টুথপেষ্টৰ ইতিহাস- বিতোপন বৰদলৈ

সমগ্ৰ বিশ্বই অহা ১২ চেপ্তেম্বৰ ২০১৭ তাৰিখে “ওৱৰ্ল্ড অৰেল হেল্থ দে“ পালন কৰিব৷ সেয়েহে এই দিনটোৰ লগত সংগতি ৰাখি আজি এই লিখনি আগবঢ়ালো৷ সকলোৰে বুজাত সহায় হোৱাকে দাঁত ঘঁহা মলম বুলি নিলিখি মুখে মুখে প্ৰচলিত টুথপেষ্ট বুলি লিখা হৈছে৷
আমাৰ সকলোৰে সৰুৰে পৰাই এটা অভ্যাস আছে যে পুৱাই উঠিয়ে দাঁত -মুখ ধোৱা৷ আগতে গাঁৱত মানুহে সাধাৰণতে দাঁত ঘঁহিবলৈ এঙাৰ, সৌৰা, নিম বা বঙালী এৰা গছৰ ঠাৰি ব্যৱহাৰ কৰিছিল৷ আজিকালিহে বিভিন্ন ধৰণৰ দাঁত ঘঁহা ক্ৰীম বা পাউডাৰ ওলোৱাৰ পিছত মানুহে গাঁৱে-ভূঁয়ে সকলোতে বজাৰত পোৱা বিভিন্ন ক্ৰীম/পাউডাৰ আদি ব্যৱহাৰ কৰিবলৈ ল’লে৷

বিশ্বাস কৰা যায়যে খৃঃপূঃ ৫০০০ বছৰ মানত এই দাঁত ঘঁহা পাউডাৰৰ আবিস্কাৰ হৈছিল আৰু ইয়াক ইজিপ্তৰ লোকসকলে পোনপ্ৰথমে দাঁতবিলাক পৰিষ্কাৰ কৰি ৰাখিবৰ কাৰণে ব্যৱহাৰ কৰিছিল৷ সেই একে সময়তে পুৰণি গ্ৰীক আৰু ৰোমান সকলেও ইয়াক ব্যৱহাৰ কৰা বুলি জনা যায়৷ চীন আৰু ভাৰতৰ মানুহে খৃঃপূঃ ৫০০ বছৰ মানতহে পোনপ্ৰথমে দাঁত ঘঁহিবলৈ পাউডাৰৰ ব্যৱহাৰ কৰিছিল৷

আমি বৰ্তমান যেনেকৈ আমাৰ দাঁতবোৰ পৰিষ্কাৰ বগা কৰি ৰাখিবলৈ আৰু দাঁতৰ আলুবোৰ কঠিন কৰি ৰাখিবলৈ টুথপেষ্টৰ ব্যৱহাৰ কৰো, পুৰনি কালতো মানুহে সেই একে কাৰণতে দাঁত ঘঁহা পাউডাৰৰ ব্যৱহাৰ কৰিছিল৷ কিন্তু আগতে ব্যৱহাৰ হোৱা পাউডাৰবোৰৰ সংমিশ্ৰণবোৰ বেলেগ আছিল৷ আগতে ইজিপ্তৰ বাসিন্দা সকলে এইবিলাক তৈয়াৰ কৰিবলৈ মৰা ষাঁড় গৰুৰ খুৰাবিলাক পুৰি তাৰ ছাঁই আৰু পোৰা কণীৰ খোলা একেলগে লৈ গুড়ি কৰি এক মিশ্ৰণ তৈয়াৰ কৰিছিল৷ গ্ৰীক সকলে আকৌ এঢাপ আগুৱাই হাড়ৰ গুড়ি আৰু কেঁকোৰাৰ খোলাৰ গুড়ি ব্যৱহাৰ কৰি মিশ্ৰণ তৈয়াৰ কৰিছিল৷ ৰোমানসকলে মিশ্ৰণবোৰৰ বেয়া গোন্ধবোৰ আঁতৰাবলৈ কিছুমান সুগন্ধি দ্ৰব্যৰ ব্যৱহাৰ কৰিছিল৷ চীনা সকলে বিভিন্ন ধৰণৰ বনৌষধি আৰু নিমখৰ ব্যৱহাৰ কৰি মিশ্ৰণ তৈয়াৰ কৰিছিল৷
১৮০০ শতিকা মানৰ পৰাহে এই দাঁত ঘঁহা মিশ্ৰণবোৰৰ মানদণ্ড উন্নতি হয় আৰু এই ক্ষেত্ৰত বৃটিছসকলে আগভাগ লয়৷
১৮৫০ চনৰ পিছৰ পৰাহে মিশ্ৰণবোৰ ক্ৰীম হিচাবে পোৱা গৈছিল, যাক আমি বৰ্তমান টুথপেষ্ট বুলি বা অসমীয়াত দাঁত ঘঁহা মলম বুলি কওঁ৷ ১৮৫০ চনত প্ৰথমে “ক্ৰীম ডেণ্টিফ্ৰাইছ“ নামেৰে এটা ডাঙৰ জাৰত প্ৰথমে টুথপেষ্ট বনোৱা আৰম্ভ হয়৷ ইয়াৰ পিছতে কলগেটে ১৮৭৩ চনৰ পৰা বহুল ভিত্তিত টুথপেষ্ৰট উৎপাদন আৰম্ভ কৰে৷ ১৮৯০ চনৰ পৰা কলগেটে বিভিন্ন আকাৰৰ টিউবত টুথপেষ্ট উৎপাদন আৰম্ভ কৰে যি নেকি বৰ্তমানো বজাৰত সমাদৰ পাই আছে৷ আজিকালি বজাৰত বহুত কোম্পানীৰ টুথপেষ্ট পোৱা যায় যদিও মানুহে টুথপেষ্ট বুলি ক’লে অকল কলগেট বুলিহে কয়৷

১৯৪৫ চন মানলৈকে টুথপেষ্টবোৰত মিশ্ৰণ হিচাপে চাবোনৰ ব্যৱহাৰ কৰি আছিল কিন্তু পিছত টুথপেষ্টবোৰ কোমল কৰিবৰ বাবে “চডিয়াম ল’ৰিল ছালফেট“ নামেৰে এবিধ ৰাসয়নিক দ্ৰব্য মিশ্ৰণ কৰে যি নেকি বৰ্তমান টুথপেষ্ট বিলাকতো ব্যৱহাৰ কৰা হয়৷কুৰি শতিকাৰ মাজভাগ মানৰ পৰাহে আধুনিক টুথপেষ্টবিলাক বিভিন্ন ধৰণৰ দাঁত বা মুখৰ ৰোগ প্ৰতিৰোধ সম্পন্ন কৰি তৈয়াৰ কৰা আৰম্ভ হয়৷ ১৯১৪ চন মানৰ পৰা ফ্ল’ৰাইদযুক্ত টুথপেষ্ট ব্যৱহাৰ আৰম্ভ হয়৷ বৰ্তমান আটাইতকৈ উল্লেখযোগ্য টুথপেষ্ট বিলাকৰ পৰিবৰ্তনটো হৈছে দাঁতবোৰ অধিক বগা আৰু উজ্জ্বল কৰি ৰাখিব পৰাকৈ ব্যৱহিত “ট্ৰাইক্ল’চেন“ নামৰ এবিধ ৰাসায়নিক দ্ৰব্যৰ সংমিশ্ৰণ৷ ই দাঁতৰ বা মুখৰ বিভিন্ন ধৰণৰ বেমাৰৰো প্ৰতিৰোধ কৰে৷

বৰ্তমান বজাৰত গ্ৰাহকৰ পচন্দ অনুসৰি বিভিন্ন ধৰণৰ ফ্ল’ৰাইডযুক্ত, বিভিন্ন ৰঙৰ, বিভিন্ন স্বাদৰ টুথপেষ্ট পোৱা যায়৷ সেই তাহানিতে আবিস্কাৰ হোৱা টুথপেষ্টৰ টিউবৰ ব্যৱহাৰ বৰ্তমান সমগ্ৰ বিশ্বতে সমাদৰ লাভ কৰি আছে৷

বৰ্তমান ভাৰতবৰ্ষৰ মাত্ৰ ৫১শতাংশ লোকেহে দাঁত ব্ৰাছ আৰু টুথপেষ্ট ব্যৱহাৰ কৰে৷ ভাৰতত খুব কম সংখ্যক জনসাধাৰণেহে দাঁত বা মুখৰ বেমাৰৰ বাবে যতন লয়৷ অবশ্যে আমাৰ মাজত ইয়াক লৈ সজাগতাৰো অভাৱ৷ সমগ্ৰ বিশ্বই অহা ১২ চেপ্তেম্বৰত “ওৱৰ্ল্ড অৰেল হেল্থ দে“ পালন কৰিব৷ গতিকে আহকচোন আমিও এই দিনটোৰ পৰাই আমাৰ দাঁত আৰু মুখৰ যত্ন লোৱা আৰম্ভ কৰাৰ লগতে ৰাইজৰ মাজত সচেতনতা আনো৷

■■■

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments