টেঙা (ইন্দিৰা দিগন্ত)

নেমু, ৰবাব, বগৰী আৰু এডাল জলফাইৰে আমাৰ বাৰীখন টেঙাৰে চহকী আছিল৷ দেউতা, খুড়া, মই, বুবলী, বিক্ৰম আৰু মোৰ ভনী মুনমুন টেঙা খোৱাত সমান আছিলোঁ৷ অৱশ্যে দেউতা আমাতকৈ অকণমান বেছি আছিল৷
দুপৰীয়া বা ৰাতিবুলি কথা নাছিল মগু, মচুৰ দাইলখন টেঙা হোবাটো ধৰা বন্ধা নিয়ম আছিল৷ তদুপৰি ঔ টেঙা দিয়া মাটিদাইলৰ চাহিদা সদায়ে ওপৰত আছিল৷
বগৰী পকা দিনবোৰত ডাৰবাৰি এডাল সদাই বগৰী জোপাত লগাই থোৱাৰ নিয়ম আছিল৷ সেইডাল ধৰি জোকাৰি দিলেই সৰিপৰা বগৰীবোৰ বুটলি আনি কেতিয়াবা খুন্দি, কেতিয়াবা কুটি আৰু কেতিয়াবা এনেই নিমখ জলকীয়া সানি খাইছিলোঁ৷ আনকি সন্ধিয়া পঢ়া টেবুলটো কাগজ এখনত নিমখ আৰু ড্ৰয়াৰত পকা বগৰী ভৰাই ৰাখিছিলোঁ৷
আগফাল আৰু পাছফাল দুয়োখন বাৰী লগলগাই ৰবাব টেঙা আছিল মুঠ পাঁচজোপা৷ খুজাই খুজি নিছিল৷ কেতিয়াবা গোটে ৫০ পইচা মান দি বেপাৰীয়ে কিনি নিয়াও দেখিছিলোঁ৷ তেনেকুৱা দিনবোৰত পুৱা গধূলি বুলি কথা নাছিল৷ মন গ’লেই ৰবাব টেঙা খোৱাৰ পৰ্ব আৰম্ভ হৈছিল৷ চুবুৰীৰ ল’ৰা ছোৱালীবোৰ লগ হৈ কলৰ পাতত নিমখ জলকীয়া সানি খোৱা দিনবোৰ৷ ( লিখোতেই মোৰ মুখত পানী আহি গৈছে )
টেটেলি টেঙা পকা দিনবোৰত বজাৰৰ পৰা তিনি চাৰিকেজী পকা টেটেলি কিনি আনে৷ (বাৰীত টেটেলি গছ নথকাই সেই সময়ত মনত বৰ দুখ লাগিছিল৷ লগৰ এজনীৰ ঘৰত আছিল৷ তাইলৈ খুব ঈৰ্ষা হৈছিল মোৰ৷ ) প্ৰথমে টেঙাবোৰ ডলাত দি ৰ’দত শুকুৱাই৷ তাৰপিছত তাৰে আধামান এপাব এপাবকৈ এৰুৱাই মিঠৈ (গুৰ) পগাই আৰু আন মছলা আদি দি মিঠা আচাৰ বনাই৷ বাকীখিনি আইতাই সৰু কটাৰী এখন লৈ গুটিবোৰ উলিয়াই তাৰপাছত নিমখ আৰু মিঠাতেল সানি লাড়ু বনাই এটা মান ৰ’দত দি মাটিৰ টেকেলিত ভৰাই নাৰিকলৰ কুৰুকা এটাৰে সাঁফৰ মাৰি গোঁসাইঘৰত ভৰাই থয়৷ তেতিয়ালৈ শুকুৱা প্ৰক্ৰিয়াটোতে বজাৰৰ টেটেলিৰ আধামান ৰয়গৈ৷ আমাৰ ঘৰত টেটেলি বেছিভাগ পদিনাৰ সৈতে বটি চাটনি হিচাপে খোৱা গৈছিল৷ অৱশ্যে মোৰ ক্ষেত্ৰত সেই নিয়ম প্ৰযোজ্য নহৈছিল৷ মাহঁত দুপৰীয়া জিৰণি লোৱা সময়খিনিত মনে মনে গোঁসাইঘৰৰ টেটেলি চুৰ কৰি খাইছিলোঁ৷ লগ আছিল কাষৰে এজনী৷ দৰ্জাৰ খিলিটো খুলিবলৈ দৰ্জাখনৰ জেদ আকৃতিৰ ভাঁজটোত উঠি লৈছিলোঁ৷
অইন টেঙা নথকা দিনবোৰত বাৰীৰ নেমু কলি কেইটাই তত নাপাইছিল৷ সেইকেইটা আনি বাকলি গুচাই মিহিকৈ কুটি বাৰীৰ ফিৰিঙি জলকীয়া মোহাৰি সেহাই সেহাই খাইছিলোঁ৷
মোৰ অত্যধিক টেঙাখোৱা কথাটোক লৈ মা সদায় শংকিত হৈছিল৷ মোক গালি পাৰিছিল, খং কৰিছিল কেতিয়াবা লিচিকনি লৈ কোবো দিছিল৷ তেনেকুৱা সময়বোৰত আইতাই মাত্ৰ কৈছিল “ একো নহয়৷ খাব পৰালৈকেহে খাব৷ সিহঁতৰ নিচিনাত আমিও খাইছিলোঁ৷ এতিয়া খাবই নোৱাৰা হ’লোঁ৷ খাওক যিমান ইচ্ছা সিমান খাওক৷ “ কথাটো হয়৷ মাজতে ছয়, সাতবছৰমান টেঙাখোৱাটো মোৰ প্ৰায় বন্ধই হৈছিল৷ মানে খাবলৈ মনেই নগৈছিল৷ দুই বছৰমান হ’ল আকৌ আগৰদৰেই টেঙা খাওঁ৷

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments