টীকা পাহাৰলৈ গৈছিলো (মংগল সিং ৰংফাৰ)

এই একেই শিৰোনামাৰে ‘আমাৰ অসম’ৰ দেওবৰীয়া আলোচনী ‘পূৰ্বাচল’ত মোৰ ভ্ৰমন কাহিনী  প্ৰকাশ পাইছিল ২০০১ চনৰ ২৭ মে’ সংখ্যাত। টীকা পাহাৰলৈ পিছলৈ পুনৰ বহুবাৰ গৈছো-তথাপি পুনৰ যাবলৈ মন যায় ঠাই খনলৈ।

টীকা পাহাৰ:- যিসকল পাঠকে ৰংবং তেৰাঙৰ কাৰবি আংলং আৰু কাৰবি জীৱন ধাৰাৰ পটভূমিত ৰচিত বহু পাঠিত উপন্যাস “ৰংমিলিৰ হাহি” খন পঢ়িছে বা এই একেই উপন্যাসৰ ভিত্তিত নিৰ্মিত জনপ্ৰিয় টিভি চিৰিয়েলখন চাইছে তেওঁলোকৰ বাবে টীকা পাহাৰৰ নাম নিশ্চয় অপৰিচিত নহয়। টীকা পাহাৰ সমুদ্ৰ্পৃষ্ঠৰ পৰা প্ৰায় ৪৮০ মিটাৰ উচ্চতাত অৱস্থিত। টীকা পাহাৰৰ উল্লেখ আৰু ইয়াৰ প্ৰাকৃতিক সৌন্দৰ্য্যৰ বৰ্ণনা ৰংবং তেৰাঙৰ “ৰংমিলিৰ হাহি”ৰ পাতে পাতে। কাৰন ‘ৰংমিলিৰ হাহি’ উপন্যাসখন টীকা পাহাৰ আৰু ইয়াৰ পাদদেশত বৈ যোৱা’কাৰবি লাংপি’(বৰাপানী)নদীৰ দুই পাৰৰ কাৰবি গাওঁবোৰৰ পটভুমিতেই ৰচনা কৰা। টীকা পাহাৰৰ প্ৰাকৃতিক সৌন্দৰ্য্য সচাকৈয়ে বৰ মনোৰম। বিশেষকৈ ইয়াৰ ওখ পাহাৰৰ শিখৰৰ পৰা তলত একাবেকাকৈ বৈ যোৱা বৰাপানী নদীখন আৰু ইয়াৰ দুয়ো পাৰৰ বিস্তীৰ্ণ ভৈয়ামৰ দৃশ্যবোৰ চালে চকু ৰোৱা। বৈঠালাংছু’ৰ পৰা হামৰেনলৈ যোৱা পাহাৰীয়া একাবেকা ৰাস্তাৰে ৭ কি:মি:মান গলেই পাহাৰৰ শিখৰতেই টীকা গাওঁখন। পাহাৰ শিখৰৰ ওপৰত এখনি সৰু ধুনীয়া পাহাৰীয়া গাওঁ। শিখৰলৈ উঠি নগ’লে ওপৰত যে ইমান ধুনীয়া এখনি উন্নত গাঁও আছে, অনুমান কৰিব নোৱাৰি। এই টীকা পাহাৰলৈকে আহিছিল ১৮৯৭ চনত দুজন আমেৰিকান বেপ্টিষ্ট মিছনৰ পাদুৰী-ৰেভাৰেণ্ড পি ই মুৰ আৰু ৰেভাৰেণ্ড জে এম কাৰৱেল। তেওঁলোকে প্ৰথমে কাৰবি ভাষা শিকি আয়ত্ত কৰি ল’লে আৰু স্থানীয় ভাষাত কথাও ক’ব পৰা হ’ল। তেওলোকে টীকাত এখন প্ৰাইমেৰী স্কুল, প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰ আৰু এটা গীৰ্জা স্থাপন কৰিলে। ১৯১৩ চনত মিছনেৰীসকলে নিৰ্মান কৰা লোহাৰ খুটা আৰু ওপৰত টিনপাত দিয়া গীৰ্জা ঘৰটো বৈঠালাংছ’ৰ পৰা হামৰেনলৈ যোৱা ৰাস্তাৰ দাতিতে টীকাত আজিও আছে। পাদুৰী চাহাব দুজনে স্কুল, স্বাস্থ্য কেন্দ্ৰ আদি স্থাপনৰ উপৰি খ্ৰীষ্টানৰ বিভিন্ন ধৰ্মবাণী অনুবাদ আৰু ধৰ্মৰ প্ৰচাৰৰ কামত নিজকে নিয়োজিত কৰিছিল। তেওঁলোকে ধৰ্মপুথি আৰু স্কুলীয়া পাঠ্যপুথি ৰচনা কৰি ছপা কৰি উলিয়াইছিল। গীৰ্জাত তেওঁলোকে সৰু প্ৰেছ স্থাপন কৰিছিল। মাইলছ ব্ৰনছনে আধুনিক অসমীয়া ভাষা-সাহিত্যলৈ বৰঙণি আগবঢ়োৱাৰ দৰে মুৰ আৰু কাৰ্ৱেল চাহাবেও আধুনিক লিখিত কাৰবি ভাষা-সাহিত্যলৈ গুৰুত্বপূৰ্ণ বৰঙণি আগবঢ়াই থৈ গৈছিল। টীকাৰ প্ৰেছতে ছপা হৈছিল- ফ্লিফ্লি, আৰলেং কালাখা, আৰ্লেং আলাম, নিং আৰ্জান, ছিনিং পুৰ্থিমি, বিৰ্তা কিমি আদি কাৰবি ভাষাৰ কিতাপবোৰ। ইয়াৰ উপৰি তেওঁলোকে ‘বিৰ্তা’ আৰু ‘থেংতম’ নামৰ মাহেকীয়া বাতৰি কাকত আৰু আলোচনীও প্ৰকাশ কৰি উলিয়াইছিল। কাৰৱেল চাহাব মনে প্ৰাণে কাৰবিসকলৰ লগত মিলি গৈছিল আৰু কাৰবি আংলঙতে মৃতুবৰণ কৰিবলৈ ইচ্ছা ব্যক্ত কৰিছিল। ১৯২৫ চনৰ ২৯ অক্টোবৰত তেওঁৰ মৃত্যু হয়। তেওঁৰ ইচ্ছানুসৰি টীকাতেই তেওক পত্নীৰ ওচৰতে সমাধিস্থ কৰা হয়। তেওঁৰ সমাধিক্ষেত্ৰ এতিয়াও আছে।

 

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments
কপি নকৰিব, অনুগ্ৰহ কৰি লিংকটো বিলাই দিয়ক