো থাকি যোৱা সিং দাৰ PWD IBৰ ওচৰত ৰৈ আছে৷ আমাৰ তিনিওৰে দেৰি হোৱা দেখি সকলো চিন্তাত পৰিছিল৷ গৈ পোৱাৰ লগে লগে সকলোৱে ঘেৰি লৈ সুধিলে কিবা দিগদাৰত পৰিছিলোঁ নেকি? সেইসময়তে PWD IBৰ সিং দা আহি আমাক গৰম চাহ আগবঢ়াই হেণ্ডচেক কৰিলেহি৷ সকলো ভালে-কুশলে ঘূৰি অহাৰ বাবে তেখেতে নথৈ আনন্দ প্ৰকাশ কৰিলে৷ আমাক তেখেতে বাৰে বাৰে কৈছিল ‘তহঁতক মোৰ বহুত ভাল লাগিল দে, আসামৰ পৰা কিছুমান আহে একদম দালাল বুইছনে, তহঁতে আকৌ আহিলে মোৰ ইয়াত থাকি যাবি কিন্তু৷’ চাহ খোৱাৰ বাবদ দিশান দাই সিং দাক ২০০টকা এটা যাঁচিছিল কিন্তু তেখেতে সেই পইচাটো গ্ৰহণ নকৰি ওলোটাই দিশান দাকে ধমকৰ সুৰত ক’লে, ‘এইটো চেংগেৰ মৰম বুলি তহঁতক চাহটো খোৱালোঁ, পইচা দি মোক লাজ নিদিবি৷’ এজন সাধাৰণ মানুহৰ সেই দুটা কথাৰ বাবেই মুহূৰ্তৰ ভিতৰতে আমাৰ সন্মুখত তেখেত অসাধাৰণ হৈ পৰিছিল৷ সিং দাৰ পৰা বিদায় লোৱাৰ সময় আহি পৰিছিল৷ একা-বেঁকা ৰাস্তাৰে নামি গৈ মুহূৰ্তৰ ভিতৰতে বাইকবোৰ অদৃশ্য হৈ পৰিছিল৷

 

গতানুগতিকভাৱে আইচেঙ আৰু মই শেষত আছিলোঁ৷ ভগৱানেও চাগৈ বহুত বস্তু আগৰে পৰা মিলাই ৰাখে৷ এইবাৰ আমাৰ লগত লাহে লাহে গৈ আছিল প্ৰেম, শশাংক আৰু মনোৰঞ্জন৷ চেংগেৰ তললৈ সেই ৰাস্তাটো সাংঘাতিকভাৱে ধূলিময় হৈ আছিল৷ মই আইচেঙৰ আগে আগে আৰু মোৰ আগত আছিল মনোৰঞ্জন৷ প্ৰেম আৰু শশাংক আছিল আইচেঙৰ পাছত৷ হঠাৎ ডাঙৰ শব্দ এটা শুনিলোঁ, বাইক ৰখাই পাছলৈ চাই দেখা পালোঁ আইচেঙে চিঞৰি মাতিছে৷ আটাইকেইজনে গৈ ওচৰ পাই দেখা পালোঁ আইচেঙৰ বাইকৰ পাছৰ চকা পাঙ্কচাৰ৷ তিনিমান বাজিছিল তেতিয়া, বেলি সোনকালে পৰে অৰুণাচলত৷ আন্ধাৰ হ’বলৈ আৰম্ভ হৈছিল; চকা সলোৱাৰ আইডিয়া প্ৰেমৰ বাহিৰে আমাৰ এজনৰো নাছিল৷ তাকেই সাৰথি কৰি টুল কিট, ফুট পাম্প আৰু এক্সট্ৰা টিউবটো উলিয়াই ল’লোঁ৷ প্ৰেমে চকা খুলিবলৈ আৰম্ভ কৰিলে আৰু আইচেঙে ঘাটবিলাক মিলাবলৈ ল’লে৷ আমি বাকীকেইজনে বাইক ধৰি দিয়া, ফুটপাম্পেৰে হাৱা দিবলৈ চেষ্টা কৰি ইত্যাদি কামত লাগিলোঁ৷ ম’বাইলৰ নেটৱৰ্ক নাছিল সেয়েহে আমি গ্ৰুপৰ লগত বিচ্ছিন্ন হৈ পৰিলোঁ৷ চকাটো খুলি আনি প্ৰেমে টিউবটো উলিয়াবলৈ চেষ্টা চলালে কিন্তু প্ৰতিবাৰেই বিফল হ’ল৷ ধূলিয়ে-বালিয়ে আটাইকেইটাৰেই গাবোৰ পোট খাইছিল৷ দুই-এখন গাড়ী চেংগেৰ দিশৰ পৰা ডিৰাঙৰ ফালে গৈ আছিল৷ আমি তেওঁলোকক আমাৰ চকা পাঙ্কচাৰ হোৱাৰ খবৰটো আমাৰ গ্ৰুপক লগ পালে দিবলৈ ক’লোঁ৷ অনভিজ্ঞ হাতেৰে চকাটোৰ লগত লাগি লাগি এঘণ্টাৰ বেছি হৈ গৈছিল৷ তেনেতে এখন ট্ৰাক তলৰপৰা ওপৰলৈ উঠি আহিছিল৷ আমাক তেনেকৈ দেখা পায়েই ড্ৰাইভাৰজনে চিঞৰ-বাখৰ কৰিলে ‘আৰে ভাইলৌগ, বাইক চৌৰৌ অঔৰ য়হা চে হাতৌ চব’৷ আমি এটাই আনটোৰ মুখলৈ চাওঁতেই সি আমাক তললৈ চাবলৈ আঙুলিয়াই দিলে৷ তললৈ চায়েই আমি দেখা পালোঁ যে পাহাৰৰ প্ৰকাণ্ড শিল এচটা ভাঙিবলৈ ডিনামাইট বিস্ফোৰণ কৰিবলৈ লৈছে ঠিক আমি ৰৈ থকা ঠাইকণৰ তললৈ৷ বাইক আৰু অন্যান্য সজুঁলিবোৰ এৰি আমি নিৰাপদ দূৰত্বলৈ দৌৰ মাৰিলোঁ৷ দুই-তিনিটামান মিনিটৰ পাছতেই প্ৰকাণ্ড শব্দ এটা কৰি শিল এটুকুৰা ভাঙি পৰিল৷ আমাৰ বাইককেইখন লৰি যোৱা দেখা পালোঁ৷ বিস্ফোৰণটোৰ লগে লগে সৰু সৰু শিলৰ টুকুৰাবোৰ দূৰ-দূৰণিলৈকে চিটিকি পৰিছিল ৷ ড্ৰাইভাৰজনে আমাক সাৱধান নকৰা হ’লে আমাৰ গাত শিলৰ সৰু টুকুৰাবোৰ পৰিলহেঁতেন বুলি আমি বুজি পাইছিলোঁ৷ আকৌ কামত লাগিলোঁ৷ আইচেঙৰ বেগবোৰ আমি আহি থকা গাড়ী এখনত বোজাই কৰি দি সেইখিনি আমাৰ গ্ৰুপৰ হাতত চমজাই দিবলৈ অনুৰোধ কৰিলোঁ৷ গাড়ীখনৰ লগে লগে আমি মনোৰঞ্জনকো পঠাই দিলোঁ৷ অৱশেষত চকাটো আমি লগালোঁ কিবাকৈ৷ কিন্তু অনভিজ্ঞ হাতৰ বাবে ভালকৈ ফিটিং নহ’ল৷ পুনৰবাৰ আমি চকাটো খুলিলোঁ; ঘাটবিলাক মিলাই আকৌ লগাই দিয়াৰ পাছত আগতকৈ ভালকৈ লাগিল কিন্তু সেয়া পাৰফেক্ট হোৱা নাছিল, মাত্ৰ কিবাকৈ চলাই নিব পৰা হৈ উঠিল বাইকখন৷ প্ৰায় দুঘণ্টাৰ পাছত বস্তুবোৰ সামৰি আমি যাবলৈ ল’লোঁ৷

 

পদ্মাজ নামৰ ভাতৰ হোটেল থকা ঠাইখনত আমাৰ বাকীবোৰ ৰৈ আছিল৷ তেওঁলোকক দেখা পাই মনটো শান্তি লাগিছিল৷ বাইকখন বাকীবোৰৰ ওচৰত গতাই দি আমি ভাত খাবলৈ বহিলোঁ; ভাতৰ পাতত বহাৰ পাচতহে ভোকটো যে লাগিছিল সেয়া অনুভৱ কৰিলোঁ৷ গাহৰি মাংসৰে এপেট ভালদৰে খাই শেষ কৰালৈ দিশান দাই বাইকখন নি কোনোবা মেকানিক এজনৰ ওচৰত দেখুৱাই আনিলে৷ দিশান দাই আমাক সকলোকে সতৰ্ক কৰি দিলে যে তেখেতে বাইকত স্পীড দিব আৰু যিমান পাৰে সকলোৱে তেখেতক অনুসৰণ কৰিলেই হ’ল৷ তেখেতে লগতে লাহে লাহে যাবলৈ বিচৰাবিলাকক আইচেঙ আৰু মোৰ লগ ল’বলৈ ক’লে৷ পদ্মাজৰ পৰা ডিৰাং পাৰ হোৱালৈ আন্ধাৰ হৈছিল সম্পূৰ্ণৰূপে৷ আইচেঙ, দলজিত আৰু মই শেষত থাকি পাহাৰৰ মাজে মাজে দূৰৈৰ পৰা আগত যোৱা এনফিল্ডকেইখনৰ গুমগুমনি শুনি গৈ থাকিলোঁ৷ আন্ধাৰৰ কোবত কেইবা ঠাইত বাইকৰ চকা গাতত সোমাইছিল৷ তেনেকৈয়ে চলাই প্ৰায় সাত বজাত আমি ব’মডিলা সোমালোঁগৈ৷

 

গোটেই ট্ৰিপৰ শেষ আছিল সেইটো ৰাতি৷ চেলিব্ৰেচন কৰিবলৈ প্ৰয়োজনীয় বস্তুবোৰ কিনি আনি হোটেললৈ গ’লোঁ৷ পাৰ্কিঙত বাইকবোৰ থৈ বেগবোৰ খুলিবলৈ এলাহ লগাত মই তেনেকৈয়ে এৰি থৈ গ’লোঁ৷ ৰূমত সোমাই অলপ ফ্ৰেচ হোৱাৰ পাছত সকলো আহি একেলগে থূপ খালোঁ৷ মনবোৰ সকলোৰে সেমেকি আছিল যেন টাৱাঙলৈ আকৌ উভতি যাম৷ গোটেই ট্ৰিপটোত হোৱা ভাল-বেয়া কথাবোৰেৰে আড্ডা চলিল; ডিনাৰৰ পাছত সকলোৱে নিঃপালি দিবলৈ গুচি গ’ল৷ দিশান দা, মই আৰু আইচেঙ বহি থাকিলোঁ আড্ডা দি বহু দেৰিলৈ৷ ৰাতিপুৱা হোৱাৰ পাছত দিশান দাই সকলোকে সাজু হ’বলৈ কৈ তেখেতে ব’মডিলাত বনাবলৈ এৰি থৈ যোৱা বাইকখন আনিবলৈ গ’ল৷ আমিও ৰেডী হ’লোঁ ব’মডিলা এৰিবলৈ৷ উভতনি যাত্ৰাত আমাৰ ৰাস্তা আছিল তেজপুৰ হৈ গুৱাহাটীলৈ৷ আমি ওলাই অহাৰ সময়ত ব’মডিলাৰ ৰাস্তাৰ কাষত বহুতো লোক থিয় হৈ হাত জোকাৰি আমাক বিদায় সম্ভাষণ জনাইছিল৷ নিজৰ মনৰ ভিতৰতে পুনৰ অহাৰ প্ৰতিশ্ৰুতি কৰি আমি ব’মডিলা এৰিলোঁ৷

 

উপসংহাৰ: টেঙ্গা ভেলীত থকা আৰ্মী কেম্পবিলাক পাৰ হৈ আমি আহি থাকিলোঁ৷ দুই-এঠাইত লেণ্ডশ্লাইডৰ বাবে হোৱা সৰু-সুৰা ৰোড ব্লকেজৰ বাহিৰে আমাৰ কোনো অসুবিধা হোৱা নাছিল৷ সেইদিনা ৰ’দো বেছি আছিল, তললৈ নামি অহাৰ লগে লগে গৰম বেছিকৈ অনুভৱ কৰিছিলোঁ৷ ফগ জ’ন…টিপি…ভালুকপুং…নামেৰী হৈ আহি তেজপুৰ সোমাইছিলোঁ৷ ৰাস্তাত বহুতো লোকে থাম্বচ আপ, বাই বাই আৰু চেল্যুট মাৰিছিল৷ অজানিতে মনটো ভাল লাগিছিল৷ তেজপুৰ সোমোৱাৰ পাছত চহৰৰ মাজমজিয়াৰ বিখ্যাত মৌচুমী হোটেলত আহাৰ খাইছিলোঁ৷ তেজপুৰৰ নিবাসী আইচেঙ আৰু দলজিতক তাতেই বিদায় দি আমি গুৱাহাটীলৈ বাট লোৱালৈ আন্ধাৰ হৈ আহিছিল৷ অবিনাশ টায়ে দাদাই ফোন কৰি কৈছিল ‘নাৱ সদায় উঠিবৰ সময়ত আৰু নামিবৰ সময়তহে ডুবে’ গতিকে এই শেষৰকণ তহঁতে ভালে-কুশলে আহ৷ হয়, আমি সকলো যথেষ্ট সাৱধান হৈ আহিছিলোঁ… কলীয়াভোমোৰা…আমনি…নগাওঁ হৈ জাগীৰোড পাওঁতে ৰাতি প্ৰায় দহ বাজিছিল৷ জৈন হোটেলৰ চাহকাপে শৰীৰটো যথেষ্ট ফ্ৰেচ কৰি তুলিছিল যদিও মনটো ফ্ৰেচ কৰিব পৰা নাছিল৷ প্ৰায় এঘাৰ বাজিবৰ হৈছে তেতিয়া… খানাপাৰা অভাৰব্ৰিজৰ ওচৰত আটাইকেইজন ৰ’লোঁ৷ এটা এটা হেণ্ডশ্বেক আৰু হাগ যেন আধৰুৱা হৈ ৰৈছিল৷ দিশান দাই তাতেই Bulls of Assam Motorcycle Clubৰ 6thTawang Expeditionৰ সামৰণি পৰা বুলি অফিচিয়েলি ঘোষণা কৰিলে৷ গোৱালপাৰাৰ লগৰকেইজন সেই ৰাতিয়েই গ’লগৈ৷ আমি গুৱাহাটীৰ কেইজনে নিজৰ নিজৰ ঘৰলৈ বাট ল’লোঁ৷ ……গান এটাৰ কলি দুটা মনত পৰি সুহুৰি এটা ওলাই আহিছিল মুখৰপৰা সেইসময়ত… ‘চ্যৌ গ্যেয়া য়্যে জাহাঁ…চ্যৌ গ্যেয়া আচমান… … চ্যৌ গ্যেয়িইই চ্যাৰে মনজিলে…৷ ৷ ৷

***************

 

দুটামান সৰু কথা:

১) মোৰ টাৱাঙৰ এই কাহিনীটো পঢ়ি ভাল পোৱা সকলোলৈকে মই ধন্যবাদ জনাইছোঁ৷ বহুজনে মেচেজ কৰিছিল পৰৱৰ্তী খণ্ডৰ বাবে৷ কোনোবা এটা-দুটা খণ্ড লিখি উলিয়াওঁতে দেৰি হোৱা বাবে মই ক্ষমাপ্ৰাৰ্থী৷

২) বহুজনে বাইক কিনাৰ কথা লৈ আৰু এনেদৰে ফুৰিব যোৱাৰ কথা লৈ মোক সুধিছিল; তেওঁলোকৰ জ্ঞাতাৰ্থে কওঁ বিশেষকৈ পঢ়ি থকাসকলক উদ্দেশ্যি যে জীৱনত অফুৰন্ত সময় পাবা এনেধৰণে ফুৰিবৰ বাবে৷ এতিয়া মাত্ৰ নিজৰ ভৰিত নিজে থিয় দিবলৈ চেষ্টা কৰা৷ তোমালোকৰ বয়সত ডাঙৰবোৰক দেখি আমাৰো যাবলৈ মন গৈছিল কিন্তু সেই হেপাঁহক পূৰণ কৰিবলৈ বাট চালোঁ৷ নহ’লে জানাই নহয় সমাজত বহুলোক আছে বাপেকৰ পইচা উৰাইছে বুলি ক’বলৈকে৷

৩) বহুলোকে ভাবে যে বাইক চলাই ঘূৰি ফুৰা সকলোবোৰ উচ্ছৃংখল ল’ৰা৷ কিন্তু নিয়মানুৱৰ্তিতাৰে বাইক চলোৱাসকলৰ লগত উদ্ভণ্ডালি কৰি বাইক চলোৱাকেইজনৰ পাৰ্থক্যটো বুজি ল’বলৈ তেওঁলোকলৈ অনুৰোধ থাকিল৷

৪) Safety First৷ নিজৰ সুৰক্ষা সদায়েই নিজৰ হাতত৷ বাইক চলালে এই কথাষাৰ যাতে সকলোৱে মানি চলে তাৰ বাবে অনুৰোধ থাকিল৷

 

শেষত: সকলোলৈকে পুনৰবাৰ ধন্যবাদ জনাই ’ টাৱাং, এনফিল্ড ইত্যাদি…’ ৰ সামৰণি মাৰিলোঁ৷

 

 

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments
কপি নকৰিব, অনুগ্ৰহ কৰি লিংকটো বিলাই দিয়ক