টেট আৰু প্ৰেম (ৰাজপ্ৰতিম গগৈ)

টেট আৰু প্ৰেম


ৰাজপ্ৰতিম গগৈ

জোনালীৰ লগত চিনাকি হোৱা ৭বছৰেই হ’ল আজি ২২ ছেপ্তেন্বৰত। আমাৰ চিনাকি পৰ্বও আছিল অলপ সুকীয়া ধৰণৰ। মোৰ ন’কিয়া ১১০০ ম’বাইলটোৰ যোগেদিয়েই চিনাকি! নিজেই নন্বৰ ভাবি ভাবি মিছকল মাৰি থাকোতে, যেন মিছকলৰ যুদ্ধহে! তেতিয়া আজিৰ দৰে মেজিক পেকও নাছিল ভাবিলে বেয়াই লাগে ডাইৰেক্ট ১ টকা। নতুন মবাইল আৰু নতুন প্ৰেমৰ ভূতে জীৱনত প্ৰথমবাৰৰ বাবে খুলি খুলি খাইছিল মোক। আস: কি আছিল সেইকেইটা দিন! মবাইলতে আমাৰ ফিউচাৰ প্লেনিং আনকি বিয়াও পতা হৈছিল। প্ৰথম দেখাদেখি হোৱাৰ দিনা মুখত চাৰিবাৰকৈ ফেছৱাছ কৰি কি পিন্ধিম কি নিপিন্ধো কেইবাৰ যে এটকীয়া মুদ্ৰাটো লৈ টছ কৰিছিলোঁ। ২বছৰ চুলি দীঘল কৰা কষ্টখিনি অথলে গ’ল, চুলি কাটি থাকোতে চকুপানী দুটোপালমানো ওলাইছিল। চুলিখিনিৰ কাৰণে যেন প্ৰতিমা বিসৰ্জন দিলো! তাইও ছোৱালীজনী বৰ আলসুৱা আৰু আৱেগিক, পলকতে সকলোৰে মন মুহি ল’ব পাৰিছিল। তাইক পোৱাৰ পাছৰে পৰা মইও সলনি হ’বলৈ ধৰিছিলো। হাইস্কুলৰ ফিল্ডত ক্ৰিকেট খেলিবলৈ গৈ ফিল্ডৰ একোণত বহি তাইৰ লগত গানৰ কলি গুণগুণাই থকাটোৱেই কাম হৈ পৰিছিল। এদিন ম’বাইলত নৌ নেটৱৰ্ক আৰু নেটৱৰ্ক বিচাৰি বিচাৰি তামোল গছৰ ওপৰত উঠিছিলো। বেলেগ ছোৱালী চোৱাৰ হেপাঁহ বাদ দিছিলো। যেতিয়া এজনী ধুনীয়া ছোৱালী মোৰ সন্মুখেদি পাৰ হৈ যায় তেতিয়া বেলেগ এফালে চাইছিলো নতুবা চকুকেইটা মুদি দিছিলো। যিদিনা তাই মোক নতুন চাৰ্টটো দিছিল, দেখি মনটো ইমান ভাল লাগিছিল যে আপোনভোলা হৈ পৰিছিলো। তাতে সেইদিনা শিৱৰাত্ৰি আৰু মনৰ ফুৰ্তিতে বাবা ভোলানাথৰ ওচৰ পাইছিলোগৈ খন্তেকতেই। বিচনাত শুই থকা অৱস্থাতেই চন্দ্ৰটো জোনালীৰ বাবে আনিবলৈ হাতেৰে খুউব চেষ্টা কৰিলো আৰু পাছদিনাহে গম পালো যে বিচনা চাদৰখন ফালি চিৰাচিৰ!

এম.এ সম্পূৰ্ণ কৰি কি কৰোঁ, কি নকৰো ভাবি থাকোতেই দিন ৰাতিবিলাক পাৰ হৈছিল। চাকৰিৰ কাৰণে পৰীক্ষা দি দি ভাগৰুৱা হৈ পৰিছিলোঁ। অৱশেষত হাৰ্ডৱেৰৰ দোকান এখনকে খুলিলো। মানুহে কৈছিল এনেই ইংৰাজীত এম.এ কৰিলি এতিয়া খেতিকে কৰ। খং উঠিলে যাৰ তাৰ গাত ইংলিছ মাৰি পঠিয়াইছিলো। সোনকালে কিবা এটা কৰি জোনালীক নিজৰ কৰি লোৱাটোৱেই মোৰ জীৱনৰ মূলমন্ত্ৰ হৈ পৰিছিল। তাইৰ ঘৰখনেও মোক নিজৰ বুলি আদৰি লৈছিল। তেওঁলোকৰ ঘৰলৈ যাওঁতে তাইৰ দদায়েকৰ ল’ৰাটোৰ লগত ৰবাব টেঙাৰ ফুটবল খেলি নিজকে জিদান যেনেই লাগিছিল। জোনালীৰো এম.বি.এ শেষ হ’ল। তাইও কি কৰিম কি নকৰোঁ ভাবি পাৰ পোৱা নাছিল। মাকে কৈছিল দুবছৰৰ ভিতৰত তাইক বিয়া দিব লাগিব। কথাটো শুনি বুকুৰ ধপধপনিবিলাক বাঢ়িবলৈ ধৰিলে এক অজান শংকাত।

দুইমাহৰ পাছত-
বাতৰি কাকতত টেটৰ বিষয়ে পঢ়িবলৈ পালো আৰু জোনালীক দিবলৈ ক’লো পোৱা নোপোৱা পাছৰ কথা। তাই দিম বুলিয়েই ক’লে কিন্তু ঘৰত দিবলৈ নিদিয়ে। দেউতাকে ক’লে-‘এম.বি.এ কিহৰ কাৰণে কৰিলি এতিয়া এবিচিডি পঢ়াবলৈকে? তোৰ মগজত শেলুৱৈ ধৰিলে।‘ খঙত জীয়েকেও কিবা কিবি ক’লে। দুদিন ভাতেই নোখোৱাকৈ থাকিল। নাচোৰবোন্দা দেউতাকৰ বাবে খঙেই উঠিছিলে, তেওঁৰ বাবেই মোৰ জোনালীয়ে দুদিনকৈ ভাত নোখোৱাকৈ খাকিল। মইয়েই মনে মনে ডাকঘৰৰ পৰা তাইলৈ ফৰ্ম আনি দিলো আৰু তাইও ফিল আপ কৰি দিয়াত জমা দি থৈ আহিলো। ডাকঘৰৰ পিয়নটোৰ লগত ফিল্ডটো বনাই ল’বলৈ কেইবাবৰো তাইক ক’লো, নহ’লে দেউতাকৰ হাতত এডমিট আহি পৰিলে সকলো বজাৰ শেষ! টেট দিবলৈ যোৱাৰ দিনাও লগৰ ছোৱালীৰ ঘৰলৈ যাওঁ বুলিয়েই গ’ল। পৰীক্ষা ভালেই হ’ল।

তিনিমাহৰ পাছত-
টেটৰ ৰিজাল্ট ওলাল। প্ৰথম লিষ্টত নাম নাই। পিছৰ লিষ্টটো নাম নাই। ছেহ: তাই পাব বুলি ভাবিছিলো, মোৰ এনেই ৭০০টকা গ’ল! কেইবাখনো লিষ্ট সলনি হোৱাৰ পাছত জোনালীৰ নাম আহিল। লগৰ কেইটামানৰ লগত ধাবাত এটা ডাঙৰ পাৰ্টিয়েই হৈ গ’ল মানুহজনীয়ে চাকৰি পালে বুলি। দেউতাকৰ তেতিয়াহে চকু মেল খালে, ‘মাজনী, তই টেটটো দিয়া হ’লেই ভাল আছিল নেকি? বৰুৱাৰ জীয়েক আৰু গগৈৰ ল’ৰাটোৱে পালে বুলি শুনিছো। দৰমহা ১৫০০০ মান। এনেই ঘৰত থকাতকৈ দুইপইছা উপাৰ্জন কৰাতনো কি বেয়া কথা! একো নাই অহাবাৰকৈ আকৌ ওলালে দি দিবি।‘

জীয়েকো বেয়া বস্তু! দুদিনৰ পাছতহে ক’লে যে, ‘দেউতা মইও টেট দিছিলো আৰু মোৰো চাকৰিটো হ’বগৈ চাগে!’ দেউতাকে তাইলৈ এনেকুৱাকৈ চালে যেন তাই অন্য গ্ৰহৰ প্ৰাণীহে আৰু এনেকুৱা ফুৰ্তি পালে যেন তেওঁ বিশ্বজয়হে কৰিলে।
জোনালীৰ চাকৰি মাজুলীত হ’ল কিন্তু তালৈ তাইক যাবলৈ নিদিলো আৰু ঘৰতো যাবলৈ নিদিলে। মাজুলীলৈ গৈ সাঁতোৰবিদ হবগৈ নালাগে তাতকৈ ঘৰতে থাক। দুদিনমান মন বেয়া, পোৱা চাকৰিটোও যদি হেৰুৱাবলগীয়া হয় তেতিয়া কেনেকুৱা লাগে ভালকৈ বুজি পালো। তেনেকুৱাতে বাতৰি কাকতত পঢ়িবলৈ পালো যে যিসকলে চাকৰিত যোগদান কৰিব নোৱাৰিলে তেওঁলোকক পুণৰবাৰ সুবিধা দিব। মনটো ভাল লাগি গ’ল। গুৱাহাটীলৈ আহি মই নিজেই তাইৰ এপইন্টমেন্ট লেটাৰখন গ্ৰহণ কৰিলো। তেতিয়াই যেন কৰবাত কিবা কেণা এটা লাগিলে। ভাগ্যৰ চকৰি ওলোটাকৈ ঘুৰিবলৈ ধৰিলে। দুদিনমান চাকৰি কৰাৰ পাছত মোৰ জোনালীজনী মোৰ নোহোৱা হৈ থাকিল, আনৰ হৈ থাকিল। ফোন কৰিলেও ৰিছিভ নকৰা হ’ল। মাজতে এদিন তাইৰ ঘৰৰ পৰাও আহিলোগৈ। কিন্তু তাই বাহিৰলৈ ওলায় আহিবলৈ সময় নাপালে। ফোনত ৱেইটিং থকাৰ বাবে। মাক-দেউতাকেও যিদৰে কথা পাতিলে মোৰ লগত, সকলো দেখিলো আৰু সকলো বুজিলো। সেইসময়তেই মোৰ মনৰ মানুহজনীক নিজৰ ঘৰতে থৈ মই মোৰ নিজৰ লগত নিজৰ পৃথিৱীলৈ উভতি আহিলো লগত ওচি ব্লু’ৰ হাফ এটা আৰু গল্ড ফ্লেকৰ পেকেট এটা। দুদিনমানৰ পাছত শুনিবলৈ পোৱা মতে জোনালীৰ লগত একে স্কুলতেই একে সমযতেই চাকৰিত যোগদান কৰা এজনৰ লগতেই বিয়া ঠিক হৈ গ’ল। কথাটো শুনি প্ৰথমতে বহুত বেয়া লাগিছিলে কিন্তু ওচি ব্লু’ৱে যেতিয়াৰ পৰা মোৰ ভিতৰৰ অফিচাৰজনক জগাই তুলিবলৈ ল’লে সেইদিনাৰ পৰা থমকি ৰোৱা নাই। জোনালী, তোমাক দেখুৱাবলৈকে মই তোমাৰ কাৰণে টেট দিম। এইবাৰ মাধ্যমিকৰ কাৰণে ওলাব নহয়! জিকে, টুডে, কম্পিটিছন ৰিফ্ৰেছাৰ, কম্পিটিছন ছাকছেছ, নিউজ এন্ড ইভেন্ট, কাৰেণ্ট এফেয়াৰছ এনেই পঢ়ি থকা নাই। টেট পাছ কৰি মইও স্কুলত চাকৰি কৰিম আৰু টেটত পাছ কৰি শিক্ষয়িত্ৰী এগৰাকীকেই বিয়া পাতিম।

 

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments