টিকট : অশোক কুমাৰ নাথ

 

পানী শুকাওঁতে ওলাই পৰা ঝাওবন ভৰা বালিচাপৰিৰ সেউজীয়া বগাৰ মাজেৰে সি অগ্ৰসৰ হল। কাষত নদীৰ শান্তসামাহিত স্নিগ্ধ ৰূপ। সোঁতৰ ধাৰ বিশেষ নাই। সি নদীৰ কুলকুল শব্দৰ সতে আৰু কিছুদূৰ আগুৱাই যাব লাগিব।

আগত এটা ঘৰ আছে। মাকে কোৱা মতে দুই শতিকাযুৰি অঞ্চলটোত ৰাজত্ব চলোৱা এটি ঘৰ। বাঘহাতীৰ উত্‍পাত বৃদ্ধি হলে লোকক উদ্ধাৰ কৰিবলৈ আগুৱাই আহা এটি ঘৰ। মানস অভয়াৰণ্যৰ কাষত অতীতৰ এটা উজ্বল ঘৰ। তাৰ পূর্বপুৰুষৰ ঘৰ। এক অর্থত্‍ ঘৰৰ ভগ্নাংশ।

আবেলিৰ সেন্দুৰীয়া নদীখনৰ কিছু কাষতে ঘৰখন। লাহে লাহে কল্লোলে দূৰৰপৰা ৰিণিকি ৰিণিকি জংঘলৰ মাজত ঘৰ এটা দেখিবলৈ ধৰিলে। আজি সি নদীপাৰৰ এই ঘৰটোলৈ আহিছে। আহিবই লাগিব!

ব্ৰিটিছ চৰকাৰৰ প্ৰিয় এই ঘৰখন এটা সময়ত বেছ আয়মেৰে থাকিছিল। মাছে মঙহেৰে দৱনিকৈ খাইছিল আৰু আনকো খুৱাইছিল। অঞ্চলটোৰ দাৰগা, মহাজন, সাধাৰণ প্ৰজা সকলোৱে সসন্মানে ঘৰখনলৈ মূৰ দাঙি চাইছিল। সেয়াও এক সময় আছিল।

গিৰিসাই যোৱা সময় সোঁতৰ বিপৰীতে কোনেও হব নোৱাৰে। চাৰিখনকৈ বাগী থকা ঘৰখন আজি মূল ৰাস্তাটোৰপৰাই পৃথক। আশেপাশে থকা ঘৰবোৰ কেতিয়াবাই অন্য ঠাইলৈ উঠি গৈছে! সময়ৰ ইতিহাসৰ পৰিহাস! এতিয়া সকলোৱে জৰাজীর্ণ ঘৰখন কেৱল অঞ্চলটোৰ ইতিহাসৰ এক অধ্যায় বুলি ভাবে। সেই ঘৰখনৰে উত্তৰাধিকাৰী কল্লোল। কিন্তু এতিয়া সি আহিছে ঘৰখনৰ তাৰ পূর্বপুৰুষৰ এটা ভুলৰ বিষয়ে ভালকৈ জানিবলৈ। তাৰ পঞ্চাচ তম্‌ জন্মদিনত ওপজা ঘৰখন এবাৰ চাবলৈ। তাৰ স্বর্গীয় মাকে কোৱা কিছুমান সাধুকথা স্বচক্ষুৰে চাবলৈ, আশেপাশে থকা লোকৰপৰা কথাবোৰ ভালকৈ জানিবলৈ।

মাকে কৈছিল কিছুমান সাধুকথা। লাহে লাহে সাধুবোৰত কিছু যে সত্যতা আছে বুজিবলৈ ধৰিলে।

ব্ৰিটিছৰ কৃপা লাভ কৰা তাৰ পূর্বপুৰুষসকলৰ ভিতৰত স্বাধীনতা আন্দোলনৰ সময়ত পৰিয়ালটোৰ মূৰব্বী ৰূপেশ্বৰ আছিল ব্ৰিটিছ চৰকাৰৰ চৰম বিৰোধী। একো প্ৰকাশ নকৰিলেও তেওঁ তলে তলে ব্ৰিটিছ চৰকাৰৰ বিৰুদ্ধে আন্দোলনটোৰ সম্পূর্ণ সমর্থন কৰিছিল। স্বাধীনতা লাভৰ থিক আগৰ সময়খিনিত তেওঁ ব্ৰিটিছ চৰকাৰৰ বিৰুদ্ধে বহুতকেইটা ষড়যন্ত্ৰ ৰচনা কৰিছিল।

দেশ স্বাধীন হবলৈ দুটামান মাহ বাকী আছিল। ইতিমধ্যে ইংৰাজ চৰকাৰ ভাৰতৰপৰা আঁতৰ হোৱাতো নিশ্চিত হৈছিল। কিন্তু ভাৰতৰ বিভিন্ন প্ৰান্তত ইংৰাজসকলৰ ওপৰত অত্যাচাৰ আৰম্ভ হৈছিল। মানস অভয়াৰণ্যৰ পহু চিকাৰৰ ক্ষেত্ৰত ব্ৰিটিছসকলোক এক নির্দিষ্ট অংশ ধৰি দিয়া হৈছিল। কিন্তু এদিন এটা পহুৰ পিছে পিছে খেদি যাওঁতে ডেকা ইংৰাজ অফিচাৰ এজনে সীমাৰেখাতকৈ বহুদূৰ বেছি অতিক্ৰম কৰি পেলাইছিল। সেই ঠাইত লাহে লাহে ইংৰাজসকলোৰ প্ৰতিৰক্ষা বহুত দুর্বল হৈ পৰিছিল। অঞ্চলটোৰ ৰাইজে তেওঁক হত্যা কৰিব লাগে বুলি হুংকাৰ দিয়োতে ডেকা ইংৰাজজনে নৱবিবাহিতা পত্নী বিয়েত্ৰিছৰ সৈতে ৰূপেশ্বৰৰ বাংলালৈ পলাই যায়। তাৰ পৰা তেওঁলোক দুয়ো ইংলেণ্ডলৈ পলাই যোৱাৰ কথা। কিন্তু ৰূপেশ্বৰে ইংৰাজজনক ৰাইজৰদ্বাৰা লোহাৰ ৰডেৰে কোবাই মাৰি পেলায়। কিন্তু মেমচাহাব বিয়েত্ৰিছক বন্দী কৰি ৰাখে। তেওঁ আৰু তেওঁৰ পূত্ৰ পৰাগে বিয়েত্ৰিছৰ ওপৰত শাৰীৰিক নির্যাতন চলাই যায়। প্ৰায় এবছৰ ধৰি বন্দী অৱস্থাত থকাৰ পিছত বিয়েত্ৰিছৰ অকাল মৃত্যু হয়। বাকী ইংৰাজসকলে তেওঁলোক দুয়োতা আগতেই একেলগে মৃত্যু হোৱা বুলি ভাবি লয়।

বিয়েত্ৰিছ মৰাৰ আগমুহুর্ত্তত ৰূপেশ্বৰক নির্বংশী হবলৈ শাও দি যায়।

প্ৰথমতে ৰূপেশ্বৰহঁতে কথাটো পেংলাই কৰিছিল যদিও লাহে লাহে অনুভৱ কৰিলে বিয়েত্ৰিছ এতিয়াও আছে। তাইৰ প্ৰতিখোজৰ উশাহবোৰ অনুভৱ কৰিবলৈ ধৰিলে। বতাহবোৰ যেন অন্য কিবাহৰ নিয়ন্ত্ৰনতহে আছে। লাহে লাহে ৰূপেশ্বৰৰ ঘৰৰ সকলোবোৰ মানসিকভাৱে বেমাৰী হৈ আহিব ধৰিলে। ৰাতি ৰাতি ঘৰত ভয়ানক আর্তনাদ গুঞ্জিবলৈ ধৰিলে। বাহিৰৰ মানুহে শব্দবোৰ শুনা নাপায়। দর্জাখিৰিকী সকলো বন্ধ হৈ যায়। গোটেই পৰিয়ালটোৰ ওপৰত অশৰীৰিৰ ভয়ংকৰ অত্যাচাৰ চলে। ধেনুভেৰীয়া হৈ পৰা মানুহকেইটা শূণ্যত ওপঙি ঘৰটোৰ চৌদিশে ধাক্কা লাগি অজ্ঞান হৈ পৰে। ৰাতিপুৱা সকলো থিক হৈ যায়। সকলোৱে নিজকে সম্পূর্ণ সুস্থ অৱস্থাত পায়। ৰাতিৰ ঘটনাবোৰ সপোন আছিল বুলি ভাবি লয়। কিন্তু দিনবোৰহে যে তেওঁলোকে সপোনত দেখিছিল ধৰিবই পৰা নাছিল। এবাৰ অমাৱশ্যাৰ ৰাতিৰ পিছদিনা পুৱা ৰাইজে ৰূপেশ্বৰৰ মৃতদেহটো কম পানী থকা কাষৰ পুখুৰীটোত ওলোটাকৈ পোত খাই থকা অৱস্থাত পায়। দর্জাত চেপত সোমই আছে ভয়ংকৰ ৰূপ ধাৰণ কৰি থকা পৰাগৰ মৃতদেহটো। আশেপাশে আৰু বহুকেইটা মৃতদেহ। কেৱল অলপ অলপ জীয়াই আছিল পৰাগৰ স্ত্ৰী নীৰুবালা। নীৰুবালাই সেই ৰাতিয়ে প্ৰসৱ কৰিছিল এটা পূত্ৰ সন্তানৰ।

কল্লোলে ঘৰটোলৈ গৈ পালে। গেট এখন আছে। অতি পুৰণি। কাঠৰ। দেখিলেই ভয় লাগে। যেন দাঁত নিকতাই তালৈ হাঁহি আছে। ঘৰটোৰ ভেঁটিটো বৰ ওখ এবুকু মান হব। বাৰান্দাৰ কাষতে পৰি আছে এজন বৃদ্ধৰ ফটো, ৰূপেশ্বৰৰ বোধয়! লা বৰণৰ ভয়ংকৰ গোফেৰে এজন লোক। হাতত ৰাইডাং বেত এডাল। কাষত ভঙা ডাঙৰ আয়না এখন পৰি আছে। সি নিজৰ মুখখন চালে। ভয়ংকৰ কলা পৰিছে তেওঁ। নিজৰ মুখখনো নতুন নতুন লাগিছে। চকু দুটা বৰ দ দ যেন দেখিছে। কপাল, নাক, চকু, থুতৰি আনকি কলা চেলাউৰিয়েও যেন অদ্ভূদ ধৰণে হাঁহিছে। নিজৰ পঞ্চাচ তম্‌ জন্মদিনত ওপজা ঘৰখন চাবলৈ অহা কল্লোলৰ হঠাত্‍ কিবা বেলেগ বেলেগ লাগিবলৈ ধৰিলে। হয়। সি নিজৰ নিয়ন্ত্ৰনত নাই। সন্ধ্যাৰ কলাই আৱৰি থকা অন্য এখন জগততহে সি আছে। সি উভতিব খুজিলে। কিন্তু নোৱাৰিলে। প্ৰচণ্ড জোৰেৰে আয়নাখন নিজৰ মূৰত মাৰি দিলে। আয়নাখন টুকুৰা টুকুৰ হল। বিনিময়ত তাৰ মূৰৰপৰা টোপাল টোপাল তেজ নিগৰিবলৈ ধৰিলে। ভঙা আয়নাৰ টুকুৰাবোৰ সি হেচি হেচি নিজৰ মুখত জোৰেৰে সুমুৱাবলৈ ধৰিলে। উহ!

অন্য কিবাহৰ নিয়ন্ত্ৰনত থকা তাৰ ভৰি দুখন বাৰীৰ ফাললৈ চলিবলৈ ধৰিলে। তলত বিহলঙনি, কচুপাত ভৰা এখন অৰণ্যসদৃশ বৃহত্‍ বাৰী। হয়তো একশ বছৰ পুৰণি! কাষত এটা অলপ পানী থকা পুখুৰী। তাত গছ কিছুমানৰ প্ৰতিবিম্ব দেখা গৈছে। ওপৰত কি গছ আছে চাবলৈ তাৰ সামর্থ নহল। তাৰ চকুত পৰিল হাতদুখনে খোপিয়াই বিচাৰি ফুৰা লোহাৰ ৰড এডাল। সি লাহে লাহে ৰডডাল বুটলি ললে আৰু প্ৰচণ্ড জোৰেৰে নিজৰ বুকুত সুমুৱাই দিলে।

বাইশ বছৰীয়া সিদ্ধার্থই তাৰ যমজ ভাতৃ কিশোৰ আৰু কলেজৰ বহুত বন্ধু বান্ধবীৰ সৈতে মানস অভয়াৰণ্যত পিক্‌নিক মানাবলৈ আহে। তাৰ মনতো আজি ভাল লগা নাই। সিহঁত দুটাৰ দেউতাক কল্লোল মৰাৰ আজি বিশ বছৰ হল। অৱশ্যে কত কেনেকৈ মৰিছিল সিহঁতে নাজানে। সিদ্ধার্থই তাৰ প্ৰেমিকা মিলিৰ সৈতে কিছু সময় অকলে কটালে।

সন্ধিয়া হৈ আহিছে। পিক্‌নিক দলটো উভতিবৰ হৈছে। কিন্তু সিদ্ধার্থ আৰু কিশোৰ নাই। সকলোফালে বিচৰা হল। বহু সময় পিছত এডাল শিলিখা গছত দুয়োতাকে ওলোমি থকা অৱস্থাত পোৱা গল। মৃতদেহ দুটাৰ ডিঙি দুটা বেয়াকৈ ভাঙি গৈছে। কাষত এটা পুৰণি, জৰাজীর্ণ, অস্থায়ী মানুহৰ বৃথা গাথাৰ সাক্ষী ঘৰ এটা!

দুদিন পিছত কান্দি কান্দি কাতৰ হৈ পৰা সিদ্ধার্থৰ প্ৰেমিকা মিলিৰ ওকালি ওকালি ভাৱ এটা আহিল!

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments
কপি নকৰিব, অনুগ্ৰহ কৰি লিংকটো বিলাই দিয়ক